Sunday, 27 September 2020

প্রজাপতি সংবাদ



প্রজাপতি সংবাদ
(হাস্যৰসৰ গল্প)

নব্বৈ দশকৰ শেষৰ ফালে...আৰু দুহেজাৰ চনৰ আৰম্ভণিৰ কাল চোৱাৰ কথা। মেঘালী মহন্ত অৰ্থাৎ মাজনী হাইস্কুল পঢ়ি থকাৰে পৰা হায়াৰ চেকেণ্ডাৰী, ডিগ্ৰী পঢ়ালৈকে... ঠিক এই সময় কালত...তাইৰ বেছ জনপ্ৰিয় আৰু সৰবৰাহী মাতৃদেৱী প্ৰণতি মহন্তৰ ঘটকালি কৰাৰ এক জোৱাৰ উঠিছিল। আজিৰ যুগত ক'বলৈ গ'লে এক প্ৰকাৰ পেশ্যন...অনুৰাগ।

গোঁসাই মানুহ বা ইষ্ট কুটুম্বৰ ভিতৰত কাৰোবাৰ বিবাহোপযুক্ত ল'ৰা বা ছোৱালী থাকিলে.... বা কোনোবাই সু-পাত্ৰ সু-পাত্ৰীৰ সন্ধানত থাকিলে... মহন্তনীয়ে নিজেই সেই গুৰু দায়িত্ব কান্ধত তুলি লৈছিল। নিজৰ জনা শুনাৰ মাজৰ পাত্ৰ-পাত্ৰীলৈ আঙুলিয়াই দিছিল। কেৱল সিমানতে সন্তুষ্ট নাথাকি...উচিত বুলি বিবেচনা কৰিলে... খেলখনৰ ফাইনেল পৰ্যন্ত মধ্যস্থতাও কৰিছিল।

গোঁসাই গোষ্ঠীৰ প্ৰায় সকলোকে চিনি পোৱা বুলি খ্যাত মহন্তনীয়ে ভালেখিনি মানুহ চিনি পাইছিল সঁচা। সেয়েহে কাৰ ল'ৰা পঢ়াই শুনাই স্বভাৱে চেহেৰাই কোন ছোৱালীৰ সৈতে মিলিব....বা কোন ঘৰৰ কাৰ সৈতে ৰাহিজোৰা খাপ খাব....এইবোৰ কথা এসময়ত তেখেতৰ নখ-দৰ্পনত আছিল। পৰচর্চা পৰনিন্দা চিধা চাধা মানুহজনীয়ে নকৰিছিল, কিন্তু এৰেঞ্জ মেৰিজৰ মাৰ্কেটখনত দুটা ভাল মানুহৰ ভালকৈ সমন্বয় ঘটক বুলি তেখেতে মনে প্ৰাণে কামনা কৰিছিল।

এইবোৰ কথা কাণ্ডৰ বাবে মহন্ত আৰু মাজনীৰ ককায়েক বুবুলে মাজে মাজে মানুহজনীক বকিছিল।

"কি দৰকাৰ তোমাৰ নলগা জেঙত লাগি ফুৰিবলৈ?"
"এইবোৰ অনাহকত টেনশ্যন। বিন্দাচ বিয়া খাবা...গিফ্ট দিবা... হ'ল আৰু।"
"পিছত দৰা ঘৰে ছোৱালীৰ ঘৰে অশান্তি এখন লাগক....তুমি মাজত এনেই ফচি মৰিবা।"

এইবোৰ কথাই কিন্ত প্ৰণতি মহন্তক টলাব পৰা নাছিল। নিজৰ আত্মীয় বাদ দি অন্য চিনা জনা মানুহৰো বিবাহ সূত্ৰ স্থাপন কৰাৰ উদ্যোগ হাঁহি মুখে মহন্তনীয়ে লৈ পেলাইছিল। আজিৰ যুগত হোৱা হ'লে তেখেতে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি ঘটকালিৰ এক ৰমৰমীয়া ব্যৱসায় কৰি পেলাব পাৰিলে হয়।

এইখিনিতে সদৰি কৰোঁ যে মাকৰ এই অমূল্য জিন অৰ্থাৎ গুণগত বৈশিষ্ট্য ফেৰা মাজনীলৈয়ো নহা নহয়। পিছলৈ, চিনা-জনা লগৰ ল'ৰা-ছোৱালীৰ মাজত লাইন লগাই দিয়া, চান্স দিয়া ইত্যাদি কামবোৰত তায়ো যথেষ্ট আনন্দ পাইছিলোঁ। আন নালাগে নিজৰ বিয়াৰ ৰিচিপশ্যনৰ দিনাও তাই এই কামটো চুৰ্চুৰীয়াকৈ বেছ নিষ্ঠাৰে কৰিছিল। জোৰা লগাব খোজা এহালৰ বিয়া হৈ এতিয়া সুখী সংসাৰ। আনহালে যেনিবা বেলেগে বেলেগে যোৰা পাতি নিজৰ নিজৰ সুখৰ সংসাৰ তৰিছে।

বা, যা হওক....এইবাৰ ঘূৰি আহোঁ মাজনীৰ মাতৃ দেৱীৰ অবৈতনিক ঘটক প্ৰতিষ্ঠানলৈ।

মহন্তহঁতৰ নিকট সম্বন্ধীয়...বয়সত প্ৰায় চল্লিশৰ কাষ চপা বাপতি বোলা ল'ৰা(?)টোৰ এড-হক বা টেম্পৰাৰী লেকচাৰাৰ পোষ্টটো পাৰমানেন্ট হ'ল। এতিয়া সি চৰকাৰী কলেজৰ নিয়মিত প্ৰফেশ্যৰ। গৌৰৱৰ সীমা নাই। বিগত ৮-৯ বছৰ ধৰি সি কইনা বিচাৰি ইতিমধ্যে হায়ৰণ। এতিয়া বিয়াৰ বজাৰত তাৰ দামো বাঢ়িল। সি ছোৱালী চাই হে চাই....পছন্দ নহয়েই। কাৰোৰ যদি নাকটো ফেঁচা দেখে, কাৰোৰ গাটো বোলে বহল। কাৰোৰ যদি ৰূপ আছে, বোলে ডিগ্ৰী নাই। ডিগ্ৰী থকা কেইজনী আকৌ বয়সত হেনো পৈণত। মুঠতে বাপতিয়ে বিচৰা মতে কইনা নিমিলিছে হে নিমিলিছে। ঘৰে-ঘৰোৱাহে হাত তুলি দিছে।

প্ৰণতি মহন্ত, মানে সম্বন্ধত তাৰ পেহীয়েকে তাক বকে। বোলে, "তোৰতো কোনো কাৰ্তিক হেন চেহেৰা নহয়। ঐশ্বৰ্য ৰায়জনী ক'ৰপৰা আনি দিও?"

সি লাজ লাজকৈ কয়,
"ঐশ্বৰ্য নালাগে পেহী, কিন্তু অলপ অ-শকত এজনী বিচাৰি দিয়ক আৰু। আমাৰ ঘৰৰ তিনিওজনী বৌ গায়ে-গাৰীয়ে বেছ একোজনী। মোৰ বৰ হেঁপাহ মোৰজনী অন্তত অলপ লাহী ফিগাৰৰ হওক।"

মহন্তনীয়ে মনতে ভাবে "নিধক দেই সঁচা।"

মুখ ফুটাই একো নক'লে যেনিবা। নিজৰ মানুহ... বিয়াখন পাতি দিবলৈ পালে পূণ্য হ'ব। গতিকেই পূৰ্ণদমে ছোৱালীৰ বিচাৰ খোচাৰ চলাই থাকিল। এদিন হেনো খোদ বাপতিৰ মাকেই মহন্তনীক ক'লে "থোৱা হে, এই ডাললৈ তুমি নালাগে...আৰু কোনেও...ছোৱালী নাপাইছে। যিমানহে ফৰ্মাইছ ইয়াৰ।"

ফোনত হোৱা হিচাপ নিকাচ, চাজেশ্যন ৰিজেকশ্যনবোৰ শুনি শুনি মাজনীহঁতৰ কাণ ঘোলা হৈছিল। এদিনতো বুবুলে কৈয়েই পেলালে,
"বাপতি দালৈ ছোৱালী পোৱা অসম্ভৱ। যিমানবোৰ ক্ৰাইটেৰিয়া... মানে গুণ বিচাৰিছে....তেনেকুৱা কম্বিনেশ্যন স্বয়ং প্ৰজাপতিয়েও বিচাৰি দিব নোৱাৰে।"

"ছোৱালী ওঠৰ বছৰীয়াও হ'ব লাগিব আকৌ এম এ পাছ ভি" লেখীয়া অভিযানটো কেলধোপ কেলধোপকৈ চুচৰি পিছলৈ ইতি পৰিছিলগৈ।
প্ৰেমত পৰি বিয়া কৰাই বাপতিৰ বোলে এতিয়া সুখৰ সংসাৰ। লিচপিচিয়া বৌজনী হেনো ল'ৰা-হালৰ জন্ম হোৱাৰ পিছৰে পৰা স্বাস্থ্য বিভাগত বাকী বোৱাৰী তিনিজনীৰ সমকক্ষ হৈ উঠিছে। বাপতিৰ অৱশ্যে আক্ষেপ নাই।

বাপতিৰে অনুৰূপ আছিল আৰু এজন। অলপ দূৰ অলপ নিকট সম্পৰ্কীয় ...পোনাটি। চকু মুদা কুলি...মুখখন দেখিলে অসমৰ নে কোৰিয়াৰ ধৰিব নোৱাৰি। বিবাহোপযুক্ত, উপাৰ্জনক্ষম আন এক হায়ৰান যুৱক।

সিয়ো গোঁসাই ছোৱালী বিচাৰি গোটেইখন চলাথ কৰিলে। ফোনতে প্ৰণতি মহন্ত, অৰ্থাৎ তাৰ খুড়ীয়েকক খতিয়ান দিলে। মহন্তনীয়ে বোলে, "আহিবি এদিন। তোৰ মনৰ জোখাৰে কোনোবা থাকিলে বিচাৰি উলিয়াম।"

এমাহ মান পিছত পোনাটি আহি হাজিৰ। লগত এখন লম্বা লিষ্ট। উজনি অসমৰ প্ৰায় গোটেইবোৰ বিবাহোপযুক্ত গোঁসাই ছোৱালীৰ ডাটা আছে হেনো সেইখনত। অত্যন্ত গভীৰ আৰু বিস্তাৰিত ৰিচাৰ্চৰ ফচল সেই লিষ্ট। এতিয়া কইনা খান্দি উলিওৱাৰহে কথা।

লিষ্ট পঢ়ি পঢ়ি মাজনীৰ মাক মহন্তনীৰ মুখৰ বৰণ সলনি হৈ গৈ থাকিল।
"খালি কলিজা! এই যে তিনি নম্বৰজনী...তহঁতৰ নিজা বংশৰ....কাট কাট....নহ'ব।"

"এহ...হয় জানো? কোৱালিফিকেশ্যনবোৰ বৰ পছন্দ হৈছিল মোৰ।" পোনাটিৰ তিনি নম্বৰক কাটিবলৈ মুঠেই ইচ্ছা নাই।

"হ'লে কিদাল হ'ল? কিয়...তাই সেই আমাৰ অমুক মামাৰ জেঠালেকৰ ভনীয়েকৰ এলেকৰ পেলেক...কাট...কাটি পেলা।" মহন্তনীৰ হুকুম।

তিনি নম্বৰ, কৰ্তন।

"এইজনীও কাট...এই তোৰ বাপেৰৰ পেহীয়েকৰ অমুকৰ তমুক। এতিয়াই কাট..."
এইবুলি দহ মিনিটত তেখেতৰ শেন চকুৰ তত্বাৱধানত পোন্ধৰ বিছজনী প্ৰচপ্ৰেক্টিভ কইনা কটা গ'লেই।

নাযাবনে? গোঁসাই মানুহে গোঁসাই মানুহকে বিয়া পাতে। গতিকে একেখিনি চেম্পল চাইজতে ভূ-মণ্ডল ঘূৰি থাকে, নতুন কেণ্ডিডেট আহিব কৰ পৰা?

প্ৰণতি মহন্তৰ লাহে লাহে খংটো বাঢ়িছিল। হেৰৌ....এইপাতৰ লিষ্টত পেন্দুকনা, সতেজ অষ্টাদশী গাভৰুৰ নামো আছে...কম নহয় দেই।

"এইজনী কোমল বয়সীয়া... সেইজনীয়ে তোতকৈ ভাল ল'ৰা পাব" জাতীয় কথাৰে তেখেতে কেচি চলাই থাকিল। লিষ্ট সৰু হৈ আহি থাকিল। লগতে পোনাটিৰ চকুহালো।

শেষলৈ মাজনীৰ মাক গৰজি উঠিল।
"খালি খালি বোপাই, এইটো...এইটো চোন আমাৰ মাজনীৰ নাম। নিজৰ ভনীয়েকজনীৰ নামটোও সাৰি নগ'ল তোৰ লিষ্টৰ পৰা হয়নে?"

"নহয় ঔ খুৰীটি...মোক বেলেগ কোনোবাই কৈ দিছিল বুলিহে লিখিছোঁ। মই আকৌ আমাৰ মাজনীৰ পোচাকী নামটো নাজানিছিলোঁ যে।" পোনাটিয়ে এইবাৰ কাবৌ কাকূটি কৰিলে।

মাজনীৰ ভাল নামটো কাটোতে কাটোতে পেনৰ চিয়াঁহীয়েই ঢুকাই থাকিলগৈ। সদ্যহতে মহন্তনী আৰু পোনাটিৰ উদ্যমখিনিও শেষ হৈছিল।

পোনাটি পুৰাণৰ অকাল সমাপ্তিৰ পিছত এইবাৰ প্ৰণতি মহন্তই একেবাৰে নিকট আত্মীয়ৰ সম্বন্ধ কৰিবলৈ বাদ দিছিল। বহুত লেঠা। বেয়া পোৱা-পুই বাঢ়ে।

দূৰ সম্পৰ্কীয়, কেৱল চিনা জনাৰ মাজতে ঘটকালিটো থাকিলে কথাবোৰ ভাল হয়। সম্পূৰ্ণকৈ জড়িত নোহোৱাকৈয়ে তেখেতে কামটো কৰি দিব পাৰিব।

এনেকুৱা দিনতে এঘৰে ফোন কৰি মহন্তনীক খবৰ দিলে যে তেওঁলোকৰ ডাঙৰ ল'ৰাৰ বাবে এঘৰৰ ছোৱালীৰ সম্বন্ধ ওলাইছে। ছোৱালীৰ পঢ়া-শুনা...পৰিয়াল... এইবোৰ বেছি মিলিছে, গতিকে দুয়োঘৰে লগ ধৰিব বিচাৰে। কিন্তু অসুবিধাটো হ'ল...দুয়োঘৰেই গুৱাহাটীৰ বাহিৰৰ। গুৱাহাটীত দেখা কৰিব ক'ত?
গুৱাহাটীতেই নো কিয় দেখা কৰিব বিচাৰিছে তাৰ উৱাদিহ মাজনীহঁতে নাপালে পিছে!

যি নহওঁক, পাকে প্ৰকাৰে দুই ঘৰকেই মহন্তনীয়ে চিনি পাই হেতুকে, মাজনীহঁতৰ ঘৰতেই তেওঁলোক মিলিত হ'ব বিচাৰে। প্ৰথম পৰ্যায়ৰ আলোচনা....দৰা বিদেশত থাকে.... ছোৱালীও অন্য ঠাইত। গতিকে ফৰ্মেল পৰ্যায়ত নিউট্রেল গ্ৰাউন্দ হিচাপে এই ঘৰখনেই সৰ্বোত্তম... বেষ্ট ঘাটি।

না কৰাৰ প্ৰশ্নই নুঠে। প্ৰবল উৎসাহেৰে মহন্তনীয়ে নিৰ্দিষ্ট দিনৰ যা-যোগাৰ আৰম্ভ কৰিলে। লুচী...ভাজি... মিঠাই... চাহ...চিংৰা...বুন্দিয়া...ভুজিয়া...বিশাল কাৰবাৰ। আবেলিৰ চাহ মেলতেই দুই পাৰ্টীৰ দৰ্শন হ'ব।

এইবাৰ আহিল ফোন। দৰাৰ মাকৰ ডায়েবেটিচ....চেনি নিদিয়া গাখীৰ চাহ খাব, ছোৱালীৰ মাকে আকৌ ৰঙা চাহ খাব....ৱিথ চুগাৰ, তেখেত লেক্টজেন ইনটলাৰেণ্ট। দৰাৰ খুড়ায়েকে নৰমেল চাহ...মিঠা বিস্কুট....কইনাৰ বাপেকে...নিমখীয়া বিস্কুট। দৰাৰ জেঠায়েকে চাহ খাব গুৰ দিয়া...এজনে যদি লুচী ভাজি খাব, আনজনৰ নচলিব....গতিকে চিৰা দৈৰ ব্যৱস্থা। পাকঘৰ উৰো উৰো।

সময়ত সকলো গোট খালে। প্ৰথম পৰ্ব চিনাকিৰ পিছত.... পাকঘৰত তুফান-মেইল চলিছে....মাজনীৰ মাকৰ মুখ আৰু হাত সমানে চলি আছে। মহন্তই উপায় নাপাই ড্রইংৰুমত বহি ঘৈণীয়েকৰ প্ৰক্সি দিছে। মদাৰেটৰ-কাম-সূত্ৰধাৰীৰ অৱতাৰ লৈছে।

মানুহবোৰে কথা নেপাতে। হেহো-নেহো কৰিছে। মাকৰ ঠেলাৰ কোবত কথাচহকী মাজনীয়ে কথা পাতি চিটুৱেশ্যনটো অলপ সহজ কৰি তুলিলে। মানুহবোৰো অলপ সহজ হ'ল যেনিবা।

চাহ মেল শেষ কৰি ঠিক লুচী ভাজিৰ আগত এইবাৰ গহীনকৈ বিয়াৰ কথা আৰম্ভ হ'ল। দুই পাৰ্টিৰ মাক দুয়োজনীয়ে সমানে পাত্ৰ আৰু পাত্ৰীৰ গুন বখানিবলৈ লাগি গ'ল। কথাবোৰ শুনি মাজনী, বুবুল আন নালাগে মহন্তৰো ভাব হ'ল...এইবাৰ হে এইবাৰ...পাভ যোৰা।

হঠাৎ নিমাখিত যেন লগা খুড়ায়েকে মাজতে মাত এষাৰ লগালে,
"ছোৱালীয়ে পিছে কোন চনত মেট্ৰিক পাছ কৰিলে?"

"১৯..." বুলি যিটো চন কইনাৰ মাকৰ মুখেদি ওলাল, সেইটো শুনি দৰাৰ মাক উচপ খাই উঠিল।

"আইযৌ। কইনা দৰাতকৈ তিনি বছৰ ডাঙৰ। এই যোৰা নিমিলিব, এই বিয়া অসম্ভৱ।"
দৰাৰ মাক এইবাৰ বেছ মুখৰা হৈ উঠিছিল। কইনা ডাঙৰ ওলাল, কম কথা নে!

মুহূৰ্ততে মাজনীহঁতৰ ঘৰৰ ড্রইংৰুমটো নিস্তব্ধ হৈ পৰিল। মানুহবোৰৰ মুখৰ মাত আকৌ হেৰাল। এইবাৰ মাজনীয়ো নীৰৱ।

নব্বৈৰ দশক। কইনা দৰাতকৈ দুই এক বছৰ ডাঙৰ হ'লে প্ৰেম বিবাহৰ ক্ষেত্ৰত যি বা ঠেলি হেঁচুকি মান্তি কৰাই ল'লেও, এৰেঞ্জ মেৰিজত? প্রশ্নই নুঠে।

সেমেনা সেমেনি কৰি..."এহ.. আজিলৈ আৰু উঠোঁহে" বুলি মানুহবোৰ যাবলৈ ওলাল। পাকঘৰত লুচী ভাজি থকা মহন্তনী আৰু মাজনীৰ সম্বন্ধীয় বায়েক এজনীয়ে কি হ'ল তলকিবই নোৱাৰিলে।

মানুহবোৰে কৰমৰ্দন কৰি...নমস্কাৰ কৰি...মহন্তনীক "আপুনি ঘৰখন ধুনীয়াকৈ ৰাখিছে দেই" বুলি তোষামোদ কৰি চফ কেইটামান গলিয়াই নিজৰ নিজৰ গাড়ীত উঠি গ'লগৈ। দৰাৰ জেঠায়েকে বাটত খাবলৈ তেখেতৰ পৰা মিঠাপতি পাণ...তামোল...চূণ-চাধা ইত্যাদিৰ টোপোলা এটাও সৰকাই ল'লে।

পিছত আলহীলৈ বুলি বনোৱা লুচী মিঠাই খাই খাই বুবুল মাজনীহঁতে ডাইনিং টেবুলত হাঁহিৰ জোৱাৰ তুলিলোঁ। বুবুলে মাকক ক'লে,
"পালা মজা পৰোপকাৰৰ।"

মহন্তই বাকীবোৰক উদ্দেশ্যি, ঘৈণীয়েকৰ প্ৰতি সান্ত্বনাসূচক ভাবত বোলে,
"ভালেই হ'ল দে। আমিয়ো লুচী খাবলৈ পালোঁ। মাৰজনীৰহে পাকঘৰত লটি ঘটিখন হ'ল।"

ইমানপৰে মনে মনে মাজনীহতক লুচী বিলাই থকা মাকে টপৰাই মাতিলে,
"কাণত ধৰিছোঁ আৰু দেই। এনেকৈ মানুহ মাতি... জোৰ-জুলুমখন নাখাও আৰু। বিয়া হওক নহওঁক... মই মাজত নোসোমাও।"

প্ৰণতি মহন্তই লোৱা শপত কিমান দূৰ ৰাখিলে নাজানো... কিন্ত আজিও মাজনী বুবুলহঁতে মাকক এই কথাটো কৈ কৈ জোকাবলৈ নেৰিলে। ঘটক হোৱাৰ সপোনটো মহন্তনীয়ে হয়তো সিমানতেই জ্বলাঞ্জলী দি আন প্ৰতিভামূলক কামত মনোনিবেশ কৰিছিল। কিন্তু যোগ্য ল'ৰা-ছোৱালী এহালৰ কৰবাত বিয়া হৈছে বুলি শুনিবলৈ পালে তেখেতৰ মুখত সন্তোষৰ হাঁহিটো সদায়েই ফুটি উঠিছিল।

Tuesday, 22 September 2020

অনুৰাগ জীৱনৰ



অনুৰাগ জীৱনৰ

(গল্প)

"মোলৈ নৰ'বা জান, মোৰ আজি দেৰি হ'ব। প্ৰজেক্টৰ কিবা কিবি ইশ্বু ওলাইছে, ৰিজল্ভ কৰিব লাগিব।"
দেৱজিতৰ মেছেজটো দেখি বিস্মিতা খঙত অগ্নিশর্মা হৈ উঠিল। মোবাইলটো বিছনাৰ চুকলৈ দলিয়াই দি তাই পাতল ভাটৌ বৰণীয়া শাৰীখন আজুৰি খুলি পেলালে।

"নৰ'বা মানে। মই কি অকলে অকলে যাম নেকি!" অলফুলকৈ কৰা মুখৰ পাতলীয়া প্ৰসাধনখিনি টিশ্বু পেপাৰৰে মচি মচি তাই ভোৰভোৰালে।


জিতৰ ভুল নাই। তাৰ অফিচত বহুত ব্যস্ততা চলিছে। তাৰেই প্ৰকোপত সিহঁত দুয়োটা ক'লৈকো ওলাই যাব পৰা নাই। আজি বিস্মিতাই কুটুৰি কুটুৰি তাক কোনোমতে সৈমান কৰাইছিল,
"প্লিজ জিত, মই ভীষণ ব'ৰ হৈছোঁ। যোৱাএমাহে পূৰা ঘৰত সোমাই আছোঁ। আজি ওলাই নগ'লে পগলা হ'ম।"

"মই চেষ্টা কৰিম জান, কিন্তু কথা দিব নোৱাৰো।" তাইৰ কপালত চুমা এটা আঁকি জিত ওলাই গৈছিল।

বিস্মিতাই আবেলিতে তাক মেছেজ এটা দিছিল "হ'বগৈ নে?"

"পাৰিম যেন লাগিছে।" জিতৰ উত্তৰ আহিছিল।

উলাহতে বিস্মিতাই সাজোন কাচোন কৰিছিল। জিতৰ লগত ফুৰিবলৈ গ'লে সচৰাচৰ তাই ৱেষ্টাৰ্ণ ড্ৰেচেই পিন্ধে। কেতিয়াবা চুৰিদাৰ, কুৰ্তী নিপিন্ধা নহয়। কিন্তু আজি ফুৰ্তিতে তাই জিতৰ প্রিয় ৰঙৰ শাৰী এখন উলিয়াই লৈছিল।


আৰু শেষত এয়া। শেষ মুহূৰ্তত হেনো তাৰ কাম ওলাল।

যোৱা দহ দিনত এইটো তৃতীয় বাৰ ঘটিছে, প্লেন বনাই কেঞ্চেল। শনি-দেওবাৰ কেইটাও তাৰ কামতেই গ'ল। আজিৰ সন্ধিয়াটোলৈ তাই বৰ আগ্ৰহেৰে বাট চাই আছিল। শ্বপিং প্লেন কৰিছিল, ভাবিছিল বাহিৰতে ৰাতিৰ সাঁজ খাই আহিব। কিন্তু জিত আৰু তাৰ ব্যস্ততাবোৰে তাইক প্ৰায়েই নিৰাশ কৰে।

ঘৰত পিন্ধা কাপোৰযোৰ গাত সুমুৱাই তাই ভাবি থাকিল,
"কামৰ বাহানা। আছে চাগৈ অফিচৰ পাখৰীকেইজনীৰ লগত ৰং-তামাছা কৰি। যত চব... এই কেৰিয়াৰিষ্ট ছোৱালীবোৰ। সিহঁতৰতো চব্বিশ ঘণ্টা অফিচত থাকিলেও একো নাই, লোকৰ সংসাৰৰ কথা বুজিবনে আৰু।" তাইৰ মূৰটো গৰম হৈ আহিল। জিতৰ কেৱল কাম আৰু অফিচ। ঘৰৰ মানুহজনীৰ প্ৰতি যেন তাৰ কোনো দায়িত্বই নাই।

অথচ তাই নিজে ৰাতিপুৱাৰে পৰা ৰাতিলৈকে কেৱল জিতৰ নাম লৈয়েই কটায়। তাইৰ পৃথিৱীখনত জিতৰ বাহিৰেচোন আৰু একোলৈয়েই ঠাই নাই।

ৰাতিলৈ খং জামৰি অহাত বিস্মিতাই নিজেই বুজিলে যে জিতৰ কলিগ কেইজনীৰ ওপৰত উঠা তাইৰ খংটো অৰ্থহীন। কিন্তু এইযে তাৰ লেথাৰি নিছিঙা ব্যস্ততা... তাই বিচৰা ধৰণে সময় দিব নোৱাৰা পৰিস্থিতি...এইবোৰে তাইক অশান্তি দিয়ে। অমূলক হ'লেও।


পিছৰ দিনবোৰত ঘৰুৱা কামবোৰ কৰি গ'ল যদিও, জিতক সময়মতে খোৱা-বোৱা যোগান দি গ'ল যদিও, তাৰ লগত মকামিলা কৰিবলৈ তাইৰ মন নগ'ল। আগে পিছে হোৱাৰ দৰে জিতে তাইৰ অভিমান ভাঙিবলৈ এইবাৰো চেষ্টা কৰিছিল। সময়ত ঠেহ ভাগিল যদিও, কিবা এটা খুদুৱনী বিস্মিতাৰ মনত ৰৈ গ'ল। জিতৰ ব্যস্ততা আৰু অমনোযোগিতাখিনিয়ে তাইৰ অহৈতুক খং এটা উঠাই থাকিল।

বিয়াৰ প্ৰথম বছৰ কিন্ত জিতে তাইক যথেষ্ট পাট্টা দিছিল। বিস্মিতাৰ বান্ধৱীৰ বিয়াত তাই দেৱজিত ফুকন, জিতক লগ পাইছিল। খুব কম সময়তে দুয়োৰে মাজত প্ৰেম হৈছিল। কলিকতাত কৰ্মৰত জিতৰ পৰিয়ালেও সুন্দৰী, শিক্ষিতা বিস্মিতাক ঘৰখনৰ বোৱাৰী হিচাপে আঁকোৱালি লৈছিল।

এম এ পাছ কৰি বিস্মিতা ব্যক্তিগত খণ্ডৰ স্কুল এখনত কাম কৰি আছিল। বিয়া বুলি তাই স্কুলখনৰ পৰা ইস্তাফা দিছিল। জিতে কৈছিল,
"কলিকতাত গৈ চিজিল লাগি লোৱা। তাৰ পাছত আৰামছে চাকৰি বিচাৰিব পাৰিবা।"


কিন্তু কলিকতালৈ আহি বিস্মিতা সলনি হৈ গৈছিল।চাকৰি বিচৰাৰ বা কৰিব বিচৰাৰ স্পৃহা তাইৰ নাইকিয়া হৈ গৈছিল। জিত আৰু তাইৰ প্ৰেমময় সংসাৰখনত তাই সম্পূৰ্ণৰূপে মজি গৈছিল।

জিতে কৈছিল,
"টেক ইয়ৰ টাইম। নিজৰ ভাল লগা কামবোৰ কৰা। চাকৰিয়েই কৰিব লাগিব বুলি কোনো বাধ্য বাধকতা নাই। কিন্তু মোৰ ব্যস্ততাৰ চাকৰি, বহুত হেকটিক। গতিকে নিজকে অকুপাইড ৰাখিলে তুমিয়ো সুখী হ'বা।"

তাই শলাগ লৈছিল। ইমান উদাৰমনা, মৰমীয়াল স্বামী পাই তাইৰ বুকু ভৰি গৈছিল।

প্ৰথম চোৱাত তাইৰ বিয়াৰ নতুন অৱসাদত বুৰ গৈ বেছ ভাল লাগিছিল। জিতে তাইক যথেষ্ট মৰম কৰিছিল। মিলি-জুলি চল্ট লেকৰ এফ-দি ব্লকৰ ঘৰখন আটোম-টোকাৰিকৈ সজাই পেলাইছিল। বিয়াৰ আগতেও জিতৰ ঘৰখন পৰিপাটিয়েই আছিল, কিন্তু বিস্মিতা অহাৰে পৰা কামে কাজে সুনিপুন ছোৱালীজনীৰ হাতৰ পৰশ পাই ঘৰখনে প্ৰাণ পাই উঠিছিল, দেখিবলৈ শুৱনি হৈ পৰিছিল।

নিক্ক পার্ক, ইক পার্ক, চাইন্স মিউজিয়াম, চাউথ চিটি, পার্ক ষ্ট্ৰীটৰ বিভিন্ন ৰেস্তোৰাঁ.... এইবোৰ ঘূৰা ফিৰা কৰি সিহঁতৰ দিনবোৰ আনন্দত পাৰ হৈছিল। মাজে মাজে চিটি-চেণ্টাৰৰ মাল্টিপ্লেক্সত চিনেমা চাবলৈয়ো গৈছিল । বিস্মিতাই হেঁপাহ পলুৱাই বজাৰ কৰিছিল। ৰাস্তাৰ কাষত থিয় হৈ মোমো...ৰোল.. চুইট কৰ্ণ খাইছিল দুয়োৱে।

মৰমৰ আবেষ্টনীত পাৰ হৈছিল বিস্মিতাৰ সময়বোৰ।

আৰু সেই মৰমৰ লহৰত... নিজে নজনাকৈয়ে...লাহে লাহে তাই নিজৰ ভাল লগাবোৰ পাহৰি আহিছিল। জিতৰ ভাল লগাবোৰকে নিজৰ কৰি লৈছিল...পাহৰি পেলাইছিল তাইৰ নিজৰ ৰুচি, পছন্দবোৰ। তাই সম্পূৰ্ণৰূপে জিতৰ সাঁচত ঢাল খাবলৈ চেষ্টা কৰিছিল।


লাহে লাহে জিতৰ ব্যস্ততা বাঢ়িছিল। তাই ফ্লেটটোৰ চাৰিবেৰৰ মাজত অকলশৰীয়া অনুভৱ কৰিবলৈ  আৰম্ভ কৰিছিল। ঘৰখনত কাম বুলিবলৈ বিশেষ একো নাই। ঘৰ সৰা মচা কৰিবলৈ, বাচন ধুবলৈ দিদি এজনী আহে। আগতে তাই ৰন্ধা বঢ়াও কৰিছিল। কিন্তু পিছত বিস্মিতাই নিজেই সকলো ৰন্ধা বঢ়াৰ দায়িত্ব লৈ লৈছিল। জিতৰ পছন্দৰ অসমীয়া খাদ্যৰ লগতে ইউৰোপিয়ান, চাইনিজ সকলো কুইজিন তাই অতি কম সময়ত আয়ত্ব কৰি লৈছিল।

টকালি পাৰি খাই জিতে তাইক কয়,
"তোমাৰ ৰন্ধাৰ হাতখন বহুত ভাল। ফুড ব্লগ এটা খুলিব পাৰাচোন, ফেমাছ হৈ যাবা।"

তাই হাঁহি থয়।
"দৰকাৰ নাই। নিজৰ মানুহটোৰ কাৰণে ৰান্ধো সেয়াই যথেষ্ট। প্ৰফেশ্যন হিচাপে কিয় ল'ব লাগে।"

"প্ৰফেশ্যন নহয়, হবি হিচাপেই লোৱা...আজিকালি সকলোৱে এইবোৰ কৰে।"

"আৰে না, প্লিজ মই সেইবোৰ বোজা ল'ব নোৱাৰো।সংসাৰ চলাম... বেবী হ'লে বেবী ডাঙৰ কৰিম...বচ। আই ৱিল বি হেপি এজ এ হাউচ-ৱাইফ।"

কলিকতা আহি যে তাই চাকৰিৰ ইচ্ছা বাদ দিলে সেইটো জিতে বুজে। কিন্তু তাইৰ প্ৰতিভাখিনিয়ো সি দেখা পায়। তাই আপডাল কৰা বেলকণিৰ সৰু ফুলনীখন অতি কম দিনতেই চালে চকুৰোৱা হৈ পৰিছে, তাই ৰান্ধি দিয়া লাঞ্চ-বক্সটো লৈ অফিচত লগৰবোৰৰ মাজত টনা-আজোৰা লাগে, তাই কথা বুজাই ক'লে মিঠা মাতটো শুনি থাকিবলৈ মন যায়...এইবোৰ গুনেৰে গুণী তাৰ মানুহজনী। এইবোৰতো অথলে যাবলৈ দিব নোৱাৰি।

"আৰে হাউচ-ৱাইফ হোৱা, তাত মোৰ আপত্তি নাই। কিন্তু কেৱল সংসাৰ সংসাৰ কৰি থাকিবা নে, নিজৰ বুলিয়োতো আছে কিবা এটা। নিজৰ ভাল লগা, নিজৰ দক্ষতা থকা কামবোৰ কৰা আকৌ।"

"উফ তুমিনো কিয় অনবৰতে জোৰ দি থাকা অ, এইটো কৰা..সেইটো কৰা। ঘৰত মই মন-মৰ্জিত নিজৰ কাম কৰোঁ। তাৰ মানে কি মই সেইটো জোৰকৈ লোকক দেখুৱাবই লাগিব নেকি?"

"মই সেইটো কোৱা নাই নহয়। ইমান গুণী তুমি। তোমাৰ গুণবোৰ দহজনে দেখক...দহজনে জানক... সেইটোহে বিচাৰো।"

"শুনা, এতিয়া মই মেৰিড, দহজনে মোক জনাৰ কোনো প্ৰয়োজন নাই। মোৰ গোটেই সময়খিনি মই তোমাক দিব বিচাৰো। অকল তোমাক আৰু আমাৰ সংসাৰখনক। তুমি আমনি পাইছা ন মোক সদায় ঘৰত দেখি দেখি?"

"ধেই পাগলী।" বুলি জিতে তাইক প্ৰবোধ দিয়ে। তাইৰ আবেগ ভৰা আব্দাৰত সি আৰু কথা আগ নবঢ়ায়।
"থাকক, তাই যেনেকৈ সুখী তেনেকৈয়ে থাকক।" সি ভাবে।

কেৱল মাজে মাজে তাৰ ব্যস্ততাত হতাশ হৈ পৰা বিস্মিতাৰ শুকান মুখখন দেখি সি কৈ পেলাই,
"তুমিতো জানা মোৰ কামৰ স্বৰূপ। সময় দিওঁ বুলিয়ো কেতিয়াবা দিব নোৱাৰো। অন্তত তুমি কৰবাত সোমাই এংগেজেদ হৈ থাকিলে, ইউ ৱিল ফিল গুড।"

বিস্মিতাই হুমুনিয়াহ এটা কাঢ়ি আঁতৰি যায়। তাই নতুনকৈ অপৰিচিত চহৰ এখনত আকৌ চাকৰি কৰিবলৈ নিবিচাৰে। মৰমীয়াল স্বামী, সুখৰ এখন সংসাৰ...এয়াই তাইৰ সপোন আছিল।

মাকৰ লগত কথা পাতিলে মাকে কয়,
"কেঁচুৱা এটা হ'লে, সকলো ঠিক হ'ব। ইমানেই ব্যস্ত হৈ যাবি যে আমনি পোৱাৰ আহৰিও নাপাবি।"

তাই ঘৰুৱা কামবোৰ মনপুতি জান-প্ৰাণ দি কৰি যায়। বাগিচাৰ যত্ন লয়, ঘৰখন নতুনকৈ সজায়।  জিতৰ ক্ষুদ্ৰতম প্ৰয়োজনখিনিৰো দায়িত্ব ল'ব বিচাৰে। কিন্তু সৰুৰে পৰা স্বাৱলম্বী কৈ ডাঙৰ হোৱা জিত যে একেবাৰেই তাইৰ ককাক, দেউতাক বা খুৰাকৰ দৰে নিজৰ স্ত্ৰীৰ ওপৰত নিৰ্ভৰশীল নহয়।  নিজস্ব প্ৰয়োজনখিনি জিতে নিজেই পূৰণ কৰে। তাইৰ মাজে মাজে অসহায় লাগে। কোনো দিনে ৰুমালখন বা মোজাযোৰ বিচাৰি জিতে তাইক নখটুৱাইচোন। ঘৰুৱা কামতো পাৰ্যমানে সহায়হে কৰে।

তাইৰ নিজকে অসফল অৰ্ধাংগিনী যেন ভাৱ হয়। তাইৰ প্ৰয়োজন কিহত?

জিতে হাঁহে।
"অকল মোৰ ব্যক্তিগত কামবোৰ কৰি দিলেহে অৰ্ধাংগিনী হ'বা নেকি? মোৰ সুখ-দুখবোৰ ভাগ-বতৰা কৰি ল'বা...মই তোমাৰবোৰ ল'ম...তাতেই ৱি ৱিল বি ইচ্ছ আদৰছ বেটাৰ হাফ।"

তাইৰ বুকুখন বেলেগ এটা প্ৰশান্তিত ভৰি আহে।

কিন্তু দুদিন পিছত আকৌ এক চটফটনি হয়। আকৌ এক খালী খালী ভাব। নিঃসংগতাই আৱৰি ধৰে।


জিত প্ৰায়েই অফিচিয়েল টুৰত যায়। সেইবোৰ সময় বিস্মিতাৰ নাযায় নূপুৱাই যেন হয়। বিয়াৰ পিছত প্ৰথমবাৰ সি দুদিনলৈ মুম্বাই যাবলৈ ওলাওঁতে তাই ভয়তে পেঁপুৱা লাগিছিল। পেকিং কৰি থকা জিতক সাৱটি ধৰি তাই হাও হাও কৈ কান্দি পেলাইছিল। মৰম আকলুৱা ছোৱালীজনীৰ মূৰত হাত ফুৰাই জিতে তাইক বুজনি দিছিল।

পিছলৈ তাইৰ অভ্যাস হৈ গৈছিল। আজিকালি সি গ'লে, তাই ভয় নাখায়, কিন্তু ভীষণভাৱে অকলশৰীয়া অনুভৱ কৰে। তাক ব্যস্ততাৰ দোহাই দি বকে।

"তুমিতো জানাই, মোৰ চাকৰিৰ তাগিদা। মই থাকিলেতো তুমি মোৰেই আলপৈচান ধৰি থাকা, মই নথকা দিন কেইটা নিজকে সময় দিবানা। নিজৰ পছন্দত খাবা, শুবা, ফুৰিবা। ভাল লগা কামবোৰ কৰিবা, চাবাচোন মোলৈ মনতেই নপৰিব।"

"অকলে অকলে ব'ৰ হওঁ মই।" তাই কয়।

"ব'ৰ কিয় হ'বা? মন গ'লেই ওলাই যাবা। চেণ্ট্ৰেল পাৰ্কত ফুৰি আহিবা এপাক। তুমি ভালপোৱা ফুচকা খাবাগৈ। অইন নহ'লে কমপ্লেক্সৰ ক্লাবলৈ যাবা, কিমান দিন স্বপ্নাদীহঁতে মাতি আছে তোমাক।'

"ধেই তোমাক এৰি অকলে কিয় যাম বাৰু? ভাল নালাগে মোৰ।" তাইৰ খং উঠে।

"অকলে কি, লগ বিচাৰিলেই লগ পাবা। আৰু মই নাই বুলি তুমি এনজয় নকৰিবা নেকি? নিজৰ পছন্দৰ মুভি চাবা, খানা বনাবা, মুঠতে ভালকৈ থাকিবা।"

"মোৰচোন তোমাক এৰি একোৱেই ভাল নালাগে।" তাইৰ মৰম সনা আব্দাৰ।

"মোক এৰি এইবোৰ কৰি চোৱাচোন, তেহে বুজিবা কেনেকুৱা লাগে। কলিকতাত দেখোন তোমাৰ কলেজীয়া বন্ধু বহুত আছে। তুমিয়েই কৈছিলা চাকৰি কৰি আছে বুলি। সিহঁতক লগ ধৰা, সিহঁতক ঘৰলৈ মাতা।"

"সিহঁত কত নিজৰ ফাষ্ট লাইফ লৈ বিজি। আৰু মই তুমি নহ'লে অকলে ক'তো যাবলৈ ভাল নাপাওঁ। তুমিহে মোক এৰি বন্ধুবোৰক লগ ধৰি ফুৰা।"

জিত মনে মনে থাকে। সি তাইক এৰি বেলেগকৈ নিজৰ বন্ধুবোৰৰ লগত কিবা প্লেন বনালে তাই সদায় ওফোন্দ পাতে। সেই অভিমান ভাঙিবলৈ গ'লে কাজিয়াৰ সূত্ৰপাত হয়।

বিস্মিতাই তাৰ অফিচৰ কামত ভাগ লয়। সোধে,
"আৰু কোন কোন যাব এই টুৰত?"

"মই আৰু মোৰ টিমৰ কল্লোল আৰু শ্ৰাৱনী।"

শ্ৰাৱনীৰ নাম শুনাৰ লগে লগে বিস্মিতা খঙত টিঙিৰি তুলা হয়। জিতক পেকিং কৰিবলৈ দি, তাই ওলাই আহে।


অফিচ পাৰ্টি এটাত তাই শ্ৰাৱনীহঁত সকলোকে প্ৰথম লগ পাইছিল। বেছ প্ৰগলভ আৰু স্মাৰ্ট জিতৰ টিমৰ ছোৱালীকেইজনী পিন্ধা উৰাতেই নহয়, কথা বতৰাতো আধুনিক। হাতত ৱাইন গ্লাছ লৈ সিহঁতে মুকলি মনেৰে জিতৰ লগত কথা পাতিছিল, ৰগৰ কৰিছিল। প্ৰাণ খুলি হাঁহিছিল।

গোটেই জীৱন ৰক্ষণশীল পৰিয়ালত কঠোৰ অনুশাসনৰ মাজত ডাঙৰ হোৱা বিস্মিতাই কথাবোৰ সহজ ভাবে ল'ব পৰা নাছিল। জিতক তাই বিশ্বাস কৰিলেয়ো এই ধৰণৰ মিলামিছাবোৰ তাই হজম কৰিব পৰা নাছিল।
"ই কেনে কথা! পুৰুষৰ সমানে সমানে কাম কৰিলেয়ো এনেকৈ বেপৰুৱা ভাবত ফুৰ্তি তামাছা কৰি আছে, কেনেকুৱা ছোৱালী এইবোৰ?"

"বহুত দায়িত্বশীল...ভাল মনৰ ছোৱালী ইহঁত।" জিতে পিছত তাইক বুজাইছিল।

এহাতে হুইস্কিৰ গ্লাছ আৰু এহাতে চিগাৰেট লৈ চুটি ক'লা ড্ৰেচ পিন্ধা মোহৰ সেন বোলা চল্লিশোৰ্দ্ধৰ মানুহ এজনীয়ে আহি জিতৰ পিঠিত থাপৰ মাৰি কৈছিল,
"দেৱজিত, ইয়ৰ ৱাইফ ইজ গৰজিয়াছ।"

বিস্মিতাৰ অকণো ভাল নালাগিল।

জিতে মুকলিমনে সকলোৰে লগত বিস্মিতাক পৰিচয় কৰাই দিছিল। এক মুহুৰ্তৰ বাবেও বিস্মিতাই তাৰ হাতখন এৰি দিয়া নাছিল। শ্ৰাৱনী বোলা মিঠা বৰণীয়া উজ্জ্বল চকুৰ ছোৱালীজনীয়ে আহি বিস্মিতাক সাৱটি ধৰিছিল।
"ৱাও, য়ু আৰ এমেজিঙ। মই শ্ৰাৱনী। দেৱজিতৰ খাচ একদম, ৰাইট হেণ্ড।"

জিতে কৈছিল "তই কৰা ভুলবোৰৰ কাৰণেই মই ৰাতি ৰাতি দেৰিলৈ কাম কৰিবলগীয়া হয়, গতিকে তই বিস্মিতাৰ দোষী।"

সিহঁতে হাঁহিছিল। বিস্মিতা ক্ষুণ্ণ হৈছিল।
"কেনেকুৱা মানুহ এইবোৰ! বিবাহিত বুলি জনাৰ পিছতো জিতৰ লগত কিহৰ ইমান ৰগৰ, ঠাট্টা....কিহৰ ইমান হলি-গলি!"

ঘৰত আহি তাই জিতক কৈছিল,
"সিহঁত অলপ অভাৰ-স্মাৰ্ট।"

"অভাৰ-স্মাৰ্টতো হ'বই ন, কম বয়সতে বহুত আগুৱাইছে ইহঁত। আৰু আজিকালিৰ যুগত নহৈ উপায় নাই।"

বিস্মিতাৰ বেয়া লাগিছিল। সি বাৰু পৰোক্ষভাবে তাইক আনস্মাৰ্ট বুলিছে নেকি?

"আৰু সেই বুঢ়ীজনী, মোহৰ নে কি। ইমান তাও।"

"সেই বুঢ়ীজনী, মেডাম, আমাৰ জ'নেল হেড। কিমান ক্ষমতা জানা? চিঙ্গল মাদাৰ...এই বছৰ বেষ্ট এচিভাৰ এৱাৰ্ড পাইছে। বহুত নাম থকা মানুহ তেওঁ। যথেষ্ট কৰ্মপটু, লগতে এ কাইণ্ড চৌল।"

তাই তবধ মানিলে। কেৱল পোছাকত মানুহ চিনিব নোৱাৰি।


তাই লাহে লাহে কথাবোৰ বুজিছিল। "কৰ্পৰেট ৱৰ্ল্ড"খন এনেকুৱাই। নাৰীয়ে পুৰুষে সমানে কাম কৰে...সমানে আনন্দ কৰে...কোনো বিভেদ নাই। জিতৰ মহিলা কলিগবোৰ অত্যাধুনিক হ'লেও যে বেছ ভাল মানুহ সেই কথা তাই পিছৰ গেদাৰিঙ, পিকনিক, পাৰ্টি এইবোৰত বুজি পাই গৈছিল। লাহে লাহে তাইৰ বিৰূপ ভাববোৰ কমি আহিছিল। তাই বুজিছিল জিতে তেওঁলোকক তেওঁলোকৰ কাম, স্বভাৱ এইবোৰৰ বাবে কিমান পছন্দ কৰে।

জিতৰ মুকলিমুৰীয়া স্বভাৱ, লুক-ঢাক নথকা কথাবোৰে তাইক লাগে লাহে অপেন-মাইণ্ডেড হ'বলৈ বাধ্য কৰাইছিল।

কিন্তু শ্ৰাৱনীৰ প্ৰতি অহৈতুক খং এটা তাইৰ সদায়ে ৰৈ গৈছিল। অথচ শ্ৰাৱনীয়ে তাইক বহুত ভাল পায়। ঘৰলৈ আহিলেও....আনবোৰে ড্ৰয়িং-ৰুমত আনন্দত মগ্ন হৈ থাকোতে, তাই পুটুককৈ আহি বিস্মিতাক পাকঘৰত ৱাইন-গ্লাছ এটা দি যায়। বিস্মিতাই গ্ৰীল কৰি থকা চিকেন পিচ একোটা মুখত সুমুৱাই কয়,
"কাম না, জইন আচ দেয়াৰ।"

অকণমান সময়ৰ বাবে বিস্মিতা যায়, তাৰ পাছত উঠি আহে। সিহঁতৰ কথা...আড্ডা...জকছবোৰত বেছি দেৰি ভাগ ল'ব নোৱাৰে তাই। আখজা লাগে।

তাইৰ অস্বস্তিখিনি জিতে বুজে। পাৰ্টি শেষ হোৱাৰ পিছত পাকঘৰ চাফা কৰি কৰি তাইক কয়,
"মাতিবাচোন তোমাৰ বন্ধুবোৰকো কেতিয়াবা। মোৰোতো মন যায় তোমাৰ লগৰবোৰক হোষ্ট কৰিবলৈ। তুমিতো কোনো দিনে সিহঁতক বাহিৰত লগ ধৰিবলৈও নোযোৱা...অন্তত ইনভাইট ডেম অভাৰ হিয়াৰ।"

কথাটো সঁচা। বিস্মিতাই বহুতো কলেজীয়া বন্ধু থকাৰ পিছতো কাকো লগ নধৰে, কাকো ঘৰলৈ নামাতে। বিয়া হোৱাৰ দিন ধৰি তাইৰ গোটেই জীৱনটো কেৱল জিতময় হৈ আছে। তাত তাইৰ বন্ধু-বান্ধৱ, তাইৰ ৰুচি-অভিৰুচিলৈ তাই নিজেই কোনো সুৰুঙা নাই ৰখা।

মাকে কৈ পঠাইছিল,
"এতিয়া তোৰ মানুহটোৱেই তোৰ সকলো। বাকী চব পিছত।"

তাইৰ যেন হৃদয়ত এই কথাটো খোদিত হৈ ৰৈ গৈছিল।


লাহে লাহে জিতক বাদ দি বিস্মিতাই একোৱেই কৰিব নুখুজিছিল। পিছলৈ নোৱাৰিছিলো। বজাৰ সমাৰ, ফুৰা চকা সকলোতে জিত। পাৰ্লাৰ যাবলৈও তাইক জিতক লাগে।

মাজে মাজে জিত বিৰক্ত হয়। গোটেই সপ্তাহটো অফিচত খাটনি, শনি দেওবাৰটোত সি অলপ বিশ্ৰাম ল'ব বিচাৰে।

কিন্ত বিস্মিতাই আব্দাৰ কৰে,
"বলানা মোৰ থ্ৰেডিং কৰিব আছে। চোৱানা... কেনেকুৱা ভূত ভূত লাগিছে।"

"ৰিক্সা এখন লৈ নিজেই যোৱানা।" জিতে কয়।

"ধেই...নাযাওঁ দেই অকলে অকলে। তুমি ৰৈ থাকিব নালাগে নহয়। বচ...মোক থৈ আহিবা, হৈ গ'লে আকৌ লৈ আহিবা।"

জিত নিৰুপায় হয়। বিৰক্তিখিনি সামৰি গাড়ীৰ চাবিটো হাতত লয়। ৰাস্তাত তাইক কয়,
"ড্ৰাইভিংটো শিকি লোৱাচোন। মইতো বাইক চলায়ে যাব পাৰো। তুমি গাড়ীখন লৈ অত তত যাব পাৰিবা।"

"ই নোৱাৰো দেই মোৰ ভয় লাগে। ঘৰখনত দুটা ড্ৰাইভাৰ কিয় লাগে আৰু মইনো গাড়ী লৈ ক'ত অকলে ঘূৰিম গৈ।"

জিত ক্ষুণ্ণ হয়। তাৰ ওপৰত সকলো সময়তে বিস্মিতাৰ এই অত্যাধিক নিৰ্ভৰশীলতা তাৰ সহ্য নহয়। তথাপিও সি একো নকয়। তাৰ কাৰণেই তাই নিজৰ পৰিয়াল, নিজৰ ঠাই... সকলো এৰি ইয়ালৈ আহিছে। মৰম আকলুৱা ছোৱালী, সৰুৰে পৰা এনেকৈ ডাঙৰ হোৱা তাইক সি জোৰ কৰি সলনি কৰিব নিবিচাৰে। তাইৰ মনৰ ভিতৰখন সি বুজে। কিন্ত সি বিচাৰে তাই নিজৰ বাবেও জীয়ক, নিজৰ মতেও চলক।

ঘৰৰ ভিতৰৰ কামত তাই সিদ্ধহস্ত, সুনিপুন গৃহিনী। কিন্তু বাহিৰখন বুলিলেই তাইৰ জিত নহ'লেই নচলে।


এপাৰ্টমেণ্ট কমপ্লেক্সত দুৰ্গা পূজা হয়। ওচৰৰ গুহ আণ্টি, বেনাৰ্জী বৌদীহতে তাইক লগ ধৰে...পূজা কমিটিত যোগ দিবলৈ কয়। তাই নাযায়। স্বপ্নাদীয়ে কয়,
"তোমাৰ মাতটো ইমান শুৱলা, এইবাৰ হষ্টিংটো তুমি কৰি দিবাচোন।"

তাই আপত্তি কৰে।

জিতে কয়,
"আৰে যোৱানা, ভাগ লোৱা। ভাল লাগিব। আমাৰ কমপ্লেক্সত খুব ডাঙৰ পূজা হয়। হৈ-হাল্লা, খোৱা-বোৱা।"

"নাই নেলাগে সেইবোৰ কমিটি তমিতিত নোসোমাও। যত চব লেঠা। গ'লেও তোমাৰ লগত একেলগে পূজালৈ যাম। মোৰ নিজৰ মানুহটো থাকোতে আনৰ লগ কিয় লাগে?"

হাজাৰ বুজায়ো জিতে তাইক পঠিয়াব নোৱাৰে। পিছত অঞ্জলি দিবলৈ যাওঁতে...অষ্টমীৰ ভোগ খাবলৈ যাওঁতে... সন্ধি পূজাৰ সময়ত...জিতক লৈ তাই পূজা থলীলৈ যায়। এক মিনিটৰ কাৰণেও জিতক এৰি নিদিয়ে।

চিগাৰেটটো খাই বিল্ডিঙৰ অতনুহতৰ লগত মুকলিকৈ জিতে আড্ডা দিব বিচাৰে। নোৱাৰে। বিস্মিতা অনবৰতে তাৰ লগত আঠা লাগি থাকে।


মাজে মাজে হোৱাৰ দৰে জিতৰো উশাহ নিশাহ বন্ধ হোৱাৰ উপক্ৰম হয়।

কাজিয়াৰ মাজত এদিন কৈ পেলাই,
"প্লিজ জান, অলপ ৰেহাই দিয়া মোক। বিয়া হ'লেও ইণ্ডিভিজুৱেল স্পেচৰ প্ৰয়োজন আছে। তোমাৰো, মোৰো।"

বিস্মিতাই বুজিব নিবিচাৰে। জিতৰ যুক্তিখিনি তাই উদাসীনতা, তাইৰ প্ৰতি তাৰ অপ্ৰেমৰ ভাব হিচাপে লয়।

ঘৰখনত গোমা গোমা ভাব এটা ওলমি ৰয়।


পূজাৰ পিছতে জিতৰ মাক সিহঁতৰ ঘৰলৈ আহে। তেওঁ লগৰ মানুহ কেইজনীমানৰ লগত ৰাজস্থান ফুৰিব গৈছিল। উদয়পুৰ, জয়পুৰ... সকলো ঠাই ফুৰি-চাকি গুৱাহাটীৰ ঘৰখনলৈ ঘূৰি নগৈ কলিকতাত পুতেক বোৱাৰীয়েকৰ লগত কেইদিনমান কটাবলৈ গুচি আহে।

তেওঁ অহাত বিস্মিতা সুখী হ'ল। ঘৰখনৰ নিৰ্জনতাবোৰে তাইক খুলি খুলি খাইছিল। শাহুৱেক প্ৰাণৱন্ত, হাঁহি মুখীয়া এজনী মানুহ। অনবৰতে ফুৰ্তি কৰি থাকে। জাকত জিলিকি থাকে।

শাহুৱেকে আহিয়েই বিস্মিতালৈ অনা ৰাজস্থানী লেহেঙ্গা, বান্ধনী দুপাট্টা, কচটিউম জুৱেলাৰীৰ সম্ভাৰ মেলি ধৰিলেহি। তাইক ইটো পিন্ধাইছে...সিটো গাত দি চাইছে...মুঠতে উলাহতে তত নাই। নিজলৈয়ো পলাজো কিনি আনিছে।

"আপুনি পিন্ধিবনে?" বিস্মিতাই চকু ডাঙৰ কৰি সোধে। শাহুৱেকক তাই সদায় মেখেলা চাদৰ, শাৰীতেই দেখি আহিছে।

"আজিকালি মই কুৰ্তী, চেলোৱাৰ চব পিন্ধো নহয়। ৰাতিপুৱা স্পৰ্টছ শ্বু পিন্ধি জগিং কৰিবলৈয়ো যাওঁ।" তেওঁ হাঁহি হাঁহি উত্তৰ দিয়ে।

"অকলে?"
"উম, অকলে।"

বিস্মিতাৰ মুখ মেল খাই যায়।


দেওবাৰে শাহুৱেকে পাকঘৰ সোমাই খদমদম লগায়। পুতেকহতৰ পচন্দৰ খোৱা বস্তু ৰান্ধিব আজি। বিস্মিতা তেওঁৰ যোগালী। এনেয়ো এই কেইদিন তেওঁ ৰন্ধাৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছে। বিস্মিতাক কয়,
"যোৱা, আৰাম কৰা।"

তাই নাযায়।

বিশেষ মেনু মানে কঁঠালৰ মুচি, ৰৌ-মাছৰ জিকা বিলাহীৰ জোল, কঁচুশাক কন বিলাহীৰে থূপথূপিয়াকণ, বেচনত লেটীয়াই আফুগুটি দি গোল বেঙেনা ভাজি আৰু পায়স। বিস্মিতাক বোলে,
"পায়সখিনি নলেন গুৰ দি বনাম। তোমাৰ প্ৰতিবেশী মাধবী মুখাৰ্জীৰ পৰা কালিয়েই শিকিলোঁ। তেওঁক মাছৰ জোল অকণমান আজি দি আহিম। টেঙা খাব বিচাৰিছে।"

মানুহজনীৰ হলহলকৈ কৈ যোৱা কথাবোৰত বিস্মিতাই বিচুৰ্ত্তি খায়।

শাহুৱেক অহা দুদিন হোৱাই নাই, বন্ধু বনায়েই পেলালে। ৰেছিপিয়ো শিকিলে তেওঁ! বেচ প্ৰগলভা তাইৰ শাহুৱেকজনী...মানুহৰ লগত খন্তেকতে আত্মীয়তা গঢ়ি তোলে।

ঘৰতো তাই দেখিছে, মানুহজনীয়ে ঘৰৰ ভিতৰে বাহিৰে কেওফাল চম্ভালে। শহুৰেক ঢুকুৱা দুবছৰ হ'ল। ঘৰখনত মানুহ বুলিবলৈ শাহুৱেক আৰু ড্ৰাইভাৰ ৰঘুকাই, তেৱেঁই বজাৰ সমাৰ কৰি দিয়ে। জিতহতে বহুতবাৰ জোৰ কৰিছিল,"কলিকতালৈকে গুচি আহা, ঘৰটো ভাড়া দিয়া।" তেওঁ নামানিলে। শাকনি-বাৰী, ফুলনি-বাগিচাৰে জাতিষ্কাৰ তেওঁৰ মৰমৰ ঘৰখনত তেওঁ অকলেই থাকি গ'ল। বিনাদ্বিধাই এতিয়া এজনীয়া সংসাৰ চলায়। বিস্মিতাই খবৰ ল'লে কয় "বিন্দাচ আছোঁ।"

"জিতৰ পছন্দবোৰতো মই জানোৱেই, কিন্তু তুমিচোন একোৱেই নক'লা, কি খাবলৈ মন গৈ আছে। কোৱা আকৌ...খাই লোৱা শাহুৰ হাতৰ মজা লৈ।" শাহুৱেকৰ মৰম সনা মাতত তিয়ঁহ কাটি থকা বিস্মিতাৰ তন্দ্ৰা ভাঙে।

"এহ হ'ব মা... মোৰনো কি...এইবোৰ দিয়েই হৈ যাব।" তাই লৰা-লৰিকৈ উত্তৰ দিয়ে।

" হৈতো যাবই, কিন্তু মন কি গৈ আছে সেইটো কোৱা আকৌ।"

" নাই নাই, মোৰ কাৰণে আকৌ বেলেগকৈ নো কিয় লাগিছে, জিতে যি ভাল পাই তাকেই..."

শাহুৱেকে তাইক এইবাৰ মুখতে ধৰিলে,
"জিতৰ যিটো ভাল লাগে মানে? আৰে বাবা, তুমি নিজেওতো জিতত কৈ বেলেগ মানুহ এজনী। তোমাৰ নিজা পছন্দ কি?"

সেমেনা সেমেনি কৰা বিস্মিতাৰ মুখখনলৈ চাই তেওঁ কৈ গ'ল,
"আমাৰ মাইকী মানুহবোৰৰ এইটোৱেই সমস্যা জানা। ঘৰৰ মানুহৰ ভাল লগাবোৰতেই নিজৰ ভাল লগা খিনি সামৰি থওঁ। নিজৰ ইচ্ছাবোৰ নিজেই দবাই ৰাখোঁ। তাৰ পাছত দুখ কৰোঁ যে জীৱনটো আনৰ বাবেই জীয়ালোঁ।"

পদিনা চাটনি কণত নেমু চেপি চেপি তেওঁ কৈ গ'ল,
"খাব লাগে, নিজৰ পছন্দৰ বস্তু আনে ভাল নাপালেও বনাই খাব লাগে।"

"পেটু ভজা খাম।" বিস্মিতাই চমুকৈ ক'লে।


দুপৰীয়া জিতে তৃপ্তিৰে ভাত খাই উঠি শুবলৈ গ'ল। একেলগতে বহা শাহু-বোৱাৰীৰ খোৱা চলিয়েই থাকিল। লগতে অগণন কথা। মাছৰ পেটুৰে ভাত সানি সানি বিস্মিতাই শাহুৱেকক ক'লে,
"মা, আপুনি ইমান খোলা...ইমান হাঁহি ফুৰ্তি কৰি থাকে। মোৰ বৰ ভাল লাগে। আপোনাৰ যেন কোনো দুখেই নাই।"

"দুখ চবৰে থাকে বুইছা। কিন্তু জীৱনটো আছে যেতিয়া, হাঁহি ফুৰ্তিৰেই জীয়াও, নে কি কোৱা?"

"দেউতা যোৱাৰ পিছত আপোনাৰ অকলশৰীয়া নালাগে নে? গোটেই ঘৰটোত যে আপুনি অকলে থাকে, ইয়ালৈও গুচি নাহে।" বিস্মিতাই প্ৰশ্ন কৰে।

"দেউতাৰাক মিছ কৰোঁ, কিয় নকৰিম। তেওঁৰ অভাৱ অনুভৱ সদায় কৰো। কিন্তু কি জানা? গোটেই জীৱনটোতো সংসাৰৰ ধামখুমীয়াতে কটাই দিলোঁ.. নিজৰ বাবে জীয়াবলৈ সময়েই নোলাল। এতিয়া প্ৰাণভৰি উপভোগ কৰোঁ। নকৰা কামবোৰ কৰো, অকণো অকলশৰীয়া নালাগে। বৰং বেছ আনন্দত আছোঁ।"

"আপুনি সুখী হোৱাটোৱেই বিচাৰো মা।"

"কেৱল মই কিয়, প্ৰতিজনী নাৰীয়েই সুখী হ'ব লাগে নিজক লৈয়ো। আনে তোমাক সুখ দিব...তুমি কেৱল সেই লৈয়ে সুখী হ'বা...এই প্ৰত্যাশা কৰিব নালাগে। লাগিলে সেয়া তোমাৰ স্বামীয়েই হওক বা সন্তান। নিজৰ সুখবোৰ বুটলি লোৱাৰ দায়িত্ব আমাৰ নিজৰ, নহয় জানো?"

শাহুৱেকে যেন তাইকেই উদ্দেশ্যি কথাবোৰ ক'লে। বিস্মিতাই কেৱল মূৰ দুপিয়ালে।

"আজিকালি মহিলা গোটত ভাগ লৈ নাটক কৰিছোঁ, ভুলে শুদ্ধই কোৰাছ গাইছোঁ। আনকি কাষৰ ঘৰৰ পিনাকীৰ পৰা মই ইংৰাজী গানো শিকি আছোঁ।"

বিস্মিতাই তধা লাগি মানুহজনীৰ মুখলৈ চাই থাকিল। কি এক প্রদীপ্তি।

"এতিয়া ভাবো, আগতেই যদি নিজৰ বাবে সময় উলিয়াই নিজৰ পছন্দৰ কামবোৰ কৰিলোঁ হয়, কিমান পৰিপূৰ্ণ হ'ল হয় জীৱনটো। দেৰিকৈ বুজিলোঁ, কেৱল স্বামী-সন্তান-সংসাৰে জীৱনৰ পূৰ্ণতা দিব নোৱাৰে। দিলেও কেতিয়াবা সেয়া যথেষ্ট নহয়।"

বিস্মিতাৰ বুকুখন এক অনামী উত্তেজনাৰ ভৰি আহিল।

"নিজৰ ভাগৰ বন্ধু, নিজৰ ভাগৰ হবি, নিজৰ পছন্দৰ কামবোৰ... এইবোৰ কেতিয়াও এৰিব নালাগে। এইযে চোৱাচোন...মোৰ কলেজীয়া বান্ধৱীৰ লগত মই যে ফুৰি আহিলোঁগৈ, কিমান ভাল লাগিল। সংসাৰখনৰ বাহিৰতো এখন দুনীয়া আছে। পুৰুষেই হওক বা নাৰী, প্ৰত্যেকৰে অধিকাৰ আছে সেইখন পৃথিৱী নিজাকৈ উপভোগ কৰাৰ। নহয় জানো?"

দুয়োজনীৰ হাতৰ ভাত ইতিমধ্যে শুকাই কৰ্কৰীয়া মাৰিছিল। বিস্মিতাই শাহুৱেকক মুগ্ধ হৈ চাই ৰৈছিল। ষাঠি বছৰীয়া মানুহজনীৰ মুখত ওঠৰ বছৰীয়া গাভৰু এজনীৰ লেখীয়া উৎসাহৰ জ্যোতি... জীৱনৰ স্পৃহা...আৰু আত্ম সন্তুষ্টি আছিল। পোহৰ পোহৰ লগা এখন মুখ।


শাহুৱেক আৰু দহদিনমান থাকি গ'লগৈ। বিস্মিতা জিতৰ লগত তেওঁ বহুত ফুৰিলে। চিনেমাও চালে। বিস্মিতাক লগত লৈ ইঘৰৰ সিঘৰলৈ গ'ল। ঘৰে-পৰে আড্ডা বহিল। কেইবাজনী নাৰীৰ প্ৰাণোচ্ছল হাঁহিত বিস্মিতাহতৰ ড্ৰয়িং ৰুমটো মুখৰিত হৈ উঠিল। বিস্মিতাৰ শেষলৈ বহুত মুকলি মুকলি লাগিল।

শাহুৱেক যোৱাৰ পিছদিনা জিত অফিচলৈ যাবলৈ ওলাইছে। তাৰ হাতত লাঞ্চ বক্সটো দি বিস্মিতাই লাহেকৈ ক'লে,
"যোৱা সপ্তাহত মাৰ সৈতে গৈ ড্ৰাইভিং স্কুল জইন কৰিলোঁ। ঘৰৰ গাড়ীখনতে শিকিম। তুমি এইকেইদিন বাইকখনেই লৈ যাবা।"

জিত অবাক হ'ল। কি কথা!

"আৰু স্বপ্নাদীহঁতে সৰুকৈ গোট এটা খুলিছে, ওচৰৰ বস্তিখনৰ ল'ৰা-ছোৱালীখিনিক হাইজিন, পঢ়া-শুনা, নাচ-গান এইবোৰ শিকাব। ডাঙৰখিনিক ইংৰাজী অংক পঢ়োৱাৰ দায়িত্ব মই লৈছোঁ। সপ্তাহত দুদিন।"

"মোক কি পাৰ্মিশ্যন বিচাৰিছা নেকি?" জিতে হাঁহি হাঁহি সুধিলে।

"উহু, কেৱল জনাইছোঁহে। মানে মোক ঘৰত সকলো সময়তে নেদেখিলে ভয় যাতে নোখোৱা। গাড়ী শিকি মই লগৰবোৰক লৈ ফুৰিম বুলিয়ো ভাবিছোঁ। "

জিতে হো-হোৱাই হাঁহি পেলালে। বিস্মিতাক সাৱটি সি ক'লে,
"আই এম চৌ প্ৰাউড অফ ইউ জান।"

এইবাৰ বিস্মিতাৰ মুখখনো শাহুৱেকৰ মুখখনৰ দৰেই পোহৰ পোহৰ হৈ উঠিল।
(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
১০.০৯.২০২০

xxxxxxxxxxxxxx

অবাঞ্ছিত



অবাঞ্ছিত

(চুটি গল্প)

"সাগৰিকা...আস....সাগৰিকা। কি মায়াসনা...তোমাৰ এই নাম!"

সাগৰিকা মোৰ প্ৰেয়সী। আজি চাৰিবছৰে চলিছে আমাৰ এই পবিত্ৰ প্ৰেম। ঠিক প্ৰেম বুলিলে ভুল হ'ব। সঁচা কথা ক'বলৈ গ'লে তাইক মই একপক্ষীয় ভাবেই ভাল পাই আহিছোঁ ইমানদিনে। কলেজত প্ৰথম দৰ্শনতে সাগৰিকাৰ প্ৰেমত পৰিছিলোঁ মই। পিছলৈ আমাৰ বন্ধুত্ব হৈছিল।

এম.এ পাছ কৰি মই কলেজৰ পৰা ওলালোঁ। তাই গ্ৰেজুৱেশ্যন কৰি স্কুল এখনত সোমাল। এই চাৰি বছৰে বহুতবাৰ... পাকে-প্ৰকাৰে...পোন-পটিয়াকৈ... আওপকীয়াকৈ... মই তাইক বুজাই দিছোঁ যে তাই মোৰ হৃদয়ৰ একমাত্ৰ ৰাণী।


সাগৰিকাই হা না একো নকয়। ছোৱালী মানুহ। পটককৈ সঁহাৰি দিবলৈ লাজ...সংশয়.. নহ'ব জানো? আৰু তাইৰ সেই লাজ, সংশয়বোৰতো মোৰ প্ৰেম ভাবটো দুগুণে বাঢ়ি উঠে।

এদিন, অকলশৰীয়া...দুৰ্বল মুহূৰ্তত...কৈ উঠিছিলোঁ,
"ভাল পাওঁ তোমাক সাগৰিকা।"

দূৰ দিগন্তত চকু ৰাখি সাগৰিকাই কৈছিল,
"মোৰো ভাল লাগে তোমাক স্বপ্নাভ। কিন্ত প্ৰেম কৰিবলৈ ভয়, কিজানি দুখ পাওঁ। সহ্য নহ'ব মোৰ। এনেকৈয়ে ভাল লাগে চোন।"

লাগে। বন্ধুতকৈ বেছি আৰু প্ৰেমৰ ছীল মোহৰতকৈ কম এই সম্পৰ্কটো মোৰো বৰ ভাল লাগে। সাগৰিকাৰ আঙুলিৰ আগ এটাও স্পৰ্শ নকৰাকৈয়ো তাইক ভাল পাই মই তৃপ্ত হওঁ। পবিত্ৰ প্ৰেম আমাৰ।

উজ্জ্বল... দহা চকুৰ...সোণবৰণীয়া সাগৰিকাৰ হাঁহিলে গালত টোল পৰে। আৰু সেই টোল দুটাত মোৰ হৃদয়খন গলি মম হৈ যায়। তাইৰ দহা চকুহালে মোক দিনে ৰাতিয়ে আমনি কৰে।


সাগৰিকাই মোক বহুত সময় দিয়ে...মোৰ যথেষ্ট গুৰুত্ব আছে তাইৰ জীৱনত। মোৰ খোৱা-বোৱা... স্বাস্থ্যৰ তদাৰকী কৰে তাই। দাঁতত ভাত এটা লাগিলেও মোক কৈ হে শান্তি পায়। ওৰে ৰাতি মোৰ সৈতে কথা পাতিয়ো তাইৰ হেঁপাহ নপলাই। ৰাতিপুৱা অভিযোগ কৰে, কথা পাতি হেনো ফোনৰ বেলেন্স খতম। মই হাঁহি থওঁ। তাইক ময়েই ফোন কৰোঁ, তাই কথা পাতিব মন গ'লে মোক মিছ কল দি কাটিহে দিয়ে । কামলৈ যাওঁতে তাইৰ নম্বৰটোত ৰিচার্জ ভৰাই দিওঁ। তাই মেছেজ কৰে,
"মু..ৱাহ।"

কৰবালৈ যাবলৈ হ'লেও তাই মোকেই মাতে,
"স্বপ্নাভ...আহা না শ্বপিং যাম, বাইকত লৈ যাবা।"

মই যাওঁ। মোৰ টিকলিজনীয়ে বিভিন্ন ড্ৰেচ ট্ৰাই কৰি থকা সময়খিনি মই তাইৰ হেণ্ডবেগটো ধৰি থাকোঁ। চেলছ গাৰ্ল কেইজনীয়ে কয়,
"স্যাৰ ইয়ৰ গাৰ্লফ্রেণ্ড ইজ ভেৰী প্ৰীতি।"

মই লাজ লাজকৈ হাঁহো।
গাৰ্ল ফ্রেণ্ড নহয়...প্ৰেয়সী তাই মোৰ। জন্ম জন্মান্তৰৰ।

পেমেণ্ট কৰোতে তাইৰ অলপ পইচা কম পৰে। মই টিউশ্যন কৰি...পাৰ্ট টাইম কোচিং কৰি...টুক-টাককৈ গোটোৱা পইচা কেইটা আগবঢ়াই দিওঁ। তাই লওঁ নলওঁ কৈ লৈ কয়,
"ঘূৰাই দিম হা অহা মাহত।"

"অহা মাহত" আকৌ তাইৰ নতুন কিবা এটা চখ ওলায়। মই আপত্তি নকৰোঁ।

তাইৰ স্কুল কৰি আহি পিজ্জা খাবলৈ মন যায়। মই অৰ্ডাৰ দি দিও। তাই থকা ৱৰ্কিং-ৱমেন হোষ্টেলখনত ডেলিভাৰী দি যোৱা পিজ্জাটো খাই খাই তাই মোক মেছেজ কৰে,
"ইউ আৰ ডা বেষ্ট।" তাৰ পাছত দুটা চুমাৰ ইমজি।

মোৰ পিজ্জা নোখোৱাকৈয়ে পেট ভৰি যায়।


এয়াইতো প্ৰেম। ইয়াতকৈ বেলেগ প্ৰেম কৰিবলৈ মোৰ বাসনা নাই। ইয়াতকৈ বেলেগ "আই লাভ ইউ" বোলা প্ৰেমৰ আকাংক্ষা মোৰ নাই।

এই যে... তাই অলৈ তলৈ যাবলৈ মোক লগ ধৰে... সেয়াইতো মোলৈ তাইৰ হেঁপাহ। তাই ঘৰলৈ যোৱা নাইট চুপাৰত তুলি দিবলৈয়ো মই যাওঁ। ঘূৰি অহাৰ দিনা ৰাতিপুৱাই পিক-আপ কৰিবলৈ তাই আব্দাৰ কৰে। ছয় বজাত আহিবলগীয়া নাইট চুপাৰখনলৈ মই ঠাণ্ডাত কঁপি-জপি পুৱা পাঁচ বজাৰ পৰা অপেক্ষা কৰোঁ। তাই মিচিকিয়া হাঁহি মাৰি নামিয়েই মোক কয়, "আই মিছড ইউ।"

এয়াই জানো তাইৰ মোৰ প্ৰতি মৰমসনা আব্দাৰ নহয়? ইয়াতকৈ বেলেগ প্ৰেমটোনো কি?

নাই...ইয়াতকৈ বেছি মোক একো নালাগে। তাইযে পাৰ্কত বহি কেতিয়াবা নিজৰ প্রব্লেমবোৰ কৈ কৈ মোৰ কান্ধত মূৰটো পেলাই দিয়ে...তাতেই মোৰ সুখ। মোৰ হাত ধৰি, চুমা খাই কৰা প্ৰেম মোক কেলৈ লাগিছে।


লগা বস্তু মোৰ আন বহুতো আছে।

পকা চাকৰি এটাৰ কাৰণে মই বহুত দিনৰে পৰা চেষ্টা কৰি আছো। তিনি চাৰিটা টিউশ্যন কৰি...পাৰ্ট টাইম চাকৰি কৰি মই প্ৰাণপনে চেষ্টা কৰিছোঁ নিজকে প্রতিষ্ঠিত কৰিবলৈ। মাহৰ শেষত পোৱা পইচা কেইটাৰে নিজৰে নাটে....গুৱাহাটী মহানগৰীত মেচৰ ভাড়া দি নিজেই খাই বৈ বাচি থাকিবলৈ।গাঁৱত পেটে ভাতে খাই থকা বৌটিহঁতলৈ বহু দিন ধৰি পইচা এটকাও পঠিয়াব পৰা নাই। ভাইটোৱে কয়,
"ককাইটি... আমালৈ চিন্তা নকৰিবি। আমি খেতি-খোলাৰ যোগাৰেৰে চলি যাম। তই খালী নিজৰ কামখিনিত মন দে।"

মিছা কথা। যিকণ মাটি পিতায়ে থৈ গ'ল, সেইকণত খেতি কৰি খোৱাৰ পইচা নুজুটে। বাৰিষাৰ বানে চলোৱা উপদ্ৰৱত তাতে বৌটিহঁত আৰু জুৰুলা হৈ পৰে। তথাপিও ভাইটোৱে মোক সকাহ দিবলৈ অহৰহ চেষ্টা কৰি যায়।

কিবা এটা কৰিব পাৰিলে বৌটিহঁতৰ সুখ হ'ব। সাগৰিকাকো চিৰ দিনলৈ নিজৰ কৰি ল'ব পাৰিম।মিঠা মুখীয়া এই ছটফটিয়া ছোৱালীজনীৰ জ্যোতিয়ে আমাৰ ঘৰখন উজ্বলাই তুলিব। বৌটিৰ বুকু জুৰাব।


সাগৰিকাই প্ৰাইভেট স্কুল এখনত চাকৰি কৰি যি কেইটা দৰমহা পাই, তাইৰ ফুকলিয়া মনৰ চখবোৰ পূৰ কৰোতেই শেষ হয়। দেউতাকেও কেতিয়াবা পইচা পঠিয়াইহে দিয়ে। ময়ো মৰমতে তাইক মাজে মাজে ইটো সিটো দি থাকোঁ। তাই লয়। গালত টোল পেলাই হাঁহি দিয়ে, তাতেই মোৰ বুকুখন ভৰি যায়। জেপ খালী থাকিলেও নিজকে ধনী ধনী লাগে।


কম্পিটিটিভ পৰীক্ষাবোৰৰ বাবে মই সাজু হওঁ। সাগৰিকাই ইয়াৰ মাজতে দেউতাকৰ অসুখ বুলি ঘৰলৈ যায়। মই অশ্রুসিক্ত নয়নেৰে তাইক বাছত তুলি দিওঁ।
"স্বপ্নাভ, সদায় ফোন কৰিবা কিন্তু। আৰু ৰিচার্জটো ভৰাই দিবা হা।"

তাইৰ বাছখন যোৱাৰ বহু দেৰি পিছলৈকে পুলটোত মই বহি থাকোঁ। বাইকখনত তেল ভৰাবলৈ পইচা নাই। থকা কেইটা তাইকেই দি পঠিয়ালোঁ। ৰাতি বিয়লি হস্কিলে-মস্কিলে লাগিব পাৰে।

মেচৰ বন্ধু ৰঞ্জনলৈ ফোন লগাওঁ। সি লৈ যায়হি মোক।


ইয়াৰ পিছত পূৰা এসপ্তাহ সাগৰিকাৰ মোৰ লগত কোনো যোগাযোগ নাথাকে। মোৰ ফোন, মেছেজৰ উত্তৰ নাহে। মোৰ ধৰফৰণি লাগে। বুকুখন পোৰে।

শেষত তাইৰ ফোন অহাৰ দিনা মোৰ কলিজাটো ওলাই আহিব খোজে। নিজকে চম্ভালো।

"ভালে আছা?" মই সোধো।

"উম।" তাই কয়।

"দেউতা?"

"দেইটি ঠিকেই আছে এতিয়া। গেষ্ট্ৰিক হৈছিল।"

মই সকাহ পাওঁ। হওক তেও। ভগৱানে কৰিলে অহা বছৰলৈ মানুহজনক মই লগ পাম। মোৰ হ'ব লগীয়া শহুৰ, সাগৰিকাৰ দেইটি।

"তোমাক খবৰ এটা দিওঁ।" সাগৰিকাই থেৰো-গেৰো কৰে।

"কি খবৰ?" মোৰ উৎকন্ঠা।

"মোৰ বিয়া!" সাগৰিকাই আন্ধাৰ আন্ধাৰ মাতেৰে মোক ফৰমান শুনায়।

"কি?" মই আৰ্তনাদ কৰি উঠোঁ।

"কেতিয়া? কাৰ লগত? কিয়?"

মোৰ প্ৰশ্নবোৰৰ উত্তৰ নিদিয়ে তাই। কেৱল কৈ যায়,
"দেইটিৰ বন্ধুৰ ল'ৰা। দিল্লীত ইঞ্জিনীয়াৰ। ঘপকৈ বিয়াখন ঠিক হ'ল। ল'ৰাজন আহিছিল ইয়ালৈ... মোক পছন্দ হোৱাত বিয়া ঠিক কৰি পেলালে।"

"ঠিক কৰি পেলালে মানে? তুমি আপত্তি নকৰিলা কিয় সাগৰিকা?"
মই অবাক হৈছিলো। নিয়ম মতে তাই আস্ফালন কৰিব লাগিছিল। "নহওঁ বিয়া" বুলিব লাগিছিল।

"কেনেকৈ আপত্তি কৰিম স্বপ্নাভ? দেউতাৰ গাটো ইমান ঠিক নহয়। তাতে প্ৰতীক... মানে ল'ৰাটোক না কৰিবলগীয়া একোৱেই খুঁত নাই। মই কেনেকৈ না কম কোৱা?"

"কিন্তু আমাৰ কি হ'ব? সাগৰিকা....তুমি মোৰ কথা এবাৰো নাভাবিলা?" মোৰ হুক-হুকাই কান্দিবলৈ মন গৈছিল।

"স্বপ্নাভ, কি কৈছা তুমি? তোমাক মই কেৱল বন্ধু বুলিহে ভাবো। কেতিয়াও তোমাক মই কোনো কথাতো দিয়া নাই, দিছোঁ জানো?"

নাই দিয়া। সঁচা কথা। সাগৰিকাইতো মোক কোনো কথা দিয়া নাছিল।

"কিন্ত আমি পাৰ কৰা সময়বোৰ...মুহূৰ্তবোৰ... এইবোৰৰ কি কোনো অৰ্থ নাই?"

"প্লিজ..দৌন্ত বি চৌ ইমশ্যনেল। কিবা মুহূৰ্ত থাকিলেও কি লাভ কোৱা? তোমাৰ না আছে কোনো ফেমিলি ব্ৰেক-গ্ৰাউণ্ড, না কোনো ভাল জব। মই কি ভিত্তিত তোমাৰ কথা ক'ম দেইটিক?"

"কিন্ত অলপ সময়তো খুজিব পাৰা দেউতাক। বেছি নহয় আৰু মাত্ৰ এবছৰ। প্লিজ সাগৰিকা...." মই কাবৌ কৰিছিলোঁ।

"কি কৰিবা এবছৰত তুমি স্বপ্নাভ? অলীক সপোন দেখি লাভ নাই। এবছৰত তুমি প্ৰতীকক চেৰ পেলাব পাৰিবা জানো?"

উসঃ, ইমান নিষ্ঠুৰ তাইৰ কথা কেইটা। বুকুত শেল হৈ বহি গৈছে।

"মই চিভিল চাৰ্ভিছ ট্ৰাই কৰিছোঁ সাগৰিকা। ট্ৰাষ্ট মী, আই ৱিল ডু চামথিং।"

"থৈ দিয়া স্বপ্নাভ। আজিকালি কোনো বেকিং নোহোৱাকৈ, কোনো ঘোচ নিদিয়াকৈ তুমি চিভিল চাৰ্ভিছ কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰিবা। মিছাতে কিয় সপোন দেখিছা?"

"কিন্তু মই..."

"বাদ দিয়া স্বপ্নাভ। তোমাক দুখ দিব নিবিচাৰোঁ। কিন্তু যিমান পাৰা সোনকালে মোক পাহৰিবলৈ চেষ্টা কৰিবা।" সাগৰিকাই কৈ গৈছিল।

"প্লিজ সাগৰিকা এনেকৈ নক'বা। এবাৰ লগ কৰা মোক। তুমি আহা ইয়ালৈ...চব ঠিক হ'ব।" মই ডেছপাৰেট হৈ পৰিছিলোঁ।

"না না... তুমি বুজা নাই। মই যাম নেক্সত ৱিক গুৱাহাটীলৈ। তিনিমাহমান পিছত চাকৰি ৰিজাইন দি তাৰ পৰা গুচি আহিম। ছমাহ পিছত প্ৰতীক... মানে মোৰ হ'বলগীয়া হাজবেণ্ড অসমলৈ আহিব। বিয়াখন তেতিয়াই হ'ব। চব ফিক্সদ। এতিয়া আৰু লাভ নাই।"


লাভ নাছিলোঁ সঁচা। সেই ফোন কলটোৰ পিছৰে পৰা নিৰ্মম ভাবে সাগৰিকাই মোক এভইড কৰিছিল। খুব নিষ্ঠুৰ লাগিছিল তাইৰ এই উদাসীনতা। মোৰ বুকু ফাটি গৈছিল। প্ৰথম চোৱাত তাই মোৰ ফোনবোৰ ৰিচিভ কৰা নাছিল। অগণন পঠিওৱা মেচেজবোৰৰ কেতিয়াবা এটা দুটা শব্দত উত্তৰ দিছিল। পিছলৈ মেছেজ চাবলৈয়ো বাদ দিছিল। সকলো বন্ধ।

হয়তো মোৰ নেৰা-নেপেৰা লানি নিছিঙা মেছেজবোৰত তাই বিৰক্ত হৈছিল। হোৱাৰে কথা। বিফল, মৰ্মাহত প্ৰেমিক মই। হাতৰ মুঠিৰ পৰা ওলাই যাবলৈ ধৰা প্ৰেমিকাক ধৰি ৰাখিবলৈ অক্ষম।

শেষলৈ তাই মোক ব্লক কৰি দিছিল। ফেচবুক... ৱাতসএপ...কল-লিষ্ট...সকলোতে মোৰ প্ৰশ্নবোৰ প্ৰশ্ন হৈয়েই উভতি আহিছিল।

মোৰ বুকুখন ভাঙি চুৰ-মাৰ হৈ গৈছিল। উসঃ কি যন্ত্ৰণা। মেচৰ বন্ধু ৰঞ্জন মোক চম্ভালিছিল। মদ খাই মাতাল হ'বলৈ ধৰা মোক ধমক একোটা দি জোৰকৈ পঢ়া টেবুলত বহুৱাইছিল।


কম্পিটিটিভ পৰীক্ষাবোৰ দি উঠি মই গাঁৱলৈ বাট বুলিছিলো। সাগৰিকা ইতিমধ্যে হেনো গুৱাহাটীলৈ ঘূৰি আহিছিল। এবাৰো দেখা নকৰিলে তাই মোক। চহৰখনে মোক অমুৱাইছিল। বৌটিৰ কোলালৈ মনত পৰিছিল।


ঘৰলৈ যোৱাৰ দুদিন পিছতে মোলৈ ৰঞ্জনৰ ফোন আহিছিল।
"তোৰ UPSCত পঞ্চাছ নম্বৰত ৰেংকিং আহিছে দোষ্ট। কি সাংঘাতিক ৰিজাল্ট। ফালি দিলি ভাই... তই IAS পালি।"

মই কান্দিব পৰা নাছিলোঁ। বুকুখন অদ্ভুতভাবে পাতল পাতল লাগিছিল। ভাইটিয়ে আহি মোক সাৱট মাৰি ধৰিছিল।

সাগৰিকাক কোৱাই নহ'ল...মই যে সৰ্বভাৰতীয় পৰ্য্যায়ত চিভিল চাৰ্ভিছ ট্ৰাই কৰিছিলোঁ। মেৰিটৰ বলত মই মোৰ যোগ্য স্থান পালোঁ।

এতিয়া... অলীক সপোন দেখা মোৰ সপোনবোৰ ফলিয়াব।

বৌটিৰ আকাংক্ষা পূৰণ হ'ব....
ভাইটোৰ কষ্ট সাৰ্থক হ'ব...
আৰু মোৰ অপূৰ্ণ আশাবোৰ... মনটো বিহ্বল হৈ উঠিল।


গুৱাহাটীলৈ ঘূৰি অহাৰ দুদিনমান পিছত হঠাৎ ফোনত মেছেজ এটা আহিল। আন-নৌন নাম্বাৰ।

ইতিমধ্যেই মই কাগজে-পত্ৰই বিখ্যাত হৈ উঠিছিলোঁ। ইণ্টাৰভিউ লোৱা সাংবাদিকৰ ভিৰ লাগিছিলহি মোৰ উৰুখা মেচটোৰ দুৱাৰদলিত। প্ৰিন্ট মিডিয়া, চচিয়েল মিডিয়াত মোৰ নাম জিলিকি উঠিছিল। স্বপ্নাভ বৰা, AIR 50। মই ফেমাছ হৈ পৰিছিলো।

চৌপাশে "দৰিদ্ৰ শিক্ষকৰ সাফল্যৰ আঁৰৰ কাহিনী" বুলি আকাৰ লোৱা খবৰ বিয়পিছিল...সেই খবৰৰ নায়ক আছিলোঁ মই।


তাৰ পাছত এই মেছেজ। নতুন নম্বৰ।

মেছেজটো খুলি চাই মই থৰ লাগিলোঁ। সাগৰিকা। এটা দিনো মোৰ লগত কথা নপতাকৈ থাকিব নোৱাৰা ছোৱালীজনীয়ে মোক আজি সম্পূৰ্ণ চাৰি মাহৰ মূৰত মেছেজ কৰিছে। মই কঁপিছিলো।

"এইটো মোৰ নম্বৰ স্বপ্নাভ। ভাল খবৰটো কাগজত পালোঁ। মোৰ বিশ্বাসেই হোৱা নাই জানা। বহুত সুখী মই আজি। কংগ্ৰেটছ তোমালৈ।"

মই ৰিপ্লাই কৰিলোঁ,
"ঠেংক ইউ।"

তাই এইবাৰ ফোন কৰিলে। মই ধৰাৰ লগে লগে তাই কৈ উঠিল,
"এই চাৰি মাহে বহুত ভুগিলোঁ মই। তোমাৰ অবিহনে এটা এটা ক্ষণ কেনেকৈ কটাইছোঁ মইহে জানো।
তোমাৰ খবৰটো পায়েই মই দেউতাক জনাইছোঁ। কৈছোঁ বিয়া হলে স্বপ্নাভৰ লগতেই হ'ম। আনৰ লগত অসম্ভৱ।"

"কি? আমাৰ বিয়া?" মই স্তব্ধ হ'লো।

আমাৰ বিয়া....মোৰ অপূৰ্ণ আশা...সাগৰিকা... টোল পৰা গাল...দহা চকুযুৰি...

"উম। সোনকালে ইয়ালৈ আহা। এতিয়া আৰু কোনো বাধা নাই। দেউতাক কৈ মোক নিজৰ কৰি লোৱা স্বপ্নাভ।" তাই উৎফুল্লিত কণ্ঠৰে কৈ গৈছিল।

মোৰ চিন্তা শক্তি লোপ পাইছিল। চকুৰ আগত কেৱল ভাহি উঠিছিল সাগৰিকাৰ টোল পৰা গাল দুখন...দহা চকুযুৰি...আৰু তাৰ পাছত...তাৰ পাছত... দেখিছিলোঁ বৌটিৰ সোঁতোৰা পৰা শুকান মুখখন.. ভাইটোৰ চকুত মোক দিব খোজা সকাহখিনি....ৰঞ্জনৰ মুখত মোক দিয়া মৰমৰ ধমকটো।

সাগৰিকাই পুনৰ কৈ উঠিল,
"কি হ'ল? আচৰিত হৈছা ন?"

নাই হোৱা আচৰিত। আচৰিতভাবে এইটোৱেই বিধিৰ বিধান। মনতে ভাবিলো।


কলটো ডিছকানেক্ট কৰি মই সাগৰিকাৰ নম্বৰটো ব্লক কৰি দিলোঁ। লগে লগে পুৰণিটোৰ পৰা তাই ফোন কৰিলে...সেইটোও ব্লক কৰিলোঁ। মেছেজ আহিব ধৰিছিল। তাইক ৱাতসএপ...ফেচবুক চবতে ব্লক কৰি পেলালো।

ঠিক নাইতো। ব্যস্ত মানুহ মই, মিছাই জোৰ জুলুম কৰি থাকিব। তাইৰ অযথা প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়যে এতিয়া মোৰ নাই।


ৰঞ্জনলৈ ফোন লগালো। টিভি ইণ্টাৰভিউ এটা আছে। ইস্ত্রি কৰিবলৈ দিয়া চাৰ্টটোৰ লগত তাৰ কোনডাল টাই পিন্ধিলে মোক শুৱাব সেইটো ভাবি মই বিব্ৰত হ'লো। সদ্যহতে সেইটো প্ৰশ্নৰ উত্তৰ লাগে মোক। প্ৰেমৰ নহয়।
(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২১.০৯.২০২০

xxxxxxxxxxxxxx


Thursday, 3 September 2020

শিশু শ্ৰমিক



শিশু শ্ৰমিক

(কথাগল্প)

: ঐ ছোৱালী, তোৰ নামটো কমলী নহয় জানো?

: হয় দিয়ক বাইদেউ।

: তোৰ বয়স কিমান অ'?

: জানো পাই, তেৰ মান হৈছে হ'বলা।

: এওঁলোকৰ, মানে দ্বীপশিখা বৰুৱাহঁতৰ ঘৰত থকা তোৰ এবছৰমানেই হ'ল হ'পাই?

: জানো!

: এহ তইনো কি জান? ঘৰ ক'ত তোৰ?

: কেলৈ, এইখনেই আক'।

: নহয় অ, মাৰ-বাপেৰৰ ঘৰ কোনখন সুধিছো।

: অ, পদুমণি গাওঁ আক'।

: তোৰ ঘৰত কোন কোন আছেনো?

: আই, পিতাই আছে...ভাই দুটা... আৰু ভনী এজনী। অ' বাই দুজনীও আছিল, বিয়া দিলে। 

: তই ইয়াত আছহি যে?

: দাদা বাইদেউহতে লৈ আনিলে, গুচি আহিলোঁ।

: অ' নানিবনে একা, তোৰ নিচিনা কাজী ছোৱালী এজনী পাইছে...তোৰ বাইদেৱেৰেতো ভালেই পাইছে বোধহয়। হেৰি  নহয়, কি কি কৰ ইয়াত? চব কাম চাগৈ?

: অ', বাইদেউৰ লগে লগে চব কামেই কৰোঁ।

: ই, বাইদেৱেৰে কাম কৰে জানো? অনবৰতে চোন লিখা-পঢ়াই কৰি থাকে, দেখিছোঁ নহয়।

: আমাৰ বাইদেৱে কিতাপ লিখে নহয়...বহুত পঢ়া-শুনা কৰে...কিবা বোলে ৰিচাজ। 

: অ, থ হেৰৌ...ৰিচাৰ্চ। শুনচোন, বাইদেৱেৰে ঘৰৰ কাম নকৰে চাগৈ ন?

: ধেই, কিয় নকৰিব? বাইদেৱে বহুত কাম কৰে, দাদায়ো কৰে।

: তাকে ক। গিৰিয়েকক খটুৱায়। খিক খিক।

: বাইদেৱে কয় ঘৰৰ কাম সকলোৱেই লগে ভাগে কৰিব লাগে...দাদায়ো, বাইদেৱেও আৰু ময়ো। খালি ই ৰুবুৱে নকৰে, ডাঙৰ হ'লে সিয়ো কৰিব হেনো।

: হৈছে দে, তোক আনি ৰাখিছে, গেবাৰী খটুৱাবলৈ, কেঁচুৱা চাবলৈ...ঐ.. তই চব কাম কৰ ন?

: মই খালি ৰুবুৰ লগত বেছিকৈ খেলোহে। বাইদেৱে লিখা-পঢ়া কৰিলে ৰুবুক চাওঁ। মই ইয়াক খুব ভাল পাওঁ নহয়।

: দেখিছ...কেনেকৈ তোক...এই কোমল বয়সত.. গেবাৰী খটুৱাইছে এওঁলোকে? নেপায় নহয় শিশু-শ্ৰম কৰাব...তই হ'বলা নাজান?

: জানো পাই।

: তেন্তে, শুন। আমাৰ নাৰী সংগঠন আছে নহয়, বল তালৈ। মই তাৰ প্ৰেচিডেন্ট। তই কৈ দিবি তোক কি কি নিৰ্যাতন... মানে কষ্ট দিয়ে...আমি তোক ন্যায় দিয়াম।

: হেঃ কি কয়?

: অ'তো। এই কুমলীয়া বয়সত মাৰ-বাপেৰৰ বুকুৰ পৰা কাঢ়ি আনি বান্দী কৰি ৰাখিছে... লাজ নাই তেওঁলোকৰ...এডুকেটেড মানুহ হৈ শিশু শ্ৰম। চিহ চিহ।

: বন্দী কৰা নাই নহয়... মই নিজেহে আহিছোঁ।

: বন্দী নহয় অ বেঙী। বান্দী...মানে চাকৰনী। তোক ফ্ৰী-তে পাই চাকৰ পাতি... নিজে ফষ্টি মাৰি থাকে তোৰ শিখা বাইদেৱেৰে।

: কিয় তেনেকৈ ক'লে বাইদেউ? মোক আমাৰ বাইদেৱে কয় মই তেওঁৰ ভনীৰ নিচিনা।

: হেৰৌ ভনীয়েকক ঘৰৰ কাম কৰোৱাই নেকি কোনোবাই?

: কৰাইতো। বাইদেৱে কয় কামৰ সৰু-বৰ নাই, চবেই মিলি কৰিব লাগে। আৰু গাঁৱৰ ঘৰততো মই ইয়াতকে বেছি কামেই কৰিছিলোঁ। পিতাইৰ লগত খেতি-খোলাত সহায়... আইৰ লগত ঘৰ-গোহালি চম্ভালা...সৰু ভাই ভনীহতকো কেঁচুৱাৰ পৰা ডাঙৰ কৰিছোঁ।

: কিন্তু সেয়াতো তোৰ নিজৰ ঘৰ।

: এইখনো মোৰ নিজৰ ঘৰেই বাইদেউ। ইয়াত কাম কৰি ভাল লাগে। গাঁৱত চৰ কিল খাই ডাঙৰ হ'লো... বাই দুজনী আৰু মইটো কেতিয়াও ভালকৈ খাবলৈয়ো নেপাইছিলোঁ। ছোৱালীযে... কোনেও মৰম নকৰেই চোন।

: ইয়াত কৰে হ'বলা?

: কৰেতো। বাইদেৱে কৈছে ল'ৰা-ছোৱালী চব সমান।

: কৈছে হে। পিছে তোৰ কি হব? জীৱনটো লোকৰ ঘৰত খাবি? পঢ়া-শুনা নকৰ?

: গাঁৱত চোন স্কুলৰ পৰা নাম কটাইয়েই দিলে পিতাই খুড়াহতে। লুকাই চুৰকে গ'লেও মাৰে। স্কুললৈ গ'লে খাবলৈ পাইছিলোঁ... সেয়াও পিতাইহতে নিদিলে।

: বাৰু। পিছে নিজৰ মানুহ নিজৰেই। ঘৰৰ মানুহৰ মৰম পাবি নেকি ইয়াত?

: পাওঁতো। দাদা বাইদেৱে খুব মৰম কৰে। ঘৰৰ মৰম নেলাগে মোক। বাই দুজনী বাৰ তেৰ বছৰতে বিয়া দি উলিয়াই দিছে। ভিনিহি কেইটা বুঢ়া বুঢ়া, বদমাছ। বাইহতে কান্দি ভাত খায়। মইতো ফুৰ্তিত আছোঁ।

: হ'লেও, শিশু-শ্ৰম আইনমতে দণ্ডনীয়। তোৰ বাইদেৱেৰে জেলৰ ভাত খাব। তই ক'লেই হ'ল পুলিচক।

: ঔ আই, কিহলৈ নো কমগৈ। বাইদেউক মইহে জোৰ দিয়াত লৈ আহিছে। নহ'লে মোকো বিয়াই দি দিলে হয়। ইয়াত ভালে আছোঁ।

: গোটেই জীৱন বান্দী খাতিবি?

: বাইদেৱে মোক পঢ়াই নহয়...মই পঢ়াত অকণমান কেঁচাতো...কৈছে হাতৰ কামো শিকাই দিব...মোৰ কামত আহিব।

: দেখিলেহে লেখিম।

: লেখক তেহলে। অ বোপাই...বাইদেৱে লেখাৰ কাম দি থৈছিল...সোপাকে পৰি আছে। আপুনি ইমান কথা সুধিছে, পাহৰি গ'লো। যাওঁ দেইবা।

: অ' যা আৰু তেন্তে। ঐ ৰ'...শুনচোন। তোৰ ভনীজনী কিমান ডাঙৰনো? কাম কাজে তোৰ নিচিনা নে? মোৰ কঁকালৰ বিষ ঐ...লগতে মহিলা সমিতিৰ মেল মিটিং থাকেই। তাইক লৈ আনিলে আহিবনে বাৰু?

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
১৭.০১.২০২০

xxxxxxxxxxxxxx

Tuesday, 1 September 2020

কামৰ মূল্য



কামৰ মূল্য

(কথাগল্প)

: বৰুৱানী, আপোনাৰ ছোৱালীৰ বিয়া ঠিক হৈছিল যে, ভাঙিল বুলি শুনিলোঁ।  কি কথা? সঁচা নেকি?

: এস নক'ব আৰু। সেইঘৰক বোৱাৰী নহয়, ৰান্ধনীহে লাগে।

: তাতে কি হ'ল? ছোৱালীয়ে জানেই চোন ৰন্ধা-বঢ়া। ফেচবুকত তাইৰ ফটো দেখোঁ নহয়, আমাৰ মাইনাই দেখুৱাই মোক মাজে মাজে।

: জানোতে জানে, ভালেই ৰান্ধে তাই দেই। পিছে তাই আৰু ৰান্ধিবলৈকে বিয়া হ'ব নে? তেওঁলোকে ছোৱালীৰ ৰন্ধা-বঢ়াৰ খতিয়ান লৈছিল। কৈছিল তুমি আহি আমাক ভাল ভাল খানা খুৱাবাহি। কাম কৰা মানুহজনীয়ে হেনো ৰান্ধিব নাজানে বৰ এটা।

: আশা কৰিছে আৰু চাগৈ বোৱাৰীৰ হাতৰ খাবলৈ, নহয়নে?

: নহয় দেই। সুবিধা লৈছে, আমাৰ এই তাত গৈ কামে কাজে জুৰুলি-জুপুৰিজনী হওক। শাহু নথকা ঘৰ, ভাবিছিলোঁ সুখত খাব, এতিয়া দেখিছোঁ কামৰ বোজাতে মৰিব।

: হয় পিছে, কথাটো ভুল কোৱা নাই আপুনি।

: চাওঁকচোন দেই ইমান পঢ়াই-শুনাই আতোলতোলকৈ তাইক ডাঙৰ কৰিলোঁ, লোকৰ ঘৰত চৰু চম্ভালিবলৈকে নে? সেয়েহে নাকচ কৰি দিলো প্ৰস্তাৱটো। থাওকচোন আৰু অলপ দিন ঘৰতে তাই, চাকৰিটো আছেই যেতিয়া চিন্তা নাই।

: ভাল কামেই কৰিলে তেন্তে।

: ছোৱালীৰ কথা সদ্যহতে বাদ। এতিয়া আমি বাবাটোৰ বিয়াৰ কথাহে বেছিকৈ চিন্তা কৰি আছোঁ।

: হয় হয়, আপোনাৰ ল'ৰাৰো বিয়াৰ বয়স হৈছেই ন'?

: নাই, এতিয়াও তেনেকৈ বয়স হোৱা নাই। কিন্ত যোৱা দুবছৰে মুম্বাইত গৈ চাকৰি কৰি আছেগৈ যে সি। ফ্লেট এটা লৈ অকলে থাকে দেহি। চাকৰিয়েই কৰিব নে ভাতকে বনাব? সদায় ল'ন্দ্ৰীত কাপোৰ দিওঁতে দিওঁতে এসোপা মান খৰছ হয়। কামকৰা এজনী ৰাখিছিল, আইযৌ যিমানহে দৰমহা দিব লাগে সেইজনীক।

: অ, তাত চব বস্তুৰে বহুত দাম ন?

: অ'তো। খৰছতো খৰছ, বৰ কষ্ট হৈছে পোনাটোৰ। গতিকে এইবাৰ তাৰ বিয়াখনকে পাতি দিম, বোৱাৰীয়ে তাৰ ঘৰ চমজি ল'বগৈ আৰু। চাবচোন কামে-কাজে সুনিপুন ছোৱালীৰ খবৰ পাই নেকি কৰবাত? চাকৰি কৰিব পৰা হ'লে ভাল, তাত আকৌ বৰ খৰছ নহয়।


✍ © ৰূপালীম (বেংগালুৰু)
০৬.০৮.২০২০

xxxxxxxxxxxxxx


বিচ্ছেদ


বিচ্ছেদ

(কথাগল্প)

: বাসৱী, মই নোৱাৰিছোঁ আৰু বুজিছ। এৰি দিম মই। কিমান আৰু নিজৰ ইচ্ছাবোৰক মাৰি, নিজৰ ভাললগাবোৰক চেপি খুন্দি এনেকৈ জীয়াম?

: কি হ'ল, ভালকৈ ক'চোন?

: সদায় ৰাতি অতৃপ্ত দেহ-মন এটা লৈ মই টোপনি যাওঁ জান? মোৰ পছন্দৰ কি কোনো মূল্য নাই? মই ক্ষুধাৰ তাড়নাত বলিয়া হৈ গৈছোঁ তই জান?

: কথাবোৰ ইমান বিষম হৈছেগৈ নে? তোক দেখিলে চোন বহুত সুখী যেন লাগে ৰত্না!

: চেহেৰা চাই কি মনৰ সুখৰ উমান পাবি বাসৱী? প্ৰথমতে চব ঠিকেই আছিল। ভালেই লাগিছিল। কিন্তু যোৱা এবছৰে কেৱল সমাজৰ চকুত নিজকে ভাল দেখুৱাবৰ বাবেই মই অনিচ্ছা স্বত্বেও এইখন চলাই আছোঁ। এৰি দিম। নোৱাৰো আৰু টানিব।

: ভিনদেউৰ ঘৰৰ মানুহে দিব নে? তোৰ মাহঁতে মানি ল'ব নে?

: চা ভাই জীৱনটো মোৰ। এটাই লাইফ। তেওঁলোকতো ভুক্তভুগী নহয়। তেওঁলোকে খাই-বৈ সুখত আছে। মোৰহে দিনটো অশান্তি, ৰাতিটো নাযায় নুপুৱাই। এনেকুৱাকৈ কি লাভ ক'? মনৰ শান্তিহে আচল।

: মই ক'ম তই ভিনদেউৰ লগত খোলা খুলি এবাৰ আলোচনা কৰ কথাটো।

: কি আৰু আলোচনা কৰিবি? ভিনিহিয়েৰে চব মোৰ ওপৰতে এৰি দিছে। কৈছে তোমাৰ সুখ য'তে সেইটোৱেই কৰা।

: তেন্তে ডিভৰ্ছৰ আবেদন তই দিবি নে ভিনদেৱে?

: ডিভৰ্ছৰ? পগলা হলি নেকি? কিহলৈ ডিভৰ্ছ দিম মানুহটোক মই?

: কেলৈ তই যে ক'লি তই ভিনদেউৰ লগত সুখী নহয় বুলি?

: মৰতী। ভিনিহিয়েৰৰ কথা কোৱা নাছিলোঁ মই।

: তেন্তে কাৰ কথা ক'লি ইমানপৰে হয়নে?

 : ডায়েট, ডায়েটৰ কথা কৈছিলো আঁকৰি। কিয় যোৱা এবছৰে মই অঞ্জলি মুখাৰ্জীৰ ষ্ট্ৰিক্ট ডায়েটত থকা নাই জানো?


✍ © ৰূপালীম (বেংগালুৰু)
২৯.০৭.২০২০

xxxxxxxxxxxxxx

প্ৰত্যুত্তৰ



প্ৰত্যুত্তৰ

(এক মিনিটৰ গল্প)


আজি প্ৰাপ্তিৰ পঞ্চামৃত। গোটেই ঘৰ উদুলি মুদুলি। একে চহৰতে থকা মাক বৌয়েকহঁতো আহি পাইছেহি। মাকে পঞ্চামৃত খুৱাই দিয়াৰ পাছত সমজুৱাকৈ আশীৰ্বাদ দিওঁতে চুবুৰীৰে সাৰদা বৰমাই বোলে,

"আশীৰ্বাদ কৰিছোঁ আই, লাড়ুৱা গোপাল হেন ল'ৰা পোৱালী এটা পোৱা যেন।"


প্ৰাপ্তিৰ নন্দেক মামলীয়ে টপককৈ মাত লগালে,
"বৰমা, ল'ৰাৰ আশীৰ্বাদহে দিলে যে, ছোৱালীৰো দিয়ক আক।"


"নহয় অ, প্ৰথমটো ল'ৰাহে হ'ব লাগে, তেতিয়া পিছৰটোলৈ চিন্তা নাই, যি হয় হৈ থাকিব।"

তেওঁৰ কথাত হয়ভৰ দি কাষৰ মানুহ দুগৰাকীয়ে কৈ উঠিল,
"হয় হয়, গোসাঁইক সদায় ল'ৰা হে খুজিব লাগে, ছোৱালী নোখোজে পায়।"
"আমাৰ ঘৰত ছোৱালী ফুকালেই আইতাই নাক কোচাই দিছিল, অতীজৰে পৰা দেখিছোঁ নিয়ম এইটোৱেই, ল'ৰা পোৱাৰ আশীৰ্বাদহে দিব লাগে।"


প্ৰাপ্তি ক্ষুণ্ণ হল। কিন্তু একো নকলে। তাইৰ লগতে গোটেই ঘৰখনে এটা সুস্থ সন্তানহে বিচাৰে,  সি ল'ৰাই হওক বা ছোৱালীয়েও হওক।


লুচী-তৰকাৰীৰ প্লেট মামলীয়ে সকলোকে বিলাই দিয়াৰ পাছত সাৰদা বৰমাই হঠাৎ চিৎকাৰ কৰি উঠিল,
"ঐ মামলী এইখন মোক ফুটা প্লেট দিলিচোন, গোটেই জোল পৰিব এতিয়া।"

"হয় অ', চাচোন মোৰখনো চোন ফুটা।"
"মোৰ পেপাৰ প্লেটখনতো ফুটা হেৰৌ। তহঁতক দোকানীয়ে ঠগিলে, ফুটা প্লেটহে বিকিলে।"

মানুহ তিনিজনীয়ে ৰগৰ কৰি উঠিল।

বাকী মানুহ নিশ্চুপ। তেওঁলোকৰ প্লেটত ফুটা নাই চোন। কি কথা।


মামলীয়ে সমুখত ৰৈ উত্তৰ দিলে,
"নহয় বৰমা আপোনালোকৰ প্লেট কেইখন মই হে খুচি খুচি ফুটা কৰি দিছোঁ।"


মানুহকেইজনী অবাক হ'ল। প্ৰশ্নবোধক দৃষ্টিৰে চবেই মামলীলৈ চাই ৰ'ল।

"কেলৈ নো ফুটা কৰিলি?" সাৰদা বৰমাই লাহেকৈ সুধিলে।

"কাৰণ আপোনালোকে যিখন প্লেটত খায় সেইখনকে ফুটা কৰা মানুহ। নিজে নাৰী হৈয়ো, কেৱল ল'ৰা পাবলৈ আশীৰ্বাদ দিয়ে। আৰু তাকে লৈ গৰ্বও কৰে, ফুৰ্তিও। গতিকে আপোনালোকৰ কষ্ট কম কৰিবলৈকে মই পাতকেইখন আগতীয়াকৈয়ে ফুটা কৰি দিছোঁ।'


মানুহকেইজনী এইবাৰ হতভম্ব হ'ল।

অত্যুৎসাহেৰে কথাখিনি কৈ ঘামি যোৱা মুখখন মচি মামলীয়ে হাঁহি হাঁহি কৈ উঠিল,
"এনেকুৱা মানুহকে মই কওঁ খাই পাত ফলা।"


(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৮.০৭.২০২০

xxxxxxxxxxxxxx


ভাগৰ



ভাগৰ
(কথাগল্প)

: হেৰা আজি দিনটো বহুত ঘূৰা-ফিৰা খোৱা-বোৱা হ'ল ন'? ৰাতিলৈ চিমপুল কিবা এটা বনাবা হা, পেটটো গেৰেউ গেঠেউ লাগি আছে।

: ও ময়ো ক'ম বুলিয়েই ভাবিছিলো। বহুত ভাগৰ লাগিছে জানা। খিছিৰিকে বঢ়াই দিওঁ ন' অকণমাণ?

: এ মজ্জা। বঢ়িয়া হ'ব।

: মোৰো কাম কমিব, খানাটোও লঘু হ'ব।

: শুনা শুনা , খিছিৰিটো নহয় সৰহকৈ পিয়াজ দি বনাবা বুজিছা, মগু নিদিবা, মছুৰ দালি বেছিকৈ দি বনাবা। ডাঙৰ ডাঙৰ কৈ ফুলকবি, গাজৰ, আলু কাটি দিবা হা। আৰু ওপৰত গৰু ঘিঁউ ঢালি....আস!

: হ'ব দিয়া, চিমপুল খাবা বোলে...

: আৰে তাকেইতো। শুনা না, লগত বেচন লেটিয়াই মচমচিয়া বেঙেনা ফ্ৰাই কৰিবা দেই, আফুগুটি দি যে মায়ে কৰে। আৰু সৰু আলু গুটি আছে নহয়? ভাজি দিবা। তেল অকণ বেছি দি যে..

: কিন্তু...

: নহয় শুনা না, নহ'লে নিমিলিব নহয় খানাটো.... জমিব লাগিব না....

: হয় হয়....আৰু কিবা?

: নাই, হৈ যাব। অ' ইয়েছ বিলাহী টক। টকটো মাষ্ট, এণ্ড পাপৰ সেকি দিবা। একদম মিলি যাব। আৰু কাঁহীৰ কিনাৰত এটা এটা গোটা ডিম বইল কৰি যে ৰঙচুৱাকে ভাঁজে। সেইটো হ'লে আৰু একো নালাগে।

: হে প্ৰভু, ইমানবোৰ আইটেম...

: কতনো বেছি, মা থকা হ'লে লাব্রাখনো বনাই দিলে হয়, পিছে তোমাৰ ভাগৰ লাগিছেতো, নবনালেও হ'ব দিয়া।

: কিহৰ ভাগৰ আৰু, যিখনহে লিষ্ট গাইছা। আজিযে সৰস্বতী পূজা পাতিছা ঘৰত মোক ক'বতো লাগিছিল।

: হেই খং কিয় কৰিছা? খিছিৰিহে। পুতুককে হৈয়েই যাব দেখোন। আমাৰ মায়ে চোন..

: হ'ব হ'ব, এতিয়া সেই "আমাৰ মা" পুৰাণ থোৱা। কেতিয়াবা নিজে ৰান্ধি পাইছা নে কিবা এটা?

: নাৰান্ধিলে কি হ'ব, তোমাক খানাৰ আইডিয়া, মেনু চব মজুত কৰি হেল্প কৰি দিওঁতো।

: হেল্প নহয়, ফৰ্মাইছ দিয়া। এতিয়া পাকঘৰ আহা, মোক পাচলি কাটি দিয়া।

: এহ... মোৰ বৰ ভাগৰ লাগিছে অ, তুমি লাহে ধীৰে বহাই দিয়ানা, আজিতো চিমপুল খানাচোন, অকলেই পাৰিবা, নহয় জানো?

: হুম। নোৱাৰিলে হ'ব নে?

: ক'ত যোৱা? শুনা..

: যাওঁ, তোমাৰ ভোজ ৰান্ধোঁগৈ।

: অ, তাৰ আগতে আদা দি ভালকৈ চাহ একাপ দি যাবানে? ইমান ভাগৰ লাগিছে...

: প্ৰভু ইচ্চৰহে বুলিলোঁ। কিয় যে আজি ওলাই গৈছিলোঁ!

✍ © ৰূপালীম (বেংগালুৰু)
২৫.০৫.২০২০

xxxxxxxxxxxxxx

আন-কনভেনশ্যনেল



আন-কনভেনশ্যনেল

(কথাগল্প)

: ইমান ভাল পাৰ্চেনটেজ পাইছা, নিশ্চয় কটনত চাইন্স পঢ়িবা, নহয় জানো?


: নহয় বৰতা। মই আৰ্টচতহে ভৰ্তি হ'ম।


: হে:? আজিকালিৰ চোকা ছোৱালী, আজব কাণ্ড।


: চোকা হ'লেই কি চায়েন্স পঢ়িব লাগে নেকি?


: নহয়, নালাগে। অৱশ্যে আজিকালি আৰ্টচতো বহুত স্ক'প, ভৱিষ্যতে চিভিল চাৰ্ভিচ ট্ৰাই কৰিব পৰিবা।


: চিভিল চাৰ্ভিচ নহয়, মই আগলৈ জামিয়া মিলিয়াৰ পৰা মাচ-কমিওনিকেশ্যন পঢ়ি সাংবাদিকতা কৰিব খোজোঁ।


: কি কোৱাহে, ইমান ব্ৰিলিয়েন্ট ছোৱালী শেষলৈ সাংবাদিকহে হ'বানে? ভাল চাকৰি এটা কৰি গজগজিয়া হোৱাৰ হে কথা।


: বৰতা...সকলো ব্ৰিলিয়েন্ট ল'ৰা-ছোৱালীয়েই যদি ডাক্তৰ, ইঞ্জিনীয়াৰ বা চৰকাৰী বিষয়া হয় আৰু এভাৰেজ বা বিল' এভাৰেজবোৰেহে সাংবাদিকতা বা লিখা মেলাৰ প্ৰফেশ্যনত যায়, তেন্তে এই কামবোৰ সদায় বিল' এভাৰেজ হৈ থাকিব।


: চোকা মানুহে এচেনচিয়েল কামবোৰ কৰিলে ভাল।


: হয় বৰতা। কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ...মিডিয়া...এই ক্ষেত্ৰটো আজি যুগত এচেনচিয়েল চাৰ্ভিচ। ইয়াতো ব্ৰিলিয়েন্স থকাৰ দৰকাৰ।


: হওঁতে ঠিকেই কৈছা।


: আৰু সেইদিনা আপুনিয়েই কোৱা নাছিল জানো, আজিকালি সংবাদ মাধ্যমৰ মানদণ্ড তেনেই তললৈ নামিছে, তেন্তে ব্ৰিলিয়েন্সৰ প্ৰয়োজন এইটো ফিল্ডত নাই জানো?


: হ'লেও.... মানিলোঁ তুমি চোকা ছোৱালী....ভাল সাংবাদিক হ'বা, পিছে ধন ঘটিব পাৰিবা জানো?


: ধন ঘটাতোৱেই মূল উদ্দেশ্য হোৱা উচিত জানো বৰতা? চলি যাব পৰাকৈ নিজৰ ভাল লগা, নিজৰ দক্ষতা থকা কিবা এটা কৰিলে নহয় নে?


: মানিলোঁ বাৰু যুক্তিৰ খাতিৰত। কিন্তু তুমি ছোৱালী মানুহ...বিয়া বাৰুৰ কথা আছে.....ভৱিষ্যতে পাৰিবানে সাংবাদিকতা চলাই যাব?


: কিয় নোৱাৰিম? আজি কালি ছোৱালীয়ে কেঁচুৱা বুকুত বান্ধি পাৰ্লিয়েমেণ্ট পাইছেগৈ, মই সাহস বান্ধি নিজৰ কামকণ কৰিব নোৱাৰিমনে?


: বেছ সাহসী ছোৱালী, তেন্তে আৰ্টচেই পঢ়িবা, খাটাং?


: খাটাং।


: অংকত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পায়ো?


: হয় বর্তা, অংকত ভাল মই, গতিকে জীৱন আৰু কেৰিয়াৰৰ অংকটো ঠিকেই মিলাই ল'ম। আশীৰ্বাদ কৰিব।
(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৮.০৪.২০২০

xxxxxxxxxxx


সন্মান



সন্মান

(এক মিনিটৰ গল্প)

মাঘ বিহুৰ উৰুকাৰ দিনা ক্লাছ ফ্রেণ্ড মিহিৰৰ লগত নৈৰ পাৰত বহি খিলখিলাই হাঁহি থকা মাইনীক চোঁচোৰাই ঘৰলৈ লৈ আহিছিল ককায়েক তনুজে।

"নাইনত উঠিয়েই প্ৰেম কৰিবৰ হ'ল তোৰ, লাজ মান পুৰি খালি..." বুলি মাকে লগে লগে দুচৰ শোধাই দিছিল তাইৰ নিমজ গালত।

"চৌধুৰী বংশৰ সন্মান মাটিত মিলি গ'ল।"

"সৰু ছোৱালী তই, নিজৰ ভাল-বেয়া নুবুজিবি এতিয়াই..." বুলি দেউতাক আৰু আইতাকেও সমানে উজান দিওঁতে মাইনীয়ে হুকহুকাই কান্দি পেলাইছিল।

ককায়েকে দম্ভালি মাৰিছিল,

"মিহিৰক মাৰি পুতি পেলাম মই, চিনি পোৱা নাই সি কোনখন ঘৰৰ ছোৱালীক চকু দিছে।"


মাইনীয়ে ভয় খাইছিল যথেষ্ট।

তথাপিও সকলোৰে আদৰৰ নুমলীয়া তাইক পৰিয়ালৰ মানুহে ভালৰ বাবেই দুটা কথা শুনাইছে বুলি নিজকে বুজাইছিল। তাই সৰু, ঘৰৰ সন্মানৰ কথা তাই কিডাল বুজিব, ঘৰৰ মানুহে ঠিকেই কৈছে চাগৈ বুলি তাই চকুপানী মোহাৰি পেলাইছিল।


কিন্তু বেচেৰীৰ স্বপ্নভংগ হ'ল সেইদিনা, যিদিনা প্ৰতিপত্তিশীল সম্বন্ধীয় খুড়ায়েকে তাইক পৰিয়ালৰ অগোচৰে জোৰ জবৰদস্তি গবা মাৰি ধৰি চুমা খাবলৈ উদ্যত হৈ, তাইৰ কুমলীয়া শৰীৰটোক চেপি খুন্দি পেলালে।

খুড়ায়েকৰ কবলৰ পৰা আতুৰত ওলাই, উফৰি যোৱাদি গৈ মাইনী মাকৰ বুকুৰ মাজত সোমালগৈ। উচুপি উচুপি মাকক সকলো খুলি কওঁতে, মাকে একে আষাৰে "মনে মনে থাক, ইমানজনী হলি, এইবোৰ হৈয়েই থাকে, কৈ ফুৰিলে তোৰেই বদনাম হব..." বুলি তাইক চোন ধমকিয়ালেহে। আইতাকেও পিছফালৰ পৰা কথাবোৰ শুনি খুড়াকৰ পৰা সাৱধানে থাকি ভৱিষ্যতে নিজৰ লাজ মান বচাই চলিবলৈ সকীয়নী দিলে।

ঘৰখনৰ সন্মানৰ কথা আছে।


বহাগ বিহু বুলি অহা খুড়ায়েকৰ লগত পিছদিনা সগৌৰৱে জা-জলপান খাই মচগুল হৈ থকা ঘৰৰ মানুহখিনিক দেখি মাইনীৰ এইবাৰ কান্দোন ওলোৱা নাছিল। নিজৰ মানুহৰ আচল চেহেৰা দেখা পাই শোকে খুন্দা মাৰি ধৰিলেও, "নাকান্দো মই" বুলি তাইৰ ওঁঠেৰে তাচ্ছিল্যৰ হাঁহি এটাহে বিৰিঙি গ'ল।

ঘৰৰ সন্মানৰ তুলনাত তাইৰ সন্মান যে তুচ্ছ এই কথা তাই ভালকৈয়ে বুজি পালে।

ক্লাছ নাইনৰ মাইনী সঁচাই ডাঙৰ হৈ উঠিল।
(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
১৩.০৪.২০২০

xxxxxxxxxxxxxx


অল্ড-ফেশ্যন্দ


অল্ড-ফেশ্যন্দ

(এক মিনিটৰ গল্প)

"অ' চেনাই মই যাওঁ দেই...
অ' বিহুতে আহিমগৈ...
এতিয়া গাই যাওঁ গীত..."

নবাগত আদৰণি সভাৰ দিনা নীহাৰিকাই সুললিত কন্ঠৰে এই গীত গাই সকলোকে মুহিছিল, শিক্ষাগুৰুসকলৰো চকুপানী ওলাইছিল।

পিছে সহপাঠীৰ মাজৰ কেইটামান ল'ৰা-ছোৱালীয়ে তৎক্ষণাত সিদ্ধান্ত লৈ পেলাইছিল যে নীহাৰিকা পুৰণিকলিয়া, বেহেনজি-টাইপ। সেয়েহে আজিৰ যুগৰ হৈয়ো অল্ড-ফেশ্যন্দ অসমীয়া গানবোৰ গাইছে । ভিতৰি তাইক গাঁৱলীয়া, বেঙি বুলি সিহঁতকেইটাই খুব হাঁহিলেও।

পিছে সকলোৰে মুখ বন্ধ হৈ গ'ল আজি, যেতিয়া ষ্টুডেন্ট এক্সচেঞ্জ প্ৰগ্ৰেমত অহা আমেৰিকান ইউনিভাৰ্চিটিৰ দলটোৰ সৈতে নীহাৰিকাই অকণো সংকোচ নোহোৱাকৈ সলসলীয়া ইংৰাজীত বাৰ্তালাপ কৰিলে। লগতে প্ৰগ্ৰেমৰ সকলো কাৰ্যভাৰৰ দায়িত্ব মূৰ পাতি ল'লে, আৰু সুদক্ষভাবে আৰু সুচাৰুৰূপে অনুষ্ঠান পৰিচালনা কৰি সকলোৰে বাহঃ বাহঃ বুটলিলে।

অথচ ফৰেইনাৰৰ লগত কেনেকৈ কথা পাতিম বুলি লাজে সংকোচে এচুকত থুপ খাই থাকিল তাইকেই উপলুঙা কৰা সেই সহপাঠীৰ গ্ৰুপটো।

সাধাৰণ বোৱা চাদৰ-মেখেলা পিন্ধি থকা মোহনীয় নীহাৰিকা যে আচলতে সৰুৰে পৰা ইংৰাজী মাধ্যমত পঢ়ি অহা চহৰীয়া ছোৱালী, সেই কথা জানিব পাৰি সকলো অবাক হ'ল।

প্ৰতিভাবান নীহাৰিকাৰ সৰলতাই সকলোকে আকৌ এবাৰ মুহিলে।
(সমাপ্ত)

✍ © ৰূপালীম (বেংগালুৰু)
২৮.০২.২০২০

xxxxxxxxxxxxxx

নাৰীবাদী



নাৰীবাদী

(কথাগল্প)

: অ' বৰুৱানী নহয় নে? বোলো ক'ৰ পৰা আহিলনো এই গধূলিখন?

: ও দত্তনী, মই এই গণেশগুৰিৰ পৰা আহিলোঁ ৰ'ব, ঘৰত পিন্ধা মেক্সি গোটেইকেইটা ফিচিকি গ'ল কবপাই, তাকে দুটামান কিনি আনিলোঁ বাপ্পেকে, কিনো কৰিছে পদূলি মুখতে হয়নে?

: এহ, মই চাইছিলোহে, কাৰেণ্ট নাই...টিভিটোও চলাব পৰা নাই...অকণমান মুকলিলৈ ওলাই আহিছোঁ। কালি আকৌ ৰাতি কালচাৰেল প্ৰগ্ৰেম চাই দেৰিকৈ ঘৰ সোমালোহি, টোপনিৰ আল জাল মৰাই নাই।

: অ' কালি আমাৰ নৱ জাগৰণ মহিলা সমিটিৰ মিটিং আৰু প্ৰগ্ৰেম ভাল হৈছিল নহয়নে?

: হয়তো, নহ'ব নে...ইমান ভাল ভাল মানুহে বক্তৃতা দিছে...পাৰফৰ্ম কৰিছে।

: মালিনী বাইদেউৰ ভাষণটো বেছ ভাল লাগিল কিন্তু।

: মোৰো, ইমান সুন্দৰ কথা ক'লে, আমি আজিৰ নাৰী হৈ কেনেকুৱা মানসিকতা ৰাখিব লাগে...নাৰীবাদী হ'ব লাগে..

: তাকেই, পিছে 'মেণ্টেল' হ'বলৈ মানা কৰিলে যে, সেইটো হে নুবুজিলোঁ।

: হেঃ হেঃ মানুহ মাৰিব দেও আপুনি, মেণ্টেল নহয়, জাজমেণ্টেল।

: মানে?

: মানে ধৰক আমি যে নাৰী হৈ ইজনী নাৰীৰ দোষ ধৰোঁ, বুজিবলৈ চেষ্টা নকৰাকৈ, ফতকৈ বেয়াকৈ কৈ পেলাওঁ...

: ক'তনো বেয়া কৈ কওঁ?

: কেলৈ, সমালোচনাবোৰ কৰোঁ যে? আমাৰ ৰিংকুৱে ক'বৰ নিচিনা মাহঁতে পি-এন-পি-চি কৰি ইমান ভাল পায়।

: উৱা, সেইটোনো কি হয়নে? খাই নে চোলা কাণত পিন্ধে?

: পৰ নিন্দা পৰ চৰ্চা, চমুকৈ পি-এন-পি-চি আকৌ।

: ক'তনো কৰোঁ, ভুল দেখিলেতো ক'মেই দিয়কচোন।

: নহয় নহয়... আমি বহুত সময়ত সিটো পক্ষৰ কথাবোৰ ফঁহিয়াই নোচোৱাকৈয়ে যি টি কমেণ্ট দি নিদিওঁ জানো... অমুকে অমুকহে কৰিলে, তমুকে তমুকহে নকৰিলে।

: অ'... সেইটো হয় অৱশ্যে।

: এই যে কিছুমান মহিলাই নতুন মাতৃবোৰক জাজ কৰে...

: কি জাজ কৰেনো? জাঁজ মৰাৰ কথা কৈছে নি?

: নহয় অ' আপুনিও যে এজনী! মানে, আমি নকওঁ জানো...অমুকে পুতেকক বটলৰ গাখীৰহে খুৱালে... অমুকে ডাইপাৰহে পিন্ধালে...ক'লা ফোঁট নিদিলে... ইত্যাদিবোৰ।

: ও হয় হয়, আমাৰ মাইনীৰ নন্দেকৰ কেঁচুৱা হওঁতে তাইক মই কৈছিলোঁ নহয় বোলো এইবোৰ কেলৈ কৰিছে ননন্দৰে, ক'বপাই, মাইনীয়েতো মোক দমদমাই উঠিল। বোলে মা....তই এইবোৰ কৈ নেথাকিবি...মাকজনীয়েহে জানে...কি কষ্ট হৈছে।

: ঠিকেইতো। নতুন মাক এজনীয়ে কি পৰিস্থিতিত কেনেকৈ নিজৰ সন্তান তোলে সেইটো তেওঁৰ কথা, আমি মাতিব নেপাই নহয়।

: অ' মালিনী বাইদেৱেতো কৈছেই আমি নতুন মাকবোৰক ৰেহাই দিব লাগে, পাৰিলে সহায় কৰিব লাগে, নোৱাৰিলে চৰ্চা কৰিব নেপায়।

: কেৱল নতুন মাতৃ নহয়, যি কোনো নাৰীকেই আমি এনেকৈ কমেণ্ট দিব নেলাগে, কোনে কি পৰিস্থিতিৰ দাস হৈ কি কৰিছে নুবুজাকৈ চৰ্চা কৰা অনুচিত।

: তাকেতো, আৰু কি কৈছিল বাইদেৱে, তেনে কৰিলেহে আমি কি হ'ম জানো....মোৰ পাই মনতেই নৰয় কথাবোৰ।

: প্ৰকৃততে আধুনিক মনৰ নাৰী হ'ব পাৰিম...নাৰীবাদী হ'ব পাৰিম।

: হয় দেই, আমাৰ মাইনীয়েও মোক কৈ থাকে...মা অকণমান মডাৰ্ণ হ'চোন...সেইকাৰণে আজি কালি মেক্সিকে পিন্ধো বুইছে।

: কেৱল সাজ-পোছাক নহয়, মানসিকতা সলনি কৰিব লাগিব আমি।

: ঠিক ঠিক।

: অন্য নাৰীৰ দুখ কষ্ট বুজি পাব পাৰিব লাগিব।

: হয় দেই।

: মই কিন্তু আজিকালি এনেকুৱাই বুজিছে। আলটু ফালটু কথা নেপাতো। ইহঁতৰ বাপেকে আকৌ মোক কৈছেই বোলে তৃপ্তি... তুমি বেছ আধুনিক হৈ পৰিছা।

: হেহে হয়নে? দত্তই হ'বলা আপোনাক শলাগিছে?

: এনেই আৰু কৈছে। ঔ আই ...সেইজনী কলিতানীৰ বোৱাৰীয়েক নহয় নে?

: অ'....দেখাততো লাগিছে...হয়...হয়...তাইয়ে, মুগ্ধা। পিছে এই কানি মুনি আন্ধাৰখনত তাই ক'ৰ পৰা আহিছে হয়নে?

: কেলে তাই চাকৰি কৰে নহয় আজিকালি, আপুনি হ'বলা নাজানে?

: কি কয়? কেতিয়া সোমাল চাকৰিত?

: কেলে পৰশ ঢুকুৱাৰ পিছত তাৰ বেংকৰ চাকৰিটো তায়েই পালে নহয়, কোৱালিফাইড হেনো তাই।

: কিন্তু তাইৰ যে কেঁচুৱাটো? মানে কলিতানীৰ নাতিটো নাই জানো? তাক কোনে চাই?

: কলিতানীয়ে চাই আক। মই বোলো ঘৰৰ বোৱাৰী এতিয়া বাহিৰত পিতপিতাই ফুৰে...বুঢ়ীমাকে এমা ডিমা নাতিয়েকক চায়...বটলৰ গাখীৰ খুৱায়...চম্ভালে।

: বৰ অশুভনীয় দেও।

: তাকেইতো। আমাৰ পাৰাটোৰ মান ইজ্জত খালে আৰু এই। বছৰটো ঘূৰিব নেপালেই, বিধবা হৈয়ো এতিয়া ৰং বৰণ লেপি চাকৰিলৈ গৈছে চাওক।

: নহয়...যাওক বাৰু...কৰক চাকৰি বাকৰি। অলপ দিন ৰৈ দিব লাগিছিল...কেঁচুৱাটোও সৰু...ছমাহমান হৈছে হে?

: কলিতানীজনীয়েওনো কমখন সন্তাপ পাইছেনে? এই বয়সত ডেকা পুতেকটো গ'লগৈ। ক'ত আৰু বোৱাৰীয়ে শুশ্ৰূষা কৰিব, নিজেই এতিয়া কেঁচুৱা তুলিবলগীয়া হৈছে।

: তাকেইতো, কলিতানীলৈ দুখেই লাগিল।

: মহিলা সমিতিত উলিয়াম ৰ'ব কথাটো। নাৰী হৈ নাৰীৰ দুখ নুবুজিলে কেনেকৈ হ'ব? কলিতানীৰ দুখ বুজিবই লাগিব আমি।

: তেহে কি বোলে এদামেণ্টেল নহ'ম, নহয়নে?

: হয়, নাৰীবাদী হ'ম।
(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২২.০২.২০২০

অধিকাৰ




অধিকাৰ
(এক মিনিটৰ গল্প)


"ইমান ভাল ল'ৰাটো কিয় ৰিজেক্ট কৰিলি নমি, আমি হ'লে থপিয়াই লোৱাদি ললোঁ হয় পাই।"

আধ্যৱন্ত পৰিয়ালৰ সুন্দৰ ইঞ্জিনিয়াৰ দৰা ৰাহুলৰ প্ৰস্তাৱ নমি ওৰফে নিৰ্মিতাই নাকচ কৰাৰ কথা তাইৰ বান্ধৱী প্ৰীতিয়ে কোনোপধ্যেই হজম কৰিব পৰা নাই। 

"তেওঁলোকৰ বংশত বোৱাৰীয়ে চাকৰি নকৰে বোলে। ইমান ধন-সম্পত্তি যে সাতপুৰুষ বহি খালেও নুধুকাই, গতিকে বোৱাৰীয়ে ঘটি নুখুৱালেও হ'ব বোলে।"

"অহ! আৰু তইতো বহুত কেৰিয়াৰিষ্ট। বুজিছোঁ। পিছে ৰাহুলক বুজাই নক'লি কিয়?"

"কৈছিলোঁ। মোৰ বাবে মোৰ পঢ়া-শুনা, কেৰিয়াৰ হ'ল মোৰ আইডেনটিটি।"

"তেতিয়া, ৰাহুলে কি ক'লে?"

"ঘৰত মাকহঁতক খুব বুজালে। কৈছে মোক অনুমতি দিব  হেনো চাকৰি কৰিবলৈ। প্ৰথমবাৰ, কেৱল ৰাহুলৰ মুখলৈ চাই মোক হেনো এই পাৰ্মিশ্যন দিব।"

"আৰে, এইটোতো বহুত ভাল কথা নমি। তাৰ পাছতো তই কিয় নাকচ কৰিলি তাক? তোৰ কি মাথাত গোবৰ আছে?" 

প্ৰীতিৰ আক্ষেপৰ শেষ নাই।

"মাথাত কি আছে নাজানো, কিন্তু কলিজাত আত্মসন্মান মোৰ আছে প্ৰীতি। মই আজিৰ যুগৰ ইনডিপেণ্ডেণ্ট ছোৱালী। নিজৰ যোগ্যতাৰে আৰ্জন কৰা চাকৰিটো কৰিবলৈ মোক কাৰোবাৰ পাৰ্মিশ্যনৰ প্ৰয়োজন আছে জানো ক? আজি মোক তেওঁলোকে এলাও কৰিছে, কাইলৈ মোক এইটো কথাই বাৰেপতি শুনাব, আৰু সেই দানত দিয়া ফ্ৰীদম কণৰ বাবদ গোটেই জীৱন দায়বদ্ধতাৰ বান্ধোনত ৰাখিব।"

প্ৰীতি নিশ্চুপ। নমিৰ যুক্তিটো যুগুত।

"মোৰ ফ্ৰীদম মোৰ অধিকাৰ। তেন্তে ক, মই খুজি লোৱা ফ্ৰীদম কিয় ল'বলৈ যাম?"

✍ © ৰূপালীম (বেংগালুৰু)
২০.০৬.২০২০

xxxxxxxxxxxxxx

অন্য এক প্ৰেম



অন্য এক প্ৰেম

(এক মিনিটৰ গল্প)

চহৰৰ নামী হস্পিতালখনৰ কেঞ্চাৰ ৱাৰ্ডটোৰ ওচৰতেই ইচিজি কৰা ৰুমটো।

দুৰ্বল হাৰ্টৰ, অসুখীয়া দেউতাকক...অপৰাজিতাই মাজে মাজে লৈ আহে ইচিজি কৰাবলৈ। এনেয়ে এটা পিৰিয়ডিক মণিটৰিং আৰু।

এইবাৰো আহি...নিজৰ নম্বৰলৈ অপেক্ষা কৰি বহি থাকোতে... দেখা পালে... সেই একেই...ইয়ঙ কাপলটোক।

আঠমাহ মান আগতেও দেখা পাইছিল।

এই একেই ঠাইতে।


কোমল বয়সীয়া ছোৱালীজনী... তেতিয়া নৱ-পৰিণীতা। দেখাত কিঞ্চিত অসুস্থ লাগিছিল... মুখখনত মিঠা হাঁহি এটাৰ লেশ আছিল। নাৰ্ভাচ যেন লগা...চটফটীয়া গিৰীয়েকটোৰ লগত কেঞ্চাৰ ৱাৰ্ডটোত তাই সোমাই গৈছিল।

অপৰাই ভাবিছিল, কাৰ বা কি হৈছে? উত্তৰ পোৱা নাছিল অৱশ্যে।

আজি পালে।


আঠমাহ পিছত, একেই কাপলটোক... কেঞ্চাৰ ৱাৰ্ডটোৰ পৰা ওলাই অহা দেখিলে।

শুকাই ক্ষীণাই হাড়ে-চালে লাগি যোৱা ছোৱালীজনীৰ মূৰৰ চুলি সৰি প্ৰায় শেষ হৈ গৈছে। কোনোমতে খোজকেইটা দি খুপি খুপি ওলাই আহিছে তাই। শৰীৰটো...কেম'ৰ প্ৰকোপত... যেন ভাঙি পৰিছে।


অপৰাৰ দুখ এটা উজাই আহিল...ডিঙিত সোপা মাৰি ধৰিলে।


হঠাৎ সেই চটফটীয়া গিৰিয়েকটোক দেখা পালে তাই।

পিছফালৰ পৰা সি দৌৰি আহিছে। ছোৱালীজনীৰ হাতৰ আঙুলিৰ ফাঁকেৰে নিজৰ আঙুলি কেইটা সুমুৱাই দি...তাইক লাহেকৈ মেৰিয়াই ধৰিছে। ছোৱালীজনীয়ে তালৈ চাই শেঁতা হাঁহি এটা মাৰিছে... আৰু তাৰ ওঁঠৰ ফাঁকেৰে....উজ্জ্বল হাঁহি এটি নিগৰি আহিছে।

স্তব্ধ এক মুহূৰ্ত।


যুদ্ধত জয়ী হ'ল নে নাই সিহঁত...অপৰাই জানিব নোৱাৰিলে। কিন্তু, অন্য এক ভালপোৱাৰ অনুভূতিয়ে তাইক জোকাৰি গ'ল। বস্তুবাদী, লেন-দেনৰ প্ৰেমৰ দিনত...এয়া যে নিভাঁজ এক প্ৰেম....অন্য এক প্ৰেম।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
০৮.০২.২০২০

xxxxxxxxxxxxxx

মুখা





মুখা

(এক মিনিটৰ গল্প)

নিৰ্ভীক সাংবাদিক সাগৰ দত্তই বৰ্তমান সমাজৰ বিভিন্ন লুণ্ঠিত, শোষিত নাৰীৰ...জীৱনৰ বতৰা... ৰাইজৰ আগত অতি নিষ্ঠাৰে দাঙি ধৰে। অকল সেয়াই নহয়, তেনে নিৰ্যাতনৰ বলি নাৰীক...ন্যায় দিয়াবলৈও... তেখেত উঠি-পৰি লাগে। নাৰীবাদত বিশ্বাসী দত্তই  অকল সংবাদ মাধ্যমতে নহয়... সমাজখনতেই নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে...এজন প্ৰকৃত পুৰুষ হিচাপে। 


ব্যস্ততাৰে ভৰা দিনটোৰ সমস্ত কাম শেষ কৰি... দত্ত প্ৰায়েই ঘৰলৈ উভটি আহে...পেন্টৰ পকেটত কোৱাৰ্টাৰ বা ফুল বটল এটা লৈ। সেইটো হেনো তেখেতৰ পৰিশ্ৰমৰ বিনিময়ৰ নিৰ্মল সুখ। সেইটোৰ লগত খাবলৈ 'চাকনা'কণ অতি নিষ্ঠাৰে তৈয়াৰ কৰি দিয়ে কোমল বয়সীয়া পত্নী, দত্তনীয়ে।


পৰম পূজ্য স্বামীয়ে দিনটো কষ্ট কৰে বুলিয়েই নেকি.. বেচেৰীজনীয়ে... দত্তৰ মাজৰাতিৰ মাতাল, উদণ্ড অৱতাৰটো... অতি ধৈৰ্য সহকাৰে হেণ্ডেল কৰে... লগতে বিনামূলীয়াকৈ পোৱা লাঠী, গোৰ, চৰ কেইটা... আৰু তাইৰ চৈধ্য গোষ্ঠী উদ্ধাৰি পৰা গালিৰ জাউৰিটোকো.... গ্ৰহণ কৰে 'টু' এটা নোকোৱাকৈয়ে। 


"হওঁক তেও। মানুহটোৱে লুণ্ঠিত, শোষিত, নিৰ্যাতিত নাৰীৰ হকে কমখন কৰেনে!", স্বামীৰ পৰিচৰ্যাত ব্যস্ত দত্তনীয়ে সগৌৰৱে ভাবে। সেই গৌৰৱৰ উত্তাপত... তেওঁৰ মুখৰ ক'লা দাগবোৰ আৰু গালৰ চকুপানীবোৰ শুকাই যায়। দত্তনী আকৌ নতুন দিন এটালৈ প্ৰস্তুত হয়...সুখী পত্নীৰ মুখাখন...পুনৰাই পিন্ধি লয়।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৩.০১.২০২০

xxxxxxxxxxxxxx


সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...