দ্য পিংক ডিজায়াৰ
(গল্প)
সৰুৰে পৰা গুলপীয়া ৰঙটো মোৰ বিশেষ পছন্দৰ। ৰঙা হালধীয়াৰ উজ্জ্বল তিৰবিৰণি আৰু নীলা গেৰুৱাৰ গাঢ়তাখিনিতকৈ কিয় জানো কোমল গোলাপী ৰঙবোৰে সর্বদা মোক আকৃষ্ট কৰি ৰাখে । হাজাৰ ৰঙৰ মাজত কিয় জানো এই ৰঙটোৱেই মোৰ বাৰে বাৰে চকুত পৰে। কিবা এটা স্নিগ্ধ, নমনীয়, মসৃণ ভাবৰ বুৰবুৰণি তোলে এই গুলপীয়াই।
অথচ ঐতিহ্যমণ্ডিত বৰুৱা বংশৰ শ্ৰী ব্ৰজগোপাল বৰুৱাৰ ঘৰৰ একমাত্ৰ পুত্ৰসন্তান, উত্তৰাধিকাৰী, বংশধৰ আৰ্যমান বৰুৱাৰ, মোৰ, এই ৰঙটো ভাল পোৱাৰ কোনো অৱকাশ বা সুযোগ নিমিলিছিল।
পূজাই বিহুৱে দেউতাই ভনীজনীক আনি দিয়া কোমল গুলপীয়া ফ্ৰকটোৰ বা বাইদেউক দিয়া উজ্জ্বল গুলপীয়া শাড়ীখনৰ উল্লাসখিনি মই মোলৈ বুলি অনা ছাই ৰঙী বা গাঢ় নীলা শ্বাৰ্টবোৰত কোনোদিনেই বিচাৰি নাপাইছিলোঁ।
"কি ছোৱালীৰ ৰঙবোৰ পছন্দ কৰে অ' ই" সৰু খুড়াই প্ৰায়েই মোক গৰিহণা দিছিল। কোমল ৰং পছন্দ কৰাটো হেনো পুৰুষত্বৰ বিপৰীতমুখী, পিছলৈ বুজিছিলোঁ।
কামৰ জুমুৰিত তৎ হেৰুৱা মা জনীক পাকঘৰত কেতিয়াবা সহায় কৰি দিবলৈ বৰকৈ ইচ্ছা হৈছিল। সাধাৰণ ঘৰুৱা সামগ্ৰীৰেই ৰন্ধা খাদ্যসম্ভাৰৰ জুতি আন মানুহে লৈ থকা সময়ত মোৰ কৌতুহল হৈছিল সেইবোৰৰ প্ৰস্তুতিৰ প্ৰণালীক লৈহে। কেতিয়াবা চুচুক-চামাককৈ পাকঘৰত সোমাই ইটো-সিটো কৰি দিছিলো, মাক এপদ দুপদকৈ সহায়ৰ হাত আগবঢ়াইছিলোঁ।
মাৰ বাহিৰে কোনেও মোৰ সেই স্বভাৱটো পছন্দ কৰা নাছিল।
সেইবাৰ ঘৰত ন খোৱাৰ আয়োজন। গধূলি মাৰ ওচৰত বহি ৰান্ধনিশালত আপোনমনে হেঁতা লৰাইছিলো, আৰু হঠাৎ সেই দৃশ্য দেখি দেউতা আৰু খুড়াহঁত জকি উঠিছিল। ওচৰতে থকা সম্পৰ্কীয় বৰমাজনীয়েও হাত উজান দি ঠাট্টা কৰিছিল,
"কিনো মতা ল'ৰাটো আমাৰ প্ৰমীলা ৰাজ্যত সোমাৱহি অ' বাৰে বাৰে।"
"মাৰলৈ ইমান দৰদ উপজিছে যদি বায়েৰক পঠিয়াই দে যা। এইবোৰ তাইৰহে কাম।" নিৰ্মলা জেঠায়ে দিহা দিছিল। পৰিয়ালৰ সমস্ত মাইকী মানুহে কাম কৰি থকা সময়ত আগন্তুক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা মোৰ বাইদেউৰ সুবিধাখিনি জেঠায়ে হজম কৰিব পৰা নাছিল।
চূড়ান্ত বিৰক্তিত পঢ়ি থকা কিতাপ সামৰি বাইদেউ উঠি আহিছিল। মানুহবোৰৰ মুখবোৰ বন্ধ হওক। ভন্টীয়ে ভয়তে খেলিবলৈ এৰি মাৰ কাষ চাপিছিল।
"আমাৰ বংশৰ তেজ গাত লৈ ই ইমান মাইকীমুৱা কেনেকৈ হ'ল বাৰু ককাইদেউ?" মাজু খুড়াই নকওঁ নকওঁ বোলা কথা এষাৰ কৈ পেলাইছিল।
"অধঃপতন বুইছ। আগৰ দিন নাই। এনেকৈ সমাজৰ শৃংখলা কেনেকৈ বর্তিব।" দেউতাই আস্ফালন কৰি উঠিছিল।
পাকঘৰৰ ভিতৰত মাৰ অসহায় মুখখন দেখি মই নিশব্দে ঘূৰি আহিছিলো সেইদিনা।
একমাত্ৰ পুত্ৰসন্তান মাইকীমুৱা হ'ব নেকি এই ভয়টোৱে মাক খুলি খুলি খাইছিল। মাক মই বুজাব পৰা নাছিলোঁ যে মই মাইকীমুৱা নহয়, বাহিৰে ভিতৰে এজন সম্পূৰ্ণ পুৰুষ। কেৱল কিছুমান কামত মই সমাজে বান্ধি দিয়া বিভেদৰ যুক্তি নেদেখো, মানিব নিবিচাৰোঁ।
বুজাব পৰা নাছিলো কাকো। অসহ্য লাগিছিল প্ৰায়েই।
সৰুৰে পৰা দেখি আহিছিলো ঘৰুৱা কাম-বনত দেউতাহঁতৰ নিৰ্লিপ্ততা। ঘৰখনৰ বিভিন্নজনৰ মুখত বিভিন্ন সময়ত শুনা কথাষাৰ আছিল "মতা ল'ৰাই কৰা কাম নেকি সেইবোৰ?"
স্কুল শিক্ষয়িত্ৰী মোৰ মা অথবা সম্পূৰ্ণ গৃহিনী খুড়ীক চিৰকাল দেখি আহিছিলো ঘৰে-বাহিৰে সকলো কামৰ ততৰ মৰা। চাকৰি কৰি ধন উপাৰ্জন কৰাই হওক, খেতি-খোলাৰ হিচাপ লোৱাই হওক, বা বজাৰ সমাৰৰ দায়িত্বই হওক, সকলো আছিল কৰ্মপটু মাৰ নখদৰ্পণত। পেচাত নামী উকীল দেউতা, বা ব্যৱসায়ী খুড়া দুজনে ধন উপাৰ্জন কৰিয়েই হাত দাঙি দিছিল, ঘৰখনৰ দায়িত্ব সামৰিছিল।
চোফাত বহি টিভি চাই চাই মা-খুড়ী, বাই-ভনীহঁতক ফৰ্মাইছৰ উপৰি ফৰ্মাইছ দিয়া খুড়াহতৰ পুৰুষসত্বা সদায় জাগ্ৰত আছিল। উঠি অহা ল'ৰাবোৰকো একে সাঁচতে গঢ় দিয়াৰ এক অঘোষিত প্ৰচেষ্টা চলিছিল। তাৰ লগতে চলিছিল বাইদেউহঁতৰ লেখীয়া ছোৱালীমানুহ বোৰক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনোৱাৰ প্ৰস্তুতি।
অকল ৰঙ বা কামেই নহয়, সকলো ক্ষেত্ৰতেই মই দেখিছিলোঁ প্ৰভেদ, বিভাজন। "এইখিনি কাম তোৰ, এইখিনি তাইৰ।" পৰিয়ালৰ ছোৱালীবোৰৰ প্ৰতি অন্তৰৰ পৰা মৰম চেনেহ থাকিলেও ছোৱালী মানুহ বুলিয়েই কৰা সামান্য হ'লেও উদাসীনতা বা হীনভাব মই সকলো কামতেই স্পষ্টকৈ দেখিবলৈ পাইছিলো। ল'ৰা হিচাপে পোৱা উপৰুৱা সুবিধা বা বিশেষ অব্যহতিবোৰে পোন প্ৰথমে মোক আপ্লুত কৰিলেও পিছলৈ মোৰ অযুগুত লাগিছিল, বাই-ভনীহঁতৰ প্ৰতি অন্যায় যেন লাগিবলৈ ধৰিছিল। লগতে পিষ্ট হৈছিলোঁ পুত্ৰ সন্তান, একমাত্ৰ বংশধৰ হিচাপে মোৰ মূৰত বেজাই দিয়া প্ৰত্যাশা আৰু পায়-নাপায়ৰ ভৰত। চাৰিওফালৰ অসমতাৰ সমাজখনে মোৰ কুমলীয়া মনটোক ভাৰাক্ৰান্ত কৰি পেলাইছিল।
কান্দিব পৰা নাছিলোঁ।
ম'তা লৰাই দুখ লাগিলেও চকুপানী টুকিব নোৱাৰে। নিজৰ আবেগ দেখুৱাব নোৱাৰে। আবেগ দেখুওৱা, সংবেদনশীল হোৱা হৈছে মাইকী ছোৱালীৰ কাম। মতা ল'ৰাৰ নহয়।
একে চুবুৰীতে বিয়া দিয়া কণমাই পেহীটি ঢুকুৱাৰ দিনটো মোৰ স্পষ্টকৈ মনত আছে। নিঃসন্তান পেহীৰ হিয়াৰ আমঠু আছিলো মই। মাৰ দৰেই আমাৰ আটাইকেইটা ল'ৰা-ছোৱালীক পেহীয়ে সৰুৰে পৰা আবৰি সামৰি ডাঙৰ কৰিছিল। সেই পেহী অকস্মাত নাইকিয়া হৈ যোৱাৰ শ্বকটোৱে আমাক ধাৰাশায়ী কৰিছিল। হিয়া ঢাকুৰি কান্দি থকা বাইদেউহঁতক দেখি, চকুপানী ধল বোৱাই দিয়া মা-খুড়ীহতক দেখি মই ফেঁকুৰি ফেঁকুৰি কান্দি পেলাইছিলো। মৃতকৰ শেষকৃত্যৰ কামত ব্যস্ত হৈ লৰি ঢাপৰি ফুৰা খুড়াই সকলোৰে সমুখত মোক ধমক লগাইছিল,
"ধেই ল'ৰা মানুহটো হৈ এনেকৈ কান্দে নে? ব'ল আমাৰ লগত কামত লাগ।"
কৰিছিলোঁ। চোলাৰ আস্তিনেৰে চকুপানী মচি মই কৰ্মঠ আন দহটা মতা ল'ৰাৰ দৰেই কামত উজান দিছিলোঁ। মাজে মাজে বাইদেউহঁতলৈ ঈৰ্ষা হৈছিল। কিমান সহজভাৱে আবেগ প্ৰকাশ কৰিব পাৰিছিল সিহঁতে।
কণমাই পেহীটি গুচি যোৱাৰ আঘাত কিন্তু পৰিয়ালৰ ডাঙৰ সৰু, পুৰুষ নাৰী সকলোৱেই অনুভৱ কৰিছিল। দুখ সকলোৰেই লাগিছিল, মনোকষ্ট দেউতা-খুড়াহতেও সমানেই পাইছিল। কোনেও নেদেখাকৈ হয়তো চকুলোও টুকিছিল। অথচ সৰুৰে পৰা বেছি ঢিলা, ছোৱালীৰ নিচিনা কোমলমতিয়া মনৰ বুলি নাম পোৱা মোক হয়তো লোকনিন্দাৰ পৰা বচাবলৈকে সমজুৱাকৈ এক বেলেগ ধৰণৰ আবেষ্টনীত ৰখা হৈছিল। কঠোৰ অভিব্যক্তিৰ আৱৰণখন লগাই সকলো মতা মানুহে নিজৰ দায়িত্ব পালন কৰাটোৱেই হৈ পৰিছিল আচল পুৰুষত্বৰ চিহ্ন। ঘৰখনৰ বিপদৰ সময়ত মূল মানুহখিনি ভাঙি পৰিলে কেনেকৈ হ'ব? আৰু মূল মানুহ মানেইতো পুৰুষ।
দেউতাহঁতে মোক এটা কথা সদায় শিকাইছিল, "যি কোনো পৰিস্থিতিত পুৰুষ মানুহ কঠোৰ, ৰুঢ়, বাস্তৱমুখী হ'ব লাগে। আবেগ, চকুপানী এইবোৰ পুৰুষৰ বাবে নহয়। এয়া হৈছে নাৰীৰ আভূষণ।"
সকলো কথা মানি লৈছিলো যদিও আবেগৰ ওপৰত নাৰীৰ একচেটিয়া দখলৰ কথাখিনি মনঃপুত হোৱা নাছিল।
জীৱনত ল'ৰা হিচাপে পোৱা অগ্ৰাধিকাৰখিনিও মনঃপুত নহৈছিল। সকলোতকৈ কোমল মাছৰ পেটী, বা ডাঙৰ কণীটো, মাংসৰ জোলৰ সিংহ ভাগ বা যি কোনো সুখাদ্যৰ আগ-ভাগ মই বা পৰিয়ালৰ ল'ৰাবোৰে নিষ্কণ্টক লভিছিলো। প্ৰথমতে কথাবোৰ বেয়া লগা নাছিল। মুখ ওন্দোলাই আঁতৰি যোৱা ভন্টিহঁতৰ শুকান মুখকেইখন বা নীৰৱে এই বিভেদ মানি লোৱা বাইদেউহঁতৰ কৰুণ চকুবোৰ মোৰ চকুত পৰা নাছিল।
কিন্তু জ্ঞান হৈ অহাৰ লগে লগে সেই অধিকাৰবোধ গৰল হৈ মোৰ ডিঙিত লাগিবলৈ ধৰিলে। উপলব্ধি কৰিছিলোঁ যে সেই বস্তুবোৰ মোৰ অধিকাৰ নাছিল, আছিল ভনীহঁতৰ প্ৰাপ্য কাঢ়ি লোৱাৰ মোৰ ল'ৰা হোৱাৰ প্ৰিভিলেজ মাথোন।
প্ৰতিবাদ কৰিবলৈ শিকিছিলো। ছোৱালী কেইজনীয়েও আমাৰ দৰে জীৱন পাওক তাৰ ব্যৱস্থা কৰিবলৈ ঘৰখনক খাটনি কৰিছিলো। বাইদেউৰ উচ্চশিক্ষা লাভৰ ইচ্ছা দমন, বা ভনীজনীৰ মুকলিমূৰীয়াকৈ ওলাই সোমাই ফুৰাৰ বাধা নিষেধবোৰত মাত মাতিছিলো।
"ওলাল নাৰীবাদী এইটো। তই ল'ৰা, আৰ্য। ল'ৰা হৈ থাক। পেনপেনিয়া মাইকী-মেলৰ কথাত কিয় চকু দিয়?" ঘৰখনৰ পুৰুষবোৰ ক্ষুণ্ণ হৈছিল।
মাৰ চকুপানী ওলাইছিল। মই অসহায় হৈ পৰিছিলোঁ আকৌ এবাৰ।
বছৰবোৰ বাগৰাৰ লগে লগে মই কেৱল ল'ৰা মানুহ হৈ নাথাকি ভাল মানুহ হ'বলৈ চেষ্টা কৰিছিলো। সুখ্যাতিৰে ইঞ্জিনীয়াৰিং পঢ়ি দস্তুৰমত মোটা দৰমহাৰ চাকৰিত সোমাইছিলোঁ। বৰুৱা বংশৰ গৰিমা আৰু একঢাপ ওপৰলৈ উঠিছিল।
সময়ৰ লগে লগে সমাজৰ কিছুমান প্ৰত্যাশাৰ খাতিৰত কিছু আপোচ কৰিবলৈ শিকিছিলো। কিছুমান ক্ষেত্ৰত সুৰুঙা উলিয়াই নিজৰ মতে জীয়াবলৈ চেষ্টা কৰিছিলো। মুম্বাইত কৰ্মজীৱন আৰম্ভ কৰি নিজৰ মতে, নিজৰ পছন্দত থাকিবলৈ সুবিধা কণ পাইছিলো।
এসময়ত জীৱনলৈ মায়া আহিছিল। মুম্বাইত চাকৰি জীৱনৰ পাতনি মেলোতেই মোৰ সাক্ষাৎ হৈছিল এটা এড এজেঞ্চিৰ কপি ৰাইটাৰ মায়াৰ সৈতে। অসমীয়া বন্ধুমহলৰ গেট-টুগেদাৰবোৰত মায়াৰ প্ৰাণোচ্ছল কথকতা আৰু মই হবি হিচাপে ৰন্ধা খাদ্যবোৰৰ চৰ্চা একেটা উশাহতে কৰা হৈছিল। ভীষণ খাদ্যৰসিক মায়া আৰু শান্ত, সৌম্য, ৰান্ধি-বাঢ়ি মানুহক খুৱাই ভালপোৱা মই হৈ পৰিছিলোঁ এটা আজব যুটী।
"চাকৰি বাকৰি বাদ দিও বুইছা আৰ্য। ৰেষ্টুৰেণ্ট এখন খোলো ব'লা। তুমি হেড চেফ, খাদ্য তোমাৰ দায়িত্ব আৰু মই ব্যৱসায়ৰ বাকী সকলো চম্ভালিম। পাৰফেক্ট পাৰ্টনাৰশ্বিপ। কি কোৱা?" মায়াই এদিন প্ৰস্তাৱ দিছিল।
মই হাঁহিছিলো। জীৱনত ল'ৰা হৈ জন্ম হোৱাৰ বাবেই পাকঘৰৰ দুৱাৰডলিটোতো ভৰি থবলৈ নোপোৱা বৰুৱা বংশৰ ল'ৰাই চাকৰি এৰি হেড চেফ হ'লে যে বংশত জুই লাগিব, সেইটো মোৰ জ্ঞাত আছিল। ব্যৱসায়িক পাৰ্টনাৰশ্বিপ হৈ নুঠিলেও মায়া আৰু মই অনতিপলমেই জীৱনৰ পাৰ্টনাৰশ্বিপ আৰম্ভ কৰিছিলোঁ। পৰিয়ালৰ আপত্তি কৰাৰ থল নাছিল।
দেউতাই কেৱল কৈছিল,"ইমান পঢ়ি-শুনিও ঘৰ ধৰা ছোৱালী এজনী নাপালি। বাৰু যি হওক, তোৰ সুখতেই আমি সুখী।"
মই মনে মনে ভাবিছিলো, ঘৰ কেৱল পত্নীয়েই ধৰিব লাগিব বুলিতো ক'তো লিখা নাই। মিলি-জুলি পতা সংসাৰখনেই আচলতে নিজৰ। সেইখিনি বুজাপৰাকেই মাজত লৈ মায়া আৰু মই আমাৰ সংসাৰখন অটোমটোকাৰী কৈ গঢ় দিছিলো।
বিয়াৰ ৰাতি মায়াই মোক এটা গুলপীয়া শ্বাৰ্ট উপহাৰ দিছিল। ৰংটো দেখি মই উচপ খাই উঠিছিলো।
"তোমাৰ প্রিয় ৰং জানো গুলপীয়া মায়া? তুমি চোন ক'লা হে ভালপোৱা।"
"ও। কিন্তু তুমিতো ভালপোৱা গুলপীয়া। পিন্ধিবাচোন, ভাল লাগিব তোমাক।"
মায়াৰ কথাত মই হতবাক হৈছিলো।
"কিন্তু গুলপীয়া পিন্ধা হাজবেণ্ডৰ পুৰুষত্বক লৈ প্ৰশ্ন নোতোলাতো? গুলপীয়া যে ফেমিনিন।" মই তাইক টুকুৰিয়াই চাইছিলো।
"ধেৎ। এই যে তুমি ইমান সুন্দৰকৈ ৰন্ধা-বঢ়া কৰা, সকলো কামতে এটা সৃষ্টিশীল, কোমল পৰশ থাকে, গুলপীয়া ৰং ভাল পোৱা, এইবোৰ আচলতে তোমাৰ পুৰুষত্বৰ আন এটি বিস্তাৰিত মাত্ৰা মাথো, কোনো সীমাবদ্ধতা নহয়। ইয়াতকৈ মেনলিনেছ আৰু মই ক'তো বিচাৰি নাপাম।" কুৰুকি কুৰুকি মোৰ বুকুৰ মাজত সোমাই পৰা মায়াক মই সাৱটি ধৰিছিলো।
গোটেই জীৱন তাইক আৱৰি-সামৰি ৰাখিম বুলি কথা দিছিলো।
বুকুখনত অদ্ভুত এক প্ৰশান্তি অনুভৱ কৰিছিলোঁ।
গতানুগতিক এখন সংসাৰৰ কাজিয়া-পেচাল, খং-অভিমানবোৰক আমাৰ দুয়োটাৰে মৰম ভালপোৱাবোৰে নিষ্প্ৰভ কৰি তুলিছিল। সেই সংসাৰত দুদিন থাকিবলৈ অহা মায়েও কৈ পেলাইছিল, "সংসাৰখন দুয়োটাৰে। গতিকে তই যে সকলো কাম ভগাই লৈছ, মই দেখি ভাল পাইছো। অন্তত এই প্ৰজন্মৰ বোৱাৰীবোৰৰ আমাৰ দৰে কপাল নহওঁক।"
বৰ এটা সুখী নহ'লেও, মাৰ কথাখিনিৰ দেউতাই বিৰোধ কৰা নাছিল। বৰুৱা বংশত কাহানিও নোহোৱা ঘটনা ঘটিছিল, স্বয়ং পুতেকে ৰান্ধি দিয়া ভাত সাজ খাই হাঁহি এটা মাৰি ব্ৰজগোপাল বৰুৱাই নতুনত্বক কিছু পৰিমানে মানি লৈছিল।
বৰুৱা বংশৰ মতা ল'ৰা মই ,লাহে লাহে মায়াময় সংসাৰখনত নিজৰ জীৱনটো নিজৰ মতে জীয়াবলৈ লৈছিলোঁ।
মায়া আৰু মই হেঁপাহৰে গঢ়ি তোলা সংসাৰখনে এসময়ত বাঢ়িবলৈ প্ৰস্তুতি চলাইছিল। টুইন বেবী হ'ব বুলি গম পোৱাৰ পিছত মুম্বাইত অকলে থাকি কষ্ট পাবলগীয়া নহওঁক বুলিয়েই মায়াই মেটাৰ্নিটি লিভ আৰু মই "ৱৰ্ক ফ্ৰম হ'ম" লৈ ঘৰলৈ গুচি আহিছিলোঁ।
মাহঁতে মায়াৰ যত্নৰ ত্ৰুটি কৰা নাছিল। আনন্দত আমাৰ সময়বোৰ পাৰ হৈছিল।
সময়ত আমাৰ পৰম আকাংক্ষীত ঋক আৰু ঋতি আমাৰ মাজলৈ আহিল। মায়াই কষ্ট নাপাওক বুলি আমি গোটেইবোৰ হস্পিতালত উবুৰি খাই পৰিলোহি।
কণমানি দুটাই কোমল কাপোৰৰ ভিতৰতে লৰ-চৰ কৰি উঠিছিল। নাৰ্ছ এগৰাকীয়ে ৰাতিপুৱাই আহি দুয়োটাকে গা-পা ধুৱাই দিয়াৰ সময়ত মই মেৰিয়াবলৈ স্বেডেল ক্লথ দুখন উলিয়াই দিছিলো। মায়া ভীষণ চিজিল ছোৱালী। ডেলিভাৰী ডেটৰ প্ৰায় দুমাহ আগৰে পৰাই অনাগত সন্তান দুটিৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী গোটাই পিটাই সাজু কৰি ৰাখিছিল। মাকে অমংগল হ'ব বুলি হকা বধা কৰিছিল, কিন্তু মায়াৰ যুক্তিৰ সন্মুখত সকলো নাই-নুই অথলে গৈছিল।
আৰামেৰে কুহুমীয়া উষ্ণ পানীৰ আমেজ লৈ গা ধুই থকা আমাৰ ঋক আৰু ঋতিক মই প্ৰাণভৰি চাই ৰ'লো। চিষ্টাৰে পটু হাতেৰে বেলেগ এটা কায়দা কৰি ধুনীয়াকৈ দুয়োটাকে গৰম কাপোৰ দুখন দি মেৰিয়াই পেলাইছে। সিহঁত দুয়োটাৰে চকু অৱসাদত মুদ খাই আহিছে ইতিমধ্যে। কেঁচুৱা মেৰিওৱাৰ বিশেষ কিটিপটো মই হাতেৰেই আয়ত্ব কৰিবলৈ চেষ্টা কৰিলো।
হঠাৎ মোৰ শাহুৱে হাহাকাৰ কৰি উঠিল,
"ঔ আই বিয়নী চাওঁকচোন, চিষ্টাৰে কৰিলে কাণ্ড। গুলপীয়া কাপোৰখন দিব লাগে ঋতিক দিলে ঋকক। নাতি ল'ৰাক নীলাখনহে দিব লাগিছিল।"
মাহঁতৰ মুখত হাঁহিৰ ৰোল উঠিছিল।
মই মিচিকিয়াই হাঁহিছিলো। কামটো নাৰ্ছৰ ভুল নহয়, মোৰ ইচ্ছাকৃত আছিল। চিষ্টাৰৰ কৌতুহল ভৰা চাৱনিটোক উপেক্ষা কৰি মই নিজেই আগবঢ়াই দিছিলোঁ কাপোৰ দুখন।
মোৰ ল'ৰা-ছোৱালী দুটা কোনো ৰঙৰ পৰিসীমাত আবদ্ধ নহওঁক, মই মনে প্ৰাণে কামনা কৰিছো। এই ৰঙীন পৃথিৱীখনৰ সকলো ৰং ঋক আৰু ঋতিৰ বাবে আশীৰ্বাদ হৈ উপচি পৰক। এই মৌন প্ৰাৰ্থনা যেন দিঠকত প্ৰতিফলিত হয়, মোৰ পিতৃসত্বাই আকুল আহ্বান কৰি উঠিল।
ঘৰলৈ অহাৰে পৰা খবৰ লবলৈ অহা মানুহৰ ভিৰ বাঢ়িল। আচৰিতভাৱে মা, শাহু, আৰু সহায় কৰিবলৈ আহি থকা খুড়ীহতে মায়া আৰু ইহঁত দুয়োটা আৰামকৈ থাকিবৰ বাবে যথেষ্ট পোহৰ, বতাহ সোমোৱা স্বাস্থ্যকৰ কোঠালি এটা সজাই তুলিছিল। পুৰণি নীতি নিয়ম পৰিত্যাগ কৰি সময়ৰ লগত খোজ মিলাই আগবাঢ়িব বিচৰা মা, খুড়ীহতক দেখিছিলোঁ প্ৰসূতি মায়াৰ সকলো সময়তে যত্ন লোৱা। ঋক আৰু ঋতিক আমি মাক-বাপেক হালৰ লগতে তেওঁলোকেও পাল পাতি প্ৰতিপাল কৰিছে।
পষ্ট-পাৰ্টাম ডিপ্ৰেশ্যনৰ কথা শুনি শুনি সন্ত্ৰস্ত হৈ উঠা মায়াৰ চকুতো মই দেখিবলৈ পাইছো এক সকাহ, অনবৰতে ওলমি ফুৰা এক মায়াময় সুখৰ হাঁহি।
মায়াক দিয়া কথা মই ৰাখিব পাৰিছো। মোৰ মনটো লাহে লাহে ফৰকাল হৈ পৰিছে।
দেউতাই নাতিনীক কোলাত লৈ আনন্দ মনে সকলোকে কৈ ফুৰিছে "ভাগ্য বুজিছে, দানলৈ আৰু পুণ্যলৈ একেলগেই ঘটিলে আমাৰ বংশধৰে।"
মানুহবোৰে শলাগ লৈছে। বৰুৱা বংশৰ অহোভাগ্য।
মোৰ মনৰ ভিতৰত এটা চটফটনিয়ে পোখা মেলিলে, কিন্তু লগে লগেই এটা সংকল্পও ঠন ধৰি উঠিল। ঋক আৰু ঋতি মোৰ বাবে দান পুণ্যৰ আহিলা নহয়, ইহঁত দুয়োটা মায়া আৰু মোৰ মৰমৰ আকৰ। আমাৰ সংসাৰখন আৰু মধুময়, আৰু পৰিপূৰ্ণ কৰি তুলিবোৰ বাবেইতো ইহঁতৰ আগমন। আমাৰ হিয়াৰ কোণত সামৰি ৰাখিব নোৱাৰা মৰম চেনেহবোৰ দুগুণ কৰাৰ উৎস আমাৰ সন্তান। দান আৰু পূণ্যৰ প্ৰয়োজন আমাক কিহলৈ?
"ৰাতি ভালকৈ শুইছে নে ইহঁত? তোমাৰ চাগৈ কষ্ট হৈছে দুয়োটাক লৈ।" চুবুৰীৰ বৰমা এগৰাকীয়ে মায়াক সুধিছে।
মায়াই বৰ বেছি কথা কোৱা নাই। প্ৰাপ্তিৰ সুখখিনি কেৱল মাজে মাজে ওঁঠৰ ফাঁকেৰে লাজুকী হাঁহি এটা হৈ বিৰিঙি আহিছে। ৰাতি টোপনি খতিৰ ফলত জুৰুলা হোৱা মোৰ শুকান মুখখনৰ বিপৰীতে তাইৰ মুখত দেখা পাইছো এক অদ্ভুত উজ্জ্বলতা।
মাই ঋকক নিচুকাই বৰমাক কৈছে, "ছোৱালীজনীৰ অকণো আমনি নাই বুজিছে। হাত ভৰি মাৰি অনবৰতে খেলি থাকে। ই পোনাটোৱেহে কান্দি থাকে মাজে মাজে। আমি হাঁহিছো বোলো ল'ৰামানুহ হৈ ইমান পেনেৰা হ'লে কেনেকৈ হ'ব? ছোৱালীয়েহে কান্দে।"
মোৰ বুকুখনে আকৌ এবাৰ মৃদুকৈ হাহাকাৰ কৰি উঠিছে।
ল'ৰা মানুহে নাকান্দে।
ল'ৰা মানুহে মনৰ বেদনাবোৰ লুকুৱাই ৰাখে।
সমাজে বান্ধি দিয়া "ল'ৰাই কৰিব নাপায়" আৰু "ছোৱালীক কৰিবলৈ নিদিয়া"বোৰ মোৰ চকুৰ সমুখত আকৌ এবাৰ স্পষ্টকৈ ভাহি উঠিছে।
বিভেদৰ অদৃশ্য সঁজাটো ভাঙি ওলাবলৈ মোক বহুত সময় লাগিছিল, বহুত কষ্ট পাইছিলো।
সেই সময়বোৰ মনলৈ অহা মাত্ৰেই ধৰফৰাই উঠিছো মই।
ঋকক আকৌ এটা ল'ৰা মানুহ নসজাওঁ।
ঋতিক আকৌ এজনী ছোৱালী মানুহ নসজাওঁ।
মাৰ কথাখিনিত মায়াৰ মুখখনো তৎপৰ হৈ উঠিছিল। কিবা এটা ক'বলৈ তাই যেন শব্দ বিচাৰি আছে।
মই ওচৰ চাপি লাহেকৈ ঋকৰ গালখন টিপি মৰমেৰে কৈ উঠিলো,
"কান্দ ঋক, মন গলে হেঁপাহ পলুৱাই কান্দিবি। তহঁত দুয়োটাই মন যোৱা সকলো কাম প্ৰাণখুলি কৰিবি। এইখন পৃথিৱীত ল'ৰা-মানুহ ছোৱালী-মানুহ হৈ নহয়, তহঁত দুটা মাথো মানুহ হৈ জীয়াই থাকিবি দেই।"
মোৰ কথা শুনি মানুহবোৰ অবাক হৈছে। ভ্ৰূক্ষেপ নাই মোৰ। বুকুখন অন্য এক প্ৰশান্তিত ভৰি উঠিছে। মই কেৱল দেখিছো, মায়াৰ লগতে ঋক আৰু ঋতিৰো তিৰবিৰাই উঠা চকুবোৰ। দেখিছো এখন মুক্ত সংসাৰত মুক্ত হৈ জীয়াই থাকিম বোলা মোৰ আপোন মানুহবোৰৰ গুলপীয়া হৈ উঠা গালবোৰ।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
৯.০৪.২০২১

