(এক মিনিটৰ গল্প)
নিৰ্ভীক সাংবাদিক সাগৰ দত্তই বৰ্তমান সমাজৰ বিভিন্ন লুণ্ঠিত, শোষিত নাৰীৰ...জীৱনৰ বতৰা... ৰাইজৰ আগত অতি নিষ্ঠাৰে দাঙি ধৰে। অকল সেয়াই নহয়, তেনে নিৰ্যাতনৰ বলি নাৰীক...ন্যায় দিয়াবলৈও... তেখেত উঠি-পৰি লাগে। নাৰীবাদত বিশ্বাসী দত্তই অকল সংবাদ মাধ্যমতে নহয়... সমাজখনতেই নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে...এজন প্ৰকৃত পুৰুষ হিচাপে।
ব্যস্ততাৰে ভৰা দিনটোৰ সমস্ত কাম শেষ কৰি... দত্ত প্ৰায়েই ঘৰলৈ উভটি আহে...পেন্টৰ পকেটত কোৱাৰ্টাৰ বা ফুল বটল এটা লৈ। সেইটো হেনো তেখেতৰ পৰিশ্ৰমৰ বিনিময়ৰ নিৰ্মল সুখ। সেইটোৰ লগত খাবলৈ 'চাকনা'কণ অতি নিষ্ঠাৰে তৈয়াৰ কৰি দিয়ে কোমল বয়সীয়া পত্নী, দত্তনীয়ে।
পৰম পূজ্য স্বামীয়ে দিনটো কষ্ট কৰে বুলিয়েই নেকি.. বেচেৰীজনীয়ে... দত্তৰ মাজৰাতিৰ মাতাল, উদণ্ড অৱতাৰটো... অতি ধৈৰ্য সহকাৰে হেণ্ডেল কৰে... লগতে বিনামূলীয়াকৈ পোৱা লাঠী, গোৰ, চৰ কেইটা... আৰু তাইৰ চৈধ্য গোষ্ঠী উদ্ধাৰি পৰা গালিৰ জাউৰিটোকো.... গ্ৰহণ কৰে 'টু' এটা নোকোৱাকৈয়ে।
"হওঁক তেও। মানুহটোৱে লুণ্ঠিত, শোষিত, নিৰ্যাতিত নাৰীৰ হকে কমখন কৰেনে!", স্বামীৰ পৰিচৰ্যাত ব্যস্ত দত্তনীয়ে সগৌৰৱে ভাবে। সেই গৌৰৱৰ উত্তাপত... তেওঁৰ মুখৰ ক'লা দাগবোৰ আৰু গালৰ চকুপানীবোৰ শুকাই যায়। দত্তনী আকৌ নতুন দিন এটালৈ প্ৰস্তুত হয়...সুখী পত্নীৰ মুখাখন...পুনৰাই পিন্ধি লয়।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
২৩.০১.২০২০
xxxxxxxxxxxxxx

No comments:
Post a Comment