Friday, 31 July 2020

বৰণ


বৰণ

(চুটি গল্প)


প্ৰেগনেন্সি কীটটোত দুডাল আঁচ অহাৰে পৰা ৰিমলীৰ কাণত অহৰহ নিজৰ মানুহবোৰৰ লগতে আত্মীয় স্বজন, ওচৰ চুবুৰীয়া আনকি দুদিনীয়া চিনাকি মানুহৰো লানি নিছিঙা উপদেশৰ বৰ্ষণ হ'বলৈ ল'লে।

"অনবৰতে শুই বহি নাথাকিবা, কাম বন কৰি এক্টিভ হৈ থাকিবা।"

"বাওঁফালে শুবা, পেট পেলাই নুশুবা।"

"ভাল কিতাপ পঢ়িবা, ভাল কথা চিন্তিবা।"

"ঋষিক বৰকৈ ওচৰ চাপিবলৈ নিদিবা কিন্তু।"

"কঁকালত অমুক আয়ে জাৰি দিয়া তমুক মন্ত্ৰৰ মালা আৰিবা, তমুক জপ কৰিবা।"

মুঠতে দিহা পৰামৰ্শৰ অন্ত নায়।

ৰিমলীয়ে কিছুমান কথা মানে, কিছুমান নামানে। উপদেশ দিবলৈ মানুহৰ অভাৱ নাই। সকলো কথা শুনিবলৈ তাইৰ মনটোৱে চোন নামানে।

ইয়াৰ মাজতে ওচৰতে বিয়া দিয়া জেশাহুৱেক অসীমাই অনৰ্গল একেটা কথাকে কৈ থাকে,

"ৰিমলী, বেঙেনা নাখাবা কিন্তু। আৰু তুমি ভালপোৱা চাহ, কফি একোৱেই  মুখত নিদিবা। বেবী ক'লা হয় এইবোৰ খালে। আমাক কিন্তু ক'লা বেবী নালাগে দেই।"

শাহুৱেকেও মাত দিয়ে,

"গাখীৰত কেশৰ দি খাব লাগে দেইলি, ধক-ধকীয়া লাড়ুৱা গোপাল পাবা।"

ৰিমলীৰ মূৰটো গৰম হৈ যায়। এই ঘৰখনৰ বগা ৰং লৈ কি যে এটা অবছেছন। অথচ এই ঘৰৰ কেওটি প্ৰাণীৰেই গাৰ বৰণ ক'লা।


দুবছৰ আগতে তাইক ঋষিয়ে বিয়া কৰাব বোলাতো এওঁলোকৰ প্ৰথম আপত্তি আছিল তাইৰ ঈষত মিঠা বৰণটোৱেই। গঢ়ে-পিটে সুন্দৰী, সু-শিক্ষিতা, সু-স্বাস্থ্যৰ অধিকাৰী ৰিমলীজনী তেওঁলোকৰ চকুত পৰা নাছিল। পৰিছিল কেৱল তাইৰ গাৰ বৰণটো। 

কিন্তু শেষত ৰিমলীয়েই এই ঘৰৰ বোৱাৰী হৈ দুৱাৰ দলি গচকিলহি। লাহে লাহে মুকলি মনৰ ৰাংঢালি বোৱাৰী পাই ঘৰৰ মানুহখিনিয়েও তাইক আঁকোৱালি ল'লে।

কিন্তু কৰবাত যেন কিবা এটা আসোঁৱাহ ৰৈ গৈছিল।

মাজে মাজে শাহুৱেকে আক্ষেপ কৰি উঠিছিল,

"বগী বোৱাৰী এজনী আহিলে, ভৱিষ্যতে আহিবলগীয়া সতি-সন্ততিবোৰৰো উজ্জ্বল ৰং হ'ল হয়।"

সেইবুলি তেওঁ ৰিমলীক অৱহেলা কোনোদিনেই নকৰিলে। শাহু হিচাপে যথেষ্ট মৰম কৰে ৰিমলীক।

ৰিমলী সুখী হৈছিল মোটামুটি তাইৰ নতুন সংসাৰখনত।

আৰু এতিয়া তাই মাক হ'ব বুলি খবৰটো শুনাৰে পৰা তেওঁলোকে ৰিমলীৰ আদৰ যত্ন দুগুণ অত্যুৎসাহেৰে কৰিবলৈ ধৰিলে।

কিন্তু তেওঁলোকৰ খোৱা নোখোৱাৰ লিষ্টখনে ৰিমলীক বাৰুকৈয়ে অতিষ্ঠ কৰিছিল। তাইৰ আহিবলগীয়া অকণমানিটোক বিচৰা ধৰণে বৰণ দিয়াবলৈ শাহুৱেক, জেশাহুৱেকহঁত যেন উঠি পৰি লাগিছিল। 

নানান মানুহৰ পৰামৰ্শমতে তেওঁলোকে প্ৰকাণ্ড লিষ্ট এখন কৰি পেলাইছিল। কি খোৱা উচিত কি অনুচিত, বহুত নিয়ম নীতি।

মাজে মাজে ৰিমলীয়ে মৃদু প্ৰতিবাদ কৰিলেও এই অৱস্থাত কাজিয়া পেছাল বেছিকৈ বঢ়াবলৈ মন কৰা নাছিল।


এসপ্তাহমান আগত আহি ওলালহি শাহুৱেকৰ ভাগিনীয়েক তৃষা। তৃষাই এইবাৰ এম-ডি কৰি চহৰৰ নামকৰা অবস্ট্রেতিছিয়ান-গাইনেকলজিষ্ট এজনৰ টিমত জুনিয়ৰ ডাক্তৰ হিচাপে সোমাইছে। পি-জিৰ খানা খাই আমুৱাইছে বুলি কেইদিনমান জেঠায়েকৰ ঘৰত থাকোঁ বুলি আহিছে। আহি সকলোৰে আদৰ বুটলিছে।

তাই অহাৰে পৰা ঘৰখনত সকলোৰে মনবোৰ ফুৰ্তিত থাকে। জেঠায়েকে, মানে ৰিমলীৰ শাহুৱেকেও স্বভাবতে নিৰ্ভীক আৰু স্পষ্টবাদী ভাগিনীয়েকক প্ৰচুৰ মৰম কৰে। ভয়ো নকৰা নহয়, যিহে মুখ চোকা ছোৱালী, অন্যায় কথা ক'লে মুখতে ধৰে।

তৃষায়ো পাৰে মানে বৌয়েক ৰিমলীৰ খেয়াল ৰাখিছে। কি কি বস্তু খালে বেবীৰ গ্ৰউথ ভাল হব, কোন খাদ্যই বেবীৰ মগজু চোকা কৰিব সকলো তথ্য তাইক দিছে। ৰিমলীৰ মন ভাল লগাবলৈ বাছি বাছি গান, কিতাপ, মুভিৰ লিষ্ট কৰি দিছে।

সেইবোৰ তাইৰেই আব্দাৰত যোগান ধৰি দিছে ঋষিয়ে।

ঘৰখনৰ মানুহবোৰে তাই থকাত বেছ ভাল পাইছে। 


দেওবাৰে দুপৰীয়া সকলোৱে বহি ভাত খাবলৈ লয়। এইখন ঘৰত সকলোৱে একেলগে বহি খোৱাৰ অভ্যাস, এই কথাটো ৰিমলীয়ে বিয়া হৈ আহিয়েই দেখি খুব  ভাল পাইছিল। সেই যে আগতে বিয়া হৈ যোৱা লগৰবোৰে তাইক সকীয়নি দিছিল, "বিয়াৰ পিছত লাষ্টত খাবলৈ পাবি, কোনেও খেয়াল নাৰাখিব", সেয়া ৰিমলীৰ ক্ষেত্ৰত মিছা প্ৰমাণিত হৈছিল। 

তাই এনে এখন ঘৰ পাই সুখী হৈছিল।

কিন্তু এতিয়া এই মৰমৰ অতিশয্যাত তাইৰ নাকণি কাননি হয়। এই সময়ত সকলো খাবলৈ মন নাযায় তাইৰ, তথাপিও ঋষিহতে শাসন কৰিয়েই হওক বা মৰম কৰিয়েই হওক, তাইক অপছন্দৰ শাক-পাচলি ইত্যাদি চববোৰ খাবলৈ বাধ্য কৰে। 

তাই খায়। বেবীটোৰ বাবে।

কিন্তু পেট ভৰাই খাবলৈ তাই বেয়া পায়। গাটো ভাৰ-ভাৰ, অলস-অলস লাগে। অথচ একেলগে বহি খোৱা মানুহ কেইটাৰ চকুৰ পৰা সাৰি যোৱাৰ উপায় নাই। 

শাহুৱেক আৰু জেশাহুৱেকৰ খোৱা-বোৱাৰ বাচ, নিয়ম নীতিবোৰে তাইক অলপ বিপদত পেলায়।

আজি ভাতৰ পাতত আয়োজন ধেৰ। ৰিমলীয়ে কম বেছি পৰিমানে খাইছে।

ৰিমলীৰ কাঁহীখনত আৰু এহেতা ভাত দি শাহুৱেকে বোলে,

"খোৱা ৰিমলী, ভাত বেছিকৈ খালেহি বেবী হেলদি হ'ব, নোদোকা হ'ব।"

"আৰু এতিয়া তুমি এনেও দুটা মানুহৰ ভাত খাব লাগে।" দেওবাৰ বুলি মাকৰ ঘৰলৈ অহা অসীমায়ো যোগ দিয়ে।

ৰিমলীয়ে সেমেনা সেমেনি কৰে। এপেট ভাত তাই খাব নোৱাৰে। অভ্যাস নাই। বহু দেৰিলৈ পেটটো জথৰ মাৰি থাকে।

বৌয়েকৰ অস্বস্তিখিনি দেখি তৃষাই টেপেক কৈ মাত লগালে,

"জেঠাই বেছি ভাত খালে বেবী হেলদি হব বুলি কোনে ক'লে তোমাক? নোদোকা মানেই হেলদি নহ'বও পাৰে।"

জেঠায়েকে বোলে,

"শকত-আৱত, স্বাস্থ্যবান বেবীয়েইতো ভাল আক', কি খন নো কৱ?"

"উহু। নৰমেল ওজনৰ শিশু এটাও পুৰা হেলদি হ'ব পাৰে। লোদোৰ পোদোৰ বেবীতকৈ স্বাস্থ্যবান হোৱাতো ম'ৰ ইম্পৰটেণ্ট।"

ডাক্তৰ বুলিয়েই তাইৰ কথা মন দি সকলোৱে শুনি থকা দেখি তৃষাই এইবাৰ হল-হলকৈ কৈ গ'ল,

"আৰু এই ভাততকৈ প্ৰটিন ভিটামিন থকা খাদ্যহে বেবীৰ বাবে জৰুৰী। যিমান ভোক, সিমান হে ভাত খাব লাগে। জোৰ জবৰদস্তি একোৱেই খাব নালাগে।"

"কিন্তু এতিয়াতো তাইৰ পেটত আৰু এটা জীৱ নাই জানো? একেখিনিকে খালে কেনেকৈ হ'ব অ'?"

জেঠায়েকৰ কৌতুহল।

"বেবীটো এটা ফিটাছহে, পূৰাপুৰি মানুহতো নহয়। গতিকে দুটা মানুহৰ খানা খোৱাৰ প্ৰয়োজন নাই জেঠাই, দেইলি তিনিশ কেলৰি মান বেছিকৈ খালেই হয়, আৰু সেইখিনি কেলৰি ভাত, মাছ-মাংস, শাক-পাচলি সকলো খোৱা বস্তুৰ পৰা মিলাই পোৱা যায়। হেলদি ডায়েট।"

তৃষাৰ কথাত ৰিমলীৰ শহুৰেকে আৰু ঋষিয়েও মূৰ দুপিওৱা দেখি শাহুৱেকে কথা নবঢ়ালে। 

"জানো পায় তহঁতৰ আজিকালিৰ কথা।" বুলি চমুৱাই থৈ দিলে।

ৰিমলীয়ে সকাহ পালে।

তৃষাই কিন্তু কৈ গ'ল,

"সেইবুলি বৌ তুমি নোখোৱাকৈ নাথাকিবা কিন্তু, অকণ অকণকে হ'লেও ঘনাই খাবা দেই।"

ৰিমলীয়ে মিচিকিয়াই হাঁহিলে। 

"য়েছ মেম।"

এই ছোৱালীজনীৰ কথা তাই পেলাব নোৱাৰে।

চেগ বুজি ৰিমলীৰ জেশাহুৱেক অসীমাই তৃষাক উদ্দেশ্যি ক'লে,

"তই ডাক্তৰণীজনী আছ ঘৰতে, ৰিমলীক অকণমান লিষ্ট এখন দি দেচোন, কি কি খালে বেবীটো ধুনীয়া, বগা-চগা হব? নহ'লে মাক-বাপেকৰ বৰণটোকে পাব!"

ৰিমলীৰ মনটো কোঁচ খাই গ'ল। আকৌ বৰ্ণ বৈষম্য!

তৃষাই বোলে,

"হাৰে, মাক-বাপেকৰ বৰণতো পাবই, যিয়েই নুখুওৱা লাগিলে। স্কিন কালাৰটো এটা জেনেটিক ট্ৰেইট, মানে জন্মগত ভাবে অহা বস্তু, ইয়াত খোৱা-বোৱা, নিয়ম-কাৰণে একো সলাব নোৱাৰে। মাক-বাপেক, ককাক-আইতাক ক'লা হলে তুমি লাগিলে গাখীৰতে গা ধুই থাকা, বেবী বগা নহ'ব।"

"থ থ তোৰ চব কথা নামানো দেই, আমাৰ অসীমাৰ ছোৱালীকণ ইমান বগা, মাক-বাপেকৰ ৰং ক'তনো পালে?" জেঠায়েকে তৃষাক মুখতে ধৰিলে।

কথাটো হয়। অসীমা আৰু তাইৰ স্বামী ত্ৰিদীপ কোনো এটা বগা নহয়। কিন্ত সিহঁতৰ ছোৱালী তিথিৰ গাৰ ৰং বগা। মাকে ক্ৰেডিট দিব খোজে প্ৰেগনেন্ট অৱস্থাত গিলাছে গিলাছে খোৱা কেশৰ মিহলোৱা গাখীৰ আৰু ক'লা জাতীয় বস্তু নোখোৱাৰ ওপৰত।

"ক'লোৱেই চোন ৰংটো জেনেটিক। তাই চাগৈ পৰিয়ালৰ কোনোবা বগা মানুহৰ জিনটো পাইছে। ইয়াত তোমাৰ খোৱা বস্তুৰ একো কেৰামতালি নাই।"

"সেইটো কিন্তু ময়ো পঢ়িছোঁ। গাৰ ৰং, চুলি এইবোৰ জেনেটিক বস্তু। আৰু সেইদিনা ডাক্তৰ মেমেও কৈছে এই সময়ত যি কোনো ভাল লগা স্বাস্থ্যকৰ বস্তুৱেই খাব পাৰি, ৰং-বৰণত কোনো প্ৰভাৱ নেপেলাই বোলে।"

ইমানপৰে নিশ্চুপ ঋষিয়েও ভনীয়েকৰ কথাত  উৎসাহ পাই হয়ভৰ দিলে।

"কিন্ত চাহ কফি খাবলৈ ডাক্তৰে নিজেই মানা কৰে চোন, মোৰ সময়ত কৈছিল নহয় ডাক্তৰে।" অসীমাৰ প্ৰশ্ন।

"কাৰণ চাহ কফিত কেফেইন থাকে। বেছিকৈ চাহ খালে গেছো হয়। কিন্তু পৰিমাণত সকলো বস্তুৱেই খাব পাৰি। চাহ নাখালে মূৰৰ বিষ হয়, কানীয়া লাগে, গতিকে অলপকৈ খোৱাত কি আপত্তি।"

"আৰু অসীমা বা, কেলৈ তুমিচোন তিথিৰ সময়ত খুব তামোল পকতিয়াইছিলা? মনত নাই?"

হয়। তামোল ভালপোৱা অসীমাই লুকাই চুৰকৈ হ'লেও তামোল এৰা নাছিল।

তাই ধেক ধেকাই হাঁহিবলৈ ধৰিলে। ভনীয়েকৰ কথাখিনি সঁচা। এই যুক্তি টলাব নোৱাৰি।


ৰিমলীৰ শাহুৱেকৰ মনটো অলপ সেমেকি গ'ল। 

তৃষাই কোৱা কথাখিনি যদি সঁচা, তেন্তে কি এই বংশৰ বীজ ক'লা হৈয়েই থাকিব? 

বগা নাতি এটালৈ যে তেওঁৰ হেঁপাহটো, কি হ'ব?

তৃষাই কথাটো বুজিলে। জেঠায়েকৰ মৰহি যোৱা মুখখন দেখি তাই দুখ পালে।


আবেলি বাৰাণ্ডাত বহি থকা জেঠায়েকক তৃষাই ধুনীয়াকৈ চাহ একাপ দিলেগৈ। মুঢ়া এটা টানি তায়ো কাষতে বহিল।

"জেঠাই, ক'লা-বগা, গাৰ ৰং মেটাৰ কৰে জানো? ময়োতো বগীজনী নহয়। কিন্ত তুমিচোন মোক লৈ সকলোৰে ওচৰত গৰ্ব কৰা, মই বোলে তোমালোকৰ নাম উজলাইছো।"

 "আৰু ঋষিদা, অসীমা বা, ইহঁত বগা হোৱা হ'লে তুমি বেছি ভাল পালা হয় নে?"

জেঠায়েক নিৰুত্তৰ। কি নো ক'ব তেওঁ?

অসীমা, ঋষি আনকি তৃষা তেওঁৰ বুকুৰ এফাল। ইহঁতক কৰা চেনেহত বৰণৰ কথা নাহে।

তৃষাই এইবাৰ জেঠায়েকক মৰমেৰে বুজালে, 

"ৰিমলী বৌক চোৱাচোন। ৰূপে-গুণে এনেকুৱা বোৱাৰী তুমি ক'তো নাপালা হয়। বৌৰ এইটো ফাৰ্ষ্ট বেবী, বগা হওক ক'লা হওক, আমাৰ সকলোৰে আদৰৰ নহ'ব জানো?"

হব। এই সন্তান গোটেই ঘৰখনৰে আদৰুৱা হ'ব। সকলোকে মৰমেৰে আপোন কৰা মাক ৰিমলীৰ মৰমৰ সন্তান।

আহিবলগা কণমানিটোৰ কথা ভাবিয়েই হ'বলগীয়া আইতাকজনীৰ চকুহাল ভৰি আহিল।

তেওঁ হাঁহিলে।

"আমাক হেলদি বেবী এটাহে লাগে, আৰু বেবী হেলদি হবলৈ মাকজনী ফুৰ্তিত থাকিব লাগিব, নিজৰ ভাল লগা কাম কৰি, পছন্দৰ বস্তু খাই-বৈ থাকিব লাগে। তেহে।"

জেঠায়েকৰ মনটো অলপ মুকলি হৈ অহা দেখি তৃষাই অলপ ৰগৰ কৰি ক'লে

"গতিকে মেডাম জেঠাই, বেঙেনা-চাহ-গাখীৰৰ লিষ্টখন বাদ দিয়া আৰু।"

"লিষ্ট বাদ নিদিওঁ ৰ'। ৰিমলী অ' ৰিমলী, শুনিছা?"

শাহুৱেকে ৰিমলীক ৰিঙিয়াই মাতিলে।

দুৱাৰৰ সিপাৰে সকলো কথাৰ উমান লৈ থকা ৰিমলী ওলাই আহিল। 

কাষৰ চকীখনত বহিবলৈ দি শাহুৱেকে তাইৰ হাতটো ধৰি ক'লে,

"আজি নতুন এখন লিষ্ট বনাবা। দুইজনীয়ে মিলি।"

ৰিমলী আৰু তৃষাই বুজি নাপালে। আকৌ কিহৰ লিষ্ট!

"আহিবলগীয়া কণমানিটোৰ নামৰ লিষ্ট আক'। কেইটামান ভাল নাম ময়ো ভাবি থৈছোঁ। ভৰাই দিবা।"

ৰিমলী অবাক। 

তৃষাই হাঁহি পেলালে। 

জেঠায়েকক জোকাও বুলি ক'লে

"পিছে জেঠাই, ল'ৰাৰ নাম নে ছোৱালীৰ নাম? তোমাক বা আক' কি লাগে?"

"দুয়োটা ভাবিবি। বেবী বেবীয়েই, নাতিয়েই হওক বা নাতিনিয়েই। ক'লাই বা বগাই হওক। আফটাৰ অল মোৰ মৰমৰ গ্ৰেণ্ড চাইল্ড।"

জেঠায়েকৰ গৰ্বিত উত্তৰ।

ৰিমলীয়ে শাহুৱেকৰ কান্ধত লাহেকৈ মূৰটো পেলাই দিলে। শাহুৰূপী মাকজনী তাই সঁচাই পালে তেন্তে।

তৃষা খুচ। তাইৰ নিজৰ মানুহবোৰ বুজন।

বাৰাণ্ডাত নামৰ টোপোলা মেল খালে। কমলা বুলিয়া বেলিটোৰ কোমল আভাৰে ভৰা আবেলিটো তিনিওজনী মানুহৰ মন খোলা হাঁহিত জীপাল হৈ উঠিল।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৭.০৭.২০২০

xxxxxxxxxxxxxx

Saturday, 25 July 2020

দু:স্বপ্ন



দু:স্বপ্ন

(চুটি গল্প)

অক্টোবৰ মাহৰ এক কাহিলী কাহিলী পুৱা। সূৰ্যৰ ৰেঙণি ভালকৈ ওলোৱাই নায়...জোনটোৱেও অলপ আগতে বিদায় লৈছেহে। ফেহুজালিৰ কানি-মুনি আন্ধাৰখিনি এতিয়াও চৌদিশে লাগি ৰৈছে। 

বাহিৰত শীতল বতাহ এজাক মৃদুকৈ ব'লি আছে। আগদিনা হৈ যোৱা আবতৰিয়া বৰষুণজাকে বতৰটো অলপ ঠাণ্ডা লেখীয়া কৰি পেলাইছে। দুই এখন গাড়ী মটৰৰ শব্দৰ বাদে পুৱাটো নিস্তব্ধ। নিতাল মৰা।

ৰাতি ইকাটি-সিকাটি কৰি বাগৰ সলোৱাৰ কোবত নামি যোৱা কম্বলকেইখন ভালকৈ গাত মেৰিয়াই লৈ ৰাইজে ৰাতিপুৱাৰ শেষ টোপনিকণৰ ভালকৈয়ে আমেজ লৈছে।


হঠাৎ মোবাইলৰ এলাৰ্মটোৰ "হুত-টুত-টু হুত-টুত-টু" বোলা কৰ্কশ আৱাজটোত সুস্মিতা খক-মকাই সাৰ পাই উঠিল।

প্ৰথমতে তাই ধৰিবই নোৱাৰিলে তাই ক'ত আছে। মূৰটো জিমজিমাই গ'ল। ৰাতি তাই বৰ বেয়া লগা... ভয় লগাই দিয়া...হিয়াৰ আমঠু ক'লা পেলাই দিয়া সপোন এটা দেখি আছিল। সৰীসৃপ লেখীয়া জন্তু এগাল...জংঘল এখনত বাট হেৰুৱাই উঠা...কুকুৰ নে শিয়ালে তাইক খেদি অহা নিচিনা...কিছুমান বস্তু দেখা পাইছিল। বিজলুৱা...আঠা-আঠা লেখীয়া ভয় এসোপা সুস্মিতাৰ ডিঙিয়েদি উজাই আহিছিল। গা-টো ঠাণ্ডা পৰি গৈছিল।

সেই যে সপোনৰ ৰেশটো, জোৰকৈ সাৰ পাই যোৱাৰ বহু পিছলৈয়ো মস্তিষ্কত ওলমি থাকি যায়, তাইৰ তেনেকুৱা হৈছিল।

এতিয়া শোৱাৰ পৰা হুৰ-মুৰাই উঠি লৈয়ো তাইৰ তেনে যেনেই ভাব হ'ল। সম্বিত ঘূৰাই পোৱাত ওঁঠৰ ফাঁকেৰে বৈ যোৱা লেলাউটিখিনি মুচি তাই প্ৰকৃতিস্থ হ'ল।

"অহ! কি অদ্ভুত নাইট-মেয়াৰ।" তাই কৈ উঠিল।

সপোনহে আছিল বুলি ভাবি তাই অকণ সকাহ পালে।


ছয় বাজিলেই। শনিবাৰ দেওবাৰৰ ঘৰুৱা ব্যস্ততাৰ পিছত আজি আহুকালীয়া সোমবাৰ।

ছোৱালীৰ স্কুল, তাইৰ আৰু স্বামী প্ৰদ্যুতৰ অফিচ, ৰন্ধা-বঢ়া, টিফিন, অফিচৰ এসোপা ৱৰ্ক-লোড, ডেড-লাইন, ক্লায়েন্ট-মীত সকলো মিলি সোমবাৰটো তাইৰ বাবে এক ভয়ংকৰ দিন হৈ উঠে।

"মান-ডে' মৰনিং ব্লু'জ" প্ৰদ্যুতে কয়।

চুলিখিনি পকাই খোপা এটা বান্ধি তাই খৰখেদাকৈ বিচনাৰ পৰা নামি গল। বাথৰুমত সোমায়েই তাই আতংকত চিঞৰি উঠিল।

তিনিটাকৈ প্ৰকাণ্ড পইতাচোৰাই  তাইলৈ চাই দাঁত নিকতাই হাঁহি আছে। সুস্মিতাৰ কঁপনি উঠিল।কোনোমতে ৰাতিপুৱাৰ নিত্য-ক্ৰিয়া সমাপন কৰি তাই ওলাই আহিল। মালতী দিদিক কৈ আজি বাথৰুম দুটাত হিট স্প্রে কৰাব লাগিব।

পইতাচোৰালৈ সুস্মিতাৰ সাংঘাতিক ভয়। বেচিনটোৰ ওচৰতে এটা বংশধৰ মৰি বিজলুৱা বগা পুঁজ এসোপা ওলাই আছে। তাই কাগজ এটুকুৰাৰে সেইসোপা উঠাই নোচোৱাকৈয়ে ডাষ্টবিনত পেলাই দিলেগৈ। 

"ওক থুই।" তাইৰ পেটটো পকাই গ'ল।

ঘিণ ঘিণ ভাব এটাই তাইৰ নাক-মুখ আৱৰি ধৰিলে। তাই ওলাই আহিল।

বিচনাৰ একাষে দুই বছৰীয়া ল'ৰা বাবাটো শুই আছে। কাষৰ ৰুমত আইতাকৰ লগত বৰ-জীয়ৰী মিমি নিদ্ৰামগ্ন। গেষ্ট বেডৰুমটোতে লেট-নাইট মুভি চাই তাইৰ স্বামী প্ৰদ্যুত বোধহয় টোপনিত ঢলি পৰিছিল।

শোৱক। এওঁলোক আৰু এঘণ্টামান শুই থকাই মঙ্গল, তাই নিৰালম্বে ঘৰৰ কামবোৰ আগুৱাই থ'ব। এতিয়াই ঘৰৰ মানুহ উঠিলে বেলেগ এখন নাটক আৰম্ভ হৈ যাব।

সকলোকে এবাৰ চাই তাই কামত হাত দিলেগৈ। ৰ'বলৈ সময় নাই।


ড্ৰয়িং, ডাইনিং ৰুমৰ দৰ্জা খিৰিকীবোৰ সুস্মিতাই খুলি দিলে। বতাহ লাগি তাইৰ গাটো সিৰসিৰাই উঠিল। ৰাতিৰ সপোনটো তাইৰ আকৌ এবাৰ মনত পৰিল।

গাখীৰৰ পেকেট, নিউজ-পেপাৰ তুলি আনি তাই এইবাৰ খৰধৰকৈ পাকঘৰত সোমাল।

গেছ বার্নাৰ অন কৰি এফালে চাউল এফালে দাইলৰ কুকাৰ দুটা পাতি দিলে। মালতী দিদি সাত বজাত আহে। তাই আহিলে দুইজনীয়ে একেলগে চাহ খাই ব্ৰেকফাষ্টৰ দিহা লগাব।

এইবাৰ তাই শাক পাচলি কুটিবলৈ ধৰিলে। দিনৰ ভাতৰ আয়োজন...লগতে ছোৱালী, স্বামী আৰু তাইৰ টিফিনৰ যোগাৰ...বাবাটোলৈ থাৰমাচ ফ্লাস্কত থোৱা গৰম পানী...এইবোৰ কামৰ হিচাপ তাই মনে মনে কৰি থাকিল। শাহুৱেকৰ বয়স হৈছে, বৰ বেছি কাম কৰিব নোৱাৰে। তেওঁৰো খানা কম জ্বলা দি অলপ লঘুকৈ বনাই থ'ব লাগে। দেধাৰ কাম।

মালতীজনী আহিলেই সুস্মিতাই ৰক্ষা পায়। তাইৰ হাতত বাবাটো, আৰু ঘৰৰ বাকী থকা কামবোৰ চমজাই সুস্মিতা গা ধুবলৈ যায়।

ৰাতিৰ ভয়ংকৰ সপোন, ৰাতিপুৱাৰ পইতাচোৰাৰ আতংক এইবোৰে সুস্মিতাৰ অন্ঠ কণ্ঠ আজি শুকুৱাই দিছিল। কিন্তু পানী অকণ খাবলৈয়ো হাতত এতিয়া মঠি থকা আটা।

"হ'ব পিছত খাম" বুলি তাই কামখিনি কৰি গ'ল।


দেওবাৰে মালতী দিদিৰ চুটি থাকে। গোটেই সপ্তাহ অফিচত ব্যস্ত থাকে বুলি শনি-দেওবাৰে সুস্মিতাৰ ঘৰুৱা ব্যস্ততা বেছি হয়। ল'ৰা-ছোৱালীৰ আব্দাৰো বেছি হয়। সকলোৰে খাদ্যৰ ফৰ্মাইছ...ঘৰুৱা কাম... দুবছৰীয়া ল'ৰাৰ জাঁজ মৰা...এই সকলোবোৰৰ পিছত সোমবাৰে সুস্মিতাৰ এনেয়েও বহুত ভাগৰুৱা অনুভৱ হয়। 

তাতে যোৱা তিনিদিন ধৰি তাইৰ গা টো অলপ বেয়া।

চৰ্দি কাহৰ এটা ভাব লাগি তাইক দুৰ্বল কৰি তুলিছে। শাহুৱেক আৰু প্ৰদ্যুতে বাৰে বাৰে কোৱাৰ পিছতো তাই অফিচ খতি নকৰিলে। 

ক'ৰে নো কোন সতে? এই কম্পিটিচনৰ যুগত প্ৰাইভেট কোম্পানীৰ জ'ব। ডিমাণ্ড থকা সময়ত অফিচ সঘনাই খতি কৰিলে মূৰব্বীৰ চকুত পৰে, প্ৰমোচন আৰু ইনক্ৰিমেণ্টৰ সময়ত আহুকাল লগায়।

তাতে তাই এইখিনি সময়ত সাংঘাতিক এটা ব্যস্ততাৰ ইম্পৰটেণ্ট প্ৰজেক্ট লিড কৰি আছে।

টেবলেট গিলি গিলি তাই অফিচ কৰিলে। ৰাতি মূৰত গামোচা মাৰি অফিচৰ পেণ্ডিঙ কাম।

মালতী দিদি আছে বুলিহে বাচি আছে। নহ'লে ল'ৰাটোক চম্ভালোতেই তাইৰ প্ৰাণ বাহিৰ হয়।

আজি তাতে ভূতৰ ওপৰত দানৱ হৈ গধূলিলৈ অন্য এখন চহৰৰ পৰা মাহী শাহুৱেকহঁত ভাত খাবলৈ অহাৰ কথা। প্ৰথমতে তাই আজি অফিচ চুটি ল'ব বুলি ভাবিছিল। কিন্তু কালিয়েই বছে মেছেজ কৰিছে

"নৌ নৌ সুস্মিতা নট টুম'ৰৌ, কাইলৈ মষ্ট ইম্পৰটেণ্ট ডে'। ক্লায়েন্টক দ্ৰাফ্ট পঠিয়াব লগীয়া আছে।"

কৰ্পৰেট ৱৰ্ল্ডত প্ৰত্যেক দিনেই মষ্ট ইম্পৰটেণ্ট। উপায় নাই, চাকৰি ৰাখিবলৈ কষ্ট কৰিবই লাগিব।


হঠাৎ প্ৰেচাৰ কুকাৰৰ চিটি আৰু ল'ৰাৰ চিঞৰ একেলগে সুস্মিতাৰ কাণত পৰিল। তাই থৰ থৰ কৈ কঁপি উঠিল।

সৰ্বনাশ! সাত বাজি পোন্ধৰ মিনিট হ'ল, মালতী দিদিৰ চোন খবৰেই নাই।

ল'ৰাই টেঁটু ফালি চিঞঁৰিছে। তাই উফৰি যোৱাদি গৈ তাক কোলাত তুলি ল'লে। 

এতিয়ালৈ ব্ৰেকফাষ্টৰ একো আয়োজন হোৱাই নাই। চিংকটোত এসোপা বাচনৰ পাহাৰ।

ইফালে চবকে চাহ দিব লাগিব, ব্ৰেকফাষ্ট বনাব লাগিব, মিমিক খুৱাই-বুৱাই ৰেডি কৰি বাছ ষ্টপত থবগৈ লাগিব। স্বামী প্ৰদ্যুত চাৰে আঠ বজাত খাই-বৈ অফিচলৈ ওলাই যাবই। সেই সময়তে সুস্মিতাই বাকী থকা কাম কৰি, নাকে-মুখে কিবা এটা গিলি, মালতীক দৰকাৰী দিহা-পোহা দি যাবলৈ ওলায়। মুঠতে মৰিবলৈয়ো সময় নাই।

"ছেহঃ চাৰে সাত বাজিবৰ হ'ল। আজি হ'ল কি দিদিৰ?"

এতিয়া ল'ৰাকে চম্ভালিবনে কামকে কৰিব। কি বিপদ!

"হেৰা, চাহ কাপ দিয়া আক।"  প্ৰদ্যুত উঠিলেই। 

"চাহ পিছত খাবা আগতে বাবাক লোৱাচোন।" বাবাটোক প্ৰদ্যুতৰ হাতত দি তাই উধাতু খাই পাকঘৰলৈ আহিল।

"কিয় মালতী ক'ত? মোৰ ৰেডি হ'ব লাগিব, আজি মিটিং আছে।" 

দেওবাৰে চুটি, সোমবাৰে স্কুল-অফিচ খোলা দিন, "সোনকালে আহিবি কিন্তু" বুলি দঢ়াই দঢ়াই ক'লেও মালতীয়ে অকণমান দেৰি কৰিবই। 


সুস্মিতাহঁত নথকা সময়ত মালতী দিদিয়ে বাবাক চোৱাৰ উপৰিও ঘৰখনৰ টুক-টাক কামবোৰৰ জাঁজ মাৰে। সুস্মিতাৰ শাহুৱেককো ভাত-পানী দিয়ে।

গতিকেই ব্যস্ত সুস্মিতাৰ লাইফ-লাইন একপ্ৰকাৰ দিদিৰ হাততেই।

মানুহজনী ভাল। বাবাটোক ভালকৈ চায়। খালি বিনা কাৰণত চুটি লোৱাত দিদি এক নম্বৰ। প্ৰত্যেক সপ্তাহত দিদিৰ কিবা নহয় কিবা এটা প্ৰব্লেম ওলায়েই। ফলত সুস্মিতাৰ অফিচ খতি, বচৰ তীৰ্যক চাৱনি, ঘৰত তাইৰ গাধ খাটনি।

তাইৰ লিভবোৰ দিদিৰ খতিৰ কৃপাতে শেষ হয়।


"ইমান দেৰিতো দিদিয়ে নকৰে, কি বা হ'ল। ফোন এটাও নাই কৰাচোন।" সুস্মিতাৰ গা টো এইবাৰ অলপ বেজ বেজাবলৈ আৰম্ভ কৰিলে।

"প্লিজ প্ৰভু, আজি নহয়। আজি মোৰ অফিচ যোৱাতো বহুত জৰুৰী।"

ভয়ে-ভয়ে তাই মালতীলৈ ফোন লগালে।

"দা নাম্বাৰ য়ু আৰ কলিং ইজ চুইচদ অফ।"

সুস্মিতা এইবাৰ ঘামিবলৈ আৰম্ভ কৰিলে। গধূলি ভাত খোৱা আলহী আহিব। ৰাতিপুৱাৰ সমস্ত কাম বাকী। আৰু বাবা? বাবাক কোনে চাব? 

আৰু অফিচ খতি কৰিলে, এইবাৰ তাইৰ চাগে চাকৰিয়েই যাব।

তাইৰ গাটো জ্বৰ-জ্বৰ লাগি আহিল। ডিঙিটো শুকাই কৰ্কৰীয়া মাৰিলে।

কঁপা কঁপা হাতেৰে তাই আকৌ ফোন লগালে। এইবাৰ মালতীৰ গিৰীয়েক মদনক।

মদনে হেল্ল'টো ক'বলৈহে পালে, সুস্মিতাই আতুৰত কৈ উঠিল,

"মদন, দিদি অহা নাই যে? কি হ'ল।"

মনতে পাঙিলে, দিদিয়ে গা বেয়া বুলি চুটি ল'ব খুজিলেও তাই কাবৌ কাকূটি কৰি অন্ততঃ আধা দিনৰ কাৰণে আহিবলৈ ক'ব।

মদনৰ টোপনি ভঙাই নাছিল। তন্দ্ৰালস মাতেৰে সি উত্তৰ দিলে,

"অ বাইদ' কালি মালতী গাঁৱৰ ঘৰলৈ গৈছিল নহয়, আমাৰ ভাগিনীজনীৰ তোলনি বিয়া আছিল। তাই ঘূৰি আহিব নোৱাৰিলে, ঘৰৰ মানুহেও ৰখালে। কাইলৈ মানেহে আহিব পাৰিব চাগৈ।"

ঘামি উঠা সুস্মিতাৰ গাৰ মাজেদি এক অদ্ভুত শিহৰণ বিয়পি গ'ল। 

তাই চকুৰে ধুৱলী কুঁৱলী দেখিলে।

প্ৰেজেণ্টেশ্যন...বাবা...ছোৱালীৰ স্কুল...ঘৰৰ সমস্ত কাম...ভাত-খোৱা আলহী...ধ্বংস-স্তূপৰ দৰে ধুবলৈ থোৱা বাচনৰ দমটো। তাইৰ চকুৰ সমুখত সকলোবোৰ ভাহিবলৈ ধৰিলে।

আতংকত তাই পেঁপুৱা লাগিল।

কালি ৰাতি দেখা বিজলুৱা...আঠা-আঠা...ভয়-লগা সপোনটোতকৈয়ো ভয়-লগা...তিতা...অনুভূতি এটাই তাইক সাপৰ দৰে মেৰিয়াই ধৰিলে। 

ইতিমধ্যেই দেউতাকৰ কোলাত বাবাই "মাক লাগে মাক লাগে" বুলি গগনাফলা চিঞৰ আৰম্ভ কৰিছিল। 

"সোমবাৰৰ দিনটো কেনেকৈ মেনেজ কৰিম" বোলা ভৌতিক শিহৰণটোৱে সুস্মিতাক জোকাৰি গ'ল। 

"ইটছ এ ৰিয়েল-লাইফ নাইট-মেয়াৰ।" তাই স্বগতোক্তি কৰি উঠিল।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৪.০৭.২০২০

xxxxxxxxxxxxxx

Wednesday, 22 July 2020

আপোন পৰ



আপোন পৰ

(চুটি গল্প)


"তৰু, অ' তৰু, ক'ত সোমাই আছা হয়নে?"

শাহুৱেকৰ কৰ্কশ মাতত তৰালী উচপ খাই উঠিল।

কেতিয়ানো চকুহাল মুদ খাই আহিছিল তাই ক'বই নোৱাৰিলে। যোৱা তিনি ৰাতি তাইৰ টোপনি খতি, আজি অফিচৰ ডাঙৰ চেমিনাৰ এখনত তাইৰ এটা বিয়াগোম চেশ্যন আছিল, তাৰেই প্ৰেজেণ্টেশ্যন ৰেডি কৰাত তাই দিন-ৰাতি ব্যস্ত। তাতে এসপ্তাহ ধৰি শাহুৱেক আছেহি বুলি ঘৰুৱা কামবন, ৰন্ধা-বঢ়াও বাহুল্য হৈছে। 

বিয়াৰ পিছত এই প্ৰথম শাহুৱেক আহিছে যোৰহাটৰ পৰা সুদূৰ দিল্লীৰ সিহঁতৰ ঘৰখনলৈ। মুঠতে এই কেইদিন তৰালীৰ মৰিবলৈও সময়কণ নাই।

আজিৰ দিনটোও তাইৰ বেছ খাটনি গ'ল। চেমিনাৰ শেষ কৰি বিভাগটোৰ জুনিয়ৰবোৰক পেণ্ডিঙ কামবোৰ ভগাই দি তাই ঘৰলৈ ঢপলিয়াই আহিছিল, এই মাত্ৰ মুখ-হাত ধুই অৱশ শৰীৰটো বিচনাত ঢপহকৈ পেলাই দিছিলহি। বিচনাখনৰ একাষে বাগৰ দি থকা স্বামী অতনুক ভালকৈ মাত এষাৰ দিবলৈও তাইৰ শক্তি নহ'ল।

অতনু আজি অফিচৰ পৰা সোনকালেই উভতিছিল, প্ৰায়েই সি কাম-বন কৰি গধূলিৰ আগতেই আজৰি হয়। তৰালীৰহে ভীষণ প্ৰেচাৰৰ জব।

"তৰু, ইমানকৈ মাতিছোঁ, ক'ত গ'লানো?' এইবাৰ শাহুৱেক তাইৰ ৰূমলৈকে সোমাই আহিল। 

তৰালী ধৰমৰাই বিচনাৰ পৰা উঠি দোষী দোষী অথচ ভাগৰুৱা মাতেৰে কৈ উঠিল,

"কওকচোন মা..."

"চাহ একাপ বনাই দিয়াচোন, অথনিয়েই অতনুৰ লগত একাপ খাইছিলোঁ, বৰকৈ মন গৈ আছে, তুমি আহিলে আকৌ খাম বুলি ভাবি আছিলোঁ। কিন্তু তুমি ইমান দেৰি কৰিলা, চাহলৈ ৰৈ ৰৈ আমনিয়েই লাগিল।"

এইবাৰ মোবাইল পিটিকি থকা অতনু গিৰিসকৈ উঠি পৰিল,

"মই বনাই দিওঁ ৰবা মা, তৰু তোমালৈও বনাও চাহ,  লগত পকৰি কেইটামান খাবা নে দুইজনীয়ে?"

তৰালীয়ে মুখেৰে মাতিবলৈ নেপালেই, শাহুৱেকে টপককৈ উত্তৰ দিলে,

"আইঔ মোৰ সোনপৰুৱাটো, তই দিনটো অফিচ খাটি ঘৰ সোমাইছহি, নেলাগে বাখৰ মোক চাহ বনাই দি কষ্ট কৰিবলৈ। তৰু আছে নহয়, তুমিয়েই বনাই দিয়া তৰু, ই অকণমান ৰেষ্ট লওক।"

অতনু বিৰক্ত হ'ল।

"কি কথা কোৱা মা, তৰুচোন মোতকৈ দেৰিকৈহে ঘৰ সোমাইছেহি। তাইৰ খাটনি মোতকৈ বহুত বেছি, লগতে তাইচোন ঘৰৰ কামো কৰে, তাইকহে ৰেষ্টৰ প্ৰয়োজন, নহয় জানো?"

"কিন্তু তাই বোৱাৰীজনী থাকোতে তই হাত পুৰিব কিয় লাগে?"

"হাত পুৰিব কিয়, বিয়াৰ আগতে জানো মই অকলে ৰন্ধা বঢ়া কৰি খোৱা নাছিলোঁ? এতিয়াও ৰান্ধোঁ, আৰু ঘৰৰ কামো আমি মিলি জুলি কৰোঁ। এই কেইদিন তুমি আছা বুলি হে মই কামত হাত দিয়া নাই, তৰুৱেও বাধা দিছে।

আৰু অথনি মই অফিচৰ পৰা ভাগৰে জুগৰে অহাৰ পাছত তুমি চাহকাপ যে কৰি দিলা, কিমান ভাল লাগিল, এতিয়া ভাগৰুৱা তৰুকো তুমি বা মই চাহ একাপ খুৱালে তাইৰ কষ্টখিনি লাঘৱ নহ'ব জানো?"

তৰালীৰ শাহুৱেকে এইবাৰ একো উত্তৰ নিদিলে। সৰুতে ভুল কৰিলে অতনুক তেওঁ যেনেকৈ শুধৰাই দিছিল, আজি সেই ল'ৰা ডাঙৰ হৈ তেওঁক বুজাব পৰাকৈ বুজন হ'ল। তেওঁৰ ভুলখিনি আঙুলিয়াই দেখুৱাব পৰা হ'ল।

অজানিতে বোৱাৰী বুলিয়েই তৰালীৰ দুখ কষ্টখিনিক উপেক্ষা কৰা নিজৰ ঠেক মানসিকতাখিনি বুজিব পাৰি তেওঁৰ বহুত দুখ লাগিল। ছিঃ, পৰৰ ঘৰৰ ছোৱালী তৰালীয়ে তেওঁক চাগৈ কি বুলি ভাবিব এতিয়া!

তৰালীৰ পৰিবেশটো অকণো ভাল নালাগিল। তাই এইবাৰ অকণ ফুৰ্তিবাজ সুৰত কৈ উঠিল,

"সেইবোৰ বাদ দিয়ক এতিয়া। বলক মা, আমি ডাইনিঙত বহি পিয়াজ ধনীয়াখিনিকে কুটি দিওঁ, এওঁ চাহ পকৰি বনাই আমাক খুৱাওক।"

শাহুৱেকৰ মুখখন এইবাৰ উজলি উঠিল। বোৱাৰী তেন্তে আপোনেই, পৰ নহয়। 

তৰালী আৰু অতনুৰ মনবোৰো ফৰকাল হ'ল।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২২.০৪.২০২০

xxxxxxxxxxxxxx

Tuesday, 21 July 2020

প্ৰেয়সী





প্ৰেয়সী

(চুটি গল্প)


"তইনো বাৰু এইজনী ছোৱালীহে পালিনে অনুব্ৰত?"
"কয় নহয় বাছোতে বাছোতে গেলা বৰালীত হাত পৰে, ইয়াৰ লগত খাটিছে কিন্তু।"
"কি ঐ অনুব্ৰত, মাথাৰ গণ্ডগোল হ'ল নেকি তোৰ? শেষত তই সুৰভিৰ নিচিনা ছোৱালীহে ল'ব লগীয়া হ'ল নে?"

অনুব্ৰতৰ লেটেষ্ট গাৰ্লফ্রেণ্ডজনীক লৈ তাৰ বন্ধু-মহলত কৌতুহলৰ অন্ত নাই।


অনুব্ৰত কলেজৰ বেছ পপুলাৰ ল'ৰা। তজবজীয়া, প্ৰগলভ ব্যক্তিত্বৰ অনুব্রতক সকলোৱে চিনি পায়। সি গান গায়, স্মাৰ্টলি কথা ক'ব পাৰে, বিশাল এটা ফ্রেণ্ড চাৰ্কল। চেহেৰাও দেখনিয়াৰ, গতিকেই কলেজখনত তাৰ এটা ষ্টেটাছ আছে। এটা সুকীয়া স্থান আছে।

আৰু ইমানদিনে সেই ষ্টেটাচ, সেই ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আহিছিল তাৰ প্ৰাক্তন প্ৰেমিকা দ্বয়ে, স্বাতি আৰু কৃষ্ণাক্ষীয়ে। ৰূপে-গুণে তেজাল, কলেজৰ ফেমাছ ছোৱালী স্বাতি আৰু কৃষ্ণাক্ষী, দুয়োজনী।


কিন্তু সুৰভি, তাৰ বৰ্তমান প্ৰেমিকা! সুৰভি তেনেই সাধাৰণ এজনী ছোৱালী।

দেখিবলৈ কুৰূপা নহ'লেও চকুত পৰিবলগীয়া একোৱেই নাই তাইৰ গাত। তেনেই কমন এটা চেহেৰা, সদায় একে ধৰণেই বান্ধি অহা চুলি একোছা, সাধাৰণ, অনুজ্জ্বল সাজ-পোছাক। কিতাপত মুখ গুজি সুৰভি কলেজলৈ আহে, নিয়মিত ক্লাছ কৰে, দুই এজনী বান্ধৱীৰ লগত অলপমান হাঁহি ধেমালি কৰে, আৰু কলেজ শেষ হ'লে চিধা ঘৰ পাইগৈ।

পঢ়া-শুনাতো সুৰভি মধ্যমীয়া, অন্যান্য দিশতো পাৰ্গত বুলি একো খিতাপ নাই। দলিয়াই পেলাব লগীয়া ছোৱালী নহয় যদিও সুৰভিকলৈ গৌৰৱ কৰিবলগীয়াও একো নাই। মুঠতে কলেজত আছে বুলি মানুহে জানে, কিন্তু  কোনোদিনে কাৰো চকুত নপৰা, লেখত নল'বলগীয়া ছোৱালীজনীয়েই সুৰভি। ৰূপ-গুনে টলমলাই থকা এজাক প্ৰতিভাবান ছোৱালীৰ আঁৰত সহজেই লুকাই পৰা ছোৱালী সুৰভি।

আৰু এই সুৰভিয়েই যেতিয়া অনুব্ৰতৰ প্ৰেয়সী হৈ উঠিল, সকলো অবাক হ'ল।

কিয়?
কেনেকৈ?
কথাটো আচলতে কি?


কথাটো কি, অনুব্ৰতে কেতিয়াও কাকো ভাঙি পাতি  নকয়।

মাজে মাজে তাক কৰা প্ৰশ্নবোৰৰ একো উত্তৰ নিদিয়াকৈ সি ফালৰি কাতি আহে। লাহে লাহে প্ৰশ্নৰ উত্তৰ নাপাই মানুহবোৰৰ মুখ বন্ধ হয়। সিহঁতে ধৰি লয়,

"নিশ্চয় কিবা এটা আছে ছোৱালীজনীৰ, সুপ্ত প্ৰতিভা টাইপ, নহ'লেনো অনুব্ৰতে বাচনি কৰেনে?"

এচামে কয়,

"নহয় অ'। অনুব্ৰতৰ অন্তৰখন বহুত ভাল। সি তাইক একপ্ৰকাৰ ৰেচকিউ কৰিলে। নহ'লেনো তাইৰ নিচিনা চিম্পল ছোৱালী এজনীয়ে ক'ত পাত্তা পায়?"

"তাইক আমি নিচিনিছিলোৱেই, এতিয়া অন্ততঃ অনুব্রতৰ জহতে মানুহে তাইক চিনি পাইছে।"

অনুব্ৰত মনে মনে থাকে। উত্তেজনাৰ শাম কটাৰ পাছত নতুন প্ৰেমৰ অনুৰাগেৰে পুষ্ট সময়খিনি সি উপভোগ কৰে।


অলপ দিন আগৰ কিছুমান কথা তাৰ মনলৈ আহে।

তাৰ প্ৰথম প্ৰেমিকা আছিল স্বাতি। অপৰূপা সুন্দৰী। কুণ্ডত কটা চেহেৰা, লেটেষ্ট ফেশ্যনৰ ঢৌ খেলোৱা একোছা চুলি, ৩৬-২৪-৩৬ৰ স্লিম ফিগাৰ। মুঠতে অতীব সুন্দৰী স্বাতিৰ কঁকালত হাত দি অনুব্ৰত ঘূৰি ফুৰিলে নাচাওতা মানুহ নোলাইছিল।

"পাভ জোৰা।" মানুহে কৈছিল।
"ৱাও, কি সুন্দৰ কাপ'ল, হিৰ'-হিৰ'ইন একদম।"

অনুব্রতৰ গৰ্ববোধ হৈছিল। জিম কৰা সুঠাম বুকুখন আৰু অলপ ফুলি গৈছিল।

আৰু কি লাগিছে তাক। নিজেই সি ইমান পপুলাৰ, এতিয়া লগত সুন্দৰী, জনপ্ৰিয় প্ৰেয়সী। তাৰ চাহিদা বাঢ়িছিল।

ইয়াৰ পাছৰ দিনবোৰত সি শুনিবলৈ পাইছিল,

"অনুব্ৰতৰ কিন্তু ভাগ্য মানিছোঁ দেই, কলেজৰ বিউটি-কুইন তাৰ দুবাহুত।"
"স্বাতিৰ লাভাৰ অনুব্ৰত, বাহ্ তাৰ হে কপাল, আমি চবেই বিচাৰি থকা মালজনী সি পালে।"

তাৰ অলপ খং উঠিবলৈ লৈছিল।

ভাগ্য অকল তাৰ হে ভাল নে? স্বাতিৰ ভাগ্য কি ভাল নহয়, তাৰ নিচিনা ল'ৰা এটা পাই?

তাৰ গার্লফ্রেণ্ড তেন্তে এজনী মাল হে নে?

মানুহবোৰে নুবুজে।

সি অকণমান অতিষ্ঠ হৈ উঠিছিল।

বেছিকৈ অশান্তি পাবলৈ লৈছিল কলেজৰ গেট-টুগেদাৰ, পিকনিক, আউটিং ইত্যাদিবোৰত। কথাবোৰ অসহনীয় হৈ উঠিছিল।

ল'ৰা-ছোৱালীৰ গেদাৰিঙ বোৰত, চবেই তধা লাগি স্বাতিক চাইছিল, তাইৰ আশে-পাশে ঘূৰিবলৈ লৈছিল। তাৰ লগৰ ল'ৰাবোৰে তাইৰ লগত কথা পাতিবলৈ চাঞ্চ বিচাৰি ফুৰিছিল। আগতে সদায় দূৰৈত জিলিকি থকা স্বাতিজনী এতিয়া সিহঁতৰ গ্ৰুপৰে, সিহঁতৰ মাজৰে এজনী। কম কথা নে!

ছোৱালীবোৰেও স্বাতিক অনুকৰণ কৰিছিল। কলেজৰ সবাটোতকৈ ধুনীয়া ছোৱালীজনী তাই। পাৰ্টীৰ মধ্যমণি হৈ উঠিছিল স্বাতি।

স্বাতিয়েও এই এটেনশ্যন পুৰাদমে উপভোগ কৰিছিল। তাইৰ মুখত ঈষত অহংকাৰৰ ৰেশ ফুটি উঠিবলৈ লৈছিল।

লাহে লাহে অনুব্ৰতে অলপ অৱহেলিত বোধ কৰিছিল। অকল স্বাতিৰ দ্বাৰাই নহয়, তাৰ বন্ধু মহলতো সি ম্লান হৈ পৰিছিল। তাৰ যেন গুৰুত্ব কেৱল ধুনীয়া স্বাতিৰ বয়ফ্রেণ্ড বুলিহে, তাৰ নিজৰ যেন একো বৈশিষ্ট্যই নাই, এনেকুৱা অনুভৱ হৈছিল।

অথচ এই মানুহবোৰেই তাক আগতে চোন "অনুব্ৰত অমুক অনুব্ৰত তমুক" বুলি প্ৰশংসা কৰি তত নাপাইছিল।

তাৰ মনটো দমি গৈছিল।  সি সহ্য কৰিব নোৱাৰা হৈছিল।

প্ৰচণ্ড ইন-চিকিয়ৰ্ড অনুভৱ কৰিছিল অনুব্ৰতে, বিশেষকৈ স্বাতিৰ আগে পিছে যেতিয়া তাৰেই প্রিয়-বন্ধুৰ দলটো ঘূৰি ফুৰা দেখা পাইছিল।

এফালে নিজৰ গুৰুত্ব কমি যোৱাৰ জ্বালা, আনফালে নিজৰ প্ৰেয়সীক লৈ লগৰ বোৰৰ মাজত হোৱা উত্তেজনাই তাক দহি পেলাইছিল।

কোনো ফ্রেণ্ডছ পাৰ্টিত সি অকলে গ'লেই বন্ধুবোৰে  জাউৰীয়ে জাউৰীয়ে প্ৰশ্ন কৰিছিল,

"স্বাতি ক'ত বে?"
"স্বাতি নাহিল কিয়?"
"ধুৰ, মক্কেল। সুন্দৰী গাৰ্লফ্রেণ্ড লুকুৱাই অকলে আহিছ, কাম নাই?"

ধেমালিতে কোৱা এই কথাবোৰে তাক বিন্ধি পেলাইছিল।

ৰাতি ৰাতি তাৰ অকাৰণত খং উঠিছিল। সৰু সৰু কথাত স্বাতিৰ লগত কাজিয়া লগাইছিল সি। স্বাতিৰো খং উঠিবলৈ লৈছিল। তাক "নেৰ' মাইণ্ডেড" বুলি কৈছিল। সি কল ডিচকানেক্ত কৰি দলিয়াই দিছিল মোবাইল ফোন। দামী, লেটেষ্ট টেকনলজিৰ মোবাইলটো ভাঙি চুৰ-মাৰ হৈ গৈছিল।

তাক কিন্তু  ইন-চিকিউৰিটিৰ অন্য একুৰা জুয়েহে বেছিকৈ জ্বলাইছিল।

এতিয়া তাৰ কোনো পাত্তা নাই, স্বাতিয়েই মেইন।
স্বাতিওতো কম নহয়, কিয় গা ঘেলাই ফুৰে তাৰ লগৰ বোৰৰ লগত?

চকুৰ টিপ নমৰাকৈ, গুজৰি-গুমৰি উঠা উশাহবোৰৰ সৈতে অনুব্রতে বিনিদ্ৰ ৰজনী অতিবাহিত কৰিছিল।

পিছদিনা কন্দা-কটা, উচুপনি, মান-অভিমানেৰে ভৰা আব্দাৰত কাজিয়া ভাঙিছিল যেনিবা। সিহঁত বন্ধুবোৰ লগহৈ চিনেমা চাবলৈ গৈছিল।

মাল্টিপ্লেক্স থিয়েটাৰটোত বহি থাকোতে ৰূপালী পৰ্দাৰ দীপিকা পাডুকণৰ লগত স্বাতিৰ ৰূপৰ তুলনা হৈছিল।

ৰাতিলৈ আকৌ কাজিয়াৰ সূত্ৰপাত। আকৌ এটা অসহনীয়, ভাৰাক্ৰান্ত, নিদ্ৰাবিহীন ৰাতি পাৰ হৈছিল অনুব্ৰতৰ।

এনেকৈ অলপ দিন টানি টুনি চলালেও অনুব্ৰতৰ লাহে লাহে উশাহ নিশাহ বন্ধ হৈ আহিছিল। সম্ভাৱনাৰে পৰিপূৰ্ণ এই সম্পৰ্কেটোৱে একালৰ উজ্জ্বল অনুব্রতৰ উজ্জ্বলতাক যেন চেপি খুন্দি পেলাইছিল। সি হেৰাই গৈছিল।


শেষলৈ সম্পৰ্কটো টিকি থকা নাছিল। অনুব্ৰতেই ভাঙি পেলাইছিল। স্বাতিয়েও খাতিৰ কৰা নাছিল। তাই সহজ ভাবেই আঁতৰি গৈছিল।

অনুব্ৰতে মুকলিকৈ উশাহ লৈছিল।

তাৰ প্ৰয়োজন হৈছিল নতুন গার্লফ্রেণ্ডৰ। কলেজৰ অতিপাত পপুলাৰ ল'ৰা সি, চিঙ্গল হোৱাটো লাজৰ কথা।


এইবাৰ আহিছিল কৃষ্ণাক্ষী। স্বাতিৰ নিচিনা ধুনীয়া নহলেও তাইৰ চেহেৰা আছিল অতিকৈ আকৰ্ষণীয়। তাতকৈও বেছি আকৰ্ষণীয় আছিল তাইৰ ব্যক্তিত্ব। পঢ়াই শুনাই, নাচে গানে তাই আগৰনুৱা আছিল। কলেজৰ বেষ্ট তাৰ্কিক কৃষ্ণাক্ষী। লগতে বেষ্ট ষ্টুডেন্ট।

এইবাৰো অনুব্ৰতৰ দাম বাঢ়িছিল। কৃষ্ণাক্ষীক এই কলেজতেই নহয়, বাহিৰতো চবেই চিনি পায়। সপ্ৰতিভ, স্মাৰ্ট ছোৱালীজনী সকলোৰে নয়নৰ মণি।

কিন্তু কিছুদিন যোৱাৰ পাছত সি অনুভৱ কৰিলে, সি চোন একোতেই কৃষ্ণাক্ষীৰ জোৰৰ নহয়। কৃষ্ণাক্ষীয়ে তাক  ভাল পাই সঁচা, কিন্ত তাইৰ বাকপটুতা, তাইৰ তীক্ষ্ণ বুদ্ধি, তাইৰ মেধা, এইবোৰে তাক লাহে লাহে গ্ৰাস কৰি তুলিলে।

কৃষ্ণাক্ষী একুৰা জুই। আৰু এই জুইত তাৰ মিডিঅ'কৃতি যে চগাৰ নিচিনাকৈ জাহ যাব, এই কথা বুজোঁতে অনুব্ৰতৰ বেছি সময় নালাগিল।

অনুব্ৰতৰ বুকুখন লাহে লাহে আকৌ গধুৰ হৈ আহিছিল।

বন্ধু মহল ইতিমধ্যেই কৃষ্ণাক্ষী-ময় হৈ পৰিছিল। ঈৰ্ষা, ইন-চিকিউৰিটিৰ পুনৰাবৃত্তি হৈছিল অনুব্ৰতৰ জীৱনত।

কৃষ্ণাক্ষীক বাদ দিওঁতে তাৰ অলপ কষ্ট নোহোৱা নহয়। হৈছিল। কিন্তু নিজকে ভাল পোৱা অনুব্ৰতে, নিজকে হেৰাবলৈ দিব নোৱাৰিলে।

বন্ধু বোৰে প্ৰশ্ন কৰিছিল

"কি বে, কিয় ব্ৰেক-আপ কৰিলি ৰে?"

"নহয় অ', তাইৰ প্ৰতি মোৰ ৰিয়েল ফিলিঙ নাহিলেই, তাই মোক সচাই ভাল পাই, মই তেনেকৈ ভাল পাব নোৱাৰিলোঁ।"
তাৰ গা-এৰা দিয়া চমু উত্তৰ।


দিন বাগৰে। অলপ দিন হেৰুৱাই পোৱা গুৰুত্বৰ আভাত সি তৃপ্ত হয়। কিন্তু চিঙ্গল লাইফৰ ব'ৰদমে তাক ভাগৰুৱা কৰে। সি তাৰ জীৱনত প্ৰেয়সীৰ প্ৰেমৰ, যত্নৰ, আব্দাৰৰ অভাৱ অনুভৱ কৰে।

তাৰ পাছত এয়া। তাৰ জীৱনলৈ সুৰভিৰ আগমন। সি তাইক এজাক ছোৱালীৰ জুমটোত হঠাৎ এদিন লক্ষ্যঃ কৰে। তাই তালৈ ৰ' লাগি চাই আছিল। লগৰ ৰশ্মিয়ে এদিন তাক কৈছিল, সুৰভিয়ে হেনো তাক ভাল পায়, তাক চায়।

উজ্জ্বল এহাল চকু। তাৰ বাহিৰে ভাল পাবলগীয়াকৈ একোৱেই নাই সুৰভিৰ।

সাধাৰণ এজনী ছোৱালী। ভিৰৰ মাজত হেৰাই যাব পৰাকৈ সামান্য।

পিছদিনাই সি তাইক প্ৰেমৰ প্ৰস্তাব দিয়ে। তাই আপত্তি কৰাৰ কথাই নাহে।

"মোকনো কিয় ভাল পালা, মইতো তোমাৰ জোৰৰ নহয়।"
সুৰভিয়ে তাক প্ৰশ্ন কৰে।

"তাতে কি হ'ল, ভালপোৱাই চেহেৰা নাচাই সু, মই তোমাৰ মনটোক ভাল পাই পেলাইছোঁ।"

সুৰভিয়ে আবেগেৰে তাক সাৱটি ধৰে। কলেজৰ ভীষণ পপুলাৰ ল'ৰাটোৱে তাইক, সুৰভিক, ভালপায়। কৃতজ্ঞতা, উৎসাহ, ভালপোৱাৰে তাই অভিভূত হৈ উঠে।


বন্ধু মহলৰ উৎকণ্ঠাৰ শাম কটাৰ পাছত অনুব্রতে এইবাৰ সুৰভিক লৈ চ'চিয়েলাইজ কৰিবলৈ লয়, নিষ্কণ্টক, বিনাদ্বিধাই। পাৰ্টি, পিকনিক, বন্ধুৰ গেট-টুগেদাৰ সকলোতে তাইক মুকলি মনেৰে লৈ যায়। হৈ-ছৈ কৰি থকা এজাক লৰা-ছোৱালী মাজত সুৰভি মাথোঁ অন্যতম এজনী হৈ মিলি যায়। সাধাৰণভাবে সকলোৱে তাইৰ লগত কথা পাতে।

অনুজ্জ্বল প্ৰেমিকাৰ উজ্জ্বল, বহল মনৰ প্ৰেমিক অনুব্ৰত গ্রুপটোত আকৌ এবাৰ জিলিকি উঠে। তাৰ গুৰুত্ব আকৌ এবাৰ বাঢ়ে।

সি স্বস্তিৰ নিশ্বাস পেলায়। মুকলি অনুভৱ কৰে।

এসময়ত ভিতৰৰ পৰা নিস্প্ৰভ হৈ মৰহিব খোজা তাৰ  সুঠাম বুকুখন আকৌ এবাৰ আত্মশ্লাগাত ফুলি উঠে। এইবাৰ সি পোৱা গুৰুত্ব অক্ষুন্ন হৈ ৰ'ব বোলা অনুভূতিটোৱে তাক এক বেলেগ আত্ম-সন্তুষ্টি দিয়ে।

সেই সন্তুষ্টিৰ ফলস্বৰূপ ওঠেৰে বিৰিঙি অহা কিঞ্চিত হাঁহিৰ ৰেশটো লৈ এহাতে ৱাইন গ্লাছটো তুলি সি কৈ উঠে "চিয়েৰছ ফ্রেণ্ডছ।"

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২০.০৭.২০২০

Monday, 20 July 2020

প্ৰতিবিম্ব




প্ৰতিবিম্ব

(চুটি গল্প)


"ৰিম, হ'ল নে তোৰ? ওলা ওলা, দেৰিয়েই হ'ব এতিয়া।" নীতিয়ে পদূলিমুখৰ পৰা জীয়েকক চিঞৰি মাতে। 

ৰিমলী খৰ-খেদাকৈ ওলাই আহে। পিন্ধনত তাইৰ এটা নী-লেংথ কটন ফ্ৰক, চুলিখিনি পনি-টেইল কৰা, কান্ধত এটা ওলমোৱা স্কুল বেগ। 

তাইৰ ওঁঠত সামান্য লিপ গ্লছ। ৰঙচুৱা আভা।

"আকৌ লগাইছ নে সেই সোপা। মোচ মোচ, মুচি পেলা।" মাক নীতিয়ে ধমক দিয়ে।

"এহ মা, প্লিজ...চবেই লগাই। আই এম নট এ কিড এনি ম'ৰ।" ৰিমৰ বিৰক্তি সনা উত্তৰ।

ৰাস্তাত কাষেৰে যোৱা মানুহ দুটাই ঘূৰি চায়। মাক জীয়েকৰ কথাৰ উমান ল'ব খোজে।

নীতিয়ে কথা নবঢ়ায়। ছোৱালী ডাঙৰ হৈছে, টিন-এজত এনেও অলপ ৰিবেলিয়াছ হয়।

লগাওঁক বাৰু। 

কিন্তু এই বয়সৰ চঞ্চলতাখিনি মাকে কোনো পধ্যেই চকুৰ আঁতৰ কৰিব নোখোজে। 


ৰিমলী স্কুলৰ পৰা অহাৰ পাছত সপ্তাহত তিনি দিন তাইক কিবা এটা খুৱাই, খৰ-ধৰকৈ নীতিয়ে অংকৰ টিউশ্যনলৈ লৈ যায়। 

ৰিমলী এইবাৰ টেনত। এইবছৰ জীৱনৰ প্ৰথম ডাঙৰ পৰীক্ষা, মেট্ৰিক। তাইতকৈ মাকৰহে টেনশ্যন বেছি। 

এইটো টিউশ্যন ৰিমলীয়ে ক্লাছ নাইনৰ পৰাই কৰি আহিছিল। আগতে একে লগৰ কৃষ্টিৰ লগত গৈছিল। মাকে ৰিক্সা ঠিক কৰি দিছিল। কিন্তু কেইমাহমান আগতে কৃষ্টিহতে ভাড়া ঘৰ এৰি অন্য এক অঞ্চলৰ নিজা ঘৰলৈ উঠি গ'ল। ৰিমলী অকলশৰীয়া হ'ল।

দুদিনমান টিউশ্যনলৈ ৰিক্সাত ৰিমলী অকলেই গ'ল। কিন্তু এদিন গধূলি অফিচৰ পৰা অহাৰ ৰাস্তাত নীতিৰ স্বামী প্ৰশান্তই জীয়েকক টিউশ্যনৰে চকটোত তিনিটামান সমবয়সী ল'ৰাৰ সৈতে জোৰ গলাৰে হাঁহি আড্ডা মাৰি থকা দেখা পালে।

প্ৰশান্তই নীতিক কথাটো কাণ চোৱাবলৈহে পালে, নীতিয়ে তাল ফাল লগালে।

"লেগাম চিগা গৰুৰ নিচিনাকৈ সদ্য যৌৱন প্ৰাপ্ত জীয়ৰীক অকলে এৰিব নোৱাৰো, লগত অনা-নিয়া কৰিম..." বুলি তাই হুলস্থুল এখন লগালে।

প্ৰশান্ত অলপ অবাক হৈছিল। কিন্তু পিছত, সচৰাচৰ দায়িত্বশীল মাকে জীয়েকৰ সাৱধান ল'ব খোজা বুলি কথাটো নীতিৰ ওপৰত এৰি দিছিল।

নীতিৰ চিন্তা বহুত। জীয়েক ৰিমলী এনেও অলপ বেছি ধুনীয়া, মাকৰ গঢ়ত উঠা ছোৱালী। বয়সৰ হিচাপত জোখতকৈ অলপ চঞ্চল।

ইফালে সমুখত মেট্ৰিক। যদি প্ৰেম-ট্রেমৰ পাল্লাত পৰি পঢ়া-শুনা ৰসাতলে যায়, কি হব! আগতেও স্কুলত কোনোবাই প্ৰেম-পত্ৰ নে কি দিয়াৰ গুজৱ ওলাইছিল। এইবোৰ ভাবি-গুণী নীতিয়ে তাইক নিজে অনা-নিয়া কৰিবলৈ ল'লে। 


"যোৱা এতিয়া তুমি মা, বহাগৈ, পালোহি আমি।" ৰিমে টিউশ্যন চেণ্টাৰৰ ওচৰ পায়েই মাকক ক'লে। 

লগৰবোৰে মাকে থ'ব অহা দেখিলে জোকায়। তাই লাজ পায়। গতিকে মাকে অলপ দূৰৈতে তাইক এৰি দিয়ে। দুখোজমান আঁতৰৰ ঠাই এডোখৰত গৈ অপেক্ষা কৰে।


সচৰাচৰ বহাৰ দৰে নীতি আহি একাশৰীয়াকৈ থকা ৰাস্তাৰ দাঁতিৰ বেঞ্চখনত বহি পৰিল। আগতে এইখিনিতে এখন চাহৰ দোকান আছিল, গ্ৰাহকে বহি চাহ খাব পৰাকৈ বেঞ্চখন লগোৱা হৈছিল। এতিয়া দোকান উঠি গ'ল, বেঞ্চখন থাকি গ'ল।

এমুৰীয়া বেঞ্চখনত বহি নীতিয়ে গল্পৰ কিতাপ পঢ়ে। কেতিয়াবা মোবাইলটোত গেম এটাকে খেলে। মন নগ'লে ৰাস্তাৰে অহা যোৱা কৰা মানুহবোৰ চায়। 

মেইন ৰোডৰ পৰা ফালৰি কাটি অহা ৰাস্তাটোত মানুহ, যান-বাহনৰ সমাগমৰ মাজত নীতিৰ বেয়া নালাগে। টাইম পাছ হৈ যায়। এক ঘণ্টাৰ টিউচন ক্লাছ হয় মানে নীতি ব'ৰ নহয়।

সমুখত এখন ষ্টেচনেৰি শ্বপ, এখন খেলনাৰ দোকান আৰু এটা গেৰেজ। গ্ৰীল, গেইট ইত্যাদি বনায়। হৈ-হাল্লা, টুং-টাং শব্দৰ সমাহাৰ। নীতিয়ে সিহঁতৰ কাণ্ড কাৰখানাবোৰ চাই থাকে।

ষ্টেচনেৰী দোকানখনত ল'ৰা এটা বহে। বোধহয় তাৰেই দোকান। বেছ দেখনিয়াৰ, সপ্ৰতিভ। ২৪-২৫ বছৰীয়া ল'ৰাটোক আজি কিছুদিনৰ পৰা নীতিয়ে মন কৰিবলৈ লৈছে। তাৰ মতি-গতি দেখি নীতি অলপ সন্ত্ৰস্ত হৈছে।

সি  আজিকালি নীতিহতক দেখিলেই কিবা এটা কৈ উঠিব খোজা যেন কৰে। নীতি আৰু ৰিমলীয়ে ৰাস্তাত খোজকাঢ়ি দোকানখনৰ সমুখ পালেগৈ, সি ব্যস্ত হৈ উঠে। তাৰ ডাঙৰ চকু কেইটা উজ্জ্বল হৈ পৰে।

ৰিমলীও যেন আৰু অলপ চঞ্চল হৈ উঠে।

নীতিয়ে প্ৰথমে মন কৰা নাছিল। কিন্তু এদিন দেখা পালে। ৰিমলীয়েও তাৰ ফালে চাই, হাহোঁ হাহোঁ যেন কৰিছে। সি মিচিকিয়াই সঁহাৰি দিছে। 

নীতিয়ে এইবোৰ অংগী ভংগী ভালকৈয়ে বুজে। 

"তই চিনি পাৱ নিকি?" তাই ৰিমক সুধিছিল।

"নাই, তেনেকৈ নাপাওঁ। এনেই, কিবা কিবি কিনিছিলোঁ আগতে, তাৰ দোকানৰ পৰা।" ৰিমৰ গা-এৰা দিয়া উত্তৰ।

নীতিৰ সন্দেহ হয়।

এয়াইতো বয়স।

ৰিম ষোড়শী গাভৰু, চালে চকুৰোৱা। স্বভাৱত চঞ্চল। ল'ৰাটোওতো বেছ দেখনিয়াৰ। জিম চিম কৰে বোধহয়।

কিবা কিবি চলি আছে যদি?

চলিবও পাৰে। নচলাৰতো কোনো কথা নাই।

অলপ দিন নিৰীক্ষণ কৰি তাই দেখিলে সিহঁত দুইটাৰ মাজত বেছ মিচিকিয়া হাঁহিৰ আদান প্ৰদান এটা চলি থাকে। মূৰ দুপিয়াই সঁহাৰি দিয়া, ওচৰেদি পাৰ হৈ গ'লে কৰা অংগী-ভংগী দেখি নীতিৰ সন্দেহ বাঢ়ি যায়। তাই অলপ ভয় খায়।

নীতিৰ নিজৰ পুৰণি কথা মনত পৰে।


একালত তাই নিজৰ অঞ্চলতেই নহয় স্কুলৰ ভিতৰতো দেখিবলৈ ধুনীয়াজনী আছিল। নাইনত পঢ়ি থাকোতে এনেকৈয়ে ৰিমৰ দৰে স্কুলৰ ওচৰৰ কনক দোকানীৰ প্ৰেমত পৰিছিল। পিছলৈ পঢ়া-শুনালৈ পিঠি দিছিল। লুকাই চুৰকৈ লিখা চিঠি দেউতাকৰ হাতত পৰাৰ পাছত ঘৰত কি তাণ্ডৱ। 

ককায়েকৰ মাৰ খাই কনকে প্ৰেমৰ ইতি পেলাইছিল। কান্দি কান্দি নিতীয়েও তাক পাহৰিবলৈ বাধ্য হৈছিল। 

কলেজত ভৰ্তি হোৱাৰ পিছত, নীতিৰ ৰূপ সৌন্দৰ্যত মানুহ বলিয়া হৈ উঠিছিল। নীতি অহংকাৰী হৈ পৰিছিল। পঢ়া-শুনাত তাইৰ মন নবহিছিল। কেৱল কোনে তাইক ভাল পালে, কি বুলি প্ৰপজ কৰিলে এইবোৰৰ ধান্দা মনত খেলাইছিল।

ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰতে তাই নিজৰেই ক্লাছমেট অনলৰ লগত এফেয়াৰ হৈছিল। ঘূৰা-ফিৰা কৰি প্ৰেম কৰোঁতে ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা বেয়া হৈছিল তাইৰ। পিছলৈ ঘৰত গম পোৱাত দেউতাকে দৰা বিচাৰি তাইক বিয়া দি দিছিল। তাইৰ পঢ়া-শুনাত যৱনিকা পৰিছিল। 

বিয়াত বহিবলৈ মন নাছিল তাইৰ। আৰু ভুল নকৰোঁ বুলি ঘৰত ক্ষমাও খুজিছিল। কিন্তু দেউতাকে ইতিমধ্যে বিয়া ফাইনেল কৰি পেলাইছিল। কান্দি কান্দি শেষত নীতিয়ে ভাগ্যক মানি লৈছিল।

জুনিয়ৰ ইঞ্জিনীয়াৰ প্ৰশান্ত ঠাণ্ডা মানুহ। বিয়া হৈ আহি নীতি সলনি হৈছিল। প্ৰশান্তৰ মৰমৰ প্ৰশান্তিত তাই শান্ত সমাহিত হৈ উঠিছিল। আগৰ প্ৰেমবোৰ অমূলক যেন লাগিছিল। এবছৰৰ ভিতৰত ৰিমলী হৈছিল। তাইৰ সংসাৰখন সুখৰ হৈ উঠিছিল। কিন্তু ভালকৈ পঢ়া-লিখা নকৰা, চাকৰি এটা কৰিব নোৱাৰাৰ দুখে তাইক ভিতৰৰ পৰা কুৰুকি-কুৰুকি খাইছিল। তাই হিন্য-মান্যতাত ভুগিছিল। লগৰবোৰৰ একো একোটা সফল জীৱন দেখি তাই কষ্ট পাইছিল, আফচোচ কৰিছিল। 

তাইৰ অদম্য ৰূপ, বাধা নমনা যৌৱনে তাইৰ জীৱনটো উখল মাখল লগালে, সেই উখল মাখলে জীৱন-জুৰি তাইক খুলি-খুলি খালে।

ভগৱানক সদায় নীতিয়ে প্ৰাৰ্থনা কৰে, তাইৰ হেন জীৱন জীয়েকৰ যাতে নহয়। জীয়েকে যাতে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে। 

নাই, তাই ৰিমলীক বুজাব।

এই বয়স প্ৰেম কৰাৰ নহয়। এই বয়স জীৱন গঢ়াৰ। নিজৰ জীৱনটো ঠিক কৰি কেৰিয়াৰ এটা গঢ়িব পাৰিব লাগিব ৰিমলীয়ে। তেহে নীতিৰ মাক হিচাপে দায়িত্ব পূৰণ হব।

ৰূপ-যৌৱন এইবোৰ মিছা। 


ভাৱনাত বিভোৰ নীতিৰ হঠাৎ তন্দ্ৰা ভাঙিল। তাইৰ এইবাৰ ৰাস্তালৈ চকু গ'ল।

ল'ৰাটোৱে চোন তাইৰ ফালেই চাই আছে।

"ভাবিছে চাগৈ ৰিমলী কেতিয়া আহিব।"

"আৰে, সি চোন আগবাঢ়ি আহিছে এইফালেই।"

"কিয় আহিছে বা!" নীতিয়ে ভাবিলে। 

মূৰটো ঘূৰাই দেখে টিউশ্যন শেষ। চেণ্টাৰৰ পৰা ৰিমলী ইতিমধ্যে ওলাই আহিছে। 

"অ' কথা তাৰমানে সেইটো। ইমান সাহস, তাইক চাবলৈ ওচৰ পাইছেহি এইটো।" নীতিৰ খং উঠিল।

"ভালনে?" ৰিমে ওচৰ চাপি তাক দেখা পাই হঠাৎ প্ৰশ্ন কৰে। 

ল'ৰাটো থতমত খাই উঠে। 

সি চাগে অপ্ৰস্তুত হৈছে। মাকৰ সমুখতে ৰিমলীয়ে তাক খোলাকৈ মাত লগাইছে। সি চাগৈ ভবাই নাছিল।

মূৰ দুপিয়াই সঁহাৰি দি সি কোবা-কুবিকৈ পাৰ হৈ গ'ল। যাওঁতে খৰ-খেদাৰ কোবত ভৰিৰে সি বেঞ্চখনত খুন্দা এটাও খালে।

নীতি এইবাৰ নিশ্চিত হ'ল। 

ৰিমলীৰ ফালৰ পৰা নহ'লেও তাৰ ফালৰ পৰা পূৰা ইণ্টাৰেষ্ট আছে। সেইটো ধুৰূপ।

"যাওঁ ব'লা মা। মোৰ ভোক লাগিছে।"

ৰিমৰ মাতত নীতিয়ে সম্বিত ঘূৰাই পালে। তাই যাবলৈ বুলি বেগটো বেঞ্চখনৰ পৰা তুলি ল'লে।

হঠাৎ তাইৰ কাগজ এখনত চকু পৰিল। সৰুকৈ ভাঁজ কৰা কাগজখন বেঞ্চখনত তাইৰ বেগটোৰ ওচৰতে পৰি আছিল। 

এনেকুৱা কাগজৰ স্বৰূপ নীতিয়ে ভালকৈয়ে জানে। 

"কি স্পৰ্ধা। ই তাৰমানে ৰিমক চিঠি দিবলৈকে আহিছিল। খৰ-খেদাত বেঞ্চখনত পৰি গ'ল। ভাগ্য ভাল ৰিমে দেখা নাপালে।" নীতিয়ে মনতে ভাবিলে।

ৰিমে দেখাৰ আগেতেই সাউতকৈ তাই চিঠিখন তুলি নিজৰ বেগত ভৰাই ল'লে। এনেয়ো একালত এই কামটোত তাই সিদ্ধহস্ত আছিল।


"আজি কিন্তু কিৰিপৰ দোকানৰ ৰোল খাম হা। মা, শুনিছা? প্লিজ কিনি দিবা।" ৰিমে কৈছিল।

"আজি ছাৰে জানা ক্লাছত ত্ৰিদিপক খুব বকিলে। ইমান বদমাছ সি, চিগাৰেট আছিল পকেটত।"

ৰিমৰ লেঠাৰি নিছিঙা কথা।

নীতিৰ মূৰটোত একো সোমোৱা নাই। তাইৰ ধ্যান চিঠিখনত। ঘৰতগৈ পঢ়ি চাব। তাতেই উমান পাব কথা কিমান দূৰ আগবাঢ়িছে।

সকলো ফাচ হ'ব আজি। যদি তেনেকুৱা কিবা হয়, ৰিমৰ পিঠিৰ ছাল চিঙিব তাই। টিউশ্যনেই বন্ধ কৰি দিব দৰকাৰ হ'লে। নালাগে তাই টিউশ্যন পঢ়িব।

ঘৰতে মাষ্টৰ যোগাৰ কৰিব। মুঠতে চকুৰ আগত ৰিমৰ জীৱন তচ-নচ হ'বলৈ নিদিয়ে।

"এই চেঙেলিয়া বয়সত প্ৰেম। কিহৰ তাগজ।" নীতিৰ ওঁঠৰে তাচ্ছিল্যৰ হাঁহি এটা ওলাই আহিল।

"ময়ো তোৰহে মা'ৰ। ৰ' ব্যৱস্থা কৰিম।" তাই মনতে পাঙিলে।

ৰাস্তাত ৰোল কিনি, ৰিমক ফুচকা খুৱাই ঘৰ সোমাইহি মানে নীতি অধৈর্য হৈছিল।


ঘৰত সোমায়েই তাই ৰিমক মুখ-হাত ধুই ফ্রেছ হবলৈ কৈ নিজৰ কোঠাত সোমালগৈ। একেলগে চুইচ বৰ্ডৰ গোটেইকেইটা চুইচ টিপি দিলে। এটা টিউব, দুটা হেল'জেন বাল্ব একেলগে জ্বলি উঠিল। ফেনখন ফুল স্পীদত ঘূৰিবলৈ ধৰিলে। 

নীতিয়ে উশাহটো ঘূৰাই চিঠিখন উলিয়াই ল'লে।

আজি বহুত দিনৰ মূৰত তাইৰ হাতত এনেকুৱা এখন চিঠি। এক উগুল-থুগুল অৱস্থা।

কিন্তু আজি তাই মাক। আজি এই চিঠিক প্ৰশ্ৰয় দিয়াৰ সময় নহয়, ইয়াক নিৰ্মূল কৰি সমাধান কৰাৰ হে কথা। 

ৰূপ-যৌৱনৰ উত্তালতাক দমন ক'ৰাৰ সময়।

চিঠিখনত চেণ্ট মৰা আছিল। কোমল সুগন্ধ এটা  নিগৰি আহি নীতিৰ নাকত লাগিল।

হঠাৎ তাইৰ কনকলৈ মনত পৰি গ'ল। সিয়ো তাৰ চিঠিবোৰত পণ্ডছ পাউদাৰ অকণ ছটিয়াই দিছিল।

কি দিন আছিল সেইবোৰ। শাসন নমনা, উত্তাল।

পুৰণি চিন্তাবোৰ মনৰ পৰা জোৰকৈ আঁতৰাই তাই চিঠিখন পঢ়িবলৈ ল'লে।

"মোৰ হৃদয়ৰ ৰাণী,

সৌন্দৰ্য্যও যে এনেকুৱা ঘাটক হয় জনাই নাছিলোঁ, তোমাৰ ৰূপে মোৰ কলিজা মুচৰি পেলাইছে।"

বাহ। ই দোকানী হ'ব পাৰে, কিন্তু দুৰন্ত কবিওচোন। নীতিৰ অকণমান হাঁহি উঠিল।

মুখত হাঁহিৰ ৰেশটো লগায়েই তাই পঢ়ি গ'ল,

"তোমাক দেখাৰে পৰা মই একপ্ৰকাৰ বলিয়া হৈ পৰিছোঁ জানা। তোমাৰ হাঁহি, তোমাৰ চকুৱে কথা কয়। আৰু ওৰে ৰাতি মই সেই হাঁহি, সেই চাৱনি মনত পেলাই উজাগৰে থাকোঁ। মোৰ মনৰ কথাবোৰ তোমাক কবলৈ বুকুখন উকমুকাই থাকে।"

আচ্ছা প্ৰেমটো এতিয়াও প্ৰকাশ হোৱা নাই মানে। ৰক্ষা। ৰিম ইনভলভদ নাই যেতিয়া বেছি প্ৰব্লেম নহ'ব। ল'ৰাটোক তাই গৈ দম এটা দি আহিলেই হৈ যাব।

তাই আকৌ পঢ়িবলৈ ল'লে,

"জানোঁ তুমি মোতকৈ বহুত ডাঙৰ, জানো তোমাৰ সুখৰ সংসাৰ আছে, কিন্ত মোৰ ভালপোৱাই যে বয়সৰ প্ৰাচীৰ, সমাজৰ বান্ধোন মানিব খোজা নাই। "

নীতি মূক হৈ পৰিল। তাইৰ পেটটো পকাই যোৱা যেন কৰিলে।

পিছৰ কথাখিনি অলপ পোনপতিয়া। থৰক-বৰক হাতেৰে চিঠিখন ধৰি তাই পঢ়ি গ'ল,

"তুমি আজিকালি মোক চোৱা। মই দেখোঁ। ভাল লাগে জানা। তুমি বেঞ্চখনত বহি থকা এঘণ্টা সময় মোৰ জীৱনৰ সবাতোতকৈ অমূল্য সময়। মই তোমাক প্ৰাণভৰি চাওঁ। ৰিমক দেখিলেই অনুমান কৰিব পাৰো, তুমি সেই বয়সত কিমান ধুনীয়া আছিল। এতিয়াও তুমি অতুলনীয়া, মোৰ বাবে অন্যন্যা। তোমাৰ সৌন্দৰ্য্যখিনি সৌম্য, মোহনীয়। মোক জীয়ন দিয়ে। বেছি একো নিবিচাৰোঁ, কেৱল যদি মৰম দিব পাৰা। নিঃস্বাৰ্থ, শান্ত, সমাহিত মৰম। মোক আৰু একো নালাগে।

নীতি, মোৰ হোৱা প্লিজ।

ইতি

তোমাৰ অনুৰাগী অনুৰাগ।"

নীতিৰ মুখৰ ভাষা নাছিল। তাইৰ মূৰটো ঘূৰাই গৈছিল।


বন্ধ দুৱাৰখনত বাহিৰৰ পৰা ৰিমে ধকিয়াই আছিল। 

কিন্তু উঠি গৈ খোলাৰ শক্তিকণ নীতিৰ নাছিল। 

বেদৰুমৰ লাইফ চাইজ আইনাখনলৈ তাইৰ চকু গ'ল।

এৰা, তাইৰ সৌন্দৰ্য এতিয়াও অক্ষুণ্ণ। কোঠাটোৰ এটা টিউব, দুটা হেল'জেন বাল্বৰ পোহৰখিনি নিস্প্ৰভ কৰিব পৰাকৈ উজ্জ্বল।

তাইৰ এই ৰূপ, তাইৰ এই এৰা নোখোৱা যৌৱনে তাইক এতিয়াও দহি খাইছে। নিজৰ সৌন্দৰ্য্য, নিজৰ ধুনীয়া, ৰূপটো তাইৰ আকৌ এবাৰ বোজা স্বৰূপ লাগিল।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
১০.০৬.২০২০

xxxxxxxxxxxxxx

(এনেকুৱা themeৰ অকণমানি গল্প এটা বহু বছৰ আগেয়ে কোনোবা এখন আলোচনীত পঢ়িছিলোঁ। ৰিণিকি ৰিণিকি মনত আছে। themeটোৰ পৰা inspirationলৈ এই গল্পটোত বাৰ্তা, কথা, শৈলী আৰু চৰিত্ৰ নিজৰ ধৰণে সৃষ্টি কৰি গল্প আকাৰ দিলোঁ।)

বয়ফ্রেণ্ড





বয়ফ্রেণ্ড
(কথাগল্প)

: হেল'। ক'ত তুমি জীউ?

: ৰাস্তাত।

: ৰিক্সা পালা?

: পালোঁ।

: কি হ'ল? ভালকৈ কথা নোকোৱা?

: কি আৰু ভালকৈ ক'ম, তুমি কৌনচা মোৰ ফিকৰ কৰা?

: আৰে, কি হ'ল, মুখ ফুলাইছা হ'বলা?

: অ' ফুলাইছোঁ। বেছি কৰাযে তুমি।

: কিনো অপৰাধ কৰিলোঁ ক'বানে এতিয়া মেডাম?

: তুমিতো কলেজ আহিছিলা মোক লগ ধৰিবলৈ, এবাৰো নকলা ড্ৰপ কৰি দিওঁ বুলি।

: আৰে, মই অফিচৰ লাঞ্চ-আৱাৰতহে আহিছিলো। তাকো তোমাক ফর্মখন দিবলৈ, জাষ্ট ফৰ ফাইভ মিনিটছ। ড্ৰপ কৰাৰ টাইম ক'ত?

: তাকেই কোৱা। তোমাৰ খালি কাম আৰু কাম।

: কাম নকৰিলে কি খাম?

: মজাক বন্ধ কৰা। লগৰ ফ্রেণ্ডবোৰৰ লগত চিনাকি কৰাই দিলোঁ...ভাবিছিলো ইউ ৱিল স্পেণ্ড চাম টাইম। তুমি যিহে লৰা-লৰি কৰিলা, কিযে ভাবিছে চাগৈ তোমাক ৰাতুল-চুমকিহঁতে।

: কি আৰু ভাবিব, জীমণিৰ ৱাৰ্কহ'লিক ইনচেনচিটিভ বয়ফ্রেণ্ড বুলি।

: তোমাৰ খালি পেংলাই। মই ইমান ফুটনি কৰোঁ তোমাক লৈ, চব পানী হ'ল।

: একো নেভাৱে দিয়া...এনেয়ো সিহঁতচোন লৰা-লৰিত আছিল।

: অফকৌৰছ। আজি শাহৰুখৰ নতুন মুভি ৰিলিজ দিছে আৰু। চব অনুৰাধা যাব, চিনেমা চাবলৈ।

: ....

:হেল' অনি, আছানে?

: হুম, চব একচাইটেদ মানে আৰু।

: ময়ো আছিলোঁ। ভাবিছিলোঁ তুমি আৰু ময়ো যাম লগত, কিন্তু তুমি...

: মই কি?

: তুমিতো ফট-ফটাই গুচিয়েই গ'লা আৰু মোকো কলৈকো যাবলৈ মানা কৰি দিলা।

: আৰু তুমি কি বাধ্য কণমানিজনী। এবাৰ মানা কৰোঁতেই যে নগ'লা।

: মই বহুত আপচেট। জানা...চুমকিয়ে মেছেজ কৰিছে "তোৰ অনিমেষটো কি বৰিং"।

: ৱ তো হেই।

: কিয় মানা কৰিলা? সিহঁতে ভাবিব তুমি নেৰ'-মাইণ্ডেড মেল-চৌভিনিষ্ট।

: হয় জানো মই? চৌভিনিষ্ট?

: একেবাৰেই নহয়। মোক কোনোদিনে কাৰো লগত মিলমিছা বা পাৰ্টি কৰিবলৈ বাধা দিয়া নাই...কুৱেশ্যন কৰা নাই...ইভেন লগৰ ল'ৰাৰ লগতো। তেন্তে আজি কিয়, কি ভাবিব চুমকিহতে?

: কি ভাবিব নেজানো, কিন্তু চুমকিহঁততকে তুমি যে পঢ়াই শুনাই, স্বভাৱে বহুত ভাল সেইটো জানো। তুমি যে টেলেন্টেড সেইটো জানো।

: বৰ জানা!

: আৰু গ্ৰেজুৱেশ্যন কৰি চুমকিহতে যে মাক-দেউতাকে চাই দিয়া ধনীৰ দুলাল ল'ৰা একোটাৰ লগত বিয়া হ'ব সেইটোও জানো। তুমি নিজেই কৈছিলা এদিন।

: বিয়া হোৱাটো বেয়া নিকি?

: কিয় বেয়া, নহয়। আমিয়োতো হ'ম। কিন্তু ফিলহাল... নিজৰ ভৰিৰ ওপৰত থিয় দিয়াতো বেছি ইম্পৰটেণ্ট। ইস্পেচিয়েলি তোমাৰ দৰে মিডিল ক্লাছ ঘৰৰ ছোৱালীৰ বাবে।

: সেইটো মই জানো, মই চোন কৈছোৱেই এমবিএ কৰিম। ইনদিপেণ্ডেণ্ট হম।

: তেন্তে? আৰু এসপ্তাহ পিছত তোমাৰ CATৰ এণ্ট্ৰেন্স টেষ্ট। ভাল পাৰচেণ্টাইল নাপালে আগশাৰীৰ ইনষ্টিটিউটত চিট নেপাবা। দুখ নালাগিব যে পৰীক্ষাৰ এসপ্তাহ আগত চিনেমা চাই ফাং ফুং কৰি ঘূৰি ফুৰিলো।

: জানো মই, ইটছ টাইম টু ফকাচ।

: ৰাইট। তেন্তে ভাল ছোৱালীৰ দৰে ঘৰলৈ গৈ প্ৰিপাৰেশ্যন কৰাগৈ। ৰাতুল, চুমকি, শাহৰুখৰ মুভি, চব ৰৈ থাকিব। CAT নৰয়। 

: আৰু তুমি?

: মই নৰও। ফট ফটাই গুচি যাম আক।

: হ'ব, লেকচাৰ নিদিবা আৰু। হোষ্টেল পালোহি...যাওঁ পঢ়োঁগৈ...ভোক লাগিছে...ব্ৰেড দুচকল আছে...তাকেই চোবাই লওঁগৈ।

: মোৰ মূৰটো চোবাই ভোক নুগুছিল মানে?

: ধেইট... বেছি কৰা দেই। উৱা! মোৰ ফুড পাৰ্চেল আহিছে চোন এইটো, কোনে পঠালে?

: শাহৰুখে বোধহয়।

: অহ মাই গড! KFC বাকেত! ৱাও! তুমি পঠাইছা চোন অনি, ইউ আৰ দা বেষ্ট।

: হ'ব হ'ব তেল মাৰিব নেলাগে। এতিয়া মোৰ মাথা চোবোৱা বাদ দি মাংসকে চোবোৱা।

: আই লাভ ইউ অনি। কেনেকৈ যে মোৰ মনৰ কথা বুজি পাই যোৱা।

: হুম। ভালকৈ পঢ়া এতিয়া, ফোন থোৱা। 

: ধেই, ব'ৰটো কটা!

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৮.০৪.২০২০

xxxxxxxxxxxxxx


সময় জ্ঞান



সময় জ্ঞান

(এক মিনিটৰ গল্প)


চাৰে-ছয় বাজিলেই।

লিখি থোৱা "ই-মেইলখ"নত আকৌ এবাৰ চকু ফুৰাই "চেণ্ড" বুটামটো টিপি দিলোঁ। এইবাৰ "লেপটপ" বন্ধ কৰি মেলা চুলিখিনি হাত ফুৰাই ঠিক-থাক কৰি ল'লোঁ। বেগটোত চেদেলি-ভেদেলি হৈ থকা বস্তুবোৰ কোনোমতে সামৰি ভৰাই ঘৰলৈ যাবলৈ সাজু হ'লোঁ।

আজি ৰাতি ভাত খোৱা আলহী আহিব। শ্ৰীমান নাই, কামৰ সংক্ৰান্তত মুম্বাইলৈ গৈছে। গতিকে ময়েই বজাৰ-সমাৰ কৰি লৈ যাব লাগিব। ৰন্ধা-বঢ়া, আলহীক খুৱাই-বুৱাই পঠিওৱাৰ পিছত টুনাক শুৱাই, তাইৰ "প্ৰজেক্ট"ৰ বাকী থকা কিছু কাম চাই দিব লাগিব।

মুঠতে দেধাৰ কামে মোলৈ বাট চাই ৰৈ আছে।

খৰখেদাকৈ ওলালোঁ।

"লেপটপ" বেগটো কান্ধত ওলমাই চকীখনৰ পৰা উঠিছোহে মাত্ৰ, "মাৰ্কেটিং ডিভিজন"ৰে সহকৰ্মী স্বপন ডেকাই সচৰাচৰ জোকোৱাৰ দৰে মাত লগালে, "অ' বোলো যাবৰ হ'লেই হ'বলা প্ৰীতি মেডাম? সদায় চাৰে ছয় বাজিলেই পলাবৰ হয়েই যে? আজিও মানে হাফ-দে?"

নিজৰ কথাত ৰস পাই তেওঁ নিজেই ঢেকঢেকাই হাঁহি উঠিল। অফিচৰ বাকী থকা ষ্টাফখিনিৰ কিছুমানে মূৰ তুলি চালে। কিছুমানে খুলি হাঁহিলে, কিছুমানে লুকুৱাই।

মোৰ মিচিকিয়া হাঁহি এটাও ওঁঠৰে নিগৰি নাহিল।

এই মানুহটোৱে মোক সদায় এই ধৰণৰ কথা শুনায়, আৰু আমাৰ প্ৰতিষ্ঠানৰ বেছিভাগ পুৰুষ সহকৰ্মীয়েই  ৰস পাই হাঁহে। বেছিভাগ ছোৱালীয়েই অস্বস্তিত ভোগে, নীৰৱে শুনি থাকে। কোনেও একো নকয়।

মই প্ৰতিষ্ঠানৰ এগৰাকী সুনাম থকা কৰ্মচাৰী। পুৱা ঠিক সময়ত অফিচলৈ আহোঁ, দিনটো মনপুতি কাম কৰোঁ, সময়ত ঘৰলৈ বুলি ওলাওঁ। আজিলৈকে কামৰ সদনামেই পাই আহিছোঁ, নিয়মমাফিক পদোন্নতি হৈছে, কোনোদিনে কামক লৈ মুৰব্বীৰ পৰা কথা শুনিবলগীয়া হোৱা পৰিস্থিতি অহা নাই।

তথাপিও মোক ডেকাহঁতে এইবোৰ কথা শুনায়। অনাহকত, অবান্তৰ কিছুমান সময়ৰ হিচাপ-নিকাচ কৰে।

আচলতে আমাৰ দেশত ব্যক্তিগত খণ্ডত প্ৰতিষ্ঠানসমূহৰ কৰ্ম - সংস্কৃতিয়েই এইটো। যিমানেই বিয়াগোম প্ৰতিষ্ঠান নহওক, যিমানেই বহুজাতিক অনুষ্ঠান নহওক, ভাৰতৰ কৰ্মচাৰীৰ সদায় মূলনীতি হ'ল "পৰিণামতকৈ পৰিমাণৰ মান বেছি।" এচাম সহকৰ্মীৰ মতে বেছি দেৰিলৈকে অফিচত থকা মানে বেছি কৰ্মপটু। লাগিলে দিনটো ফাং-ফুং কৰি সময়বোৰ নষ্টই কৰক। লাগিলে দিনটোত লেখৰ-জোখৰ কাম মাৰি-কাটি এক ঘণ্টাও নকৰক। কিন্তু সময়তকৈ দেৰিলৈকে অফিচত পৰি থকা মানেই নিষ্ঠাবান, লায়কৰ মানুহ।

ডেকাহঁতো তেনেকুৱাই।

মন কৰিলোঁ কাণদুখন ৰঙা পৰিছে মোৰ। চিকা মাৰি হাত গোন্ধ কৰাৰ অভ্যাস নাই বাবেই ইমানদিনে মনে-মনে শুনি আহিছোঁ। পিছে আজি মোৰ জিভাখনে মগজুটোক আমনি কৰিলে। দিনটো ইয়াত খাটি- মেলি উভতি গৈ যে বাকীখিনি সময়ো দৌৰা-দৌৰি কৰি সংসাৰ-ধৰ্ম পালন কৰোঁতেই দেহ-মন ক্লান্ত হ'ব, সেই ক্লান্তিয়েই মোক এতিয়াই হানা-খোচা কৰিবলৈ আৰম্ভ কৰিলে। এটা বিচাৰ লাগে।

"কি কৰিব ডেকাদা, মোৰতো দিনতো আপোনালোকৰ দৰে দছবাৰ চাধা-চিগাৰেট ব্ৰেক, টি-কফি ব্ৰেক, আড্ডা ব্ৰেকবোৰ লৈ গধূলিৰ পিছলৈকে অফিচত শুই-বহি সময় কটাব পৰা ভাগ্য নাই!"

অপ্ৰত্যাশিত উত্তৰটো শুনি ডেকা আৰু তেওঁৰ সংগীবৃন্দ উচপ খাই উঠিল। ডেকাই ইতিমধ্যে কাষৰজনক কিবা এটা নিষিদ্ধ অথচ প্ৰচণ্ড জমনি "ৰীল" দেখুৱাবলৈ ব্যগ্ৰ হৈ উঠিছিল। মোৰ কথাত তেওঁ তভক মাৰি ৰ'ল।

মই গাই গ'লোঁ,

"আৰু এতিয়া নিয়মমতে অফিচ ছুটিয়েই হ'ল, মোৰ আজিৰ দিনটোৰ কৰিবলগীয়া কামো শেষ হ'ল। আপোনাৰহে কাম বাকী আছে যেন পাওঁ, সেয়েহে ইয়াতে পৰি আছে।"

বেছিভাগ সময়েই মূৰ গুজি নিজৰ কামত নিমগ্ন মোৰ কথা শুনি ডেকাই সেপ ঢুকিলে। তেওঁ বোধহয় ভাবিছে, আজি দেখোন শেনৰ এজাত!

কাম কৰি থকা মানুহখিনিয়ে ক'ত কি হৈছে উমান ল'বলৈ মূৰ তুলি তুলি চাইছিল। বেছ সংখ্যক ছোৱালীয়ে ফূৰ্ত্তি পায়েই নে সাহস পায়েই মোৰ ওচৰ পাইছিলহি।

মই থমকি নৰ'লোঁ।

"ডেকাদা, কেতিয়াবা ভাবো, আপোনাৰ ঘৰখন বৌয়ে অকলে-অকলে চম্ভালি থকাৰ নিচিনাকৈ মোৰো যদি এজনী ঘৈণী থাকিল হয়! মোৰ ঘৈনীয়ে ঘৰৰ সমস্ত কাম কৰিলে হয়, ল'ৰা-ছোৱালী তোলা, বজাৰ-সমাৰ চম্ভালা জাতীয় কামবোৰ কৰি থ'লে হয় আৰু মই ইয়াত আপোনাৰ দৰেই বিন্দাচ টাইম-পাছ কৰিব পাৰিলোহেঁতেন। কি যে আৰাম হ'ল হয়।"

বটল খুলি পানী এঢোক গিলি মই উমান ল'লো, দৰৱ পালিয়ে কাম দিছে নে? দিছে। অন্ততঃ এমাহ মানলৈ ডেকাহঁতৰ মনৰ বীজাণু কীটানু দূৰতে বিদুৰ কৰিব।

এইবাৰ হাই-হিলৰ শব্দ তুলি গপগপাই ওলাই আহিলোঁ। পিছফালে ডেকাহঁতৰ মুখকেইখন স্পষ্টকৈ দেখা নাপালোঁ। কিন্ত অফিছটোৰ কাঁহ পৰি জীণ যোৱা অনুভূতিটোৱে মোক চুই গ'ল। আজি সন্ধিয়াৰ পিছলৈ প্ৰত্যাশা কৰি থকা ক্লান্তিখিনি নিমিষতে ধুই নিলে তৃপ্তিখিনিয়ে।

মনতে হাঁহি পেলালোঁ।

(সমাপ্ত)


✍ © ৰূপালীম মহন্ত

১৮.০৫.২০২০

xxxxxxxxxxxxxx

শাসন



শাসন

(চুটি গল্প)


"বাইদেউ...আপুনি কিন্তু বিৰিণাক লাই দি দি মূৰৰ ওপৰত তুলিছে দেই। দেখা নাই কথাৰ কি ফটফটনি। ইমান চঞ্চল তাই। কাপোৰ-কানিও বেছিয়েই আধুনিক। এনেকুৱা হ'লে ছোৱালী বিয়া দিবলৈ নাপাব কিন্ত, পলাই যোৱাৰহে লক্ষণ এইবোৰ।" অতবছৰে স্বামীৰ চাকৰি সূত্ৰে বাহিৰে বাহিৰে থাকি বৰ্তমান মফস্বল চহৰখনত আহি নিগাজি হোৱা তৃপ্তি বৰুৱাক, কাষতে থকা জাক নন্দাই প্ৰায়েই কাট মাৰে।

"এহ, হওক দিয়া নন্দা। আমাৰ এই অকণমান খোলা ধৰণৰ। এইকণ ফুৰ্তি নকৰিলে হ'বনে? আজিকালি ল'ৰা কি ছোৱালী কি! সিহঁতৰোতো এটা মন আছে। বান্ধি ৰাখিব নোৱাৰোঁ নহয়।" তৃপ্তি বৰুৱাই জাৱকক বুজায়।

"আপুনি দেও অতবছৰ বাহিৰত থাকিছিল বুলিহে এইবোৰ কৈছে। আমাৰ ছোৱালীক পিছে আমি নিদিছোঁ দেই ইমান স্বাধীনতা। কাঢ়া শাসন কৰোঁ বাবেই দেখিছে, মুখৰ মাত পৰ্যন্ত নাই। যি কওঁ তাকেই শুনে। সময়ত বিয়া দিম, আমাৰো সন্মান ৰ'ব।" নন্দা এৰি দিয়া ভকত নহয়।

তৃপ্তি বৰুৱাই হাঁহি থৈ দিয়ে। জীয়েক বিৰিণাৰ লগত তেওঁ বন্ধুৰ দৰে। মুকলি মনেৰে মাক-জীয়েকে সকলো কথা আলোচনা কৰে। নতুন কলেজত কাক ভাল লাগিছে...কাক বেয়া...কোন প্ৰফেচাৰ তামাম হেন্ডচাম...কোন বিৰাট ব'ৰ....এইবোৰ কথাৰ পৰা ৰেচিপি চাই খানা বনোৱা...লগৰ বন্ধুৰ লগত চিনেমা চাই আহি গল্প শুনোৱালৈকে বিৰিণাৰ মাক নহ'লেই নচলে। 

তাকে দেখি নন্দাই বিদ্ৰুপ কৰি হাঁহে। 

"মাক জীয়েকৰ তেল ফাটিছে। অকণো লেগাম নাই ঔ ছোৱালীজনীৰ। পাব মজা, এইবোৰ পাবত গজা ছোৱালীয়ে সন্মান পুৰি খাব।" প্ৰায়েই প্ৰতিবেশী বা সম্বন্ধীয় মানুহৰ আগত নন্দাই গোচৰ তৰে। 

"একে লগৰ আমাৰ জিলমিল কিমান সংযমী, আজিলৈকে টু এটা শুনি পাইছেনে? গাত হাৱা লাগিব কাৰণে এখেতে তাইক ভাল নম্বৰ পোৱাৰ পিছতো আগশাৰীৰ কলেজত ভৰ্তি নকৰি ওচৰৰ ছোৱালী কলেজত নাম লগাই দিছে। কিমান সাৱধান লওঁ আমি।"

সৰুৰে পৰা কাঢ়া আৱেষ্টনীৰ মাজত ৰখা নিজৰ জীয়েক জিলমিলক লৈ নন্দাই প্ৰচণ্ড গৌৰৱবোধ কৰে। বিৰিণা আৰু জিলমিল দুয়োজনী পঢ়াই-শুনাই, ৰূপে-গুণে আগৰণুৱা। কিন্তু স্বভাৱ বিপৰিতমুখী। বিৰিণা কথা চহকী, হৈ হাল্লা কৰি ভাল পোৱা ছোৱালী। অন্তৰত একো নেৰাখে, হল-হলকৈ চব কৈ পেলায়। উদাৰ মনৰ মাক-বাপেকৰ প্ৰশ্ৰয় পাই তাই অলপ চঞ্চল হৈছে ঠিকেই, কিন্তু যি কৰে খোলা মনেৰে কৰে। মাক বাপেকেও তাইক ভায়েকৰ সমানেই গুৰুত্ত্ব দিয়ে, মৰম কৰে অলপ বেছিকৈয়ে। 

খুৰীয়েক নন্দাই সেইটোকে পছন্দ নকৰে। ছোৱালী মানুহ, ইমান উৰণীয়া হলে কেনেকৈ হ'ব! বিৰিণাৰ স্বভাৱৰ বিপৰীতে জিলমিল একেবাৰে ঠাণ্ডা ছোৱালী। নিজৰ পছন্দ অপচন্দলৈ কেতিয়াও মুখ নোখোলে। নন্দাহতে তাইকো ভায়েক দুটাৰ সমানেই মৰম কৰে যদিও সিহঁত দুটাক দিয়াৰ দৰে অবাধ স্বাধীনতা তাইক কাহানিও নিদিলে। ছোৱালী মানুহ, তাতে ঘৰৰ ডাঙৰ সন্তান বুলি তাইক সকলো কথাতে কটকটীয়া অনুশাসনৰ মাজত ৰাখিলে।

তৃপ্তি বৰুৱাই মাজে মাজে জাৱকক অলপ ঢিলাই দিবলৈ কয় যদিও নন্দা আৰু তাইৰ স্বামী তীৰ্থ নিজৰ মতত অটল থাকিল, ৰক্ষণশীল মনোভাৱ নবদলালে। 

"মানুহক দহটা কথা কবলৈ কিয়নো সুযোগ দিওঁ বাইদেউ। এইবোৰ সৰু সৰু জেগা, আপোনাৰ চহৰ নহয়তো।" নন্দাই টপৰাই উত্তৰ দিয়ে।


এইবাৰ পূজাৰ পিছতে চহৰলৈ থিয়েটাৰ আহিছে। বিৰিণাই জেদ ধৰিলে সপৰিয়ালে থিয়েটাৰ চাবলৈ যাব। তীৰ্থ খুৰাকহতকো জোৰ কৰাত যেনিবা তেওঁলোকো মান্তি হ'ল। বিৰিণাহতৰ হোল ফেমিলি যাব। জিলমিলে মাকক বোলে,

"মা তোমালোকেই যোৱা, মোৰ পঢ়া আছে, নাযাওঁ। এনেয়ো এইবোৰ চাই ভাল নাপাওঁ।"

নন্দাৰ বুকু ফুলি উঠিল। "এয়াহে ছোৱালী তুলিছোঁ।" ল'ৰা দুটাৰে সৈতে গিৰিয়েকক লৈ তেওঁ বিৰিণাহঁতৰ লগত যাবলৈ ওলাল। তৃপ্তি বৰুৱাক কিন্তু শুনাবলৈ নেপাহৰিলে,

"আমাৰ এইৰ কিন্তু এইবোৰ চিনেমা থিয়েটাৰৰ নিচা নাই দেই। বিৰিণাৰ নিচিনা অলৈ যাওঁ তলৈ যাওঁ কৰিবলৈ সুযোগেই দিয়া নাই আমি।"

তৃপ্তি বৰুৱাই একো নক'লে। জাৱকৰ মুখখন লাওপাত কচুপাত। কথা বঢ়াই কি লাভ।

থিয়েটাৰ চাই সকলোৱে বৰ ভাল পালে। বিৰিণাই আনন্দতে সকলোকে জ্বলা চানা কিনি খুৱালে। হাঁহি হাঁহি ভায়েকহতৰ লগত চেল্ফি উঠিলে। মাক-বাপেক খুৰাক-খুৰীয়েকক টানি আনি ফটো তুলিলে। 

"জিলমিলজনী অহা হ'লে পাই, মিচ কৰিলে কিন্তু তাই।" বিৰিণাই মাজতে আক্ষেপ কৰিলে। 

"তাই তোৰ দৰে ইমান উদ্ধত নহয় দেও, তয়ো অকণমান সংযমী হ'চোন, ছোৱালী মানুহ।" নন্দাই মুখতে ধৰিলে।


থিয়েটাৰ চাই ঘৰ আহি পাই মানে ৰাতি দোভাগ। বিৰিণাহতে শুবলৈ যো-জা কৰোঁতেই হঠাৎ হুলস্থুল এটা শুনিবলৈ পালে। খুড়ীয়েকহতৰ ঘৰত কোনোবাই কান্দিছে, কিবা এটা ঘটিছে।

চোৰ ডকাইত সোমাইছে বুলি উধাতু খাই সিহঁত নন্দাহতৰ ঘৰ পালেগৈ।

ঘৰৰ ভিতৰ সোমাই তৃপ্তি বৰুৱাই দেখে নন্দা মাটিতে বহি হুৰাও ওৰে কান্দিছে। ওচৰত দেওৰেক তীৰ্থই মূৰে কপালে হাত দি বহি আছে। ল'ৰা দুটাই লৰা-ধপৰা লগাইছে।

"জিলমিল নাই ঔ বাইদেউ। আহি দেখোঁ ৰুম খালী, ক'তো নাই। কোনোবাই কিডনেপ কৰি নিলে নেকি বাৰু? ফোন কৰিছোঁ, চুইচ অফ পাইছোঁ। ঘৰত থকা টকা-পইচা, গহনা-গাঁঠৰি অলপো উধাও। কোনে নিলে হয়নে মোৰ ছোৱালীজনীক!" নন্দা বাউলি হোৱাদি হ'ল।

"ৰবাচোন, বিহ্বল নহ'বা। পুলিচক খবৰ দিওঁ।" তৃপ্তি বৰুৱাৰ স্বামী তপন বৰুৱা ব্যস্ত হৈ উঠিল। পৰিয়ালৰ বিপদ, এতিয়া তেৱেঁই গুৰি ধৰিব লাগিব। তীৰ্থৰ মুখৰ ফালে চাব নোৱাৰা অৱস্থা। 

তৃপ্তি বৰুৱাই নন্দাৰ পিঠিখন মোহাৰি থাকিল। বিৰিণাই খুৰীয়েকক পানী এগিলাচ আনি দিলে।

"বিৰিণা ফোনটো দেচোন, তোৰ লগৰ গৌৰৱৰ দেউতাক থানাৰ অ'চি নহয় জানো? ফোন লগাচোন, কথা পাতো।" তপন বৰুৱাই জীয়েকক নিৰ্দেশ দিলে।

বিৰিণাই ফোন লগাবলৈ লওঁতেই তাইৰ মোবাইলটো বাজি উঠিল। "জিলমিল কলিং" উচপ খাই উঠাদি তাই ফোনটো ৰিচিভ কৰিলে, লাউড স্পীকাৰত দি তাই আটাহ পাৰিলে,

"জিলমিল তই ক'ত আছ, ঠিকে আছতো?"

"আছোঁ, মাক ফোনটো দে বিৰিণা।"

নন্দা ইতিমধ্যে দৌৰি আহি ফোনটোৰ ওচৰ পাইছিলহি,

"ক'ত গলি তই, গোটেইখন বিচাৰিছোঁ, কোনে নিলে তোক?"

"কোনেও নিয়া নাই মা, মই নিজেই গুচি আহিলোঁ। সেইখন ঘৰত মোৰ উশাহ বন্ধ হৈ গৈছিল।"

"কিখন বলকিছ তই, ক'ত আছ। মোক ফোন নকৰি বিৰিণাক কৰিলি যে?"

"বৰতা বৰমাহঁতৰ প্ৰেজেন্সত মই কথাবোৰ ক'ব খোজো, সেইকাৰণে তাইক ফোন কৰিছোঁ।"

"কি কথা? আছ ক'ত তই জিলমিল? নিজে গুচি গলি মানে?"

"মা মই একটিং কৰিব খোজোঁ, ভৱিষ্যতে ডাঙৰ অভিনেত্ৰী হ'ব বিচাৰো। কিন্ত তোমালোকে মোক নিজৰ পছন্দত খাব পিন্ধিবই নিদিয়া, মই জানো কলেজ শেষ হলেই বিয়া দি দিবা। মই এনেকৈ নোৱাৰিছোঁ। গতিকে গুচি আহিলোঁ। লগৰ এজনীৰ মামাকৰ প্ৰডাকচন কোম্পানী আছে, মই তাতেই জইন কৰিম। তোমাৰ পইচা আৰু গহনা অলপ আনিছোঁ, নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিলেই ঘূৰাই দিম। ধাৰ বুলি ভাবি লবা।"

"কেঁচাইখাইটি, বুকুতে কামোৰটো মাৰিলি মোক। ইমান সাৱধানে ৰাখিয়ো শেষত এয়াহে কৰিলি।" নন্দাই আস্ফালন কৰিলে।

"সাৱধানে ৰাখিলা বাবেইতো মা এনেকৈ আহিলোঁ। অলপ যদি তৃপ্তি বৰমাৰ দৰে হ'লা হয়! পলাব লগীয়া নহ'লহেঁতেন।"


নন্দা সেইফালেই থৰ লাগিল। জীয়েকৰ কিবা অঘটন ঘটিছে বোলা ভয়টোৰ এইবাৰ শাম কাটিল। কিন্ত লাজে অপমানে দুখে তাই ম্ৰিয়মান হ'ল। সেমেনা সেমেনি কৰি নন্দাই এইবাৰ তৃপ্তি বৰুৱালৈ চালে। গোটেই জীৱন তেওঁক কথা শুনাই আহিছে তাই। এতিয়া জাৱকে তাইক ঠাট্টা কৰাৰ কমখন সুযোগেইনো নাপালেনে! নিশ্চয় ভালকৈ শুনাব চাগৈ।

নুশুনালে। তৃপ্তি বৰুৱাই এটা কথাও নুশুনালে। লাহেকৈ নন্দাক সাৱটি ধৰি বিচনাত বহুৱাই তাইৰ মূৰটো পিহিবলৈ ধৰিলে। এইবাৰ নন্দাই জাৱকৰ বুকুত সোমাই হুকহুকাই কান্দি পেলালে।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
১১.০৫.২০২০

xxxxxxxxxxxxxx

Sunday, 19 July 2020

যতন


যতন

(চুটি গল্প)


"লখিমী আহা... ভাত কেইটা খাই লোৱাহি। বেলি পৰিলেই দেখোন।" বিহু বুলি এইকেইদিন মাকৰ ঘৰত থকা জেশাহুৱেক মৰমীয়ে ভাই-বোৱাৰীয়েক লখিমীক ভাত বাঢ়ি দি মাত লগালে।

"আহিছোঁ বাইদেউ, এই বাচনকেইটা একেবাৰে ধুই, আজৰি হৈ খামগৈ।" লখিমীয়ে কলপাৰৰ পৰাই উত্তৰ দিলে।

"জানো পাই, চবেই খাই-বৈ আজৰি হৈ এঘুমটি দিলেগৈয়ো, তোমাৰহে কামৰ অন্ত নাই।"

"এহ... হ'লেই আৰু মোৰ।"

"হৈছেনে? আহা। দিনৰ দিনটো ৰান্ধিলা বাঢ়িলা, চবকে খুৱালা-বুৱালা, অথচ নিজে ভাত কেইটা খাই ল'বলৈ সময় নোলাল।"

"ঔ আই! বিহুৰ বতৰ বুলি কথা, কামতো থাকিবই।"

"হেৰৌ... জাকৰুৱা ঘৰ। দিনৰ দিনটো খাটি মৰিছা... অহা দিন ধৰি দেখিছোঁ, তুমি সঁচাই নামে কামে লখিমী...পিছে কামকে হে কৰিছা। বিনন্দক ক'বাচোন তোমাৰ অলপ যত্ন লবলৈ। সি মনেই নকৰে হ'বলা।"

বিনন্দ মানে লখিমীৰ স্বামী, এই ঘৰৰ বৰপো। এইখন ঘৰৰে ডাঙৰ আৰু একমাত্ৰ বোৱাৰী লখিমীৰ মনৰ মানুহজন।

লখিমী মনে মনে থাকিল। জেশাহুৱেকক উত্তৰ নিদিয়াকৈয়েই ধোৱা হাতদুখন চাঁদৰেৰে মচি মচি ভাতৰ পাতত বহিবলৈ আহিল।

মৰমী এইবাৰ নিজৰ কোঠালৈ যাবলৈ লৈ হঠাৎ ৰৈ গ'ল,

"লখিমী, বিনন্দই খোৱা থাল-বাচনবোৰ ইয়াতে আছে, চাই ল'বাচোন, কিবা কিবি খোৱা নাই, নষ্ট নকৰিবা।"

"বাৰু।" লখিমীয়ে চমুকৈ শলাগিলে।

ভাতৰ পাতত তাই অলপ সময় তভক মাৰি ৰ'ল। 

দিনটো ঘৰখনৰ জঞ্জাল সামৰি, আলহীয়ে-দুলহীয়ে সকলোৰে জাঁজ মাৰি, টাকুৰি ঘূৰা দি ঘূৰি থকা লখিমীৰ খবৰ লবলৈ বিনন্দৰ সময় নাই সঁচা। দুআষাৰ কথা পাতিবলৈও দুয়োটাৰে সময় অকণ নিমিলে। ইমান কাম, ল'ৰাই ছোৱালীয়ে বুঢ়াই মেথাই সকলোৰে ফৰ্মাইছ পূৰণ কৰাৰ পিছত ৰাতি লখিমী শোৱা-কোঠালি পাই মানে, বিনন্দ টোপনিত। প্ৰায়েই তাইৰ মনটো গধুৰ হৈ যায়...অভিমান হয়...কিন্তু পিছ মুহূৰ্তত নিজকে বুজায়। 


বিনন্দ মানুহটো ভাল। বিয়া হোৱা দিন ধৰি তাইক হুতা মাত এষাৰ দি নাপালে। কাছাৰীত চাকৰি কৰা তাইৰ মানুহটো...দিনটো খাটে। ঘৰখনৰ বাবেইতো। এনেয়ো বিনন্দ গম্ভীৰ প্ৰকৃতিৰ, ঘৰৰ বৰপুত্ৰ বুলি কথা। ভাই-ভনীৰে ভৰা জাকৰুৱা ঘৰখনত মুকলিকৈ তাইৰ লগত পিৰীতি কৰিবলৈ তাৰ সাহসে নুকুলাই। ছোৱালীজনী হোৱাৰে পৰা তাইকেই আৱৰি সিহঁত দুয়োটাৰ কথাবাৰ্তা হয়। এতিয়া ছোৱালীকণ অলপ ডাঙৰ হৈছে...সৰু পেহীয়েকৰ লগত বেলেগে শুৱে। তথাপিও কামৰ জুমুৰিত লখিমী আৰু বিনন্দৰ বেলেগকৈ কথা পতা হৈ নুঠে। লওঁ বুলিও ইটোৱে সিটোৰ যতন মনৰ জোখাৰে লৈ উঠিব নোৱাৰে।

এইবোৰ ভাবি প্ৰায়েই ৰাতি তাইৰ ভাগৰ লাগে... টোপনি ধৰে...বিনন্দলৈ মৰমো ওপজে। সিমূৰকে শুই থকা গিৰিয়েকৰ গাৰ ওপৰেদি হাত এখন মেৰিয়াই তাই শুই পৰে।


আৰু আজি বিহু বুলি দিনটোৰ ভাগৰ। সোনকালে ভাত খাই আজৰি হওঁ বুলি তাই এইবাৰ ভাতৰ পাতত হাত দিলে। 

আজি সকলো আছিল বুলি খোৱাৰ বিশেষ আয়োজন। তাই খুব যত্ন কৰি ৰান্ধিছিল ভাত-দাইল-তৰকাৰীৰ লগতে নেপালীয়ে কটা তেলাল খাহীৰ জোল আৰু বিলত উঠা প্ৰকাণ্ড ৰৌমাছৰ লাও-বিলাহীৰে টেঙা আঞ্জাখন। লগত বেঙেনা আলু কুটি মাছৰ পেটু ভজা আৰু কাঁহীৰ কিনাৰত দিব পৰাকৈ বেচন লেটিয়াই ভজা বকফুলৰ বৰ। ৰন্ধা-বঢ়াত পটু লখিমীৰ পাগত আজি হেঁপাহৰ গোন্ধ এটা ভাঁহি ফুৰিছিল।

পৰিয়ালৰ সকলোৱে মাছে মঙহে উদৰ পুৰাই খাই উঠাৰ পিছত তাইলৈ পিছে দাইল অকণ, মাছৰ জোলৰ লগত ভঙা চিঙা ফিছাৰ ফালৰ মাছ এখুটুৰা আৰু মাংসৰ নামত জোল আৰু আলুহে আছিলগৈ।

হৈ যাব। মানুহবোৰে তাইৰ ৰন্ধা ভাল পায়। চবেই ফুৰ্তিৰে খালে, তাতেই তাই সুখী। 

লখিমীয়ে ডাইনিঙৰ একাষে ঢাকি থোৱা বিনন্দই এৰা কাঁহৰ বাতি দুটাও চপাই ল'লে। ভুমুকি মাৰি তাই সেইভাগেই থৰ লাগিল। মাছৰ বাটিত জোলৰ সৈতে ডাঙৰ পেটী পিছটোৰ আধাতকৈও বেছি মাছ, লগত তাইৰ পছন্দৰ কোমল তেল অংশখিনি। ইটো বাটিত মাংসৰ জোলৰ লগত  দুটুকুৰা ডাঙৰ ডাঙৰ লিভাৰ, তিনিটুকুৰা মাংস। কাঁহীৰ কিনাৰত ভালেখিনি পেটু ভজা। বিনন্দই খাই ভাল পাই বুলি বায়েকহতে বাঢ়ি দিছিল হ'বলা, সি নিজে নেখাই তাইলৈ থৈ দিছে।

তায়োযে এইবোৰ বস্তু খাই ভাল পাই সি নজনা নহয়। প্ৰায়েই নিজৰ কাঁহীৰ বস্তু তাইলৈ ৰাখি থয়। লোকৰ সমুখত নোৱাৰিলেও, তাইৰ পছন্দ অপছন্দ, খেয়াল খুচিৰ হিচাপ, সি ঠিকেই ৰাখে। আজিও ৰাখিলে।

লখিমীয়ে হাঁহি পেলালে। পৰম সন্তোষৰে ভাতখিনি সানি তাই শান্তিৰে খাবলৈ ল'লে। নিজৰ মানুহটোৰ মৰমখিনিৰ কথা ভাবি তাইৰ পেট ভৰাৰ আগতেই হৃদয়খন ভৰি আহিল। 

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৮.০৪.২০২০

xxxxxxxxxxx

Saturday, 18 July 2020

বাঁহ




বাঁহ

(চুটি গল্প)

"নাই নাই, আৰু দেৰি কৰিলে নহ'ব। ৰাজীৱক বাঁহটো আজিয়েই দিব লাগিব।" শ্বেম্পুধন্য তিতা চুলিকোছা টাৱেলেৰে শুকুৱাই শুকুৱাই শ্যামলীয়ে মনতে সিদ্ধান্ত ল'লে।


বাঁহ হ'লগৈ... আধুনিক অসমীয়া যুৱ-প্রজন্মৰ ভাষাত "ডাম্প কৰা", অৰ্থাৎ প্ৰেমিক বা প্ৰেমিকাক ধুনীয়াকৈ বুজনি এটা দি চলন্ত সম্পৰ্কটোৰ ইতি পেলোৱা। আৰু সেই বাঁহকে আজি শ্যামলীয়ে নিজৰ চুন-টু-বি-এক্স প্ৰেমিক ৰাজীৱক দিয়াৰ কথা পাঙিছে।


শ্যামলী আৰু ৰাজীৱৰ এই প্ৰেম প্ৰেম সম্পৰ্কটো দুবছৰীয়া। কলেজৰ শেষ স্তৰত আহি, উৰো-উৰো স্বভাৱৰ সুন্দৰী শ্যামলীয়ে কলেজৰ বেছ পপুলাৰ আৰু দেখনিয়াৰ গীতাৰিষ্ট গায়ক ৰাজীৱৰ প্ৰেমত ভালকৈয়ে হাবু-ডুবু খাইছিল।


ৰাজীৱ নিম্ন মধ্যবিত্ত পৰিয়ালৰ শিক্ষক পিতৃৰ একমাত্ৰ ল'ৰা, প্ৰেমত পৰি সময় নষ্ট কৰাৰ বৰ এটা ইচ্ছা তাৰ নাছিল। 


কিন্তু পৰিলে।


পৰিবলৈ বাধ্য হ'ল উদীয়মান যুৱ-শিল্পী ৰাজীৱ। 


শ্যামলীৰ ৰূপতো এলাপেছা নহয়, যেন জুইৰ শিখা। চঞ্চলা শ্যামলীয়ে অকণমান চালাকী খটুৱাই অতি কম সময়তে ৰাজীৱক প্ৰেমত পেলাই ল'লে, যদিও লগৰ ছোৱালীৰ ভাষ্য হলগৈ 'চুটকীতে পতাই পেলালে'।


সি যি কি নহওঁক প্ৰথম দেৰবছৰমান বেছ আনন্দ ফুৰ্তিত কটালে দুয়ো। পার্ক, ৰেস্তোৰাঁ, চিৰিয়াখানা, বন্ধুৰ ঘৰ...একো বাদ নপৰিল। প্ৰেমত মতলীয়া দুইজনেই এইবোৰ ঠাইত দপদপাই, যথাৰীতি পেনপেনিয়া প্ৰেমালাপ কৰিলে...কোৱালিটি টাইম স্পেণ্ড কৰিলে...আজি পিকনিক, কালি পাৰ্টি...বুলি খালে-বলে, আনন্দ কৰিলে।


পইচাৰ জোৰ ৰাজীৱৰ কেতিয়াও নাছিল, কিন্তু তুকতাক টিউচন কৰি, গান-বাজনা কৰি, মাকৰ পৰা চলে-বলে কৌশলে আদায় কৰি সাধ্যনুযায়ী পইচা ঘটি প্ৰেয়সীক সন্তুষ্ট কৰিছিল। 


শ্যামলী নিজেও মধ্যবিত্ত ঘৰৰ ছোৱালী, কিন্তু সদায়ে তাই আকাশ চুব বিচাৰিছিল। চৰকাৰী অফিচত কাম কৰা শ্যামলীৰ ঘোচখোৰ দেউতাকে অৱশ্যে নিজৰ লৰা-ছোৱালীহালক উপৰুৱা টকাৰ লোভটো সৰুকালৰে পৰা দেখুৱাই দিছিল।


উৰণীয়া মনৰ ধুনীয়া শ্যামলীৰ বহুত  আকাংক্ষা আছিল চহকী পৰিয়ালত বিয়া হৈ ৰাজৰাণী হৈ খাব। পিছে, বিধিৰ বিপাক...প্ৰেমত পৰিল প্ৰায় দৰিদ্ৰ ৰেখা চুওঁ চুওঁ কৰা পৰিয়ালৰ ৰাজীৱৰ লগত। পেটে-পেটে অলপ অসন্তুষ্ট হ'লেও, ৰাজীৱৰ মৰমলগা উজ্জ্বল, নিখুঁত মুখখন আৰু সবল-সুঠাম ফিজিকটোকে চাই চাই নিজকে বুজনি দিয়ে। এদিন নহয় এদিন হয়তো ৰাজীৱে গানচান গাই গায়ক হৈ চেলিব্ৰিটি ষ্টেটাছ পাব, আৰু শ্যামলীৰো কপাল ফুলিব।


পিছে কলেজ শেষ হোৱাৰ পাছত চোন...ৰাজীৱে গান-বাজনা এৰি, টেট পৰীক্ষা দি শিক্ষক হোৱাৰ প্ৰস্তুতিহে চলোৱা আৰম্ভ কৰি দিলে। শ্যামলীৰ স্বপ্নভংগ হোৱাত বেচেৰী দুখে শোকে ম্ৰিয়মান হ'ল!


"এৰিয়েই দিওঁ নিকি এইপাতক।" তাই প্ৰায়েই ভাবে। কিন্তু অন্য কোনো বয়ফ্রেণ্ডও নাই... তাইৰ চোন ন্যূনতম ফৰ্মাইছ কেইটাৰো মুদা মৰিব। সেয়েহে টানি টুনি চলাই থাকিল সম্পৰ্কটো।


পিছে, জ্বলা জুইত ঘিউঁ ঢলাৰ দৰে... হঠাৎ...সকলো সলনি হৈ অন্য সমস্যা এটা আহি সোমালহি।


ছমাহমান আগতে, ৰাজীৱৰ স্কুলীয়া দিনৰ অভিন্ন বন্ধু প্ৰীতম চলিহা আহি ওলাল। উচ্চ মাধ্যমিকৰ দেওনা প্ৰায় একে স্তৰৰ ফলাফলেৰে পাছ কৰাৰ পিছত অভিজাত পৰিয়ালৰ প্ৰীতম দিল্লীলৈ গুচি গৈছিল, আৰু ৰাজীৱে অসমতে থাকি শিক্ষা সম্পূৰ্ণ কৰিছিল।


প্ৰীতমৰ দেউতাক প্ৰভাত চলিহা উজনি অসমৰ তিনিখনকৈ টি-এষ্টেটৰ মালিক, লগতে প্ৰচুৰ সফল ব্যৱসায় বাণিজ্য। অগাধ সম্পত্তিৰ মালিক চহকী পিতৃ-মাতৃৰ সন্তান  প্ৰীতমে দিল্লীতেই মেনেজমেণ্ট ডিগ্ৰী লৈ বৰ্তমান অসমতে থাকি উজনিৰ ফালে হোটেল-চেইন খোলাৰ কথা ভবাগুণা কৰিলে। বিজনেছ কেপিটেল লৈ অসুবিধা নাই, একমাত্ৰ পুত্ৰৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ চলিহাৰ দেধাৰ টকা।


অসমলৈ আহি প্ৰীতমে এই ছমাহত ব্যৱসায়ৰ তলা-নলা বুজিলে, মাৰ্কেট ষ্টাডি কৰিলে আৰু লগতে নিজৰ কাম আৰম্ভ কৰিবৰ বাবে জৰুৰী নথি পত্ৰৰো যা-যোগাৰ কৰিলে। লগত এনিটাইম ঘুৰিলে জিগৰী দোষ্ট ৰাজীৱ।


প্ৰীতম অহাৰে পৰা ৰাজীৱ অত্যন্ত ব্যস্ত। প্ৰথম প্ৰথম শ্যামলী বিৰক্ত হৈছিল সঁচা, দেখিবলৈ প্ৰায় আপচু প্ৰীতমক পাট্টা নিদিওঁ বুলিয়েই ভাবিছিল। কিন্তু পিছত তাইও সিহঁত দুটাৰ লগত ঘূৰিবলৈ ল'লে। প্ৰীতমৰ লেটেষ্ট মডেলৰ এচি গাড়ী...নিতৌ দামী ৰেস্তোৰাঁ পা'ব ইত্যাদিলৈ যোৱা... এইবোৰ শ্যামলীৰ বেছ ভাল লাগিবলৈ ধৰিলে। 


বৰিং স্বভাৱৰ শান্ত-শিষ্ট প্ৰীতমৰ বেছ বাকপটু, প্ৰগলভ ৰাজীৱৰ লগত বন্ধুত্ব দেখি তাই অবাক হৈছিল। ইমান ভালপাই ইটোৱে সিটোক! সেই সম্পৰ্কৰ ভিত্তিতে তায়ো প্ৰীতমৰ আধুনিক আৰু অভিজাত জীৱনৰ সোৱাদ ল'বলৈ পালে। তাইৰ বেছ ফুৰ্তিয়েই লাগিল।  


"দিনে দিনে ৰাজীৱটো যেন আৰু অসহ্য হৈ গৈছে, আজিকালি প্ৰীতমৰ লগত পৰি প্ৰেম-পিৰতি চব পাহৰি গৈছে। প্ৰীতমটোও যিহে কুন্ধচ দেখিবলৈ, এই বাপ জনমত... তাৰতো কোনো গার্লফ্ৰেণ্ড হোৱাৰ আশাই নাই...মানুহটোও কেনে নিৰস ধৰণৰ। বাপেকৰ টকা-পইচা দেখি যদি কোনোবা ছোৱালী আগবাঢ়ি আহে, তেহে।"


"ইমান ধন সম্পত্তি...এটাই মাথোঁ ল'ৰা...ছোৱালী এজনী আছে, তাইকতো বিয়া দি উলিয়াইয়েই দিব... ইহঁতৰ ঘৰত বোৱাৰী হ'ব পাৰিলে লাইফ বনি যাব কিন্তু।" শ্যামলীয়ে মাজে মাজে ভাবে।


সেই যে এবাৰ পোকটো সোমালে... বাচ...শ্যামলীয়ে দিনে ৰাতিয়ে ভাবিবলৈ ল'লে ৰাজীৱক এৰি প্ৰীতমক নিজৰ কৰি ল'লে বেয়াতো একো নহয়। আজি বাদে কাইলৈ তাইৰ ঘৰে বিয়াৰ কথা ভাৱিবই... এনেয়ে তাই পিলিং পালাং কাম কৰি সময় কটাই আছে... ঘৰেতো আৰু ৰাজীৱৰ দৰে টোকোনা শিক্ষক এটালৈ বিয়া নিদিয়ে। কিন্তু প্ৰীতম হ'লে কথাটোৱেই বেলেগ হ'ব।


ধুনীয়া শ্যামলীৰ মনটো আকৌ এবাৰ উৰো-উৰো কৰিলে।


ভবা মতেই কাম।


লাহে লাহে শ্যামলীয়ে প্ৰীতমৰ লগত ঘনিষ্ঠ হোৱাৰ চেষ্টা আৰম্ভ কৰিলে। মাজে মাজে হোৱাতচ আপ'ত মেছেজ...কেতিয়াবা অদৰকাৰী ধৰণৰ ফোন কল... এইবোৰেই আৰু। প্ৰীতম সদায়ে নম্ৰ তাইৰ প্ৰতি, কিন্তু অত্যুৎসাহ কেতিয়াও নেদেখুৱায়। 


"তাই পাৰিব, নিশ্চয় পাৰিব। ৰাজীৱৰ নিচিনা পপুলাৰ ধুনীয়া ল'ৰাটোকেই পাৰিলে, প্ৰীতমক নোৱাৰাৰ কথাই নাই।" শ্যামলীয়ে মনটোক সাহস দিয়ে। 


পিছে, প্ৰথমতে ৰাজীৱৰ লগত কথাবোৰ ক্লিয়াৰ কৰি লোৱাই ভাল। তাৰ লগত সম্পৰ্কটোৰ নিস্পতি কৰি...তাই দেহে-কেহে প্ৰীতমক নিজৰ কৰিবলৈ আগবাঢ়িব।


প্ৰীতমে নিশ্চয় তাইক বিমুখ নকৰিব... অলপ পেনপেননি দিব আৰু। চেণ্টি খুৱায় কব "তোমাক ভালপাই পেলাইছোঁ প্ৰীতমদা...কি কৰা কৰা এতিয়া... ৰাজীৱে মোক ইমান নেগলেক্ট কৰে। কিন্তু তোমাৰ দৰে সুন্দৰ এটা মনৰ মানুহে মোৰযে হৃদয়খন দখল কৰি ল'লে... কি কৰোঁ কোৱা?"


হৈ যাব, নোহোৱাৰ কথাই নাই। এনেকুৱা দৰদী কথাত প্ৰীতম নেলাগে তাৰ বাপ চলিহা পৰ্যন্ত গলিব। বাকী থাকিল ৰাজীৱ, তাক মেনেজ কৰিব পাৰিলেই হ'ল। টেট পাছ কৰি সিতো শিক্ষক হোৱাৰ পথত... ক'তনো প্ৰীতমৰ দৰে বিজিনেছমেনৰ লগত উঠা বহা কৰি থাকিব... কাটি খুৱাই দিব আৰু তাক।


"পিছে প্ৰীতমটো অকণমান দেখিবলৈ ভাল হোৱা হ'লে!" শ্যামলীয়ে মনতে দুখ কৰে। 


"ইয়াৰ লগত বিয়া হ'লে ল'ৰা-ছোৱালীকেইটাও চোন আপচু হ'ব!"


"নাই নাই...ৰূপে কি কৰে...গুণেহে সংসাৰ তৰে।" তাই মনটোক বুজনি দিয়ে।


ৰূপটোনো কি, মনটোহে আচল। এইখিনি ভাবোঁতে... তাই অলমস্ত... মনৰ ঠাইত "ধন"টোৱেই শুনিবলৈ পালে। আফটাৰ অল অন্তৰাত্মাৰ ধ্বনি... লুভীয়া চকু কেইটা তলমলাই উঠিল...নিজৰ সুনিশ্চিত ভৱিষ্যতৰ আকাংক্ষাত।


শ্যামলীয়ে হাঁহি পেলালে।


আজি তাৰেই সূত্ৰপাত। এই প্ৰথম মহলাৰ বেলকনি... এই ফিৰফিৰাই উৰি থকা চুলি... আৰু এই.. উৰো-উৰো মনৰ... ধুনীয়া শ্যামলী।


আজি ৰাজীৱৰ লগত লগ পোৱাৰ কথা খাটাং হৈ আছে... আৰু তাই কোনোপধ্যেই সুযোগটো এৰিব নোখোজে। আজি তাই এই অপ্ৰয়োজনীয় সম্পৰ্কটোৰ হেস্ত-ন্যস্ত কৰিবই।


ৰাজীৱক বাঁহ দিওঁতে ক'বলগীয়া কথাখিনি মনতে জুকিয়াই, শ্যামলী পার্কখনৰ ফালে আগবাঢ়িল। আজি প্ৰীতম নাই, কিবা ফেমিলি ৰিলেটেড কামত ব্যস্ত। ভালেই হৈছে, ৰাস্তা ক্লিয়াৰ।


সৌটো ৰাজীৱ।


ফুশ্যিয়া পিংক টি-চাৰ্ট আৰু গাঢ় নীল জিন্সটোৰে তাক অতিপাত হেন্ডচাম লাগিছে।


"কটা, অলপ চহকী পৰিয়ালৰ ফচল হোৱা হ'লে তোকতো এনেকৈ বাদ নিদিলো হয়। বাৰু দেখা যাওক... আজি কি হয়।" তাই মনটোৱে কৈ উঠিল।


"অলী আহিলা...বহা।" ৰাজীৱে শ্যামলীক দেখি ব্যস্ত হৈ উঠিল।


যোৱা কেইমাহৰ নিৰ্লিপ্ততা আজি নাই।


পার্কখনৰ এমুৰীয়া বেঞ্চ এখনত দুয়ো আৰামকে বহি ললে। এইফালে প্ৰেমিক প্ৰেমিকা, সৰু ল'ৰা-ছোৱালীৰ উপদ্ৰৱ কম...ক'বতো নোৱাৰি... কন্দা কটাখন হ'লে লাজ-মান যাব।


"ৰাজীৱ.. আজি কথা আছে মোৰ..." শ্যামলীয়ে লাহেকৈ আৰম্ভ কৰিলে। 


"কথা মোৰো আছে অলী..." ৰাজীৱে থোতা-মোজা লগাই ক'লে।


"সৰ্বনাশ, ই বিয়াৰ কথা নকয়তো, প্ৰপ'জ টপ'জ?" শ্যামলীৰ চিন্তাই লাগিল।


"মই কওঁনে কি? মই ভাবো... আমাৰ ৰিলেশ্যনটো... যোৱা কেইমাহমান ধৰি কেনেকুৱা শিথিল হৈ গৈছে... যেন আগৰ মৰম চেনেহ নাই...গতিকে.." তাই খুব বুজন সুৰত নৰম সুৰেৰে ৰাজীৱক কথা কেইটা ক'লে... চকুদুটা প্ৰায় চলচলীয়া হোৱাৰ পৰ্যায়।


"ও তাকেই..." খৰখেদাকৈ এইবাৰ ৰাজীৱে মাত দিলে।


"অলী, মই ভাবো...ওই আৰ নট মেণ্ট ফৰ ইচ্ছ আডাৰ।"


"এগজেক্টলি ৰাজীৱ।"


"আচলতে...আমি বন্ধু হৈ থকাই ভাল।" অলপ থমকি এইবাৰ ৰাজীৱে অকণমান সাহস গোটাই লোৱাৰ সুৰত ক'লে,

"আৰু মইতো ইয়াৰ পৰা উজনিলৈ যামগৈ, লং-দিচটেন্চ ৰিলেশ্যন সম্ভৱেই নহ'ব।"


"যাবা মানে? তোমাৰ চাকৰিটোৰ কিবা এটা হৈছেগৈ নেকি?" শ্যামলীয়ে সেপ ঢুকিলে।


"অ...আচলতে... মানে..." ৰাজীৱে এইবাৰ বেছ উৎফুল্লিত কণ্ঠৰ কৈ উঠিল,

 "প্ৰীতমে উজনিৰ হোটেল-চেইন বিজনেছটোত মোক পাৰ্টনাৰ বনাইছে। আচলতে তাৰতো নিজৰ বিয়া ঠিক হৈ আছে...দিল্লীৰে ছোৱালী...হবু শহুৰেকে নৰ্থ-ইষ্টৰ প্ৰজেক্টত ইনভেষ্ট কৰিব বিচাৰিছে। সিয়ো বিয়াৰ পিছত অকলে ব্যৱসায় নকৰি মোৰ লগত একেলগে কামটো কৰিব খুজিছে। গতিকে, অতি সোনকালেই... আমি চাগৈ... সেইফালেই শ্বিফ্ট কৰিম।"


শ্যামলীৰ মূৰত যেন স্বৰ্গখনহে ভাঙি পৰিল।


প্ৰীতমৰ বিয়া!


সি দেখাতহে নিবোকা...তলে তলে সব ফিক্সড দেখোন।


এতিয়া কি হ'ব! তাইৰ চোন সান্দহ খোৱা বালি তল গ'ল।


নিজকে চম্ভালি, অলপ মিঠা সুৰত শ্যামলীয়ে ক'বলৈ ল'লে,

"ৰাজীৱ, তাতে কি হ'ল, লং-দিচটেন্চ নহয় নহয়... আমি বিয়া পাতো ব'লা... ময়ো তোমাৰ লগতে যাম।"


নাই মোমাইতকে কণা মোমায়ে ভাল বুলি বিশ্বাস কৰি শ্যামলীয়ে শেষ সম্বল বুলি... ৰাজীৱকে টোপালে।

শিক্ষকতা নকৰি চহকী ল'ৰাৰ লগত বিজনেছ কৰিব...সেয়াওতো কম কথা নহয়। হওঁক, ৰাজীৱৰ লগতে হওকচোন।


পিচলৈ তাইৰ কথাৰ সুৰটো কান্দুনামুৱা হৈ উঠিল।


"নৌ নৌ অলী... তুমি বুজা নাই। মোৰ ডাঙৰ ডিগ্ৰীও নাই, বিজনেচৰ অভিজ্ঞতাও নাই দিয়াচোন। তেনেস্থলত প্ৰীতমহতে মোক ইমান ডাঙৰ সুযোগ এটা দিছে...কম কথা নেকি কোৱা? আৰু বিনিময়নো কি...খুড়া-খুড়ী...মানে চলিহা ছাৰহতে বিচাৰিছে... যে মই প্ৰিয়াক্ষীক নিজৰ কৰি লওঁ!"


"প্ৰিয়াক্ষী! মানে প্ৰীতমৰ ভনীয়েক...দেখিবলৈ সেই ফেদেলী, বেঙিজনী?" এইবাৰ শ্যামলীয়ে চিঞৰি উঠিল।


তাই শ্বক খাই গ'ল!


"ধেই, অলী কি যে কোৱা! তাই বেঙি নহয় অ...খালী অলপ বেছি সৰল। খুড়াহতে যাকে তাকেতো বিজনেছৰ দায়িত্ব নিদিয়ে...একমাত্ৰ জোঁৱাই হ'লে মোৰ ঠায়েই বেলেগ হ'ব।" ৰাজীৱে কৈফিয়ৎ তলব কৰিলে।


"কিন্তু ৰাজীৱ!" এইবাৰ শ্যামলীৰ মাতটো ফটা ঢোলৰ দৰে শুনা গ'ল।


"সেই বুলি তুমি নিজে ইমান হেন্ডচাম হৈ তাইক বিয়া পাতিবানে? মিলিবনে তোমাৰ আৰু তাইৰ যোৰা? মানুহে নেহাঁহিবনে?" নিজৰ শেষ সম্বলকণ বচাবলৈ তাই আতুৰত কথাষাৰ কৈ উঠিল।


"আস সা, অলী... মানুহৰ ৰূপটোনো কি...মনটোহে আচল। আৰু অন্য মানুহে কি ভাবে নেজানো, কিন্তু ইমান ডাঙৰ সুযোগ এটা... মই হেৰুৱাব নিবিচাৰোঁ।"


এইখিনি কৈ ৰাজীৱ বহাৰ পৰা উঠিল। অলপ নৰম গলাৰে শ্যামলীক এইবাৰ ক'লে,

"ভালে থাকা তুমি। ভাল ল'ৰা এটা চাই বিয়াত বহা... কিমান আৰু পাৰ্টি, ডিস্ক' কৰি থাকিবা?"


"আহোঁ দিয়া। কাইলৈ মোৰ খাৰু-মণি পিন্ধোৱা... এমাহ পিছত ভাল দিন এটা পৰিছে... বিয়া। নহাকৈ নেথাকিবা কিন্তু, মাই প্ৰীতি গাৰ্ল।" তাইৰ পিঠিত লাহেকৈ থাপৰ দুটা মাৰি... ৰাজীৱে চিৰদিনলৈ বুলি... তাইৰ পৰা দূৰলৈ বাট বুলিলে।


শ্যামলী স্থানুৰ দৰে বহি থাকিল।


শীত কালৰ সন্ধিয়া...কিন্তু তাই মানুহজনী ঘামি গ'ল... মূৰৰ পৰা ভৰিলৈ... এটা অদ্ভুত শিহৰণ অনুভৱ কৰিলে।


এৰা। ৰূপটোনো কি, মনটোহে আচল। 


শেষত তাই কম বুলি ভাবি থোৱা কথাটো... ৰাজীৱে তাইকেই শুনাই দিলে। 


অথচ ৰাজীৱৰ কথাৰ সুৰতো মনৰ ঠাইত তাই অলমস্ত "ধন"টোৱেই শুনিবলৈ পালে। আফতাৰ অল অন্তৰাত্মাৰ ধ্বনি... ৰাজীৱৰো লুভীয়া চকু কেইটা তলমলাই উঠিছিল নিজৰ সুনিশ্চিত ভৱিষ্যতৰ আকাংক্ষাত।


ধনেই সঁচা...আজি এই ধনৰ বাবেই...শ্যামলীয়ে কমখন বাঁহকেই নাখালেনে? 


দূৰৈত বেলিটো ডুব গৈছিল... লগতে যেন...ধুনীয়া শ্যামলীৰ... সেই উৰো-উৰো মনটোও।।

(সমাপ্ত)

✍ © ৰূপালীম (বেংগালুৰু)
১১.০১.২০২০

xxxxxxxxxxxxxx


যোগাৰ


যোগাৰ

(চুটি গল্প)

কণতিলৌ বৰ বিপাঙত পৰিছে। কত' হেঁপাহ কৰি ইমান দিনে আলচি থকা কিবা বোলেনে ডানলপখন অনালে। পিছে তাৰ ঘৈণীয়েক মইনাই চোন ৰং পোৱাৰ বদলি খিঙখিঙাই হে উঠিল। লগে লগে নহয় অৱশ্যে, অনাৰ দিন দুই এক পিছতহে। আনোতে দুৱাৰৰ আঁৰৰ পৰা চাই চাই তাই হাঁহিয়েই পেলাইছিল।


কণতিলৌহঁতৰ সীমিত উপাৰ্জনৰ, প্ৰায়েই টানি টুনি চলা সংসাৰ। তাৰ দোকান এখন আছে গাঁৱৰে চকটোত, মোটামুটি চলে। ভাগ্য পিতায়েকে ঘৰে-মাটিয়ে কৰি থৈ গৈছিল বুলিহে, পুখুৰীৰ মাছ, ঘৰৰ শাক-পাচলিৰ যোগানত সংসাৰখন কোনোমতে চলি যায়। পিছে ল'ৰা-ছোৱালী হালৰ পঢ়া-শুনা, উৱঁলি যোৱা ঘৰটোৰ মেৰামতি চব মিলি এতিয়া উপাৰ্জন অলপ কমেই পৰে।

মইনা চালাক ছোৱালী। প্ৰাচুৰ্য নাথাকিলেও সংসাৰখন আকাল নোহোৱাকৈ চলাই যায়। নিজৰ চখবোৰ, ফৰ্মাইছবোৰলৈ ঠাই নেথাকে। তথাপিও সিহঁত সুখী।

কিন্তু এইবাৰ গৰমৰ বন্ধত ল'ৰা-ছোৱালী দুইটাৰে তাইক চহৰত থকা ককায়েক পূৰ্ণধৰে লৈ গ'লহি, "কেইদিনমান আৰাম কৰি আমাৰ তাত থাকিবি হৰ..." বুলি।

আগা-পিছাকে মাক-বাপেক ঢুকুওৱাৰ পিছত এই ককায়েকেই তাইৰ একমাত্ৰ সম্বল। আগতে প্ৰায়েই মৰমতে ককায়েক বৌৱেকে তাইক লৈ গৈছিলহি, কিন্তু ল'ৰা-ছোৱালী হোৱাৰ পাছত, সংসাৰৰ কাম বাঢ়িল, অহা যোৱাও পাতল হ'ল।

এইবাৰ পিছে চহৰত চৰকাৰী অফিচৰ বৰবাবু ককায়েকৰ ঘৰৰ প্ৰাচুৰ্য দেখি মইনা সেইফালেই তধা লাগিল। বাহ, কি বাহাৰ। নতুন নতুন কিটিপ কাইদাৰ বস্তু লগাই কি আৰামৰ জীৱন। বিচনাখনত শুবলৈ লৈতো তাইৰ ফুৰ্তিতে চিঞৰেই ওলাই গ'ল। আসঃ...কি কোমল...বঢ়িয়া...ফিট ফাট হৈ থাকে। বৌয়েকে বোলে সেইখন ডানলপ, ডাঙৰ ফাৰ্নিছাৰৰ দোকানৰ পৰা সৰহকে টকা দি কিনিছে, ঘৰত বনোৱা তুলিতকৈ বহুত ভাল।

বচ, ঘৰলৈ আহি মইনামতিৰ মাত আখৈ ফুটাদি ফুটিবলৈ ল'লে। ককাইদৌৰ ঘৰত অমুকটো এনেকুৱা...তমুকটো তেনেকুৱা...অমুকটো ইমান ভাল পায়....তমুকটো ইমান সুবিধা আই। চবতকৈ বেছি শলাগিলে বিচনাৰ ডানলপখনক। বৰ মনে খালে তাইক সেইখনে। বিয়া হোৱাৰে পৰা জিৰণিৰ নামত ৰাতিকণ শুবলৈ পায়, তাকো ফটা-ছিটা পাতল তুলিখন, গাটোত আৰাম বুলিবলৈ তিলমানো নেলাগে। শহুৰেকৰ দিনৰ শালকাঠৰ মজবুত পালেঙখন বুলিহে টিকি আছে, কিন্তু ফিচিকি যোৱা তুলিখন ঠিক কৰাই লবলৈয়োচোন সুবিধা নিমিলে।

এসপ্তাহমান ডানলপ কীৰ্তন শুনাৰ পিছত নিমাখিত কণতিলৌৰ মনতো উৎসাহ জন্মিলে। কিমান আৰু নিজৰ চখবোৰ চেপি খুন্দি ৰাখিব।

"মইনাজনীয়ে ইমান আশা কৰিছে, এইবেলি তাইক এই সুখকণ দিমেই" সি ভাবিলে।

ভবা মতেই কাম। লগৰ বন্ধু ৰজনীকান্তক কৈ দুমাহমানৰ কাৰণে বিয়লিবেলা কৰিব পৰা কাম এটা যোগাৰ কৰি ল'লে। ৰজনীয়ে কাম কৰা ঠাইতে। সেইকেইটা দিন ল'ৰা পোনাকণক ক'লে,
"মই আবেলি আবেলি নাথাকিলে, তই স্কুলৰ পৰা আহি দোকানখন চম্ভালিব নোৱাৰিবিনে?"

"পাৰিম পিতাই।" পোনাকণে তপককৈ মাত দিলে। সি দোকান চোৱাৰ নামত আৰাম কৰি কিতাপ পঢ়িবলৈ বৰ ভাল পায়। লগতে ইটো সিটো ডালমুট চানাচুৰ গলিয়াই থাকিবলৈও পাব।

বচ, ল'ৰাকনক দোকান গতাই দি কণতিলৌৱে মনপুতি কামত ধৰিলে। দুমাহত কষ্টও কৰিলে, পইচাও গোট খালে কেইটামান। সেই টকা লৈ, ৰজনীৰ লগত পোনেই  টাউনলৈ বুলি ওলাল। ফাৰ্নিচাৰৰ দোকানত সোমাই মোটামুটি দামৰ ডানলপ এখন কিনিলে, তাৰ পাছত চাহ-পানী এটুপি খাই মইনা আৰু ল'ৰা-ছোৱালী হাললৈ বুলি ইটো সিটো বস্তুও কিনি পেলালে।

সেই বস্তু বাহানি লৈ ঘৰ আহি পাওঁতে মইনাজনীৰ কি হাঁহি, ফুল চিটিকিহে যেন পৰিছে। ল'ৰা-ছোৱালীহালেও আনন্দত জঁপিয়াই ফুৰিলে। বিচনাত ধৰি মেলি ডানলপ পৰাৰ পিছত মইনাই ট্ৰাংকৰ তলৰ পৰা সেই তাহানিয়েই বঙালী বেপাৰীৰ পৰা দৰাই দৰাই লৈ থোৱা ফুলাম বেডচিতখন পাতি পেলালে। আলফুলে হাত ফুৰাই সেইখন ফিট কৰি তাই তভক মাৰি ৰ'ল।  বিচনাখনে আহ আহ কৰি আছে, পিছে দিন দুপৰতে তাই বোৱাৰী মানুহজনী শোৱেনো কেনেকৈ!

"ৰাতিলৈ হেঁপাহ পলুৱাই এইখনত শুই শুই আৰাম কৰিম দৌ..." তাই মনতে ভাবিলে। কলতিলৌৰ চাৰপ্ৰাইজটোৱে তাইক তবধ মনাই দিলে।

কণতিলৌৰো মন ভৰি গ'ল।

কিন্তু দুৰাতি সেইখনত শোৱাৰ নামত ইকাটি সিকাটি কৰি শেহ ৰাতিলৈ পৰ্ত্তিক ৰুমৰ কাঠৰ চোফাৰ লেখীয়া বেঞ্চীখনত আহি মইনা শুই পৰিলগৈ, মূৰে গায়ে চাদৰখনকে টানি টুনি কুস্তি কৰিলে আৰু শেষত মহৰ কামোৰণিৰ পৰা পৰিত্ৰাণ নেপাই গিৰিয়েকটোক বকি থাকিল।

"হয় শুনিছে, কি শনি সোপা সুমুৱালেহি হয়নে ঘৰত? ইমান টান, গা বিষাই গৈছেগৈ, দিনটো মানুহজনীয়ে বাহি-বন, চৰুৰ পৰা গৰুলৈকে চম্ভালি মৰো, ৰাতিকনো শুবলৈ সুখ নাই হেৰৌ। আগৰ ঘৰত বনোৱা তুলিখনেই ভাল আছিল চোন, এইখন গোটেই কাঠৰ চলি, উসঃ... গাটো টনটনাই গৈছে অ' গোঁসাই।"

"হেৰৌ মইনা" কণতিলৌয়েও লাহেকৈ উত্তৰ দিলে "তয়েই চোন চহৰৰ ককায়েৰৰ ঘৰৰ পৰা আহি ফোচ-ফোচাই আছিলি, বোলে ককাইদৌউৰ ঘৰত কি আৰাম! কি ধুনীয়া তুলি...ডাঙৰ দোকানৰ পৰা অনোৱা...বিচনা চাদৰখনো ফিতফিতিয়া হৈ থাকে... শুই কি মজা।"

"কৈছিলোঁতো, ককাইটিৰ ঘৰত আৰামৰ বস্তু। আপুনি যিখনহে আনিলে, নজনা নুশুনাকৈ, ককাইটিকে সুধিনো নোলাল কিয়?"

"কথাই কথাই ককাইদৌউৰ কথা গাই নুফুৰ মইনা, ময়ো জনা মানুহ লৈহে গৈছিলোঁ, ৰজনী গৈছিল নহয় মোৰ সৈতে।"

"থউক হেৰি, ৰজনীয়েনো কিডাল জানে, আপোনাক সস্তীয়া বস্তুবোৰ কিনোৱাই দিছে, আৰু আপুনিও অঁকৰাৰ দৰে যিহকে তিহকে লৈ ঘৰ চাপিলহি।"

তাইৰ সঁচাই খং উঠিছিল। লাগ বুলিলেই যি কোনো বস্তু আহি এইখন ঘৰ নোসোমাইহিয়েই। কিন্তু এইযে এইখন...তাইৰেই চখ পূৰাবলৈ আনিলে....অন্তত কোৱালিতিটো চাব লাগিছিল গিৰিয়েকটোৱে। এইখনত শুব পাৰি নিকি, ইমান টাণ! তাতে মস্ত ওখ। অকণো আৰাম নেলাগেচোন। ককায়েকৰ ঘৰৰখন চোন বেছ কোমল আছিল। এতিয়া তাইৰ ফৰ্মাইছ পূৰণ কৰাৰ নামটো হে ৰ'ল, কামত হ'লে নেচেল।

বেচেৰা কণতিলৌ। কি ভাবিলে আৰু কিখন হ'ল। সিনো কোনখন ডানলপত শুই পাইছে যে কোৱালিটি বুজিব? দোকানী আৰু ৰজনীয়ে চোন বৰকৈ শলাগিছিলে, আৰামৰ বস্তু বুলি। টানো সঁচা, পিছে মইনাৰ গালি শুনাৰ ভয়ত সিয়ো তাপ মাৰি থাকিলে।

এতিয়া এই ডানলপখনেই হ'লগৈ হাৰমাল। দুদিন মান তেনেকৈয়ে চলিল। মইনা পৰ্ত্তিকত, সি শোৱা-কোঠালিত। মৰমৰ ঘৈণীৰ বকনি আৰু ৰাতিকণৰ দূৰত্বটো আৰু সহ্য কৰিব নোৱাৰি, সি ডানলপখন পোনাৰ লগ লাগি হেপো-টেপোকৈ নি বহা ঘৰ পোৱালেগৈ। তাতেই বেঞ্চীখনৰ কাষত পাতি দিলেগৈ, আৰু বিচনাখনলৈ পৰিত্যক্ত কিন্তু হেঁপাহৰ পুৰণি তুলিখন লৈ আনিলেগৈ।

মইনাই একো নামাতিলে, পিছে সেই ৰাতি তাই পাকঘৰ সামৰি, হাত-ভৰি ধুই লাহেকৈ গৈ নিজৰ বিচনাত বাগৰ দিলেগৈ। কণতিলৌৰ দোষী দোষী ভাবটো যেনিবা অলপ শাম কাটিলে।

মইনা চালাক ছোৱালী। কাজিয়া পেছাল বঢ়াই নাথাকি সংসাৰখন নিঘুনি কৰি চলাবলৈ তাই নজনা নহয়।


চলি থাকিল। গতানুগতিক সিহঁতৰ জীৱন তেনেকৈয়ে চলি থাকিল কেইমাহমান। কিন্তু হঠাৎ সিহঁতৰ ওপৰত ঈশ্বৰে দয়া কৰিয়েই হওক বা এনেয়েও হওক, চকু মেলি চালে, আৰু আচম্বিতে সিহঁতৰ এই এৰাব নোৱাৰা অসুবিধকণ পলাই পত্ৰঙ দিলে।

এই গোটেই বৃত্তান্তটোৰ ফুল ক্ৰেডিট পিছে কণতিলৌৰ বায়েক কুসুমৰ মাজুপুতেক প্ৰদ্যুম্ন ওৰফে পদুমৰ। পঢ়া শুনা বাদ দি পিলিং পালাং কৈ ঘূৰি ফুৰা অকৰ্মন্য আৰু সোৰোপা পদুমৰ গত লগাব নোৱাৰি মাকে পঠিয়াই দিলে ভায়েকৰ তালৈ, বোলে কেইমাহমান থাকি আহ...মোমায়েৰৰ জহতে কাম কাজ শিক...দোকান পোহাৰ চলোৱাৰ কায়দা কিটিপ অলপ জানি বুজি আহ...পিতায়েৰে নহয় দিব খুলি দোকান এখনকে।

আচলতে তলে তলে মাকে বিচাৰিছিল পুতেকৰ সেই কাজ কৰ্ম নাইকিয়া কেলেহুৱা লগকেইটা আঁতৰ হওক বুলি। নিজৰ পুতেকৰ গাত টোপ এটাও কুসুমে পৰিবলৈ নিদিয়ে, অৱস্থাপন্ন ঘৰৰে ল'ৰা, খালি অলপ দিন দূৰৈত থাকি ভাল হওক বুলিয়েই আলচ কৰি কণতিলৌৰ তালৈ পঠিয়াই দিলে।

পদুম ল'ৰাটো হ'লগৈ এলেহুৱা, যাক বোলে ধোদৰ পচলা। মাকৰ মৰমৰ অতিশয্যাত গায়ে গাৰীয়ে ফুলি এক বিৰাট বপু....ওখই নাই কমেও ছফুট....যোৱাবাৰ মেলাত জোখোতে তাৰ ওজন আছিল প্ৰায় এশ পচপন্ন কিলগ্ৰাম। নোদোকা হাতীটো গোটেইটো। কিন্ত ব্যৱহাৰত অমায়িক আৰু স্বভাৱতে অত্যন্ত ফুৰ্তিবাজ পদুমক মোমায়েক মামীয়েকে বেয়া নাপায়, অৱহেলাও নকৰে। বৰঞ্চ মইনাই সি থাকিবলৈ অহাত ভালেই পালে। দোকানত মাজে মাজে সি নবহা নহয়, বহে। কণতিলৌৰো অকণমান আজৰি হয়। ঘৰুৱা কামত অৱশ্যে প্ৰকাণ্ড পেতেলা পদুমে বিশেষ সহায় কৰিব নোৱাৰে। হ'লেও সি থকাত মইনাই বেয়া নাপালে।

পদুম অহাৰ পৰা খোৱা-বোৱাবোৰ অলপ বাহুল্য হৈছে সঁচা, পিছে মাছ-মঙহ, ফল-মূল, কাজু-কিছমিছ জাতীয় ফৰ্মাইচি বস্তুবোৰ কেতিয়াবা সি নিজেও মাকে দিয়া হাত খৰছৰ পইচাৰে আনি থাকিল। মামীয়েক মইনাই জুতি লগাই লগাই ৰান্ধি খুৱালে, আৰু  ককায়েকক পাই মইনাৰ ল'ৰা-ছোৱালীহালৰো ৰং চৰিল। পোনাৰতো ফুৰ্তিত ততেই নাই। পদুম ককায়েকৰ লগতহে শুব।

কণতিলৌৱে বোলে শো তেনেহলে। মইনাই পৰ্ত্তিকৰ সেই এলাগী ডানলপখনতে সিহঁতৰ বিচনা ঠিক কৰি দিলে। মতা ল'ৰা একা...ইহঁতৰনো কি অসুবিধা হ'ব... শোৱক এইখনতে। মইনাই ৰন্ধা সোৱাদ লগা ভাতসাজ খাই ৰাতি এপৰলৈ পোনাহঁতে পদুমৰ সৈতে গল্প কৰে, আৰু শেহলৈ টোপনিৰ জালত কলমতিয়াই থকা ছোৱালীকণক বাপেকে দাঙি নি শোৱা কোঠালীৰ বিচনাৰ একাষত শুৱাই দিয়েগৈ। তাৰ পিছত মইনাৰ সৈতে কণতিলৌৱে তাঁহাতৰ নিজৰ ভাল লগা গল্পবোৰৰ ভাণ্ডাৰ খোলেগৈ।

মইনাহঁত টোপনি যায় মানে পৰ্ত্তিকৰ ডানলপত দুই ককায়েক ভায়েক দুৰ্ঘোৰ নিদ্ৰাত পৰে। বেৰৰ কাষৰ ফালে হাত ভৰি মেলি পদুম পৰি থাকে, আৰু এইটো ফালে কোচ-মোচ খাই পোনা। সি বোলে,
"পদুমকাই মোক কিন্তু টোপনিৰ জালত হাত ভৰি উঠাই চেপেটা কৰি নেপেলাবি।"

নেপেলাই। পদুমে ঠিক নিজৰ চাইড মেইনন্টেইন কৰি টোপনি মাৰে।

এমাহমান এনেকৈ চলি থাকিল। পদুমৰ ৰসাল কথা, হাঁহিৰ খোৰাক যোগোৱা ফুৰ্তিবাজ স্বভাৱটোৱে ঘৰখনৰ মানুহবোৰক ব্যস্ত কৰি ৰাখিলে।

পিছত এদিন ৰ'দ ওলোৱাৰ দিনা মইনাই ভাবিলে, "ডানলপখন আজি জাৰি জোকাৰি দিওঁ, বিচনা চাদৰ খনো ৰদোৱাও।"

বাঁহৰ বিচনাজৰা ঝাৰু ডাল লৈ গৈছেহে, ডানলপ দেখিতো তাই অবাক। পদুম শোৱা বেৰৰ কাষৰ ভাগটো চেপেটা হৈ গৈছে। হাত ফুৰাই চোৱাত, কোমল কোমল ভাব এটা পালে। আই ঔ! এইখনৰ চোন এইভাগতো তেনেই কোমল হৈ গ'ল...ঠিক ককায়েকৰ ঘৰৰখনৰ লেখিয়া। নিজে বহি লৈ চালে...হয়.... কোমলেই সঁচা। নোদোকা হাতীহেন পদুমে মৰণা মৰা দি নিজৰ ভাগটো চেপেটা আৰু কোমল কৰি থৈছে। পুতেকৰ ভাগটোত হাত ফুৰাই দেখে, নাই...হুটা।

মইনা চালাক ছোৱালী। সুযোগ চাই কঠিয়া ব'ব জানে।

সেইদিনা গধূলি খাহীৰ তেলাল জোল আৰু জহা চাউলৰ ভাত বাঢ়ি দি তাই পদুমক ক'লে,
"পদুম, তোৰ চাগে ৰাতি গৰমেই লাগে, নহয়নে বোপাই? তই আজিৰে পৰা বিচনাৰ এইফালে শুবি, ফেনৰ হাৱা ভালকৈ পাবি।"

পদুমে শলাগিলে।

কণতিলৌৱে একো নুবুজিলে।


ইয়াৰ এমাহ পিছত মোমায়েকহতৰ আদৰ খাই, এইবাৰ এশ ষাঠি কিলগ্ৰাম হৈ পদুম ঘৰলৈ গ'লগৈ। ল'ৰা-ছোৱালী দুটাৰ লগতে মইনাৰো চকুপানী ওলাল। পোনাই তাক বাছত তুলি দিবলৈ ওলাল... আৰু মইনাই কণতিলৌক ভিতৰলৈ মাতি আনিলে।

"হেৰি, শুৱাব খুজিছিল নহয় ডানলপত, বলক সেইখন শোৱা কোঠাত পাতোঁগৈ।" মইনাই লাজ-লাজকৈ কণতিলৌক কথাষাৰ ক'লে।

কণতিলৌ অবাক হ'ল। মইনাৰ ওঁঠৰ ফাঁকেৰে মিচিকিয়া হাঁহি এটা সৰকি আহিল।

পিছৰ দিনবিলাকত, সেই মিচিকিয়া হাঁহিটো ঘৰখনৰ চুকে কোণে লাগি ৰ'ল। লখিমী মইনাৰ সুখৰ হাঁহিয়ে ঘৰখন পোহৰাই ৰাখিলে।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
১৩.০৩.২০২০

(আচল শব্দটো মেট্ৰেছ, কিন্তু সচৰাচৰ মানুহে ভুলকৈ কয়, যেনে সকলো লোহাৰ আলমাৰীকে গডৰেজ, চফ্ট ড্ৰিংক্সক কোকা-কলা, মেট্ৰেছক ডানলপ; গতিকে ময়ো চলিত ভাষাৰ ভুল শব্দটোকে ব্যৱহাৰ কৰি লিখিছোঁ, ধৰি লওক মইনাহঁতে তেনেকৈয়ে কয়।)

xxxxxxxxxxxxxx

Thursday, 16 July 2020

হেঁপাহ



হেঁপাহ

(চুটি গল্প)


পেঞ্চন আনিবলৈ প্ৰত্যেক মাহৰ শেষৰ দিনটোত ওলাই যোৱা মাধৱ শইকীয়াক শইকীয়ানীয়ে মোনা এখন আতৌ-পিতৌকে যতনাই দিয়ে, টেমা এটাত তিনিখিলামান ভালকৈ নুৰিওৱা তামোল-পাণ, ঠাণ্ডা পানীৰ বটল এটা, হঠাৎ প্ৰেচাৰ বা চুগাৰ ল' হৈ গ'লে মুখত দিব পৰাকৈ মিচিৰিৰ টুকুৰা কেইটামান আৰু "মহেন্দ্ৰ দত্ত এণ্ড চন্স"ৰ সেই তাহানিৰে মজবুত ক'লা ছাতি এটা। 

"শুনিছে, ৰ'দত এনেয়ে খোজ নেকাঢ়িব, ছাতিটো খুলি ল'ব...পাৰিলে ৰিক্সা এখনতে যাব...পইচা খৰছৰ কথা ভাবি নাথাকিব চোন অনবৰতে।"

"তুমি হিচাপ নিকাছৰ কথা কিবা বুজিলেহে....মইহে জানো আটকীয়া পেঞ্চনৰ টকাকেইটা আমাৰ কাৰণে কিমান জৰুৰী...অ'ত ত'ত কেলৈ ঢালিম বাৰু।"

"এদিন খোজ নেকাঢ়ি ৰিক্সাত গ'লে আমি পথৰ ভিকহু নহওঁ দিয়ক।"

"হেৰা, গোটেই জীৱন কাম কৰিলো। খোজ কাঢ়ি, চাইকেল মাৰিয়েই চলি গ'ল, এতিয়া এই বয়সত ৰিক্সা মটৰত নুঠিলেও হ'ব দিয়া।"

"আপোনাৰ এই কথা নুশুনা স্বভাৱটোৰ কাৰণেই মোৰ সুখ নহ'ল দেও, কৰবাত মূৰ ঘূৰাই পৰি থাকিলে মই অকলশৰীয়া মানুহজনীৰ কি হ'ব ভাবি চাইছেনে?"

"হেহে ভালহে তেও, পৰিত্ৰাণ পাবা তুমি।"

"কিখননো কয় ঔ, যাওক যাওক কথা চোবাই ঘৰতে বেলি দুপৰ হ'ল।"

ধুতিখনৰ পোন্ধটো ভালকৈ মাৰি শইকীয়াই পোষ্ট অফিচলৈ বুলি বাট বুলিলে। আলিৰ সিমূৰ পাই চকটো নুঘূৰালৈকে শইকীয়ানীয়ে তেওঁক পদূলিমুখৰ পৰা চাই থাকিল। নেদেখাজনক চিন্তি কপালৰ সেন্দুৰখিনিত হাতটো এবাৰ এনেয়ে ফুৰাই দিলে।


নাই। এই মানুহটোক তেওঁ কোনোদিনেই ভংগজয় নিয়াব নোৱাৰিলে। কোনোবা এবছৰ বিহু তলিত নাচি থকা ষোল্ল বছৰীয়া তেওঁক দেখি পছন্দ হোৱাত কমলাবুলিয়া টেঙা মৰ্টন খুৱাই তেতিয়াৰ চফল ডেকা শইকীয়াই নিজৰ প্ৰেমত পেলাইছিল। এবছৰমান পিছত মৰ্টন চুপি ভেলেঙী হাঁহি মাৰি তেওঁ শইকীয়ানী হৈছিল, আৰু লাজুকী খোজেৰে আহি শইকীয়াৰ ঘৰ শুৱনি কৰিছিলহি, বুকু জুৰ পেলাইছিল।

কি হেঁপাহৰ সংসাৰ তৰিছিল দুয়োৱে। চৰকাৰী অফিচৰ সৰুবাবু শইকীয়াৰ জেদৰ আগত পৰিয়ালেও হাৰ মানিছিল।

কিন্ত বিয়াৰ ১০ বছৰৰ পিছতো যেতিয়া শইকীয়ানীৰ কোলা উদং হৈ ৰৈছিল, আত্মীয় কুটুমৰ লগতে ওচৰ চুবুৰিয়ায়ো যেতিয়া শইকীয়াক দ্বিতীয় বিবাহৰ পৰামৰ্শ দিছিল, তেওঁ তেতিয়াও কাৰো কথা শুনা নাছিল।

"ফল নধৰা গছ" আখ্যা পোৱা শইকীয়ানীৰ ফল নধৰা নহয়, ধৰিছিল। তিনিবাৰো। কিন্তু প্ৰতিবাৰেই দুই চাৰি মাহতে তেওঁলোকৰ সপোন ভাঙি চুৰমাৰ হৈ গৈছিল। তেওঁৰ হেনো জৰায়ু দুৰ্বল আছিল, সন্তান ধৰি ৰখাৰ শক্তিকণ নাছিল। 

প্ৰত্যেকবাৰৰ নিৰ্মম আঘাতৰ কোবটোৰ পিছতেই "এই বংশ পুলি-পোখা নোহোৱাকৈয়ে উচন হব" বুলি কান্দি কাটি বিহ্বল হোৱা শইকীয়াৰ মাক-বাপেকৰ চকুলোৱেও শইকীয়াক টলাব পৰা নাছিল।

"নানো মই এওঁৰ সতিনী, নেলাগে মোক পুলি-পোখা" তেওঁ চাফ চাফকৈ ঘোষণা কৰিছিল। শইকীয়ানীৰ সেই দিনবোৰত কলহ বান্ধি পুখুৰীত জাপ দিবলৈ মন গৈছিল। 

শেষৰবাৰ আঠমাহলৈকে শইকীয়ানী আগবাঢ়িছিল, সন্তৰ্পনে, দুৰ্বল, নিস্তেজ খোজেৰে, কিন্তু প্ৰবল হেঁপাহ লৈ। শেষত এৰাতি প্ৰচণ্ড ৰক্তক্ষৰণ হৈ হস্পিতালৰ দুৱাৰ দলি পাইছিলগৈ,  মৃত্যুৰ সৈতে যুঁজি থকা শইকীয়ানীৰ ডাক্তৰে শইকীয়াক কৈছিল "কেঁচুৱা বা মাক এজনক হে বচাব পাৰিম।" পৰিয়ালৰ মানুহৰ আকুল আহ্বানক নেওচি শইকীয়াই একে আষাৰে কৈ দিছিল "তেওঁক ঘূৰাই আনক ডাক্তৰ বাবু, মোক আৰু একো নেলাগে।"

নাই। তেতিয়াৰে পৰা ক্ষোভত থকা আত্মীয়-স্বজন,  পৰিয়াল, প্ৰতিবেশী কাকোয়েই কেৰেপ কৰা নাছিল শইকীয়াই। মানুহজনীক আৱৰি ৰাখিছিল। লাহে লাহে তেওঁলোকেও দুখবোৰ পাহৰি পেলাইছিল, আৰু কথা শুনোৱা মানুহবোৰেও তেওঁলোকৰ লগতেই দিন ৰাতি আকৌ উঠ-বহ কৰিছিল। কিন্তু মানুহৰ কথা শুনা পুৰুষ শইকীয়া কাহানিও হৈ উঠা নাছিল। সেয়া লাগিলে শইকীয়ানীয়ে নহওক কিয়।


এতিয়াও শইকীয়া একেই আছে। কৰিম বোলাটো কৰিবই। নকৰিম বোলাটোক কৰোৱাৰ সাধ্য নাই।

শইকীয়াই ৰিক্সা ন'ললে। কিন্তু ঘূৰি অহাৰ বাটত, ঘৈণীয়েকলৈ বুলি সেন্দূৰৰ টেমা এটা, মূৰত ঘঁহা গোন্ধতেল এবটল আৰু কমলা ৰঙৰ টেঙা মৰ্টন কেইটামান কিনি মোনাটোতে ভৰাই আনিলে। টেঙা মৰ্টনলৈ এতিয়াও মানুহজনীৰ বৰ হেঁপাহ। মানুহজনীৰ মুখখনৰ নিভাঁজ ভেলেঙী হাঁহিটোৱে যে এতিয়াও তেওঁৰ বুকু জুৰায়। সেই হাঁহি দেখিলে যে এতিয়াও তেওঁৰ নিজৰ সকলো দুখ কষ্ট পাহৰি যায়।

শইকীয়া খৰ খোজেৰে আগবাঢ়ে। হেঁপাহৰ হাঁহিটো চাবলৈ তেওঁৰ বৰ মন যায়।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৮.০৪.২০২০

xxxxxxxxxxxxxx

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...