বৰণ
(চুটি গল্প)
প্ৰেগনেন্সি কীটটোত দুডাল আঁচ অহাৰে পৰা ৰিমলীৰ কাণত অহৰহ নিজৰ মানুহবোৰৰ লগতে আত্মীয় স্বজন, ওচৰ চুবুৰীয়া আনকি দুদিনীয়া চিনাকি মানুহৰো লানি নিছিঙা উপদেশৰ বৰ্ষণ হ'বলৈ ল'লে।
"অনবৰতে শুই বহি নাথাকিবা, কাম বন কৰি এক্টিভ হৈ থাকিবা।"
"বাওঁফালে শুবা, পেট পেলাই নুশুবা।"
"ভাল কিতাপ পঢ়িবা, ভাল কথা চিন্তিবা।"
"ঋষিক বৰকৈ ওচৰ চাপিবলৈ নিদিবা কিন্তু।"
"কঁকালত অমুক আয়ে জাৰি দিয়া তমুক মন্ত্ৰৰ মালা আৰিবা, তমুক জপ কৰিবা।"
মুঠতে দিহা পৰামৰ্শৰ অন্ত নায়।
ৰিমলীয়ে কিছুমান কথা মানে, কিছুমান নামানে। উপদেশ দিবলৈ মানুহৰ অভাৱ নাই। সকলো কথা শুনিবলৈ তাইৰ মনটোৱে চোন নামানে।
ইয়াৰ মাজতে ওচৰতে বিয়া দিয়া জেশাহুৱেক অসীমাই অনৰ্গল একেটা কথাকে কৈ থাকে,
"ৰিমলী, বেঙেনা নাখাবা কিন্তু। আৰু তুমি ভালপোৱা চাহ, কফি একোৱেই মুখত নিদিবা। বেবী ক'লা হয় এইবোৰ খালে। আমাক কিন্তু ক'লা বেবী নালাগে দেই।"
শাহুৱেকেও মাত দিয়ে,
"গাখীৰত কেশৰ দি খাব লাগে দেইলি, ধক-ধকীয়া লাড়ুৱা গোপাল পাবা।"
ৰিমলীৰ মূৰটো গৰম হৈ যায়। এই ঘৰখনৰ বগা ৰং লৈ কি যে এটা অবছেছন। অথচ এই ঘৰৰ কেওটি প্ৰাণীৰেই গাৰ বৰণ ক'লা।
দুবছৰ আগতে তাইক ঋষিয়ে বিয়া কৰাব বোলাতো এওঁলোকৰ প্ৰথম আপত্তি আছিল তাইৰ ঈষত মিঠা বৰণটোৱেই। গঢ়ে-পিটে সুন্দৰী, সু-শিক্ষিতা, সু-স্বাস্থ্যৰ অধিকাৰী ৰিমলীজনী তেওঁলোকৰ চকুত পৰা নাছিল। পৰিছিল কেৱল তাইৰ গাৰ বৰণটো।
কিন্তু শেষত ৰিমলীয়েই এই ঘৰৰ বোৱাৰী হৈ দুৱাৰ দলি গচকিলহি। লাহে লাহে মুকলি মনৰ ৰাংঢালি বোৱাৰী পাই ঘৰৰ মানুহখিনিয়েও তাইক আঁকোৱালি ল'লে।
কিন্তু কৰবাত যেন কিবা এটা আসোঁৱাহ ৰৈ গৈছিল।
মাজে মাজে শাহুৱেকে আক্ষেপ কৰি উঠিছিল,
"বগী বোৱাৰী এজনী আহিলে, ভৱিষ্যতে আহিবলগীয়া সতি-সন্ততিবোৰৰো উজ্জ্বল ৰং হ'ল হয়।"
সেইবুলি তেওঁ ৰিমলীক অৱহেলা কোনোদিনেই নকৰিলে। শাহু হিচাপে যথেষ্ট মৰম কৰে ৰিমলীক।
ৰিমলী সুখী হৈছিল মোটামুটি তাইৰ নতুন সংসাৰখনত।
আৰু এতিয়া তাই মাক হ'ব বুলি খবৰটো শুনাৰে পৰা তেওঁলোকে ৰিমলীৰ আদৰ যত্ন দুগুণ অত্যুৎসাহেৰে কৰিবলৈ ধৰিলে।
কিন্তু তেওঁলোকৰ খোৱা নোখোৱাৰ লিষ্টখনে ৰিমলীক বাৰুকৈয়ে অতিষ্ঠ কৰিছিল। তাইৰ আহিবলগীয়া অকণমানিটোক বিচৰা ধৰণে বৰণ দিয়াবলৈ শাহুৱেক, জেশাহুৱেকহঁত যেন উঠি পৰি লাগিছিল।
নানান মানুহৰ পৰামৰ্শমতে তেওঁলোকে প্ৰকাণ্ড লিষ্ট এখন কৰি পেলাইছিল। কি খোৱা উচিত কি অনুচিত, বহুত নিয়ম নীতি।
মাজে মাজে ৰিমলীয়ে মৃদু প্ৰতিবাদ কৰিলেও এই অৱস্থাত কাজিয়া পেছাল বেছিকৈ বঢ়াবলৈ মন কৰা নাছিল।
এসপ্তাহমান আগত আহি ওলালহি শাহুৱেকৰ ভাগিনীয়েক তৃষা। তৃষাই এইবাৰ এম-ডি কৰি চহৰৰ নামকৰা অবস্ট্রেতিছিয়ান-গাইনেকলজিষ্ট এজনৰ টিমত জুনিয়ৰ ডাক্তৰ হিচাপে সোমাইছে। পি-জিৰ খানা খাই আমুৱাইছে বুলি কেইদিনমান জেঠায়েকৰ ঘৰত থাকোঁ বুলি আহিছে। আহি সকলোৰে আদৰ বুটলিছে।
তাই অহাৰে পৰা ঘৰখনত সকলোৰে মনবোৰ ফুৰ্তিত থাকে। জেঠায়েকে, মানে ৰিমলীৰ শাহুৱেকেও স্বভাবতে নিৰ্ভীক আৰু স্পষ্টবাদী ভাগিনীয়েকক প্ৰচুৰ মৰম কৰে। ভয়ো নকৰা নহয়, যিহে মুখ চোকা ছোৱালী, অন্যায় কথা ক'লে মুখতে ধৰে।
তৃষায়ো পাৰে মানে বৌয়েক ৰিমলীৰ খেয়াল ৰাখিছে। কি কি বস্তু খালে বেবীৰ গ্ৰউথ ভাল হব, কোন খাদ্যই বেবীৰ মগজু চোকা কৰিব সকলো তথ্য তাইক দিছে। ৰিমলীৰ মন ভাল লগাবলৈ বাছি বাছি গান, কিতাপ, মুভিৰ লিষ্ট কৰি দিছে।
সেইবোৰ তাইৰেই আব্দাৰত যোগান ধৰি দিছে ঋষিয়ে।
ঘৰখনৰ মানুহবোৰে তাই থকাত বেছ ভাল পাইছে।
দেওবাৰে দুপৰীয়া সকলোৱে বহি ভাত খাবলৈ লয়। এইখন ঘৰত সকলোৱে একেলগে বহি খোৱাৰ অভ্যাস, এই কথাটো ৰিমলীয়ে বিয়া হৈ আহিয়েই দেখি খুব ভাল পাইছিল। সেই যে আগতে বিয়া হৈ যোৱা লগৰবোৰে তাইক সকীয়নি দিছিল, "বিয়াৰ পিছত লাষ্টত খাবলৈ পাবি, কোনেও খেয়াল নাৰাখিব", সেয়া ৰিমলীৰ ক্ষেত্ৰত মিছা প্ৰমাণিত হৈছিল।
তাই এনে এখন ঘৰ পাই সুখী হৈছিল।
কিন্তু এতিয়া এই মৰমৰ অতিশয্যাত তাইৰ নাকণি কাননি হয়। এই সময়ত সকলো খাবলৈ মন নাযায় তাইৰ, তথাপিও ঋষিহতে শাসন কৰিয়েই হওক বা মৰম কৰিয়েই হওক, তাইক অপছন্দৰ শাক-পাচলি ইত্যাদি চববোৰ খাবলৈ বাধ্য কৰে।
তাই খায়। বেবীটোৰ বাবে।
কিন্তু পেট ভৰাই খাবলৈ তাই বেয়া পায়। গাটো ভাৰ-ভাৰ, অলস-অলস লাগে। অথচ একেলগে বহি খোৱা মানুহ কেইটাৰ চকুৰ পৰা সাৰি যোৱাৰ উপায় নাই।
শাহুৱেক আৰু জেশাহুৱেকৰ খোৱা-বোৱাৰ বাচ, নিয়ম নীতিবোৰে তাইক অলপ বিপদত পেলায়।
আজি ভাতৰ পাতত আয়োজন ধেৰ। ৰিমলীয়ে কম বেছি পৰিমানে খাইছে।
ৰিমলীৰ কাঁহীখনত আৰু এহেতা ভাত দি শাহুৱেকে বোলে,
"খোৱা ৰিমলী, ভাত বেছিকৈ খালেহি বেবী হেলদি হ'ব, নোদোকা হ'ব।"
"আৰু এতিয়া তুমি এনেও দুটা মানুহৰ ভাত খাব লাগে।" দেওবাৰ বুলি মাকৰ ঘৰলৈ অহা অসীমায়ো যোগ দিয়ে।
ৰিমলীয়ে সেমেনা সেমেনি কৰে। এপেট ভাত তাই খাব নোৱাৰে। অভ্যাস নাই। বহু দেৰিলৈ পেটটো জথৰ মাৰি থাকে।
বৌয়েকৰ অস্বস্তিখিনি দেখি তৃষাই টেপেক কৈ মাত লগালে,
"জেঠাই বেছি ভাত খালে বেবী হেলদি হব বুলি কোনে ক'লে তোমাক? নোদোকা মানেই হেলদি নহ'বও পাৰে।"
জেঠায়েকে বোলে,
"শকত-আৱত, স্বাস্থ্যবান বেবীয়েইতো ভাল আক', কি খন নো কৱ?"
"উহু। নৰমেল ওজনৰ শিশু এটাও পুৰা হেলদি হ'ব পাৰে। লোদোৰ পোদোৰ বেবীতকৈ স্বাস্থ্যবান হোৱাতো ম'ৰ ইম্পৰটেণ্ট।"
ডাক্তৰ বুলিয়েই তাইৰ কথা মন দি সকলোৱে শুনি থকা দেখি তৃষাই এইবাৰ হল-হলকৈ কৈ গ'ল,
"আৰু এই ভাততকৈ প্ৰটিন ভিটামিন থকা খাদ্যহে বেবীৰ বাবে জৰুৰী। যিমান ভোক, সিমান হে ভাত খাব লাগে। জোৰ জবৰদস্তি একোৱেই খাব নালাগে।"
"কিন্তু এতিয়াতো তাইৰ পেটত আৰু এটা জীৱ নাই জানো? একেখিনিকে খালে কেনেকৈ হ'ব অ'?"
জেঠায়েকৰ কৌতুহল।
"বেবীটো এটা ফিটাছহে, পূৰাপুৰি মানুহতো নহয়। গতিকে দুটা মানুহৰ খানা খোৱাৰ প্ৰয়োজন নাই জেঠাই, দেইলি তিনিশ কেলৰি মান বেছিকৈ খালেই হয়, আৰু সেইখিনি কেলৰি ভাত, মাছ-মাংস, শাক-পাচলি সকলো খোৱা বস্তুৰ পৰা মিলাই পোৱা যায়। হেলদি ডায়েট।"
তৃষাৰ কথাত ৰিমলীৰ শহুৰেকে আৰু ঋষিয়েও মূৰ দুপিওৱা দেখি শাহুৱেকে কথা নবঢ়ালে।
"জানো পায় তহঁতৰ আজিকালিৰ কথা।" বুলি চমুৱাই থৈ দিলে।
ৰিমলীয়ে সকাহ পালে।
তৃষাই কিন্তু কৈ গ'ল,
"সেইবুলি বৌ তুমি নোখোৱাকৈ নাথাকিবা কিন্তু, অকণ অকণকে হ'লেও ঘনাই খাবা দেই।"
ৰিমলীয়ে মিচিকিয়াই হাঁহিলে।
"য়েছ মেম।"
এই ছোৱালীজনীৰ কথা তাই পেলাব নোৱাৰে।
চেগ বুজি ৰিমলীৰ জেশাহুৱেক অসীমাই তৃষাক উদ্দেশ্যি ক'লে,
"তই ডাক্তৰণীজনী আছ ঘৰতে, ৰিমলীক অকণমান লিষ্ট এখন দি দেচোন, কি কি খালে বেবীটো ধুনীয়া, বগা-চগা হব? নহ'লে মাক-বাপেকৰ বৰণটোকে পাব!"
ৰিমলীৰ মনটো কোঁচ খাই গ'ল। আকৌ বৰ্ণ বৈষম্য!
তৃষাই বোলে,
"হাৰে, মাক-বাপেকৰ বৰণতো পাবই, যিয়েই নুখুওৱা লাগিলে। স্কিন কালাৰটো এটা জেনেটিক ট্ৰেইট, মানে জন্মগত ভাবে অহা বস্তু, ইয়াত খোৱা-বোৱা, নিয়ম-কাৰণে একো সলাব নোৱাৰে। মাক-বাপেক, ককাক-আইতাক ক'লা হলে তুমি লাগিলে গাখীৰতে গা ধুই থাকা, বেবী বগা নহ'ব।"
"থ থ তোৰ চব কথা নামানো দেই, আমাৰ অসীমাৰ ছোৱালীকণ ইমান বগা, মাক-বাপেকৰ ৰং ক'তনো পালে?" জেঠায়েকে তৃষাক মুখতে ধৰিলে।
কথাটো হয়। অসীমা আৰু তাইৰ স্বামী ত্ৰিদীপ কোনো এটা বগা নহয়। কিন্ত সিহঁতৰ ছোৱালী তিথিৰ গাৰ ৰং বগা। মাকে ক্ৰেডিট দিব খোজে প্ৰেগনেন্ট অৱস্থাত গিলাছে গিলাছে খোৱা কেশৰ মিহলোৱা গাখীৰ আৰু ক'লা জাতীয় বস্তু নোখোৱাৰ ওপৰত।
"ক'লোৱেই চোন ৰংটো জেনেটিক। তাই চাগৈ পৰিয়ালৰ কোনোবা বগা মানুহৰ জিনটো পাইছে। ইয়াত তোমাৰ খোৱা বস্তুৰ একো কেৰামতালি নাই।"
"সেইটো কিন্তু ময়ো পঢ়িছোঁ। গাৰ ৰং, চুলি এইবোৰ জেনেটিক বস্তু। আৰু সেইদিনা ডাক্তৰ মেমেও কৈছে এই সময়ত যি কোনো ভাল লগা স্বাস্থ্যকৰ বস্তুৱেই খাব পাৰি, ৰং-বৰণত কোনো প্ৰভাৱ নেপেলাই বোলে।"
ইমানপৰে নিশ্চুপ ঋষিয়েও ভনীয়েকৰ কথাত উৎসাহ পাই হয়ভৰ দিলে।
"কিন্ত চাহ কফি খাবলৈ ডাক্তৰে নিজেই মানা কৰে চোন, মোৰ সময়ত কৈছিল নহয় ডাক্তৰে।" অসীমাৰ প্ৰশ্ন।
"কাৰণ চাহ কফিত কেফেইন থাকে। বেছিকৈ চাহ খালে গেছো হয়। কিন্তু পৰিমাণত সকলো বস্তুৱেই খাব পাৰি। চাহ নাখালে মূৰৰ বিষ হয়, কানীয়া লাগে, গতিকে অলপকৈ খোৱাত কি আপত্তি।"
"আৰু অসীমা বা, কেলৈ তুমিচোন তিথিৰ সময়ত খুব তামোল পকতিয়াইছিলা? মনত নাই?"
হয়। তামোল ভালপোৱা অসীমাই লুকাই চুৰকৈ হ'লেও তামোল এৰা নাছিল।
তাই ধেক ধেকাই হাঁহিবলৈ ধৰিলে। ভনীয়েকৰ কথাখিনি সঁচা। এই যুক্তি টলাব নোৱাৰি।
ৰিমলীৰ শাহুৱেকৰ মনটো অলপ সেমেকি গ'ল।
তৃষাই কোৱা কথাখিনি যদি সঁচা, তেন্তে কি এই বংশৰ বীজ ক'লা হৈয়েই থাকিব?
বগা নাতি এটালৈ যে তেওঁৰ হেঁপাহটো, কি হ'ব?
তৃষাই কথাটো বুজিলে। জেঠায়েকৰ মৰহি যোৱা মুখখন দেখি তাই দুখ পালে।
আবেলি বাৰাণ্ডাত বহি থকা জেঠায়েকক তৃষাই ধুনীয়াকৈ চাহ একাপ দিলেগৈ। মুঢ়া এটা টানি তায়ো কাষতে বহিল।
"জেঠাই, ক'লা-বগা, গাৰ ৰং মেটাৰ কৰে জানো? ময়োতো বগীজনী নহয়। কিন্ত তুমিচোন মোক লৈ সকলোৰে ওচৰত গৰ্ব কৰা, মই বোলে তোমালোকৰ নাম উজলাইছো।"
"আৰু ঋষিদা, অসীমা বা, ইহঁত বগা হোৱা হ'লে তুমি বেছি ভাল পালা হয় নে?"
জেঠায়েক নিৰুত্তৰ। কি নো ক'ব তেওঁ?
অসীমা, ঋষি আনকি তৃষা তেওঁৰ বুকুৰ এফাল। ইহঁতক কৰা চেনেহত বৰণৰ কথা নাহে।
তৃষাই এইবাৰ জেঠায়েকক মৰমেৰে বুজালে,
"ৰিমলী বৌক চোৱাচোন। ৰূপে-গুণে এনেকুৱা বোৱাৰী তুমি ক'তো নাপালা হয়। বৌৰ এইটো ফাৰ্ষ্ট বেবী, বগা হওক ক'লা হওক, আমাৰ সকলোৰে আদৰৰ নহ'ব জানো?"
হব। এই সন্তান গোটেই ঘৰখনৰে আদৰুৱা হ'ব। সকলোকে মৰমেৰে আপোন কৰা মাক ৰিমলীৰ মৰমৰ সন্তান।
আহিবলগা কণমানিটোৰ কথা ভাবিয়েই হ'বলগীয়া আইতাকজনীৰ চকুহাল ভৰি আহিল।
তেওঁ হাঁহিলে।
"আমাক হেলদি বেবী এটাহে লাগে, আৰু বেবী হেলদি হবলৈ মাকজনী ফুৰ্তিত থাকিব লাগিব, নিজৰ ভাল লগা কাম কৰি, পছন্দৰ বস্তু খাই-বৈ থাকিব লাগে। তেহে।"
জেঠায়েকৰ মনটো অলপ মুকলি হৈ অহা দেখি তৃষাই অলপ ৰগৰ কৰি ক'লে
"গতিকে মেডাম জেঠাই, বেঙেনা-চাহ-গাখীৰৰ লিষ্টখন বাদ দিয়া আৰু।"
"লিষ্ট বাদ নিদিওঁ ৰ'। ৰিমলী অ' ৰিমলী, শুনিছা?"
শাহুৱেকে ৰিমলীক ৰিঙিয়াই মাতিলে।
দুৱাৰৰ সিপাৰে সকলো কথাৰ উমান লৈ থকা ৰিমলী ওলাই আহিল।
কাষৰ চকীখনত বহিবলৈ দি শাহুৱেকে তাইৰ হাতটো ধৰি ক'লে,
"আজি নতুন এখন লিষ্ট বনাবা। দুইজনীয়ে মিলি।"
ৰিমলী আৰু তৃষাই বুজি নাপালে। আকৌ কিহৰ লিষ্ট!
"আহিবলগীয়া কণমানিটোৰ নামৰ লিষ্ট আক'। কেইটামান ভাল নাম ময়ো ভাবি থৈছোঁ। ভৰাই দিবা।"
ৰিমলী অবাক।
তৃষাই হাঁহি পেলালে।
জেঠায়েকক জোকাও বুলি ক'লে
"পিছে জেঠাই, ল'ৰাৰ নাম নে ছোৱালীৰ নাম? তোমাক বা আক' কি লাগে?"
"দুয়োটা ভাবিবি। বেবী বেবীয়েই, নাতিয়েই হওক বা নাতিনিয়েই। ক'লাই বা বগাই হওক। আফটাৰ অল মোৰ মৰমৰ গ্ৰেণ্ড চাইল্ড।"
জেঠায়েকৰ গৰ্বিত উত্তৰ।
ৰিমলীয়ে শাহুৱেকৰ কান্ধত লাহেকৈ মূৰটো পেলাই দিলে। শাহুৰূপী মাকজনী তাই সঁচাই পালে তেন্তে।
তৃষা খুচ। তাইৰ নিজৰ মানুহবোৰ বুজন।
বাৰাণ্ডাত নামৰ টোপোলা মেল খালে। কমলা বুলিয়া বেলিটোৰ কোমল আভাৰে ভৰা আবেলিটো তিনিওজনী মানুহৰ মন খোলা হাঁহিত জীপাল হৈ উঠিল।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
২৭.০৭.২০২০
xxxxxxxxxxxxxx











