Thursday, 30 January 2025

সহজাত


সহজাত

(গল্প)


"তেন্তে আনিম নে?"
সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প্ৰশ্ন কৰিলে।
"কি আনিম নে?"
কোমল চোফাখনত কুছি মুচি "ডা কাইট ৰাণাৰ" পঢ়ি আছিল পাহীয়ে।

শনিবাৰৰ গধূলি। সচৰাচৰ কৰা শনি-দেওবাৰ বিলাকৰ দৰে এইবাৰ ৰাগ আৰু পাহীয়ে কোনো ট্ৰিপ বা পাৰ্টি কৰিবলৈ মন কৰা নাছিল। সপ্তাহটোৰ দৌৰা দৌৰিৰ পিছত দুয়োটা ভাগৰুৱা আছিল। পাহীৰ এইকেইদিনতে অফিচিয়েল টুৰ এটাও আছিল। গতিকে ঘৰতে শুই বহি আৰাম কৰাৰ সিদ্ধান্ত লৈছিল।

ৰাগে টিভিটো বন্ধ কৰিলে। পাহীৰ ফালে চাই সি ভীষণ উৎসাহেৰে কৈ গ'ল,
"মোৰ কলিগ যে শ্যাম, তাৰ গোল্ডেন ৰিট্ৰিভাৰ লুচীৰ পাঁচটা পোৱালি হৈছে। ইমান কিউট জানা, ফটো দেখুৱাইছে সি। ভাবিছিলো এটা আমি আনিব পাৰো চোন।"
"কুকুৰ? কি কৰিবলৈ আনিম আমি কুকুৰ?" পাহীয়ে কিতাপৰ পৰা মূৰ তুলি চালে এইবাৰ।
"পুহিবলৈ আকৌ, মানে এজ এ পেত।" ৰাগৰ আদৰুৱা উত্তৰ।
"হোৱাট?? কেঁচুৱাৰ পৰা এইবাৰ কুকুৰত গৈ ধৰিলা যে?" পাহীয়ে কিতাপখন হাতৰ পৰা সমুখৰ চেণ্টাৰ টেবুলখনত থ'লে। ভৰিদুটা নমাই পোন হৈ বহিল তাই।
"নহয় অ', কুকুৰ পোৱালিটোও এটা বেবীয়েই দিয়াচোন, খালী কেঁচুৱা এটাতকৈ তাৰ ভৰণ পোষণ কম। লগত ইমানকৈ লাগিও থাকিব নালাগে।"
"এবচলিউটলি নট। দস্তুৰমত মেইন্টেনেন্স আছে। কুকুৰ আৰু বেবী, দুয়োটাৰে লগত সমান কষ্ট হয়, ডু ইউ নৌ? আমাৰ আছিল নহয় ভুটীয়া এটা... মই পুৰা জানো...মা হঁতে তাক লৈ কিমান ব্যস্ত হ'ব লগা হৈছিল। বহুত কাম বাঢ়ে কুকুৰ মেকুৰী পুহিলে।"
"আস হা। তুমি একো কৰিব নালাগে নহয়। চব কাম মই কৰিম... তাক ফুৰোৱা...গা ধুওৱা, আৰু কুকুৰকতো ভাত খুৱাই দিবও নালাগে।"
"হ'ল নে তোমাৰ একেখন ৰেকৰ্ড ষ্টাৰ্ট? তেনেকৈ ঘৰত কাৰোবাক ৰাখে নেকি? খালী খুৱাবলৈ...গা ধুৱাবলৈ?" পাহী জাঙুৰ খাই উঠিল এইবাৰ।
"তোমাৰ যাতে অকণো অসুবিধা নহয় মই খেয়াল ৰাখিম নহয়।" ৰাগে এইবাৰ আব্দাৰৰ সুৰত ক'লে।
"উহু নহ'ব। অকল দায়িত্ব পালন কৰিলেই হয় নেকি কিবা? কুকুৰ ভাল লাগে বুলিয়েই উঠাই লৈ আনিবা, তাৰ পাছত তাক থৈ আমি ক'তো অকণ মুকলিমূৰীয়াকৈ ওলায়ো যাব নোৱাৰিম। বন্দী হৈ যাম আমি। ৰেস্পন্চিবিলিটি বুলিতো এটা কথা আছে।"
"উফ। কিয়নো তেনেকৈ কৈছা তুমি? আজিকালি পেত-শ্বেলটাৰ পোৱা যায় নহয়। কৰবালৈ গ'লে তাক থৈ যাম তাত।"
"তুমি কুকুৰ এটা আনি, তাক অত-তত ৰাখি আলাই আথানি হ'বলৈ দিবা? দিনটো আমি ঘৰত নাথাকো, সিয়োতো অশান্তি পাব...অকলশৰীয়া অনুভৱ কৰিব।"
"আৰে বাবা দৰকাৰ পৰিলে মই ৱৰ্ক-ফ্ৰম-হ'ম ল'ম। তাক চোৱা-চিতা কৰিবলৈ পাৰ্ট-টাইমাৰ এটাও ৰাখি দিম। কান্তা দিদিকে ক'ম দিয়া। কি কোৱা?"
"হ'লেও, মোৰ ভাল নালাগে এইবোৰ জঞ্জাল। এনেয়ে নিজৰ বাবে আমি অকণো সময় নাপাওঁ, কোনোমতে উলিয়াও একেলগে কটাবলৈ...এতিয়া কুকুৰ এটাও আনি লৈ লেন-চেনাব নোৱাৰো দেই মই।"
টানকৈ কথা কেইটা ক'লে যদিও ৰাগৰ মায়ালগা চকু দুটালৈ চাই পাহীৰ মনটো বেয়া লাগি গ'ল। কুকুৰ এটা আনিবলৈ ৰাগৰ বহুদিনীয়া হেঁপাহ। বৰ আশাৰে সি কথাটো উলিয়াইছিল।
"যি কৰা কৰা তুমি ৰাগ। মোৰ কিন্তু অকণো ভাল লগা নাই। কি যে অবান্তৰ জেদবোৰত ধৰা নহয় তুমি! দুটা মানুহ আমি, নিজৰে ভালকৈ খেয়াল ৰাখিবলৈ সময় নাপাওঁ, এতিয়া কুকুৰ পুহি মৰো।" বকি বকি পাহী ৰুমটোৰ পৰা ওলাই গ'ল।
ভীষণভাৱে বিচলিত হৈ গ'ল তাই।

কি ল'ৰা এই ৰাগটো। অকণো প্ৰেক্টিকেলি নাভাবে কথাবোৰ। ইমান ইমশ্যনেল হ'লে কেনেকৈ হ'ব?
কৰ্মব্যস্ত জীৱনটোত সিহঁত দুটাই উশাহটো ল'বলৈ বুলি... নিজৰ বাবে জীয়াবলৈ বুলি... এই শনি-দেওবাৰ, বন্ধবাৰবোৰেই পায়। তাতো ৰাগে এনেকুৱা আলোচনাবোৰ উলিয়াই পাহীৰ মূৰটো গৰম কৰে।
মনৰ মাজত অভিমান এসোপা লৈ পাহীয়ে একাষৰীয়া ৰূমটোৰ ষ্টাডি-টেবুলত লেপটপ খুলি বহিলগৈ। মঙ্গলবাৰে প্ৰেজেণ্টেশ্যন এখন আছে, কাম বেছি বাকী নাই, সোমবাৰে কৰিলেও হ'ব, কিন্ত উতলি থকা মনটোক শান্ত কৰিবলৈকে তাই সেইখন খুলি বহি ল'লে। কাম কৰিব তাই।

কথাবোৰ সঁচা। সিহঁত দুয়োটা ব্যস্ত মানুহ। পাহী বেছিকৈ। মৰম চেনেহ, ঠেঁহ পেছ, ঘৰুৱা কাম, অফিছৰ প্ৰচুৰ কৰ্মব্যস্ততাৰ পিছত আৰু একো কামলৈ তাইৰ শক্তি বা সময় নুকুলায়। তাৰ বাহিৰেও বন্ধু-বান্ধৱ, চ'চিয়েল লাইফ, ঘূৰা-ফিৰা, বজাৰ-সমাৰ এইবোৰ থাকেই। এইবোৰৰ কৃপাতে যেনিবা কাম আৰু দৌৰা-দৌৰিত ৰুদ্ধশ্বাস জীৱনটোত অলপ পৰিমাণে হ'লেও অব্যাহতি পায়।

ৰাগ আৰু পাহীৰ দুবছৰীয়া বৈবাহিক জীৱন। তাৰ আগতে তিনি বছৰীয়া প্ৰেম। আৰু তাৰো আগত দুবছৰৰ অভিন্ন বন্ধুত্ব। IIT খৰগপূৰৰ পৰা ইঞ্জিনীয়াৰিং কৰা অনুৰাগ বৰদলৈ আৰু দিল্লীত চ'চিয়লজিত গ্ৰেজুৱেশ্যন কৰা প্ৰতীক্ষা কাশ্যপ অৰ্থাৎ পাহী, লগ পাইছিল সহপাঠী হিচাপে বেংগালুৰৰ IIMত। এম-বি-এ কৰিবলৈ আহিছিলে দুয়ো। প্ৰচণ্ড মেধা...একে ধৰণৰ আধুনিক চিন্তাধাৰা...আৰু পিছলৈ একেটা ফ্রেণ্ড-চাৰ্কল... এইবোৰে সিহঁত দুইটাকে কাষ চপাই আনিছিল।

গোটেই বেটছটোত অকল সিহঁত দুয়োটাহে অসমীয়া আছিল। বন্ধবাৰত খাৰ খোৱা জিভা দুখন সন্তুষ্ট কৰিবলৈ মাজে মধ্যে সিহঁতে "গাম-ডেলিকেছি"ৰ পর্ক ডিশ্য বা "ভজহৰি মান্না"ৰ মাছৰ জোল খাবলৈ ঢপলিয়াইছিল। এজাক বন্ধুৰ প্ৰকাণ্ড গ্ৰুপটোৰ বাহিৰতো... নিভৃত ভাবে...এসময়ত ঘনিষ্ঠ হৈ পৰিছিল ৰাগ আৰু পাহী।

পাহী প্ৰগলভা...চটফটীয়া ছোৱালী। খোৱা-বোৱা...কথা কোৱা...কাম-বন সকলোতে খৰতকীয়া। ৰ'বলৈ সময় নাই। খাৰাংখাচ ছোৱালীজনীয়ে আদৰুৱাকৈ... লেন-চেনাই.. মানুহক ভালৰি লগাব নাজানে। নিজৰ প্রিয় বিষয় "মাৰ্কেটিং"ত স্পেচিয়েলাইজ কৰে তাই। আনহাতে ৰাগ ল'ৰাটো ভীষণ ধীৰ-স্থিৰ, শান্ত স্বভাৱৰ। মানুহক মৰমলগা কথাৰে অনায়াসে মুহিব পাৰে। মায়াসনা তাৰ দুচকু... শান্ত সমাহিত ব্যক্তিত্ব।

"ফাইনেন্স" লৈ পঢ়িছিল সি। বাহিৰৰ দেশৰ বিয়াগোম প্ৰতিষ্ঠানত চাকৰিৰ প্ৰস্তাৱ পায়ো সি এই দেশতে থাকি গ'ল। নিজৰ মাটিৰ গোন্ধ এৰি সি নাযায় হেনো ক'তো।
"ভীষণ ইমপ্ৰেক্টিকেল তুমি, এনেকুৱা অফাৰ ৰিজেক্ট কৰে নেকি?" পাহীয়ে কৈছিল।
"তুমি যাব পাৰিবা, মোক ইয়াত এৰি অন্য জেগালৈ?"
চকুত চকু থৈ ৰাগে তাইক প্ৰশ্ন কৰিছিল। জীৱনত প্ৰথমবাৰ।
তাই থত-মত খাইছিল। সদায় সাধাৰণভাৱে কথা পাতি থকা ল'ৰাটোৰ চকুত দেখা পাইছিল অগাধ ভালপোৱা, এসাগৰ মৰম।
পাহী গলি মম হৈ গৈছিল। ৰাগৰ মায়াসনা দুচকুৰ  আবেগত পাহী বোলা ভীষণ প্ৰেক্টিকেল, উৎপতিয়া ছোৱালীজনী জব্দ হৈছিল।

ইয়াৰ পিছত দুই বন্ধু বান্ধ খাইছিল অন্য এক এনাজৰীৰে। প্ৰথমে দুৰ্বাৰ প্ৰেম, তাৰ পাছত ঘৰৰ সন্মতিত বিয়া। বেংগালুৰুৰে দুটা নামজ্বলা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত জইন কৰিছিল দুয়োৱে। মোটা দৰমহা, সেই অনুপাতে যথেষ্ট দায়িত্ব। পাঁচ-বছৰীয়া চাকৰি জীৱনত দুয়ো দোপতদোপে উন্নতি কৰিলে। বিয়াৰ পিছত বেংগালুৰুৰে উঠি অহা এলেকাত এটা আটক-ধুনীয়া ফ্লেটো লৈ পেলালে। "ৰেচিডেন্সিয়েল এৰিয়া"...বেছ সুন্দৰ পৰিবেশ। ৰাগ আৰু পাহীৰ জীৱনটো মোটামুটি থান-থিত লাগিল।

ইয়াৰ বাহিৰে আছিল হৈ-হাল্লা কৰি, থিতাতে প্লেন বনাই উৎফুল্লিত কৰি তুলিব পৰা এজাক বন্ধু। ৰাগ আৰু পাহী ব্যস্ত হলেও নিজৰ ভাগে সুখবোৰ বিচাৰি  লৈছিল। দুয়োৰে মাজৰ বুজাপৰা...মিলাপ্ৰীতি... বন্ধুত্ব...প্ৰেম...এইবোৰে সিহঁতৰ বন্ধুবোৰকো অনুপ্ৰাণিত কৰিছিল।

অফিচৰ কামৰ প্ৰেশ্যাৰ দুয়োটাৰে প্ৰচণ্ড। কেৰিয়াৰ গঢ়াৰ বয়স। কষ্টও কৰে, ফুৰ্তিও কৰে। হ'লেও ৰাগে জীৱনটোক অলপ পাতলকৈ লয়।
"ইমান পাৰফেক্ট হৈ কি হ'ব পাহী, অলপ সহজভাৱে ল'বাচোন। এৰা ধৰা কৰিবা কথাবোৰ, ইমান ষ্ট্ৰেছ নল'বা।" অনবৰতে অফিচৰ কাম...ঘৰ-সংসাৰৰ চিন্তা মূৰৰ ওপৰত লৈ থকা শ্বাসাঘাত পাহীজনীক সি বুজায়।

পাৰফেকশ্যনিষ্ট, প্ৰেক্টিকেল পাহীৰ...কামবোৰ চিজিল, সুচাৰু-ৰূপে নহলে অশান্তি লাগে। তাই সুশৃঙ্খল মানুহ....অতি পৰিকল্পিত ভাৱে ঘৰুৱা বজাৰৰ পৰা ভাত-ৰন্ধালৈকে ৰাগ আৰু পাহীয়ে মিলিজুলি কাম কৰে। ঘৰৰ কাম কৰিবলৈ অহা দিদিজনীয়ে পাহীক কেতিয়াবা কয়,
"দিদি আপ বহুত লাকী হৌ, ভাইয়্যা কিতনা হেল্প কৰতে হে আপকৌ।"
"হেল্প? নিজৰ ঘৰৰ কামত আকৌ কিহৰ হেল্প?" পাহীৰ টিঙিচকৈ খংটো উঠে।
ৰাগে হো-হোৱাই হাঁহে।
ৰাগক "এমবাচি গৌল্ফ লিংক্স"ৰ অফিচত নমাই দিয়াৰ পাছত কো-কোৱাই গাড়ী চলাই নিজৰ অফিচলৈ যায় পাহী।
ৰাগে পিছত কয়,
"হ'ব দিয়া হে। কান্তা দিদিয়ে আৰু জেণ্ডাৰ নিউট্ৰেলিটিৰ সংজ্ঞা জানিবনে?"
পাহীয়েও হাঁহে।

"বিয়াৰ দুবছৰ তো হ'ল, নহয় জানো? বেবী প্লেন কৰা নাই?" ঘৰতে বনোৱা পায়চম অকণ দিবলৈ আহি কাষৰ ফ্লেটৰ শোভা নাৰায়্ণন আণ্টিয়ে পাহীক প্ৰশ্ন কৰে।
"পেহলে কেৰিয়াৰ থোড়া চেট হ' যায়ে, ফিৰ চ'চুঙ্গী আণ্টি। য়ে পায়চম বহুত টেষ্টি হে।" পাহীয়ে চমুকৈ শলাগি থয়।
মৰমলগা পাহীৰ থুতৰিটো চুই নিজৰ আঙুলিতে চুমা খাই শোভা আণ্টি হাঁহি হাঁহি যায়গৈ। এই আণ্টিৰেই ভৰি ভাঙোতে পাহীয়ে নিজে ড্ৰাইভ কৰি নি প্লাষ্টাৰ লগোৱাইছিল।

কথাবোৰ পাহীয়ে ভাবে,
"বেবী, কেঁচুৱা? নৌ নৌ!"

ল'ৰা-ছোৱালী সাংঘাতিক ভাল পাই ৰাগে। অসমলৈ গ'লেও বায়েকৰ ছোৱালীজনী, ককায়েকৰ ল'ৰা-ছোৱালীহাল লৈয়েই সি ব্যস্ত থাকে। কেঁচুৱাই হওক... পেন্দুকণাই হওক...বা অলপ ডাঙৰ ল'ৰা-ছোৱালীয়েও হওক...তাৰ ভীষণ লগ লয়। পাহীয়ে নোৱাৰে। বৰ বেছিকৈ কেঁচুৱা... ল'ৰা-ছোৱালী... এইবোৰৰ লগত তাই লাগি থাকিব নোৱাৰে। আমনি পায়। যোৱাবছৰ ঘৰলৈ যাওঁতে পাহীৰ বায়েকৰ ল'ৰা এটা হৈছিল। এদিনীয়া কেঁচুৱাটোও ৰাগে ধুনীয়াকৈ লৈ নিচুকাইছিল।
পাহীয়ে অবাক হৈ তাক চাইছিল।

ৰাতি বিচনাত শোভা আণ্টিয়ে কোৱা কথা ওলায়। ৰাগেও কৈ পেলায়,
"তেওঁ অৱশ্যে ভুল কোৱা নাই। কি কোৱা পাহী? আনোৱেই নেকি সৰু টিকলি পাহী এজনী?"
পাহী জাপ মাৰি উঠি বহে।
"কি কোৱা তুমি। বেবী? এতিয়াই? দুবছৰ হোৱাই নাই চোন আমাৰ বিয়াৰ?"
"তাতে কি হ'ল? আমাৰ সম্পৰ্কটোতো আৰু দুবছৰীয়া নহয়। যথেষ্ট ষ্ট্ৰঙ-এণ্ড-ষ্টেবল আমি। ফাইনেঞ্চিয়েলিও সবল। ৱি কেন ইজিলি হেভ এ বেবী নাও পাহী, হোৱাট চেই?"
"নৌ ৱে ৰাগ। চব সবল হ'লেও মই মানকসিকভাৱে প্ৰস্তুত নহয় এতিয়াই। মোক সময় লাগিব।"
"সময় কেতিয়াও সঠিক নহয় পাহী। নিজেই সিদ্ধান্তবোৰ ল'ব লাগিব।" ৰাগে বুজায়।
"ৰাগ, আমাৰ কেৰিয়াৰ এতিয়াও এটা পৰ্যায়লৈ অহাই নাই। অন্তত আৰু দুবছৰলৈ মই মনোযোগ দিবই লাগিব। মোৰ প্ৰমোশ্যনটোও বাকী। সেইটো হৈ গ'লে অলপ কেৰিয়াৰ ষ্টেবিলিটি আহিব। ইয়াৰ মাজত কিমান স্ট্রাগল... কিমান প্ৰেশ্যৰ...তুমিতো জানাই। কেঁচুৱা তুলিবলৈ সময় ক'ত আমাৰ?" তাই ৰাগক বুজাবলৈ আপ্ৰাণ চেষ্টা কৰে।
"বা'ক দেখিছা? গুণগুণ হোৱাৰ পৰা যোৱা এবছৰ বা পূৰা ঘৰত। চাকৰি জইন কৰোঁ বুলিও কৰিব পৰা নাই। নিজলৈয়ো সময় নাই।"
"কিন্তু তুমিও কেৰিয়াৰ ব্ৰেক ল'বই লাগিব বুলিতো কথা নাই? মেটাৰনিটি লীভ লৈ পিছত অফিচ কৰিবা। আৰু মই আছোঁ নহয়, কেঁচুৱাটোতো মোৰো হ'ব।"
"নৌ ৰাগ, মই কেঁচুৱা হ'লে অন্তত দুবছৰ ব্ৰেক ল'ম। সময় দিব বিচাৰো আমাৰ সন্তানক। অফিচ-বেবী-সংসাৰ চব একেলগে চম্ভালিবলগীয়া হ'লে মই হয়তো পগলা হৈ যাম।"
"কুল ডাউন পাহী, মই আছোঁ নহয়। তুমি অকলে চম্ভালিব নালাগে। মই চব মেনেজ কৰিম।" ৰাগে আশ্বাস দিয়ে। পাহীজনী উত্তেজিত হ'লে টেনশ্যন বাঢ়ে।
"তথাপিও মাদাৰচ জব ইজ মাদাৰচ। তুমি হাজাৰ সহায় কৰিলেও মোৰ ওপৰত চাপ পৰিবই। মই নোৱাৰিম। কেঁচুৱা এটা ডাঙৰ কৰা কিমান কমপ্লিকেটেড জানা? অকল জন্ম দিলেইতো নহয়, তাৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব, হিউজ ৰেস্পন্চিবিলিটি। মোৰ এতিয়া সময় ক'ত কোৱা?"
"হ'ব , ঠিক আছে। মই এনেয়েহে কৈ চাইছিলো।" ৰাগে কথা নবঢ়ায়।
"মোকো সন্তান এটা এদিন হয়তো লাগিবই। কিন্তু এতিয়াই মই সাজু নহয়। অন্তত আৰু দুটা বছৰ অপেক্ষা কৰা প্লিজ।" পাহী অলপ শান্ত হয়।
"এজ ইউ ৱিছ মেম। তুমি যেতিয়া সাজু হ'বা তেতিয়া আনিম কণমানিটোক অ'কে?" পাহীৰ নাকটো টিপি ৰাগে তাইক বুকুত সুমুৱাই ল'লে।
"আৰু মই জানোতো তুমি বেবীৰ পেন-পেননি, চুচু-পত্তি এইবোৰ কিমান বেয়া পোৱা।" ৰাগে জোকাই তাইক।

কথাটো হয়। গুণগুণ হোৱাৰ পিছত আনন্দতে কান্দি পেলাইছিল তাই। কিন্ত তাক অকণমান লোৱাৰ পিছতে কেঁচুৱাৰ ডাইপাৰ সলাব নোৱাৰো দেই বুলি তাক ৰাগৰ কোলাত দি দিছিল।
বায়েক ভিনিহিয়েকহতে হাঁহিছিল।                                                                                                         মাকে কৈছিল "তয়ো যে কি এজনী মাক হ'বি গম পাইছোঁ আৰু আমি।"
"এইৰ একেবাৰেই মাকৰ গুণ নাই দেই...ধৈৰ্য, কোমলতা....এইবোৰ লাগে কেঁচুৱা তুলিবলৈ।" পাহীৰ মাকে ৰাগক ধেমালিৰে কৈছিল। ৰাগে কৈছিল "চিন্তা নাই মা, আমাৰ বেবীৰ মাক ময়ে হ'ম। পাহীয়ে খালী ডেলিভাৰ কৰি আৰাম কৰিব।"

কথাখিনি মনত পেলাই পাহীৰ মনটো কোমল হৈ যায়। তাই কুৰুকি কুৰুকি ৰাগৰ বুকুৰ ভিতৰলৈ সোমাই যায়।

ৰাগৰ প্ৰতি তাইৰ মৰম দিনক দিনে বাঢ়ে।  ইমান বুজন....ইমান বিচক্ষণ জীৱন-সংগী ৰাগটো... তাইৰ বুকুখন ভৰি আহে। সাংঘাতিক ভাবে প্ৰেক্টিকেল তাইজনী তাৰ এটা কথাত লেউ-সেউ হৈ পৰে। কাজিয়া লাগিলেও সিহঁতৰ বান্ধোনটো অটুট। একোৱেই টলাব নোৱাৰে। সুখী সিহঁত।

"কিন্ত আজি হঠাৎ আকৌ কুকুৰৰ কথা কিয় উলিয়ালে ই?" কথাটোৱে পাহীক ভবাই তুলিলে।
"ঘৰখনত কেৱল আমি দুয়োটা, এই কথাটোৱে আমুৱাইছে নেকি তাক?"
"সি নতুনত্ব বিচাৰিছে নেকি?" পাহীয়ে লেপটপ বন্ধ কৰি ভাবি থাকিল।

কিন্তু পিছ মুহূৰ্ততে তাই ডাইনিং টেবুলত "চিকেন লজানিয়া" আৰু "ৰেড-ৱাইন"ৰে শনিবৰীয়া বিশেষ কেন্ডেল-লাইট ডিনাৰ সজাই থকা ৰাগক দেখি অমূলক চিন্তাবোৰ মনৰ পৰা জোকাৰি পেলাই দিয়ে।
সিহঁত খাবলৈ বহে। সুন্দৰকৈ সময়খিনি উপভোগ কৰে দুয়োৱে।

দিনবোৰ আগুৱাই যায়। পাহীয়ে দৈনন্দিন ব্যস্ততাৰ মাজত কেঁচুৱা... কুকুৰ...কাজিয়া...এইবোৰ সকলো পাহৰি পেলায়।

তাৰ পাছত, প্ৰায় দহদিনমান পিছত, তিনিদিনৰ বাবে তাই হোটেল ললিত অশোকত হোৱা কোম্পানীৰ "এনুৱেল ইভেণ্ট"ত যোগ দিবলৈ যায়। একে চহৰতে হ'লেও তাই সেই দুদিন হোটেলতে থাকিবলৈ লয়। মাৰ্কেটিং মেনেজাৰ হিচাপে কাৰ্য্যক্ৰমৰ সম্পূৰ্ণ দায়িত্ব তাইৰ দলৰ। গতিকে হোটেলত থাকি ল'লে সুবিধা।

ৰাগৰ অসুবিধা নাই। তাৰ এই কেইদিন কামৰ ব্যস্ততা অলপ কম। সি বোলে,
"মই আৰামত থাকিম। তুমি ভালকৈ ইভেণ্ট কৰাগৈ।"

কোম্পানীৰ অনুষ্ঠানটো পাহীৰ তত্বাৱধানত নিয়াৰিকৈ পাৰ হৈ গ'ল। তাইৰ বছৰজোৰা অসামান্য কৃতিত্বৰ বাবদ তাই সম্বৰ্ধনাও পালে। ফুলৰ টোৰা আৰু পুৰস্কাৰ সহ উবাৰ এখন লৈ তাই ফূট-গধূলিতে ঘৰ সোমালহি।

আহি দেখে ৰাগ ঘৰত।
"আজি চুটি ললোঁ বুজিছা। তুমিও আহিবা, গতিকে ভাতো ৰান্ধিলোঁ। হোটেলৰ ৰিচ্চ খাদ্য খাই চাগৈ তোমাৰ আমুৱাইছে। নেমু দিয়া দালি, সৰু আলু-গুটি ভজা আৰু কণী-আলু পিটিকা। হ'ব নে?"
তাই সোমাই অহাৰ লগে লগে ৰাগে ক'বলৈ ধৰিলে।
"আয়ু...মোৰ লখিমী হাজবেণ্ডটো" বুলি টপককৈ পাহীয়ে ৰাগক চুমা এটা খাই দিলে। নেমু দিয়া দালি বুলিলে তাই বলিয়া।

হঠাৎ পাহীয়ে এটা মৃদু ভূক-ভূকনি শুনিবলৈ পালে। কিবা এটাই কোমলকৈ তাইৰ ট্ৰাউজাৰটোত ধৰি টানিছে।
"উৱা এইটো চোন কুকুৰ?" তাই জঁপিয়াই উঠিল।
মৰমলগা মাখনৰঙী গোল্ডেন ৰিট্ৰিভাৰ পোৱালি এটাই তাইলৈ চাই অবিৰাম ভুকি আছে। তাৰ চকুত পাহীৰ প্ৰতি "মোৰ মানুহক তই কিয় চুমা খাইছ?" হেন ভাব।
ৰাগে তাক আলফুলে কোলাত তুলি ল'লে।
"বাখৰমুনু এইজনী তোমাৰ মা দেই। পাহী, এইটো আমাৰ শ্ৰীমান বাখৰ বৰদলৈ।"
"হোৱাত ননচেন্স? তুমি লৈয়েই আনিলা?" পাহী জকি উঠিল। তাইৰ ফালে কেৰাহিকৈ চাই ৰাগৰ গাল দুখন চেলেকি থকা বাখৰৰ সাংঘাতিকভাবে মৰমলগা মুখখনে তাইক গলাব নোৱাৰিলে।
ৰাগে তাৰ চিৰ পৰিচিত মৰমসনা হাঁহিটো মাৰি বাখৰৰ কাণ দুখন পিটিকি থাকিল।
"ইমান কষ্ট কৰি আহি ঘৰ সোমাইছোহি। আহিয়েই এই অশান্তি। কিবোৰ যে চপাই লোৱা নহয়! কৈছিলোঁ মই এইবোৰ জঞ্জাল চম্ভালিব নোৱাৰো বুলি।" চিঞৰি চিঞৰি নিজৰ ৰুমত সোমাই পাহীয়ে দুৱাৰখন কটহকৈ বন্ধ কৰি দিলে। খঙে-ৰাগে ফোঁপাইছিল তাই।
ৰাগে একো নকলে। পাহীক সি চিনে। আলফুলে বাখৰৰ মূৰত হাত ফুৰাই দিলে।
"মা কিন্তু সাংঘাতিক খঙাল, তুমি সাৱধানে থাকিবা দেই।"
বাখৰে কি বুজিলে সি হে জানে।

পাহীৰ খং জামৰাত ৰাতিলৈ দুয়োটাই শান্তভাৱে একেলগে খাবলৈ বহিল। ভোকৰ ভাতকেইটা তাই চুচি-মাজি তৃপ্তিৰে খালে। ৰাগে তাইৰ এৱাৰ্ড...ইভেণ্ট...এইবোৰৰ খবৰ ল'লে। খোৱাৰ মাজতে তাই চুটি চুটিকৈ উত্তৰ দি গল। তাইৰ অভিমান এতিয়াও শেষ হোৱা নাছিল।

ৰাতি তাই সোনকালে বিচনাত পৰিলগৈ। অলপ পিছত ৰাগ সোমাই আহি তাইক লাহেকৈ ক'লে,
"ই বাখৰ নহয় এতিয়াও এডজাষ্ট হোৱাই নাই। আচলতে বহুত সৰুতো। যোৱা দুৰাতি বহুত আমনি কৰিছিল...মই কোলাত লৈ নিচুকাব লাগে তাক। তোমাৰ ডিষ্টাৰ্ব হ'ব...গতিকে মই তাক লৈ দুদিনমান গেষ্ট ৰুমতে শোও... হ'ব নে?
"মোকনো কিয় সুধিছা...তোমাৰ পোৱালীয়ে কষ্ট পাব মই কি মানা কৰিম নেকি...ইমান জালিম নে মই? যোৱা তোমাৰ য'ত মন যায়।" এসোপা অভিমান বুকুত বান্ধি পাহীয়ে উত্তৰ দিলে।
আলফুলে পাহীৰ কপালত চুমা এটা খাই ৰাগ ওলাই গ'ল।

ইয়াৰ পিছৰ দিনবিলাক খৰকৈ পাৰ হ'ল। অফিচৰ কাম, ঘৰৰ কামৰ বাহিৰে ৰাগ বাখৰক লৈয়েই ব্যস্ত থাকিল। পাহীৰ কামৰ ব্যস্ততা বাঢ়িল। তাই বাখৰক লৈ বেছি বাক-বিতণ্ডা নকৰিলে। ৰাগক সুখী দেখি তায়ো মনে মনে থাকিল। কিন্তু উপযাচি বাখৰৰ লগত তাই মিতিৰালি পাতি উমলিব নোৱাৰিলে। তাইৰ হাতত সময়ো নাছিল। কামৰ ফাকতে তাই ৰাগ আৰু বাখৰৰ খেলখন চাই থাকিল।

বাখৰটো ৰাগ বুলিলে পাগল। ৰাগৰ চৌপাশে ঘূৰি ঘূৰি...নোমাল নেজডাল নচুৱাই নচুৱাই...সি যেনেকুৱাখন হে কৰে। ৰাগ আহি ঘৰ সোমালে সি উলাহতে জঁপিয়াই থাকে। মাজে মাজে উত্তেজনাত সি পাহীৰ ভৰিখনো জপটিয়াই ধৰে। কিন্তু পাহীয়ে তাক বেছি প্ৰশ্ৰয় নিদিয়ে।
"হব অ' যা এইটো, বাপেৰৰ ওচৰলৈ যা।" বুলি পাহীয়ে মৃদু ধমক দিয়ে।
লোকৰ কেঁচুৱাই হওক বা নিজৰ কুকুৰ পোৱালীয়েই হওক, পাহীয়ে লেন-চেনাই মৰম যাচিব নোৱাৰে। তাইৰ হেনো তেজতেই এই "মেল'ড্ৰামা"খন নাই।

দেওবাৰে ৰাগে বাখৰক গা ধুৱায়।
"বাবালি, তুমি গা ধুই ধুনু হ'বা দেই..." সি জনা নজনাকৈ গানো গায়।
ওলাই আহিব খোজা হাঁহিটো পাহীয়ে জোৰকৈ ৰখাই থয়। বিখ্যাত "গ্লোবেল কৰ্পৰেশ্যন"ৰ উদীয়মান "ইনভেষ্টমেণ্ট বেংকাৰ" অনুৰাগ বৰদলৈ...ঘৰত পিছে চেনেহৰ বাখৰৰ আদৰুৱা বাপেক।
"পাৰেও দেই ই ভাল পেনপেনাই থাকিব... " বায়েকক ফোনত কয় তাই।
"ভগৱানে তোক নিদিয়াখিনি তাকে দিলে দে।" বায়েকে ৰগৰ কৰে।

ৰাগৰ আদৰ যত্ন পাই বাখৰটো পটাপট ডাঙৰ হৈছে। সি অহা এমাহেই হ'বৰ হ'ল। দিনটো তাক কান্তা দিদিয়ে চায়..ভাত দিয়ে...ফুৰায়...আবেলি সময়ত বিল্ডিঙৰ পাৰ্কত লৈ গৈ খেলায়। ৰাগে তাইৰ দৰমহা আৰু কাম এইমাহৰ পৰা বঢ়াই দিছে।

ইয়াৰ মাজত ৰাগৰ অফিচৰ বিয়াগোম "ডীল" এটা ফাইনেলাইজ হৈ যায়। ফলত তাৰ কাম বাঢ়ে। আজিকালি গধূলিয়ো ঘৰ সোমাই ৰাগে বহুত ৰাতিলৈ লেপটপত ব্যস্ত থাকে। পাহীৰ লগত ব্ৰেকফাষ্টৰ সময়ত ঘৰুৱা প্ৰয়োজনীয় কথাখিনি পতাৰ বাহিৰে তাৰ বেলেগকৈ সময় নোলায়। তাইৰো লৰা-লৰি,...দৌৰা-দৌৰিবোৰ থাকেই। বাখৰক এইকেইদিন কান্তা দিদিয়েই গধূলিলৈকে আলপৈচান ধৰি ৰাখিছে। মানুহৰ সংগ বিচৰা বাখৰটোৱে যেন ৰাগক বহুত মিচ কৰিছে।
শুকুৰবাৰে "ডীল ক্ল'জিং"। ৰাগে পাহীক অফিচৰ পৰা দুপৰীয়াতে ফোন কৰে,
"মোৰ আজি দেৰি হ'ব। তুমি মোলৈ নৰখিবা দেই।"
"ঠিক আছে। মই চাগে আজি কৃতিকা আৰু ভেংকটৰ লগত ডিনাৰ কৰিবলৈ যাম। মোৰো দেৰীয়েই হব। অল ডা বেষ্ট ফৰ টু-ডে।" পাহীয়ে শুভেচ্ছা জনায়।        "থেংক ইউ পাহী, এনজয় ইয়ৰ ইভিনিং।" সি ফোনটোৰ সংযোগ বিছিন্ন কৰি কামত মনোযোগ দিয়ে।

ৰাতি তাৰ কাম শেষ হওঁতে প্রায় ৯ বাজিল। তাৰ পাছত ক্লায়েন্টৰ সৈতে হোটেল লীলা-পেলেচত "ৱৰ্কিং ডিনাৰ"। হেড-অফিচৰ মানুহখিনিয়ে তাৰ ভূয়সী প্ৰশংসা কৰিলে। সম্ভাৱনাপূর্ণ কেৰিয়াৰটো আগবঢ়াবলৈ তাক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হেড-অফিচত জইন কৰিবলৈও আমন্ত্ৰণ কৰিলে। ৰাগে কেৱল "ভাবি চাম" বুলি শলাগি থ'লে।

সি আহি এপাৰ্টমেণ্ট কমপ্লেক্সত সোমাওঁতে প্ৰায় মাজনিশা। সম্পূৰ্ণ কমপ্লেক্সটো নিৰ্জনতা আৰু অন্ধকাৰত ডুবি আছিল। দূৰৈত কুকুৰ কেইটামানৰ ভূক-ভূকনি সি শুনিবলৈ পালে।
"আই হ'প কান্তা দিদিয়ে বাখৰক ঠিকমতে চাই গৈছে। শুলে নে নাই বা?" মনতে ভাবিলে ৰাগে।
"কাইলৈৰ পৰা পাহী আৰু বাখৰ দুয়োটাকে সময় দিম।" সি থিৰাং কৰিলে।
ক্লান্ত খোজেৰে আহি নিজৰ চাবিটোৰে অকণমানো শব্দ নোহোৱাকৈ সি ফ্লেটৰ সদৰ দুৱাৰখন খুলিলে। পাহীক জগুৱাই আমনি দিব নুখুজিলে সি। বৰ পাতল টোপনি তাইৰ। এবাৰ ভাঙিলে সহজে নাহে।

লিভিং ৰুমটো তেনেই অন্ধকাৰ। সি প্ৰথমে গেষ্টৰুমৰ দুৱাৰ খুলি লাইট অন কৰি চৌদিশে চকু ফুৰালে।

বাখৰ ইয়াত নাই।

ৰাগ নাথাকিলে বাখৰ ষ্টাডি ৰুমৰ বীন-বেগটোত শুই থাকে। গতিকে ৰাগে বিশেষ চিন্তা নকৰিলে। সাৰি-শব্দ নাই যেতিয়া তাতে শুই আছে চাগৈ। লৰা-লৰিকৈ কাপোৰ সলাই সি মুখ-হাত ধুই ল'লে।

শুবলৈ বুলি আহি সিহঁতৰ বেডৰুমৰ দুৱাৰখন লাহেকৈ খুলিলে। ৰূমটোত জিৰ' পাৱাৰৰ বাল্ব এটা জ্বলি আছে। বেংগালুৰৰ শীতল বতাহখিনি অনুভৱ কৰিব পৰাকৈ ৰূমটো ঠাণ্ডা।

"কিংগ চাইজ বেড"খনৰ সোঁমাজত পাহি শুই আছে।  তাই গভীৰ টোপনিত। তাইৰ বুকুৰ মাজত সেইটো বাখৰ। সিও নিশ্চিন্ত মনে শুই আছে। তাৰ অকণি অকণি আগ ঠেং দুটাৰে সি পাহীৰ হাতটো মেৰিয়াই ৰাখিছে। পাহীৰ এখন হাত তাৰ পিঠিত। এখন তাৰ কাণত। দুয়োটা টোপনিত লালকাল।
"পাহীজনী মোৰ..." বুলি মিচিকিয়াই হাঁহি ৰাগে লাহেকৈ দুৱাৰখন জপাই ওলাই আহিল।

তাৰ খুব ভাগৰ লাগিছিল। দেহৰ অৱসাদ আৰু মনৰ তৃপ্তিখিনি লৈ সি লিভিং ৰুমৰ চোফাখনতে বাগৰ দিলে।

পৰম প্ৰশান্তিত তাৰ চকুহাল জাপ খাই আহিল।(

সমাপ্ত)


✍ © ৰূপালীম মহন্ত
১৮.০৮.২০২০

Tuesday, 29 June 2021

আত্মজা



আত্মজা

(চুটিগল্প)


কেকটোৰ মিশ্ৰণখিনি সযতনে পাত্ৰটোত ঢালি দি তাই অভেনটোৰ ভিতৰত সুমুৱাই দিলে। এইটো হ'লেই তাইৰ কাম শেষ, আজৰি হৈ সন্ধিয়াৰ বাবে নিজে সাজু হ'ব পাৰিব।

বৰ্ণিলে কৈছিল, "নামকৰা বেকাৰীৰ পৰা থ্ৰী টায়াৰ চকলেট ট্ৰাফল কেক অৰ্ডাৰ কৰিছোঁ মুগ্ধা, আকৌ তুমি কিয় কষ্টখন কৰিছা? মাটন বিৰিয়ানী, টাৱা-ভেজ, চিকেন কোৰ্মাৰ উপৰিও অতগাল ষ্টাৰটাৰ্ছ ৰান্ধিছাই চোন!"


ৰান্ধিছে। ৰাতিপুৱাৰ পৰা তাই খদম-দম লগাই কাম কৰি আছে। কিন্তু একমাত্ৰ জীয়াৰীৰ প্ৰথম জন্মদিন বুলি কথা। হাজাৰ সুস্বাদু ব্যঞ্জন থাকক আলহীলৈ বুলি, মাকজনী হৈ নিজহাতে কেক এটা নবনালে চলিব নে? মুগ্ধাৰ শাহুৱেকেও নাতিনীৰ জন্মদিন বুলি ৰাতিপুৱাই চাকি বন্তি দি মাহ-প্ৰসাদ অকণ মৌক খুৱাই দিছিল। নিজ হাতে পায়সো ৰান্ধি খুৱালে। মিল্ক-মেইড দি বনোৱা পায়স খাবলৈ পাই মৌৰ কি ফুৰ্তি!

আৰু বৰ্ণিল নিজে। ছোৱালীৰ জন্মদিন বুলি কিমান উথপথপ তাৰ।


সেই উথপথপ অৱশ্যে আজিৰ নহয়। মৌ বৰ্ণিলৰ জীৱনলৈ অকণমানি পৰীজনী হৈ অহাৰে পৰা সি জানো আন কিবা বস্তু দেখা পাইছে? তাৰ দীৰ্ঘকালৰ প্ৰেয়সী আৰু বৰ্তমানৰ প্ৰিয়তমা পত্নী মুগ্ধা, আন নালাগে নিজৰ চেনেহৰ জন্মদাত্ৰী মাকো হৈ পৰে মৌৰ সমুখত তাৰ জীৱনত গৌণ।

মৌক লৈ কৰা বৰ্ণিলৰ আলহ উদৰ দেখি মুগ্ধা আৰু শাহুৱেকে হাঁহে। "বাপেকী আৰু ই হে হৈছে পৃথিৱীত। মৌক পালে বৰ্ণিলৰ একোৱেই নালাগে।"

"অকল বৰ্ণিল কিয় মা, মৌৱেও চোন দেউতাকক পালে ভোক পিয়াহ সকলো পাহৰি। দিনটো তাইৰ লগত খাটি মৰোঁ আমি দুইজনী, অথচ গধূলি বৰ্ণিলক পালে তাই আমালৈ কেঁৰাহিকেও নাচায়।"

কথাটো সঁচা। বৰ্ণিল মৌ বুলিলে পাগল। জীয়েক তাৰ জীৱনৰ শ্ৰেষ্ঠ প্ৰাপ্তি। আৰু জীয়েকৰ বাবে আদৰুৱা দেউতাক "পাপাম" সবাতোতকৈ শ্ৰেষ্ঠ।

"চোৱা, মোৰ মাজতো তাই মাক এজনী বিচাৰি পায়, সেয়েহে মই পাপাম। তাইৰ জীৱনৰ প্ৰথম শব্দই পাপাম।" বৰ্ণিলে গৌৰৱৰে কয়।

"লোকৰ কেঁচুৱাই প্ৰথমেই মা বোলে, আমাৰ আকৌ টান শব্দত হে ধৰিলে।" মুগ্ধাৰ মৰমৰ অভিযোগ।

সন্তান মৌৰ কাণ্ডবোৰে সিহঁতৰ দিন-ৰাতি বোৰ পৰিপূৰ্ণ কৰি ৰাখে।


অথচ এসময়ত মুগ্ধা আৰু বৰ্ণিলে এনে এক সন্তানৰ আশা এৰিয়েই দিছিলে। বিয়াৰ চাৰি বছৰ মানলৈ তৃতীয় ব্যক্তিৰ আগমন নোহোৱাত এটায়ো মূৰ ঘমোৱা নাছিল। নিজৰ কাম লৈ, সংসাৰ লৈ দুয়োটাই সুখী আছিল, ব্যস্ত আছিল।

কিন্তু বছৰৰ পিছত বছৰ বাগৰিছিল, আৰু এটা সময়ত কাংক্ষিত বস্তুটো বিচাৰি সিহঁত ভাগৰি পৰিছিল। প্ৰাকৃতিক প্ৰক্ৰিয়াত সন্তান লাভ কৰিবলৈ অক্ষম হোৱাত প্ৰচুৰ ধন ভাঙি চিকিৎসা কৰাইছিল। ধৰা পৰাকৈ দোষ একোৱেই নাছিল। না মুগ্ধাৰ, না বৰ্ণিলৰ।

"চব ঠিকেই আছে মিষ্টাৰ এণ্ড মিছেছ বৰঠাকুৰ। চিকিৎসা কৰিবলগীয়াকৈ আপোনালোকৰ একো সমস্যা নাই। কিন্তু কেতিয়াবা চব ঠিক থাকিও সকলো প্ৰাপ্তি নহয়...." চহৰৰ নামজ্বলা অমায়িক ডাক্টৰজনৰ কথাবোৰ আজিও মুগ্ধাৰ কাণত বাজি উঠে।

নিৰাশ হ'লেও বৰ্ণিলে নিজকে চম্ভালি লৈছিল।
"একো নহয় মুগ্ধা, আমি আছোঁ নহয়, ইটো সিটোৰ বাবে।" হ'লেও মুগ্ধাই মানি ল'ব পৰা নাছিল। তাই চূড়ান্তভাবে হতাশ হৈ পৰিছিল। তেনে সময়ত দুহাত আঁকোৱালি তাইক তুলি ধৰিছিল সাদৰি শাহুৱেক, ভগ্নীসম নন্দেক আৰু বন্ধুতকৈয়ো আপোন বৰ্ণিলে। শাহুৱেকে তাইক বুজাইছিল, সাহস দিছিল,
"সময়তকৈ আগত, আৰু ভাগ্যতকৈ বেছি কোনেও একো নাপাই আই, তহঁতে চিন্তা কৰি থাকিবলৈ বাদ দে। নিজৰ জীৱনটো সুখী মন এটা লৈ কটা, ঈশ্বৰে নিশ্চয় এদিন চকু মেলি চাব।"


ঈশ্বৰে সঁচাকৈ চকু মেলি চাইছিল। আশা এৰি দিয়াৰ পিছত এদিন সিহঁতৰ জীৱনলৈ আশীৰ্বাদ হৈ আগমন ঘটিছিল মৌৰ। সিহঁতৰ ৰিক্ত বুকুবোৰ ভৰি পৰিছিল মৌৰ মিঠা হাঁহি আৰু অস্ফুট কলকলনিৰে। কোনোদিনে দুখ প্ৰকাশ নকৰা বৰ্ণিলে তাইক কোলাত লৈ চকুপানীৰ বন্যা বোৱাইছিল। শাহুৱেকৰ মুখত হাঁহি বিৰিঙিছিল। আৰু নন্দেক আৰু মুগ্ধাই মৌক মৰমৰে বুৰাই পেলাইছিল।

মৌ হোৱাৰ অলপ দিন পিছতেই সেইখন চহৰ এৰি পেলাইছিল মুগ্ধাহঁতে। পেলাবলৈ বাধ্য হৈছিল।

ওচৰ চুবুৰীয়া আৰু কিছুমান আত্মীয়ৰ আত্মীয়তাৰ আঁৰৰ আঘাতবোৰে সিহঁতক পিষ্ট কৰিছিল। তেওঁলোকৰ সুহৃদয়তাৰ আঁৰৰ কৌতুহল, আত্মীয়তাৰ আঁৰৰ অনাধিকাৰ প্ৰবেশবোৰ মুগ্ধাহঁতে হজম কৰিব পৰা নাছিল। মৌ অহাৰ আগলৈকে তেওঁলোকে নিক্ষেপ কৰা পুতৌৰ চাৱনিবোৰে সিহঁতক ইতিমধ্যেই দুৰ্বল কৰিছিল, তথাপিও সহ্য কৰি গৈছিল। কিন্ত মৌ অহাৰ পিছত সেই মানুহৰ অবাঞ্ছিত দখলবোৰে সিহঁতক শান্তিৰে থাকিবলৈ দিয়া নাছিল। সহ্যৰ সীমা পাৰ হৈ যোৱাৰ উপক্ৰম ঘটিছিল। অনবৰতে এক শ্বাসৰুদ্ধ পৰিবেশৰ সৃষ্টি হৈছিল।

মৌ তেওঁলোকৰ জীৱনলৈ অহাটো যেন বোধগম্য হোৱা নাছিল মানুহবোৰৰ।


বৰ্ণিলৰ চাকৰিৰ ট্ৰেন্সফাৰে এসময়ত বৰঠাকুৰ পৰিয়ালক সকাহ দিছিল। মৌক সময় দিবলৈ মুগ্ধাই স্বইচ্ছাই চাকৰিটো এৰি দিছিল। মফশ্বলীয়া চহৰখনত আহি থিতাপি লোৱাৰ পিছতে গোট খাইছিল নতুন বন্ধু-বান্ধৱ, ওচৰ-চুবুৰীয়া। সৰু চহৰখনৰ মানুহবোৰৰ ব্যৱহাৰ আছিল নিভাঁজ, অকৃত্ৰিম। আৰু সেই সহজ সৰল মানুহখিনিৰ চকুৰ মণি হৈ পৰিছিল মৌ। মুগ্ধাহঁতে স্বস্তিৰ নিশ্বাস পেলাইছিল।

সেইখিনি অনাত্মীয় মানুহৰ আদৰৰ মৌকেই উপলক্ষ কৰি আজি প্ৰথমবাৰ মুগ্ধাহঁতে এইখন ঘৰত অনুষ্টুপীয়াকৈ কিবা এটা আয়োজন কৰিছে। অতি কম সময়তে আপোন হৈ পৰা মানুহখিনি মাতি খুৱাবও, মৌৰ প্ৰথম জন্মদিনৰ দিনটো উদযাপনো কৰিব। 


"বৌ, ষ্টাৰটাৰ্ছ খিনি গ্ৰীল কৰোঁনে? মই কিন্তু ৰেডি। তুমি সাজু হোৱা গৈ যোৱা। ৰঙা শাড়ীখন পিন্ধিবা।"
নন্দেক বন্যাৰ মাতত মুগ্ধাৰ তন্দ্ৰা ভাঙিল। যোৱা বছৰ বিয়া হোৱা বন্যা জোঁৱাই নীলিমৰ সৈতে ভতিজীৰ জন্মদিন বুলিয়েই থকাকৈ আহিছে। দুয়োজনীয়ে মিলি যোৱা-ৰাতিয়েই সাজু কৰি থোৱা ষ্টাৰটাৰ্ছখিনি গ্ৰীল কৰিবলৈ দি মুগ্ধা শাহুৱেকৰ ওচৰলৈ বুলি গুচি আহিল। 

খোপাটো বান্ধি থকা শাহুৱেকক তাই সুধিলে,
"মা আপুনি ওলাইছে ন? চাহ একাপ দিম নেকি?"

শাহুৱেক সুগঢ়ী। পাতল গুলপীয়া কাপোৰযোৰৰে তেওঁক সাক্ষাৎ গোসাঁনীহেন লাগিছে। 

"নালাগে, তুমি দিনটো পাকঘৰতে লাগি আছা। যোৱা ৰেডি হোৱাগৈ, মই চাহ কৰিম। আলহী কিমান বজাত আহিব?"

শাহুৱেকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতেই মৌক কোলাত লৈ বৰ্ণিল আহি ওলালহি।
"আমাৰ ড্ৰয়িং ৰুমৰ ডেকোৰেশ্যন শেষ কিন্তু। এতিয়া তোমালোক মহিলা সমিতি সাজু হোৱাৰ হে কথা।"

মুখেৰে বেলুন ফুলাই ফুলাই বন্যাৰ গিৰীয়েকে নীলিম সোমাই আহিল। বিয়াৰ পিছত সামান্য ওলাই পৰা পেটটো মোহাৰি মোহাৰি সি কৈ উঠিল,
"চাহ খাম বৌ। লগতে কিবা অকণ খাবলৈও দিব দেই। দিনটো হাৰ হাইনেছ মৌৰ চাৰ্ভিছত ভোক লাগি গৈছে।"

বিয়াৰ আগৰ খীন চেহেৰাৰ নীলিমক খুৱাই খুৱাই বন্যাই শকত কৰিলে বুলি সি প্ৰায়েই অভিযোগ কৰে।
"তাইৰ নিজৰ  নিচিনা থোলোকা কৰিছে মোক। মানুহে আমাক আজিকালি দেখিবলৈ একে বুলি কয়। বোলে দুয়োটা হেনো টুইন্স যেন।"

তাৰ কথাত সকলোৰে হাঁহি উঠি গ'ল। নীলিমটো ধেমেলীয়া স্বভাৱৰ, অত্যন্ত ফুৰ্তিবাজ ল'ৰা। বন্যা আৰু তাৰ ভৰপূৰ প্ৰেমৰ সংসাৰখনত নোদোকা নহৈ উপায় নাই। 

বন্যাই লগে লগে কৈ উঠিল, "বেছি মৰম থাকিলে বোলে এটা সময়ত হাজবেণ্ড-ৱাইফ দেখিবলৈ একে হৈ যায়। ভাই-ভনী লেখীয়া।"

"হ'ব শ্ৰীমতী, তুমি মোৰ ঘৈণী হৈয়েই থাকা, ভগ্নী নহয়।" নীলিমৰ কথাত তাই আকৌ কৈ উঠিল,
"সঁচা জানা। অকল হাজবেণ্ড-ৱাইফ কিয়? যি কোনো মৰমৰ বান্ধোনৰ ক্ষেত্ৰত খাতে কিন্তু কথাটো। তেজৰ সম্পৰ্ক নথকা কৈও কিছুমান সম্পৰ্কত আত্মিক মিল থাকে, তেতিয়াই মানুহবোৰ আনৰ চকুত দেখিবলৈও একে যেন হৈ পৰে।"

"তেন্তে বৰ্ণিল আৰু মোৰ মাজত মুঠেই মৰম নাই। আমি দেখিবলৈ ইমান বেলেগ।" মুগ্ধাৰ ফুলা মুখখন দেখি বৰ্ণিল ব্যস্ত হৈ উঠিল। খন্তেকতে ঘৰখনত হাঁহি এছাটি চিটিকি পৰিল। 


সেই হাঁহিৰ পোহৰ সন্ধিয়ালৈ অতিথিৰ সমাগমৰ পিছতো অব্যাহত থাকিল। সাজি-কাঁচি ধুনীয়াজনী হৈ মৌ মানুহৰ কোলাই কোলাই মৰম বুটলি ফুৰিল। নীলিমৰ ধেমেলীয়া কথা আৰু শাহুৱেকৰ অতিথি আপ্যায়নৰ আদৰ সাদৰৰ মাজত বৰ্ণিল আৰু মুগ্ধাই আজিৰ দিনটোৰ যেন সাৰ্থকতা বিচাৰি পালে। বন্যাই ইতিমধ্যেই খোৱা বস্তু আৰু কৌল্ড ড্ৰিংক্সৰ দায়িত্ব লৈ মুগ্ধাৰ কষ্ট বহুখিনি লাঘৱ কৰিছিল। হাঁহিৰে মুখৰিত হৈ পৰা ঘৰখন দেখি মুগ্ধা সন্তুষ্ট হৈছিল। নেদেখাজনক সেৱা এটা জনাই কৃতজ্ঞতা জনাইছিল। 

জীয়েকৰ জন্মদিন আজি। মুগ্ধাৰ প্ৰাণৰ পুতলা, বৰ্ণিলৰ হিয়াৰ আমঠু, মৌৰ জন্মদিন। 
সেই মৌ, যি বৰ্ণিলৰ ঔৰষজাত নহয়, মুগ্ধাৰ নিজৰ গৰ্ভৰ পৰা জন্ম লোৱা সন্তান নহয়।

মৌ সিহঁতৰ নিজৰ নহয়। 



বৰ্ণিলৰ এক চিনাকি চিকিৎসক বন্ধুৰ জৰিয়তে হস্পিতালত ধৰ্ষণৰ বলি কোনো এক নাবালিকাই প্ৰসৱ কৰি এৰি থৈ যোৱা মৌৰ খবৰ পাইছিল সিহঁতে। আতুৰত যোৱাদি দৌৰি গৈছিল নৱজাতকটিক চাবলৈ। পুলিচ, উকীল, কাছাৰী কৰি শেষত আইনী প্ৰক্ৰিয়াৰে সাত দিনীয়া মৌক আনি ঘৰ সুমুৱাইছিলহি। 

ভাগিবলৈ ধৰা সপোনবোৰে যেন আকৌ ঠন ধৰি উঠিছিল। পৃথিৱীৰ সমস্ত আকুলতা আহি সিহঁতৰ বুকুত থুপ খাইছিলহি। আৰু যেন একো অভাৱ, একো নোপোৱাৰ অনুভূতিয়ে আমনি দিব নোৱাৰে সিহঁতক। 

কিন্তু শান্তিৰ দিন মুগ্ধাহঁতৰ কপালত সহজে লিখা নাছিল। 

মৌৰ মাহেকীয়া অনুষ্ঠানৰ দিনা ভোজ খাই উঠা এচাম আত্মীয়-স্বজনৰ কটাক্ষবোৰে সিহঁতক ৰেপি ৰেপি কাটিছিল। মৌক উপহাৰ এসোপা দি, গাল টিপি মৰম কৰি তেওঁলোকে গৰল উজাৰিছিল,
 "আনিলা আনা বাৰু, অচিন কাঠৰ থোৰা। কিন্তু নিজৰ চেষ্টা এৰি নিদিবা। তেজৰ সম্বন্ধ বেলেগ বস্তু। কোনোবা বিজতৰিয়া ছোৱালী এজনী আনি ঘৰ সুমুৱালা। এডপ্ত কৰিলেও জনা-শুনা, সম্পৰ্কীয় মানুহৰ পৰা ল'ব লাগিছিল। আমাৰ পৰা পৰামৰ্শ লোৱাহেতেন ঠিক বাট দেখুৱালো হয়।"

সন্তানহীন বুলি অনবৰতে মুগ্ধাক অৱমাননা কৰি অহা খুড়ী-শাহুৱেকে অলপ সীমা অতিক্ৰমেই কৰি পেলাইছিল,
"এই ছোৱালীজনী ডাঙৰ হ'লে তোমালোকৰ লগত কোনো মিল নাথাকিব! কি কৰিবা তেতিয়া? সময়ত কিন্তু তেজে হে তেজক তৰিব।"

মানুহবোৰে খান্দি উলিয়াব বিচাৰিছিল মৌৰ তেজৰ ৰহস্য। 

উত্তৰহীন হৈ পৰিছিল মুগ্ধা।

এইবোৰ মানুহৰ মাজত মৌক সিহঁতে মানুহ কৰিব?
সিহঁত নিজে মানুহ হৈ ৰ'ব নে?

মানুহবোৰৰ প্ৰশ্ন শেষ হ'লেও উৎকণ্ঠাৰ অন্ত হোৱা নাছিল। তেওঁলোকে উশাহ বন্ধ ৰাখি বাট চাব খুজিছিল মুগ্ধাহঁতৰ সপোনবোৰৰ ছন্দপতনৰ। 
সন্তান প্ৰাপ্তি হ'লেও সিহঁতক পিতৃ-মাতৃ হোৱাৰ সুখকণ যেন দিব বিচৰা নাছিল মানুহবোৰে।

বৰ্ণিল খঙত ফাটি পৰিছিল। 



আৰু সেই সময়তে আহিছিল ট্ৰেন্সফাৰৰ খবৰটো। তিনিমহীয়া মৌক বুকুত বান্ধি মুগ্ধাহঁত গুচি আহিছিল, অচিন এই চহৰলৈ। য'ত কোনেও সিহঁতক চিনি নাপায়। পালেও, মৌ কোন নাজানে। নাজানে মৌৰ উদ্ভৱৰ কাহিনী। 

আৰু সেইবোৰ নজনাকৈয়ে সৰল চহৰখনৰ সৰল, অনাত্মীয় মানুহখিনি হৈ পৰিছিল মুগ্ধাহঁতৰ অতিকৈ আপোন। 

সেই মানুহখিনিয়ে আজি খোৱা বস্তুৰ জুতি লৈ লৈ বন্যা আৰু নীলিমহঁতৰ লগত কথা পাতিছে, মৌক যিমান পাৰে সিমান মৰম কৰিছে, নিষ্কলুষ ভাবে তাইৰ জন্মদিন উপভোগ কৰিছে। প্ৰথমবাৰ লগ পোৱা বন্যাক দেখি কাষৰ ঘৰৰ ফুকননী জেঠায়ে শাহুৱেকক কৈ উঠিছে,
"তাকে হে পাই, মই চাই হে আছোঁ পৰহিৰে পৰা, ছোৱালীজনীৰ চেহেৰাৰ ইমান মিল আছে আপোনাৰ সৈতে। মই ভাবিছোৱেই মিছেছ বৰঠাকুৰৰ ছোৱালী নিশ্চয়। ইমান একে গঢ়টো। মাক চাই জীয়েক হৈছে। সুগঢ়ী। "

মুগ্ধাৰ বুকুখন ধপধপাই উঠিল। ফুকননী জেঠাইৰ সহজভাৱে কোৱা কথাখিনি তাই সহজভাৱে ল'বলৈ অপাৰগ হ'ল। 

এইবাৰ মুগ্ধাৰ লগত মৌৰ চেহেৰাৰ অমিলখিনি উলিয়াই পেলাব নেকি এওঁলোকে? এদিন নহয় এদিন মৌৰ সত্য উদ্ঘাটন হয়তো হ'বই, কিন্তু সময়তকৈ আগত মুখৰোচক চৰ্চাৰ বিষয় হৈ সিহঁতৰ সুখৰ সংসাৰখন তচ নাচ কৰি তুলিব নেকি?

মুগ্ধাৰ মুখখন শুকাই আহিল। 

তেজগোৰা মুখৰ মৌৰ বিপৰীতে মিঠা বৰণীয়া মুগ্ধা। অকণো মিল নাই মুখৰ। দুয়োজনীৰ সৌন্দৰ্য্য ভিন্ন। 
মানুহৰ মাজৰ পৰা মৌক টানি আনি লুকুৱাই ৰাখিবৰ মন গ'ল তাইৰ। 



"ইমান এন্ধাৰ মুখ কিয় মুগ্ধা? আহা, বৰ্ণিল আৰু মৌৰ লগত তোমাৰ ফটো একপি তুলি দিওঁ।"
বেছ সৰবৰাহী বুলি খ্যাত চুবুৰীৰ পুলক শৰ্মা বৰদেউতাই তাই প্ৰায় টানি আনিয়েই কেক টেবুলখনৰ ওচৰত থিয় কৰাই দিলে। 

মৌৱে মানুহৰ ভিৰ দেখি অলপ আমনি কৰিছিল। ভোকো হয়তো লাগিছিল। আৰ-কোলা তাৰ-কোলাত উঠি বিতত হৈ ৰোৱা কণমানিজনীয়ে মাকক দেখি উদগ্ৰীৱ হৈ পৰিল। হাত মেলি কোলাত ল'বলৈ লওঁতেই তাই আব্দাৰ কৰি উঠিল, "পাপাম যাম।"

"দেউতাকৰ জীয়েক একেবাৰে এইজনী।" শৰ্মানী বৰমাই কৈ উঠিল। 

তেওঁৰ কথাত হয়ভৰ দি বৰ্ণিলৰ সহকৰ্মী অনুজৰ স্ত্ৰী মিতালী বৌয়ে মৌৰ ফুলা গাল দুখন টিপি দিলে। 
"নহয়নো কি? মুখৰ হাঁহি, গালৰ টোলটোলৈকে বৰ্ণিলৰ দৰে। বাপেক গঢ়ি ছোৱালী এইজনী, লখিমী।"

মূৰ দুপিয়াইছিল মানুহবোৰে। 

হাঁহি ফুৰ্তি, এজাউৰি হাত তালিৰ মাজত ইতিমধ্যে মৌৰ কেক কটা সমাপন হৈছিল। বৰ্ণিলৰ কোলাত উঠি মৌৱে জোক লগা দি তাক সাৱটি ধৰিছিল। কেক কণ মুখত লগাই দিওঁতে তাই খিল-খিলাই হাঁহি পেলাইছিল। 

মুগ্ধাই বৰ্ণিলৰ চকুলৈ চালে। সন্তান প্ৰাপ্তিৰ নহয়, পিতৃত্ব লাভৰ এক অদ্ভুত প্ৰশান্তি আৰু গৌৰৱ আছিল তাৰ চকুত।

তাইৰ নিজৰ চকুৰ কোণত জমা হোৱা সেমেকা খিনি পলকতে ৰঙা শাড়ীখনৰ আঁচলটোৰে মুচি পেলাইছিল মুগ্ধাই। 



বন্যাই ঠিকেই কৈছিল। কিছুমান বান্ধোনৰ মৰমৰ টানে তেজৰ উৰ্ধত গৈ এক বেলেগ সম্পৰ্ক গঢ়ি পেলায়। ভালপোৱা মানুহবোৰ দেখিবলৈ এক হৈ পৰে। 

বৰ্ণিলৰ গঢ় লৈ জন্ম নল'লেও, বৰ্ণিলৰ গঢ়ত গঢ় লৈ উঠা আত্মজা মৌ। মুগ্ধাৰ জীয়াৰী, বাপেক গঢ়ি দুহিতা। 

নামকৰা বেকাৰীৰ "থ্ৰী টায়াৰ চকলেট ট্ৰাফল কেক" বাদ দি মাকে ঘৰতে সাধাৰণভাৱে বনোৱা কেকটোৰ আইচিংখিনি পৰম তৃপ্তিৰে খাই থকা মৌৰ দুগাল মুচি দিবলৈ মুগ্ধাই এইবাৰ শাড়ীখনৰ আঁচলটো আগবঢ়াই দিলে। 

(সমাপ্ত)

✍ © ৰূপালীম (বেংগালুৰু)
২২.০৬.২০২১

সেই ভালপোৱাবোৰ




(এমুুঠি অনুগল্প)

প্ৰেম

ঈৰ্ষাত মুখ ৰঙা পৰি যোৱা ল'ৰাটোৱে বাল্য বান্ধৱীক প্ৰশ্ন কৰিলে, "তাক বৰ ভাল পাৱ ন?"

"ধুই, নাপাওঁ", তাইৰ সৰল উত্তৰ, চকুত হাঁহি।

"তেন্তে ইমান হলি গলি কিহলৈ কৰ? তাৰ প্ৰতিটো কথাত খিলখিলাই হাঁহি উঠ, ইমান পাত্তা দিয়। তাৰ প্ৰতিক্ৰিয়া চাবলৈ?"

"নহয়, তোৰ প্ৰতিক্ৰিয়া চাবলৈ।"
বাল্য বান্ধৱীৰ চকুৰ হাঁহিটো এইবাৰ তাৰ নিজৰ মুখলৈ নিগৰি আহিল।


 

ৰং

"গোটেই পৃথিৱীক ৰং সানি ঘূৰি ফুৰিছ। সেইকেইজনীৰ লগত নাচিও আহিছ। এতিয়া মনত পৰিল হ'বলা আমালৈ?" অভিমানী তাই মুখ ফুলায়।

"বৰ ফুৰ্তি কৰিলোঁ অ। তই নাহিলি আৰু, ইমানকৈ লগ ল'লোঁ। এয়া চা, চব ৰং শেষ।" তাৰ উৎফুল্লিত কণ্ঠত তাই ব্যতিব্যস্ত হৈ পৰে।

"খেলি-ধূলি সকলো শেষেই যেতিয়া ইয়ালৈ কিয় আহিলি?" ৰঙা চকু দেখুৱাই তাইৰ প্ৰশ্ন।

"নোখোলাকৈ ৰখা ৰংটো তোক সানিবলৈ আকৌ।"
ৰঙা ফাকুগুৰিখিনি তাইৰ গালে-মুখে সানি সি তৃপ্তিৰে হাঁহে।

তাইৰ চকুৰ ৰঙাখিনি পলকতে ৰামধেনুৰ সাতোটা ৰঙৰ সমাহাৰ হৈ পৰে।



আপোন

ঘৰখনৰ একমাত্ৰ পুত্ৰসন্তান, তাইৰ মৰমৰ ভায়েকটো দুৰ্ঘটনাত গত হোৱাৰ পিছৰে পৰা আজলী মাকজনীৰ বেমাৰ নুগুচাই হ'ল। আমন জিমনকৈ থকা ছোৱালীজনীক প্ৰিয়ভাজনে ফোন কৰে, "মাৰ গাটো আজি কেনে?"

ওৰে ৰাতি কান্দি থকা চকুহাল জিলিকি উঠে। প্ৰিয়জনৰ প্ৰশ্নটোৰ আৰম্ভণিতে নথকা "তোমাৰ" শব্দটোৱে তাইক মুহূৰ্ততে আপোন এজন দি যায়।



সোঁৱৰণ

জ্ঞাতিভোজৰ দিনা মৃতকৰ পছন্দৰ খাদ্যসম্ভাৰ ৰন্ধা হৈছে। শোকে সন্তাপে জৰ্জৰিত মৃতকৰ পত্নী বিগত দিনকেইটাত প্ৰায় অনাহাৰে। আজি ভাতৰ থালত হাত দি পিছে মানুহজনী দৰক দিলে। কথাটো মন কৰি বৰবোৱাৰী দৌৰি আহিল, "মাই সৰু মাছ ভজা ভাল নাপায়। সেয়া দেউতাৰ হে প্রিয় আছিল।"

"অ তো, মা দেউতাৰ মাজত প্ৰতি দেওবাৰেতো এই কথাটো লৈয়েই চুপতি হৈছিল। কিয় মা, তুমি যে বকা, কিয় আনে এইবোৰ সদায় সদায়, জুপি-জুপি বাচিবলৈ মোৰ কি কষ্ট!" পৰিৱেশটো পাতলাবলৈকে বৰপুত্ৰই ৰগৰ কৰিলে।

মাকৰ মুখত এইবাৰ বিৰিঙি উঠিল ঈষৎ হাঁহি।

শাহুৱেকৰ থালৰ পৰা সৰু মাছৰ বাটিটো উঠাই নিবলৈ অহা বৰবোৱাৰীৰ হাতখন হঠাৎ থাপ মাৰি সদ্য স্বামীহাৰা মানুহজনীয়ে কৈ উঠিল,
"থাকক দে। মই খাম।"

✍ © ৰূপালীম (বেংগালুৰু)

Thursday, 3 June 2021

প্ৰিয়বন্ধু



প্ৰিয়বন্ধু

(চুটিগল্প)

"কি বে দৌষ্ট। তই ইয়াত? কেনেকৈ? তই ইয়ালৈ কেনেকৈ আহিলি?"

মোৰ উপর্যপূৰি প্ৰশ্নবাণত অকণো ব্যতিব্যস্ত নহৈ অমৰে গিলাছ এটা মোলৈ আগবঢ়াই দিলে।
"ল পেগটো মাৰি ল, ক'ম তোক সকলো।"
তাৰ নিৰুদ্বেগ কণ্ঠই মোক বিতত কৰিলে।

ডিঙিটো ইতিমধ্যে শুকাই কৰ্কৰীয়া মাৰিছিল। বহুদিন পিয়াহঁত থকা মানুহৰ দৰে মই গিলাছটো লৈ কোটকোটাই পেগটো গিলি পেলালোঁ।
"বটমছ আপ? সলনি নহলি ন তই সীমান্ত!" ঈষৎ হাঁহিৰে অমৰে কৈ উঠিল।

গ্লেনফিদিচ্ছ চিংগল মল্ট। অমৰে পছন্দ জানে মোৰ।

অমৰ। মোৰ অভিন্ন হৃদয়ৰ বন্ধু....আছিল এসময়ত। আমাৰ বন্ধুত্বৰ অৱসান ঘটিছে।

"ফিলিং বেটাৰ?" অমৰে মোক প্ৰশ্ন কৰিলে।

কিহৰ বেটাৰ! মূৰটো আচন্দ্ৰই কৰিছে। মই ইয়াত কি কৰিছোঁ? অমৰক শেষবাৰলৈ দেখা পাইছিলোঁ হস্পিতালৰ চৌহদত। সি নীৰৱে শুই আছিল। সেয়াই অন্তিম দেখা আছিল আমাৰ। বন্ধুত্বৰ শেষ।

"তই ইয়াত কেনেকৈ অমৰ? তই তো....!
আৰু এইখন কি ঠাই? ইমান আন্ধাৰ।" মোক উত্তৰ লাগে। মই প্ৰশ্ন কৰিলোঁ অমৰক।
"এইকণ ঠাইক বি.আৰ.পাছ বুলি কয়। আমি ৰৈ আছোঁ। ট্ৰেন্সপোৰ্ট অহালৈ। ইয়াৰ পৰা গন্তব্য স্থল।"

চেগা চেৰেকাকৈ দেখা পালোঁ চাইন বর্ডখন। বৈ...সেইটো ত নে হ? নিচা লাগিছে মোৰ। বৈ...ৰণী পাছ। ভুল দেখিছোঁ মই বোধহয়। যিয়েই নহওঁক ঠাইখন ঠিকেই লাগিছে।
এইবাৰ মই অলপ সন্তুষ্ট হ'লো। কিন্তু মই ইয়াত কি কৰিছোঁ? আৰু সি...সিয়েই বা ইয়াত কিয়? কেনেকৈ?
পলম নকৰি সুধিয়েই পেলালোঁ,
"তই ইয়াত কেনেকৈ অমৰ? আৰু মোৰ লগত কথা পাতি আছ যে? তই তো...মই জনাত..."
"কি জান তই?" অমৰৰ শ্লেষপূৰ্ণ প্ৰশ্ন।
"তই ড্ৰাইভ কৰি শ্বিলং গৈছিলি সেইদিনা। ছিট বেল্ট নাছিল বোলে তোৰ। পুলিচে কৈছিল পিছত আমাক। গাড়ীখনে বোলে বটগছ ডালত খুন্দা মাৰি দিয়াত তই উফৰি পৰিছিলি। থিতাতে মৃত্যু হৈছিল তোৰ অমৰ।"
"উম। ঠিকেই কৈছ। স্পট ডেড।"
"মই নিজেই হস্পিতালত দেখিছিলোঁ, তোক... মানে...তোৰ... মানে..."
বডী শব্দটো উচ্চাৰণ কৰিব নোৱাৰিলোঁ মই। অমৰ মোৰ বন্ধু...আছিল। বডী নহয়।
"ডেডবডী দৌষ্ট। মই ডেডবডী হৈ গৈছিলো।" অমৰে অট্টহাস্য কৰি উঠিছিল।

অদ্ভুত মানুহ ই। নিজৰ মৃত্যুত ইমান হাঁহিব পাৰে নে কোনোবাই? তাৰ চোন অকণো দুখ নাই, শোক নাই। অথচ তাক দেখি আমি সকলো ভাগি পৰিছিলোঁ। মোৰ অন্তৰ ফাটি গৈছিল। একমাত্ৰ প্ৰিয়বন্ধু সি মোৰ। অকলশৰীয়া কৰি গুচি গৈছিল।
কিমান দিন আগৰ কথা! কিমান যুগ? উসঃ।

কিন্তু.... মই ইয়াত কি কৰি আছো? কেনেবাকৈ সি মোক ইয়ালৈ লৈ অনা নাই তো? মোক ভূতে ধৰিলে নেকি? ঘৰৰ মানুহে বুজা নাই নে মই যে ঘৰত নাই? বিচাৰ খোচাৰ কৰিছে নিশ্চয়।
মোৰ মনত অসংখ্য প্ৰশ্নই কিলবিল কৰি উঠিল। মূৰটো চেপি ধৰিলো।
"মই ইয়াত কিয় অমৰ? তই মোক ইয়ালৈ কিয় আনিলি?" ভাগৰে জুৰুলা কৰিছিল মোক।
"মই অনা নাই সীমান্ত। তই নিজেই আহিছ।" একেই নিৰুদ্বেগ কণ্ঠৰে অমৰে মোৰ প্ৰশ্নৰ উত্তৰ দিলে।
"কিন্তু কিয়? কেনেকৈ?"

এইবাৰ অমৰে দুখ মনে কৈ উঠিল,
"সেইদিনা গাড়ীখনত ছিট বেল্ট তোৰো নাছিল বন্ধু।"

(সমাপ্ত)


✍ © ৰূপালীম মহন্ত
১৮.০৫.২০২১

নিষিদ্ধ অভিলাষ



নিষিদ্ধ অভিলাষ

(কথাগল্প)


: উলিওৱা উলিওৱা, জলদি, মই আৰু ৰ'ব নোৱাৰিছোঁ।

: ৰ'বা হে, ইমান অধৈৰ্য্য কিয় হৈছা?

: অধৰ্য্য নহ'মনে? ইমান দিনৰ মূৰত এই সোণালী সুযোগ। আজি নেৰিছোঁ। আজি হেঁপাহ পুৰাম।

: বয়স বাঢ়িছে মানে তোমাৰ দেখোন খক বাঢ়িছে হে!

: খক নহয় অ, এইটো চুইট ডিজায়াৰ। হ'ব, লেটছ ষ্টাৰ্ট, তুমি কথা বেছি কোৱা, কাম কম।

: ধেই ৰ'বা ইহঁত ভালকৈ শোৱক।

: শুলে শুলে, তুমি চিন্তা নকৰিবা। বিন্দাচ থাকা।

: নাই নহ'ব, গভীৰ টোপনি আহক দেই। আগৰ বাৰ মনত নাই? মাজতে সাৰ পাই উৎপাত লগাইছিল যে?

: আৰে সেইবাৰ তুমি মুখেৰে বহুত বেছি শব্দ কৰিছিলা, সেইকাৰণে হে সাৰ পাই গ'ল। এইবাৰ মনে মনে থাকিলেই হ'ল। বা কীটচেনলৈ ব'লা।

: ধেই, কীটচেনটো গোটেই অপেন। ইটো বেডৰুমলৈ যাওঁ ব'লা।

: ঠিক আছে।

: খিলি ডাল ভালকৈ লগাবা, উঠি আহি দেখিলে সৰ্বনাশ হ'ব। সিহঁতে আমাক আৰু বিশ্বাস কৰিব নোৱাৰিব।

: বৰ ভয় দেই তোমাৰ। মতা মানুহটো হৈ ইমান সংকোচ। একো নহয়।

: তুমি যে মাকজনী হৈ অকণো সংকোচ নাই, সেইটোহে আচৰিত।

: কি আচৰিত? মাক হ'লো বুলি নিজৰ ইচ্ছা, নিজৰ ভাল লগা বাদ দিম নেকি?

: সেইবুলি, তুমি যে ইহঁত শোৱালৈ খাপ পিটি আছা, এনেকৈ লুকাই লুকাই মজা ল'বলৈ! কিছু দেই তুমি।

: ল'ম তো। ইহঁত হোৱাৰে পৰা ভালকৈ এদিনো পৰা নাই, নিজৰ মনৰ মতন...

: বুজিছোঁ, বুজিছোঁ...

: বহুত হ'ল ত্যাগ, এতিয়া উলিওৱা, ষ্টাৰ্ট কৰোঁ। মোক দোষ দি থাকিব নালাগে।

: ক'ত নো দোষ দিছোঁ। তুমি ভাল পাবা বুলিয়েই দোকানত বিচাৰি বিচাৰি আনিছোঁ, এয়া পেশ্যন ফ্ৰুট ফ্লেভাৰৰ বিশেষ আইচক্ৰীম। আজি হেঁপাহ পলুৱাই খোৱা। মাকজনী হৈয়ো।

: খামতো। দিনটো ৰৈ আছিলোঁ। তুমি খালী শব্দ কৰি নাখাবা।

: নাখাও। প্ৰমিজ।

✍ © ৰূপালীম (বেংগালুৰু)
০৮.০৫.২০২১


প্ৰাপ্তি অপ্ৰাপ্তি

(এমুঠি অনুগল্প)

গৰল

চিগাৰেটটো জ্বলাই ধোঁৱাৰ কুণ্ডলীৰ সৈতে জীৱনৰ বিষাদবোৰ, যোৱানিশাৰ আঘাটবোৰ তাই বতাহত এৰি দিয়ে।

সহকৰ্মী বান্ধৱীয়ে সকিয়ায়, "এৰি দে, বিষাক্ত।"

"এৰা, এৰিম", তাই ভাবে। চিগাৰেটটোতকৈ তাইৰ শিৰৰ সেন্দূৰখিনি বৰ্তমান অধিক বিষাক্ত হৈ উঠিছে।




ভুৱা


"আজি অমিতাভৰ বিয়া।"
মোৰ কলেজৰ সহপাঠী জাহ্নৱীয়ে সুদূৰ আমেৰিকাত থকা অমিতাভৰ জীৱনসংগীৰ সৈতে ফটোখন ৱাতচ্‌এপ কৰি পঠিয়াই দিছিল।

মই থৰ লাগি দুয়োকে চাই ৰ'লো। অমিতাভ সুখী।

চকুহাল সেমেকি উঠিল।

পাঁচটা বছৰ আগতে মনত অলপ সাহস বান্ধিব পৰা হ'লে মোৰ প্ৰেম অমিতাভ আজিও মোৰ কাষতেই থাকিল হয়। সমাজক সন্তুষ্ট কৰিবলৈ অনা মোৰ অসুখী সংসাৰৰ অসুখী পত্নী পাৰমিতা নহয়।




চিহ্ন

পাঁচ বছৰৰ পিছত প্ৰাক্তন প্ৰেমিকাক অকস্মাত দেখা পাই সি সুধি পেলালে "মোৰ কথা মনত নপৰে?"

হঠাৎ এৰা এৰি হৈছিল সিহঁতৰ।

"নপৰে। সম্বন্ধ চিঙাৰ পৰাই তোমাৰ সকলো স্মৃতি মই মোহাৰি পেলাইছোঁ।"

প্রাক্তনৰ অভিমান ভৰা উত্তৰে তাক টলাব নোৱাৰিলে। তাৰ দহা চকুহাল তিৰবিৰাই উঠিল।

ঠিক তাইৰ হাত ধৰি থকা পাঁচ বছৰীয়া ল'ৰাটোৰ দহা চকুযুৰিৰ দৰেই।

✍ © ৰূপালীম

Monday, 10 May 2021

দুমুখীয়া মানুহবোৰ

(এমুঠি অনুগল্প)

ব্ৰেণ্ডেড

থলুৱা বস্তু ক্ৰয় কৰি, লোকেলক প্ৰাধান্য দি আৰু বিদেশী বস্তুক পাৰ্যমানে বৰ্জন কৰি নিজ ঠাইৰ ইকনমি আৰু কালচাৰ মজবুত কৰিব লাগে বুলি মেলে-মিতিঙে ভাষণ দি ফুৰে শ্ৰীযুত সুশীল বৰদলৈয়ে। এইবাৰ ল'ৰা-ছোৱালী আৰু শ্রীমতীৰ আব্দাৰত তেখেতে দুটা কুকুৰ পোৱালি পুহিবলৈ আনিলে। নাম ৰাখিলে লাইকা আৰু ট্রেচি। এটা তেজাল জাৰ্মান শেফাৰ্ড আৰু আনটো মৰমলগা পমেৰিয়ান। সংগ দোষত পৰি নষ্ট হ'ব বুলি লগুৱা হৰিনক ক'লে,
"ইহঁত দুটাক ৰাস্তাৰ সেই ভতুৱাবোৰৰ পৰা দূৰত ৰাখিবি। ইহঁত দামী ফৰেইন ব্ৰীড।"

২১.০৫.২০২০



ৰেট ৰেচ

"চৰকাৰী স্কুলত পঢ়িলে জীৱনৰ দৌৰত পিছ পৰি থাকিব।"
"প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত আনৰ মোকাবিলা কৰিব নোৱাৰিব।"
"স্মাৰ্ট নহ'ব।"
"শিক্ষক-শিক্ষয়িত্ৰীৰ যথেষ্ট মনোযোগ নাপাব।"

... ইত্যাদি এশ এবুৰি কাৰণ দেখুৱাই বৰুৱা দম্পত্তিয়ে নিজৰ পুত্ৰদ্বয়ক নামি-দামী ব্যক্তিগত খণ্ডৰ স্কুলত ভৰ্তি কৰোৱালে। সময়ত পঢ়ি-লিখি ডাঙৰ হৈ কেৰিয়াৰ নিৰ্মাণৰ ক্ষণ আহিলত বৰুৱাই চাফ-চাফ ঘোষণা কৰিলে,
"চাকৰি কিন্তু চৰকাৰীহে বিচাৰিবি। চৰকাৰী চাকৰিত নিৰাপত্তা, পইচা আৰু সা-সুবিধা চব আছে। লগতে চৰকাৰী চাকৰি কৰা ল'ৰাৰ বিয়াৰ বজাৰত চাহিদাও বেছি।"

২১.০৫.২০২০



মেট্ৰিমনি

নাৰী সুৰক্ষা, নাৰী সমতা, সম অধিকাৰ, নাৰীবাদ ইত্যাদিৰ যুঁজৰ সক্ৰিয় যুঁজাৰু মিছেছ বৰঠাকুৰে নিজৰ সমাজ সেৱিকা দলৰে সহকৰ্মী মিছেছ দুৱৰাক ক'লে,
"আমাৰ বাবালৈ ভাল ছোৱালী এজনী চাবচোন। পঢ়া-শুনা থকা আধুনিকা ছোৱালী কিন্তু, নহ'লে বাবাই একদম পছন্দ নকৰিব। কেৰিয়াৰ তেৰিয়াৰৰ লগতে ঘৰ ধৰিব পৰা হ'ব লাগিব, মানে অল ৰাউণ্ডাৰ। মৌষ্ট ইম্পৰটেণ্টলি বগী-চগী, স্লিম ফিগাৰৰ ছোৱালী হে চাব দেই। আচলতে কি জানে...মানে আমাৰ বাবা নিজে অলপ বেছি শকত আৰু ক'লাতো, সেয়েহে সি কৈছে কলী-মলী ধেপেছি টাইপ ছোৱালী তাক নালাগে। আৰু হয়ো দিয়কচোন, বোৱাৰীজনী ধুনীয়া হ'লে ভৱিষ্যতে বংশৰ বীজটো গঢ়িত হ'ব। নহয় জানো?"

২১.০৫.২০২০


✍ © ৰূপালীম (বেংগালুৰু)



সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...