Tuesday, 22 September 2020

অবাঞ্ছিত



অবাঞ্ছিত

(চুটি গল্প)

"সাগৰিকা...আস....সাগৰিকা। কি মায়াসনা...তোমাৰ এই নাম!"

সাগৰিকা মোৰ প্ৰেয়সী। আজি চাৰিবছৰে চলিছে আমাৰ এই পবিত্ৰ প্ৰেম। ঠিক প্ৰেম বুলিলে ভুল হ'ব। সঁচা কথা ক'বলৈ গ'লে তাইক মই একপক্ষীয় ভাবেই ভাল পাই আহিছোঁ ইমানদিনে। কলেজত প্ৰথম দৰ্শনতে সাগৰিকাৰ প্ৰেমত পৰিছিলোঁ মই। পিছলৈ আমাৰ বন্ধুত্ব হৈছিল।

এম.এ পাছ কৰি মই কলেজৰ পৰা ওলালোঁ। তাই গ্ৰেজুৱেশ্যন কৰি স্কুল এখনত সোমাল। এই চাৰি বছৰে বহুতবাৰ... পাকে-প্ৰকাৰে...পোন-পটিয়াকৈ... আওপকীয়াকৈ... মই তাইক বুজাই দিছোঁ যে তাই মোৰ হৃদয়ৰ একমাত্ৰ ৰাণী।


সাগৰিকাই হা না একো নকয়। ছোৱালী মানুহ। পটককৈ সঁহাৰি দিবলৈ লাজ...সংশয়.. নহ'ব জানো? আৰু তাইৰ সেই লাজ, সংশয়বোৰতো মোৰ প্ৰেম ভাবটো দুগুণে বাঢ়ি উঠে।

এদিন, অকলশৰীয়া...দুৰ্বল মুহূৰ্তত...কৈ উঠিছিলোঁ,
"ভাল পাওঁ তোমাক সাগৰিকা।"

দূৰ দিগন্তত চকু ৰাখি সাগৰিকাই কৈছিল,
"মোৰো ভাল লাগে তোমাক স্বপ্নাভ। কিন্ত প্ৰেম কৰিবলৈ ভয়, কিজানি দুখ পাওঁ। সহ্য নহ'ব মোৰ। এনেকৈয়ে ভাল লাগে চোন।"

লাগে। বন্ধুতকৈ বেছি আৰু প্ৰেমৰ ছীল মোহৰতকৈ কম এই সম্পৰ্কটো মোৰো বৰ ভাল লাগে। সাগৰিকাৰ আঙুলিৰ আগ এটাও স্পৰ্শ নকৰাকৈয়ো তাইক ভাল পাই মই তৃপ্ত হওঁ। পবিত্ৰ প্ৰেম আমাৰ।

উজ্জ্বল... দহা চকুৰ...সোণবৰণীয়া সাগৰিকাৰ হাঁহিলে গালত টোল পৰে। আৰু সেই টোল দুটাত মোৰ হৃদয়খন গলি মম হৈ যায়। তাইৰ দহা চকুহালে মোক দিনে ৰাতিয়ে আমনি কৰে।


সাগৰিকাই মোক বহুত সময় দিয়ে...মোৰ যথেষ্ট গুৰুত্ব আছে তাইৰ জীৱনত। মোৰ খোৱা-বোৱা... স্বাস্থ্যৰ তদাৰকী কৰে তাই। দাঁতত ভাত এটা লাগিলেও মোক কৈ হে শান্তি পায়। ওৰে ৰাতি মোৰ সৈতে কথা পাতিয়ো তাইৰ হেঁপাহ নপলাই। ৰাতিপুৱা অভিযোগ কৰে, কথা পাতি হেনো ফোনৰ বেলেন্স খতম। মই হাঁহি থওঁ। তাইক ময়েই ফোন কৰোঁ, তাই কথা পাতিব মন গ'লে মোক মিছ কল দি কাটিহে দিয়ে । কামলৈ যাওঁতে তাইৰ নম্বৰটোত ৰিচার্জ ভৰাই দিওঁ। তাই মেছেজ কৰে,
"মু..ৱাহ।"

কৰবালৈ যাবলৈ হ'লেও তাই মোকেই মাতে,
"স্বপ্নাভ...আহা না শ্বপিং যাম, বাইকত লৈ যাবা।"

মই যাওঁ। মোৰ টিকলিজনীয়ে বিভিন্ন ড্ৰেচ ট্ৰাই কৰি থকা সময়খিনি মই তাইৰ হেণ্ডবেগটো ধৰি থাকোঁ। চেলছ গাৰ্ল কেইজনীয়ে কয়,
"স্যাৰ ইয়ৰ গাৰ্লফ্রেণ্ড ইজ ভেৰী প্ৰীতি।"

মই লাজ লাজকৈ হাঁহো।
গাৰ্ল ফ্রেণ্ড নহয়...প্ৰেয়সী তাই মোৰ। জন্ম জন্মান্তৰৰ।

পেমেণ্ট কৰোতে তাইৰ অলপ পইচা কম পৰে। মই টিউশ্যন কৰি...পাৰ্ট টাইম কোচিং কৰি...টুক-টাককৈ গোটোৱা পইচা কেইটা আগবঢ়াই দিওঁ। তাই লওঁ নলওঁ কৈ লৈ কয়,
"ঘূৰাই দিম হা অহা মাহত।"

"অহা মাহত" আকৌ তাইৰ নতুন কিবা এটা চখ ওলায়। মই আপত্তি নকৰোঁ।

তাইৰ স্কুল কৰি আহি পিজ্জা খাবলৈ মন যায়। মই অৰ্ডাৰ দি দিও। তাই থকা ৱৰ্কিং-ৱমেন হোষ্টেলখনত ডেলিভাৰী দি যোৱা পিজ্জাটো খাই খাই তাই মোক মেছেজ কৰে,
"ইউ আৰ ডা বেষ্ট।" তাৰ পাছত দুটা চুমাৰ ইমজি।

মোৰ পিজ্জা নোখোৱাকৈয়ে পেট ভৰি যায়।


এয়াইতো প্ৰেম। ইয়াতকৈ বেলেগ প্ৰেম কৰিবলৈ মোৰ বাসনা নাই। ইয়াতকৈ বেলেগ "আই লাভ ইউ" বোলা প্ৰেমৰ আকাংক্ষা মোৰ নাই।

এই যে... তাই অলৈ তলৈ যাবলৈ মোক লগ ধৰে... সেয়াইতো মোলৈ তাইৰ হেঁপাহ। তাই ঘৰলৈ যোৱা নাইট চুপাৰত তুলি দিবলৈয়ো মই যাওঁ। ঘূৰি অহাৰ দিনা ৰাতিপুৱাই পিক-আপ কৰিবলৈ তাই আব্দাৰ কৰে। ছয় বজাত আহিবলগীয়া নাইট চুপাৰখনলৈ মই ঠাণ্ডাত কঁপি-জপি পুৱা পাঁচ বজাৰ পৰা অপেক্ষা কৰোঁ। তাই মিচিকিয়া হাঁহি মাৰি নামিয়েই মোক কয়, "আই মিছড ইউ।"

এয়াই জানো তাইৰ মোৰ প্ৰতি মৰমসনা আব্দাৰ নহয়? ইয়াতকৈ বেলেগ প্ৰেমটোনো কি?

নাই...ইয়াতকৈ বেছি মোক একো নালাগে। তাইযে পাৰ্কত বহি কেতিয়াবা নিজৰ প্রব্লেমবোৰ কৈ কৈ মোৰ কান্ধত মূৰটো পেলাই দিয়ে...তাতেই মোৰ সুখ। মোৰ হাত ধৰি, চুমা খাই কৰা প্ৰেম মোক কেলৈ লাগিছে।


লগা বস্তু মোৰ আন বহুতো আছে।

পকা চাকৰি এটাৰ কাৰণে মই বহুত দিনৰে পৰা চেষ্টা কৰি আছো। তিনি চাৰিটা টিউশ্যন কৰি...পাৰ্ট টাইম চাকৰি কৰি মই প্ৰাণপনে চেষ্টা কৰিছোঁ নিজকে প্রতিষ্ঠিত কৰিবলৈ। মাহৰ শেষত পোৱা পইচা কেইটাৰে নিজৰে নাটে....গুৱাহাটী মহানগৰীত মেচৰ ভাড়া দি নিজেই খাই বৈ বাচি থাকিবলৈ।গাঁৱত পেটে ভাতে খাই থকা বৌটিহঁতলৈ বহু দিন ধৰি পইচা এটকাও পঠিয়াব পৰা নাই। ভাইটোৱে কয়,
"ককাইটি... আমালৈ চিন্তা নকৰিবি। আমি খেতি-খোলাৰ যোগাৰেৰে চলি যাম। তই খালী নিজৰ কামখিনিত মন দে।"

মিছা কথা। যিকণ মাটি পিতায়ে থৈ গ'ল, সেইকণত খেতি কৰি খোৱাৰ পইচা নুজুটে। বাৰিষাৰ বানে চলোৱা উপদ্ৰৱত তাতে বৌটিহঁত আৰু জুৰুলা হৈ পৰে। তথাপিও ভাইটোৱে মোক সকাহ দিবলৈ অহৰহ চেষ্টা কৰি যায়।

কিবা এটা কৰিব পাৰিলে বৌটিহঁতৰ সুখ হ'ব। সাগৰিকাকো চিৰ দিনলৈ নিজৰ কৰি ল'ব পাৰিম।মিঠা মুখীয়া এই ছটফটিয়া ছোৱালীজনীৰ জ্যোতিয়ে আমাৰ ঘৰখন উজ্বলাই তুলিব। বৌটিৰ বুকু জুৰাব।


সাগৰিকাই প্ৰাইভেট স্কুল এখনত চাকৰি কৰি যি কেইটা দৰমহা পাই, তাইৰ ফুকলিয়া মনৰ চখবোৰ পূৰ কৰোতেই শেষ হয়। দেউতাকেও কেতিয়াবা পইচা পঠিয়াইহে দিয়ে। ময়ো মৰমতে তাইক মাজে মাজে ইটো সিটো দি থাকোঁ। তাই লয়। গালত টোল পেলাই হাঁহি দিয়ে, তাতেই মোৰ বুকুখন ভৰি যায়। জেপ খালী থাকিলেও নিজকে ধনী ধনী লাগে।


কম্পিটিটিভ পৰীক্ষাবোৰৰ বাবে মই সাজু হওঁ। সাগৰিকাই ইয়াৰ মাজতে দেউতাকৰ অসুখ বুলি ঘৰলৈ যায়। মই অশ্রুসিক্ত নয়নেৰে তাইক বাছত তুলি দিওঁ।
"স্বপ্নাভ, সদায় ফোন কৰিবা কিন্তু। আৰু ৰিচার্জটো ভৰাই দিবা হা।"

তাইৰ বাছখন যোৱাৰ বহু দেৰি পিছলৈকে পুলটোত মই বহি থাকোঁ। বাইকখনত তেল ভৰাবলৈ পইচা নাই। থকা কেইটা তাইকেই দি পঠিয়ালোঁ। ৰাতি বিয়লি হস্কিলে-মস্কিলে লাগিব পাৰে।

মেচৰ বন্ধু ৰঞ্জনলৈ ফোন লগাওঁ। সি লৈ যায়হি মোক।


ইয়াৰ পিছত পূৰা এসপ্তাহ সাগৰিকাৰ মোৰ লগত কোনো যোগাযোগ নাথাকে। মোৰ ফোন, মেছেজৰ উত্তৰ নাহে। মোৰ ধৰফৰণি লাগে। বুকুখন পোৰে।

শেষত তাইৰ ফোন অহাৰ দিনা মোৰ কলিজাটো ওলাই আহিব খোজে। নিজকে চম্ভালো।

"ভালে আছা?" মই সোধো।

"উম।" তাই কয়।

"দেউতা?"

"দেইটি ঠিকেই আছে এতিয়া। গেষ্ট্ৰিক হৈছিল।"

মই সকাহ পাওঁ। হওক তেও। ভগৱানে কৰিলে অহা বছৰলৈ মানুহজনক মই লগ পাম। মোৰ হ'ব লগীয়া শহুৰ, সাগৰিকাৰ দেইটি।

"তোমাক খবৰ এটা দিওঁ।" সাগৰিকাই থেৰো-গেৰো কৰে।

"কি খবৰ?" মোৰ উৎকন্ঠা।

"মোৰ বিয়া!" সাগৰিকাই আন্ধাৰ আন্ধাৰ মাতেৰে মোক ফৰমান শুনায়।

"কি?" মই আৰ্তনাদ কৰি উঠোঁ।

"কেতিয়া? কাৰ লগত? কিয়?"

মোৰ প্ৰশ্নবোৰৰ উত্তৰ নিদিয়ে তাই। কেৱল কৈ যায়,
"দেইটিৰ বন্ধুৰ ল'ৰা। দিল্লীত ইঞ্জিনীয়াৰ। ঘপকৈ বিয়াখন ঠিক হ'ল। ল'ৰাজন আহিছিল ইয়ালৈ... মোক পছন্দ হোৱাত বিয়া ঠিক কৰি পেলালে।"

"ঠিক কৰি পেলালে মানে? তুমি আপত্তি নকৰিলা কিয় সাগৰিকা?"
মই অবাক হৈছিলো। নিয়ম মতে তাই আস্ফালন কৰিব লাগিছিল। "নহওঁ বিয়া" বুলিব লাগিছিল।

"কেনেকৈ আপত্তি কৰিম স্বপ্নাভ? দেউতাৰ গাটো ইমান ঠিক নহয়। তাতে প্ৰতীক... মানে ল'ৰাটোক না কৰিবলগীয়া একোৱেই খুঁত নাই। মই কেনেকৈ না কম কোৱা?"

"কিন্তু আমাৰ কি হ'ব? সাগৰিকা....তুমি মোৰ কথা এবাৰো নাভাবিলা?" মোৰ হুক-হুকাই কান্দিবলৈ মন গৈছিল।

"স্বপ্নাভ, কি কৈছা তুমি? তোমাক মই কেৱল বন্ধু বুলিহে ভাবো। কেতিয়াও তোমাক মই কোনো কথাতো দিয়া নাই, দিছোঁ জানো?"

নাই দিয়া। সঁচা কথা। সাগৰিকাইতো মোক কোনো কথা দিয়া নাছিল।

"কিন্ত আমি পাৰ কৰা সময়বোৰ...মুহূৰ্তবোৰ... এইবোৰৰ কি কোনো অৰ্থ নাই?"

"প্লিজ..দৌন্ত বি চৌ ইমশ্যনেল। কিবা মুহূৰ্ত থাকিলেও কি লাভ কোৱা? তোমাৰ না আছে কোনো ফেমিলি ব্ৰেক-গ্ৰাউণ্ড, না কোনো ভাল জব। মই কি ভিত্তিত তোমাৰ কথা ক'ম দেইটিক?"

"কিন্ত অলপ সময়তো খুজিব পাৰা দেউতাক। বেছি নহয় আৰু মাত্ৰ এবছৰ। প্লিজ সাগৰিকা...." মই কাবৌ কৰিছিলোঁ।

"কি কৰিবা এবছৰত তুমি স্বপ্নাভ? অলীক সপোন দেখি লাভ নাই। এবছৰত তুমি প্ৰতীকক চেৰ পেলাব পাৰিবা জানো?"

উসঃ, ইমান নিষ্ঠুৰ তাইৰ কথা কেইটা। বুকুত শেল হৈ বহি গৈছে।

"মই চিভিল চাৰ্ভিছ ট্ৰাই কৰিছোঁ সাগৰিকা। ট্ৰাষ্ট মী, আই ৱিল ডু চামথিং।"

"থৈ দিয়া স্বপ্নাভ। আজিকালি কোনো বেকিং নোহোৱাকৈ, কোনো ঘোচ নিদিয়াকৈ তুমি চিভিল চাৰ্ভিছ কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰিবা। মিছাতে কিয় সপোন দেখিছা?"

"কিন্তু মই..."

"বাদ দিয়া স্বপ্নাভ। তোমাক দুখ দিব নিবিচাৰোঁ। কিন্তু যিমান পাৰা সোনকালে মোক পাহৰিবলৈ চেষ্টা কৰিবা।" সাগৰিকাই কৈ গৈছিল।

"প্লিজ সাগৰিকা এনেকৈ নক'বা। এবাৰ লগ কৰা মোক। তুমি আহা ইয়ালৈ...চব ঠিক হ'ব।" মই ডেছপাৰেট হৈ পৰিছিলোঁ।

"না না... তুমি বুজা নাই। মই যাম নেক্সত ৱিক গুৱাহাটীলৈ। তিনিমাহমান পিছত চাকৰি ৰিজাইন দি তাৰ পৰা গুচি আহিম। ছমাহ পিছত প্ৰতীক... মানে মোৰ হ'বলগীয়া হাজবেণ্ড অসমলৈ আহিব। বিয়াখন তেতিয়াই হ'ব। চব ফিক্সদ। এতিয়া আৰু লাভ নাই।"


লাভ নাছিলোঁ সঁচা। সেই ফোন কলটোৰ পিছৰে পৰা নিৰ্মম ভাবে সাগৰিকাই মোক এভইড কৰিছিল। খুব নিষ্ঠুৰ লাগিছিল তাইৰ এই উদাসীনতা। মোৰ বুকু ফাটি গৈছিল। প্ৰথম চোৱাত তাই মোৰ ফোনবোৰ ৰিচিভ কৰা নাছিল। অগণন পঠিওৱা মেচেজবোৰৰ কেতিয়াবা এটা দুটা শব্দত উত্তৰ দিছিল। পিছলৈ মেছেজ চাবলৈয়ো বাদ দিছিল। সকলো বন্ধ।

হয়তো মোৰ নেৰা-নেপেৰা লানি নিছিঙা মেছেজবোৰত তাই বিৰক্ত হৈছিল। হোৱাৰে কথা। বিফল, মৰ্মাহত প্ৰেমিক মই। হাতৰ মুঠিৰ পৰা ওলাই যাবলৈ ধৰা প্ৰেমিকাক ধৰি ৰাখিবলৈ অক্ষম।

শেষলৈ তাই মোক ব্লক কৰি দিছিল। ফেচবুক... ৱাতসএপ...কল-লিষ্ট...সকলোতে মোৰ প্ৰশ্নবোৰ প্ৰশ্ন হৈয়েই উভতি আহিছিল।

মোৰ বুকুখন ভাঙি চুৰ-মাৰ হৈ গৈছিল। উসঃ কি যন্ত্ৰণা। মেচৰ বন্ধু ৰঞ্জন মোক চম্ভালিছিল। মদ খাই মাতাল হ'বলৈ ধৰা মোক ধমক একোটা দি জোৰকৈ পঢ়া টেবুলত বহুৱাইছিল।


কম্পিটিটিভ পৰীক্ষাবোৰ দি উঠি মই গাঁৱলৈ বাট বুলিছিলো। সাগৰিকা ইতিমধ্যে হেনো গুৱাহাটীলৈ ঘূৰি আহিছিল। এবাৰো দেখা নকৰিলে তাই মোক। চহৰখনে মোক অমুৱাইছিল। বৌটিৰ কোলালৈ মনত পৰিছিল।


ঘৰলৈ যোৱাৰ দুদিন পিছতে মোলৈ ৰঞ্জনৰ ফোন আহিছিল।
"তোৰ UPSCত পঞ্চাছ নম্বৰত ৰেংকিং আহিছে দোষ্ট। কি সাংঘাতিক ৰিজাল্ট। ফালি দিলি ভাই... তই IAS পালি।"

মই কান্দিব পৰা নাছিলোঁ। বুকুখন অদ্ভুতভাবে পাতল পাতল লাগিছিল। ভাইটিয়ে আহি মোক সাৱট মাৰি ধৰিছিল।

সাগৰিকাক কোৱাই নহ'ল...মই যে সৰ্বভাৰতীয় পৰ্য্যায়ত চিভিল চাৰ্ভিছ ট্ৰাই কৰিছিলোঁ। মেৰিটৰ বলত মই মোৰ যোগ্য স্থান পালোঁ।

এতিয়া... অলীক সপোন দেখা মোৰ সপোনবোৰ ফলিয়াব।

বৌটিৰ আকাংক্ষা পূৰণ হ'ব....
ভাইটোৰ কষ্ট সাৰ্থক হ'ব...
আৰু মোৰ অপূৰ্ণ আশাবোৰ... মনটো বিহ্বল হৈ উঠিল।


গুৱাহাটীলৈ ঘূৰি অহাৰ দুদিনমান পিছত হঠাৎ ফোনত মেছেজ এটা আহিল। আন-নৌন নাম্বাৰ।

ইতিমধ্যেই মই কাগজে-পত্ৰই বিখ্যাত হৈ উঠিছিলোঁ। ইণ্টাৰভিউ লোৱা সাংবাদিকৰ ভিৰ লাগিছিলহি মোৰ উৰুখা মেচটোৰ দুৱাৰদলিত। প্ৰিন্ট মিডিয়া, চচিয়েল মিডিয়াত মোৰ নাম জিলিকি উঠিছিল। স্বপ্নাভ বৰা, AIR 50। মই ফেমাছ হৈ পৰিছিলো।

চৌপাশে "দৰিদ্ৰ শিক্ষকৰ সাফল্যৰ আঁৰৰ কাহিনী" বুলি আকাৰ লোৱা খবৰ বিয়পিছিল...সেই খবৰৰ নায়ক আছিলোঁ মই।


তাৰ পাছত এই মেছেজ। নতুন নম্বৰ।

মেছেজটো খুলি চাই মই থৰ লাগিলোঁ। সাগৰিকা। এটা দিনো মোৰ লগত কথা নপতাকৈ থাকিব নোৱাৰা ছোৱালীজনীয়ে মোক আজি সম্পূৰ্ণ চাৰি মাহৰ মূৰত মেছেজ কৰিছে। মই কঁপিছিলো।

"এইটো মোৰ নম্বৰ স্বপ্নাভ। ভাল খবৰটো কাগজত পালোঁ। মোৰ বিশ্বাসেই হোৱা নাই জানা। বহুত সুখী মই আজি। কংগ্ৰেটছ তোমালৈ।"

মই ৰিপ্লাই কৰিলোঁ,
"ঠেংক ইউ।"

তাই এইবাৰ ফোন কৰিলে। মই ধৰাৰ লগে লগে তাই কৈ উঠিল,
"এই চাৰি মাহে বহুত ভুগিলোঁ মই। তোমাৰ অবিহনে এটা এটা ক্ষণ কেনেকৈ কটাইছোঁ মইহে জানো।
তোমাৰ খবৰটো পায়েই মই দেউতাক জনাইছোঁ। কৈছোঁ বিয়া হলে স্বপ্নাভৰ লগতেই হ'ম। আনৰ লগত অসম্ভৱ।"

"কি? আমাৰ বিয়া?" মই স্তব্ধ হ'লো।

আমাৰ বিয়া....মোৰ অপূৰ্ণ আশা...সাগৰিকা... টোল পৰা গাল...দহা চকুযুৰি...

"উম। সোনকালে ইয়ালৈ আহা। এতিয়া আৰু কোনো বাধা নাই। দেউতাক কৈ মোক নিজৰ কৰি লোৱা স্বপ্নাভ।" তাই উৎফুল্লিত কণ্ঠৰে কৈ গৈছিল।

মোৰ চিন্তা শক্তি লোপ পাইছিল। চকুৰ আগত কেৱল ভাহি উঠিছিল সাগৰিকাৰ টোল পৰা গাল দুখন...দহা চকুযুৰি...আৰু তাৰ পাছত...তাৰ পাছত... দেখিছিলোঁ বৌটিৰ সোঁতোৰা পৰা শুকান মুখখন.. ভাইটোৰ চকুত মোক দিব খোজা সকাহখিনি....ৰঞ্জনৰ মুখত মোক দিয়া মৰমৰ ধমকটো।

সাগৰিকাই পুনৰ কৈ উঠিল,
"কি হ'ল? আচৰিত হৈছা ন?"

নাই হোৱা আচৰিত। আচৰিতভাবে এইটোৱেই বিধিৰ বিধান। মনতে ভাবিলো।


কলটো ডিছকানেক্ট কৰি মই সাগৰিকাৰ নম্বৰটো ব্লক কৰি দিলোঁ। লগে লগে পুৰণিটোৰ পৰা তাই ফোন কৰিলে...সেইটোও ব্লক কৰিলোঁ। মেছেজ আহিব ধৰিছিল। তাইক ৱাতসএপ...ফেচবুক চবতে ব্লক কৰি পেলালো।

ঠিক নাইতো। ব্যস্ত মানুহ মই, মিছাই জোৰ জুলুম কৰি থাকিব। তাইৰ অযথা প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়যে এতিয়া মোৰ নাই।


ৰঞ্জনলৈ ফোন লগালো। টিভি ইণ্টাৰভিউ এটা আছে। ইস্ত্রি কৰিবলৈ দিয়া চাৰ্টটোৰ লগত তাৰ কোনডাল টাই পিন্ধিলে মোক শুৱাব সেইটো ভাবি মই বিব্ৰত হ'লো। সদ্যহতে সেইটো প্ৰশ্নৰ উত্তৰ লাগে মোক। প্ৰেমৰ নহয়।
(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২১.০৯.২০২০

xxxxxxxxxxxxxx


No comments:

Post a Comment

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...