(এক মিনিটৰ গল্প)
মাঘ বিহুৰ উৰুকাৰ দিনা ক্লাছ ফ্রেণ্ড মিহিৰৰ লগত নৈৰ পাৰত বহি খিলখিলাই হাঁহি থকা মাইনীক চোঁচোৰাই ঘৰলৈ লৈ আহিছিল ককায়েক তনুজে।
"নাইনত উঠিয়েই প্ৰেম কৰিবৰ হ'ল তোৰ, লাজ মান পুৰি খালি..." বুলি মাকে লগে লগে দুচৰ শোধাই দিছিল তাইৰ নিমজ গালত।
"চৌধুৰী বংশৰ সন্মান মাটিত মিলি গ'ল।"
"সৰু ছোৱালী তই, নিজৰ ভাল-বেয়া নুবুজিবি এতিয়াই..." বুলি দেউতাক আৰু আইতাকেও সমানে উজান দিওঁতে মাইনীয়ে হুকহুকাই কান্দি পেলাইছিল।
ককায়েকে দম্ভালি মাৰিছিল,
"মিহিৰক মাৰি পুতি পেলাম মই, চিনি পোৱা নাই সি কোনখন ঘৰৰ ছোৱালীক চকু দিছে।"
মাইনীয়ে ভয় খাইছিল যথেষ্ট।
তথাপিও সকলোৰে আদৰৰ নুমলীয়া তাইক পৰিয়ালৰ মানুহে ভালৰ বাবেই দুটা কথা শুনাইছে বুলি নিজকে বুজাইছিল। তাই সৰু, ঘৰৰ সন্মানৰ কথা তাই কিডাল বুজিব, ঘৰৰ মানুহে ঠিকেই কৈছে চাগৈ বুলি তাই চকুপানী মোহাৰি পেলাইছিল।
কিন্তু বেচেৰীৰ স্বপ্নভংগ হ'ল সেইদিনা, যিদিনা প্ৰতিপত্তিশীল সম্বন্ধীয় খুড়ায়েকে তাইক পৰিয়ালৰ অগোচৰে জোৰ জবৰদস্তি গবা মাৰি ধৰি চুমা খাবলৈ উদ্যত হৈ, তাইৰ কুমলীয়া শৰীৰটোক চেপি খুন্দি পেলালে।
খুড়ায়েকৰ কবলৰ পৰা আতুৰত ওলাই, উফৰি যোৱাদি গৈ মাইনী মাকৰ বুকুৰ মাজত সোমালগৈ। উচুপি উচুপি মাকক সকলো খুলি কওঁতে, মাকে একে আষাৰে "মনে মনে থাক, ইমানজনী হলি, এইবোৰ হৈয়েই থাকে, কৈ ফুৰিলে তোৰেই বদনাম হব..." বুলি তাইক চোন ধমকিয়ালেহে। আইতাকেও পিছফালৰ পৰা কথাবোৰ শুনি খুড়াকৰ পৰা সাৱধানে থাকি ভৱিষ্যতে নিজৰ লাজ মান বচাই চলিবলৈ সকীয়নী দিলে।
ঘৰখনৰ সন্মানৰ কথা আছে।
বহাগ বিহু বুলি অহা খুড়ায়েকৰ লগত পিছদিনা সগৌৰৱে জা-জলপান খাই মচগুল হৈ থকা ঘৰৰ মানুহখিনিক দেখি মাইনীৰ এইবাৰ কান্দোন ওলোৱা নাছিল। নিজৰ মানুহৰ আচল চেহেৰা দেখা পাই শোকে খুন্দা মাৰি ধৰিলেও, "নাকান্দো মই" বুলি তাইৰ ওঁঠেৰে তাচ্ছিল্যৰ হাঁহি এটাহে বিৰিঙি গ'ল।
ঘৰৰ সন্মানৰ তুলনাত তাইৰ সন্মান যে তুচ্ছ এই কথা তাই ভালকৈয়ে বুজি পালে।
ক্লাছ নাইনৰ মাইনী সঁচাই ডাঙৰ হৈ উঠিল।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
১৩.০৪.২০২০
xxxxxxxxxxxxxx

No comments:
Post a Comment