Rupalim's Kaleidoscope explores the nuances of mundane human life, the sparks and passion that builds the momentum of an urban society. Relating facets of human behavior, social systems and beliefs through the lenses of a myriad genres, it narrates contemporary tales, filled with joy and sorrow, hopes and desires.
Tuesday, 29 June 2021
আত্মজা
সেই ভালপোৱাবোৰ
(এমুুঠি অনুগল্প)
প্ৰেম
ঈৰ্ষাত মুখ ৰঙা পৰি যোৱা ল'ৰাটোৱে বাল্য বান্ধৱীক প্ৰশ্ন কৰিলে, "তাক বৰ ভাল পাৱ ন?"
"ধুই, নাপাওঁ", তাইৰ সৰল উত্তৰ, চকুত হাঁহি।
"তেন্তে ইমান হলি গলি কিহলৈ কৰ? তাৰ প্ৰতিটো কথাত খিলখিলাই হাঁহি উঠ, ইমান পাত্তা দিয়। তাৰ প্ৰতিক্ৰিয়া চাবলৈ?"
"নহয়, তোৰ প্ৰতিক্ৰিয়া চাবলৈ।"
বাল্য বান্ধৱীৰ চকুৰ হাঁহিটো এইবাৰ তাৰ নিজৰ মুখলৈ নিগৰি আহিল।
ৰং
"গোটেই পৃথিৱীক ৰং সানি ঘূৰি ফুৰিছ। সেইকেইজনীৰ লগত নাচিও আহিছ। এতিয়া মনত পৰিল হ'বলা আমালৈ?" অভিমানী তাই মুখ ফুলায়।
"বৰ ফুৰ্তি কৰিলোঁ অ। তই নাহিলি আৰু, ইমানকৈ লগ ল'লোঁ। এয়া চা, চব ৰং শেষ।" তাৰ উৎফুল্লিত কণ্ঠত তাই ব্যতিব্যস্ত হৈ পৰে।
"খেলি-ধূলি সকলো শেষেই যেতিয়া ইয়ালৈ কিয় আহিলি?" ৰঙা চকু দেখুৱাই তাইৰ প্ৰশ্ন।
"নোখোলাকৈ ৰখা ৰংটো তোক সানিবলৈ আকৌ।"
ৰঙা ফাকুগুৰিখিনি তাইৰ গালে-মুখে সানি সি তৃপ্তিৰে হাঁহে।
তাইৰ চকুৰ ৰঙাখিনি পলকতে ৰামধেনুৰ সাতোটা ৰঙৰ সমাহাৰ হৈ পৰে।
আপোন
ঘৰখনৰ একমাত্ৰ পুত্ৰসন্তান, তাইৰ মৰমৰ ভায়েকটো দুৰ্ঘটনাত গত হোৱাৰ পিছৰে পৰা আজলী মাকজনীৰ বেমাৰ নুগুচাই হ'ল। আমন জিমনকৈ থকা ছোৱালীজনীক প্ৰিয়ভাজনে ফোন কৰে, "মাৰ গাটো আজি কেনে?"
ওৰে ৰাতি কান্দি থকা চকুহাল জিলিকি উঠে। প্ৰিয়জনৰ প্ৰশ্নটোৰ আৰম্ভণিতে নথকা "তোমাৰ" শব্দটোৱে তাইক মুহূৰ্ততে আপোন এজন দি যায়।
সোঁৱৰণ
জ্ঞাতিভোজৰ দিনা মৃতকৰ পছন্দৰ খাদ্যসম্ভাৰ ৰন্ধা হৈছে। শোকে সন্তাপে জৰ্জৰিত মৃতকৰ পত্নী বিগত দিনকেইটাত প্ৰায় অনাহাৰে। আজি ভাতৰ থালত হাত দি পিছে মানুহজনী দৰক দিলে। কথাটো মন কৰি বৰবোৱাৰী দৌৰি আহিল, "মাই সৰু মাছ ভজা ভাল নাপায়। সেয়া দেউতাৰ হে প্রিয় আছিল।"
"অ তো, মা দেউতাৰ মাজত প্ৰতি দেওবাৰেতো এই কথাটো লৈয়েই চুপতি হৈছিল। কিয় মা, তুমি যে বকা, কিয় আনে এইবোৰ সদায় সদায়, জুপি-জুপি বাচিবলৈ মোৰ কি কষ্ট!" পৰিৱেশটো পাতলাবলৈকে বৰপুত্ৰই ৰগৰ কৰিলে।
মাকৰ মুখত এইবাৰ বিৰিঙি উঠিল ঈষৎ হাঁহি।
শাহুৱেকৰ থালৰ পৰা সৰু মাছৰ বাটিটো উঠাই নিবলৈ অহা বৰবোৱাৰীৰ হাতখন হঠাৎ থাপ মাৰি সদ্য স্বামীহাৰা মানুহজনীয়ে কৈ উঠিল,
"থাকক দে। মই খাম।"
✍ © ৰূপালীম (বেংগালুৰু)
Thursday, 3 June 2021
প্ৰিয়বন্ধু
প্ৰিয়বন্ধু
(চুটিগল্প)
"কি বে দৌষ্ট। তই ইয়াত? কেনেকৈ? তই ইয়ালৈ কেনেকৈ আহিলি?"
মোৰ উপর্যপূৰি প্ৰশ্নবাণত অকণো ব্যতিব্যস্ত নহৈ অমৰে গিলাছ এটা মোলৈ আগবঢ়াই দিলে।
"ল পেগটো মাৰি ল, ক'ম তোক সকলো।"
তাৰ নিৰুদ্বেগ কণ্ঠই মোক বিতত কৰিলে।
ডিঙিটো ইতিমধ্যে শুকাই কৰ্কৰীয়া মাৰিছিল। বহুদিন পিয়াহঁত থকা মানুহৰ দৰে মই গিলাছটো লৈ কোটকোটাই পেগটো গিলি পেলালোঁ।
"বটমছ আপ? সলনি নহলি ন তই সীমান্ত!" ঈষৎ হাঁহিৰে অমৰে কৈ উঠিল।
গ্লেনফিদিচ্ছ চিংগল মল্ট। অমৰে পছন্দ জানে মোৰ।
অমৰ। মোৰ অভিন্ন হৃদয়ৰ বন্ধু....আছিল এসময়ত। আমাৰ বন্ধুত্বৰ অৱসান ঘটিছে।
"ফিলিং বেটাৰ?" অমৰে মোক প্ৰশ্ন কৰিলে।
কিহৰ বেটাৰ! মূৰটো আচন্দ্ৰই কৰিছে। মই ইয়াত কি কৰিছোঁ? অমৰক শেষবাৰলৈ দেখা পাইছিলোঁ হস্পিতালৰ চৌহদত। সি নীৰৱে শুই আছিল। সেয়াই অন্তিম দেখা আছিল আমাৰ। বন্ধুত্বৰ শেষ।
"তই ইয়াত কেনেকৈ অমৰ? তই তো....!
আৰু এইখন কি ঠাই? ইমান আন্ধাৰ।" মোক উত্তৰ লাগে। মই প্ৰশ্ন কৰিলোঁ অমৰক।
"এইকণ ঠাইক বি.আৰ.পাছ বুলি কয়। আমি ৰৈ আছোঁ। ট্ৰেন্সপোৰ্ট অহালৈ। ইয়াৰ পৰা গন্তব্য স্থল।"
চেগা চেৰেকাকৈ দেখা পালোঁ চাইন বর্ডখন। বৈ...সেইটো ত নে হ? নিচা লাগিছে মোৰ। বৈ...ৰণী পাছ। ভুল দেখিছোঁ মই বোধহয়। যিয়েই নহওঁক ঠাইখন ঠিকেই লাগিছে।
এইবাৰ মই অলপ সন্তুষ্ট হ'লো। কিন্তু মই ইয়াত কি কৰিছোঁ? আৰু সি...সিয়েই বা ইয়াত কিয়? কেনেকৈ?
পলম নকৰি সুধিয়েই পেলালোঁ,
"তই ইয়াত কেনেকৈ অমৰ? আৰু মোৰ লগত কথা পাতি আছ যে? তই তো...মই জনাত..."
"কি জান তই?" অমৰৰ শ্লেষপূৰ্ণ প্ৰশ্ন।
"তই ড্ৰাইভ কৰি শ্বিলং গৈছিলি সেইদিনা। ছিট বেল্ট নাছিল বোলে তোৰ। পুলিচে কৈছিল পিছত আমাক। গাড়ীখনে বোলে বটগছ ডালত খুন্দা মাৰি দিয়াত তই উফৰি পৰিছিলি। থিতাতে মৃত্যু হৈছিল তোৰ অমৰ।"
"উম। ঠিকেই কৈছ। স্পট ডেড।"
"মই নিজেই হস্পিতালত দেখিছিলোঁ, তোক... মানে...তোৰ... মানে..."
বডী শব্দটো উচ্চাৰণ কৰিব নোৱাৰিলোঁ মই। অমৰ মোৰ বন্ধু...আছিল। বডী নহয়।
"ডেডবডী দৌষ্ট। মই ডেডবডী হৈ গৈছিলো।" অমৰে অট্টহাস্য কৰি উঠিছিল।
অদ্ভুত মানুহ ই। নিজৰ মৃত্যুত ইমান হাঁহিব পাৰে নে কোনোবাই? তাৰ চোন অকণো দুখ নাই, শোক নাই। অথচ তাক দেখি আমি সকলো ভাগি পৰিছিলোঁ। মোৰ অন্তৰ ফাটি গৈছিল। একমাত্ৰ প্ৰিয়বন্ধু সি মোৰ। অকলশৰীয়া কৰি গুচি গৈছিল।
কিমান দিন আগৰ কথা! কিমান যুগ? উসঃ।
কিন্তু.... মই ইয়াত কি কৰি আছো? কেনেবাকৈ সি মোক ইয়ালৈ লৈ অনা নাই তো? মোক ভূতে ধৰিলে নেকি? ঘৰৰ মানুহে বুজা নাই নে মই যে ঘৰত নাই? বিচাৰ খোচাৰ কৰিছে নিশ্চয়।
মোৰ মনত অসংখ্য প্ৰশ্নই কিলবিল কৰি উঠিল। মূৰটো চেপি ধৰিলো।
"মই ইয়াত কিয় অমৰ? তই মোক ইয়ালৈ কিয় আনিলি?" ভাগৰে জুৰুলা কৰিছিল মোক।
"মই অনা নাই সীমান্ত। তই নিজেই আহিছ।" একেই নিৰুদ্বেগ কণ্ঠৰে অমৰে মোৰ প্ৰশ্নৰ উত্তৰ দিলে।
"কিন্তু কিয়? কেনেকৈ?"
এইবাৰ অমৰে দুখ মনে কৈ উঠিল,
"সেইদিনা গাড়ীখনত ছিট বেল্ট তোৰো নাছিল বন্ধু।"
(সমাপ্ত)
✍ © ৰূপালীম মহন্ত
১৮.০৫.২০২১
নিষিদ্ধ অভিলাষ
নিষিদ্ধ অভিলাষ
(কথাগল্প)
: উলিওৱা উলিওৱা, জলদি, মই আৰু ৰ'ব নোৱাৰিছোঁ।
: ৰ'বা হে, ইমান অধৈৰ্য্য কিয় হৈছা?
: অধৰ্য্য নহ'মনে? ইমান দিনৰ মূৰত এই সোণালী সুযোগ। আজি নেৰিছোঁ। আজি হেঁপাহ পুৰাম।
: বয়স বাঢ়িছে মানে তোমাৰ দেখোন খক বাঢ়িছে হে!
: খক নহয় অ, এইটো চুইট ডিজায়াৰ। হ'ব, লেটছ ষ্টাৰ্ট, তুমি কথা বেছি কোৱা, কাম কম।
: ধেই ৰ'বা ইহঁত ভালকৈ শোৱক।
: শুলে শুলে, তুমি চিন্তা নকৰিবা। বিন্দাচ থাকা।
: নাই নহ'ব, গভীৰ টোপনি আহক দেই। আগৰ বাৰ মনত নাই? মাজতে সাৰ পাই উৎপাত লগাইছিল যে?
: আৰে সেইবাৰ তুমি মুখেৰে বহুত বেছি শব্দ কৰিছিলা, সেইকাৰণে হে সাৰ পাই গ'ল। এইবাৰ মনে মনে থাকিলেই হ'ল। বা কীটচেনলৈ ব'লা।
: ধেই, কীটচেনটো গোটেই অপেন। ইটো বেডৰুমলৈ যাওঁ ব'লা।
: ঠিক আছে।
: খিলি ডাল ভালকৈ লগাবা, উঠি আহি দেখিলে সৰ্বনাশ হ'ব। সিহঁতে আমাক আৰু বিশ্বাস কৰিব নোৱাৰিব।
: বৰ ভয় দেই তোমাৰ। মতা মানুহটো হৈ ইমান সংকোচ। একো নহয়।
: তুমি যে মাকজনী হৈ অকণো সংকোচ নাই, সেইটোহে আচৰিত।
: কি আচৰিত? মাক হ'লো বুলি নিজৰ ইচ্ছা, নিজৰ ভাল লগা বাদ দিম নেকি?
: সেইবুলি, তুমি যে ইহঁত শোৱালৈ খাপ পিটি আছা, এনেকৈ লুকাই লুকাই মজা ল'বলৈ! কিছু দেই তুমি।
: ল'ম তো। ইহঁত হোৱাৰে পৰা ভালকৈ এদিনো পৰা নাই, নিজৰ মনৰ মতন...
: বুজিছোঁ, বুজিছোঁ...
: বহুত হ'ল ত্যাগ, এতিয়া উলিওৱা, ষ্টাৰ্ট কৰোঁ। মোক দোষ দি থাকিব নালাগে।
: ক'ত নো দোষ দিছোঁ। তুমি ভাল পাবা বুলিয়েই দোকানত বিচাৰি বিচাৰি আনিছোঁ, এয়া পেশ্যন ফ্ৰুট ফ্লেভাৰৰ বিশেষ আইচক্ৰীম। আজি হেঁপাহ পলুৱাই খোৱা। মাকজনী হৈয়ো।
: খামতো। দিনটো ৰৈ আছিলোঁ। তুমি খালী শব্দ কৰি নাখাবা।
: নাখাও। প্ৰমিজ।
✍ © ৰূপালীম (বেংগালুৰু)
০৮.০৫.২০২১
প্ৰাপ্তি অপ্ৰাপ্তি
সহজাত
সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...
-
অধিকাৰ (এক মিনিটৰ গল্প) "ইমান ভাল ল'ৰাটো কিয় ৰিজেক্ট কৰিলি নমি, আমি হ'লে থপিয়াই লোৱাদি ললোঁ হয় পাই।" আধ্যৱন্ত পৰিয়ালৰ সুন্...
-
(এমুঠি অনুগল্প) ব্ৰেণ্ডেড থলুৱা বস্তু ক্ৰয় কৰি, লোকেলক প্ৰাধান্য দি আৰু বিদেশী বস্তুক পাৰ্যমানে বৰ্জন কৰি নিজ ঠাইৰ ইকনমি আৰু কালচাৰ মজবুত ক...
-
(এমুঠি অনুগল্প) গৰল চিগাৰেটটো জ্বলাই ধোঁৱাৰ কুণ্ডলীৰ সৈতে জীৱনৰ বিষাদবোৰ, যোৱানিশাৰ আঘাটবোৰ তাই বতাহত এৰি দিয়ে। সহকৰ্মী বান্ধৱীয়ে সকিয়ায়, ...



