Tuesday, 22 September 2020

অনুৰাগ জীৱনৰ



অনুৰাগ জীৱনৰ

(গল্প)

"মোলৈ নৰ'বা জান, মোৰ আজি দেৰি হ'ব। প্ৰজেক্টৰ কিবা কিবি ইশ্বু ওলাইছে, ৰিজল্ভ কৰিব লাগিব।"
দেৱজিতৰ মেছেজটো দেখি বিস্মিতা খঙত অগ্নিশর্মা হৈ উঠিল। মোবাইলটো বিছনাৰ চুকলৈ দলিয়াই দি তাই পাতল ভাটৌ বৰণীয়া শাৰীখন আজুৰি খুলি পেলালে।

"নৰ'বা মানে। মই কি অকলে অকলে যাম নেকি!" অলফুলকৈ কৰা মুখৰ পাতলীয়া প্ৰসাধনখিনি টিশ্বু পেপাৰৰে মচি মচি তাই ভোৰভোৰালে।


জিতৰ ভুল নাই। তাৰ অফিচত বহুত ব্যস্ততা চলিছে। তাৰেই প্ৰকোপত সিহঁত দুয়োটা ক'লৈকো ওলাই যাব পৰা নাই। আজি বিস্মিতাই কুটুৰি কুটুৰি তাক কোনোমতে সৈমান কৰাইছিল,
"প্লিজ জিত, মই ভীষণ ব'ৰ হৈছোঁ। যোৱাএমাহে পূৰা ঘৰত সোমাই আছোঁ। আজি ওলাই নগ'লে পগলা হ'ম।"

"মই চেষ্টা কৰিম জান, কিন্তু কথা দিব নোৱাৰো।" তাইৰ কপালত চুমা এটা আঁকি জিত ওলাই গৈছিল।

বিস্মিতাই আবেলিতে তাক মেছেজ এটা দিছিল "হ'বগৈ নে?"

"পাৰিম যেন লাগিছে।" জিতৰ উত্তৰ আহিছিল।

উলাহতে বিস্মিতাই সাজোন কাচোন কৰিছিল। জিতৰ লগত ফুৰিবলৈ গ'লে সচৰাচৰ তাই ৱেষ্টাৰ্ণ ড্ৰেচেই পিন্ধে। কেতিয়াবা চুৰিদাৰ, কুৰ্তী নিপিন্ধা নহয়। কিন্তু আজি ফুৰ্তিতে তাই জিতৰ প্রিয় ৰঙৰ শাৰী এখন উলিয়াই লৈছিল।


আৰু শেষত এয়া। শেষ মুহূৰ্তত হেনো তাৰ কাম ওলাল।

যোৱা দহ দিনত এইটো তৃতীয় বাৰ ঘটিছে, প্লেন বনাই কেঞ্চেল। শনি-দেওবাৰ কেইটাও তাৰ কামতেই গ'ল। আজিৰ সন্ধিয়াটোলৈ তাই বৰ আগ্ৰহেৰে বাট চাই আছিল। শ্বপিং প্লেন কৰিছিল, ভাবিছিল বাহিৰতে ৰাতিৰ সাঁজ খাই আহিব। কিন্তু জিত আৰু তাৰ ব্যস্ততাবোৰে তাইক প্ৰায়েই নিৰাশ কৰে।

ঘৰত পিন্ধা কাপোৰযোৰ গাত সুমুৱাই তাই ভাবি থাকিল,
"কামৰ বাহানা। আছে চাগৈ অফিচৰ পাখৰীকেইজনীৰ লগত ৰং-তামাছা কৰি। যত চব... এই কেৰিয়াৰিষ্ট ছোৱালীবোৰ। সিহঁতৰতো চব্বিশ ঘণ্টা অফিচত থাকিলেও একো নাই, লোকৰ সংসাৰৰ কথা বুজিবনে আৰু।" তাইৰ মূৰটো গৰম হৈ আহিল। জিতৰ কেৱল কাম আৰু অফিচ। ঘৰৰ মানুহজনীৰ প্ৰতি যেন তাৰ কোনো দায়িত্বই নাই।

অথচ তাই নিজে ৰাতিপুৱাৰে পৰা ৰাতিলৈকে কেৱল জিতৰ নাম লৈয়েই কটায়। তাইৰ পৃথিৱীখনত জিতৰ বাহিৰেচোন আৰু একোলৈয়েই ঠাই নাই।

ৰাতিলৈ খং জামৰি অহাত বিস্মিতাই নিজেই বুজিলে যে জিতৰ কলিগ কেইজনীৰ ওপৰত উঠা তাইৰ খংটো অৰ্থহীন। কিন্তু এইযে তাৰ লেথাৰি নিছিঙা ব্যস্ততা... তাই বিচৰা ধৰণে সময় দিব নোৱাৰা পৰিস্থিতি...এইবোৰে তাইক অশান্তি দিয়ে। অমূলক হ'লেও।


পিছৰ দিনবোৰত ঘৰুৱা কামবোৰ কৰি গ'ল যদিও, জিতক সময়মতে খোৱা-বোৱা যোগান দি গ'ল যদিও, তাৰ লগত মকামিলা কৰিবলৈ তাইৰ মন নগ'ল। আগে পিছে হোৱাৰ দৰে জিতে তাইৰ অভিমান ভাঙিবলৈ এইবাৰো চেষ্টা কৰিছিল। সময়ত ঠেহ ভাগিল যদিও, কিবা এটা খুদুৱনী বিস্মিতাৰ মনত ৰৈ গ'ল। জিতৰ ব্যস্ততা আৰু অমনোযোগিতাখিনিয়ে তাইৰ অহৈতুক খং এটা উঠাই থাকিল।

বিয়াৰ প্ৰথম বছৰ কিন্ত জিতে তাইক যথেষ্ট পাট্টা দিছিল। বিস্মিতাৰ বান্ধৱীৰ বিয়াত তাই দেৱজিত ফুকন, জিতক লগ পাইছিল। খুব কম সময়তে দুয়োৰে মাজত প্ৰেম হৈছিল। কলিকতাত কৰ্মৰত জিতৰ পৰিয়ালেও সুন্দৰী, শিক্ষিতা বিস্মিতাক ঘৰখনৰ বোৱাৰী হিচাপে আঁকোৱালি লৈছিল।

এম এ পাছ কৰি বিস্মিতা ব্যক্তিগত খণ্ডৰ স্কুল এখনত কাম কৰি আছিল। বিয়া বুলি তাই স্কুলখনৰ পৰা ইস্তাফা দিছিল। জিতে কৈছিল,
"কলিকতাত গৈ চিজিল লাগি লোৱা। তাৰ পাছত আৰামছে চাকৰি বিচাৰিব পাৰিবা।"


কিন্তু কলিকতালৈ আহি বিস্মিতা সলনি হৈ গৈছিল।চাকৰি বিচৰাৰ বা কৰিব বিচৰাৰ স্পৃহা তাইৰ নাইকিয়া হৈ গৈছিল। জিত আৰু তাইৰ প্ৰেমময় সংসাৰখনত তাই সম্পূৰ্ণৰূপে মজি গৈছিল।

জিতে কৈছিল,
"টেক ইয়ৰ টাইম। নিজৰ ভাল লগা কামবোৰ কৰা। চাকৰিয়েই কৰিব লাগিব বুলি কোনো বাধ্য বাধকতা নাই। কিন্তু মোৰ ব্যস্ততাৰ চাকৰি, বহুত হেকটিক। গতিকে নিজকে অকুপাইড ৰাখিলে তুমিয়ো সুখী হ'বা।"

তাই শলাগ লৈছিল। ইমান উদাৰমনা, মৰমীয়াল স্বামী পাই তাইৰ বুকু ভৰি গৈছিল।

প্ৰথম চোৱাত তাইৰ বিয়াৰ নতুন অৱসাদত বুৰ গৈ বেছ ভাল লাগিছিল। জিতে তাইক যথেষ্ট মৰম কৰিছিল। মিলি-জুলি চল্ট লেকৰ এফ-দি ব্লকৰ ঘৰখন আটোম-টোকাৰিকৈ সজাই পেলাইছিল। বিয়াৰ আগতেও জিতৰ ঘৰখন পৰিপাটিয়েই আছিল, কিন্তু বিস্মিতা অহাৰে পৰা কামে কাজে সুনিপুন ছোৱালীজনীৰ হাতৰ পৰশ পাই ঘৰখনে প্ৰাণ পাই উঠিছিল, দেখিবলৈ শুৱনি হৈ পৰিছিল।

নিক্ক পার্ক, ইক পার্ক, চাইন্স মিউজিয়াম, চাউথ চিটি, পার্ক ষ্ট্ৰীটৰ বিভিন্ন ৰেস্তোৰাঁ.... এইবোৰ ঘূৰা ফিৰা কৰি সিহঁতৰ দিনবোৰ আনন্দত পাৰ হৈছিল। মাজে মাজে চিটি-চেণ্টাৰৰ মাল্টিপ্লেক্সত চিনেমা চাবলৈয়ো গৈছিল । বিস্মিতাই হেঁপাহ পলুৱাই বজাৰ কৰিছিল। ৰাস্তাৰ কাষত থিয় হৈ মোমো...ৰোল.. চুইট কৰ্ণ খাইছিল দুয়োৱে।

মৰমৰ আবেষ্টনীত পাৰ হৈছিল বিস্মিতাৰ সময়বোৰ।

আৰু সেই মৰমৰ লহৰত... নিজে নজনাকৈয়ে...লাহে লাহে তাই নিজৰ ভাল লগাবোৰ পাহৰি আহিছিল। জিতৰ ভাল লগাবোৰকে নিজৰ কৰি লৈছিল...পাহৰি পেলাইছিল তাইৰ নিজৰ ৰুচি, পছন্দবোৰ। তাই সম্পূৰ্ণৰূপে জিতৰ সাঁচত ঢাল খাবলৈ চেষ্টা কৰিছিল।


লাহে লাহে জিতৰ ব্যস্ততা বাঢ়িছিল। তাই ফ্লেটটোৰ চাৰিবেৰৰ মাজত অকলশৰীয়া অনুভৱ কৰিবলৈ  আৰম্ভ কৰিছিল। ঘৰখনত কাম বুলিবলৈ বিশেষ একো নাই। ঘৰ সৰা মচা কৰিবলৈ, বাচন ধুবলৈ দিদি এজনী আহে। আগতে তাই ৰন্ধা বঢ়াও কৰিছিল। কিন্তু পিছত বিস্মিতাই নিজেই সকলো ৰন্ধা বঢ়াৰ দায়িত্ব লৈ লৈছিল। জিতৰ পছন্দৰ অসমীয়া খাদ্যৰ লগতে ইউৰোপিয়ান, চাইনিজ সকলো কুইজিন তাই অতি কম সময়ত আয়ত্ব কৰি লৈছিল।

টকালি পাৰি খাই জিতে তাইক কয়,
"তোমাৰ ৰন্ধাৰ হাতখন বহুত ভাল। ফুড ব্লগ এটা খুলিব পাৰাচোন, ফেমাছ হৈ যাবা।"

তাই হাঁহি থয়।
"দৰকাৰ নাই। নিজৰ মানুহটোৰ কাৰণে ৰান্ধো সেয়াই যথেষ্ট। প্ৰফেশ্যন হিচাপে কিয় ল'ব লাগে।"

"প্ৰফেশ্যন নহয়, হবি হিচাপেই লোৱা...আজিকালি সকলোৱে এইবোৰ কৰে।"

"আৰে না, প্লিজ মই সেইবোৰ বোজা ল'ব নোৱাৰো।সংসাৰ চলাম... বেবী হ'লে বেবী ডাঙৰ কৰিম...বচ। আই ৱিল বি হেপি এজ এ হাউচ-ৱাইফ।"

কলিকতা আহি যে তাই চাকৰিৰ ইচ্ছা বাদ দিলে সেইটো জিতে বুজে। কিন্তু তাইৰ প্ৰতিভাখিনিয়ো সি দেখা পায়। তাই আপডাল কৰা বেলকণিৰ সৰু ফুলনীখন অতি কম দিনতেই চালে চকুৰোৱা হৈ পৰিছে, তাই ৰান্ধি দিয়া লাঞ্চ-বক্সটো লৈ অফিচত লগৰবোৰৰ মাজত টনা-আজোৰা লাগে, তাই কথা বুজাই ক'লে মিঠা মাতটো শুনি থাকিবলৈ মন যায়...এইবোৰ গুনেৰে গুণী তাৰ মানুহজনী। এইবোৰতো অথলে যাবলৈ দিব নোৱাৰি।

"আৰে হাউচ-ৱাইফ হোৱা, তাত মোৰ আপত্তি নাই। কিন্তু কেৱল সংসাৰ সংসাৰ কৰি থাকিবা নে, নিজৰ বুলিয়োতো আছে কিবা এটা। নিজৰ ভাল লগা, নিজৰ দক্ষতা থকা কামবোৰ কৰা আকৌ।"

"উফ তুমিনো কিয় অনবৰতে জোৰ দি থাকা অ, এইটো কৰা..সেইটো কৰা। ঘৰত মই মন-মৰ্জিত নিজৰ কাম কৰোঁ। তাৰ মানে কি মই সেইটো জোৰকৈ লোকক দেখুৱাবই লাগিব নেকি?"

"মই সেইটো কোৱা নাই নহয়। ইমান গুণী তুমি। তোমাৰ গুণবোৰ দহজনে দেখক...দহজনে জানক... সেইটোহে বিচাৰো।"

"শুনা, এতিয়া মই মেৰিড, দহজনে মোক জনাৰ কোনো প্ৰয়োজন নাই। মোৰ গোটেই সময়খিনি মই তোমাক দিব বিচাৰো। অকল তোমাক আৰু আমাৰ সংসাৰখনক। তুমি আমনি পাইছা ন মোক সদায় ঘৰত দেখি দেখি?"

"ধেই পাগলী।" বুলি জিতে তাইক প্ৰবোধ দিয়ে। তাইৰ আবেগ ভৰা আব্দাৰত সি আৰু কথা আগ নবঢ়ায়।
"থাকক, তাই যেনেকৈ সুখী তেনেকৈয়ে থাকক।" সি ভাবে।

কেৱল মাজে মাজে তাৰ ব্যস্ততাত হতাশ হৈ পৰা বিস্মিতাৰ শুকান মুখখন দেখি সি কৈ পেলাই,
"তুমিতো জানা মোৰ কামৰ স্বৰূপ। সময় দিওঁ বুলিয়ো কেতিয়াবা দিব নোৱাৰো। অন্তত তুমি কৰবাত সোমাই এংগেজেদ হৈ থাকিলে, ইউ ৱিল ফিল গুড।"

বিস্মিতাই হুমুনিয়াহ এটা কাঢ়ি আঁতৰি যায়। তাই নতুনকৈ অপৰিচিত চহৰ এখনত আকৌ চাকৰি কৰিবলৈ নিবিচাৰে। মৰমীয়াল স্বামী, সুখৰ এখন সংসাৰ...এয়াই তাইৰ সপোন আছিল।

মাকৰ লগত কথা পাতিলে মাকে কয়,
"কেঁচুৱা এটা হ'লে, সকলো ঠিক হ'ব। ইমানেই ব্যস্ত হৈ যাবি যে আমনি পোৱাৰ আহৰিও নাপাবি।"

তাই ঘৰুৱা কামবোৰ মনপুতি জান-প্ৰাণ দি কৰি যায়। বাগিচাৰ যত্ন লয়, ঘৰখন নতুনকৈ সজায়।  জিতৰ ক্ষুদ্ৰতম প্ৰয়োজনখিনিৰো দায়িত্ব ল'ব বিচাৰে। কিন্তু সৰুৰে পৰা স্বাৱলম্বী কৈ ডাঙৰ হোৱা জিত যে একেবাৰেই তাইৰ ককাক, দেউতাক বা খুৰাকৰ দৰে নিজৰ স্ত্ৰীৰ ওপৰত নিৰ্ভৰশীল নহয়।  নিজস্ব প্ৰয়োজনখিনি জিতে নিজেই পূৰণ কৰে। তাইৰ মাজে মাজে অসহায় লাগে। কোনো দিনে ৰুমালখন বা মোজাযোৰ বিচাৰি জিতে তাইক নখটুৱাইচোন। ঘৰুৱা কামতো পাৰ্যমানে সহায়হে কৰে।

তাইৰ নিজকে অসফল অৰ্ধাংগিনী যেন ভাৱ হয়। তাইৰ প্ৰয়োজন কিহত?

জিতে হাঁহে।
"অকল মোৰ ব্যক্তিগত কামবোৰ কৰি দিলেহে অৰ্ধাংগিনী হ'বা নেকি? মোৰ সুখ-দুখবোৰ ভাগ-বতৰা কৰি ল'বা...মই তোমাৰবোৰ ল'ম...তাতেই ৱি ৱিল বি ইচ্ছ আদৰছ বেটাৰ হাফ।"

তাইৰ বুকুখন বেলেগ এটা প্ৰশান্তিত ভৰি আহে।

কিন্তু দুদিন পিছত আকৌ এক চটফটনি হয়। আকৌ এক খালী খালী ভাব। নিঃসংগতাই আৱৰি ধৰে।


জিত প্ৰায়েই অফিচিয়েল টুৰত যায়। সেইবোৰ সময় বিস্মিতাৰ নাযায় নূপুৱাই যেন হয়। বিয়াৰ পিছত প্ৰথমবাৰ সি দুদিনলৈ মুম্বাই যাবলৈ ওলাওঁতে তাই ভয়তে পেঁপুৱা লাগিছিল। পেকিং কৰি থকা জিতক সাৱটি ধৰি তাই হাও হাও কৈ কান্দি পেলাইছিল। মৰম আকলুৱা ছোৱালীজনীৰ মূৰত হাত ফুৰাই জিতে তাইক বুজনি দিছিল।

পিছলৈ তাইৰ অভ্যাস হৈ গৈছিল। আজিকালি সি গ'লে, তাই ভয় নাখায়, কিন্তু ভীষণভাৱে অকলশৰীয়া অনুভৱ কৰে। তাক ব্যস্ততাৰ দোহাই দি বকে।

"তুমিতো জানাই, মোৰ চাকৰিৰ তাগিদা। মই থাকিলেতো তুমি মোৰেই আলপৈচান ধৰি থাকা, মই নথকা দিন কেইটা নিজকে সময় দিবানা। নিজৰ পছন্দত খাবা, শুবা, ফুৰিবা। ভাল লগা কামবোৰ কৰিবা, চাবাচোন মোলৈ মনতেই নপৰিব।"

"অকলে অকলে ব'ৰ হওঁ মই।" তাই কয়।

"ব'ৰ কিয় হ'বা? মন গ'লেই ওলাই যাবা। চেণ্ট্ৰেল পাৰ্কত ফুৰি আহিবা এপাক। তুমি ভালপোৱা ফুচকা খাবাগৈ। অইন নহ'লে কমপ্লেক্সৰ ক্লাবলৈ যাবা, কিমান দিন স্বপ্নাদীহঁতে মাতি আছে তোমাক।'

"ধেই তোমাক এৰি অকলে কিয় যাম বাৰু? ভাল নালাগে মোৰ।" তাইৰ খং উঠে।

"অকলে কি, লগ বিচাৰিলেই লগ পাবা। আৰু মই নাই বুলি তুমি এনজয় নকৰিবা নেকি? নিজৰ পছন্দৰ মুভি চাবা, খানা বনাবা, মুঠতে ভালকৈ থাকিবা।"

"মোৰচোন তোমাক এৰি একোৱেই ভাল নালাগে।" তাইৰ মৰম সনা আব্দাৰ।

"মোক এৰি এইবোৰ কৰি চোৱাচোন, তেহে বুজিবা কেনেকুৱা লাগে। কলিকতাত দেখোন তোমাৰ কলেজীয়া বন্ধু বহুত আছে। তুমিয়েই কৈছিলা চাকৰি কৰি আছে বুলি। সিহঁতক লগ ধৰা, সিহঁতক ঘৰলৈ মাতা।"

"সিহঁত কত নিজৰ ফাষ্ট লাইফ লৈ বিজি। আৰু মই তুমি নহ'লে অকলে ক'তো যাবলৈ ভাল নাপাওঁ। তুমিহে মোক এৰি বন্ধুবোৰক লগ ধৰি ফুৰা।"

জিত মনে মনে থাকে। সি তাইক এৰি বেলেগকৈ নিজৰ বন্ধুবোৰৰ লগত কিবা প্লেন বনালে তাই সদায় ওফোন্দ পাতে। সেই অভিমান ভাঙিবলৈ গ'লে কাজিয়াৰ সূত্ৰপাত হয়।

বিস্মিতাই তাৰ অফিচৰ কামত ভাগ লয়। সোধে,
"আৰু কোন কোন যাব এই টুৰত?"

"মই আৰু মোৰ টিমৰ কল্লোল আৰু শ্ৰাৱনী।"

শ্ৰাৱনীৰ নাম শুনাৰ লগে লগে বিস্মিতা খঙত টিঙিৰি তুলা হয়। জিতক পেকিং কৰিবলৈ দি, তাই ওলাই আহে।


অফিচ পাৰ্টি এটাত তাই শ্ৰাৱনীহঁত সকলোকে প্ৰথম লগ পাইছিল। বেছ প্ৰগলভ আৰু স্মাৰ্ট জিতৰ টিমৰ ছোৱালীকেইজনী পিন্ধা উৰাতেই নহয়, কথা বতৰাতো আধুনিক। হাতত ৱাইন গ্লাছ লৈ সিহঁতে মুকলি মনেৰে জিতৰ লগত কথা পাতিছিল, ৰগৰ কৰিছিল। প্ৰাণ খুলি হাঁহিছিল।

গোটেই জীৱন ৰক্ষণশীল পৰিয়ালত কঠোৰ অনুশাসনৰ মাজত ডাঙৰ হোৱা বিস্মিতাই কথাবোৰ সহজ ভাবে ল'ব পৰা নাছিল। জিতক তাই বিশ্বাস কৰিলেয়ো এই ধৰণৰ মিলামিছাবোৰ তাই হজম কৰিব পৰা নাছিল।
"ই কেনে কথা! পুৰুষৰ সমানে সমানে কাম কৰিলেয়ো এনেকৈ বেপৰুৱা ভাবত ফুৰ্তি তামাছা কৰি আছে, কেনেকুৱা ছোৱালী এইবোৰ?"

"বহুত দায়িত্বশীল...ভাল মনৰ ছোৱালী ইহঁত।" জিতে পিছত তাইক বুজাইছিল।

এহাতে হুইস্কিৰ গ্লাছ আৰু এহাতে চিগাৰেট লৈ চুটি ক'লা ড্ৰেচ পিন্ধা মোহৰ সেন বোলা চল্লিশোৰ্দ্ধৰ মানুহ এজনীয়ে আহি জিতৰ পিঠিত থাপৰ মাৰি কৈছিল,
"দেৱজিত, ইয়ৰ ৱাইফ ইজ গৰজিয়াছ।"

বিস্মিতাৰ অকণো ভাল নালাগিল।

জিতে মুকলিমনে সকলোৰে লগত বিস্মিতাক পৰিচয় কৰাই দিছিল। এক মুহুৰ্তৰ বাবেও বিস্মিতাই তাৰ হাতখন এৰি দিয়া নাছিল। শ্ৰাৱনী বোলা মিঠা বৰণীয়া উজ্জ্বল চকুৰ ছোৱালীজনীয়ে আহি বিস্মিতাক সাৱটি ধৰিছিল।
"ৱাও, য়ু আৰ এমেজিঙ। মই শ্ৰাৱনী। দেৱজিতৰ খাচ একদম, ৰাইট হেণ্ড।"

জিতে কৈছিল "তই কৰা ভুলবোৰৰ কাৰণেই মই ৰাতি ৰাতি দেৰিলৈ কাম কৰিবলগীয়া হয়, গতিকে তই বিস্মিতাৰ দোষী।"

সিহঁতে হাঁহিছিল। বিস্মিতা ক্ষুণ্ণ হৈছিল।
"কেনেকুৱা মানুহ এইবোৰ! বিবাহিত বুলি জনাৰ পিছতো জিতৰ লগত কিহৰ ইমান ৰগৰ, ঠাট্টা....কিহৰ ইমান হলি-গলি!"

ঘৰত আহি তাই জিতক কৈছিল,
"সিহঁত অলপ অভাৰ-স্মাৰ্ট।"

"অভাৰ-স্মাৰ্টতো হ'বই ন, কম বয়সতে বহুত আগুৱাইছে ইহঁত। আৰু আজিকালিৰ যুগত নহৈ উপায় নাই।"

বিস্মিতাৰ বেয়া লাগিছিল। সি বাৰু পৰোক্ষভাবে তাইক আনস্মাৰ্ট বুলিছে নেকি?

"আৰু সেই বুঢ়ীজনী, মোহৰ নে কি। ইমান তাও।"

"সেই বুঢ়ীজনী, মেডাম, আমাৰ জ'নেল হেড। কিমান ক্ষমতা জানা? চিঙ্গল মাদাৰ...এই বছৰ বেষ্ট এচিভাৰ এৱাৰ্ড পাইছে। বহুত নাম থকা মানুহ তেওঁ। যথেষ্ট কৰ্মপটু, লগতে এ কাইণ্ড চৌল।"

তাই তবধ মানিলে। কেৱল পোছাকত মানুহ চিনিব নোৱাৰি।


তাই লাহে লাহে কথাবোৰ বুজিছিল। "কৰ্পৰেট ৱৰ্ল্ড"খন এনেকুৱাই। নাৰীয়ে পুৰুষে সমানে কাম কৰে...সমানে আনন্দ কৰে...কোনো বিভেদ নাই। জিতৰ মহিলা কলিগবোৰ অত্যাধুনিক হ'লেও যে বেছ ভাল মানুহ সেই কথা তাই পিছৰ গেদাৰিঙ, পিকনিক, পাৰ্টি এইবোৰত বুজি পাই গৈছিল। লাহে লাহে তাইৰ বিৰূপ ভাববোৰ কমি আহিছিল। তাই বুজিছিল জিতে তেওঁলোকক তেওঁলোকৰ কাম, স্বভাৱ এইবোৰৰ বাবে কিমান পছন্দ কৰে।

জিতৰ মুকলিমুৰীয়া স্বভাৱ, লুক-ঢাক নথকা কথাবোৰে তাইক লাগে লাহে অপেন-মাইণ্ডেড হ'বলৈ বাধ্য কৰাইছিল।

কিন্তু শ্ৰাৱনীৰ প্ৰতি অহৈতুক খং এটা তাইৰ সদায়ে ৰৈ গৈছিল। অথচ শ্ৰাৱনীয়ে তাইক বহুত ভাল পায়। ঘৰলৈ আহিলেও....আনবোৰে ড্ৰয়িং-ৰুমত আনন্দত মগ্ন হৈ থাকোতে, তাই পুটুককৈ আহি বিস্মিতাক পাকঘৰত ৱাইন-গ্লাছ এটা দি যায়। বিস্মিতাই গ্ৰীল কৰি থকা চিকেন পিচ একোটা মুখত সুমুৱাই কয়,
"কাম না, জইন আচ দেয়াৰ।"

অকণমান সময়ৰ বাবে বিস্মিতা যায়, তাৰ পাছত উঠি আহে। সিহঁতৰ কথা...আড্ডা...জকছবোৰত বেছি দেৰি ভাগ ল'ব নোৱাৰে তাই। আখজা লাগে।

তাইৰ অস্বস্তিখিনি জিতে বুজে। পাৰ্টি শেষ হোৱাৰ পিছত পাকঘৰ চাফা কৰি কৰি তাইক কয়,
"মাতিবাচোন তোমাৰ বন্ধুবোৰকো কেতিয়াবা। মোৰোতো মন যায় তোমাৰ লগৰবোৰক হোষ্ট কৰিবলৈ। তুমিতো কোনো দিনে সিহঁতক বাহিৰত লগ ধৰিবলৈও নোযোৱা...অন্তত ইনভাইট ডেম অভাৰ হিয়াৰ।"

কথাটো সঁচা। বিস্মিতাই বহুতো কলেজীয়া বন্ধু থকাৰ পিছতো কাকো লগ নধৰে, কাকো ঘৰলৈ নামাতে। বিয়া হোৱাৰ দিন ধৰি তাইৰ গোটেই জীৱনটো কেৱল জিতময় হৈ আছে। তাত তাইৰ বন্ধু-বান্ধৱ, তাইৰ ৰুচি-অভিৰুচিলৈ তাই নিজেই কোনো সুৰুঙা নাই ৰখা।

মাকে কৈ পঠাইছিল,
"এতিয়া তোৰ মানুহটোৱেই তোৰ সকলো। বাকী চব পিছত।"

তাইৰ যেন হৃদয়ত এই কথাটো খোদিত হৈ ৰৈ গৈছিল।


লাহে লাহে জিতক বাদ দি বিস্মিতাই একোৱেই কৰিব নুখুজিছিল। পিছলৈ নোৱাৰিছিলো। বজাৰ সমাৰ, ফুৰা চকা সকলোতে জিত। পাৰ্লাৰ যাবলৈও তাইক জিতক লাগে।

মাজে মাজে জিত বিৰক্ত হয়। গোটেই সপ্তাহটো অফিচত খাটনি, শনি দেওবাৰটোত সি অলপ বিশ্ৰাম ল'ব বিচাৰে।

কিন্ত বিস্মিতাই আব্দাৰ কৰে,
"বলানা মোৰ থ্ৰেডিং কৰিব আছে। চোৱানা... কেনেকুৱা ভূত ভূত লাগিছে।"

"ৰিক্সা এখন লৈ নিজেই যোৱানা।" জিতে কয়।

"ধেই...নাযাওঁ দেই অকলে অকলে। তুমি ৰৈ থাকিব নালাগে নহয়। বচ...মোক থৈ আহিবা, হৈ গ'লে আকৌ লৈ আহিবা।"

জিত নিৰুপায় হয়। বিৰক্তিখিনি সামৰি গাড়ীৰ চাবিটো হাতত লয়। ৰাস্তাত তাইক কয়,
"ড্ৰাইভিংটো শিকি লোৱাচোন। মইতো বাইক চলায়ে যাব পাৰো। তুমি গাড়ীখন লৈ অত তত যাব পাৰিবা।"

"ই নোৱাৰো দেই মোৰ ভয় লাগে। ঘৰখনত দুটা ড্ৰাইভাৰ কিয় লাগে আৰু মইনো গাড়ী লৈ ক'ত অকলে ঘূৰিম গৈ।"

জিত ক্ষুণ্ণ হয়। তাৰ ওপৰত সকলো সময়তে বিস্মিতাৰ এই অত্যাধিক নিৰ্ভৰশীলতা তাৰ সহ্য নহয়। তথাপিও সি একো নকয়। তাৰ কাৰণেই তাই নিজৰ পৰিয়াল, নিজৰ ঠাই... সকলো এৰি ইয়ালৈ আহিছে। মৰম আকলুৱা ছোৱালী, সৰুৰে পৰা এনেকৈ ডাঙৰ হোৱা তাইক সি জোৰ কৰি সলনি কৰিব নিবিচাৰে। তাইৰ মনৰ ভিতৰখন সি বুজে। কিন্ত সি বিচাৰে তাই নিজৰ বাবেও জীয়ক, নিজৰ মতেও চলক।

ঘৰৰ ভিতৰৰ কামত তাই সিদ্ধহস্ত, সুনিপুন গৃহিনী। কিন্তু বাহিৰখন বুলিলেই তাইৰ জিত নহ'লেই নচলে।


এপাৰ্টমেণ্ট কমপ্লেক্সত দুৰ্গা পূজা হয়। ওচৰৰ গুহ আণ্টি, বেনাৰ্জী বৌদীহতে তাইক লগ ধৰে...পূজা কমিটিত যোগ দিবলৈ কয়। তাই নাযায়। স্বপ্নাদীয়ে কয়,
"তোমাৰ মাতটো ইমান শুৱলা, এইবাৰ হষ্টিংটো তুমি কৰি দিবাচোন।"

তাই আপত্তি কৰে।

জিতে কয়,
"আৰে যোৱানা, ভাগ লোৱা। ভাল লাগিব। আমাৰ কমপ্লেক্সত খুব ডাঙৰ পূজা হয়। হৈ-হাল্লা, খোৱা-বোৱা।"

"নাই নেলাগে সেইবোৰ কমিটি তমিতিত নোসোমাও। যত চব লেঠা। গ'লেও তোমাৰ লগত একেলগে পূজালৈ যাম। মোৰ নিজৰ মানুহটো থাকোতে আনৰ লগ কিয় লাগে?"

হাজাৰ বুজায়ো জিতে তাইক পঠিয়াব নোৱাৰে। পিছত অঞ্জলি দিবলৈ যাওঁতে...অষ্টমীৰ ভোগ খাবলৈ যাওঁতে... সন্ধি পূজাৰ সময়ত...জিতক লৈ তাই পূজা থলীলৈ যায়। এক মিনিটৰ কাৰণেও জিতক এৰি নিদিয়ে।

চিগাৰেটটো খাই বিল্ডিঙৰ অতনুহতৰ লগত মুকলিকৈ জিতে আড্ডা দিব বিচাৰে। নোৱাৰে। বিস্মিতা অনবৰতে তাৰ লগত আঠা লাগি থাকে।


মাজে মাজে হোৱাৰ দৰে জিতৰো উশাহ নিশাহ বন্ধ হোৱাৰ উপক্ৰম হয়।

কাজিয়াৰ মাজত এদিন কৈ পেলাই,
"প্লিজ জান, অলপ ৰেহাই দিয়া মোক। বিয়া হ'লেও ইণ্ডিভিজুৱেল স্পেচৰ প্ৰয়োজন আছে। তোমাৰো, মোৰো।"

বিস্মিতাই বুজিব নিবিচাৰে। জিতৰ যুক্তিখিনি তাই উদাসীনতা, তাইৰ প্ৰতি তাৰ অপ্ৰেমৰ ভাব হিচাপে লয়।

ঘৰখনত গোমা গোমা ভাব এটা ওলমি ৰয়।


পূজাৰ পিছতে জিতৰ মাক সিহঁতৰ ঘৰলৈ আহে। তেওঁ লগৰ মানুহ কেইজনীমানৰ লগত ৰাজস্থান ফুৰিব গৈছিল। উদয়পুৰ, জয়পুৰ... সকলো ঠাই ফুৰি-চাকি গুৱাহাটীৰ ঘৰখনলৈ ঘূৰি নগৈ কলিকতাত পুতেক বোৱাৰীয়েকৰ লগত কেইদিনমান কটাবলৈ গুচি আহে।

তেওঁ অহাত বিস্মিতা সুখী হ'ল। ঘৰখনৰ নিৰ্জনতাবোৰে তাইক খুলি খুলি খাইছিল। শাহুৱেক প্ৰাণৱন্ত, হাঁহি মুখীয়া এজনী মানুহ। অনবৰতে ফুৰ্তি কৰি থাকে। জাকত জিলিকি থাকে।

শাহুৱেকে আহিয়েই বিস্মিতালৈ অনা ৰাজস্থানী লেহেঙ্গা, বান্ধনী দুপাট্টা, কচটিউম জুৱেলাৰীৰ সম্ভাৰ মেলি ধৰিলেহি। তাইক ইটো পিন্ধাইছে...সিটো গাত দি চাইছে...মুঠতে উলাহতে তত নাই। নিজলৈয়ো পলাজো কিনি আনিছে।

"আপুনি পিন্ধিবনে?" বিস্মিতাই চকু ডাঙৰ কৰি সোধে। শাহুৱেকক তাই সদায় মেখেলা চাদৰ, শাৰীতেই দেখি আহিছে।

"আজিকালি মই কুৰ্তী, চেলোৱাৰ চব পিন্ধো নহয়। ৰাতিপুৱা স্পৰ্টছ শ্বু পিন্ধি জগিং কৰিবলৈয়ো যাওঁ।" তেওঁ হাঁহি হাঁহি উত্তৰ দিয়ে।

"অকলে?"
"উম, অকলে।"

বিস্মিতাৰ মুখ মেল খাই যায়।


দেওবাৰে শাহুৱেকে পাকঘৰ সোমাই খদমদম লগায়। পুতেকহতৰ পচন্দৰ খোৱা বস্তু ৰান্ধিব আজি। বিস্মিতা তেওঁৰ যোগালী। এনেয়ো এই কেইদিন তেওঁ ৰন্ধাৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছে। বিস্মিতাক কয়,
"যোৱা, আৰাম কৰা।"

তাই নাযায়।

বিশেষ মেনু মানে কঁঠালৰ মুচি, ৰৌ-মাছৰ জিকা বিলাহীৰ জোল, কঁচুশাক কন বিলাহীৰে থূপথূপিয়াকণ, বেচনত লেটীয়াই আফুগুটি দি গোল বেঙেনা ভাজি আৰু পায়স। বিস্মিতাক বোলে,
"পায়সখিনি নলেন গুৰ দি বনাম। তোমাৰ প্ৰতিবেশী মাধবী মুখাৰ্জীৰ পৰা কালিয়েই শিকিলোঁ। তেওঁক মাছৰ জোল অকণমান আজি দি আহিম। টেঙা খাব বিচাৰিছে।"

মানুহজনীৰ হলহলকৈ কৈ যোৱা কথাবোৰত বিস্মিতাই বিচুৰ্ত্তি খায়।

শাহুৱেক অহা দুদিন হোৱাই নাই, বন্ধু বনায়েই পেলালে। ৰেছিপিয়ো শিকিলে তেওঁ! বেচ প্ৰগলভা তাইৰ শাহুৱেকজনী...মানুহৰ লগত খন্তেকতে আত্মীয়তা গঢ়ি তোলে।

ঘৰতো তাই দেখিছে, মানুহজনীয়ে ঘৰৰ ভিতৰে বাহিৰে কেওফাল চম্ভালে। শহুৰেক ঢুকুৱা দুবছৰ হ'ল। ঘৰখনত মানুহ বুলিবলৈ শাহুৱেক আৰু ড্ৰাইভাৰ ৰঘুকাই, তেৱেঁই বজাৰ সমাৰ কৰি দিয়ে। জিতহতে বহুতবাৰ জোৰ কৰিছিল,"কলিকতালৈকে গুচি আহা, ঘৰটো ভাড়া দিয়া।" তেওঁ নামানিলে। শাকনি-বাৰী, ফুলনি-বাগিচাৰে জাতিষ্কাৰ তেওঁৰ মৰমৰ ঘৰখনত তেওঁ অকলেই থাকি গ'ল। বিনাদ্বিধাই এতিয়া এজনীয়া সংসাৰ চলায়। বিস্মিতাই খবৰ ল'লে কয় "বিন্দাচ আছোঁ।"

"জিতৰ পছন্দবোৰতো মই জানোৱেই, কিন্তু তুমিচোন একোৱেই নক'লা, কি খাবলৈ মন গৈ আছে। কোৱা আকৌ...খাই লোৱা শাহুৰ হাতৰ মজা লৈ।" শাহুৱেকৰ মৰম সনা মাতত তিয়ঁহ কাটি থকা বিস্মিতাৰ তন্দ্ৰা ভাঙে।

"এহ হ'ব মা... মোৰনো কি...এইবোৰ দিয়েই হৈ যাব।" তাই লৰা-লৰিকৈ উত্তৰ দিয়ে।

" হৈতো যাবই, কিন্তু মন কি গৈ আছে সেইটো কোৱা আকৌ।"

" নাই নাই, মোৰ কাৰণে আকৌ বেলেগকৈ নো কিয় লাগিছে, জিতে যি ভাল পাই তাকেই..."

শাহুৱেকে তাইক এইবাৰ মুখতে ধৰিলে,
"জিতৰ যিটো ভাল লাগে মানে? আৰে বাবা, তুমি নিজেওতো জিতত কৈ বেলেগ মানুহ এজনী। তোমাৰ নিজা পছন্দ কি?"

সেমেনা সেমেনি কৰা বিস্মিতাৰ মুখখনলৈ চাই তেওঁ কৈ গ'ল,
"আমাৰ মাইকী মানুহবোৰৰ এইটোৱেই সমস্যা জানা। ঘৰৰ মানুহৰ ভাল লগাবোৰতেই নিজৰ ভাল লগা খিনি সামৰি থওঁ। নিজৰ ইচ্ছাবোৰ নিজেই দবাই ৰাখোঁ। তাৰ পাছত দুখ কৰোঁ যে জীৱনটো আনৰ বাবেই জীয়ালোঁ।"

পদিনা চাটনি কণত নেমু চেপি চেপি তেওঁ কৈ গ'ল,
"খাব লাগে, নিজৰ পছন্দৰ বস্তু আনে ভাল নাপালেও বনাই খাব লাগে।"

"পেটু ভজা খাম।" বিস্মিতাই চমুকৈ ক'লে।


দুপৰীয়া জিতে তৃপ্তিৰে ভাত খাই উঠি শুবলৈ গ'ল। একেলগতে বহা শাহু-বোৱাৰীৰ খোৱা চলিয়েই থাকিল। লগতে অগণন কথা। মাছৰ পেটুৰে ভাত সানি সানি বিস্মিতাই শাহুৱেকক ক'লে,
"মা, আপুনি ইমান খোলা...ইমান হাঁহি ফুৰ্তি কৰি থাকে। মোৰ বৰ ভাল লাগে। আপোনাৰ যেন কোনো দুখেই নাই।"

"দুখ চবৰে থাকে বুইছা। কিন্তু জীৱনটো আছে যেতিয়া, হাঁহি ফুৰ্তিৰেই জীয়াও, নে কি কোৱা?"

"দেউতা যোৱাৰ পিছত আপোনাৰ অকলশৰীয়া নালাগে নে? গোটেই ঘৰটোত যে আপুনি অকলে থাকে, ইয়ালৈও গুচি নাহে।" বিস্মিতাই প্ৰশ্ন কৰে।

"দেউতাৰাক মিছ কৰোঁ, কিয় নকৰিম। তেওঁৰ অভাৱ অনুভৱ সদায় কৰো। কিন্তু কি জানা? গোটেই জীৱনটোতো সংসাৰৰ ধামখুমীয়াতে কটাই দিলোঁ.. নিজৰ বাবে জীয়াবলৈ সময়েই নোলাল। এতিয়া প্ৰাণভৰি উপভোগ কৰোঁ। নকৰা কামবোৰ কৰো, অকণো অকলশৰীয়া নালাগে। বৰং বেছ আনন্দত আছোঁ।"

"আপুনি সুখী হোৱাটোৱেই বিচাৰো মা।"

"কেৱল মই কিয়, প্ৰতিজনী নাৰীয়েই সুখী হ'ব লাগে নিজক লৈয়ো। আনে তোমাক সুখ দিব...তুমি কেৱল সেই লৈয়ে সুখী হ'বা...এই প্ৰত্যাশা কৰিব নালাগে। লাগিলে সেয়া তোমাৰ স্বামীয়েই হওক বা সন্তান। নিজৰ সুখবোৰ বুটলি লোৱাৰ দায়িত্ব আমাৰ নিজৰ, নহয় জানো?"

শাহুৱেকে যেন তাইকেই উদ্দেশ্যি কথাবোৰ ক'লে। বিস্মিতাই কেৱল মূৰ দুপিয়ালে।

"আজিকালি মহিলা গোটত ভাগ লৈ নাটক কৰিছোঁ, ভুলে শুদ্ধই কোৰাছ গাইছোঁ। আনকি কাষৰ ঘৰৰ পিনাকীৰ পৰা মই ইংৰাজী গানো শিকি আছোঁ।"

বিস্মিতাই তধা লাগি মানুহজনীৰ মুখলৈ চাই থাকিল। কি এক প্রদীপ্তি।

"এতিয়া ভাবো, আগতেই যদি নিজৰ বাবে সময় উলিয়াই নিজৰ পছন্দৰ কামবোৰ কৰিলোঁ হয়, কিমান পৰিপূৰ্ণ হ'ল হয় জীৱনটো। দেৰিকৈ বুজিলোঁ, কেৱল স্বামী-সন্তান-সংসাৰে জীৱনৰ পূৰ্ণতা দিব নোৱাৰে। দিলেও কেতিয়াবা সেয়া যথেষ্ট নহয়।"

বিস্মিতাৰ বুকুখন এক অনামী উত্তেজনাৰ ভৰি আহিল।

"নিজৰ ভাগৰ বন্ধু, নিজৰ ভাগৰ হবি, নিজৰ পছন্দৰ কামবোৰ... এইবোৰ কেতিয়াও এৰিব নালাগে। এইযে চোৱাচোন...মোৰ কলেজীয়া বান্ধৱীৰ লগত মই যে ফুৰি আহিলোঁগৈ, কিমান ভাল লাগিল। সংসাৰখনৰ বাহিৰতো এখন দুনীয়া আছে। পুৰুষেই হওক বা নাৰী, প্ৰত্যেকৰে অধিকাৰ আছে সেইখন পৃথিৱী নিজাকৈ উপভোগ কৰাৰ। নহয় জানো?"

দুয়োজনীৰ হাতৰ ভাত ইতিমধ্যে শুকাই কৰ্কৰীয়া মাৰিছিল। বিস্মিতাই শাহুৱেকক মুগ্ধ হৈ চাই ৰৈছিল। ষাঠি বছৰীয়া মানুহজনীৰ মুখত ওঠৰ বছৰীয়া গাভৰু এজনীৰ লেখীয়া উৎসাহৰ জ্যোতি... জীৱনৰ স্পৃহা...আৰু আত্ম সন্তুষ্টি আছিল। পোহৰ পোহৰ লগা এখন মুখ।


শাহুৱেক আৰু দহদিনমান থাকি গ'লগৈ। বিস্মিতা জিতৰ লগত তেওঁ বহুত ফুৰিলে। চিনেমাও চালে। বিস্মিতাক লগত লৈ ইঘৰৰ সিঘৰলৈ গ'ল। ঘৰে-পৰে আড্ডা বহিল। কেইবাজনী নাৰীৰ প্ৰাণোচ্ছল হাঁহিত বিস্মিতাহতৰ ড্ৰয়িং ৰুমটো মুখৰিত হৈ উঠিল। বিস্মিতাৰ শেষলৈ বহুত মুকলি মুকলি লাগিল।

শাহুৱেক যোৱাৰ পিছদিনা জিত অফিচলৈ যাবলৈ ওলাইছে। তাৰ হাতত লাঞ্চ বক্সটো দি বিস্মিতাই লাহেকৈ ক'লে,
"যোৱা সপ্তাহত মাৰ সৈতে গৈ ড্ৰাইভিং স্কুল জইন কৰিলোঁ। ঘৰৰ গাড়ীখনতে শিকিম। তুমি এইকেইদিন বাইকখনেই লৈ যাবা।"

জিত অবাক হ'ল। কি কথা!

"আৰু স্বপ্নাদীহঁতে সৰুকৈ গোট এটা খুলিছে, ওচৰৰ বস্তিখনৰ ল'ৰা-ছোৱালীখিনিক হাইজিন, পঢ়া-শুনা, নাচ-গান এইবোৰ শিকাব। ডাঙৰখিনিক ইংৰাজী অংক পঢ়োৱাৰ দায়িত্ব মই লৈছোঁ। সপ্তাহত দুদিন।"

"মোক কি পাৰ্মিশ্যন বিচাৰিছা নেকি?" জিতে হাঁহি হাঁহি সুধিলে।

"উহু, কেৱল জনাইছোঁহে। মানে মোক ঘৰত সকলো সময়তে নেদেখিলে ভয় যাতে নোখোৱা। গাড়ী শিকি মই লগৰবোৰক লৈ ফুৰিম বুলিয়ো ভাবিছোঁ। "

জিতে হো-হোৱাই হাঁহি পেলালে। বিস্মিতাক সাৱটি সি ক'লে,
"আই এম চৌ প্ৰাউড অফ ইউ জান।"

এইবাৰ বিস্মিতাৰ মুখখনো শাহুৱেকৰ মুখখনৰ দৰেই পোহৰ পোহৰ হৈ উঠিল।
(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
১০.০৯.২০২০

xxxxxxxxxxxxxx

No comments:

Post a Comment

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...