সম্পূৰ্ণা
(চুটি গল্প)
"সন্তানসুখ কপালৰ কথা বুজিছা। বিধিৰ লিখন খণ্ডন কৰা কি সহজ!"
"কাৰোবাৰ কোলাত নোখোজাকৈয়ে জাক জাক আহে, আমি দিনে ৰাতিয়ে খুজিলেও উদং।"
"সৰুপোনাটোলৈ চালেহে শোকে খুন্দা মাৰি ধৰে আই, বিনাদোষত সি বঞ্চিত।"
বিয়াৰ সাত বছৰৰ পিছতো সন্তানৰ মুখ নেদেখা সৰুবোৱাৰীজনীক শহুৰেকৰ ঘৰখনৰ বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন কথাৰে থুকুছি থাকে। গালি-শপনি নাপাৰিলেও, মাৰ-ধৰ নকৰিলেও প্ৰায়েই কটাক্ষ মাৰে, কটু কথা শুনায়। ওচৰ চুবুৰীয়া আৰু ঘৰলৈ অহা আলহীৰ আগত নিজৰ কপালকে দুষি দুখ প্ৰকাশ কৰে।
আৰু সেই সমস্ত কথা সৰুবোৱাৰীৰ কাণত আহি হাতুৰীৰ কোব পৰা দি পৰেহি।
তাই হেনো অসম্পূৰ্ণ।
আগতে এই সৰুবোৱাৰীয়েই তেওঁলোকৰ নয়নৰ মণি আছিল। মাতে কথাই সকলোকে মুহি নিয়া পৰিয়ালৰ সৰুজনী বোৱাৰীক লৈ শহুৰেকৰ ঘৰখনৰ আলহ উদৰৰ শেষ নহৈছিল।
সুখী আছিল তাই। শাহু-শহুৰ, বৰজনা-জাৱক, হাতৰ কাষতেই পোৱা বিয়া দিয়া জেশাহুৱেক-নন্দেকহতক লৈ এটা ভৰপূৰ, মৰমৰ পৰিয়াল। তাই সামৰি ৰাখিব নোৱাৰাকৈ তাইক মৰম কৰা তাইৰ মানুহজন। এই সকলোবোৰ লৈ সৰুবোৱাৰীয়ে হেঁপাহৰ খেৰ কূটাৰে মৰমৰ বাঁহ সাজিছিল।
কিন্তু বছৰবোৰ বাগৰি যোৱাৰ লগে লগে সন্তানহীনতাৰ দুখটোৱে যেন এসময়ত কুৰুকি কুৰুকি সোমাই তাইৰ হেঁপাহৰ পঁজাটো থানবান কৰি দিলে। তাইৰ মৰমৰ ঘৰখন তাই বিচাৰি নোপোৱা হ'ল।
জাৱকৰ ল'ৰা-ছোৱালী এহাল। জেশাহুৱেক, নন্দেকহতৰো নিজ নিজ ভৰপূৰ সংসাৰ। তাইৰহে কোলা উদং। ঘৰখনৰ আদৰৰ সৰুপোনাৰ নাম আগুৱাই নিবলৈ সন্তান দিব পৰাকৈ তাই পত্নী হিচাপে অক্ষম। অপৰাগ।
সৰুবোৱাৰীৰ নিজকে অপৰাধী যেন লাগে। স্বামীৰ দোষ নাই, ডাক্তৰৰ ৰিপোৰ্ট মতে তাইৰহে গৰ্ভ ধাৰণত অসুবিধা আছে।
গতিকে তাই অসম্পূৰ্ণ।
পৰিয়ালটোৰ হা-হুতাহ, হুমুনিয়াহবোৰৰ মাজেৰে মুকলিকৈ উশাহকণ ল'বলৈয়ো তাইৰ অপৰাধবোধ হ'বলৈ লৈছিল। সমবেদনাৰ চাৱনিবোৰ লাহে লাহে পুতৌ, আৰু পুতৌবোৰ লাহে লাহে অসহনীয়তালৈ পৰিণত হ'বলৈ লৈছিল।
কোঠালীৰ ভিতৰৰ অন্তৰংগ মুহূৰ্তবোৰত গিৰিয়েকক তাই কয়,
"কত' মানুহৰ বেবী নোহোৱাকৈ আছে, বলকচোন আমি কেও কিছু নথকা কেঁচুৱা এটা তুলি লওঁ। আমাৰো বুকু জুৰাব, সিয়ো ঘৰ এখন পাব।"
"পগলা হ'লা নিকি, নিজৰ তেজ নিজৰ। আমাৰ বংশ মৰ্য্যদাৰ কথা আছে, যাকে তাকে আনি নিজৰ নাম দিব পাৰি নেকি? মাহঁতে কেতিয়াও নামানিব।"
সৰুবোৱাৰীৰ অন্তৰখন মৰহি যায়। অপৰাধবোধৰ লগতে নিজৰ মানুহজনলৈ প্ৰচণ্ড অভিমান হয়।
ইয়াৰ পিছত ঘুনুক-ঘানাককৈ সৰুপোনালৈ নতুন মানুহ এজনী অনাৰ কথাও পৰিয়ালত ওলায়। ইষ্ট-কুটুম্বই নানান পৰামৰ্শ দিয়ে, শাহুৱেকহতেও বিচাৰ কৰে, ঘৰখনত গুণা-গঠা চলে।
সৰুবোৱাৰীয়ে সেমেকা চকুৰে অপেক্ষা কৰে, গিৰিয়েকৰ প্ৰতিবাদলৈ। এই যেন তেওঁ গৰজি উঠিব ঘৰখনৰ ওপৰত,
"মোৰ মানুহজনীক দুখ দি আন এজনী চপাম বুলি তোমালোকে কেনেকৈ ভাবি ল'লা?"
নাই। তাই শুনিবলৈ নাপায় তেনেকুৱা তৰ্জন গৰ্জন। তাইৰ কাণত কোনো ধৰণৰ প্ৰতিবাদৰ শব্দ নপৰেহি।
শোকে খুন্দা মাৰি ধৰা বুকুখনত তাই আশা এটা পুহি ৰাখে, এই যেন মানুহজনে আহি তাইক ক'ব,
"চিন্তা নকৰিবা সোণ, মই আছোঁ নহয়। মানুহে কওঁক দিয়া, মই তোমাৰ বাদে আনৰ কথা কেতিয়াও নাভাবো নহয়।"
তাই আকুলতাৰে বাট চাই ৰয়। নাই, নাহে কোনো আশ্বাস-বাণী। তাইৰ অশান্ত মনটোক শান্ত কৰাবলৈ, তাইৰ দেই পুৰি যোৱা বুকুখনক নিৰাপত্তাৰ উম দি জুৰাবলৈ তাইৰ মানুহজন নাহে। তাইৰ সেন্দুৰকণৰ গৰাকীজন এইবোৰ সময়ত নিৰ্বাক, বোবা। নিজৰ স্ত্ৰীৰ অসম্পূর্ণতাত ৰুষ্ট।
সৰুবোৱাৰীজনীৰ কষ্ট হয়। বুকুৰ ভিতৰৰ চট-ফটনিখিনি সামৰি মানুহক দেখুৱাবলৈকে সাধাৰণভাৱে চলিব নোৱাৰা হয়। দুদিনমান এই অসহনীয় পৰিবেশটোৰ পৰা তাই পৰিত্ৰাণ পাব বিচাৰে। দুদিনমান নিজৰ মাকৰ বুকুৰ উম ল'বলৈ ঘৰলৈ যাব বিচাৰে।
সচৰাচৰ তাই ঘৰলৈ গ'লে তাইৰ ভাগৰ কামসোপা কোনে কৰিব বুলি আপত্তি তোলা মানুহখিনিয়ে এইবাৰ নাই নুই নকৰে। কাকো উদ্দেশ্যে কৰি কোৱা নাই, কিন্তু এনেয়ে ঘৰখনত উৰি ফুৰা কথাবোৰ আহি তাইৰ কাণত খুন্দিয়াই যায়,
"যাওঁক, য'লে যায় তাই। ইয়াত থাকিনো কি সাত পুৰুষ উদ্ধাৰিছে?"
"সেইখন মুখ পুৱাই পুৱাই নেদেখি হে পাৰিছোঁ।"
ওলাব খোজা চকুপানীখিনি তাই জোৰকৈ ৰখাই থয়।
তাই যোৱাৰ আগদিনা জেশাহুৱেক আহি ওলায়।
চুটকেচ সামৰি থকা তাইক চমুকৈ কয়,
"সৰুক কোনোমতে সৈমান কৰাইছোঁ। তুমি ঘূৰি অহালৈ কথা চাগৈ ভালেখিনি আগবাঢ়িবই। আমাৰ এওঁ কৈছে আইনৰ মেৰ-পাচ আছে, তুমি পেপাৰত চাইন নকৰালৈকে সিজনী বৈধ নহ'ব, পা-পোৱালিও লিগেল নহ'ব হেনো। গতিকে বিধি পথালি নিদিয়াকৈ সৰুক মুকলি কৰি দিবা।"
সৰু মানে সৰুপোনা। তাইৰ মানুহজন। তাইক নাপালে মৰি যাম বুলি এসময়ত কান্দি-কাটি হুলস্থুল লগোৱা তাইৰ মনৰ গৰাকীজন।
এই মানুহজনৰ বাবেইতো তাই পঢ়া-শুনাৰ পিছত স্বাৱলম্বী হোৱাৰ চিন্তা বাদ দি ঢপলিয়াই হোমৰ গুৰিত বহিছিলগৈ। মাক বাপেকে দুখ পাইছিল। মেধাৱী ছোৱালীজনীয়ে নিজৰ সপোন, নিজৰ আকাংক্ষা মুহূৰ্ততে পৰৰ ঘৰৰ ল'ৰা এটাৰ বাবে ত্যাগ কৰিছিল। তাই ভাবিছিল এই মানুহখিনিৰ মৰম বুটলিয়ো তাই সম্পূৰ্ণ হৈ পৰিব।
পিছলৈ সেই পৰৰ ঘৰত সুখী জীয়েকক দেখি মাক বাপেকৰো সুখ হৈছিল।
আৰু সাত বছৰৰ অন্তত, শেষত এয়া। হাতত ডিভৰ্ছ পেপাৰ।
জেশাহুৱেকৰ কথাখিনিয়ে তাইক শেল হৈ বিন্ধি পেলায়। ইমান কঠোৰ, ইমান নিৰ্মম।
সৰুবোৱাৰীয়ে মুখেৰে নামাতে। গপগপাই ওলাই যোৱা জেশাহুৱেকৰ চেণ্ডেলৰ শব্দৰ লগত তাইৰ চকুপানীবোৰ সৰসৰকৈ বাগৰি আহে।
"তোমাক মই নিথৰুৱা নকৰো নহয়। ইয়াতে থাকিবা তুমি, কিন্ত তুমি নোৱাৰা কামখিনি কৰিবলৈতো মই ব্যৱস্থা লবই লাগিব।" পিছদিনা চুটকেচ লৈ ওলাই আহিবৰ সময়ত মানুহজনে তাইক কয়। হয়তো একালৰ মৰমৰ বান্ধোন, এসময়ৰ স্মৃতিৰ খাতিৰতে কয়, একপ্ৰকাৰ কৈফিয়ত।
সৰুবোৱাৰীজনীৰ অন্তৰৰ জুইকুৰা নুমুৱাব নোৱাৰে এই কথাবোৰে। তাই শান্ত ভাৱে মূৰ দুপিয়াই মাকৰ ঘৰলৈ বাট বোলে।
"নোৱাৰিলে নাই, মই যিখিনি পাৰো কৰিলোঁ, ইয়াতকৈ বেছি তাইক কি বুলি ভালৰি বোলাম" ভাবত গিৰিয়েকেও মূৰ পোলোঙা মাৰে।
মাকৰ ঘৰখনলৈ আহি সৰুবোৱাৰী বোলা মানুহজনীয়ে মুকলিকৈ উশাহ লয়। তাই ভাবিছিল ঘৰলৈ আহি তাই শোকৰ বোজাত দহি মৰিব। উকা উকা লাগিব। কিন্তু আচৰিত ধৰণে তাইৰ বুকুখন পাতল পাতল লাগি আহে। ভবা ধৰণে কান্দিবলৈ মন নোযোৱা হয়। সেই ঘৰ আৰু এই ঘৰৰ মাজৰ দূৰত্বখিনি অতিক্ৰম কৰি আহোঁতে তাইৰ মনৰ মাজেৰে অন্য ধৰণৰ চিন্তা কিছুমানে দুলনি দিবলৈ লয়।
নিজৰ মাকজনীয়ে ছোৱালীক কাষত পাই হিয়া উজাৰি মৰম কৰে। তাই কষ্টত আছে বুলি সহিব নোৱাৰি কথাৰ মাজতে তাইক বুজায়,
"কিনো কৰিবি আই, সন্তান সুখ ডাঙৰ বস্তু। তোৰ কোলা উদং, সম্পুৰ্ণ হ'ব নোৱাৰিলি তই। সেইখন ঘৰৰ কথা ভাব, জোঁৱাই পোৱালিৰ অৱস্থাটো বুজ। কপালকে ধিয়াই থাকিবি আৰু ইজনীৰ লগত মিলি-জুলি।"
তাই মাকৰ কথা শুনি অবাক হয়। এবেলা জুৰি কথাবোৰ চিন্তা কৰে। পিছবেলালৈ একালৰ খুব ক্ল'জ কলেজৰ বান্ধৱীক লগ ধৰিবলৈ ওলাই যায়।
পিছৰ দিনবিলাকত তাইৰ ব্যস্ততা বাঢ়ে। বান্ধৱীৰ সহযোগত তাই অত-তত এপ্লিকেচন কৰে।
"খোপনি পুতিবলৈ কিবা এটা দে।" তাই বান্ধৱীক কাতৰ হৈ কয়।
পুৰণি চিনাকি মানুহ, চাকৰিয়াল বন্ধু-বান্ধৱক চাকৰি এটা দিয়াবলৈ দুয়োজনীয়ে অনুৰোধ কৰে। পিছৰ দিনবিলাকত তাইৰ একমাত্ৰ লক্ষ্য হৈ পৰে নিজকে স্বাধীনভাৱে বাচিবলৈ কৰা তাইৰ প্ৰয়াস। অসম্পূৰ্ণৰ পৰা নিজকে সম্পূৰ্ণ কৰি তুলিবলৈ তাইৰ স্পৃহা।
লগৰবোৰে বুজে। পোন্ধৰদিন মানৰ ভিতৰত সাধাৰণভাৱে চলিব পৰাকৈ তাইৰ চাকৰি এটাও গোট খায়। একালত তাই পঢ়াই শুনাই কথাই বতৰাই বেছ জনাজাত আছিল। সেইখিনিৰ জহতেই চাকৰিটো পাওঁতে বিশেষ কষ্ট নহ'ল।
লগৰ জনীয়ে কয়,
"এইটোতে মূৰটো গুজি ল', ইনকাম এটা হৈ থাকিব। পিছলৈ কম্পিটিটিভ এগজামবোৰ দি যাবি। তোৰ মাথা আছে, নোৱাৰাৰ কথাই নাই।"
তাইৰ চাকৰিৰ খবৰটো শুনি গিৰিয়েকে বিধি পথালি নিদিলে, ফোনতে ক'লে,
"হওক দিয়া তুমি অকুপাইড থাকিলে ভালে থাকিবা, ঘৰুৱা কথাবোৰে তোমাক অশান্তি কৰিব নোৱাৰিব।"
তাইৰ সতিনী আনি তাইক দিবলৈ খোজা দুখখিনি যেন কম কৰিবলৈকে তাইক এইখিনি কথা কোৱা হ'ল।
এক প্ৰকাৰ কনচলেশ্যন। নিচুকনি বঁটা।
তাই ঈষত হাঁহি ফোনটো থৈ দিয়ে।
এটা দিনো হেৰুৱাব নিবিচাৰিলে তাই। চাকৰি লগে-লগে জইন কৰে। কামখিনি শিকি থিতাপি ল'বলৈ তাই অদ্ভূত এটা উদ্যম বিচাৰি পালে। গুনৱতী মানুহজনীয়ে এমাহমানতে কামৰ তলা-নলা সম্পূৰ্ণৰূপে বুজি ল'লে।
নিজৰ পৰিচয় বিচাৰি তাই ব্যস্ত হৈ পৰিল।
আৰু তাৰ পাছত, হঠাৎ এদিন, তাইৰ দেহত তাই নতুন প্ৰাণ এটাৰ উমান পায়। নতুন হৃদ স্পন্দন এটা তাইৰ দেহত সঞ্চাৰ হয়।
আশা এৰি দিয়া মানুহজনীৰ প্ৰায় তিনিমাহমান আগৰ অসাৱধান মুহূৰ্ত এটালৈ মনত পৰে। নিজৰ মানুহজনে তাইক আৱৰি সামৰি ৰাখিব বুলি শেষ আশাকণ পুহি ৰখা দিনবোৰৰ এদিন এই অসাৱধান মুহুৰ্তৰ সৃষ্টি হৈছিল। আৰু হয়তো সেই মুহূৰ্তবোৰতেই পোখালি মেলিছিল নতুন এটা বীজ। সিহঁতৰ পৰম আকাংক্ষাৰ সন্তান।
তাই উপচি পৰা আনন্দখিনি চম্ভালিব নোৱাৰা হয়। অফিচৰ টেবুলত মূৰ থৈ তাই কান্দি পেলায়। নিজৰ গা টোলৈ মায়া ওপজে।
তাই মুখ ফুটাই একো নক'লেও, মাকে নতুন খবৰটো শহুৰেকৰ ঘৰলৈ দিয়াত হেমাহি নকৰিলে।
আগন্তুক বিয়াখনৰ যা-যোগাৰত ব্যস্ত থকা তাইৰ শহুৰেকৰ ঘৰখন মুহূৰ্ততে জোকাৰ খাই উঠিল। তৎক্ষণাত সকলো স্থবিৰ হৈ গ'ল। উফৰি পৰাদি শাহুৱেকহঁত সকলো আহি ওলালহি।
আহিয়েই মৰমৰ সৰুবোৱাৰীজনীক শাহুৱেকে আঁকোৱালি লয়। জাৱক, জেশাহুৱেকহতৰ চকুত আনন্দ, স্নেহ, বিস্ময়।
"ইমানলৈকে কষ্ট পালি আই, গুচি আহ ঘৰলৈ, এতিয়া আৰু কোনো আফছোচ নাই, তয়েই আমাৰ লখিমী বোৱাৰীজনী।"
সৰুবোৱাৰীজনীৰ মাকে স্বস্তিৰ নিশ্বাস পেলায়। নেদেখাজনলৈ প্ৰণাম যাচি চকুৰ কোণ মোচে। হাঁহি হাঁহি ছোৱালীৰ শাহুৱেকক কয়,
"তাকেহে বিয়নী, ইমান ভাল মোৰ ছোৱালীজনীক ইচৰে আৰু চকু মেলি নাচাবনে?"
"অৱশেষত আমাৰ কথা শুনিলে প্ৰভুৱে। এতিয়া আমাৰ ঘৰৰ ফচল, ফচলৰ মাক , দুয়োকে নিবলৈ আহিছোঁ।" জেশাহুৱেকে উল্লাসেৰে কয়।
সৰুবোৱাৰীয়ে থেৰো গেৰো কৰে। শাহুৱেকহতৰ উৎসাহ, আনন্দখিনিয়ে তাইৰ বুকুখনত কঁপনি এটা উঠায়। ঘৰ এৰাৰ দিন ধৰি অনুভৱ নকৰা গধুৰ গধুৰ ভাবটো ঘূৰি আহে। বুকুখনত ভাৰ এটা অনুভৱ কৰে।
তাইৰ অৱস্থাটো দেখি দুদিনমান জিৰাই শতাই পিছত যাবগৈ বুলি মাকে বিয়নীয়েকক কথা দিয়ে।
শাহুৱেকহতে তাইৰ গালে-মুখে হাত ফুৰাই যায়গৈ।
তাই মাকৰ হকা বধা নামানি অফিচ কৰিবলৈ লয়। নিজৰ স্বাস্থ্যৰ লগতে কামৰ ওপৰত চকু দিয়ে।
শহুৰেকৰ ঘৰৰ মানুহখিনিয়ে সেই দিনবোৰত উপৰ্যুপৰি ফোন কৰে, খবৰ লয়, দিহা দিয়ে। হাঁহি হাঁহি তাইৰ মাকজনীৰ লগত কথা পাতে। সৰুবোৱাৰীয়ে এটা দুটা কথা কৈ ফোন সামৰে।
কেইদিনমান পিছত গিৰিয়েকটো আহি ওলাইহি। খবৰ পোৱা সময়ত তেওঁ অফিচিয়েল টুৰত আছিল। আহিয়েই ঢপলিয়াই আহিছে।
তাই আজিৰ দিনটোলৈকে বাট চাই আছিল। তাইৰ নতুন খবৰটোত নিজৰ মানুহজনৰ সলনি হোৱা মুখখন, সলনি হোৱা তাইৰ প্ৰতি থকা তেওঁৰ অনুভূতিখিনি চাবলৈ তাইৰ হেঁপাহ হৈছিল।
কোঠালীৰ ভিতৰত নিশ্চুপ হৈ বহি থকা তাইক তেওঁ সাৱটি ধৰে। তাইৰ গাটো শিল হৈ পৰে খন্তেকতে। সেই যে প্ৰথম স্পৰ্শৰ ভয়, সংশয় ভাবটো, সেইটোৱে তাইক মেৰিয়াই ধৰে। কেৱল প্ৰথমবাৰত অনুভৱ কৰা ৰোমাঞ্চৰ ঠাইত আজি অনুভৱ কৰিছে এক হিম শীতল, চেঁচা ভাব। তাইৰ বুকুখন আকৌ গধুৰ হৈ পৰিল।
"মাহঁতৰ দুখৰ কথা ভাবিহে মই মান্তি হৈছিলোঁ। এই খবৰটোৱেই যদি অলপ দিন আগতে শুনালা হয়, কথাবোৰ এই পৰ্য্যায় পাবলগীয়াই নহ'ল হয়। তুমিও ইমান দুখ নাপালা হয়, ময়ো নিজৰ মনৰ বিৰুদ্ধে গৈ বিয়াত মত দিবলগীয়া নহ'ল হয়।"
আকৌ কৈফিয়ত। কিয় জানো মানুহজনৰ কথাবোৰ তাইৰ ধৰা পৰা চোৰৰ সৈ কাঢ়ি কৰা অনুনয় বিনোনয়ৰ দৰে লাগিল। ফোঁপোলা, ভিত্তিহীন।
কেৰেলুৱাৰ দৰে কোচ খাই গ'ল তাই মানুহজনী।
মানুহজনে কৈ গৈ আছিল,
"বহুত কাম আছে। পেণ্ডেলৰ মানুহ, কেটাৰিং চবকে ফোন কৰি কেঞ্চেল কৰিব লাগিব। এডভান্সৰ টকা বা আকৌ ঘূৰাই দিয়ে নে নায়।"
তাই বিস্ময়ৰ দৃষ্টিৰে তেওঁলৈ চায়। তাইৰ মানুহজনে তাইক আশ্বাস দিছে যে তেওঁ তাইৰ বন্দবস্ত হৈ থকা সতিনীজনী আৰু নানে।
"বাৰু, সেইবোৰ পিছত হ'ব। এতিয়া কাপোৰ কানি পেক কৰা, ঘৰলৈ ব'লা। চবেই বাট চাই আছে।"
"ঘৰ?" কেঁচুৱাৰ মুখত প্ৰথম শব্দ ফুটি উঠাৰ দৰে সৰু বোৱাৰীৰ মুখৰ পৰা মানুহজনক উদ্দেশ্যি প্ৰথম শব্দটো ওলাল।
"উম, তোমাৰ আচল ঘৰ সেইখন হে।" মানুহজনৰ আশ্বাসবাণী।
"যিখন ঘৰত বিনা সন্তান মোৰ কোনো অস্তিত্বই নাই, সেইখন ঘৰৰ কথা কৈছে নেকি আপুনি? নে যিখন ঘৰত মোৰ অক্ষমতাৰ শাস্তি স্বৰূপ সতিনী খাটিবলৈ দিম বুলি ভাবিছিল সেইখন ঘৰ?" তাই প্ৰশ্ন কৰে।
"উফ, কিনো একেটা কথাতে লাগি থাকা সোণ, বাদ দিয়া আৰু, বুজিছোঁ তুমি অভিমান কৰিছা, কিন্তু এতিয়া আৰু সতিনী চতিনীৰ ভয় নাই।"
তাইক বুজাবলৈ আগবাঢ়ি অহা মানুহজন দেখি তাই দুখোজ পিছুৱাই গ'ল।
"নাযাওঁ। নাৰী হিচাপে, আপোনাৰ পত্নী হিচাপে মোক সেইখন ঘৰৰ পৰা কাহানিবাই উলিয়াই দিলে আপোনালোকে। এতিয়া মাতৃ হিচাপে অন্তত স্বাৰ্থপৰ মানুহ এসোপাৰ মাজত নিজৰ সন্তানটি ডাঙৰ কৰিবলৈ মই ঘূৰি নাযাওঁ।" তাইৰ দৃঢ় উত্তৰ।
"এয়া তোমাৰ চাকৰি, তোমাৰ অহংকাৰৰ ভাষা। এই কেঁচুৱাটো মোৰো, মনত ৰাখিবা। সি ডিজাৰ্ভ কৰে বাপেকৰ মৰম, ককাক আইতাকৰ আদৰ যত্ন।" মানুহজন ক্ষুণ্ণ হয়।
"কৰে ডিজাৰ্ভ, কিন্তু নিঃস্বাৰ্থ মৰম। য'ত তাৰ মাকেই কেৱল মানুহ হিচাপে মৰম নাপালে, তেনে এখন ঘৰত সিয়ো স্বাৰ্থপৰ হ'বলৈয়ে শিকিব। মাক হিচাপে মই তাক বাপেকৰ লেখীয়া মেৰুদণ্ডহীন, সুবিধাবাদী হ'বলৈ এৰি দিব নোৱাৰো।"
"গতিকে আজিয়েই মোৰ শেষ দেখা, শেষ কথা আপোনাৰ সৈতে। মোক বাইদেৱে বিচ্ছেদৰ কাগজ হাতত দি অহাৰ দিন ধৰি মই নিজকে আপোনাৰ পৰা বিচ্ছেদ কৰিলোঁ। মোৰ চকুত সন্মান হেৰুৱা মানুহ এজনৰ লগত মই আৰু মিছা সংসাৰ এখন কৰিব নোৱাৰো। গতিকে আপুনি এতিয়া যাব পাৰে।"
সৰুবোৱাৰীৰ চকুত দপদপাই যেন জুই একুৰা জ্বলি উঠিছিল। আৰু সেই জুইৰ তেজাল শিখাত যেন তাইৰ সৰুবোৱাৰীৰ মোটটো ভস্মীভূত হৈ গৈছিল।
কোনোদিনে নেদেখা একালৰ নিজৰ মানুহজনীৰ এই ৰূপ, এই দৃঢ়তা দেখি মানুহজন অবাক হ'ল। লাজ অপমানৰ ভাৰটো এই মুহূৰ্তত অকলে ব'বলৈ সামৰ্থ্য নাছিল সৰুপোনা নামৰ মানুহজনৰ।
পিছত দেখা যাব বুলি তেওঁ যাবলৈ ওলাল। ঘৈণীয়েকজনী পেটত কেঁচুৱা থকা মাইকী মানুহহে, শেষ আশ্ৰয় স্বামীৰ ঘৰেই হ'ব লাগিব।
যাবলৈ ওলোৱা মানুহজনক সৰুবোৱাৰীয়ে পিছফালৰ পৰা মাত দিলে,
"এটা অনুৰোধ থাকিল।"
শেষ মুহূৰ্তত মন গলিব পাৰে বুলি অনেক আশা লৈ মানুহজনে তাইলৈ ঘূৰি চালে।
"আপোনাৰ ভাবী পত্নীক পাৰিলে বিয়াৰ আগতেই এবাৰ টেষ্ট কৰোৱাই ল'ব, তেওঁৰ দেহৰ যন্ত্ৰ-পাতি ঠিক আছে নে নাই পৰীক্ষা কৰোৱাব।"
আশ্চৰ্যত চকু থৰ হোৱা মানুহজনক তাই এইবাৰ তীৰ্যক সুৰত ক'লে,
"ঠিক নাইতো, এইবাৰো যদি ডিফেক্তিভ পিচ ওলাই, মিছা মিছি আপোনালোকৰ লোকচান হ'ব, তাইৰো কষ্ট হ'ব, গতিকে আগতেই চব ক্লিয়াৰ কৰি লোৱা ভাল। অল ডা বেষ্ট।"
দুৱাৰখন জপাই, একালৰ সৰুবোৱাৰীজনীয়ে দীঘলকৈ উশাহ এটা ল'লে। আসন্ন মাতৃত্বৰ জ্যোতিত প্ৰজ্ঞা বোলা মানুহজনীৰ মুখখন উজলি উঠিল। কিন্তু তাতকৈয়ো দুগুণ জ্যোতিত উজ্বলিছিল তাইৰ নিজকে বিচাৰি পোৱাৰ সংকল্প, তাইৰ নিজা পৰিচয়ৰ গৌৰৱ। আজি নতুন মানুহ এজনীৰ জন্ম হ'ল। তাই প্ৰজ্ঞা।
মাতৃত্বৰ বাবে নহয়, নাৰীত্বৰ স্বাভিমানেৰে আজি তাই সম্পূৰ্ণা।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
১৭.০৮.২০২০


