Wednesday, 24 March 2021

মঙহ


মঙহ

(এক মিনিটৰ গল্প)

ৰাতি দহ বাজিছে। ঠাইডোখৰ জয়াল, নিমাও মাও। এনেকুৱা ঠাই, এনেকুৱা সময়বোৰ নিৰ্মালিৰ দৰে অকলশৰীয়া, সুন্দৰী যুৱতীৰ বাবে সবাটোতকৈ বিপদজনক বুলি জানিও তাইৰ আজি উপায় নাই।

মেইন ৰাস্তাৰ পৰা নিৰ্মালিহতৰ ঘৰলৈ দূৰ, মাজত এই ডোখৰ ঠাই অলপ আওহঁতিয়া। মানুহৰ সমাগম পাতল, দুই এঘৰ চালি দিয়া বস্তিৰ মানুহৰ বাদে জনবসতি প্ৰায় শূণ্য। এইখিনি ঠাই পাৰ হৈ লুঙলুঙীয়া আলিয়েদি এচোৱা গ'লেই নিৰ্মালিহতৰ চুবুৰীটো।

দিনৰ বেলিকা হওঁতে ৰিক্সা দুই এখনৰ চলাচল নথকা নহয়, মানুহৰ আহ-যাহো থাকে। কিন্তু এই সময়ত অফিচ বাছৰ পৰা নামি ঘৰলৈকে এই দূৰত্বখিনি খোজকাঢ়ি অতিক্ৰম কৰিবলৈ নিৰ্মালি বাধ্য। আন গত্যান্তৰ নাই।

অফিচৰ পৰা দিয়া ইস্পেচিয়েল বাছখনে নিৰ্মালিক মেইন ৰাস্তাৰ লেম্প পোষ্টটোৰ কাষতেই নমাই দিলে।
তাৰ পৰা ঘৰলৈ বুলি এয়া, নিৰ্মালিৰ অকলশৰীয়া যাত্ৰা।

অইন দিনা হোৱা হ'লে ভায়েক নিতুল চাইকেলখন লৈ পুতুক কৈ তাইক আগবঢ়াই নিবলৈ আহিল হয়।  কিন্তু  তাৰ কলেজৰ পৰীক্ষা চলি আছে। সি হাজাৰ বিচাৰিলেও কোনোপধ্যেই তাক এই কেইটা দিন পঢ়া-টেবুলৰ পৰা উঠাই আনিব নোৱাৰি।

নিতুলৰ ওপৰতেই ঘৰখনৰ ভৰসা। বিয়া হৈ সংসাৰ কৰাৰ বয়সত জীয়ৰী নিৰ্মালিয়ে বেংকৰ ক্লাৰিকেল পাছ কৰি দৰিদ্ৰতাই জুৰুলা কৰা ঘৰখন টানি-টুনি চলাই গৈছে। ধুনীয়া চেহেৰাৰ গাভৰু জীয়েকক বিয়া নিদি কামত খটুৱাই ৰাখিছোঁ বুলি মাকে আক্ষেপ কৰে। তাতে ৰাতি বিয়লি তাই অফিচ কাছাৰি কৰে।  "হৰিণৰ মঙহেই বৈৰী" বুলি মাকে প্ৰায়েই কৈ কৈ চাদৰেৰে নাকৰ আৰু চকুৰ পানী সমানে মোচে।

"নিতুলটোৰ গত এটা লাগক। হ'ম দে বিয়া" বুলি মাকক তেতিয়া নিৰ্মালিয়েই সাহস দিয়ে।

সেই নিৰ্মালিয়ে আজি শেষ সাহসকণ হেৰুৱাই জয়াল ৰাতি মঙহ ৰূপী বৈৰীৰ ভয়ত পেঁপুৱা লাগিল।

আন সময়ত তাই বেংকৰ পৰা দিনে পোহৰেই উভতি আহে। আহোঁতে বাছৰ পৰা নামি চকটোৰ গুৰিৰ বজাৰখনৰ পৰা ঘৰুৱা বজাৰ কেইটাও লৈ আহে। কিন্তু এতিয়া মাৰ্চ মাহ। বেংকৰ "ফিনেঞ্চিয়েল ইয়েৰ এণ্ডিং"ৰ চূড়ান্ত ব্যস্ত সময় । আন কেইদিন সাত আঠ মান বজাত আহি পাইছিল, কিন্ত আজি এই ডোখৰ পাওঁতে দহ বাজিলহি। শেষ দিন বুলি কথা।

এসোপা সংশয় লৈ নিৰ্মালি এয়া ঘৰলৈ বাট বুলিছে। এইকণ ঠাইতেই তিনিবছৰ আগতে মাখনি বোলা ছোৱালীজনী নিঃশেষ হৈ গৈছিল। এজাক পশুৰূপী মানুহে ৰাতিৰ আন্ধাৰখিনিৰ সুযোগলৈ মাখনিক নেফানেফ কৰি পেলাইছিল। নিৰ্মালিৰ ঘটনাটো মনত পৰিলে আজিও গা শিয়ঁৰি উঠে।

আজি এই একে ডোখৰ অভিশপ্ত ঠাই, এই নিস্তব্ধ ৰাতিখন, বুকুত অসীম সাহস বান্ধি খৰ-খোজেৰে অতিক্ৰম কৰিবলৈ নিৰ্মালি অগ্ৰসৰ হয়।

"প্ৰভু মোক ৰক্ষা কৰিবা" মুখৰ অস্ফুট বিৰবিৰণি লৈ আগবঢ়া নিৰ্মালিৰ দুভৰি হঠাৎ থমকি ৰয়। তাইৰ সমুখত চাৰিটামান প্ৰকাণ্ড ভতুৱা কুকুৰ। কৰ্কশ গলাৰে ভুকি থকাৰ মাজৰ পৰা তাইলৈ টেলেকা টেলেকিকৈ চাই ৰৈছে, জিভা উলিয়াই তাইক তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিছে।

কুকুৰলৈ নিৰ্মালিৰ অতিপাত ভয়। ভুক-ভুকনিতে প্ৰাণ যায় তাইৰ।

সেপকণ ঢুকি তাই চৌপাশে চাই ৰ'ল। নাই নৰ-মনিচ এটাও নাই। এতিয়া এই কুকুৰৰ ত্ৰাসৰ পৰা তাইক ৰক্ষা কৰে কোনে?

কিন্তু ৰৈ থাকি পানী ঘোলা কৰি জানো কিবা লাভ আছে? উপায়ন্তৰ নিৰ্মালি শেষত কইনা খোজেৰে আগবাঢ়ে, দুৰু দুৰু কৈ তাইৰ কলিজাখন কঁপি উঠে, ডিঙি শুকাই কৰ্কৰীয়া মাৰে।

হঠাৎ, তাইক অবাক কৰি, কুকুৰ চাৰিটা দাঁতিলৈ আঁতৰি যায়। তাই সুকলমে পাৰ হৈ যাবলৈ কেউটাই যেন ৰাস্তাটো মুকলিহে কৰি দিয়ে।

মৰণত শৰণ দি পাৰ হৈ যোৱা নিৰ্মালিয়ে স্বস্তিৰ নিশ্বাস পেলায়, পিচলৈ ঘূৰি চাই তাইৰ ভাব হয়, কুকুৰ কেইটা যেন কোনো ঐশ্বৰ্যৰে ভৰা চন্দুকৰ অক্লান্ত প্ৰহৰী।

সিহঁতে তাইলৈকে চাই আছিল। সিহঁত কেইটাৰ মুখৰ ভংগীবোৰে যেন হঠাৎ নিৰ্মালিক কৈ উঠিল,
"ভয় খাইছ কিয়? আমাৰ পৰা তই বিপদত নপৰ। আমি কুকুৰ হে, মানুহ নহও নহয়।"


✍ © ৰূপালীম (বেংগালুৰু)
১১.১২.২০২০

চিকাৰ


চিকাৰ

(এক মিনিটৰ গল্প)

সমুখত বাঘিনীজনী। প্ৰখৰ ৰদৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰকাণ্ড গছজোপাৰ তলত বহি পৰম সন্তোষৰে নিজৰ হাতোৰা চেলেকি আছে তাই।

সন্তৰ্পণে মই আগবাঢ়িছোঁ। এনেকুৱা এটা "স্পট" লাগিব মোক...যৰ পৰা তাই ক্লউজ ৰেঞ্জত থাকিব, অথচ মই প্ৰয়োজন পৰিলেই পলাই সাৰিব পাৰো।

শুকান পাতৰ খচমচনিবোৰে মোক সচকিত কৰি তুলিলে। গামবুটযোৰ যিমান পাৰোঁ সিমান পাতলকৈ মাটিত পেলাই, আলাসতে খোজ পেলোৱাৰ চেষ্টা কৰিলোঁ।


বচ। এই ঠাইকনেই বেষ্ট হ'ব। এইখিনিতেই থিয় হৈ মই তাইক অনায়াসে টাৰ্গেট কৰিব পাৰিম।

মোক তাই দেখা পোৱা নাই। উদৰ পুৰাই কোনো খাদ্য ভক্ষণ কৰাৰ পিছত দুপৰীয়াৰ কাঁচিয়ালী ৰ'দ... আৰু নাম নজনা বহু বছৰ পুৰণি বটবৃক্ষৰ শীতল ছায়াৰ আমেজ লৈ তাইৰ চকুহালো মুদ খাই আহিছে। জিৰণি লৈছে তাই...আৰু এয়া মোৰ বাবে সুবৰ্ণ সুযোগ।

নিৰাপদ দূৰত্বত এতিয়া মই সাজু। আজি, এই কামটো কৰিব পাৰিলেই, হাতলৈ আহিব পৰম আকাংক্ষিত বহুত কিবা কিবি। এই এচাইনমেন্টটোৰ ওপৰত ভিত্তি কৰি মোৰ কামৰ চাহিদা বাঢ়িব, সেই অনুপাতে পাৰিশ্ৰমিকো। নিদিষ্ট মহলত মোৰ নাম প্ৰফেশ্যনেলি জনাজাত হৈ পৰিব।

নিজৰ ওপৰত মোৰ প্ৰবল বিশ্বাস আছে। সুপ্ৰশিক্ষিত মই, সুনিপুনো। আজিকোপতি মোৰ হাত কঁপা নাই...স্থিতপ্ৰজ্ঞ হাত দুখনৰ বলত ইতিমধ্যেই মই এখন ভাল ফিল্ড বনাই পেলাইছোঁ।


ছেঃ... কিবোৰ ভাবি সময় নষ্ট কৰিছোঁ মই। সুযোগ মাথোঁ এবাৰেই আহে। এই স্পট, এই টাৰ্গেট... মিচ হৈ গ'লে, দুনাই ঘূৰাই নাপাম।

এটা চকু মুদি, আনটো চকুৰে মই লক্ষ্য স্থিৰ কৰিলো। আঙুলিটো সঠিক ঠাইত ন্যস্ত, আচল জেগাত টিপিলেই হ'ল। শৰ প্ৰক্ষেপণ কৰাৰ আগতে ধনুৰ্বিদ অৰ্জুনে মাছৰ চকুটোৰ প্ৰতি দিয়া ধ্যানখিনিৰ সমান দৃঢ়তা মোৰ চকুত ভাহি আছে।মোৰ সম্পূৰ্ণ ফকাছ মাথোঁ বাঘিনীৰ ওপৰত।

আই এম ৰেডি টু শ্বুট হাৰ।


কিন্তু এয়া কি....হঠাৎ... তাইৰ কাষত নিচিন্তমনে এঘুমটি মাৰি থকা পোৱালি দুটালৈ চকু গ'ল মোৰ। ইহঁতক যে মই দেখাই নাছিলোঁ! এতিয়া কি কৰোঁ?

মাক নোহোৱাকৈ পোৱালি দুটা! পোৱালি নোহোৱাকৈ মাকজনী! কথাবোৰ...অলপ পৰ কল্পনা কৰি চালোঁ।

সিদ্ধান্ত লোৱাৰ ক্ষণ এয়া, গুণা গঠা কৰাৰ নহয়।

প্ৰফেশ্যনেল মই, আবেগৰ বশৱৰ্তী নহওঁ।

কাম এটা কৰি পিছত আক্ষেপ কৰাৰ অভ্যাস মোৰ নাই। গতিকে ঠিক কৰিলোঁ.... পোৱালীয়ে, মাকে... চবকে একেলগে শ্বুট কৰি পেলাওঁ।

লেট মী ফিনিছ ইট ৱানচ এণ্ড ফৰ অল।


মই সাজু।
...
...
আঙুলি টিপি গ'লোঁ।

তিনিটা শব্দত সকলো যেন থমকি ৰৈ গ'ল। সকলো উৎকন্ঠাৰ অন্ত পৰিল।


মাৰভেলাচ শ্বটছ!

"ৱৰ্ল্ড ৱাইল্ডলাইফ ফটোগ্ৰাফী কনটেষ্ট"লৈ ফটো পঠোৱাৰ আজি অন্তিম দিন। মোৰ ফটোশ্বুট শেষ।

কেমেৰাটো সন্তুষ্টিৰে বন্ধ কৰি এইবাৰ মই ঘৰমুৱা হ'লো।


✍ © ৰূপালীম (বেংগালুৰু)
০৪.১২.২০২০

অভিসাৰৰ অন্তত


অভিসাৰৰ অন্তত

(গল্প)

টিং টিং টিং...
ৱাতচ্‌ এপত নটিফিকেশ্যনটো অহাৰ লগে লগে ৰিণিকিয়ে একেকোবে দৌৰি গৈ ফোনটো চাইলেণ্ট কৰি দিলে। তাইৰ বহু প্রত্যাশিত মেছেজ এইটো। কিন্তু মাকে যে তাইৰ ৰুমত আঁঠুৱা তৰি আছে। এই সময়ত কোনোবাই ফোনত মেছেজ পঠিয়াইছে বুলি গম পালে হিটলাৰ ৰূপী মাকজনীয়ে তাইৰ কলিজা খাই দিব। চৌদ্ধ গোষ্ঠী উধাৰি শ্ৰীমতী চৌধুৰীয়ে ৰিণিকিক থকা সৰকা কৰিব।

একো যেন হোৱাই নাই ভাব দেখুৱাই ৰিণিকি ৰুমটোৰ পৰা লাহেকৈ ওলাই আহিল। মাক শোৱক। মেছেজ দিবলৈ গোটেই ৰাতিটো পৰি আছে।


সমুখত তাইৰ হায়াৰ চেকেণ্ডাৰী পৰীক্ষা। জীৱনৰ এটা মুখ্য ঢাপ। ভালকৈ পাছ কৰি দিল্লীত মাচ-কম পঢ়িবলৈ যাব বুলি তাইৰ লগতে ঘৰখনেও আশা কৰি আছে। হওঁতে স্কুলত থকালৈকে ৰিণিকি ঠিকেই আছিল, স্বভাৱে চঞ্চলমনা যদিও পঢ়া-শুনাখিনি ঠিক বজাই ৰাখিছিল। কিন্তু মেট্ৰিক পাছ কৰি ওচৰৰে জুনিয়ৰ কলেজখনত নাম লগোৱাৰ পৰা তাইৰ কি হ'ল জানো! এসোপা নতুন বন্ধু গোট খালে, বাহিৰা, অযথা ধান্দাবোৰ বেছি হ'বলৈ ল'লে। ফুৰা-চকা, বন্ধু-বান্ধৱ, লগৰবোৰৰ "লাভ-এফেয়াৰ", এইবোৰ কথাই ৰিণিকিক বাৰুকৈয়ে ব্যস্ত কৰি ৰাখিবলৈ ল'লে। ফলত ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা একেবাৰেই আশানুৰূপ নহ'ল।

এতিয়া ফাইনেল সমাগত। পঢ়াৰ যতন হওক বুলিয়েই মাকে অলপ দিনৰ পৰা তাইৰ যাৱতীয় সকলো কাম কৰি দিছে। কেৱল এটাই ইচ্ছা তেখেতৰ,
"সময় ক্ষতি নকৰি তই পঢ়। কেৱল পঢ়ি যা। হায়াৰ চেকেণ্ডাৰী পৰীক্ষা বুলি কথা, মনৰ মতনকৈ পাছ কৰিলে ভাল কলেজ এখনত নাম লিখাই গজগজিয়া হ'ব পাৰিবি।"

কামৰ তাগিদাত সিহঁতৰ বাপেকটোৱে মূৰ দাঙিব নোৱাৰে। তিনিটাকৈ ল'ৰা-ছোৱালী শ্ৰীমতী চৌধুৰীয়ে অকলেই ডাঙৰ কৰিলে। ভাতৰ চৰুৰ পৰা বজাৰ সমাৰলৈকে ঘৰৰ সমস্ত জঞ্জাল তেখেতে অকলেই সামৰে। ৰিণিকিৰ বায়েক ৰিন্তীয়ে যিমান পাৰে সহায় কৰি নিদিয়া নহয়। কিন্ত তাইৰ নিজৰো পঢ়া আছে। কম্পিটিটিভ পৰীক্ষাবোৰ দিব বুলি বায়েকে কলেজৰ পঢ়াৰ বাদেও উপৰুৱা ধেৰ পঢ়া-শুনা কৰে। তাইৰ পিছৰে ল'ৰাটো, ৰন্তু, সি থকালৈকে মাকক বজাৰ-পাতি কৰি, লাইট-পানীৰ বিল দি ভালেখিনি সহায় কৰি দিছিল। কিন্তু যোৱাবছৰ সিয়ো ইঞ্জিনিয়াৰিং পঢ়িবলৈ চুৰাটলৈ গুচি গ'ল। আৰু এতিয়া ঘৰখনৰ সমস্ত দায়িত্ব মূৰ পাতি লোৱাৰ পিছত বেচেৰী মাকজনীৰ বৰ্তমানৰ উদণ্ড ৰিণিকিজনীক শাসন কৰিবলৈ সময় আৰু শক্তি, দুয়োটাই নুকুলায়।

আজিকালি ৰিণিকিয়ে ফোনটো লৈ অনবৰতে ধিতিঙালি কৰি থাকে বুলিয়েই ঘৰখনৰ মানুহৰ গোচৰ। দেউতাকেও দুই এদিন গল-হেকাৰি মাৰি ফৰমান শুনোৱা হৈ গৈছে।
"ফোনে মানুহে গতিয়াই বাহিৰ কৰি দিম, সময় থাকোতেই চিধা হ। বায়েৰৰ বেলিকা কিন্তু মই এটা কথাও ক'ব লগীয়া হোৱা নাই।"

পিছে উৰ্ধবাহু জীয়েক ৰিণিকিয়ে কথা শুনিলেহে। তাইৰ মতে তায়েই সকলো জানে। ঘৰৰ মানুহবোৰ কামোৰ, সকলোতকৈ বেঙী তাইৰ নিজৰ বায়েকজনী।

ঘৰখনৰ মানুহবোৰ ৰিণিকিৰ ওপৰত ৰুষ্ট হৈ থাকে।  সমুখত পৰীক্ষা, তথাপিও ৰিণিকিৰ চচিয়েল লাইফ, বন্ধু-বান্ধৱৰ তাণ্ডৱ শেষ নহয়।

"শাসন নমনা, টিঘিলঘিলাই ফুৰা, উতনুৱা ছোৱালী হৈছে এইজনী।" ৰিন্তীয়ে তাইক উপমা দিয়ে।

মাকেও কয়,
"ককায়েৰটোতো এটা জুৱেল। বায়েৰকো দেখিছ? কিমান শান্ত! মুখৰ এটা মাত নাই। দিনটো নিজৰ ৰুমত সোমাই হয় পঢ়া-শুনা কৰে, নহয় ঘৰৰ কাম। তোৰ নিচিনা আজি অমুক, কাইলৈ তমুক কৰি সময় অপচয় নকৰে। ৰাতিয়ো দেহি বেচেৰীজনীয়ে লেপটপ লৈ পঢ়া-শুনা কৰে, ভিডিওত অনলাইন কৌৰ্চ কৰে।"


কথাটো সঁচা। পঢ়া-শুনাত ৰাপ থকা বায়েক ৰিন্তীয়ে যোৱা কেইমাহ মানৰ পৰা দিনে ৰাতিয়ে পঢ়িবলৈ লৈছে। কলেজৰ সময়খিনি বাদ দি তাই বেছিকৈ বাহিৰলৈ নোলায়েই। আগতে ইহঁতৰ লগতে ধেমালি-ধুমুলা কৰিছিল, এতিয়া সেইবোৰো বন্ধ। ভায়েক পঢ়িবলৈ যোৱাৰ পিছত তাৰ ৰুমত তাই থাকিবলৈয়ো লৈছে। আগতে তাই আৰু ৰিণিকি একেলগেই থাকিছিল। কিন্তু "ৰিণিকিয়ে বৰ উৎপাতখন কৰি থাকে... মোৰ পঢ়া ডিষ্টাৰ্ব হয়" বুলি তাই ইটো ৰুমলৈ শ্বিফ্ট হৈ পেলালে। ৰিণিকিয়েও ভালেই পালে। কামোৰ বায়েকৰ শাসন আৰু বকনিৰ পৰা মুক্ত হৈ তাই নিজাববীয়াকৈ ৰুমত নাচ-গান, চিঞৰ-বাখৰ সকলো কৰিবলৈ ল'লে। মুঠতে পঢ়া-শুনা ৰসাতলে গ'ল।

আজলী বায়েকেনো কি বুজিব তাইৰ "হেপেনিং লাইফ"ৰ কথা। তাইতকৈ চাৰিবছৰৰ ডাঙৰ বায়েকজনীতকৈ নিমাখিত, বোবা প্ৰাণী তাই এই পৃথিৱীত দেখা নাই। ধুনীয়াজনী হোৱা স্বত্বেও না আছে কোনো ধুন-পেচ, না চচিয়েল লাইফ। মস্ত নিৰস।

ৰিণিকিয়ে কেতিয়াবা যুক্তি খটুৱাই কিবা এষাৰ ক'লেও বায়েকে বেয়া পায়। এবাৰ ওচৰৰে এঘৰত ৰিটায়াৰ হোৱা খিটখিটিয়া বুঢ়া এজনে মাকক কথা শুনাইছিল, "বোলো ৰিন্তীক বিয়া দি দিয়ক, পঢ়াই শুনাই কি কৰিব ছোৱালী মানুহ? এনেয়ে হে থাকিব, বিপদ সোনকালে খেদাব লাগে আৰু।"

ৰিণিকিয়ে তেখেতক মুখতে ধৰিছিল, "তেন্তে বৰ্তা, আপুনিওতো এনেয়েহে আছে, ৰিটায়াৰ হৈ।  তীৰ্থ কৰিবলৈকে নাযায় নো কিয়?"

ঘৰলৈ আহি বায়েকে তাইক দেধাৰ বকিছিল, "কিয় সকলো কথাতে টেপটেপাই থাক। মই বায়েৰ হৈয়েই একো কোৱা নাই, তই সৰু হৈ ইমান বেছি ওষ্টাদি মাৰ।"

"ইহঃ বৰ বায়েকজনী ওলাইছে।" উচাত মাৰি ৰিণিকি গুচি গৈছিল।


এইজনীয়েই তাইৰ বায়েক। অথচ একে ঘৰৰ সৰু ভনীয়েক হৈ ৰিণিকি কিমান আপ-টু-ডেট। এই বয়সত কৰিবলগীয়া বহুত ফুৰ্তিয়েই তাই কৰি ফুৰে। মাজতে কাৰোবাৰ কাৰোবাৰ প্ৰেমতো পৰিব বিচাৰে। কিন্তু যোৱাবছৰ লগৰ ল'ৰা এটাৰ লগত চিঠি দিয়া-দিয়িৰ কাৰবাৰটো ককায়েক ৰন্তুৱে ঠিক ধৰা পেলাইছিল। ল'ৰাটোক এপিটন দিম বোলোতেই সি কান্দি কান্দি সৈ কাঢ়ি পেলাইছিল। কেলেহুৱা প্ৰেমিকটোৰ তাগজ নাই বুলি ৰিণিকিয়ে আৰু "এই চেঙেলীয়াবোৰৰ প্ৰেমত পৰিবলৈ নাই" বুলি শপত খাইছিল। ঘৰত কিন্তু নিজৰ দপদপনি তাই অক্ষুন্ন ৰাখিছিল।

কিন্তু উঠন বয়স বুলি কথা। ৰিণিকিৰ পাখি লগা মনটোৱে চোন বাৰে বাৰে পিৰীতিৰ ৰংবোৰ গালে-মুখে সানি ল'ব বিচাৰে। তথাপিও তাই নিজকে কোনোমতে প্ৰবোধ দিয়ে। কাৰোবাক ভাল লাগিলেও নিজকে সংযত কৰে।


পিছে শেষ পৰ্যন্ত প্ৰেমত নপৰাকৈ ৰিণিকি থাকিব নোৱাৰিলে। ঘটনাটো যোৱা বছৰৰ শেষৰ ফালৰ। চুবুৰীৰে দুৰ্গা পূজাৰ অৰ্গেনাইজিং কমিটিত থকা সীমান্ত বোলা নতুন ল'ৰাটোক দেখা পাই ৰিণিকিয়ে একেকোবে পানী খাই গ'ল। সীমান্ত সাৰদা জেঠাইহঁতৰ ঘৰত বন্ধু এটাৰে সৈতে ভাড়া থাকে। ওখই পাখই বেছ গঢ়িত ল'ৰাটোৰ বেলেগ এক সন্মোহনী শক্তি। চকুত পৰাৰ পিছৰে পৰা দুদিনমান লাজ-লাজকৈ ৰিণিকিয়ে তাক দূৰৈৰ পৰাই নিৰীক্ষণ কৰি থাকিল। স্বভাবতে কথকী ৰিণিকিয়ে পটককৈ তাৰ লগত কথা পাতিবলৈ সাহ কণ গোটাব নোৱাৰিলে। সীমান্ত তাইতকৈ যথেষ্ট ডাঙৰ। ওচৰৰে কলেজ এখনত সি যোৱা বছৰ অংকৰ এচিষ্টেণ্ট লেকচাৰাৰ হিচাপে সোমাইছে। মাষ্টৰ মানুহ, গতিকে স্বাভাবিকতে ৰিণিকিয়ে তাক ভয়-সম্ভ্ৰম কৰি চলিছিল। কিন্তু পোনপতিয়াকৈ কথা নাপাতিলে যদিওবা  বাটে ঘাটে লগ পাই তাই তাৰ প্ৰতি ভালকৈয়ে আকৃষ্ট হৈ গৈছিল।

কিন্তু মাকে এদিন তাইক অংক মাষ্টৰ সীমান্তৰ ওচৰলৈ নজনা অংক এটা লৈ যাবলৈ বাধ্য কৰাইছিল। বায়েক পিউৰ আৰ্টছৰ মানুহ, অংকৰ লগত খাতিৰ বাতিৰ নাই। ককায়েক ৰন্তু নথকাৰ পৰা ৰিণিকিক অংক দেখুৱাবলৈ মানুহ নোহোৱা হ'ল। গতিকে তাই বুকুত সাহস বান্ধি গৈছিল অংক লৈ। মাকে সাৰদা জেঠাইৰ লগত বাৰান্দাতে থিয় হৈ "কাচকলৰ কৌফটা"ৰ ৰেচিপি বুজাই থাকোতে, সীমান্তই ৰিণিকিক ভাড়া ৰুমত অংকটো বুজাই দিছিল। অংক বুজি, বহীখন লৈ ওলাই আহিবৰ সময়ত ৰিণিকিৰ মুখখনত ৰঙচুৱা আভা এটা লাগি আহিছিল। তাই দৌৰি ঘৰ পাইছিলহি।

সাৰদা জেঠায়ে চিঞৰিছিল " ঐ এইজনী দেখোন চাওঁতে চাওঁতে গাভৰুৱেই হ'ল। বায়েকৰ আগতে এইক হে দিবৰ হ'ব যেন পাওঁ।"

ৰিণিকিৰ বুকুৰ ধপধপনি বহু পৰলৈ শাম কটা নাছিল। সীমান্তই তাইক অংক বুজাই থাকোতে কৈছিল,
"ঘৰৰ ওচৰতে ইমান ধুনীয়া ছোৱালীজনী আছে, আজিহে দেখিলো।"

ঘৰলৈ আহি তাই এপৰমান আইনাখন চাই থৰ লাগিছিল। ইমান ধুনীয়া নে তাই!


দুদিনমান পিছত সীমান্তই তাইক ফেচবুকত ফ্রেণ্ড ৰিকুৱেষ্ট পঠাইছিল। অলপ দিন ইটো সিটো কথা পতাৰ পিছত ফোন নম্বৰ লৈ দুয়োটাই দিনে ৰাতিয়ে ফোনত প্ৰেমালাপ কৰিবলৈ ল'লে। অংক মাষ্টৰ সীমান্তই সাহিত্য লগাই লগাই মিঠা মিঠা কথা কয়, ৰিণিকি তাতেই বিহ্বল হৈ যায়। গাটো ৰাই যাই কৰে, মন ইচাত বিচাট।

ফলত পঢ়া-শুনা ক্ষতি, একোতে নবহে মন। ব্যস্ত দেউতাকৰ তাইক চাবলৈ সময় নাই। কামৰ জুমুৰিত মাকৰোঁ আহৰি নাই। কোনেও কথাবোৰ ধৰিব নোৱাৰিলেও, বায়েকে কিন্তু কিবা এটা অনুমান কৰি পেলাইছিল।

"তই আকৌ ইফালে সিফালে ধান্দা লগোৱা নাইতো? চাবি কিন্তু সমুখত পৰীক্ষা, নিজৰ লাইফটো বৰবাদ নকৰ। তোক এই পিলিঙা লগৰ ল'ৰাবোৰ খাই দিছে। কিহৰ ইমান ল'ৰাৰ লগত হলি-গলি তোৰ?"

ৰিণিকিয়ে বায়েকক গ্ৰাহ্যই নকৰে।
"এইজনী ওলাল আকৌ মোৰ গাৰ্জেন। মই নিজৰ ভাল বেয়া ঠিক জানো।" তাই ভাবে।

সীমান্ত দা কিবা চেঙেলীয়া-ফুকলিয়া ল'ৰা নেকি? সি দস্তুৰমত চাকৰি কৰা মানুহ। কিমান মেচিয়ৰড। তাৰ আৰু পিল-পিলিয়া ল'ৰাবোৰৰ মাজত আলবৎ পাৰ্থক্য আছে।

ৰিণিকিয়ে মনটোক যুক্তি দিয়ে।

সীমান্ত দাই তাইক একোৱেই আমনি নিদিয়েচোন। বৰং কৈছেহে তাই পঢ়ি শুনি ডাঙৰ হোৱালৈ সি হেনো বাট চাব। কেতিয়াবা অৱশ্যে ফোনত চূড়ান্ত ৰোমান্টিক মুহূৰ্তবোৰত সি কৈ পেলাই "লগ কৰো কৰবাত ব'লা" বা " মোৰ ৰূমলৈকে আহাচোন এদিন।"

ৰিণিকি নাযায়। সীমান্তক যে বিশ্বাস নকৰে সেইটো নহয়। কিন্তু একে চুবুৰী বুলি কথা। ধৰা পৰিলে যে কথা বিষম হ'ব তাই জানে। তাৰোপৰি হায়াৰ চেকেণ্ডাৰীৰ দেওনা পাৰ হৈ প্ৰাপ্ত বয়স্ক নোহোৱালৈকে তাই কোনো ল'ৰাৰ লগত চুমা-তুমা, ডেটিং জাতীয় মেৰ-পাচত নোসোমাই বুলি ঠিৰাং কৰি থৈছে। প্ৰেমত হাবু-ডুবু খালে কিদাল হ'ল, হিতাহিত জ্ঞানকণ আছে তাইৰ। গতিকে তাই তাক চাফাকৈ কৈ দিলে,
"এতিয়া এনেকৈয়ে থাকোঁ দিয়ক, মানুহে গম পাব। কলেজ পালে আপোনাৰ চব কথা মানিম।"

সীমান্তই মানি লয়। তাইক বুজাই দিয়ে যে বয়সৰ তাৰতম্য থাকিলেও সি তাইৰ সুবিধা নলয়, বৰং তাইক আৱৰি সামৰি হে ৰাখিব। এইটো সিহঁতৰ গহীন প্ৰেম। লাপি-লুপা কোনো সস্তীয়া এফেয়াৰ নহয়।

গতিকেই ৰাতি ৰাতি সিহঁত দুয়োটাৰে মেছেজ আৰু ফোনৰ খেলখন চলি থাকিল।  গুণ-গুণ কৈ ফোনত কথা পাতে। ৰিণিকিৰ মনটো কিমান ভাল লাগে তাই হে জানে। কেতিয়াবা সীমান্তই বিচৰা মতে তাইৰ তাৰ আগতে ধৰা দিবলৈয়ো মন যোৱা হয়। পিছ মুহূৰ্তত নিজকে বুজায়।


আজি তাই মনতে পাঙি আছিল, "গোটেই ৰাতি কথা পাতিম, সীমান্ত দাই বিচৰাৰ নিচিনা অলপ লাজ লগা ধৰণৰ কথাবোৰো কৈ চাম, কিনো হ'ব!"

কিন্তু খাই বৈ শুবলৈ যো-জা কৰোঁতেই পৰিল নহয় শল ঠেকত। মাকে তাইক আঁঠুৱা তৰি দি আহি ক'লে
" ৰাতি পঢ়িবি জানো তই আজি?"

তাই একো ক'বলৈকে নাপালে, তেখেতে কৈ গ'ল,
"আজি নালাগে দে পঢ়িব, মই তোৰ লগতেই শু। দেউতাৰ নাই, বেডৰুমদালত অকলে শুবলৈ বেয়া লাগিছে।"

ৰিণিকিয়ে একো তলকিবই নাপালে, মাকে নাইটি পিন্ধি আহি ক্ৰীম-ত্রিম সানি তাইৰ বিচনাত উঠিলহি।

দেউতাক দুদিনৰ বাবে কোনো মফশ্বলিয়া চহৰ এখনলৈ গৈছে। অফিচিয়েল তাগিদা।

আঁঠুৱাৰ ভিতৰত সোমাই, কোনোমতে ইকাটি হৈ ৰিণিকিয়ে হিটলাৰে নেদেখাকৈ "আজি নাপাতো দিয়ক কথা" বুলি সীমান্তলৈ মেছেজ এটা পঠিয়াই সামৰি থৈ দিলে।

"হ'ব দিয়া আৰু। মোৰ কথাটো ৰাখিবা কিন্তু।" বুলি সীমান্তৰ পুতুককৈ উত্তৰ আহিল।

সীমান্তৰ কথাটো তাই কেনেকৈ ৰাখিব সেইটোকে ৰিণিকিয়ে বহুপৰলৈ ভাবি থাকিল। যোৱা দুদিন ধৰি সি তাইক বহুত কামোৰ দিছে, "প্লিজ জান এবাৰ লগ কৰা, এনেকৈ দূৰে দূৰে ভাল লাগে জানো?"

তাইক প্লেনটো সিয়েই কৈছিল।
"দেউতাৰা দুদিনমান নাথাকে যিহেতু কাইলৈ ৰাতি তোমালোকৰ বাৰীৰ শাকণি ডৰাৰ কাষৰ চকোৱাখনৰ ওচৰলৈ আহিবা। বেছি দেৰি নহয়, সকলো শোৱাৰ পিছত ১২মান বজাত। অলপ সময় কথা পাতিম, নিৰলে লগ পাম দুয়ো।"

ৰিণিকিৰ বুকুখন ধপ-ধপাই গৈছিল।
"কি ৰিস্কি কথা কয় সীমান্ত দাই। মানিছোঁ ঘৰত দেউতা নাই, ৰন্তুদা নাই, কিন্তু তথাপিও? এনেকৈ মাজনিশা উঠি গৈ বাৰীৰ চুকত, জংঘলৰ চেপত?"

পিছদিনা গোটেই দিনটো ৰিণিকিয়ে এই কথাবোৰ পাগুলি থাকিল। তাই ভাবি ভাবি ভাগৰি গ'ল। মাজতে সীমান্তক এবাৰ মেছেজো দিলে, "নালাগে দিয়ক থাকক, পিছত কৰিম নহ'লে লগ চগ।"

তাৰ ৰিপ্লাই আহিল" পিছত কেতিয়া? দেউতাৰা ঘৰত থাকিলে সুযোগো নাপাবা, সাহসো।"

দিনটো তাইৰ কামত মন নবহিল। খাবলৈ ববলৈয়ো মন নগল, উগুল-থুগুল এটা লাগি থাকিল। মনটোৱে কয় যাওঁ যাওঁ, মগজটোৱে ৰখাই থয়।

বায়েক ৰিন্তীৰ গাটো দুদিনমানৰ পৰা বেয়া। পানী লগা চৰ্দি, জ্বৰ জ্বৰ ভাব। দিনত মাক গৈছিল ভতিজা এটাৰ জোৰোণ খাবলৈ, উভতি আহি ৰাতিৰ সাজত দুই জীয়েকক পাৰ মাংসৰ জালুকীয়া অকণ লৰা-লৰিকৈ ৰান্ধি দিলেহি। বায়েকে খাই-বৈ সোনকালে শুবলৈ গ'ল। ৰিণিকিয়ে ভাত কেইটা লিৰিকি বিদাৰি সোপাকে পেলাই দিলে।

"আজি বৰ ভাগৰ লাগিছে অ, গেলা ৰাস্তাত বাছত গৈ গোটেই গা টহটহাই গ'ল" বুলি কাম বন সামৰি মাকো সোনকালেই আজৰি হ'ল।

ৰিণিকিয়ে মাকক সেমেনা সেমেনিকৈ পঢ়া আছে বুলি বায়েকৰ লগত শুবলৈ এবাৰ কৈ চালে। মাক দমদমাই উঠিল "ৰিন্তীৰ গা বেয়া, মোৰো হওঁক জ্বৰখন। ইফালে কাইলৈ মাটিৰ অফিচত খাজনা দি গেছ এজেঞ্চিত কাগজ দুখনমান জমা দিবলৈ যাব লাগে, বহুত কাম আছে মোৰ" বুলি ভোৰ ভোৰাই তেখেত তাইৰ বিচনাত উঠিলহি।

ৰিণিকিৰ পেটটো পকাই গ'লগৈ। "আজি কোনোপধ্যেই নহ'ব প্ৰগ্ৰেম" বুলি সীমান্তক মেছেজ এটা কৰিবলৈ লওঁতেই মাকে কেটেহকৈ মাতিলে, "হ'ল নে ল'বৰ সেইটো? দি দে মোক, পঢ় যদি পঢ়, নহ'লে শুই থাক" বুলি একে আজোৰে ফোনটো কাঢ়ি নিজৰ গাৰুৰ তলত সুমুৱাই থলে। ভাগ্য ভাল ৰিণিকিয়ে চাউণ্ডটো অফ কৰি থৈছিল বুলিহে। পিছে এতিয়া সীমান্ত দাই মেছেজ কৰক, ফোন কৰক, তাই একোৱেই কৰিব নোৱাৰিব।

আকাশ পাতাল ভাবি ৰিণিকি পঢ়া মেজখনত বহি থাকিল। মহে ভৰিৰ তেজ খাই শেষ কৰিলে, তাইৰ ভ্ৰূক্ষেপেই নাই। কলিজাৰ তেজটোপা ইতিমধ্যে গোট মাৰিছিল। কিমান দেৰি আৰু বোন্দা পৰ দিব।

মাক শোৱক, লাহেকৈ ওলাই গৈ সীমান্তক লগ কৰি গুচি আহিব। মাকে গম পোৱাৰ আগতেই ঘূৰি আহিব তাই।


১২ বাজিবই এথোন। মাকজনী ইতিমধ্যে নিদ্ৰা দেৱীৰ কোলাত। ৰিণিকিয়ে লাহেকৈ মুখখনত ক্ৰীম অকণ লগালে, টেবুল লাইটৰ পোহৰত চুলিখিনি ঠিক-থাক কৰি ল'লে। লাহে কৈ উঠো উঠো কৰিছেহে, তেনেতে মাকে আঁঠুৱাৰ তলৰ পৰাই ধৰমৰাই বহিল।
"সৰ্বনাশ হ'ল ৰিণি জোৰোণৰ পৰা আহি পাটৰ কাপোৰযোৰ বাহিৰৰ চকোৱাখনত মেলি দিছিলোঁহি, আনিবলৈ পাহৰিলোঁ নহয়। গাই ৰ'ল দে, নিয়ৰত তিতি কাপোৰ শেষ হ'ব এতিয়া।"

ৰিণিকিয়ে কি হ'ল কি নহ'ল তম্ভিবই নাপালে, পাটৰ কাপোৰৰ দাহত মাক তৰা নৰা চিঙি ঘৰৰ বাহিৰলৈ ওলাই গ'ল। পকাই যোৱা পেট আৰু ধান বানি থকা বুকুখন লৈ ৰিণিকি পিছ দুৱাৰৰ কাষত দৰক লাগিলহি।

"কি হ'ব এতিয়া। চকোৱাৰ আঁৰত সীমান্ত দা। লুকাই থাকিলেই হ'ল। হে প্ৰভু ৰক্ষা কৰা।" ৰিণিকিয়ে ভয়তে ঈশ্বৰৰ নাম ল'লে।


হঠাৎ তাই বাহিৰত মাকৰ চিঞৰ-বাখৰ শুনিবলৈ পালে। তাই ভয়তে পেঁপুৱা লাগিল। সীমান্ত দা তেন্তে ধৰা পৰিল।

ইতিমধ্যে হুলস্থুল শুনি বায়েক ওলাই গ'ল, মাকৰ চিঞৰ আৰু চেন্ডেলৰ চটৌপ চটৌপ আৱাজত কাষৰ ঘৰৰ পৰা বৰুৱানী জেঠাইহঁত সপৰিয়ালে ওলাই আহিল। ইয়াৰ পিছত আৰু মানুহ গোট খালে।

লাহে লাহে হুলস্থুল আৰু বাঢ়ি গ'ল। মানুহৰ ভিৰ বাঢ়িল, লগতে চিঞৰ বাখৰো।

এসোপা মান সংশয় আৰু লাজ লৈ ভীতিগ্রস্ত ৰিণিকি বাৰীলৈ ওলাই গ'ল।

মানুহবোৰে সীমান্তক আগুৰি ধৰি পিটিছে। ইতিমধ্যে তাৰ ৰুমমেটটোও ওলাই আহিছিল। সিও ভিৰৰ মাজত লপা-থপা খাইছে। হাতৰ মাৰ, ভৰিৰ গোৰ,  এচাৰিৰ কোব, যিয়ে যেনেকৈ পাৰিছে তাৰেই মাৰিছে। নমৰাখিনিয়ে সীমান্তক কুকুৰে কাঁইট নোখোৱাকৈ গালি শপনি পাৰিছে। সি কৈফিয়ত দিবলৈ কোনো সুৰুঙাই পোৱা নাই। দিবও নো কি, স্থানীয় মহিলাক ৰেপ এটেম্পট নকৰি তেখেতৰ নাবালিকা প্ৰেমিকাক মাজৰাতি লগ কৰিবলৈ অহা বুলিলেও ৰাইজে তাক গুৰুলা গুৰুল কৈ পিটিব। তাৰ কোনো গত্যান্তৰ নাই। 

মাৰ-ধৰ আৰু কোলাহলৰ মাজত কিছুমান টুকুৰা টুকুৰি কথাৰ অপ্ৰভংশ আহি ৰিণিকিৰ কাণত পৰিলহি,

"মাষ্টৰ ওলাইছে, দগবাজ চোৰ এটা..."

"চোৰ ডকাইত নহয়, লম্পট। ঘৰত মতা মানুহ নথকাৰ সুযোগত খাপ-পিটি আছেহি। লাজ নাইকিয়া জহনীত...."

"গাখীৰ খুৱাই সাপ পুহিলো মই।" সেয়া সাৰদা জেঠাই।

"মই পাটৰ কাপোৰযোৰ তুলিবলৈ আহোতেই নিধকটোৱে মোক পিছফালৰ পৰা গবা মাৰি ধৰিলে হেৰৌ। মাৰৰ বয়সৰ মানুহজনীক অপদস্থ কৰে ঐ অজীনপাতকী মখাই..."
এইটো ডাইলগ মাকৰ। ৰাউচিজোৰা কান্দোনৰ মাজতে মাকে আটাহ পাৰিছে।

বায়েকে মাকক ধৰি কান্দিছে। ওচৰৰ বৰমাহতে মাকক সান্তনা দিছে।

"নোৱাৰি নোৱাৰি...আজিকালি আই কাকো বিশ্বাস কৰিব নোৱাৰি..."

"শ্ৰীমতী চৌধুৰী, আপুনিনো পিছে ৰাতিখন কিয় উঠি আহিছিল হয়নে...."

ৰিণিকিয়ে আৰু শুনি থাকিব নোৱাৰিলে। কান দুখন সোপা মাৰি তাই ভিতৰলৈ সোমাই আহিল।


সীমান্তৰ নাকে মুখে তেজ ওলাইছিল। তাক মতা মানুহবোৰে গটা মাৰি মাৰি তাৰ ভাড়া ৰুমলৈ লৈ গৈছিলগৈ। পুলিচত দিব নে নাই ঠিৰাং কৰালৈকে পলাবলৈ সুবিধাকণ কৰি নিদিয়াৰ ব্যৱস্থা কৰিছিল।

মাইকী মানুহৰ আধাখিনিয়ে মুখত চাদৰৰ সোপা দি ফিচিঙা ফিচিঙ কৰি ঘৰলৈ ঘূৰি গৈছিলগৈ। মাকৰ লগত সুহৃদয়তা থকা দুগৰাকীমান অলপ পৰ থাকি দিছিল। শেষ ৰাতি সকলো ঘৰা-ঘৰি যোৱাৰ পিছত মাকে বিচনাত আহি শুবলৈ চেষ্টা কৰিছিল।বায়েকক দেখা পাবলৈ পোৱা নগৈছিল।

পুৱতি নিশা গাত পাতল শ্বাল এখন দি ৰিণিকি ওলাই আহিল। চকোৱাখনৰ ওচৰ পাই তাই থমকি ৰ'ল। ঘাঁহবোৰ মোহাৰি থোৱা আছে, গচকত। অত তত তেজৰ চেকুৰা। বৰকৈ মাৰিলে হ'বলা সীমান্তদাক!

তাৰ নো কিহে পাইছিল মাকজনীক সাৱটি ধৰিবলৈ। সৰুফুটীয়া হ'ল বুলিয়েই ৰিণিকি আৰু মাকৰ পাৰ্থক্য বুজি নাপালেনে? ইমান তেজ গৰম নে?

মাক নহৈ তাই নিজে হোৱা হ'লেতো তাই নিচিঞৰিলে হয়, তেতিয়া হয়তো সীমান্তই কেৱল সাৱট মাৰি শান্ত নহ'ল হয়। চুমা তুমা, গাটোৰ খলা-বমা বোৰত হাত ফুৰোৱা....

ৰিণিকিৰ গাটো শিয়ঁৰি উঠিল। হিতাহিত জ্ঞান হেৰুৱাই, তাই এইবোৰ কি কৰিবলৈ ওলাইছিল। ভাল হ'ল, বাচি গ'ল তাই। নালাগে এইবোৰ অভিজ্ঞ প্ৰেম তাইক। পঢ়া-শুনা বাদ দি ভাল অংক মাষ্টৰৰ প্ৰেমত পৰিবলৈ গৈছিল, যত চব ৰিস্কি অভিসাৰ। নালাগে এইবোৰ জঞ্জাল তাইক।

মনটোক বুজাই বঢ়াই উভতিব খোজোঁতেই হঠাৎ মাকৰ পাটৰ ব্লাউজটো ঘাঁহনি ডৰাত পৰি থকা দেখিলে, তুলিবলৈ লওঁতেই দেখে তলত এইটো মোবাইল ফোন। সীমান্তৰ হ'বলা। মাধ মাৰত হয়তো উফৰি পৰিল। 

মোবাইলটো সীমান্তৰে। শেষৰ কলটো ৰিণিকিলৈকে কৰা। মোবাইলটো হাতত লৈ তাই পিৰালীৰ চুকত বহি ল'লে। এইটো ভাল সুবিধা। এই সুযোগতে তাইৰ লগত থকা তাৰ সমস্ত কথা বতৰা ডিলিট কৰি পেলালে। ফেচবুক চেটখিনি ডিলিট কৰি উঠিছেহে মাত্ৰ, হঠাৎ তাৰ ইনবক্সত চকু পৰিল।

ঔ গোঁসাই, এইটোৱে চোন সংসাৰৰ ছোৱালীৰ লগত ৰাস লীলা চলাই আছে। কলি কালৰ কৃষ্ণ চোন গোটেইটো। ইনবক্সত অগণন ছোৱালীৰ লগত তাৰ, সীমান্ত দাসৰ, কথোপকথন। চেনি চেনি কথা বতৰা।

খোলো নোখোলোকৈ "এঞ্জেল প্ৰিয়া" বোলাজনীৰ চেট বক্সটো খুলি পেলালে ৰিণিকিয়ে। চিইঃ গোটেইখন লেতেৰা, অসংযত কথাৰে ভৰ্তি। সীমান্তৰ ফালৰ পৰাই বেছিকৈ ঘিণ লগা কথাবোৰ, এঞ্জেল প্ৰিয়াই কেৱল দুই এটা শব্দত উত্তৰ দি থৈছে। কেইখন মান ফটোও দি থৈছে। মুখখন হেজি কৰি মণিব নোৱাৰা কৰি থৈছে, কোন ধৰিব নোৱাৰি। গাটোৰ ফটো বিভিন্ন পৌজত আছে। স্পেগেটি টপ পিন্ধা, খহাই থোৱা জিলজিলীয়া শাৰীৰ আচল, এইবোৰ চায়েই ৰিণিকিৰ ঘিণ ঘিণ লাগি গ'ল।

কি এটা বদমাছ লম্পটৰ পাল্লাত পৰিবলৈ ওলাইছিল তাই। চেটটো বন্ধ কৰোঁ বোলোতেই হঠাৎ তাই উচপ খাই উঠিল। ছোৱালীজনীৰ ফটোখনত ঝুম কৰি চালে, ফটো উঠা কোঠালিটো চোন চিনাকি চিনাকি লাগিছে। পিছফালে টম ক্ৰুইজৰ "টপগান' চিনেমাৰ পোষ্টাৰ। বেৰত ওলোমাই থোৱা গীটাৰ এখন। কাষত এটা নীলা আলমাৰী। আইনা নলগোৱা।

এইটো চোন ৰন্তু দাদাৰ ৰুম। কিন্তু এইটো ৰুমত এঞ্জেল প্ৰিয়া কেনেকৈ ওলাল?

কোন এই এঞ্জেল প্ৰিয়া?

উত্তৰটো পাবলৈ ৰিণিকিৰ বেছি সময় নালাগিল।
এঞ্জেল প্ৰিয়া খোদ তাইৰ নিজৰ বায়েক ৰিন্তী।

এঞ্জেল প্ৰিয়াৰ উঠন বুকুৰ ওপৰত ওলমি থকা লকেটটোৱেই প্ৰমাণ। চিমলাৰ পৰা অনা একে ধৰণৰ এটা লকেট ৰিণিকিৰ ডিঙিৰ চেইনত। এটা বায়েকৰ।

ৰিন্তীয়েই এঞ্জেল প্ৰিয়া। ধুৰূপ। ৰাতি ৰাতি ৰন্তু দাদাৰ ৰুমত বহি লেপটপত কৰা ৰিন্তীৰ অনলাইন কৌৰ্চ এয়া।

সীমান্ত বোলা বাষ্টাৰ্ডটোৰ লগত প্ৰেমৰ অভিসাৰ।

ৰিণিকি খঙত ফাটি গ'ল। হাৰামীটোৱে তাইকটো ফচাইছিলেই, তাইৰ বেঙী বায়েকজনীকো পতাই মেলি লৈছিল। আসন্ন বিপদ এটাৰ পৰা সিহঁত দুইজনী বাচি গ'ল বুলি ৰিণিকিয়ে স্বস্তিৰ নিশ্বাস পেলালে।

বায়েকৰ চব চেট ফটোসহ ডিলিট কৰি, সকলো প্ৰমাণ নিঃশেষ কৰি নিশ্চিত হোৱাৰ পিছত তাই সীমান্তৰ ফোনটো ৰাস্তাৰ কাষৰীয়া ড্ৰেইনত দলিয়াই দিলে। ভুমুকি মাৰি দেখে সাৰদা জেঠাইৰ ভাড়া ঘৰ বন্ধ। সীমান্ত হয়তো গ'লগৈ।


নিজৰ ঘৰৰ ভিতৰ সোমাই দেখে গা-মূৰ ধুই মাক গোঁসাই ঘৰত সোমাইছে।
"যা চোন ৰিণি, ৰিন্তী উঠিল নে নাই চা গৈ। মই চাহ কৰোঁ, ভোক লাগিছে।"

ৰিন্তীৰ কোঠালিত সোমাই ৰিণিকিয়ে দেখে বায়েক বিচনাত। কান্দি কান্দি চকু উখহাই দিছে। তাই বিচনাখনৰ কাষ চাপি ক'লে,
"হ'ব দে, কান্দি কিদাল হ'ব? লম্পট সি এটা, তোৰ লগতে মোক আৰু আন বহুত ছোৱালীক ফচাই থৈছে। ভালেই হ'ল মুক্তি পালি।"

বায়েক হতবাক হ'ল। ফাদিল হোৱা কথাবোৰৰ খবৰ পাই চকু পানী মচি ৰিন্তী এইবাৰ মহা সংকটত পৰিল।

নিশ্চয় ফটো, চেট এইবোৰৰ চিন্তা।

ৰিণিকিয়ে বায়েকৰ গাত ধৰি আশ্বাস দিলে,
"মই তাৰ মোবাইলত থকা তোৰ মেছেজ, ফটো চব ডিলিট কৰি দিছোঁ। ভয় নাই, একো চিন নাই তোৰ।"

বায়েক লাজে অপমানে জৰ্জৰিত হ'ল। ৰিণিকিৰ হাত খন ধৰি থাকিল তাই।

"বা, এঞ্জেল প্ৰিয়াৰ একাউণ্টটো তই ডিলিট কৰি পেলাবি। আৰু ভৱিষ্যতে অকল ফুকলিয়াই নহয়, ডাঙৰ চাকৰি কৰা মানুহৰ পৰাও সাৱধান হবি। তয়ো, ময়ো।"

বায়েক ৰিন্তীয়ে ৰিণিকিলৈ মূৰ তুলি চাই ৰ'ল। এনে লাগিছিল যেন সদায় উদণ্ড, গাত কথা নলগা বুলি বখলিয়াই থকা উৰণীয়া ভনীয়েকজনী আজি বায়েকৰহে আচল অৰ্থত গাৰ্জেন হৈ উঠিছিল। ৰিন্তীয়ে ভনীয়েকক সজোৰে সাৱটি ধৰিলে।
(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২.১২.২০২০

সংগী


সংগী

(চুটি গল্প)

মানুহজন গুচি যোৱাৰ আজি ১২ দিনেই হ'ল। সকাম ভাগিও পৰিয়ালবৰ্গ আৰু বন্ধু বান্ধৱৰ উপস্থিতিত নিৰালম্বে সম্পন্ন হ'ল।

আজি জ্ঞাতিভোজৰ দিনা মৃতকৰ পছন্দৰ খাদ্যসম্ভাৰ ৰন্ধা হৈছে। ভোজৰ সুগন্ধ কেওফালে বিয়পি পৰিছে। মৰমৰ পুত্ৰ-বোৱাৰীয়ে কামৰ তদাৰকী কৰিছে, চেনেহৰ জী-জোঁৱায়ে সকলোৰে লগত কথা পাতি ফুৰিছে,  আৰু আটাইৰে আদৰৰ নাতি-নাতিনী কেওটাই মিলি মুকলিমূৰীয়াকৈ আগফাল পাছফাল কৰিছে। যোৱা কেইটা দিনৰ গুমগুমীয়া আমন জিমন পৰিবেশটোৰ আজি অলপ শাম কাটিছে। থাকি যোৱা আপোন মানুহখিনিয়েও সকামৰ ভাগৰ মাৰি বহি লৈ খোলা মনেৰে কথা দু আষাৰ পাতিছে। মানুহজনৰ আকস্মিক মৃত্যুৰ শ্বকটো মানুহবোৰে লাহে লাহে সহজভাৱে লৈছে, আহিবলগীয়া সময়খিনি বাবে পৰিয়ালটোক সবল কৰি তুলিছে।

"হওক তেও। কোনো কষ্ট নোপোৱাকৈ সুখত গ'ল মানুহজন। এনেকুৱা মৃত্যু হে কাম্য। যাওঁতে পো-জীৰ ভৰা সংসাৰ দেখি সুখত গ'ল দে।"

"কাকো আমনি নিদিয়াকৈ যাব পাৰিলেই সুখ, তেওঁৰো, পৰিয়ালৰো। নে কি কোৱা?"


মানুহবোৰৰ কথাবোৰ একান্তমনে শুনি আছিল সদ্য স্বামীহাৰা মানুহজনীয়ে। কাকো একো উমান নিদিয়াকৈ, কাকো পৰিস্থিতিৰ বুজ নিদিয়াকৈ, কাকো কিবা এটা কৰাৰ সুবিধা নিদিয়াকৈ, যাওঁ বুলিয়েই তেওঁৰ ৪৫ বছৰীয়া বিবাহিত জীৱনৰ সংগীজন সেইদিনা গুচি গ'ল। প্ৰতিদিন ৰঙা বেলিটোৰ দৰে উজ্জ্বল হৈ থকা তেওঁৰ কঁপালখন উকা কৰি পলকতে গুচি গ'ল। সেয়া কেনেকুৱা সুখ?

বহুদিনীয়া ৰোগত ভুগি থকা স্বামীৰ সেৱা-শুশ্ৰূষা কৰি শেষ বিদায় দিয়ে, সেয়াও দেখিবলৈ ভাল। অন্তত কৰণীয়খিনি কৰিবলৈ সুযোগটো পায়, নিজকে সাজু কৰিবলৈ সময় পায়। কিন্তু এনেকৈ... কোনো আগজাননী নিদিয়াকৈ....মিনিটতে তেওঁক অকলশৰীয়াকৈ এৰি যোৱা মানুহজনৰ শূন্যতাখিনি, অভাবখিনি তেওঁ সুখ বুলি মানি ল'ব কোন সতে?

স্বামীৰ আকস্মিক মৃত্যুত নিস্তব্ধ হৈ পৰা মানুহজনীক  যোৱা কেইদিন ধৰি মানুহবোৰে যথেষ্ট সান্ত্বনা  জনাইছিল, সমবেদনা জ্ঞাপন কৰিছিল। খবৰ ল'বলৈ অহা মানুহক তেওঁ অস্ফুট কণ্ঠেৰে দুই এটা শব্দ কৈ বিদায় দিছিল। প্ৰথম আঘাতৰ কন্দা-কটাখিনি হৈ যোৱাৰ পিছত নিজৰ মানুহখিনিৰ আগতো তেওঁ বৰকৈ কান্দি থকা নাছিল। নুমলীয়া নাতিনীজনীক সাৱটি ধৰি, তাইৰ লগত কথা পাতি তেওঁ সময়খিনি পাৰ কৰিছিল।

মানুহবোৰে কৈছিল,
"আপুনি চিন্তা নকৰিব। আপোনাৰ সন্তান দুইটা সুযোগ্য। জোঁৱাই আৰু বোৱাৰীও বৰ ভাল। আপোনাক চাব। নিজকে নিঠৰুৱা বুলি নাভাবিবচোন।"

মানুহজনীৰ মুখৰ মাত নাছিল। এৰা, কথাটো সঁচা। জীয়াই থাকিবলৈ যিখিনি মৰম, পৰিচৰ্যা, আদৰ যত্নৰ প্ৰয়োজন তাতকৈ হয়তো অনেক বেছি তেওঁ পাব। কিন্ত মানুহজন যে গুচি গ'ল, সেই দুখখিনি তেওঁ ক'ত সাঁচি থ'ব, ক'ত লুকুৱাই ৰাখিব?


শোকে সন্তাপে জৰ্জৰিত মৃতকৰ পত্নীয়ে বিগত দিনকেইটা প্ৰায় অনাহাৰেই কটালে। আত্মীয় কুটুম্বৰ চিন্তা, মানুহজনীয়ে আজি ভাত সাজ লগে ভাগে খাওক। কথাবোৰ অলপ সহজ হওক।

ককাই ভাই, সম্বন্ধীয় পেহীয়েক মামীয়েকবোৰ তেওঁক লৈ একেলগে খাবলৈ বহি পৰিল। ভাতৰ থালত হাত দি পিছে মানুহজনী ঠাইতে দৰক দিলে। কাষতে উচপিচাই থকা বোৱাৰীয়েকে কথাটো মন কৰি আছিল । তাই দৌৰি আহিল, "মাই সৰু মাছ ভজা ভাল নাপায়। সেয়া দেউতাৰ হে প্রিয় আছিল।"

ভাতৰ থালখনত অন্যান্য সৰঞ্জামৰ লগত মচমচিয়াকৈ ভজা মোৱা মাছ এবাটিও আছিল। শহুৰেকৰ অতিকৈ প্রিয়।

"অ তো, মা দেউতাৰ মাজত প্ৰতি দেওবাৰেতো এই কথাটো লৈয়েই চুপতি হৈছিল। কিয় মা, তুমি যে বকা, কিয় আনে এইবোৰ সদায় সদায়, জুপি-জুপি বাছিবলৈ মোৰ যে কি কষ্ট!" পৰিৱেশটো পাতলাবলৈকে পুতেকে এইবাৰ ৰগৰ কৰিলে।

"হয় তো, মাই সৰু মাছ খাই অত্যন্ত বেয়া পায়, কাঁইটে বিন্ধে হেনো।" নুমলীয়া সন্তান, জীয়েকেও কৈ উঠিল।

মানুহজনীৰ মুখত কিঞ্চিত হাঁহি বিৰিঙিল।


তেওঁ বকি বকি মাছ বাছে, ওচৰতে গিৰীয়েকে মুঢ়া এটা পাৰি বহে। কাটিবলৈ গোটাই পিতাই থোৱা পাচলিখিনি কোচতে লৈ কথাৰ লাচতে কটাৰিখনৰে কাটি পেলায়। আলুৰ বাকলি গুচায়। জাতি লাওটো মিহি মিহিকৈ কূটে। লগতে কৈ যায়,
"হেৰা, তুমি বুইছা, মাছ খাবই নাজানা। খালী এই যে ডাঙৰ মাছ সোপা খোৱা, এইবোৰ কিবা মাছ হ'ল নেকি? দুনীয়াৰ চালানী মাছ। আচল টেষ্ট পাবা... এই যে..এই জাতীয় সৰু সৰু মাছবোৰত। জীয়ন দি থোৱা কাৱৈ মাছেই হওক বা এই সৰু সৰু পুঠী, মোৱা... এইবোৰ হৈছে ফ্রেছ, আচল মাছ। পুঠী মাছৰ বিলাহী আৰু ধনীয়া দিয়া পাতল জোলখন যে, আহ... কি ফুৰফুৰিয়া গোন্ধ। তোমাৰ চালানী নালাগে লোকেল ৰৌৱেও পাট্টা নাপাব।"

"আপোনাৰ প্ৰাণটো সৰু মাছত বাচে, জনা আছে আমাৰ।" মানুহজনীয়ে ভেকাহি মাৰে।
"আপুনিটো খায়েই খালাচ। বছাজনীয়ে হে জানো। কিমান কষ্ট, এইসোপা লেটি পেটি।" তেওঁ আপত্তি কৰে।

"হেঃ হেঃ...তুমি সৰু মাছ বেয়া পোৱা সেইটোকে কোৱা...."

"আইৰ ঘৰত থাকোঁতেও মই সৰু মাছ নাখাইছিলোঁৱেই। আতাদেৱে দেওবাৰে মোৰ বাবেই পুখুৰীত জাল পেলোৱায়, ডাঙৰ মাছ খুৱাম বুলি।  আজি অত বছৰে আপুনি হে নুবুজিলে।"

"উৱা, কি কোৱাহে, তোমাক মই তোমাৰ পছন্দৰ ডাঙৰ মাছৰ পেটী নুখুওৱাকৈ ৰাখিছোঁ নে কিবা?কিন্তু সৰু মাছৰ সোৱাদ কণ তুলনাবিহীন।"

মাছ বচা আৰু পাচলি কটা কথাৰ লগে লগে শেষ হৈ যায়। কথা শেষ নহয়।

তেওঁলোকৰ মৰমৰ দনখনৰ লগে লগে পাকঘৰৰ কামবোৰো লগে ভাগে শেষ হয়। আথে বেথে মানুহজনক তেওঁ সৰু মাছ ভজা বা চৰ্চৰি কণ ৰান্ধি দিয়ে। মানুহজনে তৃপ্তিৰে খোৱা দেখি তেওঁৰ পেট ভৰে। মানুহজনে কয়,
"আনিম দিয়া। অহা দেওবাৰে তোমাৰ পছন্দৰ পুলপুলিয়া ৰৌ মাছৰ পেটী আনিম। তুমি হেঁপাহ পলুৱাই খাবা।"

মানুহজনীয়ে হাঁহে।


প্ৰথমে ল'ৰা-ছোৱালী হালে, পিছলৈ বোৱাৰী আৰু জোঁৱায়েও জোকায়, "তোমালোকক মানিছোঁ কিন্তু দেই মা। এই যে তোমালোকৰ লাভ-হেট সম্পৰ্কটো, এমেজিঙ। কাজিয়াও লাগে, আকৌ এজনে আনজনক এৰি থাকিবও নোৱাৰা।"

সঁচাকৈয়ে, মানুহজনতো কেৱল তেওঁৰ স্বামী নাছিল, আছিল প্ৰতি খোজতে লগ দিয়া অবিচ্ছেদ্য সহচৰ, আজীৱন লগৰী। তেওঁৰ জীৱনৰ একমাত্ৰ প্রিয়বন্ধু।

মানুহজনীৰ মুখখন জীপাল হৈ উঠিল। এনে এজন সংগীৰ লগত এটা পৰিপূৰ্ণ জীৱন পালে তেওঁ।  সেই সুখখিনিওতো কম নহয়। মানুহজন গ'লগৈ সঁচা, পাৰ হৈ যোৱা সময়খিনি তেওঁৰ স্মৃতিৰ মণিকোঠাত সদায় সজীৱ হৈ থাকি যাব, সেয়াওতো সঁচা।

কুশলে থাকক তেখেত। তেওঁ নিজেও ভালে থাকিব।


আশে পাশে থকা উদ্বিগ্ন মানুহখিনিলৈ চাই তেওঁ কোমলকৈ হাঁহিলে।

বৌয়েকৰ ইংগিতত ইতিমধ্যে মাকৰ থালৰ পৰা সৰু মাছৰ বাটিটো উঠাই নিবলৈ আহিছিল জীয়ৰীজনী। তাইৰ হাতখন হঠাৎ থাপ মাৰি সদ্য স্বামীহাৰা মানুহজনীয়ে খোলা মনেৰে কৈ উঠিল,
"থাকক দে। মই খাম।"
(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৮.০২.২০২১

হৌম মেনেজমেণ্ট


হৌম মেনেজমেণ্ট

(চুটি গল্প)

তাৰিণী চলিহাহঁতৰ ঘৰত বনকৰা তিৰোতা কমলীৰ চিৰকাল একেটাই অভিযোগ,
"দাদা বৰ ভাল, পিছে বাইদেউ হে..."

এই একেটা কথা কমলীয়ে কাম কৰা চুবুৰীৰে আন কেইঘৰ মানুহৰ ঘৰতো ইতিমধ্যেই জনাজাত হৈ গৈছে। নৰম স্বভাৱৰ তাৰিণী চলিহাৰ সহধৰ্মিণী প্ৰমিলা চলিহা যে মালিকনী হিচাপে খুব এটা সুবিধাৰ নহয়, এই কথাটো প্ৰত্যেক ঘৰ মানুহে ইতিমধ্যেই শুনি থৈছে।

কমলীৰ ভাষ্য মতে তাৰিণী চলিহা মানুহজন ভাল, শান্ত। ঘৰত কাম কৰা সহায়িকা মানুহবোৰক বৰকৈ দাবী-ধমকি নিদিয়ে, কটু কথা নুশুনায়। কিন্তু চলিহানীহে বৰ খতৰনাক বস্তু, তেওঁৰ মুখখন বোলে চৌব্বিশ ঘণ্টা বন্ধই নহয়, কাম কৰা মানুহক গালিৰে থকা-সৰকা কৰে।

ফলস্বৰূপে চুবুৰীটোত মুখ বাগৰি বাগৰি সৃষ্টি হোৱা কথাৰ অন্ত নোহোৱা হয়।

"চলিহা মানুটোৱে খং ৰাগ চিনি নাপায় দেহি,  কিন্তু চলিহানীহে বোলে খঙত টিঙৰি-তুলাজনী হৈ থাকে..."

"চলিহানীয়ে হেনো অনবৰতে খেচ-খেচায়েই থাকে। হেৰৌ, কমলীতো বাদেই, ল'ৰা-ছোৱালী হাল, ইভেন বেচেৰা চলিহাটোৱেও হেনো পৰিত্ৰাণ নাপায়।"

এনেবোৰ কথাৰ গুজৱ আৰু ৰগৰ ভালকৈয়ে জমি উঠে চলিহানী নথকা মহিলা মেলবোৰত। মহৰ কুন-কুননিৰ লেখীয়াকৈ এষাৰ কথা মানুহবোৰৰ কৰ্ণ কুঁহত বাজি উঠে,
"দাদা বৰ ভাল...পিছে বাইদেউ হে...."

কমলীৰ মুখৰ কথাবোৰ চুবুৰীৰ ইঘৰ সিঘৰ বাগৰি যেতিয়া চলিহা নিবাসৰ মানুহখিনিৰ কাণত পৰেহি, তেতিয়া শ্ৰীযুত তাৰিণী চলিহাই চলিহানীৰ হাতৰ পৰা পছন্দৰ কাঢ়াকৈ বনোৱা গাখীৰ চাহকাপ আথে-বেথে লৈ হো-হোৱাই হাঁহি পেলায়,
"দেখিছা। মই নকওঁ নে? অলপ শান্ত হ'ব লাগে হে মানুহ। অনবৰতে কমলীক খেচ-খেচাই থাকি শেষত জান্তিপি নাম পোৱাতো স্বাভাৱিক।"

অলপ ক্ষুণ্ণ হৈ  প্ৰমিলা চলিহানীয়ে আক্ষেপ কৰে,
"একো এটা নকৈ মনে মনে থাকিলে কমলীয়ে সুবিধা লয়। নিজ হাতে তাই কূটা এগছতো হাত নিদিয়ে। মাহৰ মূৰত পইচা কেইটা কিন্তু ঠিক গণি গণি লয়। মই যদি তাইক কৈ নাথাকো, তাই কামবোৰ ভালকৈ নকৰে, পেলাই থয়। স্কুলৰ পৰা আহি সকলোবোৰ মোৰ মূৰৰ ওপৰত পৰেহি। এনেকৈ হ'লে কেনেকৈ হ'ব?"

"আৰে কমলীতো কেঁচুৱা নহয়। তাই ঠিক নিজৰ কাম কৰিব। আৰু কাম কৰোৱাব জানিবও লাগিব। এইটো এটা আৰ্ট।"

"সেইবোৰ নুবুজো দেই, মোৰ মুঠতে কামখিনি হ'ব লাগে।"

"হেৰা, এনেকৈ পিছে পিছে লাগি ফুৰিলে মানুহ বিৰক্ত হয়। লাগিলে সেয়া তোমাৰ তলতীয়া কৰ্মচাৰীয়েই নহওঁক কিয়। সিহঁতক কাম কৰিবলৈ স্বকীয়তাখিনি, একপ্রকাৰ ফ্ৰীদম দিয়াটো জৰুৰী, তেহে প্ৰডাকটিভিটি বাঢ়ে।"

মনে মনে ৰৈ থকা চলিহানীক চলিহাই  উপদেশ দি যায়,
"প্ৰানায়ম কৰিবা। খং কমিব।"

"আনৰ হতুৱাই কাম কৰোৱা মানুহেহে বুজে কাম কৰোৱাৰ প্ৰেশ্যাৰটো কি" বুলি মনতে ভাবি চলিহানী ভিতৰ সোমায়। গিৰিয়েকৰ লগত প্ৰডাকটিভিটিৰ কন্দলত লাগি থাকিলে তেওঁৰ চৰুত চাউল নিসিজে। 

ভিতৰি ভিতৰি কিন্তু তেওঁ আহত হয়, আচল কথাবোৰ মানুহক ক'ব নোৱাৰি মনোকষ্টত ভোগে।


একেজনী কমলীকে বিপদে-আপদে, হস্কিলে মস্কিলে তেওঁ কিমান সহায় কৰে। অথচ কামত অলপ লেধা কমলীজনীক বাৰে বাৰে তাগিদা দি, সকীয়াই নাথাকিলেই নহয়।

চলিহানীৰ নিজৰ মৰিবলৈও আহৰি নাই। ল'ৰা-ছোৱালী, চলিহাৰ জঞ্জাল মাৰি তেঁওলোকক খুৱাই-বুৱাই, ভাগে ভাগে স্কুল-কলেজ-অফিচলৈ পঠিওৱাৰ পিছত খৰধৰকৈ নাকে মুখে কিবা এটা গুজি তেওঁ নিজে স্কুললৈ যায়।

এইখিনি সময়ৰ ৰাতিপুৱা তিনিঘণ্টা আৰু গধূলি দুঘণ্টা সময় তেওঁক সহায় কৰিবলৈ আহে কমলী। সহায় কম, নামতহে তাই সাৰথি। তাইক বুজাই থকাতকৈ খৰটকীয়া হাতেৰে বেছি ভাগ কাম চলিহানীয়ে নিজেই কৰি সামৰে। তথাপিও ঘৰ সৰা-মোচা, ধোৱা কাপোৰবোৰ ৰ'দত মেলি দিয়া, আকৌ আবেলি সেইবোৰ চপাই আনা জাতীয় লৰা ধপৰাৰ কামখিনিৰ বাবেই তেওঁক কমলীৰ বিশেষ প্ৰয়োজন।

কিন্তু অলপ লেহেমীয়া গতিৰ, সতকাই কথা পাহৰি যোৱা কমলীৰ লগে-লগে সমানে লাগি, বাৰে বাৰে সকীয়াই নাথাকিলে কামবোৰ চিজিল লাগি নাহে। ফলত কেওফালে চলিহানী জপতিয়াই ফুৰিব লগীয়া হয়। বাহিৰৰ মানুহৰ মতে ঘৰখন কামকৰা মানুহৰ হাতত এৰি দিয়াৰ অপবাদো তেওঁ নীৰৱে সহ্য কৰে। ঘৰৰ মানুহ কেইটায়ো কমলী আছে বুলিয়েই চলিহানীক ৰন্ধা-বঢ়া ইত্যাদিৰ আব্দাৰ বেছিকৈ কৰে। ফলত মানুহজনীক কামে জুমুৰি দি ধৰে। তাৰ বাহিৰে মেল-মিটিং, স্কুল, নামঘৰ, বিয়াই-সবাহে মিলি মানুহজনী ব্যস্ত। কেতিয়াবা কমলীৰ পাল মৰা আধা দুখৰিয়া কাম, লেহেমীয়া গতি, এইবোৰে চলিহানী মানুহজনীক ক্ষুণ্ণ কৰি তোলে।


প্ৰমিলা চলিহা দিন বাগৰাৰ লগে লগে অলপ খিং-খিঙীয়া হৈ উঠাটো মিছা নহয়। চেষ্টা কৰে,  গোটেই দিনটো ধৈৰ্য্য ধৰি থাকি থাকি কোন মুহূৰ্তত যে হিতাহিত জ্ঞান হেৰুৱাই পেলাই, তাৰ হিচাপ নাই। আৰু সেই অধৈর্য মুহূৰ্তবোৰত প্ৰায়েই তেওঁৰ ৰোষত পৰে কমলী।
"এইবোৰ বস্তু ইয়াতে পেলাই থৈছ, মই আহি সামৰিব লাগে। আজি অত বছৰে মানুহজনকতো চিজিল লগাব নোৱাৰিলোৱেই, ল'ৰা-ছোৱালীও যিমানে ডাঙৰ হৈছে সিমানেই ধোদ হৈ গৈছে। ৰাতিপুৱা জগুৱাই দিয়াৰ পৰা প্ৰত্যেকটো কামৰ বাবে মই কৈ কৈ ভাগৰি যাওঁ। এনেকৈ হ'লে কেনেকৈ হ'ব হয়নে?"

চলিহানীক ঘৰৰ মানুহ কেওটাই সহায় কৰি নিদিয়া নহয়, কিন্তু তথাপিও ঘৰখনৰ মূল মানুহজনী হিচাপে নিত্য নৈমিত্তিক দায়িত্বৰে ব্যস্ত চলিহানীৰ আন এশজনী গৃহিনী দৰেই মাজে মাজে জক এটা উঠি আহে। কেটেৰা জেঙেৰা কৰে, নিজে নিজেই বকি থাকে।

আৰু এইখিনি কথাকেই তিলটোকে তাল কৰি কমলীৰ মুখে মুখে গোটেই চুবুৰী বাগৰি ফুৰে।

"দাদা বৰ ভাল, পিছে বাইদেউ হে...."

ফলত লোকচক্ষুত একালৰ মোহময়ী, কমনীয় চেহেৰাৰ বেষ্ট-ডিবেটাৰ প্ৰমিলা চলিহানী এজনী খঙাল, অসন্তোষীয়া গৃহিনীলৈ পৰিৱৰ্তিত হয়। কমলীলৈ মানুহৰ সহানুভূতি ওপজে। খেনোৱে তাইক এই "অতিপাত মুখচোকা" বাইদেউৰ ঘৰৰ কাম এৰি দিবলৈয়ো উপদেশ দিয়ে। কাম কিন্তু কমলীয়ে কেতিয়াও নেৰে। কমলী আৰু প্ৰমিলা চলিহাৰ যেন এক এৰাব নোৱাৰা যুগলবন্দী।

চলিহানী মানুহজনী ভিতৰি ভিতৰি অলপ আহত হয়। কমলীহঁতৰ কথা বেলেগ। কিন্তু খোদ নিজৰ মানুহটোৱেই তেওঁক নুবুজে। মুখ চোকা, কাম কৰা মানুহ চলাব নজনা বুলি তাচ্ছিল্য কৰে। তেওঁ ভিতৰি ভিতৰি ধৰফৰাই মৰে। মানুহবোৰক বুজোৱাৰ উপায় নাই।


এইকেইদিন ঘৰখনত বেছ উখল মাখল পৰিবেশ। চলিহা দম্পত্তিৰ বিবাহিত জীৱনৰ কুৰিটা বছৰ সুখে-দুখে নিষ্কণ্টক কাটি যোৱাৰ আনন্দত ল'ৰা-ছোৱালী হালে অত্যুৎসাহেৰে মাক-বাপেকৰ বিবাহ-বাৰ্ষিকী পাতিবলৈ মন মেলিলে। একে চহৰতে থকা ভাগিন-ভতিজাহঁতেও উজান দিলেহি। ফলত ঘৰৰ চোতালত ৰভা-পৰলি দি ভোজ-ভাতৰ আয়োজন চলিল। কেক অৰ্ডাৰ হ'ল, নানা ৰঙৰ বেলুন ফুলিল। সম্বন্ধীয় মানুহ আৰু ওচৰ চুবুৰীয়াৰ বাদেও প্ৰমিলা চলিহাৰ স্কুলৰ ষ্টাফ আৰু তাৰিণী চলিহাৰ অফিচৰ সহকৰ্মীহঁতো গোট খালেহি।

কেক কাটি ফটো-চেশ্যন এভাগি হৈ যোৱাৰ পিছত সকলোৱে ভাগে ভাগে ৰং-ৰহৈছ কৰিবলৈ ধৰিলে। কমলীয়েও বাইদেৱে দিয়া নতুন শাৰী পিন্ধি লচ-পচকৈ চৰবত বিলাই ফুৰিলে। চলিহানী ব্যস্ত হৈ পৰিল, নিমন্ত্রিত অতিথিৰ আপ্যায়নত। তেওঁলোকে খালে নে নাই, কেক ভাগত পৰিল নে নাই, ইত্যাদি কথাৰ মাজে মাজে নিভাঁজ হাঁহি এমোকোৰা বিলাই ফুৰিলে। মিঠা মাতেৰে অভ্যৰ্থনা, আৰু কোমল শান্ত হাঁহিৰে তদাৰকী কৰি ফুৰা চলিহানী জিলিকি থাকিল। চখ কৰি অষ্টাদশী গাভৰু জীয়ৰীয়ে মাকক পাৰ্লাৰৰ পৰা সজাই পৰাই অনাইছে, খোপাত গুজি দিছে গুলপীয়া গোলাপ। ন-কইনাৰ দৰেই ধুনীয়াজনী হৈ সাজি কাঁচি প্ৰমিলা চলিহাই সুন্দৰ সতেজ মুখেৰে অভ্যাগতৰ আপ্যায়নত ব্যস্ত হৈ থাকিল। চলিহা মানুহজনে দেখি পৰম সন্তোষ পালে।

এপাকত চলিহানীয়ে চলিহাৰ অফিচৰ মানুহখিনিকো মাত লগাবলৈ আহিল। বেছিখিনি মানুহকে তেওঁ আগে পিছে অলপ অচৰপ লগ পাইছিলেই, পিছে ঘৰুৱা পৰিবেশত ঘনিষ্ঠ ভাবে এয়াই প্ৰথম। এটা চুকত বহি আদ্দা মাৰি আছিল চলিহাৰ ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীখিনিয়ে। তাৰিণী চলিহা ডিপাৰ্টমেণ্টৰ মুৰব্বী, চাকৰি কৰা বিভাগটোৰ বৰমুৰীয়া, তেখেতৰ যথেষ্ট মান-সম্ভ্ৰম আছে। গতিকে অফিচৰ মানুহখিনিয়ে তেখেতক যথেষ্ট সমীহ কৰি চলিলেও চলিহানীৰ মিঠা সম্ভাষণ আৰু হাঁহিমুখীয়া সহজ-সৰল কথাত মানুহখিনি বেছ সপ্ৰতিভ হৈ উঠিল। নতুনকৈ জইন কৰা কম-বয়সীয়া ছোৱালী এজনীয়েতো কৈয়েই পেলালে,
"বাপৰে, চলিহা ছাৰ ইমান কাঢ়া। ভাবিবই নোৱাৰি মেম আপুনি যে ইমান ফ্ৰী, ইমান সহজ।"

"হয় দেই, মেম খুবেই হাঁহি মুখীয়া , ইমান ধুনীয়াকৈ কথা পাতে আমাৰ লগত। ছাৰে হে ইমান কেট-কেটাই থাকে...."

"ছাৰক আমি বিৰাট ভয় কৰোঁ। সৰু সুৰা ভুলতে ইমান বকে, খুব ষ্ট্ৰিক্ট। ঘৰখন চাগৈ আপুনিয়েই শান্ত কৰি ৰাখে নহয়নে মেম?"

চলিহাৰ অফিচৰ মানুহখিনিৰ কথাবোৰ শুনি চলিহানীৰ মুখৰ হাঁহিটো আৰু অলপ ডাঙৰকৈয়ে ওলাল। বুকুখন ফুলি উঠিল। পিছফালে ইতিমধ্যে চলিহা আহি হাজিৰ হোৱাত মানুহবোৰে কথা বতৰা সামৰিছিল।

"তোমালোকে ভালকৈ খাইছা তো? আইচস্ক্ৰিম আৰু গৰম জিলাপী খাবলৈ নাপাহৰিবা কিন্তু" বুলি চলিহানী সেইখিনিৰ পৰা আঁতৰি আহিল।


পিছদিনা অফিচত গুজৱ ওলাল,
"চলিহা মেডাম ইমান সাদৰি মানুহ, বৰ ভাল, পিছে ছাৰ হে...."

দুদিন মান শুনা কথাবোৰ আওকাণ কৰি কৰি, তৃতীয় দিনৰ দিনা আবেলিতে তাৰিণী চলিহা ঘৰ ওলালহি। তেখেতৰ যথেষ্ট খঙ উঠি আহিছিল। ডিপাৰ্টমেণ্টৰ বৰমুৰীয়া হিচাপে কিমান গধুৰ দায়িত্ব মূৰত লৈ তেওঁ মানুহক কাম কৰোৱাব লগে তেখেতে নিজে হে জানে। কাঢ়া নহৈ পাতল হ'লে চলিবনে?

"কি বুলি ভাবে হে মানুহে? তুমি কি তেওঁলোকৰ বচ নেকি? কামবোৰ মই হে কৰোৱাব লাগে। নবকিলে, বাৰে বাৰে তাগিদা নিদিলে, ভুলবোৰ শুধৰাই নিদিলে, সিহঁতে ভালকৈ কামেই নকৰে। তাকে ক'বলৈ গলে মই বেয়া।"

চলিহাৰ পছন্দৰ কাঢ়া গাখীৰ চাহকাপ আগবঢ়াই দি চলিহানীয়ে শান্ত সুৰত কৈ উঠিল,
"উৱা, তাতে কি হ'ল? আপুনিয়েই চোন কৈছিল, তলতীয়া কৰ্মচাৰী হ'লেও কাম কৰাৰ ফ্ৰীদমকণ দিব লাগে। বেচিকৈ কৈ থাকিলে বিৰক্ত হোৱাটো স্বাভাৱিক দিয়কচোন।"

কোদো বাঁহত যেন জুইহে লাগিল। চলিহা দপদপাই উঠিল "কৰ্মচাৰী আৰু ডিপাৰ্টমেণ্টৰ আন বিষয়াৰ লগত কামৰ ক্ষেত্ৰত ষ্ট্ৰিক্ট নহ'লে, সুচাৰুভাৱে নচলে। তুমি কি বুজিবা, ডিপাৰ্টমেন্ট হেড বুলি কথা, মেনেজমেণ্ট ঠিক হ'ব লাগে।"

"বুজোঁ বুজোঁ, আমি ঠিকেই বুজোঁ। আজি অতদিনে আপোনালোক আৰু কমলীহতকে ধৰি ঘৰুৱা ডিপাৰ্টমেণ্টটো মেনেজ কৰি থকা নাই জানো? বোলো প্রানায়ম কৰক, খং কমিব।"

চলিহানীৰ শেষৰ কথাখিনিত তাৰিণী চলিহাৰ মেলা মুখ মেলাতেই থাকি গ'ল। দুনাই কিবা এটা ক'বলৈ তেখেতে সুৰুঙা নাপালে।

কেৱল নাতিদূৰৈত আপোনমনে কাপোৰ সামৰি থকা কমলীক উদ্দেশ্যি চলিহাই চিঞঁৰি উঠিল,
"ঐ কমলী, শুকান কাপোৰ কেইটা তোলোতে তোৰ কেই ঘণ্টা লাগে অ? খৰকৈ কৰিবি চোন কামবোৰ। এনেকৈ হ'লে কেনেকৈ হ'ব?"

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৫.০১.২০২১

বৰষা যেতিয়া নামে বুকুলে


বৰষা যেতিয়া নামে বুকুলে

(চুটি গল্প)

কিনকিনিয়া বৰষুণ জাকে কঢ়িয়াই লৈ অনা মৃদু বতাহকণে বাৰিষাৰ আবেলিটো মনোৰম কৰি তুলিছিল। টিউশ্যন ক্লাছটোৰ পৰা এজাক ল'ৰা-ছোৱালী হুৰমূৰকৈ ওলাই আহিছিল।

বিৰিণা খৰধৰকৈ আগবাঢ়ি গ'ল। লগৰবোৰে "ঐ অলপ ৰৈ দিওঁ আহ, বৰষুণ গ'লে যাম দে" বোলা চিঞৰ কেইটাক আওকাণ কৰি "আৰু ৰৈ থাকিলে এন্ধাৰ হ'ব, বৰষুণ বাঢ়িব হে" বুলি একে আষাৰে উত্তৰ দি তাই বাছ ৰোৱা ঠাইখিনিলৈ খোজ ল'লে।

এইখিনিতেই অস্থায়ী বাছ ষ্টপেজটো। আজি জনসমাগম পাতল। ওচৰত বৰষুণ বা ৰ'দৰ পৰা আশ্ৰয় ল'বলৈ চালি তালি, বেঞ্চ জাতীয় একো নাই। বেছিভাগ ল'ৰা-ছোৱালী টিউশ্যন চেণ্টাৰতে ৰৈ দিছিল। গৈ থকাবোৰে হয় ছাতি নহয় কিতাপৰ বেগটোকে মূৰত লৈয়েই বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা চলাইছিল। কেইটামানে চাইকেল, ৰিক্সা, অটো যি পাইছে তাতেই উঠি পৰিছিল। ওচৰৰে গুমটিখনত সৰুফুটীয়া ল'ৰাটোৱে চাহ বাকি বাকি ইহঁত মখাৰ ৰেহ-ৰূপ চাই আছিল। তাৰ চেকেণ্ড-হেণ্ড টেপ-ৰেকৰ্ডাৰটোত বাজি থকা কেছেটটোৱেও যেন বতৰৰ লগত নিজকে খাপ খুৱাই লৈছিল।
"চাৱন বৰছে তৰছে দিল...
কিউ না নিকলে ঘৰছে দিল...
বৰখা মে ভি দিল প্যাচা হে...
য়ে প্যাৰ নহি তো ক্যা হে?"

বিৰিণা আগবাঢ়িল। বাছখন ধৰিব গৈ লাগিব।


সৌ টো নিয়ৰ। মস্ত ক'লা ছাতি এটা লৈ বাছলৈ ৰৈ আছে। অকলে।

"দেখিব মন নাযায় এইটোক! ইয়াৰ কাৰণেই সদায় ঘৰত গালি শুনি মৰো।" বিৰিণাই মুখৰ ভিতৰতে ভোৰ ভোৰালে।


নিয়ৰ আৰু বিৰিণাৰ ঘৰ একেটা চুবুৰীতে। ধীৰ-স্থিৰ স্বভাৱৰ পঢ়া-শুনাত বাৰুকৈয়ে চোকা নিয়ৰৰ বিপৰীতে গুৰু-গোঁসাই নমনা উৎপতিয়া বিৰিণাজনী। নিয়ৰৰ উদাহৰণ দি দি মাকে তাইৰ কাণ গেলাই দিয়ে। তায়ো সমানে ফেপেৰি পাতি ধৰে "সি হ'লেই যেনিবা গোটেইটো গৌতম বুদ্ধ, মইও হ'ব লাগিব বুলি কথা আছে নেকি? তোমালোকে এনেকুৱা কৰা যেন মই গোটেইজনী গাধ নাম্বাৰ ৱান।"

নহয়। বিৰিণা পঢ়া শুনাত মুঠেই বেয়া নহয়। তাই আচলতে বেছ তীক্ষ্ণ বুদ্ধি সম্পন্ন। কেৱল বুদ্ধিখিনি পঢ়া শুনাতকৈ দুষ্টামি আৰু কথাত বেছিকৈ লগায়। খেলা-ধূলা, নাটক আদিত তাইৰ ৰাপ বেছি।

নিয়ৰে বিৰিণাহতৰ ঘৰৰ চুপতি শুনি কেৱল হাঁহে। "তই জ্বল ন?" সি বিৰিণা লাহেকৈ সোধে। তাই মুখখন ভেকেটাই আঁতৰি যায়।


সকলোৱে জানে, একেখন স্কুলতে পঢ়িলেও, ঘৰুৱা আহ যাহ থাকিলেও দুয়োটাৰে অহি নকুল সম্বন্ধ। দুয়োৰে বন্ধুৰ গোট বেলেগ, পছন্দৰ কাম বেলেগ।  সি যদি সুমেৰু, তাই কুমেৰু। তাই গৰমত হৈ হাল্লা কৰি ফিল্ডত বাস্কেট বল খেলি থকা সময়ত সি আপোন মনে লাইব্ৰেৰীত বাহিৰা কিতাপবোৰ গোগ্ৰাসে গিলে। কোমল,গহীন মুখৰ চশমা পিন্ধা নিয়ৰ আৰু অনবৰতে দুষ্ট দুষ্ট ভাব মুখত লাগি থকা টোল পৰা গালৰ  বিৰিণা।

ইটোৱে সিটোৰ ছাঁ টোকে গচকিব নিবিচাৰে।


মেট্ৰিক পাছ কৰি দুয়োটাই স্কুলতে ক্লাছ ইলেভেনত নাম লিখালে। যথেষ্ট ভাল ৰিজাল্ট কৰাৰ পিছতো নিয়ৰ কটনলৈ পঢ়িবলৈ নগ'ল। ভালকৈ পঢ়িলে য'তে ত'তে থাকিও ৰিজাল্ট ভাল কৰিব পাৰিম বুলি সি মাকহতক প্ৰায়েই কয়।

"ফুটনি হৈছে তাৰ। স্কুলত যহাবলৈ হে ৰৈ গ'ল" বুলি বিৰিণাই ঠাট্টা কৰে।

নিয়ৰে উত্তৰ দিয়ে "টুৱেলভ পাছ কৰি এনেও বাহিৰলৈ যাম পঢ়িবলৈ। তেতিয়া আৰু এইফালে মুখেই নকৰোঁ। এই দুবছৰ মোক সহি থাক কোনোমতে। আৰু স্কুল এৰিলে দেইলি দেইলি খুৰীয়ে ৰন্ধা টিফিন কেনেকৈ খাম?"


কথাটো সঁচা। স্কুলত আগতে প্ৰায়েই নিয়ৰে টিফিন আনিবলৈ পাহৰে। ইলেভেনত উঠাৰে পৰা ননাই হ'ল। ব্ৰেক টাইমত এক কোবত আহি আড্ডাৰ মজা লৈ লৈ নিজৰ গ্ৰুপত টিফিন খাই থকা বিৰিণাৰ বাকচটো আৰামত কাঢ়ি লয়। একো যেন হোৱাই নাই, এই ভাবত আধাখিনি টিফিন মুখত ভৰাই, খঙত অগ্নিশর্মা বিৰিণাক "কুল ইট" বুলি কৈ গুচি যায়। তাই হাজাৰ গালি শপনি পাৰিলেও সি খাবই খাব।

"ডেকাটো দেখুৱাইছ, টিফিন আনিবলৈ লাজ লাগে, মোৰ পৰা হামলা কৰি নিবলৈ তোৰ লাজ নালাগে নহয়?"

"উৱা, তোৰ বুলি খোৱা নাই নহয়, খুৰীয়ে বনাই দিয়া বস্তু বুলি হে খাইছোঁ। মই পাহৰি যাওঁ যে।"

যাওঁতে পিছফালে ঘূৰি সি চিঞৰি,
"হো ল এইটো কেটচ কৰ" বুলি এটকীয়া জ্বলা আলু চিপছৰ পেকেট এটা তাইলৈ দলিয়াই দিয়ে।

তাই সেই চিপছ খাই সেহাই সেহাই বান্ধৱীক কয়,
"দেখিব মন নাযায় মোৰ এইপাটক। অকল মা হতৰ খাতিৰত সহি থাকোঁ।"



তাইৰ বেছি খং উঠে যেতিয়া শ্বাহৰুখৰ নতুন চিনেমাখন লগৰবোৰৰ লগত উদেষ্ণাত চাবলৈ যাওঁতেও নিয়ৰ গৈ ওলাইগৈ। তাৰ বন্ধু উৎপলৰ লগত।
"নিবোকা চামোন, কেৱলীয়া ভকতটো, তই আজি চিনেমা চাবলৈ আহিলি যে? তোৰ গ্ৰন্থ মহোৎসৱ শেষ হ'ল নেকি?"
"তোক চাবলৈ অহা নাই নহয়, চুপ থাক। কৰীনাক চাবলৈ আহিছোঁ।"

"ই পক্কা মোৰ জাচুচি কৰিবলৈ আহিছে।" লগৰবোৰক তাই কয়। "জৰুৰ মায়ে পঠিয়াইছে।"
স্ক্ৰীনত "কভি খুশি কভি গম" চলি থাকোতে তাই নিজে কভি আগলৈ কভি পিছলৈ দৃষ্টি নিক্ষেপ কৰি থাকে। চাৰি শাৰী মান পাচফালে বহা নিয়ৰ একান্তমনে চিনেমাত ডুব গৈ থাকে। এইফালে পৰ্দাত গান চলি থাকে,
"কেহ দো না কেহ দো না, ইউ আৰ মাই চনিয়া।"

বিৰিণাৰ চিনেমাত আৰু মনোযোগ দিয়া নহয় গৈ।

চবেই কয় সিহঁত দুইটাই হেনো বাচ্চাৰ নিচিনাকৈ দন কৰে।


এইবাৰ সিহঁত ক্লাছ টুৱেলভলৈ উঠিল। শৰ্মা ছাৰৰ অংকৰ টিউশ্যন। সপ্তাহত তিনি দিন। ৰ'দ হওক বৰষুণ হওক আহিব লাগিবই।

"চিহ আধা তিতিলোঁৱেই চোন।" বৰষুণ পৰা কোনোমতে সৰকি বিৰিণা এইবাৰ গৈ নিয়ৰৰ পৰা অকণমান দূৰত থিয় দিলে। তাইলৈ কেৰাহিকৈও নোচোৱা নিয়ৰে হাত দাঙি ২১ নম্বৰ বাছখন ৰখালে।  ছাতি বন্ধ কৰি উঠা নিয়ৰৰ পিছে পিছে বিৰিণাও উঠি পৰিল।

ইতিমধ্যে আকাশখন গোমা হৈ আহিছিল। বৰষুণটোও অলপ জোৰকৈ পৰিবলৈ লৈছিল। খালী বাছখনৰ শেষৰ ছিটটোৰ খিৰিকীৰ কাষত  বিৰিণা বহি পৰিল। ইটো মূৰত নিয়ৰ। ৰুমালখনৰে মুখখন মচি মচি তাই নিয়ৰলৈ চালে।

সি ঠাট্টা সূচক চাৱনি এটা দি আছিল।
"ছাতি আনিবলৈ আজিও পাহৰিলি হ'বলা?"
"তাতে তোৰ কি আহে যায়? তই টিফিন পাহৰ চোন সদায় সদায়।"
"টিফিন হে পাহৰো। নাখালে নমৰো নহয়। কিন্তু বৰষুণত তিতি গা বেয়া কৰাত নাই দেই।"
"নাখাই নো ক'ত মৰিছ, সদায় মোৰ পৰা চুৰ কৰি কৰি..."

"বাবলু" বাছখনৰ চেঙেলীয়া কনডাক্টৰটোৰ আজি মুড ভাল আছিল হ'বলা। আনদিনাৰ নিচিনাকৈ দলেৰ মেহেন্দিৰ ভাংৰা বা আলটাফ ৰাজাৰ "হম তো ঠেহৰে পৰদেচী" জাতীয় হুলস্থুলবোৰ নলগাই আজি কুমাৰ চানুক সুযোগ এটা দিছে।

বিৰিণাৰ কথাক গুৰুত্ব নিদি নিয়ৰে ছিটটোত গাটো অলসভাৱে এৰি দিলে। আৰামেৰে হেলান দি একান্তমনে সি গানৰ আমেজ ল'বলৈ ল'লে। নেপথ্যত বাজি আছিল পৰদেচ ছবিৰ গানটো
"দো দিল মিল ৰহে হেই
মগৰ  চ্ছুপকে চ্ছুপকে
চবকো হো ৰহি হে
খবৰ চ্ছুপকে চ্ছুপকে..."
নিয়ৰেও আপোনমনে গুণ গুণাবলৈ লৈছিল।


বাছখন উলুবাৰীৰ পৰা ফাৰ্ম গেট পায়হি মানে অসময়তে এন্ধাৰ নামি আহিছিল। এইখিনিৰ পৰা সিহঁতৰ ঘৰলৈ নাই কমেও ১৫ মিনিটৰ খোজ কঢ়া ৰাস্তা।

বাছৰ পৰা নামি বিৰিণাই ইফালে সিফালে চাবলৈ ধৰিলে। চেহ, সময়ত ৰিক্সা এখনো পাবলৈ নাই। এনেই হ'লে নলগা সময়ত আহি "বাইডো জাবু নিকি" বুলি জুমুৰি দি ধৰে।

"আহ আকৌ, কিয় নো নাটক কৰ? গোটেই বৰষুণত টিউশ্যনৰ দিনকেইটা তোক ময়েই কঢ়িয়ালোঁ। আজি মিছা মিছা ড্ৰামা নকৰিবি।" নাতি দূৰৈত ছাতিৰ তলৰ পৰা নিয়ৰে ৰিঙিয়াই মাতিলে।

কথাটো হয়। এই কেইদিন প্ৰতি দিনে বৰষুণ দিছে। আৰু প্ৰতিদিনে বিনা ছাতিৰ বিৰিণাই নিয়ৰৰ পৰা গালি খাইছে।

যাওঁ নাযাওকৈ তাই ছাতিৰ তলত সোমালগৈ।
"তইনো মোক কিয় সদায় সদায় মাত? দয়া কৰি দেখুৱাইছ? মোৰ ৰক্ষক তই?"
"ধুই, খুৰীয়ে দুখ পাব যে আদৰুৱা জীয়েকৰ চৰ্দি লাগিলে। আৰু তই ক্লাছত শেঙুন মচি থাকিবি। বেয়া দেখি নহয়। তোৰ টিফিনৰ ধাৰ মাৰিছোঁ দে, ফ্ৰিতে কৰা নাই।"


কালি গধূলিয়েই বাটত বিৰিণাই নিয়ৰৰ মাক, শান্তি বৰমাক লগ পাইছিল। কথাৰ মাজতে ওলাইছিল যে নিয়ৰে হেনো দেইলি টিফিন লৈ স্কুললৈ যায়। এদিনো নাপাহৰে।  তাই বৰমাকক একো কোৱা নাছিল।

"হ'ব দে। থৈ দে তোৰ চচিয়েল চাৰ্ভিছ। ঐ মোৰ ফালে ছাতি দে, তিতিছোঁ মই।"
"এমাইল দূৰত থাকিলে ক'ত নিতিতাকৈ থাকিবি বাৰু? এইটো ছাতিহে, তম্বু নহয়। কাষ চাপি আহ।"

বিৰিণাই এইবাৰ কাজিয়া নবঢ়ালে। কেৱল কুচি মুচি নিয়ৰৰ কাষ চাপি গ'ল।


এইখিনি সময় যে তাইৰ জীৱনৰ সকলোতকৈ আপোন আপোন লগা, মায়াময় সময়। তাইৰ উৎপতিয়া মনটোক থিতাতে শান্ত কৰি তুলিব পৰা সময়।

বৰষুণ থাকিলেও, জুলাই মাহৰ গৰম। বিৰিণা ঘামিছিল। হাতৰ ৰুমালখনৰে মুখখন এবাৰ মচি তাই বেগৰ ভিতৰত সুমুৱাই থ'লে। থওঁতে বেগৰ একোণত যোৱা কেইদিন এলাগী হৈ পৰি ৰোৱা ৰঙা ছাতিটোত তাইৰ আঙুলিৰ স্পৰ্শ লাগিল। মনে মনে যেন তাই ছাতিটোক কৈ উঠিল, "তই ইয়াতে চুপ চাপ সোমাই থাক।"

অলিবাটৰ সমুখলৈ চকু ৰাখি গহীন ভাবত খোজ কাঢ়ি থকা নিয়ৰে গুণগুণাই আছিল,
"চ্চাহে তুম কুচ্ছ না কহো,
মেনে চুন লিয়া,
কে চাথী প্যাৰ কা
মুঝে চ্ছুন লিয়া...
চ্ছুন লিয়া...মেনে চুন লিয়া।
পেহলা নশা...."


বৰষাই ধুই নিয়া, গধূলি হওঁ হওঁ বোলা আবেলিটোত বিৰিণাৰ গাল দুখনৰ টোল দুটা মুহূৰ্ততে স্পষ্ট হৈ উঠিল। লগতে তিৰবিৰাই উঠিল তাইৰ দুষ্ট দুষ্ট চকুহালো।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
৩.০৩.২০২১

অভাৱ


অভাৱ

(গল্প)

প্ৰফাইল ফটোখনৰ ছোৱালীজনী অতিপাত ধুনীয়া নহ'লেও সুস্বাস্থ্যৰ অধিকাৰী। হালধীয়াৰ ওপৰত সেউজীয়া অকণি অকণি ফুল থকা দীঘল ফ্ৰক এটা পিন্ধি, ষ্ট্ৰিক্ কৰা পোন চুলিখিনি মেলি হাঁহি আছে তাই। তিৰবিৰাই থকা চকুযুৰিত যেন অফুৰন্ত স্পৃহা। 

একেথৰে তাইলৈ বহুপৰ চাই থাকি নিলাঞ্জনাই মোবাইলটো বন্ধ কৰি দিলে। অলপ আগতে তাইৰ একালৰ সহপাঠী মূৰ্ছনাৰ গোটেই টাইম লাইনটো তাই চাই পেলাইছিল, আৰু চাই লৈ প্ৰথমে অবাক, তাৰ পিছত চূড়ান্তভাৱে হতাশ হৈ পৰিছিল ।


এসময়ৰ পঢ়া শুনাত মধ্যমীয়া, মোটামুটি চেহেৰাৰ মূৰ্ছনা এতিয়া এটা ষ্টাৰ্ট-আপ কোম্পানীৰ স্বত্বাধিকাৰী। তেত্ৰিশ বছৰীয়া ছোৱালীজনী এজনৰ বাকদত্তা, কিন্তু সেয়াই তাইৰ পৰিচয় নহয়। কৰ্মজীৱনৰ কৃতিত্বৰ উপৰিও ভৰপূৰ এক জীৱন। বন্ধু-বান্ধৱ, পৰিয়াল বা ভাবি স্বামীৰ লগত সময় পালেই গোটেই দুনীয়া ভ্ৰমি ফুৰে। বিভিন্ন ফটো, কেপশ্যন, ষ্টেটাছ আপডেট। কোনো হিমশীতল হিল-ষ্টেশ্যন বা উত্তাল সমুদ্ৰ তীৰত তাইৰ অকলশৰীয়াকৈ কৰা ভ্ৰমণৰ ফটোও নিলাই দেখিবলৈ পালে। 

"দেখিতো সুখী যেনেই লাগিছে। ভিতৰি কি অৱশ্যে কোৱা নাযায়।" নিলাই স্বগতোক্তি কৰিলে।

"পিছে এইবোৰ নকৰিও মই  নিজেনো ক'ৰ সুখৰ পাহাৰত বহি আছোঁ। তাই যে অন্তত কিবা কিবি এটা কৰিছেই।" পিছমুহূৰ্ততে নিলাই হুমুনিয়াহ কাঢ়িলে।  

মূৰ্ছনাৰ জীৱনত আন একো নহ'লেও নিজস্বতাখিনিতো আছে। 


ৰংক্ষণশীল পৰিয়ালৰ ছোৱালী নিলাই যথেষ্ট ভাল ফলাফল দেখুৱাই মেট্ৰিকৰ দেওনা পাৰ কৰি যেতিয়া বিজ্ঞান শাখাত পঢ়িব বিচাৰিছিল দেউতাকে একে আষাৰে না কৰিছিল। 

"চায়েন্স পঢ়ি কিহৰ ডাক্তৰ ইঞ্জিনিয়াৰ হবি? ছোৱালী কলেজত আৰ্টছ পঢ়িবি, থ।"

আৰ্টছ পঢ়ি ভাল ফলাফল দেখুৱাইছিল তাই। উচ্চ-শিক্ষাৰ কথা কওঁতে মাকে কৈছিল, "সেইবোৰ হৈ থাকিব বাৰু। আমি এতিয়া বেলেগ চিন্তাহে কৰিছোঁ তোক লৈ। পঢ়িলে বিয়াৰ পিছত পঢ়িবি।"

কেৱল পঢ়া বুলিয়েই নহয়, চাকৰি কৰোঁ বুলি অ'ত ত'ত দৰ্খাস্ত পঠিওৱা নিলাক ঘৰত চাফ-চাফকৈ কৈ দিয়া হৈছিল,

"চাকৰি কৰ, পৰীক্ষা দিয়, মাষ্টৰণী হৱ, যি মন শহুৰৰ ঘৰত গৈ হবিগৈ। তেওঁলোকে তোক অনুমতি দিলে যি ইচ্ছা কৰি থাকিবি। কিন্তু গাভৰু ছোৱালী গলত বান্ধি চাকৰি কৰোৱাৰ ৰিক্স আমি অন্তত ল'ব নোৱাৰো।"

লোৱাও নাছিল সঁচা। সম্ভ্ৰান্ত পৰিয়ালৰ সুযোগ্য সন্তান স্বপ্নাভৰ প্ৰস্তাৱ অহাৰ পিছত ঘৰখনে নিলাৰ ইচ্ছা অনিচ্ছাক গুৰুত্ব দিয়াৰ অনাড়ম্বৰ কৰি যথেষ্ট  আড়ম্বৰপূৰ্ণ ভাবে কন্যাদান কৰিছিল। 

নিলাৰ ক'বলগীয়া বিশেষ নাছিল। চিৰকাল কঠোৰ অনুশাসনৰ মাজত থকা নিলাই কোনোদিনে মুকলি মনেৰে বন্ধু-বান্ধৱৰ লগত মিলা মিছা কৰিবলৈ অনুমতি পোৱা নাছিল, ফুৰা চকা কৰা দূৰৰে কথা। 

কলেজ এস্কাৰশ্যনেই হওক বা বন্ধুৰ আউটিং, পৰিয়ালৰ অনুষ্ঠানৰ বাহিৰে এইবোৰলৈ যোৱাৰ প্ৰশ্নই উঠা নাছিল নিলাৰ ক্ষেত্ৰত। কেতিয়াবা তাই আফচোচ কৰিলেও মাকে এটা কথাই কৈছিল,

"য'ত ফুৰ, যেনেকৈ ফুৰ গিৰীয়েৰৰ লগত ফুৰিবি। বিয়াৰ পিছত।"

মনৰ আশাবোৰ মুচৰি তেনেকৈয়ে বিয়া হৈছিল নিলা। স্বপ্নাভক লগ পাই বেছ ভাল লাগিছিল তাইৰ।  উচ্চ শিক্ষিত, যথেষ্ট আধুনিক চিন্তাধাৰাৰ স্বপ্নাভক পাই তাইৰ মনত কিঞ্চিত আশাৰ সঞ্চাৰ হৈছিল, "বিয়াৰ পিছত হ'লেও এই বাধা নিষেধৰ পৃথিৱীখনৰ পৰা মুক্তি পাম।"

কথাই বতৰাই স্মাৰ্ট, ব্যক্তিত্ব সম্পন্ন স্বপ্নাভে তাই কৈছিল,

"আমাৰ ঘৰত আহি তুমি বোৱাৰী নহয়, ছোৱালীৰ মৰম পাবা মা-দেউতাৰ পৰা। আমাৰ পৰিয়াল যথেষ্ট শিক্ষিত, টকা পইচা একোৰেই অভাৱ নাই। চাবাচোন কিমান মৰম, কিমান আদৰ পাবা। তোমাক আৰু জীৱনত একো বস্তুৰেই প্ৰয়োজন নহ'ব।"


বুকুত অশেষ সপোন বান্ধি তাই স্বপ্নাভৰ ঘৰৰ দুৱাৰ-দলি গচকিছিল। মনত অলেখ আকাংক্ষা ঘৰখনৰ মৰম বুটলি আধৰুৱা পঢ়া-শুনাখিনি শেষ কৰিব, নিজৰ জীৱনটো গঢ়ি তুলিব। মনৰ পছন্দৰ ঠাইত ফুৰিব, নিজৰ ভাল লগা কাপোৰ সাজ পিন্ধিব। অতদিনে বান্ধি থোৱা পাখি দুখন স্বপ্নাভৰ ঘৰত খোল খাব। 

বিয়াৰ প্ৰথম কেইদিন তাইৰ বহুত ভাল লাগিছিল। শাহু-শহুৰ, স্বপ্নাভে তাইক মৰমেৰে উপচাই ৰাখিছিল। বোৱাৰী বুলি তাইৰ ওপৰত কোনো কামৰ বোজা জাপি দিয়া নাছিল, বৰঞ্চ হাঁহি ফুৰ্তিৰে তাইৰ মন ভৰাই ৰাখিছিল। তাই যথেষ্ট মুকলি অনুভৱ কৰিছিল। 

কিন্ত লাহে লাহে এই সুখবোৰৰ মাজেৰে আন এখন ছবি স্পষ্ট হৈ উঠিছিল। অদৃশ্য এক বান্ধোনৰ কবলত তাই সাঙোৰ খাই পৰিছিল। প্ৰথমেই মিঠা মুখীয়া শাহুৱেকে নিষেধাজ্ঞা জাৰি কৰিছিল তাইৰ পিন্ধন উৰণৰ চখ কণত। স্বপ্নাভে কৈছিল, 

"একো নহয় দিয়া। হাজাৰ হ'লেও মাহঁত আগৰ যুগৰ মানুহ। মোৰ একো আপত্তি নাই তুমি যিয়েই পিন্ধা। কিন্তু মাহঁতৰ মন যোগাই চলিব পাৰিলে আমাৰ দুয়োৰেই ভাল লাগিব নহয় জানো? আচলতে ঘৰৰ বোৱাৰীজনীক কোনোবাই কিবা কৈ দিব বুলি মাহঁতে ভয় কৰে জানা? দেখিছা কিমান চিন্তা তোমাক লৈ?"

স্বপ্নাভৰ মৰম সনা আব্দাৰখিনিত গলি গৈছিল নিলা। 

"কাপোৰ কানি নো কি বস্তু? আচল কথা মৰমখিনি হে।" মনটোক বুজনি দি তাই লাহে লাহে ঘৰখনৰ ইচ্ছা অনুযায়ী নিজকে ঢাল খুৱাই লৈছিল। 


লাহে লাহে স্বপ্নাভৰ ব্যস্ততা বাঢ়িছিল। নতুন বোৱাৰী পুৰণি হৈছিল। ইয়াৰ মাজত নিলাই নিজৰ প্ৰয়োজনতো ঘৰখনৰ পৰা অকলে ওলাই সোমাই ফুৰা কথাটোলৈ জাৰী কৰা হৈছিল আন এক নিষেধাজ্ঞা। 

"বাহিৰত দিন কাল ভাল নহয়। অকলে ক'লৈকো নালাগে যাব। য'লৈ যোৱা বাবাক ক'বা, সি লৈ যাব। আন কথা নহয়, তোমাৰ নিজৰ সুৰক্ষাৰ কাৰণেই কৈছোঁ। আৰু ঘৰখনত নো তোমাৰ কি অভাৱ বাহীৰখন ভ্ৰমি ফুৰিবলৈ?" শাহুৱেকৰ কথাখিনিৰ মৃদুভাষী নিলাই উত্তৰ দিব পৰা নাছিল। 

স্বপ্নাভ বা শাহুৱেক অবিহনে তাই ক'তো এখোজো দিব পৰাৰ সুবিধা হেৰুৱাইছিল।

অন্তৰংগ মুহূৰ্তবোৰত অভিযোগ কৰিলে স্বপ্নাভে একেটা কথাই কৈছিল,

"বেবী, মই আছোঁ নহয়। তুমি অকলে কিয় ঘূৰি ফুৰিব লাগিছে? মোক ক'বা, যি লাগে তোমাৰ সমুখত আনি হাজিৰ কৰি দিম। কি অভাৱ আছে ইয়াত? আৰু ঘৰলৈ যাবলৈ মন গ'লে বা ফুৰিবলৈ ইচ্ছা হ'লে লগত যাম নহয় আমি, তোমাৰ কাৰণে সকলো বাদ।" বাকপটু স্বপ্নাভৰ কথা আৰু মৰমৰ চুমাবোৰে নিলাক জব্দ কৰি পেলাইছিল। 

সঁচাই একোৰেই অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ ৰাখিছিল স্বপ্নাভে তাইক। 

গহনা গাঁঠৰী, দামী কাপোৰৰে ঠাহ খাই থাকে তাইৰ আলমাৰী। প্ৰসাধন, দামী পাৰ্ফিউম পলকতে আনি দিয়ে। চৌখিন ৰেষ্টুৰেণ্টত খুৱায়, দামী গাড়ীত ফুৰায়। কোনোদিনে গালি-শপনি বা কটু কথা এষাৰ কৈ পোৱা নাই। সকলো প্ৰয়োজন পুৰায়। 

শাহুৱেক শহুৰেকেও মৰমৰে উপচাই ৰাখে তাইক। বিয়াৰ পিছতে, তাইৰ প্ৰথমটো জন্মদিনত ডাঙৰকৈ পাৰ্টি পাতি মানুহ মাতি খুৱাইছিল। কেক আনি ফুৰ্তি কৰিছিল। শাহুৱেকে সকলোৰে সমুখত উপহাৰ দি তাইক অভিভূত কৰিছিল। 

তাইৰ জন্মদাত্ৰী মাকহঁতেও গৌৰৱ আৰু আনন্দত তাইক কৈছিল,

"ভাল কপাল তোৰ। এনেকুৱা উদাৰ পৰিয়াল পাইছ। আৰু কি লাগে?"


অলপ দিন পিছত লাহেকৈ নিলাই চাকৰিৰ কথাটো উলিয়াইছিল। শাহুৱেকে হাঁহিৰে উৰাই দিছিল তাইৰ অনুৰোধ,

"চাকৰি? তোমাক আকৌ কিহ'লৈ চাকৰি লাগে? আমাৰ ঘৰখনত খাই ঢুকুৱাব নোৱাৰাকৈ সমল আছে। তুমি লটি ঘটিখন খাই মিছাই কষ্ট কৰিব নালাগে দেই।"

স্বপ্নাভেও কৈছিল,

"কিয় লাগে নো চাকৰি কৰিব নিলা? তোমাৰ কিহৰ অভাৱ? চব দেখোন মই দিওঁৱেই। আৰু যদি আমনি লাগিছে বুলি কৈছা, তেন্তে আজৰি সময়বোৰত ৰন্ধা-বঢ়া শিকা, চিলাই কৰা, মাহঁতক সময় দিয়াচোন। দুদিন পিছত আমাৰ সংসাৰ বাঢ়িব। ক'ত সময়বোৰ পাৰ হৈ যাব গমেই নাপাবা। "

মাকহঁতেও তাইক বুজাইছিল,

"কিনো চাকৰি চাকৰি কৰি থাক অ? সেইখন ঘৰত কি নিদিয়াকৈ আছে তোক তেওঁলোকে? জোঁৱাইক ৰুষ্ট নকৰিবি।"

কষ্ট পালেও নিলাই একো ক'ব পৰা নাছিল। স্বপ্নাভেও তাইক সুৰুঙা দিয়া নাছিল। মন ভাল লগাবলৈ তাইক কুলু-মনালীৰ পৰা এপাক ফুৰায়ো আনিছিল।


ফুৰি চাকি আহি নিলা প্ৰেগনেন্ট হৈছিল। প্ৰথমে মুগ্ধা আৰু তাৰ পিছত মৌচুম আহিছিল সিহঁতৰ জীৱনলৈ। তাই ব্যস্ত হৈ পৰিছিল সংসাৰৰ মেৰ-পাকত। চাকৰি বা নিজৰ চখৰ কথা ভাবিবলৈ তাই বাদ দিছিল। ইচ্ছা অনিচ্ছা, নিজক লৈ দেখা  সপোনবোৰক চাৰ্টিফিকেটৰ লগত এচুকৰ পেটাৰীটোত যেন বন্ধ কৰি থৈ দিছিল। 

মাজতে দেউতাকৰ অসুখৰ সময়ত স্বপ্নাভ ঘৰত নথকা বাবেই তাই ঘৰলৈ যাব নোৱাৰিলে। শহুৰেকে কৈছিল, "পিছত যাবা দিয়া। আমাৰ বাবাই তোমালোকৰ ঘৰলৈ পইচা পঠিয়াই দিছে নহয়।"

তাইৰ পৰিয়াল বৰ্গও স্বপ্নাভৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ পৰিছিল। এনেকুৱা মুকুতা হেন জোঁৱাই। নিলাৰ ঘৰলৈ যাবলৈ নোপোৱাৰ দুখখিনি, দেউতাকক গৈ শুশ্ৰুষা কৰিবলৈ নোপোৱাৰ ক্ষোভখিনি কোনেও দেখা পোৱা নাছিল। স্বপ্নাভৰ তুলনাত নিজৰ মাক দেউতাকৰ চকুত তাইৰ অনুপস্থিতি মূল্যহীন হৈ পৰিছিল। 

তথাপিও নিলাই আজি বাৰ বছৰে সংসাৰখনৰ খাতিৰত সকলো মানি চলি আছে। পোৱাখিনিকেই সাৱটি জীৱনটো পৰিপূৰ্ণ বুলি মানি সুখী থকাৰ প্ৰয়াস কৰিছে। মাজে মাজে কিছু হাবিয়াসে উকমুকণি দিয়ে সঁচা, কিন্ত সকলোৰে শান্তিৰ খাতিৰত তাই সেইখিনি চেপি খুন্দি ৰাখি থৈ দিয়ে। 


মূৰ্ছনাৰ লগত ফেচবুকৰ জৰিয়তে যোগাযোগ আৰম্ভ হোৱাৰ পিছত তাইৰ বিষয়ে জানিবলৈ পাই নিলাৰ যথেষ্ট ভাল লাগিছিল। সঁচাকৈয়ে সুখত আছে মূৰ্ছনা। নিজৰ পৰিচয়, নিজৰ গৌৰৱত। কোনো "মিছেছ স্বপ্নাভ দুৱৰা" হৈ নহয়। 

এদিন মূৰ্ছনা তাইৰ ঘৰ ওলাইছিলহি। আহিয়েই বকিছিল,

"তোক লগ ধৰিবলৈ মাতি মাতিও নোৱাৰিলোঁ। ভিনদেৱে তোক ধুনীয়া দেখি দুৰ্গত বন্দী কৰি থৈছে যেন পাওঁ।"

মূৰ্ছনাই হাঁহি হাঁহি কোৱা কথাবোৰ নিলাৰ গাত লাগিছিল। কেইবাদিনো তাই স্বপ্নাভক খাতিৰ কৰিছিল মূৰ্ছনাৰ ওচৰলৈ লৈ যাবলৈ। প্ৰতিবাৰেই স্বপ্নাভৰ ব্যস্ততাৰ অজুহাত, "লৈ যাম ৰ'বা, তোমাৰ বান্ধবীনো ক'ত পলাই যাব?" 

মূৰ্ছনা অহাৰ দিনা মুকলিমূৰীয়াকৈ বহুত সময় কটালে নিলাই। স্বপ্নাভেও একে আষাৰে নিলাক কৈ পেলাইছিল, "বাঃ তোমাৰ যে ইমান স্মাৰ্ট, টেলেন্টেড বন্ধুও আছে, ক'তা আমাক গমেই নিদিয়াচোন।"

কেৱল মূৰ্ছনা কিয়, বিয়াৰ বাৰ বছৰে নিলাৰ কোনো বন্ধুৰ লগত যোগাযোগ নাছিল। থাকিবলৈ সুৰুঙাই পোৱা নাছিল। শেহতীয়াকৈ চচিয়েল মিডিয়াৰ জৰিয়তে দুই একৰ লগত পুনৰ কথা হৈছে যদিও, সেয়া নিতান্তই উপৰুৱা ভাবত। কাৰোবাক লগ ধৰা, ঘৰলৈ মতাৰ প্ৰশ্নই বা ক'ত?

মূৰ্ছনা অহাৰ দিনা প্ৰাণখুলি তাই কথা পাতিছিল। 

"তোক লৈ গৌৰৱ অনুভৱ কৰিছো। নিজক লৈ তো কৰাৰ কেতিয়াও সুবিধাই নাপালোঁ।"


প্ৰস্তাৱটো তাইক মূৰ্ছনায়েই দিছিল। 

"মোৰ ষ্টাৰ্ট আপ জইন কৰ। তইতো বহুত চোকা ছোৱালী, তোৰ পিপল মেনেজমেণ্ট ভাল। এডমিনৰ কামখিনি চাই দিবি। ক? কৰিবি?"

মূৰ্ছনাৰ কথাখিনিয়ে আকৌ এবাৰ নিলাৰ মনত আশাৰ ফিৰিঙতি এটা জ্বলাইছিল। মুগ্ধা-মৌচুম ডাঙৰ হৈছে। ঘৰখনত আলধৰা মানুহৰ অভাৱ নাই। এতিয়া তাই চাকৰি এটা কৰাত বাধা কিহৰ? 


ৰাতি লাহেকৈ কথাটো উলায়াওঁতেই স্বপ্নাভ জকি উঠিল,

"কি হে নিলা? তোমাৰ আকৌ একেখন বাজনা আৰম্ভ হ'ল নে? কিহৰ ইমান দাহ তোমাৰ চাকৰিৰ? এখন ঘৰৰ বোৱাৰী তুমি, ল'ৰা-ছোৱালীৰ মাক, মোৰ পত্নী। তথাপিও কিহৰ অভাৱ তোমাৰ? বেপৰুৱা বান্ধৱীৰ লাইফ-ষ্টাইল দেখি তোমাৰ গাৰ পোৰণি উঠিছে নহয়? তাইৰ নিচিনাকৈ কাপোৰ পিন্ধি দং-দংকৈ গোটেইখন ঘূৰি ফুৰিবলৈ ইনস্পিৰেশ্যন  পাইছা, নহয় নে?"

"ইনস্পিৰেশ্যন পাইছোঁ, কিন্ত এইবোৰ কৰিবলৈ নহয়, নিজকে নিজা পৰিচয় এটা দি গঢ়ি তুলিবলৈ প্ৰেৰণা পাইছোঁ স্বপ্নাভ।" নিলাই লাহেকৈ উত্তৰ দিলে।

"নিজা পৰিচয়? সেইটো আকৌ কি? তোমাৰ ইমান খিনিৰে অটা নাই নিলা? কিহৰ অশান্তি এইবোৰ? কিহৰ অভাৱ তোমাৰ নিলা? কি দিয়া নাই আমি তোমাক কোৱা?" বাৰে বাৰে তাইৰ গাটো জোকাৰি স্বপ্নাভে তাইক প্ৰশ্ন কৰিলে।

আধুনিক, শিক্ষিত পুৰুষৰ অৱৰণৰ তলৰ এলান্ধুকলীয়া মনৰ স্বপ্নাভক নিলাই বহুত আগতেই চিনি থৈছিল। বুজি পাইছিল যে পছন্দৰ কাপোৰ বাদ দিওঁতে তাই কেৱল সামান্য কাপোৰ এযোৰৰ চখ বাদ দিয়া নাছিল, আহুতি দিছিল নিজৰ ইচ্ছা অনিচ্ছাক, আঁকোৱালি লৈছিল বোৱাৰী হোৱাৰ বাবেই মানি ল'ব লগীয়া সমস্ত বাধা। বুজি পাইছিল যে মুকলি মুৰীয়াকৈ ফুৰা চকা বাদ দিওঁতে তাই নিজৰ ভাললগা বাদ দিয়া নাছিল, নিজকে মেৰিয়াই তুলিছিল পুৰুষতন্ত্ৰৰ অদৃশ্য এক শিকলীৰে। বুজিছিল যে  শিক্ষা-দীক্ষা, নিজকে প্ৰতিষ্ঠিত কৰাৰ হাবিয়াস বাদ দিওঁতে তাই দৰাচলতে জুইত জাহ দিছিল নিজৰ অধিকাৰ। নিজৰ মূল্যখিনিক। সৰুৰে পৰা বাদ দিওঁতে দিওঁতে তাই নিজৰ মানৱ অধিকাৰখিনিকে বাদ দি পেলাইছিল। 

এই কথাখিনিয়ে বাৰে বাৰে তাইৰ মগজুত আস্ফালন কৰি উঠিছে, অথচ তাই একো ক'ব পৰা নাই। দুচকুৰে চকুপানীৰ ধল বৈ থকা নিলাৰ বাহু দুটা জোকাৰি স্বপ্নাভে তাইক সুধি আছে,

"কোৱা, কিহৰ অভাৱ তোমাৰ?"

কিহৰ অভাৱ?

কিহৰ অভাৱ?

এই কথাষাৰ যে তাইৰ কৰ্ণ কুঁহৰত জ্ঞান অহাৰ পৰাই বাজি আছে। 

এৰা, কিহৰ অভাৱ?

"স্বাধীনতাৰ অভাৱ স্বপ্নাভ।" অস্ফুট কণ্ঠৰে নিলাই বিৰবিৰালে। 

"কি? কি ক'লা তুমি?" 

গোটেই জীৱন ভাৰ বৈ ফুৰা অদৃশ্য শিকলীডাল চিঙিবলৈকে যেন নিলাই এইবাৰ চিঞৰি উঠিল,

"মোৰ জীৱনত মানুহ হৈ জীয়াই থকাৰ অধিকাৰৰ অভাৱ স্বপ্নাভ। নিজৰ জীৱনটোত নিজে সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ অভাৱ। স্বকীয় পৰিচয় সৃষ্টি কৰিবলৈ বিচৰা সুবিধাকণৰ অভাৱ। তোমাৰ আৰু ঘৰখনৰ মোৰ ওপৰত খটুৱা মালিকস্বত্বৰ পৰা পৰিত্ৰাণ পোৱাৰ অভাৱ। মৰমৰ নামত তোমালোকে মোক পিন্ধোৱা তলাটোৰ চাবি কোচাৰ অভাৱ। পৃথিৱীৰ সকলো ধন ঐশ্বৰ্য আনি তুমি মোৰ ভৰিত ঢালি দিলেও এই নথকাখিনিৰ ক্ষতিপূৰণ নহয়। তুমি কাহানিও পূৰণ কৰিব নোৱাৰা এনেকুৱা এই অভাৱ।"

নিলাৰ মুখৰ পৰা ওলোৱা এটা এটা শব্দই স্বপ্নাভক বিন্ধি পেলাইছিল। সি মূৰ তুলিব পৰা নাছিল। এই স্বাধীনতা অবিহনে নিলাৰ আচলতে অস্তিত্ব কি? কেৱল নিলাই নহয়, কোনো মানুহৰেই আচলতে অস্তিত্ব কি?

"মোৰ জীৱনত মোৰ নিজৰেই স্বাধীনতাৰ অভাৱ।" নিলাৰ এই শেষৰ কথাষাৰে তাক জোকাৰি গ'ল। হুকহুকাই কান্দি মজিয়াত বহি পৰা নিলাক সি এইবাৰ সজোৰে সাৱটি ধৰিলে। 

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৮.০২.২০২১

প্ৰতিশ্ৰুতি


প্ৰতিশ্ৰুতি

(গল্প)

আঠ বছৰীয়া দুয়োটাই এই লাগে, এই ভাগে। স্কুলত কেতিয়াবা তাই নতুন বন্ধুক লৈ ব্যস্ত হৈ পৰে। তাৰ পাত্তা কমি যায়। সি ওফোন্দ পাতে। দুদিনমান দন লাগি মাতবোল বন্ধ হয়।

তৃতীয় দিনা অংক ক্লাছত তাই তালৈ বুলি কাগজৰ পুৰিয়া এটা পঠিয়াই দিয়ে। যম হেন অংক মাষ্টৰৰ নজৰৰ পৰা লুকুৱাই, সি সেইটো সন্তৰ্পণে খোলে।
"মাতিবি?" এটাই শব্দ।

"তই মাতিলে মাতিম।" সি তৎক্ষণাত উত্তৰ পঠিয়ায়।

গধূলি ফুটবল ফিল্ডত তাই তাক কয়,
"আৰু নালাগো দে। তোক নামাতি বৰ কষ্ট পাওঁ।"

"ময়ো।" সি ল'লিপপ এটা যাচে। তাই নাচি উঠে।

" তেন্তে ফ্রেণ্ডছ?" সি প্ৰশ্ন কৰে।

"সদায়। প্ৰমিজ।" ল'লিপপটো চুপি ৰঙা পৰা ওঁঠৰে তাই উত্তৰ দিয়ে। 

                     *******************


ভেলেণ্টাইন দে। আৰ্টছ চেকশ্যনৰ পৰা সি দৌৰি ওলাই আহে। চায়েন্স বিল্ডিঙৰ চিৰিত সৌৱা তাই। চকুত অষ্টাদশী গাভৰুৰ চঞ্চলতা। কিবা এটালৈ যেন উৎকন্ঠা, অপেক্ষা।

সযতনে লুকুৱাই ৰখা ৰঙা গোলাপটো সি তাইলৈ আগবঢ়াই দিয়ে। বুকুৱে তাৰ ধান বানে।

"অলৱেইজ বি মাই ভেলেণ্টাইন।"

তাই কান্দি পেলায়।
"ইমান বছৰ লগালি এইটোকে বুজাবলৈ।"

"তই মোৰতো, পাক্কা?" সি প্ৰশ্ন কৰে।

"সদায় তোৰ। প্ৰমিজ।" তাইৰ গালত ৰঙচুৱা আভা। চকুত প্ৰাপ্তিৰ আনন্দ।

                     *******************


পৰিয়ালৰ দুৰ্ঘোৰ আপত্তি। তাৰ ঘৰে কয়, তাই হেনো উদঙীয়া গৰু। কুমলীয়া ল'ৰাটোৰ মূৰটো খালে। বয়সত তাতকৈ চাৰি মাহে ডাঙৰ। তাইৰ ঘৰে কয়, তাৰ ঘৰখন অহংকাৰী। ল'ৰাও একেই অহম্মক হ'ব। কাম বন নাইকিয়া, ধদুৱা। আমাৰ ছোৱালী ব্ৰিলিয়েন্ট। একঠা খাব।

প্ৰেমৰ এটা দশক পাৰ হয়, আকোঁৰগোজ মানুহবোৰক মৰমৰ ভাষাৰে তলাব নোৱাৰে সিহঁতে। নিজকলৈ দেখা সপোনবোৰ বাদ দি দুয়োটাৰে যুগ্ম সপোনবোৰ পূৰ কৰিবলৈকে সি চাকৰি এটাত মূৰ গোজে। খোপনি এটাৰ দৰকাৰ।

স্বাৰ্থপৰ তেজ মঙহবোৰতকৈ মৰমৰ টানে এদিন সিহঁতক ৰিঙিয়াই মাতে।

"সদায় লগত থাকিবিতো?" সেন্দুৰখিনি তাইৰ শিৰত দি সি সোধে।

"সদায় থাকিম। প্ৰমিজ।" চকুত চকু থৈ তাই আকৌ এবাৰ শপত খায়। 

                     *******************


বছৰ বাগৰে। মৰম চেনেহবোৰ উপচি পৰে। তিনিটা প্ৰাণীৰ সুখৰ সংসাৰখন দুয়োটাই আটোমটোকাৰীকৈ সজায়। সময়ত চাকৰি গজগজিয়া হয়, দুয়োটা ব্যস্ত হৈ পৰে। সময় আগবাঢ়ে। মৰম চেনেহবোৰ নকমে।

পয়ত্রিশ বছৰীয়া মানুহটোৱে এদিন তাইক কৈ উঠে, "এনেকুৱা চান্স দুনাই নাপাৱ। ইমান ডাঙৰ প্ৰজেক্ট। তিনিটা বছৰ হে। গৈ আহ। ইয়াৰ পিছত তোৰ কেৰিয়াৰ বতাহ বেগত উৰিব।"

"তহঁতক এৰি পাৰিম জানো? তহঁতে পাৰিবি?" তাইৰ চকুত আশংকা।

"সব পাৰিম। তুলতুল ডাঙৰ হৈছে। আমি বাপেক জীয়েক ভালে থাকিম। তই যা। সপোনবোৰ দিঠক কৰ।" কপালত চুমা এটা আঁকি সি তাইক কয়,
"ঘূৰি আহিবি কিন্তু। কোনো গোৰা চাহাবৰ প্ৰেমত পৰি থাকি নিদিবি। মোৰ হৈ থাকিবি।"

তাৰ কান্ধত মূৰটো পেলাই দিয়ে তাই।
"সদায় তোৰ। প্ৰমিজ।" তাৰ আদৰৰ হাতখনৰ ছায়াত তাই গলি যায়, বুকুখন প্ৰশান্তিত ফুলি উঠে। 

                     *******************


"চাকৰিটো এৰ আৰু। অত বছৰে খাটি মৰিলি। কিতাপ লিখাৰ হেঁপাহ কেতিয়া পূৰ কৰিবি?" বেলকনিত বহি ৰফীৰ গান শুনি শুনি চাহৰ কাপত চুমুক দি এদিন তাই কৈ পেলায়।

"এতিয়া এই বয়সত, হঠাৎ?" তাৰ চকুত কৌতুহল। সি থতমত খায়। সংসাৰৰ কি হ'ব?

"মোৰ চাকৰিটো আছে নহয়। ধুনীয়াকৈ সংসাৰ চলিব আমাৰ। তুলতুলো নিজৰ লাইনত এতিয়া চেট। চিন্তা কিহৰ? তই লিখ।" তাই আশ্বাস যোগায়।

"এই পঞ্চাশ বছৰীয়া বুঢ়াটোৱে চাকৰি এৰি ঘৰত হাউচ হাজবেণ্ড হ'লে, তোৰ মৰম কমি নাযায়তো?"

"অহৌবলিয়া তই।" তাইৰ খং উঠে।

"হয় বাৰু। কিন্তু ফ্ৰাষ্ট্ৰেটেড খিটখিটিয়া বুঢ়া হৈ গ'লে মোৰ লগত থাকিবিতো?" সি তাইক আকৌ এবাৰ প্ৰশ্ন কৰে।

"সদায়। প্ৰমিজ।" তাই তাৰ হাতত কলমডাল তুলি দিয়ে।

                    *******************


তাৰ সৃষ্টিবোৰে প্ৰাণ পায়। অখ্যাত মানুহটোৰ অকালতে মৰহি যোৱা সপোনবোৰ এদিন সাৰ পাই উঠে। নাম যশ, সকলো আহে। এসময়ত বংশৰ কলংক বুলি ত্যাগ দিয়া ঘৰৰ মানুহবোৰো আহে।
নিজৰ কৰ্মক্ষেত্ৰত উজলি থকা তাই আৰু সুখ্যাত হৈ পৰা তাক লৈ মানুহবোৰে গৌৰৱ কৰে।

সুখবোৰ থ'বলৈ ঠাই কম পৰে। সিহঁতে সামৰি সুতৰি ভগাই লয়। সুখবোৰ বাঢ়ে।

তাৰ মাজতে এদিন সি তাইক গোচৰ তৰে,
"তুলতুলৰ কেঁচুৱা তুলিবলৈ যাৱ যা। কিন্ত বেছি দিন নাথাকিব। নহ'লে মোক পাহৰি যাবি। এই বুঢ়া বয়সত মই আৰু এজনী ঘৈণী ক'ত গোটাম ক?"

"তয়ো ওলা, আমাৰ পেটৰ পোৱালী তাই।" তাইৰ স্পষ্ট উত্তৰ।

"নালাগে দে। তই মাক। তয়ে যা। ঘৰখন এৰি ইমানদিন দুয়োটা গুচি যোৱাটো ভাল নহ'ব।"
তাইৰ চুটকেচ পেকিং কৰি কৰি সি কৈ যায়,
"ঘূৰি আহিবি সোনকালে। নাতিক পাই মোক নাপাহৰিবি। থাকিব মোৰ লগতেই লাগিব কিন্তু।"

"থাকিম ঐ বুঢ়াটো মোৰ। প্ৰমিজ।" তাই হো-হোৱাই হাঁহি দিয়ে।

                     *******************


"মিছলীয়া তই। সদায় লগত থাকিম বুলি, অকলে এৰি গলি।" আশী বছৰীয়া সি তাইৰ শীৰ্ণ হাতখন ধৰি তাইক জোকাৰি দিয়ে। তাই নিৰ্বাক, নিস্তব্ধ, স্পন্দনহীন।

"ক'ত গ'ল তোৰ সদায় কৰা প্ৰমিজ?" তাইৰ কপালত হাত বুলাই সি সোধে।

আত্মীয় স্বজন, জী-জোঁৱাই, নাতি-পুতি, সকলো আছে কাষত। তথাপিতো বুকুখন খালী হৈ পৰে তাৰ।

তাৰ ৰিক্ত কলিজাখন দেখিছেনে তাই?

তাৰ চেপা আৰ্তনাদ শুনিছেনে?

তাৰ প্ৰশ্নবোৰ বুজিছেনে?

"শেষ পৰ্যন্ত লগত নাথাকিলিতো?" সি উচুপি উঠে।

তাইৰ মৌন ওঁঠদুখনে যেন হঠাৎ অস্ফুট ভাষাৰে তাক ভৰসা দি উঠে,
"তয়ো সোনকালে গুচি আহিবি আক। লগ নেৰো নহয়। প্ৰমিজ।"

 
                   
✍ © ৰূপালীম (বেংগালুৰু)
২০.০৩.২০২১


পৰিচয়


পৰিচয়

(কথাগল্প)


: কি কফি খাবা, ষ্ট্ৰঙ ব্লেক নে কৌল্ড?

: ওহোঁ, মই চাহ খাম। আদা দিয়া কাঢ়া চাহ একাপৰ প্ৰয়োজন মোক দিনটোৰ শেষত।

: বাঃ, আজি যুগৰ আধুনিক ছোৱালী হৈও তুমি চাহ হে পছন্দ কৰা?

: আধুনিকতাৰ লগত চাহ কফিৰ কি সম্পৰ্ক? ভালকৈ ভাত খাই মই তামোল এখনো পকতিয়াই খাওঁ মাজে সময়ে।

: অহ ইউ মিন পাণ, এজ ইন মিঠা পাণ?

: ধেই, চূণ লগোৱা তামোল পাণ। দেশী ষ্টাইল।

: বাপৰে, তোমাক বুজিবলৈ কঠিন হ'ব দেই। 

: মই অপেন বুক। আপুনি পাণ নাখায়?

: নৌ ৱে। স্মক কৰোঁ কেতিয়াবা। তুমি নকৰা?

: নাঃ, স্মকিং ইজ ইনজুৰিয়াছ টু হেলথ।

: হাঃ। আৰু তামোল নহয়?

: হয় চাগৈ, কিন্তু মৰিলে অসমীয়া বস্তুটো খাই মৰিম।

: উহ। বেছ স্ত্ৰেইট ফৰৱাৰ্ড, ফ্ৰেংক দেই তুমি। ইউজুৱেলি ছোৱালীবোৰৰ এইবোৰ লক্ষণ আকৰ্ষণীয় নহয়।

: আকৰ্ষণীয় হোৱাৰ ইচ্ছা নাই। মইজনী হোৱাৰ হে ইচ্ছা।

: কিন্তু তোমাৰ জব প্ৰফাইলত অলপ ডিপ্লোমেচি দৰকাৰ, নহয় জানো?

: জব প্ৰফাইলত প্ৰয়োজন, সেয়া মই হয়। কিন্ত আচল জীৱনত কোনো আপোচ নাই।


: মই ভবাতকৈ তুমি বহুত বেলেগ।

: কি ভাবিছিল নো?

: নহয় মানে মাই কৈছিল তুমি বহুত এডুকেটেড, ডাঙৰ জব কৰা, হাই প্ৰফাইল, মোৰ লগত মিলিব।

: সেইবোৰতো সঁচা। মিলিব নে নাই নাজানো পিছে।

: আচ্ছা লেটছ চি। তুমি কি খাই ভাল পোৱা? বেষ্ট কুইজিন?

: খোৱাত সকলো বস্তুৱেই ভাল লাগে। কিন্তু মাই বনোৱা মাছৰ টেঙা আৰু দেউতাৰ হাতৰ লাই পাত দিয়া গাহৰিৰ তুলনা নাই।

: আসঃ, পৰ্ক বুলি কোৱা। আজিকালিৰ ছোৱালীয়ে  গাহৰি কয় নে?

: মই কওঁ।

: ষ্টেক খাইছা? পৰ্ক ৰিবছ? সেইবোৰ হে আচল বস্তু।

: খাইছোঁ। ভাল লাগে। কিন্তু লাই শাক গাহৰি বুকুৰ আপোন।

: তুমি বোলে বিদেশ ভ্ৰমি আহিছা? তথাপিও ইমান দেশ প্ৰেম যে?

: বিদেশ ঘূৰিলেও অন্তৰখন দেশতেই থাকে যে। কিয় আপুনি দেশক ভাল নাপায়?

: পাওঁ, কিয় নাপাম, কিন্তু পছন্দৰ বস্তুবোৰ অলপ ষ্টেণ্ডাৰ্ড লাগে, মানে নট চৌ দেচি।

: বুজিছোঁ।

: তুমি গানো চাগৈ ক্লাছিকেল ভাল পোৱা? ক'ত আৰু জেজ, ৰক শুনিবা?

: অ ক্লাছিকেলেই ভাল পাওঁ, কিন্তু ৱেষ্টাৰ্ণ ক্লাছিকেলো পছন্দ। লগতে গজল, চুফি, বৰগীত....

: উফফ। তোমাক দেখিলে খাটি অসমীয়া যেন হে লাগে, ইংৰাজী মিডিয়ামত পঢ়া যেন ভাবেই নহয়।

: খাটি অসমীয়া যে সেইকাৰণেই লাগে আকৌ।


: বাৰু বাদ দিয়া। তুমিতো আজিৰ যুগৰ মডাৰ্ণ ছোৱালী। হৈ-হাল্লা ভাল পোৱা নিশ্চয়। মই কিন্তু সাংঘাতিক পাৰ্টি এনিমেল।

: ভাল পাওঁ। কিন্ত মাজে মধ্যে হে।

: কিয় ফ্রেণ্ডছৰ লগত ঘূৰি ফিৰি, পাৰ্টি কৰি ভাল নোপোৱা?

: পাওঁ। কিন্ত চাহৰ কাপত চুমুক দি ঘণ্টাৰ পিছত ঘন্টা প্ৰাণখুলি আড্ডা দিবলৈ বেছি ভাল পাওঁ। 

: মই কিন্তু ভিৰ, হুলস্থুল ভাল পাওঁ। নট দা বৰিং নিস্তব্ধতা, একাকীত্ব টাইপ।

: বিচাৰিব জানিলো কিন্তু একাকীত্বতো আমেজ থাকে।

: ৰিয়েলি? কেনেকৈ?

: বৰষুণৰ নিশা অকলে খিৰিকী মুখত বহি পছন্দৰ গান শুনিবচোন। বা জাৰ কালি লেপৰ তলত সোমাই গল্পৰ কিতাপখন পঢ়িব। 

: হাও ৰেত্ৰ! একদম পুৰণি কলীয়া চখ।

: তাকেই তো। ৰেত্ৰ আমেজ।

: স্ট্রেঞ্জ দেই। মাই বিয়াৰ কথা ওলাওঁতে কৈছিল তুমি বহুত এডুকেটেড, আধুনিকা। কিন্তু তুমি একদম ঔল্ড ফেশ্যণ্ড যেন হে লাগিছে মোৰ। অলপো আধুনিকতা নাই চোন।

: কি কৰিব আৰু। আপুনি বৰং মনে মিলা এজনী বাছি লওক। আমাৰ নহ'ব। যাওঁ বলক।


: আৰে ৰ'বা। লেট মী পে দা বিল।

: এয়া মোৰ শ্বেয়াৰ দেই।

: হাৰে তুমি বিল কিয় পে কৰিছা? মই দিম নহয়। আই আৰ্ণ ৱেল।

: টকা অৱশ্যে ময়ো বেয়া নঘটো।

: হ'লেও, ইউ আৰ এ গাৰ্ল আফটাৰ অল।

: তাতে কি হ'ল? অকল আপুনি কিয় দিব? লগ কৰিবলৈতো দুয়োজন আহিছিলোঁ। ৱি শ্বুড শ্বেয়াৰ।

: নহয় সাধাৰণতেতো ল'ৰায়েই পে কৰে। নহয় জানো?

: ঔল্ড ফেশ্যণ্ডবোৰে কৰে। আধুনিক, এডুকেটেডবোৰে বিল শ্বেয়াৰ কৰে।


✍ © ৰূপালীম (বেংগালুৰু)
১৫.০৩.২০২১

শুভ পৰিণয়


শুভ পৰিণয়

(হাস্যৰসৰ গল্প)

"নাপাই দেই। নিদিয় নিদিবি। কিন্তু প্ৰেজেন্টৰ নামত এইসোপা কিয় দিয়ে মানুহবোৰে?"

বৰুৱানীয়ে হাতত লৈ থকা বাকচটো মজিয়াতে থেকেছা মাৰি দিলে। কটংকৈ হোৱা শব্দটোত ডাঙৰ বোৱাৰীয়েক নীলিয়ে চিঞৰি উঠিল,
"মা, চাব, ভাঙিব।"

"ভাঙক। এই সোপা থাকিনো কি উদ্ধাৰ হ'ব মোৰ। মিছা মিছি জেগা বন্দী।" বৰুৱানীৰ আজি মোচন বেলেগ।

দেওবাৰ দুপৰীয়াৰ ভাত ঘুমটি শেষ কৰি সৰু পুতেক ভাইমন ওলাই আহিছিল। মাকৰ লম্ফ-জম্ফ দেখি সি অপ্ৰস্তুত হ'ল। কেনেবাকৈ ব্ৰেণ্ড নিউ ঘৈণীয়েকে কিবা জগৰ লগোৱা নাইতো? চাৰ্টৰ বুতাম মাৰি মাৰি সি সুধিলে,
"কি হ'ল অ মা, আজি বতাহ গৰম যে?"

"বাটি ছেট উনৈশটা উঠিল হেৰৌ তোৰ বিয়াত। ককায়েৰৰ বিয়াত উঠা আঠোটামান ছেট এতিয়াও ডিভানৰ চুকত সোমাই আছে। এতিয়া অত গাল বাটি লৈ মই দোকান খুলিলে হে হ'ব।" বৰুৱানীৰ কথাত বনকৰা ছোৱালী মিনিয়ে খুক খুকাই হাঁহি উঠিল। নীলিয়ে তাইক চকু পকাই ধৰিলে। "মৰিবলৈ ধৰিছ?"

আজি শাহুৱেক ফৰ্মত আছে।

"আইডিয়াটো পিছে বেয়া নহয় মা। দোকান এখন খুলিব পাৰি কিন্তু। হেৰি নহয় মা, বিজুৱে তাইৰ ফালৰ ৰিছিপশ্যনত উঠা প্ৰেজেণ্ট এসোপাও আনিছে নহয় লগত। তাতো ওলাব কিজানি ভালে কেইটামান বাটি। চাবাচোন বিজু।" বৰ পুতেক দাদুৱে ৰগৰ কৰো বুলিয়েই  কথাষাৰ ন-ছোৱালীক উদ্দেশ্যি ক'লে।

নীলিয়ে এইবাৰ গিৰিয়েকক চকু পকাই ধৰিলে। বৰজনাকটো হৈ এনেকৈ ক'লে বেচেৰী ন-কইনাজনীয়ে লাজ নাপাব নে!

পালেও সঁচা। বিজুৱে সেমেনা সেমেনি কৰি আবেলিৰ চাহ কৰিবলৈ উঠি গ'ল। এনেও প্ৰেজেণ্ট খোলাৰ অনুষ্ঠানটোত খোলা মনেৰে ভাগ ল'বলৈ তাইৰ সত যোৱা নাছিল। তাতে গিৰীয়েকটো টোপনিত নিঃপালি। পৰহি সিহঁতে আঠমঙলা খাই আহিছে হে এথোন। ন-কইনাৰ জড়তা ভঙাই নাই। এতিয়া নিজৰ বিয়াত উঠা প্ৰেজেণ্টবোৰৰ বিষয়েনো মাত মাতে কোনখন মুখেৰে।

ঘৰখনৰ মানুহবোৰৰ বিয়াৰ ভাগৰ মাৰ যোৱাই নাই।  সকলো অনুষ্ঠান সুকলমে হৈ, আত্মীয়-স্বজন ঘৰমুৱা হোৱাৰ পিছত আজি দেওবাৰে বৰুৱানীয়ে কৈছিল, "বিয়াত উঠা বস্তুবোৰ খুলি চাওঁ আহচোন।"

ড্রইং ৰুমৰ মজিয়াতে লেপেটা কাঢ়ি  বৰুৱানী, নীলি আৰু মিনি বহি ল'লে। একাষে বিজু। এদ'ম উপহাৰৰ বাকচ। ৰং-বিৰং, কিচিম কিচিম বস্তু। চৰৌপ চৰৌপ শব্দ কৰি সিহঁতে এফালৰ পৰা কাগজ ফালি বাকচ খোলাত লাগিল। উঠা কাপোৰবোৰ এক ভাগে, সজোৱা বস্তু আন ভাগে। নগদ পইচা ইতিমধ্যে আঁতৰাই থোৱা হৈছেই।

তাৰ মাজতে বৰুৱানীৰ উদ্যমখিনিক ধূলিস্যাত কৰি বাটি ছেট ওলাল নগদ উনৈশটা। বিভিন্ন ৰকম ডিজাইন। ফুল কটা। কিন্তু গোটেইগাল গ্লাছৰ। চীনা মাটিৰ হ'লেও দেখিবলৈ ভাল। বৰুৱানীৰ দিল্লীত থকা ভনীয়েকৰ ছোৱালীজনীৰ বিয়াত দেখিছিল নহয়, কি বাচকবনিয়া লা-অপালা টি-ছেট, ডিনাৰ-ছেট। সেইবোৰ হে বস্তু। কিন্তু কৌটিকলীয়া আইনাৰ বাটি ছেট আজিকালি চলে নেকি? ধুৰ।

পিছলৈ নীলিয়ে বাকচ নোখোলাকৈ, আকাৰ চাই, কাণৰ কাষত লৰায়েই অনুমান কৰি থাকিল,
"এইটো নিৰ্ঘাত বাটি।"

তাই বাটি ছেটবোৰ একাষে দ'মাই গ'ল। মিনিয়ে মুখেৰে হিচাপ কৰি গ'ল।

বৰুৱানীৰ মুখখন ওলমি গৈ থাকিল।

দুপৰীয়া নোশোও বুলি কিতাপ এখন লৈ আৰামী চকীখনত কলমটিয়াই থকা বৰুৱাৰ ঘৈণীয়েকৰ ঐক্যতান বাদনত বাৰে বাৰে মুদ খোৱা চকু খোল খাইছিল। এপাকত অতিষ্ঠ হৈ তেখেতে গহীনকৈ মাত দিলে,
"নিজৰ মানুহখিনিয়ে চোন লাগতিয়াল ভাল ভাল বস্তুৱেই দিছে। তুমি যিমান হে এলেকৰ পেলেক মানুহ নিমন্ত্ৰণ কৰিলা। ক'ৰ ৰাস্তাত দেখা চকুৰ চিনাকি মানুহ, তোমালোকৰ পুৱেৰুণ ক্লাৱৰ এদিনীয়া মেম্বাৰ পৰ্যন্ত বাদ দিয়া নাই। সেইবোৰ মানুহে আৰু বাটি ছেট নিদি মুকুতাৰ ছেট দিব নে কিবা?"

"থওক বুইছে। কম চিনাকি হ'ল কি হ'ল, স-পৰিয়ালে আহি উদৰ পুৰাই বিয়াখনতো খাইছে। চাকৰে-বাকৰে, থাকিবলৈ অহা আলহীলৈকে গোটেই সোপা উঠি আহিছে বিয়া খাবলৈ। কম দামী হওক, কম-ছে-কম লাগতিয়াল বস্তু এটাকে দে। আজিকালি ডাইল ভাজি মানুহে কাঁহীৰ কিনাৰতে লয়। ভাগে ভাগে বাটিত আঞ্জা খাবলৈ এইখন ঘৰ নে হোটেল?"

ইতিমধ্যে বিজু চাহ-বিস্কুট আৰু পকৌৰীৰ সু-সজ্জিত ট্রে লৈ হাজিৰ হৈছিল হি। লখিমী বোৱাৰী দেখি সন্তোষৰ হাঁহি মৰা বৰুৱানীৰ মুখত পকৌৰী সোমাল, গালি-বৰ্ষণ সাময়িকভাৱে স্থগিত হ'ল।

দাদুৱে বোলে, "বিয়াবোৰত এই উপঢৌকন দিয়া চিষ্টেমেই থাকিব নালাগে। আশীৰ্বাদখিনি হে মেইন।"

ভাইমন অলপ লুভীয়া। সি লগাই দিলে, "কেশ্ব দিলেইতো খেল খতম। কামতো আহিব।"

বৰুৱাৰ চিন্তা বেলেগ। হিচাপি মানুহ। ডাঙৰ বোৱাৰীয়েকলৈ চাই ক'লে,
"নীলি মা। এই ৰঙীন কাগজবোৰ পেলাই নিদি ভালকৈ জাপি থোৱা। আকৌ ব্যৱহাৰ কৰিব পৰা যাব। ৱেষ্ট মেটেৰিয়েল কমাব লাগে বুজিছা। ৰী-ইউজ কৰে যে সেইটো কৰিলে পৰিবেশ প্ৰদূষণ কম হয় বুইছা।"

"ৰী-চাইক্লিঙ দেউতা।" ভাইমনে মাত দিলে।

আমেজ লৈ লৈ চাহ কাপত চুমুক দি থকাৰ মাজতে দাদুৰ হঠাৎ কথা এটা মনত পৰিল।
"হেৰি নহয়, আজি ২২ তাৰিখ ন? আজি ৰাতুলৰ ভনীয়েকৰ বিয়া দেখোন। কোন কোন যাবা ওলোৱা।"

"কোন ৰাতুল অ?" বৰুৱাই বৰ মানুহ পাহৰে।

"কেলৈ যোগমায়া জেঠাইৰ নন্দেকৰ দেওৰেকৰ খুলশালীৰ ল'ৰা ৰাতুল আকৌ। মনত নাই? আপোনাৰ ভৰি ভাঙোতে যে হস্পিতালত খবৰ লৈ গৈছিল হি।" বৰুৱানীৰ মানুহ ঠিক মনত থাকে। সম্পৰ্কবোৰো নখদৰ্পণত।

মিনিয়ে আকৌ খুক খুকাই হাঁহিলে। তাইৰ মুখৰ আধা বিস্কুট ওলাই আহিল। তাই হাতেৰে আকৌ ঠেলি মুখত ভৰাই থৈ ফ্ৰকটোতে হাতখন মচি থ'লে।

"বৰ একেবাৰে ওচৰ সম্পৰ্কীয় দিয়া। নালাগে গোটেই মখা যাব। দাদু নীলিক লৈ তয়ে গৈ আহ এপাক।" বৰুৱাই ভাবি চিন্তি ক'লে। সম্পৰ্কটো উলিয়াওঁতেই তেখেতৰ আউল লাগিল।

"উৱা নগ'লে কেনেকৈ হ'ব? আটাইকেইটা যাম। আজি চৰু নুজুৰিলেও হৈ যাব। পাকঘৰ ছুটি।"

বৰুৱানীৰ হুকুম শুনি "তেন্তে আজি আৰু ৰান্ধিব নালাগিব" বুলি নীলিয়ে পেটে পেটে হাঁহি পেলালে।

"মা বিজু যাব জানো? নতুন কইনা, ভাল দেখাব নে? তাই নহ'লে থাকক মিনিৰ লগত। ময়ো থাকোঁ।" ভাইমনৰ নতুন সংসাৰৰ নিচা ভালকৈয়ে লাগিছে। জাকৰুৱা ঘৰখনত এটা সন্ধ্যা বিজুক অকলে পাবলৈ তাৰ ইচ্ছা এটা হ'ল।

বিজুৰ পেটে পেটে খং উঠিল। মতাবোৰৰ খালী এটাই ধান্দা। তাইৰ কি বিয়া খাবলৈ মন নাযায় নেকি? নিজৰখনত কূটা এগছ খাবলৈ নাপালে।

"তয়ো যে কথা কৱ ভাই। কইনা হ'ল বুলি বিয়া নাখাব নেকি। তায়ো যাওক। মিনি, তই দুৱাৰ খিৰিকী মাৰ। বেগতে ওলা। আজি গোটেই কেইটাই বিয়া খাই আহিম।" বৰুৱানীয়ে ফৰমান জাৰী কৰিলে।

মিনি গিৰিপকৈ উঠিলেই। তাই আৰু বিজুৱে খৰধৰকৈ কাপ-প্লেট সামৰাত লাগিল।

"আপুনি কাগজ এৰক বুজিছে। চফা হৈ লওকগৈ। আৰু ইস্ত্ৰী কৰা চাৰ্ট এটা পিন্ধক। তামোলৰ পিক লগা সেই ফচহু চোলাটো এৰক।"

বৰুৱানীৰ কথাই শেষ কথা। আটাইকেইটা প্ৰাণীয়ে কাম কাজ সামৰি ওলাবলৈ সাজু হ'ল। বৰুৱায়ো এঙামুৰি দিলে।

কি পিন্ধিব গুণা গঠা কৰি থকা নীলিয়ে হঠাৎ গিৰিয়েকক সুধিলে,
"হেৰা, একো প্ৰেজেণ্ট কিনা নহ'ল চোন। আমি ইমান সোপা মানুহ যাম, ভাল কিবা এটা নিদিলে বেয়া হ'ব নহয়। যাবা নেকি বাইকখন লৈ পুতুক কৈ কিবা এটা লৈ আহা।"

বৰুৱানী তভক মাৰি ৰ'ল।

"থোৱা হে। সিহঁততো আমাৰ একেবাৰে আপোন কুটুম নহয়, লগা-ভগাহে। বস্তু নালাগে, পইচাকে দি দিম, নে কি কোৱা তুমি?" বৰুৱাৰ সৰল অংক। ঘৈণীয়েকলৈ প্ৰশ্ন এৰিলে।

বৰুৱানীয়ে টপককৈ কৈ উঠিল,
"কেলৈ দিব লাগে পইচা। প্ৰেজেণ্ট মৌজুত আছে। নীলি, লোৱাচোন....এই...এইফালে দমটোৰ পৰা ভাল চাই বাটি ছেট এটাকে লোৱা। ধুনীয়াকৈ ৰঙীন কাগজ এখন বাচি লৈ পেক কৰি পেলোৱা। লগা-ভগা মানুহহে, বাটি ছেট দিয়েই হৈ যাব।"

বৰুৱাৰ চকু এইবাৰ কপালত উঠিল। বিজু হতবাক।

বৰুৱানীয়ে বোলে,
"ছেটটোও কামত আহিল, আপোনাৰো কিবা বোলেনে ৰী-চাইক্লিঙ হৈ গ'ল। নেক্সত বিছখনমান বিয়ালৈ আৰু চিন্তা নাই, নে কি কয়?"

(সমাপ্ত)

✍ © ৰূপালীম (বেংগালুৰু)
৮.০৩.২০২১

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...