অভিসাৰৰ অন্তত
(গল্প)
টিং টিং টিং...
ৱাতচ্ এপত নটিফিকেশ্যনটো অহাৰ লগে লগে ৰিণিকিয়ে একেকোবে দৌৰি গৈ ফোনটো চাইলেণ্ট কৰি দিলে। তাইৰ বহু প্রত্যাশিত মেছেজ এইটো। কিন্তু মাকে যে তাইৰ ৰুমত আঁঠুৱা তৰি আছে। এই সময়ত কোনোবাই ফোনত মেছেজ পঠিয়াইছে বুলি গম পালে হিটলাৰ ৰূপী মাকজনীয়ে তাইৰ কলিজা খাই দিব। চৌদ্ধ গোষ্ঠী উধাৰি শ্ৰীমতী চৌধুৰীয়ে ৰিণিকিক থকা সৰকা কৰিব।
একো যেন হোৱাই নাই ভাব দেখুৱাই ৰিণিকি ৰুমটোৰ পৰা লাহেকৈ ওলাই আহিল। মাক শোৱক। মেছেজ দিবলৈ গোটেই ৰাতিটো পৰি আছে।
সমুখত তাইৰ হায়াৰ চেকেণ্ডাৰী পৰীক্ষা। জীৱনৰ এটা মুখ্য ঢাপ। ভালকৈ পাছ কৰি দিল্লীত মাচ-কম পঢ়িবলৈ যাব বুলি তাইৰ লগতে ঘৰখনেও আশা কৰি আছে। হওঁতে স্কুলত থকালৈকে ৰিণিকি ঠিকেই আছিল, স্বভাৱে চঞ্চলমনা যদিও পঢ়া-শুনাখিনি ঠিক বজাই ৰাখিছিল। কিন্তু মেট্ৰিক পাছ কৰি ওচৰৰে জুনিয়ৰ কলেজখনত নাম লগোৱাৰ পৰা তাইৰ কি হ'ল জানো! এসোপা নতুন বন্ধু গোট খালে, বাহিৰা, অযথা ধান্দাবোৰ বেছি হ'বলৈ ল'লে। ফুৰা-চকা, বন্ধু-বান্ধৱ, লগৰবোৰৰ "লাভ-এফেয়াৰ", এইবোৰ কথাই ৰিণিকিক বাৰুকৈয়ে ব্যস্ত কৰি ৰাখিবলৈ ল'লে। ফলত ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা একেবাৰেই আশানুৰূপ নহ'ল।
এতিয়া ফাইনেল সমাগত। পঢ়াৰ যতন হওক বুলিয়েই মাকে অলপ দিনৰ পৰা তাইৰ যাৱতীয় সকলো কাম কৰি দিছে। কেৱল এটাই ইচ্ছা তেখেতৰ,
"সময় ক্ষতি নকৰি তই পঢ়। কেৱল পঢ়ি যা। হায়াৰ চেকেণ্ডাৰী পৰীক্ষা বুলি কথা, মনৰ মতনকৈ পাছ কৰিলে ভাল কলেজ এখনত নাম লিখাই গজগজিয়া হ'ব পাৰিবি।"
কামৰ তাগিদাত সিহঁতৰ বাপেকটোৱে মূৰ দাঙিব নোৱাৰে। তিনিটাকৈ ল'ৰা-ছোৱালী শ্ৰীমতী চৌধুৰীয়ে অকলেই ডাঙৰ কৰিলে। ভাতৰ চৰুৰ পৰা বজাৰ সমাৰলৈকে ঘৰৰ সমস্ত জঞ্জাল তেখেতে অকলেই সামৰে। ৰিণিকিৰ বায়েক ৰিন্তীয়ে যিমান পাৰে সহায় কৰি নিদিয়া নহয়। কিন্ত তাইৰ নিজৰো পঢ়া আছে। কম্পিটিটিভ পৰীক্ষাবোৰ দিব বুলি বায়েকে কলেজৰ পঢ়াৰ বাদেও উপৰুৱা ধেৰ পঢ়া-শুনা কৰে। তাইৰ পিছৰে ল'ৰাটো, ৰন্তু, সি থকালৈকে মাকক বজাৰ-পাতি কৰি, লাইট-পানীৰ বিল দি ভালেখিনি সহায় কৰি দিছিল। কিন্তু যোৱাবছৰ সিয়ো ইঞ্জিনিয়াৰিং পঢ়িবলৈ চুৰাটলৈ গুচি গ'ল। আৰু এতিয়া ঘৰখনৰ সমস্ত দায়িত্ব মূৰ পাতি লোৱাৰ পিছত বেচেৰী মাকজনীৰ বৰ্তমানৰ উদণ্ড ৰিণিকিজনীক শাসন কৰিবলৈ সময় আৰু শক্তি, দুয়োটাই নুকুলায়।
আজিকালি ৰিণিকিয়ে ফোনটো লৈ অনবৰতে ধিতিঙালি কৰি থাকে বুলিয়েই ঘৰখনৰ মানুহৰ গোচৰ। দেউতাকেও দুই এদিন গল-হেকাৰি মাৰি ফৰমান শুনোৱা হৈ গৈছে।
"ফোনে মানুহে গতিয়াই বাহিৰ কৰি দিম, সময় থাকোতেই চিধা হ। বায়েৰৰ বেলিকা কিন্তু মই এটা কথাও ক'ব লগীয়া হোৱা নাই।"
পিছে উৰ্ধবাহু জীয়েক ৰিণিকিয়ে কথা শুনিলেহে। তাইৰ মতে তায়েই সকলো জানে। ঘৰৰ মানুহবোৰ কামোৰ, সকলোতকৈ বেঙী তাইৰ নিজৰ বায়েকজনী।
ঘৰখনৰ মানুহবোৰ ৰিণিকিৰ ওপৰত ৰুষ্ট হৈ থাকে। সমুখত পৰীক্ষা, তথাপিও ৰিণিকিৰ চচিয়েল লাইফ, বন্ধু-বান্ধৱৰ তাণ্ডৱ শেষ নহয়।
"শাসন নমনা, টিঘিলঘিলাই ফুৰা, উতনুৱা ছোৱালী হৈছে এইজনী।" ৰিন্তীয়ে তাইক উপমা দিয়ে।
মাকেও কয়,
"ককায়েৰটোতো এটা জুৱেল। বায়েৰকো দেখিছ? কিমান শান্ত! মুখৰ এটা মাত নাই। দিনটো নিজৰ ৰুমত সোমাই হয় পঢ়া-শুনা কৰে, নহয় ঘৰৰ কাম। তোৰ নিচিনা আজি অমুক, কাইলৈ তমুক কৰি সময় অপচয় নকৰে। ৰাতিয়ো দেহি বেচেৰীজনীয়ে লেপটপ লৈ পঢ়া-শুনা কৰে, ভিডিওত অনলাইন কৌৰ্চ কৰে।"
কথাটো সঁচা। পঢ়া-শুনাত ৰাপ থকা বায়েক ৰিন্তীয়ে যোৱা কেইমাহ মানৰ পৰা দিনে ৰাতিয়ে পঢ়িবলৈ লৈছে। কলেজৰ সময়খিনি বাদ দি তাই বেছিকৈ বাহিৰলৈ নোলায়েই। আগতে ইহঁতৰ লগতে ধেমালি-ধুমুলা কৰিছিল, এতিয়া সেইবোৰো বন্ধ। ভায়েক পঢ়িবলৈ যোৱাৰ পিছত তাৰ ৰুমত তাই থাকিবলৈয়ো লৈছে। আগতে তাই আৰু ৰিণিকি একেলগেই থাকিছিল। কিন্তু "ৰিণিকিয়ে বৰ উৎপাতখন কৰি থাকে... মোৰ পঢ়া ডিষ্টাৰ্ব হয়" বুলি তাই ইটো ৰুমলৈ শ্বিফ্ট হৈ পেলালে। ৰিণিকিয়েও ভালেই পালে। কামোৰ বায়েকৰ শাসন আৰু বকনিৰ পৰা মুক্ত হৈ তাই নিজাববীয়াকৈ ৰুমত নাচ-গান, চিঞৰ-বাখৰ সকলো কৰিবলৈ ল'লে। মুঠতে পঢ়া-শুনা ৰসাতলে গ'ল।
আজলী বায়েকেনো কি বুজিব তাইৰ "হেপেনিং লাইফ"ৰ কথা। তাইতকৈ চাৰিবছৰৰ ডাঙৰ বায়েকজনীতকৈ নিমাখিত, বোবা প্ৰাণী তাই এই পৃথিৱীত দেখা নাই। ধুনীয়াজনী হোৱা স্বত্বেও না আছে কোনো ধুন-পেচ, না চচিয়েল লাইফ। মস্ত নিৰস।
ৰিণিকিয়ে কেতিয়াবা যুক্তি খটুৱাই কিবা এষাৰ ক'লেও বায়েকে বেয়া পায়। এবাৰ ওচৰৰে এঘৰত ৰিটায়াৰ হোৱা খিটখিটিয়া বুঢ়া এজনে মাকক কথা শুনাইছিল, "বোলো ৰিন্তীক বিয়া দি দিয়ক, পঢ়াই শুনাই কি কৰিব ছোৱালী মানুহ? এনেয়ে হে থাকিব, বিপদ সোনকালে খেদাব লাগে আৰু।"
ৰিণিকিয়ে তেখেতক মুখতে ধৰিছিল, "তেন্তে বৰ্তা, আপুনিওতো এনেয়েহে আছে, ৰিটায়াৰ হৈ। তীৰ্থ কৰিবলৈকে নাযায় নো কিয়?"
ঘৰলৈ আহি বায়েকে তাইক দেধাৰ বকিছিল, "কিয় সকলো কথাতে টেপটেপাই থাক। মই বায়েৰ হৈয়েই একো কোৱা নাই, তই সৰু হৈ ইমান বেছি ওষ্টাদি মাৰ।"
"ইহঃ বৰ বায়েকজনী ওলাইছে।" উচাত মাৰি ৰিণিকি গুচি গৈছিল।
এইজনীয়েই তাইৰ বায়েক। অথচ একে ঘৰৰ সৰু ভনীয়েক হৈ ৰিণিকি কিমান আপ-টু-ডেট। এই বয়সত কৰিবলগীয়া বহুত ফুৰ্তিয়েই তাই কৰি ফুৰে। মাজতে কাৰোবাৰ কাৰোবাৰ প্ৰেমতো পৰিব বিচাৰে। কিন্তু যোৱাবছৰ লগৰ ল'ৰা এটাৰ লগত চিঠি দিয়া-দিয়িৰ কাৰবাৰটো ককায়েক ৰন্তুৱে ঠিক ধৰা পেলাইছিল। ল'ৰাটোক এপিটন দিম বোলোতেই সি কান্দি কান্দি সৈ কাঢ়ি পেলাইছিল। কেলেহুৱা প্ৰেমিকটোৰ তাগজ নাই বুলি ৰিণিকিয়ে আৰু "এই চেঙেলীয়াবোৰৰ প্ৰেমত পৰিবলৈ নাই" বুলি শপত খাইছিল। ঘৰত কিন্তু নিজৰ দপদপনি তাই অক্ষুন্ন ৰাখিছিল।
কিন্তু উঠন বয়স বুলি কথা। ৰিণিকিৰ পাখি লগা মনটোৱে চোন বাৰে বাৰে পিৰীতিৰ ৰংবোৰ গালে-মুখে সানি ল'ব বিচাৰে। তথাপিও তাই নিজকে কোনোমতে প্ৰবোধ দিয়ে। কাৰোবাক ভাল লাগিলেও নিজকে সংযত কৰে।
পিছে শেষ পৰ্যন্ত প্ৰেমত নপৰাকৈ ৰিণিকি থাকিব নোৱাৰিলে। ঘটনাটো যোৱা বছৰৰ শেষৰ ফালৰ। চুবুৰীৰে দুৰ্গা পূজাৰ অৰ্গেনাইজিং কমিটিত থকা সীমান্ত বোলা নতুন ল'ৰাটোক দেখা পাই ৰিণিকিয়ে একেকোবে পানী খাই গ'ল। সীমান্ত সাৰদা জেঠাইহঁতৰ ঘৰত বন্ধু এটাৰে সৈতে ভাড়া থাকে। ওখই পাখই বেছ গঢ়িত ল'ৰাটোৰ বেলেগ এক সন্মোহনী শক্তি। চকুত পৰাৰ পিছৰে পৰা দুদিনমান লাজ-লাজকৈ ৰিণিকিয়ে তাক দূৰৈৰ পৰাই নিৰীক্ষণ কৰি থাকিল। স্বভাবতে কথকী ৰিণিকিয়ে পটককৈ তাৰ লগত কথা পাতিবলৈ সাহ কণ গোটাব নোৱাৰিলে। সীমান্ত তাইতকৈ যথেষ্ট ডাঙৰ। ওচৰৰে কলেজ এখনত সি যোৱা বছৰ অংকৰ এচিষ্টেণ্ট লেকচাৰাৰ হিচাপে সোমাইছে। মাষ্টৰ মানুহ, গতিকে স্বাভাবিকতে ৰিণিকিয়ে তাক ভয়-সম্ভ্ৰম কৰি চলিছিল। কিন্তু পোনপতিয়াকৈ কথা নাপাতিলে যদিওবা বাটে ঘাটে লগ পাই তাই তাৰ প্ৰতি ভালকৈয়ে আকৃষ্ট হৈ গৈছিল।
কিন্তু মাকে এদিন তাইক অংক মাষ্টৰ সীমান্তৰ ওচৰলৈ নজনা অংক এটা লৈ যাবলৈ বাধ্য কৰাইছিল। বায়েক পিউৰ আৰ্টছৰ মানুহ, অংকৰ লগত খাতিৰ বাতিৰ নাই। ককায়েক ৰন্তু নথকাৰ পৰা ৰিণিকিক অংক দেখুৱাবলৈ মানুহ নোহোৱা হ'ল। গতিকে তাই বুকুত সাহস বান্ধি গৈছিল অংক লৈ। মাকে সাৰদা জেঠাইৰ লগত বাৰান্দাতে থিয় হৈ "কাচকলৰ কৌফটা"ৰ ৰেচিপি বুজাই থাকোতে, সীমান্তই ৰিণিকিক ভাড়া ৰুমত অংকটো বুজাই দিছিল। অংক বুজি, বহীখন লৈ ওলাই আহিবৰ সময়ত ৰিণিকিৰ মুখখনত ৰঙচুৱা আভা এটা লাগি আহিছিল। তাই দৌৰি ঘৰ পাইছিলহি।
সাৰদা জেঠায়ে চিঞৰিছিল " ঐ এইজনী দেখোন চাওঁতে চাওঁতে গাভৰুৱেই হ'ল। বায়েকৰ আগতে এইক হে দিবৰ হ'ব যেন পাওঁ।"
ৰিণিকিৰ বুকুৰ ধপধপনি বহু পৰলৈ শাম কটা নাছিল। সীমান্তই তাইক অংক বুজাই থাকোতে কৈছিল,
"ঘৰৰ ওচৰতে ইমান ধুনীয়া ছোৱালীজনী আছে, আজিহে দেখিলো।"
ঘৰলৈ আহি তাই এপৰমান আইনাখন চাই থৰ লাগিছিল। ইমান ধুনীয়া নে তাই!
দুদিনমান পিছত সীমান্তই তাইক ফেচবুকত ফ্রেণ্ড ৰিকুৱেষ্ট পঠাইছিল। অলপ দিন ইটো সিটো কথা পতাৰ পিছত ফোন নম্বৰ লৈ দুয়োটাই দিনে ৰাতিয়ে ফোনত প্ৰেমালাপ কৰিবলৈ ল'লে। অংক মাষ্টৰ সীমান্তই সাহিত্য লগাই লগাই মিঠা মিঠা কথা কয়, ৰিণিকি তাতেই বিহ্বল হৈ যায়। গাটো ৰাই যাই কৰে, মন ইচাত বিচাট।
ফলত পঢ়া-শুনা ক্ষতি, একোতে নবহে মন। ব্যস্ত দেউতাকৰ তাইক চাবলৈ সময় নাই। কামৰ জুমুৰিত মাকৰোঁ আহৰি নাই। কোনেও কথাবোৰ ধৰিব নোৱাৰিলেও, বায়েকে কিন্তু কিবা এটা অনুমান কৰি পেলাইছিল।
"তই আকৌ ইফালে সিফালে ধান্দা লগোৱা নাইতো? চাবি কিন্তু সমুখত পৰীক্ষা, নিজৰ লাইফটো বৰবাদ নকৰ। তোক এই পিলিঙা লগৰ ল'ৰাবোৰ খাই দিছে। কিহৰ ইমান ল'ৰাৰ লগত হলি-গলি তোৰ?"
ৰিণিকিয়ে বায়েকক গ্ৰাহ্যই নকৰে।
"এইজনী ওলাল আকৌ মোৰ গাৰ্জেন। মই নিজৰ ভাল বেয়া ঠিক জানো।" তাই ভাবে।
সীমান্ত দা কিবা চেঙেলীয়া-ফুকলিয়া ল'ৰা নেকি? সি দস্তুৰমত চাকৰি কৰা মানুহ। কিমান মেচিয়ৰড। তাৰ আৰু পিল-পিলিয়া ল'ৰাবোৰৰ মাজত আলবৎ পাৰ্থক্য আছে।
ৰিণিকিয়ে মনটোক যুক্তি দিয়ে।
সীমান্ত দাই তাইক একোৱেই আমনি নিদিয়েচোন। বৰং কৈছেহে তাই পঢ়ি শুনি ডাঙৰ হোৱালৈ সি হেনো বাট চাব। কেতিয়াবা অৱশ্যে ফোনত চূড়ান্ত ৰোমান্টিক মুহূৰ্তবোৰত সি কৈ পেলাই "লগ কৰো কৰবাত ব'লা" বা " মোৰ ৰূমলৈকে আহাচোন এদিন।"
ৰিণিকি নাযায়। সীমান্তক যে বিশ্বাস নকৰে সেইটো নহয়। কিন্তু একে চুবুৰী বুলি কথা। ধৰা পৰিলে যে কথা বিষম হ'ব তাই জানে। তাৰোপৰি হায়াৰ চেকেণ্ডাৰীৰ দেওনা পাৰ হৈ প্ৰাপ্ত বয়স্ক নোহোৱালৈকে তাই কোনো ল'ৰাৰ লগত চুমা-তুমা, ডেটিং জাতীয় মেৰ-পাচত নোসোমাই বুলি ঠিৰাং কৰি থৈছে। প্ৰেমত হাবু-ডুবু খালে কিদাল হ'ল, হিতাহিত জ্ঞানকণ আছে তাইৰ। গতিকে তাই তাক চাফাকৈ কৈ দিলে,
"এতিয়া এনেকৈয়ে থাকোঁ দিয়ক, মানুহে গম পাব। কলেজ পালে আপোনাৰ চব কথা মানিম।"
সীমান্তই মানি লয়। তাইক বুজাই দিয়ে যে বয়সৰ তাৰতম্য থাকিলেও সি তাইৰ সুবিধা নলয়, বৰং তাইক আৱৰি সামৰি হে ৰাখিব। এইটো সিহঁতৰ গহীন প্ৰেম। লাপি-লুপা কোনো সস্তীয়া এফেয়াৰ নহয়।
গতিকেই ৰাতি ৰাতি সিহঁত দুয়োটাৰে মেছেজ আৰু ফোনৰ খেলখন চলি থাকিল। গুণ-গুণ কৈ ফোনত কথা পাতে। ৰিণিকিৰ মনটো কিমান ভাল লাগে তাই হে জানে। কেতিয়াবা সীমান্তই বিচৰা মতে তাইৰ তাৰ আগতে ধৰা দিবলৈয়ো মন যোৱা হয়। পিছ মুহূৰ্তত নিজকে বুজায়।
আজি তাই মনতে পাঙি আছিল, "গোটেই ৰাতি কথা পাতিম, সীমান্ত দাই বিচৰাৰ নিচিনা অলপ লাজ লগা ধৰণৰ কথাবোৰো কৈ চাম, কিনো হ'ব!"
কিন্তু খাই বৈ শুবলৈ যো-জা কৰোঁতেই পৰিল নহয় শল ঠেকত। মাকে তাইক আঁঠুৱা তৰি দি আহি ক'লে
" ৰাতি পঢ়িবি জানো তই আজি?"
তাই একো ক'বলৈকে নাপালে, তেখেতে কৈ গ'ল,
"আজি নালাগে দে পঢ়িব, মই তোৰ লগতেই শু। দেউতাৰ নাই, বেডৰুমদালত অকলে শুবলৈ বেয়া লাগিছে।"
ৰিণিকিয়ে একো তলকিবই নাপালে, মাকে নাইটি পিন্ধি আহি ক্ৰীম-ত্রিম সানি তাইৰ বিচনাত উঠিলহি।
দেউতাক দুদিনৰ বাবে কোনো মফশ্বলিয়া চহৰ এখনলৈ গৈছে। অফিচিয়েল তাগিদা।
আঁঠুৱাৰ ভিতৰত সোমাই, কোনোমতে ইকাটি হৈ ৰিণিকিয়ে হিটলাৰে নেদেখাকৈ "আজি নাপাতো দিয়ক কথা" বুলি সীমান্তলৈ মেছেজ এটা পঠিয়াই সামৰি থৈ দিলে।
"হ'ব দিয়া আৰু। মোৰ কথাটো ৰাখিবা কিন্তু।" বুলি সীমান্তৰ পুতুককৈ উত্তৰ আহিল।
সীমান্তৰ কথাটো তাই কেনেকৈ ৰাখিব সেইটোকে ৰিণিকিয়ে বহুপৰলৈ ভাবি থাকিল। যোৱা দুদিন ধৰি সি তাইক বহুত কামোৰ দিছে, "প্লিজ জান এবাৰ লগ কৰা, এনেকৈ দূৰে দূৰে ভাল লাগে জানো?"
তাইক প্লেনটো সিয়েই কৈছিল।
"দেউতাৰা দুদিনমান নাথাকে যিহেতু কাইলৈ ৰাতি তোমালোকৰ বাৰীৰ শাকণি ডৰাৰ কাষৰ চকোৱাখনৰ ওচৰলৈ আহিবা। বেছি দেৰি নহয়, সকলো শোৱাৰ পিছত ১২মান বজাত। অলপ সময় কথা পাতিম, নিৰলে লগ পাম দুয়ো।"
ৰিণিকিৰ বুকুখন ধপ-ধপাই গৈছিল।
"কি ৰিস্কি কথা কয় সীমান্ত দাই। মানিছোঁ ঘৰত দেউতা নাই, ৰন্তুদা নাই, কিন্তু তথাপিও? এনেকৈ মাজনিশা উঠি গৈ বাৰীৰ চুকত, জংঘলৰ চেপত?"
পিছদিনা গোটেই দিনটো ৰিণিকিয়ে এই কথাবোৰ পাগুলি থাকিল। তাই ভাবি ভাবি ভাগৰি গ'ল। মাজতে সীমান্তক এবাৰ মেছেজো দিলে, "নালাগে দিয়ক থাকক, পিছত কৰিম নহ'লে লগ চগ।"
তাৰ ৰিপ্লাই আহিল" পিছত কেতিয়া? দেউতাৰা ঘৰত থাকিলে সুযোগো নাপাবা, সাহসো।"
দিনটো তাইৰ কামত মন নবহিল। খাবলৈ ববলৈয়ো মন নগল, উগুল-থুগুল এটা লাগি থাকিল। মনটোৱে কয় যাওঁ যাওঁ, মগজটোৱে ৰখাই থয়।
বায়েক ৰিন্তীৰ গাটো দুদিনমানৰ পৰা বেয়া। পানী লগা চৰ্দি, জ্বৰ জ্বৰ ভাব। দিনত মাক গৈছিল ভতিজা এটাৰ জোৰোণ খাবলৈ, উভতি আহি ৰাতিৰ সাজত দুই জীয়েকক পাৰ মাংসৰ জালুকীয়া অকণ লৰা-লৰিকৈ ৰান্ধি দিলেহি। বায়েকে খাই-বৈ সোনকালে শুবলৈ গ'ল। ৰিণিকিয়ে ভাত কেইটা লিৰিকি বিদাৰি সোপাকে পেলাই দিলে।
"আজি বৰ ভাগৰ লাগিছে অ, গেলা ৰাস্তাত বাছত গৈ গোটেই গা টহটহাই গ'ল" বুলি কাম বন সামৰি মাকো সোনকালেই আজৰি হ'ল।
ৰিণিকিয়ে মাকক সেমেনা সেমেনিকৈ পঢ়া আছে বুলি বায়েকৰ লগত শুবলৈ এবাৰ কৈ চালে। মাক দমদমাই উঠিল "ৰিন্তীৰ গা বেয়া, মোৰো হওঁক জ্বৰখন। ইফালে কাইলৈ মাটিৰ অফিচত খাজনা দি গেছ এজেঞ্চিত কাগজ দুখনমান জমা দিবলৈ যাব লাগে, বহুত কাম আছে মোৰ" বুলি ভোৰ ভোৰাই তেখেত তাইৰ বিচনাত উঠিলহি।
ৰিণিকিৰ পেটটো পকাই গ'লগৈ। "আজি কোনোপধ্যেই নহ'ব প্ৰগ্ৰেম" বুলি সীমান্তক মেছেজ এটা কৰিবলৈ লওঁতেই মাকে কেটেহকৈ মাতিলে, "হ'ল নে ল'বৰ সেইটো? দি দে মোক, পঢ় যদি পঢ়, নহ'লে শুই থাক" বুলি একে আজোৰে ফোনটো কাঢ়ি নিজৰ গাৰুৰ তলত সুমুৱাই থলে। ভাগ্য ভাল ৰিণিকিয়ে চাউণ্ডটো অফ কৰি থৈছিল বুলিহে। পিছে এতিয়া সীমান্ত দাই মেছেজ কৰক, ফোন কৰক, তাই একোৱেই কৰিব নোৱাৰিব।
আকাশ পাতাল ভাবি ৰিণিকি পঢ়া মেজখনত বহি থাকিল। মহে ভৰিৰ তেজ খাই শেষ কৰিলে, তাইৰ ভ্ৰূক্ষেপেই নাই। কলিজাৰ তেজটোপা ইতিমধ্যে গোট মাৰিছিল। কিমান দেৰি আৰু বোন্দা পৰ দিব।
মাক শোৱক, লাহেকৈ ওলাই গৈ সীমান্তক লগ কৰি গুচি আহিব। মাকে গম পোৱাৰ আগতেই ঘূৰি আহিব তাই।
১২ বাজিবই এথোন। মাকজনী ইতিমধ্যে নিদ্ৰা দেৱীৰ কোলাত। ৰিণিকিয়ে লাহেকৈ মুখখনত ক্ৰীম অকণ লগালে, টেবুল লাইটৰ পোহৰত চুলিখিনি ঠিক-থাক কৰি ল'লে। লাহে কৈ উঠো উঠো কৰিছেহে, তেনেতে মাকে আঁঠুৱাৰ তলৰ পৰাই ধৰমৰাই বহিল।
"সৰ্বনাশ হ'ল ৰিণি জোৰোণৰ পৰা আহি পাটৰ কাপোৰযোৰ বাহিৰৰ চকোৱাখনত মেলি দিছিলোঁহি, আনিবলৈ পাহৰিলোঁ নহয়। গাই ৰ'ল দে, নিয়ৰত তিতি কাপোৰ শেষ হ'ব এতিয়া।"
ৰিণিকিয়ে কি হ'ল কি নহ'ল তম্ভিবই নাপালে, পাটৰ কাপোৰৰ দাহত মাক তৰা নৰা চিঙি ঘৰৰ বাহিৰলৈ ওলাই গ'ল। পকাই যোৱা পেট আৰু ধান বানি থকা বুকুখন লৈ ৰিণিকি পিছ দুৱাৰৰ কাষত দৰক লাগিলহি।
"কি হ'ব এতিয়া। চকোৱাৰ আঁৰত সীমান্ত দা। লুকাই থাকিলেই হ'ল। হে প্ৰভু ৰক্ষা কৰা।" ৰিণিকিয়ে ভয়তে ঈশ্বৰৰ নাম ল'লে।
হঠাৎ তাই বাহিৰত মাকৰ চিঞৰ-বাখৰ শুনিবলৈ পালে। তাই ভয়তে পেঁপুৱা লাগিল। সীমান্ত দা তেন্তে ধৰা পৰিল।
ইতিমধ্যে হুলস্থুল শুনি বায়েক ওলাই গ'ল, মাকৰ চিঞৰ আৰু চেন্ডেলৰ চটৌপ চটৌপ আৱাজত কাষৰ ঘৰৰ পৰা বৰুৱানী জেঠাইহঁত সপৰিয়ালে ওলাই আহিল। ইয়াৰ পিছত আৰু মানুহ গোট খালে।
লাহে লাহে হুলস্থুল আৰু বাঢ়ি গ'ল। মানুহৰ ভিৰ বাঢ়িল, লগতে চিঞৰ বাখৰো।
এসোপা মান সংশয় আৰু লাজ লৈ ভীতিগ্রস্ত ৰিণিকি বাৰীলৈ ওলাই গ'ল।
মানুহবোৰে সীমান্তক আগুৰি ধৰি পিটিছে। ইতিমধ্যে তাৰ ৰুমমেটটোও ওলাই আহিছিল। সিও ভিৰৰ মাজত লপা-থপা খাইছে। হাতৰ মাৰ, ভৰিৰ গোৰ, এচাৰিৰ কোব, যিয়ে যেনেকৈ পাৰিছে তাৰেই মাৰিছে। নমৰাখিনিয়ে সীমান্তক কুকুৰে কাঁইট নোখোৱাকৈ গালি শপনি পাৰিছে। সি কৈফিয়ত দিবলৈ কোনো সুৰুঙাই পোৱা নাই। দিবও নো কি, স্থানীয় মহিলাক ৰেপ এটেম্পট নকৰি তেখেতৰ নাবালিকা প্ৰেমিকাক মাজৰাতি লগ কৰিবলৈ অহা বুলিলেও ৰাইজে তাক গুৰুলা গুৰুল কৈ পিটিব। তাৰ কোনো গত্যান্তৰ নাই।
মাৰ-ধৰ আৰু কোলাহলৰ মাজত কিছুমান টুকুৰা টুকুৰি কথাৰ অপ্ৰভংশ আহি ৰিণিকিৰ কাণত পৰিলহি,
"মাষ্টৰ ওলাইছে, দগবাজ চোৰ এটা..."
"চোৰ ডকাইত নহয়, লম্পট। ঘৰত মতা মানুহ নথকাৰ সুযোগত খাপ-পিটি আছেহি। লাজ নাইকিয়া জহনীত...."
"গাখীৰ খুৱাই সাপ পুহিলো মই।" সেয়া সাৰদা জেঠাই।
"মই পাটৰ কাপোৰযোৰ তুলিবলৈ আহোতেই নিধকটোৱে মোক পিছফালৰ পৰা গবা মাৰি ধৰিলে হেৰৌ। মাৰৰ বয়সৰ মানুহজনীক অপদস্থ কৰে ঐ অজীনপাতকী মখাই..."
এইটো ডাইলগ মাকৰ। ৰাউচিজোৰা কান্দোনৰ মাজতে মাকে আটাহ পাৰিছে।
বায়েকে মাকক ধৰি কান্দিছে। ওচৰৰ বৰমাহতে মাকক সান্তনা দিছে।
"নোৱাৰি নোৱাৰি...আজিকালি আই কাকো বিশ্বাস কৰিব নোৱাৰি..."
"শ্ৰীমতী চৌধুৰী, আপুনিনো পিছে ৰাতিখন কিয় উঠি আহিছিল হয়নে...."
ৰিণিকিয়ে আৰু শুনি থাকিব নোৱাৰিলে। কান দুখন সোপা মাৰি তাই ভিতৰলৈ সোমাই আহিল।
সীমান্তৰ নাকে মুখে তেজ ওলাইছিল। তাক মতা মানুহবোৰে গটা মাৰি মাৰি তাৰ ভাড়া ৰুমলৈ লৈ গৈছিলগৈ। পুলিচত দিব নে নাই ঠিৰাং কৰালৈকে পলাবলৈ সুবিধাকণ কৰি নিদিয়াৰ ব্যৱস্থা কৰিছিল।
মাইকী মানুহৰ আধাখিনিয়ে মুখত চাদৰৰ সোপা দি ফিচিঙা ফিচিঙ কৰি ঘৰলৈ ঘূৰি গৈছিলগৈ। মাকৰ লগত সুহৃদয়তা থকা দুগৰাকীমান অলপ পৰ থাকি দিছিল। শেষ ৰাতি সকলো ঘৰা-ঘৰি যোৱাৰ পিছত মাকে বিচনাত আহি শুবলৈ চেষ্টা কৰিছিল।বায়েকক দেখা পাবলৈ পোৱা নগৈছিল।
পুৱতি নিশা গাত পাতল শ্বাল এখন দি ৰিণিকি ওলাই আহিল। চকোৱাখনৰ ওচৰ পাই তাই থমকি ৰ'ল। ঘাঁহবোৰ মোহাৰি থোৱা আছে, গচকত। অত তত তেজৰ চেকুৰা। বৰকৈ মাৰিলে হ'বলা সীমান্তদাক!
তাৰ নো কিহে পাইছিল মাকজনীক সাৱটি ধৰিবলৈ। সৰুফুটীয়া হ'ল বুলিয়েই ৰিণিকি আৰু মাকৰ পাৰ্থক্য বুজি নাপালেনে? ইমান তেজ গৰম নে?
মাক নহৈ তাই নিজে হোৱা হ'লেতো তাই নিচিঞৰিলে হয়, তেতিয়া হয়তো সীমান্তই কেৱল সাৱট মাৰি শান্ত নহ'ল হয়। চুমা তুমা, গাটোৰ খলা-বমা বোৰত হাত ফুৰোৱা....
ৰিণিকিৰ গাটো শিয়ঁৰি উঠিল। হিতাহিত জ্ঞান হেৰুৱাই, তাই এইবোৰ কি কৰিবলৈ ওলাইছিল। ভাল হ'ল, বাচি গ'ল তাই। নালাগে এইবোৰ অভিজ্ঞ প্ৰেম তাইক। পঢ়া-শুনা বাদ দি ভাল অংক মাষ্টৰৰ প্ৰেমত পৰিবলৈ গৈছিল, যত চব ৰিস্কি অভিসাৰ। নালাগে এইবোৰ জঞ্জাল তাইক।
মনটোক বুজাই বঢ়াই উভতিব খোজোঁতেই হঠাৎ মাকৰ পাটৰ ব্লাউজটো ঘাঁহনি ডৰাত পৰি থকা দেখিলে, তুলিবলৈ লওঁতেই দেখে তলত এইটো মোবাইল ফোন। সীমান্তৰ হ'বলা। মাধ মাৰত হয়তো উফৰি পৰিল।
মোবাইলটো সীমান্তৰে। শেষৰ কলটো ৰিণিকিলৈকে কৰা। মোবাইলটো হাতত লৈ তাই পিৰালীৰ চুকত বহি ল'লে। এইটো ভাল সুবিধা। এই সুযোগতে তাইৰ লগত থকা তাৰ সমস্ত কথা বতৰা ডিলিট কৰি পেলালে। ফেচবুক চেটখিনি ডিলিট কৰি উঠিছেহে মাত্ৰ, হঠাৎ তাৰ ইনবক্সত চকু পৰিল।
ঔ গোঁসাই, এইটোৱে চোন সংসাৰৰ ছোৱালীৰ লগত ৰাস লীলা চলাই আছে। কলি কালৰ কৃষ্ণ চোন গোটেইটো। ইনবক্সত অগণন ছোৱালীৰ লগত তাৰ, সীমান্ত দাসৰ, কথোপকথন। চেনি চেনি কথা বতৰা।
খোলো নোখোলোকৈ "এঞ্জেল প্ৰিয়া" বোলাজনীৰ চেট বক্সটো খুলি পেলালে ৰিণিকিয়ে। চিইঃ গোটেইখন লেতেৰা, অসংযত কথাৰে ভৰ্তি। সীমান্তৰ ফালৰ পৰাই বেছিকৈ ঘিণ লগা কথাবোৰ, এঞ্জেল প্ৰিয়াই কেৱল দুই এটা শব্দত উত্তৰ দি থৈছে। কেইখন মান ফটোও দি থৈছে। মুখখন হেজি কৰি মণিব নোৱাৰা কৰি থৈছে, কোন ধৰিব নোৱাৰি। গাটোৰ ফটো বিভিন্ন পৌজত আছে। স্পেগেটি টপ পিন্ধা, খহাই থোৱা জিলজিলীয়া শাৰীৰ আচল, এইবোৰ চায়েই ৰিণিকিৰ ঘিণ ঘিণ লাগি গ'ল।
কি এটা বদমাছ লম্পটৰ পাল্লাত পৰিবলৈ ওলাইছিল তাই। চেটটো বন্ধ কৰোঁ বোলোতেই হঠাৎ তাই উচপ খাই উঠিল। ছোৱালীজনীৰ ফটোখনত ঝুম কৰি চালে, ফটো উঠা কোঠালিটো চোন চিনাকি চিনাকি লাগিছে। পিছফালে টম ক্ৰুইজৰ "টপগান' চিনেমাৰ পোষ্টাৰ। বেৰত ওলোমাই থোৱা গীটাৰ এখন। কাষত এটা নীলা আলমাৰী। আইনা নলগোৱা।
এইটো চোন ৰন্তু দাদাৰ ৰুম। কিন্তু এইটো ৰুমত এঞ্জেল প্ৰিয়া কেনেকৈ ওলাল?
কোন এই এঞ্জেল প্ৰিয়া?
উত্তৰটো পাবলৈ ৰিণিকিৰ বেছি সময় নালাগিল।
এঞ্জেল প্ৰিয়া খোদ তাইৰ নিজৰ বায়েক ৰিন্তী।
এঞ্জেল প্ৰিয়াৰ উঠন বুকুৰ ওপৰত ওলমি থকা লকেটটোৱেই প্ৰমাণ। চিমলাৰ পৰা অনা একে ধৰণৰ এটা লকেট ৰিণিকিৰ ডিঙিৰ চেইনত। এটা বায়েকৰ।
ৰিন্তীয়েই এঞ্জেল প্ৰিয়া। ধুৰূপ। ৰাতি ৰাতি ৰন্তু দাদাৰ ৰুমত বহি লেপটপত কৰা ৰিন্তীৰ অনলাইন কৌৰ্চ এয়া।
সীমান্ত বোলা বাষ্টাৰ্ডটোৰ লগত প্ৰেমৰ অভিসাৰ।
ৰিণিকি খঙত ফাটি গ'ল। হাৰামীটোৱে তাইকটো ফচাইছিলেই, তাইৰ বেঙী বায়েকজনীকো পতাই মেলি লৈছিল। আসন্ন বিপদ এটাৰ পৰা সিহঁত দুইজনী বাচি গ'ল বুলি ৰিণিকিয়ে স্বস্তিৰ নিশ্বাস পেলালে।
বায়েকৰ চব চেট ফটোসহ ডিলিট কৰি, সকলো প্ৰমাণ নিঃশেষ কৰি নিশ্চিত হোৱাৰ পিছত তাই সীমান্তৰ ফোনটো ৰাস্তাৰ কাষৰীয়া ড্ৰেইনত দলিয়াই দিলে। ভুমুকি মাৰি দেখে সাৰদা জেঠাইৰ ভাড়া ঘৰ বন্ধ। সীমান্ত হয়তো গ'লগৈ।
নিজৰ ঘৰৰ ভিতৰ সোমাই দেখে গা-মূৰ ধুই মাক গোঁসাই ঘৰত সোমাইছে।
"যা চোন ৰিণি, ৰিন্তী উঠিল নে নাই চা গৈ। মই চাহ কৰোঁ, ভোক লাগিছে।"
ৰিন্তীৰ কোঠালিত সোমাই ৰিণিকিয়ে দেখে বায়েক বিচনাত। কান্দি কান্দি চকু উখহাই দিছে। তাই বিচনাখনৰ কাষ চাপি ক'লে,
"হ'ব দে, কান্দি কিদাল হ'ব? লম্পট সি এটা, তোৰ লগতে মোক আৰু আন বহুত ছোৱালীক ফচাই থৈছে। ভালেই হ'ল মুক্তি পালি।"
বায়েক হতবাক হ'ল। ফাদিল হোৱা কথাবোৰৰ খবৰ পাই চকু পানী মচি ৰিন্তী এইবাৰ মহা সংকটত পৰিল।
নিশ্চয় ফটো, চেট এইবোৰৰ চিন্তা।
ৰিণিকিয়ে বায়েকৰ গাত ধৰি আশ্বাস দিলে,
"মই তাৰ মোবাইলত থকা তোৰ মেছেজ, ফটো চব ডিলিট কৰি দিছোঁ। ভয় নাই, একো চিন নাই তোৰ।"
বায়েক লাজে অপমানে জৰ্জৰিত হ'ল। ৰিণিকিৰ হাত খন ধৰি থাকিল তাই।
"বা, এঞ্জেল প্ৰিয়াৰ একাউণ্টটো তই ডিলিট কৰি পেলাবি। আৰু ভৱিষ্যতে অকল ফুকলিয়াই নহয়, ডাঙৰ চাকৰি কৰা মানুহৰ পৰাও সাৱধান হবি। তয়ো, ময়ো।"
বায়েক ৰিন্তীয়ে ৰিণিকিলৈ মূৰ তুলি চাই ৰ'ল। এনে লাগিছিল যেন সদায় উদণ্ড, গাত কথা নলগা বুলি বখলিয়াই থকা উৰণীয়া ভনীয়েকজনী আজি বায়েকৰহে আচল অৰ্থত গাৰ্জেন হৈ উঠিছিল। ৰিন্তীয়ে ভনীয়েকক সজোৰে সাৱটি ধৰিলে।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
২.১২.২০২০