Monday, 10 May 2021

দুমুখীয়া মানুহবোৰ

(এমুঠি অনুগল্প)

ব্ৰেণ্ডেড

থলুৱা বস্তু ক্ৰয় কৰি, লোকেলক প্ৰাধান্য দি আৰু বিদেশী বস্তুক পাৰ্যমানে বৰ্জন কৰি নিজ ঠাইৰ ইকনমি আৰু কালচাৰ মজবুত কৰিব লাগে বুলি মেলে-মিতিঙে ভাষণ দি ফুৰে শ্ৰীযুত সুশীল বৰদলৈয়ে। এইবাৰ ল'ৰা-ছোৱালী আৰু শ্রীমতীৰ আব্দাৰত তেখেতে দুটা কুকুৰ পোৱালি পুহিবলৈ আনিলে। নাম ৰাখিলে লাইকা আৰু ট্রেচি। এটা তেজাল জাৰ্মান শেফাৰ্ড আৰু আনটো মৰমলগা পমেৰিয়ান। সংগ দোষত পৰি নষ্ট হ'ব বুলি লগুৱা হৰিনক ক'লে,
"ইহঁত দুটাক ৰাস্তাৰ সেই ভতুৱাবোৰৰ পৰা দূৰত ৰাখিবি। ইহঁত দামী ফৰেইন ব্ৰীড।"

২১.০৫.২০২০



ৰেট ৰেচ

"চৰকাৰী স্কুলত পঢ়িলে জীৱনৰ দৌৰত পিছ পৰি থাকিব।"
"প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত আনৰ মোকাবিলা কৰিব নোৱাৰিব।"
"স্মাৰ্ট নহ'ব।"
"শিক্ষক-শিক্ষয়িত্ৰীৰ যথেষ্ট মনোযোগ নাপাব।"

... ইত্যাদি এশ এবুৰি কাৰণ দেখুৱাই বৰুৱা দম্পত্তিয়ে নিজৰ পুত্ৰদ্বয়ক নামি-দামী ব্যক্তিগত খণ্ডৰ স্কুলত ভৰ্তি কৰোৱালে। সময়ত পঢ়ি-লিখি ডাঙৰ হৈ কেৰিয়াৰ নিৰ্মাণৰ ক্ষণ আহিলত বৰুৱাই চাফ-চাফ ঘোষণা কৰিলে,
"চাকৰি কিন্তু চৰকাৰীহে বিচাৰিবি। চৰকাৰী চাকৰিত নিৰাপত্তা, পইচা আৰু সা-সুবিধা চব আছে। লগতে চৰকাৰী চাকৰি কৰা ল'ৰাৰ বিয়াৰ বজাৰত চাহিদাও বেছি।"

২১.০৫.২০২০



মেট্ৰিমনি

নাৰী সুৰক্ষা, নাৰী সমতা, সম অধিকাৰ, নাৰীবাদ ইত্যাদিৰ যুঁজৰ সক্ৰিয় যুঁজাৰু মিছেছ বৰঠাকুৰে নিজৰ সমাজ সেৱিকা দলৰে সহকৰ্মী মিছেছ দুৱৰাক ক'লে,
"আমাৰ বাবালৈ ভাল ছোৱালী এজনী চাবচোন। পঢ়া-শুনা থকা আধুনিকা ছোৱালী কিন্তু, নহ'লে বাবাই একদম পছন্দ নকৰিব। কেৰিয়াৰ তেৰিয়াৰৰ লগতে ঘৰ ধৰিব পৰা হ'ব লাগিব, মানে অল ৰাউণ্ডাৰ। মৌষ্ট ইম্পৰটেণ্টলি বগী-চগী, স্লিম ফিগাৰৰ ছোৱালী হে চাব দেই। আচলতে কি জানে...মানে আমাৰ বাবা নিজে অলপ বেছি শকত আৰু ক'লাতো, সেয়েহে সি কৈছে কলী-মলী ধেপেছি টাইপ ছোৱালী তাক নালাগে। আৰু হয়ো দিয়কচোন, বোৱাৰীজনী ধুনীয়া হ'লে ভৱিষ্যতে বংশৰ বীজটো গঢ়িত হ'ব। নহয় জানো?"

২১.০৫.২০২০


✍ © ৰূপালীম (বেংগালুৰু)



ফ্ৰীদম অফ চইচ

(এমুঠি অনুগল্প)

(১) ৰুচিবোধ

"ৰঙা নিপিন্ধিবি দেই তই, বগা মানুহেহে ৰঙা পিন্ধিব লাগে, তেহে শুৱাই।"
"কলীজনীয়ে ৰঙা পিন্ধিছে চোৱা, ইমান খাপচৰা লাগিছে।"

ৰঙা ৰং অতিপাত ভালপোৱা ছোৱালীজনীক এইবোৰ কথাই য'তে ত'তে থকা-সৰকা কৰে। বাট-ঘাট, ঘৰ-বাহিৰ, স্কুল-কলেজ, বিয়া-সবাহ সকলোতে সকলোৱে যেন বান্ধি ৰাখিব তাইৰ মিঠা বৰণটোক ৰঙা ৰঙটোৰ পৰা যোজন দূৰৈত।

আজিকালি সদায় কামলৈ যাবলৈ ৰেদি হওঁতে ৰঙা ৰঙৰ ইওনিফৰ্মজোৰ পিন্ধি ছোৱালীজনীয়ে নিজকে এপলক প্ৰাণভৰি চায়। সকলোৱে কয় তাই হেনো স্মাৰ্ট, সুন্দৰী।

স্পাইছ-জেট এয়াৰলাইন্সৰ টপ লেভেল ফ্লাইট এটেনডেন্ট তাই। দেশ-বিদেশ ঘূৰি ফুৰে। নিজৰ পছন্দৰ ৰঙা ৰঙেৰে নিজকে আৱৰি ৰাখে।

(১৩.০৬.২০২০)



(২) খাদ্যপ্ৰাণ

"ছোৱালী মানুহৰ খোৱা-বোৱাত ইমান জুতি-বুধি কিহৰ অ?"
"হ'ব হ'ব খোৱা-বোৱাত ইমান ৰাপ নলগাবি, শহুৰৰ ঘৰত নাখায় মৰিবি।"
"নাপাই, ছোৱালী মানুহে লোকক খুৱাই হে ভাল পাব লাগে, নিজে খাই নহয়।"

সৰুৰে পৰা খাদ্যৰসিক তাইক মানুহে এই কথা শুনাই শুনাই কান ঘোলা কৰি দিয়ে।

আজিকালি তাইৰ দিনটো খোৱা-বোৱাৰ মাজতে পাৰ হয়। তাৰ বাবদ তাই উপাৰ্জন কৰিছে অগাধ জনপ্ৰিয়তা, পইচা আৰু প্ৰতিপত্তি।

দেশৰ নাম কৰা ফুড-ক্ৰিটিক তাই। নামজ্বলা ফুড ব্লগাৰো। তাইৰ ইনষ্টা-ফিড, ফুড-চেনেলবোৰৰ জৰিয়তে তাইৰ নাম এতিয়া মানুহৰ মুখে মুখে।

(১৩.০৬.২০২০)



(৩) দোকানী

"ইঞ্জিনীয়াৰিং পাচ কৰি ক'ত চাকৰি কৰিব, ই দেখোন দোকানহে খুলিলে।"
"নাই, আজিকালিৰ ল'ৰা, উৰাইছে আৰু বাপেকৰ সাঁচতীয়া পইছাবোৰ।"
"ল'নো লৈছে বোলে। এয়াহে হ'ল। ক'ত নিজে উপাৰ্জন কৰি খুৱাব, বুঢ়া বয়সত বাপেকটোক লুটি খালে।"

এইবোৰ বাক্যবানে ল'ৰাটোৰ ষ্টাৰ্ট-আপ খোলাৰ সিদ্ধান্তক টলাব নোৱাৰিলে।

নিজৰ বুদ্ধিমত্তা আৰু পৰিশ্ৰমৰ বলত অনতিপলমে সি সাফল্যৰ মুখ দেখিলে। 'ইন্ডিয়াজ বেষ্ট এণ্টাৰপ্ৰেনুৱাৰ' এৱাৰ্ডটো ল'বলৈ ষ্টেজত উঠি যাওঁতে, বুঢ়া বাপেকটোক হাতত ধৰি লগত লৈ যাবলৈ সি নেপাহৰিলে।

(১৩.০৬.২০২০)


✍ © ৰূপালীম (বেংগালুৰু)


প্ৰতাৰণাৰ_শেষত

(এমুঠি অনুগল্প)

চেকেণ্ড হেণ্ড

ভেলেণ্টাইন ডে' বুলি উত্ৰাৱল হৈ থকা ৰিমকিজনীৰ স্বপ্নভংগ হ'ল যেতিয়া নিজৰ প্ৰিয়তম অপ্ৰতিম দুৱৰাক যোৱা বছৰ "love you A.D" বুলি খোদিত কৰি দিয়া হেঁপাহৰ দামী ঘড়ীটো এইবছৰ নিজৰেই সহপাঠী অনামিকা দত্তৰ হাতত দেখা পালে।

"আমাৰ বিয়াৰ দিনাখন এইটো প্ৰথম পিন্ধিম দেই" বুলি সি চোন ইমান দিনে ঘড়ীটো নিপিন্ধাকৈ সযতনে হে সাঁচিছিল বোলে!
(১৪.০২.২০২০)



হাউচ-ৱাইফ

বিয়াৰ পিছতে সীমাই নিশান্তক চাকৰি কৰিম বোলাত নিশান্তই একে আষাৰে কৈছিল,
"নেলাগে, সেইবোৰ অভাৰস্মাৰ্ট ছোৱালীয়েহে জব কৰি ফুৰে, তুমি লখিমীজনী হৈ মোৰ ঘৰখন পোহৰাই ৰাখিবা।"

মনটো দমি গলেও সীমা দুখী হোৱা নাছিল।
নিশান্তই তাইক ভাল পায়।

দুখী হোৱাৰ লগতে অপ্ৰস্তুত হ'ল আজি, দহ বছৰ পিছত, যেতিয়া তাই গম পাই যে নিশান্তৰ অফিচৰ এক সহকৰ্মী স্বাতিৰ লগত তাৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছে, আৰু তাৰ জবাব দিহি কৰি সি একে আষাৰে কৈ দিয়ে,
"স্বাতি স্মাৰ্ট, ইনদিপেণ্ডেণ্ট। তোমাৰ দৰে বহি খোৱা সাধাৰণ হাউচৱাইফ নহয়, গতিকে তাইৰ মাজত হে মই মোৰ মনৰ মিল বিচাৰি পাওঁ।"
(১৯.০৫.২০২০)



শোধ

"ভালে আছা?" প্ৰাক্তন প্ৰেমিকৰ দুচকুৰ কোমলতাই তাইক তাৰ কাষ চপাই দিয়ে। তাৰ কঁপি থকা দুটি ওঁঠত সঁহাৰি দিবলৈ গৈ তাই থমকি ৰয়, চুমা আঁকি দিয়ে তাৰ গলধনত।

বগা শ্বাৰ্টটোত লাগি ৰোৱা তাইৰ গাঢ় লিপষ্টিকৰ দাগটোতকৈ মোক্ষম আঘাত আৰু কি হ'ব একালৰ সেই বান্ধৱীৰ ওপৰত যিয়ে এসময়ত তাইৰ প্ৰেমাস্পদক তাইৰ পৰাই কাঢ়ি লৈ নিজৰ জীৱনসংগী কৰিছিল।
(২৯.০৪.২০২১)

✍ © ৰূপালীম (বেংগালুৰু)

Monday, 3 May 2021

ঘৰ -সংসাৰ

(এমুঠি অনুগল্প)


টু টাইমিং

"নিজৰ খেয়াল ৰাখিবা দেই। মই তোমাক ভীষণ মিচ কৰিম কিন্তু। আই লাভ ইউ।"
প্লেনত উঠাৰ আগতে তাই মেছেজটো দুটা চুমাৰ ইমজি সহিত পঠিয়াই দিলে। এজনলৈ নহয়, দুজনলৈ।

তাইৰ চকুত সাময়িক বিচ্ছেদৰ সামান্য দুখৰ আভাস।

একে সময়তে দুজনক নিশ্চয় ভাল পাব পাৰি। তাই দুয়োজনকে প্ৰাণভৰি ভাল পাই চোন। অফিচ ট্যুৰৰ পৰা উভতি আহি দুয়োকে সময় দিব তাই। দুয়োৰে মৰম বুটলিব।

তাইৰ মেছেজটো একে সময়তে দুয়োজনে ৰিচিভ কৰিলে। এজন তাইৰ স্বামী, আনজন কিশোৰ পুত্ৰ।
(২৫.০২.২১)



নিভৃত সুখ

দুপৰ নিশা। মাক জীয়েক বিচনাত।
"হ'ব আৰু কিমান টিপটিপাই থাক সেইটো? অনবৰতে মোবাইলত জুপি থাকিলে চকু শেষ হ'ব। ফেচবুক বন্ধ কৰ, শো।"

ধমক খাই সিকাটি হৈ শোৱে তাই। অলপ পিছত সিফালে নাকৰ শব্দ শুনি সন্তৰ্পণে আকৌ মোবাইলটো অন কৰে।

জীয়েক এতিয়া টোপনিত। ফেচবুক গোটত আধাপঢ়া গল্পটো উলিয়াই পৰম সুখত মাকে আকৌ পঢ়িবলৈ লয়।
(২৯.০৩.২১)



গৃহ-কন্দল

দুয়োজনীৰ মাজত তেওঁৰ সময়কণক লৈ কাজিয়া হয়, তৰ্কও লাগে। মাজত মানুহটো বিবুধিত পৰে।

এজনীয়ে কয়, "মোৰ কথা শুনা।"
ইজনীয়ে কয়, "আগতে মোৰ কথা শুনিব লাগিব।"
"তোৰনো অহা কিমান দিন হৈছে? মই আগৰে পৰা আছোঁ।" এজনীয়ে যুক্তি দৰ্শায়।
"কম দিন কাৰণেই মোৰ সময় বেছি হ'ব লাগে।" ইজনীও পিছ পৰি নাথাকে।

মানুহটোৱে শেষত পুৰণাক সাময়িকভাবে আওকাণ কৰি নতুনক আঁকোৱালি লয়।

প্ৰিয়তমা পত্নীতকৈ ছবছৰীয়া জীয়ৰীৰ অভিমান যে বহুত বেছি।
(২৯.০৩.২১)


✍ © ৰূপালীম (বেংগালুৰু)

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...