( দীঘল গল্প)
(১)
"ঐ দৃষ্টি থ না ফোনডাল। কিমান আৰু টিপটিপাই মেছেজ কৰি থাক?" ৰিম্পী আৰু বন্যাই প্ৰায় একেলগে চিঞৰি উঠিল।
ৰিম্পী, বন্যা, মনামি আৰু পলীয়ে মোমো খাই খাই চেল্ফী তুলিছে, মাজে মাজে সিহঁতৰ হাঁহিৰ ফোৱাৰা 'মোমো ঘৰ' বোলা ৰেস্তোৰাঁখনৰ চৌদিশে চিটিকি পৰিছে। কোনজনী কিমান মোমো লুভীয়া, কোনে জ্বলা চাটনিটো একে বাৰতে খাব পাৰে তাৰ প্ৰতিযোগিতাও চলিছে। অন্য টেবুলৰ গ্ৰাহকেও মাজে মাজে চাই সিহঁতৰ ফুৰ্তিখিনিৰ আমেজ লৈছে। অষ্টাদশী গাভৰু কেওজনী... স্মাৰ্ট, আধুনিকা, যৌৱণোচ্ছল, মুখত পাৰ হোৱা কৈশোৰৰ নিষ্পাপ সময়ৰ ৰেশ...পাখি লগা বয়সৰ গাভৰু কেইজনীক নাচাই নোৱাৰি।
গ্ৰুপটোৰ পঞ্চমজনী সদস্য দৃষ্টিৰ সেইবোৰলৈ কাণসাৰেই নাই। বাকী কেইজনীয়ে কি কৰিছে, কাষৰ মানুহে কাক চাইছে, নিজেনো কি খাইছে, সেইবোৰলৈ তাইৰ ধ্যান নাই। অহাৰে পৰা একান্তমনে প্ৰেমিক কৌশিকৰ লগত ৱাতসএপ কৰাত তাই মগ্ন। মোবাইল ফোনত চকু আবদ্ধ, আঙুলি অনৰ্গল ব্যস্ত। চকুৱে মুখে উদ্বিগ্নতা, খং, বেদনাৰ সমাহাৰ।
"ঐ দৃষ্টি, তয়োযে এজনী। এনেকৈ আমাৰ লগত আহি অনবৰতে কৌশিকৰ লগত বিজি থকাতকৈ তই তাৰ ওচৰত থকাই ভালচোন।" পলীয়ে এইবাৰ মুখ ফুলালে।
পলীহঁত বিৰক্ত হৈছিল সঁচা। যোৱা কেইমাহমানৰ পৰা দৃষ্টিজনী যেন সিহঁতৰ লগত থাকিও নথকাৰ দৰে। কোনোমতে ইমান দিনৰ মূৰত একেলগ হ'বলৈ পাইছে, তাতো কৌশিকৰ দপদপনি। ক'তো দৃষ্টিক সি শান্তিৰে এৰি নিদিয়ে। এক প্ৰকাৰ সঁজাত বন্দী সিহঁতৰ প্ৰিয়-বান্ধৱী।
"আৰে ৰ' না। কিবা এটা কথা লৈ লাগিছে আমাৰ। তাকেই মিত-মাত কৰি আছো। অলপ বুজ না।" দৃষ্টিয়ে থেৰো-গেৰো কৰিলে। তাইৰ খং উঠিছিল। ইহঁতেতো অন্ততঃ বুজিব লাগে। কৌশিকেতো একো কথা বুজিবই নিবিচাৰে।
"তহঁতৰ সদায়ে কিবা নহয় কিবা লাগিয়েই থাকে। হয় পেনপেনাই প্ৰেম কৰ, নহয় ধুমাধুম কাজিয়া। আমাৰ লগত ওলাই আহিলেও তোৰ মনটো তাৰ লগতেই থাকে।" মনামিয়ে এইবাৰ টিপ্পনী কাটিলে।
"আৰে মই শুনি আছোঁ তহঁতৰ কথা। তহঁতে পাতি থাক না, মই আছোঁতো লগত।" গাত নলগাকৈ দৃষ্টিয়ে কথাষাৰ কৈ আকৌ মোবাইলত ব্যস্ত হৈ পৰিল। অলপ পিছত তাই কৌশিকৰ ফোন অহাত ৰেস্তোৰাঁৰ পৰা ওলাই গৈ বাহিৰত পায়চাৰি কৰি কথা পাতিবলৈ আৰম্ভ কৰি দিলে।
পলীহঁত মনে মনে থাকিল। দৃষ্টিক বুজাই লাভ নাই।
মোমো খাই, নিজৰ ভাগে ৰং-ৰহৈছ কৰি সিহঁত কেওজনী এসময়ত পইচা দি ওলাই আহিল।
এই ঘটনা আজিৰ নহয়। যোৱা বহু কেইবাৰ, বহুতো পৰিকল্পনাৰ মূৰত য'তেই ইহঁত কেইজনী কোনোমতে লগ হয়, কৌশিক সদায় ৰাহুটোৰ দৰে দৃষ্টিৰ মূৰৰ ওপৰত ঘূৰি সিহঁতৰ সময়খিনি নষ্ট কৰি দিয়ে। লগত নাথাকিলেও কৌশিকে যেন অনবৰতে দৃষ্টিক গ্ৰাস কৰি ৰাখে। চূড়ান্ত বিৰক্তিকৰ এটা বস্তু। কিন্তু প্ৰেমত অন্ধ দৃষ্টিক বুজাব কোনে?
পাঁচজনীয়া সিহঁতৰ এই গ্ৰুপটো বহু পুৰণি। নাৰ্ছাৰীত ভেঁ-ভেঁকৈ কান্দি থকাৰে পৰা সিহঁতৰ, মানে দৃষ্টি, মনামি, পলী, বন্যা আৰু ৰিম্পীৰ অভিন্ন বন্ধুত্ব। ওপৰ শ্ৰেণী পাই অহাত সিহঁতৰ বন্ধুত্বও ক্ৰমান্বয়ে গাঢ় হৈ আহিছিল। একেটা চুবুৰীৰে হোৱাৰ হেতুকে স্কুলৰ পিছৰ আবেলিবোৰো সিহঁতৰ একে লগৰ আছিল। প্ৰথমে বিভিন্ন খেল খেলা, তাৰ পাছত এচুকত বহি আড্ডা আৰু শেষলৈ টিউশ্যন, ফুৰা-চকা, সকলোতে সিহঁত কেইজনী এৰ নোখোৱা হৈছিল। ঘৰৰ মানুহেও সিহঁতৰ বন্ধুত্ব দেখি ভাল পাইছিল। মানুহবোৰে নিজৰ ল'ৰা-ছোৱালীক সিহঁতৰ উদাহৰণ দিছিল, "বন্ধু নে বাই-ভনী ধৰিবই নোৱাৰি, আজিলৈকে ইমান মিল সিহঁত পাঁচজনীৰ, দন এখন লাগি নাপালে কোনোদিনে।"
দন খৰিয়াল যে একেবাৰে নালাগে সেইটো নহয়, লাগে। সম-বয়সী ছোৱালী, তাতে পাঁচজনী। মাজে মাজে খুট-খাট লাগি থাকেই। কিন্তু অন্তৰৰ পৰা ইজনীয়ে সিজনীক ইমানেই ভাল পাই যে বাকী কেইজনীৰ মধ্যস্থতাত বা নিজৰে উদ্যোগতে সিহঁতৰ কাজিয়া, বেয়া পোৱা-পুই দুদিনতে উধাও হয়। আগবেলা কাজিয়া লগোৱা কেইজনী পিছবেলা ভালকৈ পিন্ধি-উৰি ফুৰিবলৈ একেলগে ওলাই যায়।
সময়ৰ লগত উমলি-জামলি এসময়ত পাঁচোজনীয়ে সুখ্যাতিৰে স্কুল পাছ কৰি কলেজত নাম লগালে। মনামি ,বন্যা আৰু দৃষ্টি কটনত, পলী আৰু ৰিম্পী সন্দিকৈত। পঢ়াৰ বিষয় আৰু কলেজ বেলেগ বেলেগ হ'লেও, সময়ৰ লগত নতুন নতুন বন্ধু-বান্ধৱী গোট খালে যদিও সিহঁতৰ গ্ৰুপটো কিন্তু ভাঙি নগ'ল।
ভাঙি যাবলৈ সিহঁতেই দিয়া নাছিল। স্কুলৰ দৰে নিতৌ খবৰ ৰাখিব নোৱাৰিলেও শনি-দেওবাৰে লগ হোৱাটো খাটাং কৰি লৈছিল। হেঁপাহ পলুৱাই সিহঁতে আড্ডা দিছিল, নিজৰ নিজৰ নতুন কলেজ, নতুন বন্ধুবোৰৰ কথা পাতিছিল। মাজে মাজে কোনোবা এজনীৰ ঘৰত লগ হৈ চিনেমা চাইছিল। কেতিয়াবা মল, ৰেস্তোৰাঁ, চিনেমা-থিয়েটাৰ ইত্যাদিবোৰ ঘুৰিছিল।
ৰিম্পী আৰু বন্যাই ড্ৰাইভিং শিকিছিল। পলীৰ ককায়েক বা মনামিৰ বায়েকহতক কুটুৰি কুটুৰি গাড়ী, বাইকৰ চাবি সৰকাই লৈ অলৈ-তলৈ ফুৰিবলৈকো গৈছিল। একেলগৰ মুহূৰ্তবোৰ বন্দী কৰি ৰাখিছিল ফটো, ভিডিঅ'ত। আৰু সেই মুহূৰ্তবোৰৰ ভালেখিনি "চ'চিয়েল মিডিয়া ফীড"ত উটি ভাঁহি ফুৰিছিল। বন্ধুবোৰে শলাগ লৈছিল। ঘৰৰ মানুহেও ভাল পাইছিল। মুঠতে সিহঁতৰ বয়সৰ কৰিবলগীয়া নিৰ্দোষ ধেমালি, ফুৰ্তিখিনি সিহঁত কেইজনীয়ে মনৰ মতন কৰিছিল, মিলিজুলি একেলগে। মৰমৰ ডোল এডালেৰে সিহঁত পাঁচোজনী সদায়েই বান্ধ খাই আছিল।
(২)
কিন্তু হঠাৎ যেন সিহঁতৰ বন্ধুত্বত এক ঘুণে ধৰিলেহি। সিহঁত ডিগ্ৰী চেকেণ্ড ইয়েৰলৈ উঠিছিল মাত্ৰ। দৃষ্টিৰ জিয়'লজী ডিপাৰ্টমেণ্টতে স্নাতকোত্তৰ শ্ৰেণীত ভৰ্তি হৈছিল কৌশিক বোলা ল'ৰাটো। দেখিবলৈ সুবল-সুঠাম, ৰাফ-টাফ লগা কৌশিকক দৃষ্টিৰ প্ৰথম দৃষ্টিতেই মনে খাইছিল। অতি কম সময়তেই কলেজত বেছ জনপ্ৰিয় হৈ পৰা কৌশিকে তাইৰ বুকুত মৃদু শিহৰণ তুলি পেলাইছিল। তাই প্ৰেমত পৰিছিল।
জীৱনৰ বিভিন্ন বয়সত হোৱা বিভিন্ন ক্ৰাশ্ববোৰৰ দৰেই গ্রুপটোত সিহঁতে কৌশিকৰ কথা আলোচনা কৰিছিল। দৃষ্টিক ৰিম্পীহঁতে জোকাইছিল, কৌশিকৰ নাম লৈ ৰগৰ কৰিছিল। দৃষ্টিৰ ভাল লাগিছিল প্ৰথম প্ৰেমৰ অনুভূতিখিনি। কলেজত হঠাৎ কৌশিকৰ মুখা-মুখি হ'লে তাইৰ মুখৰ মাত হেৰাইছিল, লাজ লাগিছিল।
তাৰ পাছত... নবাগত আদৰণি সভাৰ কেইদিনমান পিছত, হঠাৎ তাইক অবাক কৰি কৌশিকে দৃষ্টিক প্ৰেমৰ প্ৰস্তাৱ দিছিল। দৃষ্টি বলিয়া হৈ গৈছিল।
মনামিয়ে এবাৰ কৈছিল "অলপ দিন চাই ল নেকি, ভালকৈ চিনি জানি লচোন।"
পলীয়ে আপত্তি কৰিছিল "নালাগে যা, এইবোৰক কয় মে'ড ফৰ ইচ্চ আডাৰ জোড়ী, ওপৰৰ পৰা বনি আহিছে একদম। দৃষ্টি, তই বিন্দাচ প্ৰেম কৰ।"
পলীহঁতে যিয়েই নকওঁক দৃষ্টিয়ে প্ৰেম কৰিছিল সঁচা। কৌশিকৰ লগত তাইৰ সম্পৰ্কটো দিঠক হৈছিল। লাহে লাহে কলেজত সকলোৱে গম পাইছিল। মিঠা মৰমৰ সাগৰত দুয়ো বুৰ খাইছিল।
নতুন প্ৰেম, ইটোৱে সিটোক পাৰে মানে সময় দিছিল। ৰিম্পীহঁতেও দৃষ্টিৰ কৌশিকৰ লগত ডেটিঙত যোৱাৰ সুবিধা কৰি দিছিল। তাইৰ অনুপস্থিতিখিনিত তাইক মিছ কৰিলেয়ো, তাইৰ সুখত সুখী হৈ মানি লৈছিল। দৃষ্টিৰ বাবে ঘৰত মিছা কথাও কৈছিল।
কিন্তু লাহে লাহে কথাবোৰ সলনি হৈছিল। অন্য কামলৈ দৃষ্টিৰ সময় নিজে নিজেই কমি আহিছিল। আনকি পঢ়া শুনালৈয়ো তাই পিঠি দিছিল। ৰিম্পীহঁতে আপত্তি কৰিছিল। তাইক সকীয়াইছিল।
শেষত গৈ ৰিম্পীহতৰ লগত মনৰ জোখাৰে সময় কটাবলৈয়ো দৃষ্টিৰ সময় নহৈছিল। ৰিম্পী, পলীতো বাদেই, একে কলেজৰে মনামি আৰু বন্যয়ো তাইক সহজে দেখিবলৈ নোপোৱা হৈছিল।
কৌশিক দুৰ্বাৰ প্ৰেমিক। নিজৰ প্ৰেয়সীক কেৱল কলেজত লগ ধৰি সি শান্ত নাথাকে। শনি-দেওবাৰবোৰতো সি তাইক লৈ ঘূৰি ফুৰিবলৈ বিচাৰে। গতিকে তাক সময় দিবলৈ গৈ, দৃষ্টিয়ে অইন বন্ধু-বান্ধৱীতো বাদেই, ৰিম্পীহতকো লগ নোপোৱা হ'ল। ঘৰৰ মানুহ, আত্মীয় স্বজন...এওঁলোকৰ লগতো মিলা মিছা কৰিবলৈ টান পোৱা হ'ল। তাই কৰিব নিবিচৰা নহয়, বিচাৰে। কিন্তু কৌশিকৰ আব্দাৰ অভিমানৰ প্ৰকোপত তাই তম্ভিব নোৱাৰা হ'ল। কৌশিকৰ অতিৰঞ্জিত আবেগখিনি তাই নিষ্পাপ, স্বৰ্গীয় প্ৰেম বুলি আদৰি ল'লে।
ৰিম্পীহঁতে গ্ৰুপ-কল কৰোঁ বুলিলেও দৃষ্টিৰ ফোন সদায়ে বিজি থাকিছিল। কৌশিকৰ যেন কথা পাতি হেঁপাহ নপলাই। গতিকেই মোবাইল ফোন অনবৰতে বিজি। মেছেজ, ৱাতসএপ, ভিডিঅ কল, ভইচ মেছেজ...অনবৰতে প্ৰেমালাপ।
ৰিম্পীহঁতে বুজে। বেয়া নাপায়। নতুন প্ৰেম, তাতে কৌশিক ল'ৰাটো অলপ বেছি ডিমাণ্ডিং। গতিকে প্ৰথম চোৱাত সিহঁতে দৃষ্টিক কৈছিল,
"একো নহয় দে, আমিতো সদায় আছোঁ। তই তাক সময় দে।"
কিন্তু লাহে লাহে যেন কথাবোৰ আনফালে ঢাল খাবলৈ ধৰিলে। কৌশিকৰ মৰমৰ আবেষ্টনীত লাহে লাহে দৃষ্টি সলনি হৈ পৰিল, তাই বাকী সকলোকে হেৰুৱাই পেলালে।
কলেজৰ লগৰ বন্ধুবোৰেও প্ৰথমতে চেষ্টা কৰিছিল। দৃষ্টিক বিভিন্ন প্লেন-প্ৰগ্ৰেম, আউটিঙবোৰলৈ লগ লৈছিল, কৌশিককো কৈছিল। কিন্ত গ্ৰুপৰ পৰা ফালৰি কাটি সিহঁত দুয়োটাই নিজৰ এখন সুকীয়া পৃথিৱী পাতিছিল। আৰু দৃষ্টিৰ সময়, মনোযোগ, ধ্যান...সকলো সেই পৃথিৱীৰ ভূ-মণ্ডলতেই ঘূৰিবলৈ ধৰিছিল। লগৰবোৰে লাহে লাহে দৃষ্টিহতক বাদ দিবলৈ লৈছিল।
"কামোৰ কাপল, কেনেকৈ চিপকি থাকে ঔ দৃষ্টিৰ বয়-ফ্রেণ্ডডাল!" সিহঁতে উপলুঙা কৰিছিল।
দৃষ্টিৰ খং উঠিছিল। লগৰবোৰ হিংসাকুৰীয়া। ডিপাৰ্টমেণ্টৰ ম'ষ্ট হেন্ডচাম ল'ৰাটো তাইৰ বয়-ফ্রেণ্ড। কম কথা নেকি!
তায়ো সিহঁতক পাত্তা নিদিয়া হয়।
(৩)
প্ৰথমে প্ৰথমে ৰিম্পীহতে একেলগে কিবা প্লেন বনালে কৌশিককো লগ ধৰিছিল। নহ'লে দৃষ্টিয়ে যাবলৈ মন নকৰে।
"সি বেয়া পাব" তাই কয়।
কিন্তু কৌশিক লগত গ'লেও অনবৰতে দৃষ্টিৰ লগত জোক লগাদি আঠা লাগি থাকে। কাৰো লগত মুকলিকৈ দুআষাৰ পাতিবলৈ দৃষ্টিয়ে সুযোগ নাপায়। দৃষ্টিৰো সম্পূৰ্ণ মনোযোগ যেন কেৱল কৌশিকৰ ওপৰতে। আনবোৰৰ আমনি লাগে। মুকলিকৈ ৰিম্পীহঁতে একো এটা জ'ক কৰিব নোৱাৰা হয়। দৃষ্টিয়ে চকু টিপিয়াই ধৰে, ইংগিত কৰে,
"নক'বি, ই মাইণ্ড কৰিব।"
ফলত ৰিম্পীহতৰ বিৰক্তি লাগিবলৈ ধৰিলে। সকলো জেগালৈ কৌশিকক লগ ধৰিবও নোৱাৰি। সেইবোৰ ঠাইলৈ দৃষ্টিৰ শেষত যোৱাই নহয়গৈ।
বন্যাৰ জেঠায়েকৰ ছোৱালী মানুবাৰ বিয়া। মেহেন্দি ফাংশ্যনলৈ সিহঁত কেওজনী যাব। পলীৰ ককায়েকে গাড়ীৰে অনা নিয়া কৰিব। সাজি-কাঁচি জেঠায়েকৰ ঘৰত পাঁচোজনীয়ে ফুৰ্তি কৰিব, নাচ গান কৰিব, বিয়া খাব।
পিছে ঠিক সময়ত লগালে নহয় কৌশিকে কেনা।
"নোৱাৰা যাব ।" দৃষ্টিক সি আগদিনাই হুকুম দিলে।
দৃষ্টিয়ে থতমত খালে। ঘৰৰ মানুহেও আপত্তি কৰাৰ য'ত থল নাই, তাত কৌশিকৰ বাধা কিয়?
"কিয় কৌশিক? মানুবাক সৰুৰে পৰা জানো, বন্যাৰ কাজিন, নিজৰ বাৰ দৰে। জেঠাইহতে নিজে ফোন কৰি আমাক মাতিছে।" তাই পেনপেনাই ক'লে।
"মই কৈছোঁ বেবী, সেইকাৰণে। প্লিজ....মোৰ ভাল নালাগে, তুমি বেলেগৰ লগত গৈ মজা কৰিবা, আৰু মই হোষ্টেলত অকলে ব'ৰ হৈ থাকিম। নাঃ....নাযাবা না সোণ।"
"আৰে, ব'ৰ নোহোৱা নহয়। মই ফোন কৰি কথা পাতি থাকিম তোমাৰ লগত বাবু।" দৃষ্টিৰ ধৈৰ্য্য শক্তি হেৰাইছিল।
"নৌ নৌ... ক'ত তুমি নাচ গান কৰি থাকিবা। মোক সময় দিবানে আৰু? কিমান ল'ৰাও চাগৈ থাকিব তাত....মোৰ ভাল নালাগিব। প্লিজ জানু, মোৰ কথাও নামানা ন তুমি?"
"উফ তুমি তেনেকৈ কিয় কৈছা? মই নগ'লে বেয়া পাব সিহঁতে, বন্যাই বহুত বেয়া পাব।" দৃষ্টি কন্দনামুৱা হৈ গৈছিল। কিয় যে কৌশিক অঁকৰা মৈত উঠে!
"বেবী, বন্যাহঁত তোমাৰ কিহৰ বেষ্ট ফ্রেণ্ড যদি ইমানখিনি স্পেচো আমাক দিব নোৱাৰে? আফটাৰ অল মই তোমাৰ বয়-ফ্রেণ্ড। আৰু শুনা...তোমাৰ মোৰ...এই যে আমাৰ ৰিলেশ্যনশ্বিপটো.... ইহঁতে থোড়াই না বুজিব? কোৱা? কিন্ত আমিতো বুজোঁ, আমি কিমান মেটাৰ কৰোঁ ইটোৱে সিটোৰ বাবে, হয় নাই কোৱা?"
বচ। ইমানতে জব্দ হয় দৃষ্টি। ইয়াৰ পাছত মন বেয়া লাগিলেও তাইৰ যোৱাৰ উপায় নাথাকে। ৰিম্পীহঁতে মুখ ফুলায়। মানুবাৰ বিয়া বুলি যোৱা চাৰি মাহে উত্ৰাৱল হোৱা ছোৱালীজনীয়ে একে আষাৰে নাযাওঁ বুলি নিজৰ ৰুমত সোমাই পৰে, দৃষ্টিৰ মাকহঁত আচৰিত হয়। বন্যাক তেওঁ ফোন কৰে,
"বন্যা, আমাৰ এই বিয়ালৈ নাযাওঁ বুলিছে যে, তহঁতৰ কিবা লাগিল নেকি?"
বন্যাই কি বুলিনো কৈফিয়ত দিব। কৌশিকৰ নেদেখা লক্ষণ ৰেখাডালৰ কথা তাই দৃষ্টিৰ মাকক কয় কোন সতে?
মনামিহঁত অতিপাত ক্ষুণ্ণ হয়। কৌশিকক পাৰে মানে শাও পাত দিয়ে। মেহেন্দি বুলি নাচ এটা কৰিঅ'গ্ৰাফ কৰিছিল তাই। একেলগে ভিডিঅ এটা বনাব বুলি পাঙি থৈছিল। দৃষ্টিয়ে চব পণ্ড কৰিলে। এই প্ৰেমত পৰাৰে পৰা এনেকুৱা লটি-ঘটি।
কেৱল বিয়া-সবাহ বুলিয়েই নহয়, কৰবাত কাৰোবাৰ জন্মদিন, পাৰ্টি থাকিলেও দৃষ্টিয়ে কুটুৰি কুটুৰি কৌশিকৰ পৰা পাৰ্মিশ্যন ল'বলগীয়া হয়। অসহ্যকৰ বেপাৰ।
কান্দি কাটি কোনোমতে কৰবালৈ যাবলৈ অনুমতি পালেও দৃষ্টিৰ লাভ নাই। গোটেই সময়খিনি হয় কৌশিকে বাৰে বাৰে ফোন কৰি থাকিব নহয় মেছেজ। ৰিপ্লাই দিয়া দুই মিনিট দেৰি হ'লেই মুখ ফুলাই সি, ফলত কাজিয়াৰ সূত্ৰপাত।
"অ' বাহিৰা মানুহেই ইম্পৰটেণ্ট। মোৰ কোনো ভেল্যুৱেই নাই তোমাৰ লাইফত।" তাৰ এইটোৱেই ব্ৰহ্মাস্ত্ৰ।
দৃষ্টিৰ বাকী সময়খিনি তাৰ অভিমান ভাঙোতেই যায়। আনন্দৰ মুহূৰ্তবোৰ পাৰ হৈ যায়। তাইৰ আৰু আনন্দ কৰা নহয়।
ৰিম্পীহতে তাইক মাতে,
"আহ না দৃষ্টি, কি কৰি আছ মোবাইল লৈ?"
দৃষ্টি যায়, কিন্তু মনটো তাইৰ কৌশিকৰ লগত হোৱা কাজিয়াখনতে থাকে। মুকলিকৈ ভাগ ল'ব নোৱাৰে তাই ফুৰ্তিখিনিত।
প্ৰায়েই গা বেয়া লগাৰ অজুহাতত সোনকালে ঘৰলৈ ঘূৰি আহে। তাৰ পাছত উৰে নিশা টোপনি ক্ষতি। গোটেই ৰাতি ফোনত কাজিয়া। কন্দা কটা, উচুপনি।
মাকেও ৰাতিপুৱা তাইক বকে।
"কিনো ফোনডালতেই লাগি থাকে তই। ইমান ৰাতিলৈকে সাৰে থাক, পঢ়া-শুনা ধোঁৱা চাঙত তুলিলি।"
(৪)
লাহে লাহে দৃষ্টিয়ে লগৰবোৰৰ লগত যাবলৈকে বাদ দি দিয়ে। গ'লেই বিপদ হয়। তাই খালী ফোনতে লাগি থাকে বুলি ৰিম্পীহতেও বেয়া পায়। তাইৰ নিজৰ মনটোও খুটখুটাই থাকে...না ইকুল, না সিকুল। ইফালে কৌশিকক বিচৰা মতে সময় নিদিলে সি লংকা-কাণ্ড কৰে। মুঠতে তাইৰ অৱস্থা দুইফালেই কাহিল। শেষত তাই কৌশিককে বেছিকৈ গুৰুত্ব দিবলৈ ল'লে।
ভাল পাই তাক তাই। লগৰবোৰে নুবুজিলে নাই। ইমান ইনছেনচিটিভ সিহঁত।
কৌশিকে তাইক মন ভাল লগাবলৈ ফুৰাবলৈ লৈ যায়। বাইকত ঘুৰে, নৈৰ পাৰত বহে। জোৰদাৰ প্ৰেম কৰে। দৃষ্টিৰ মনটো ভাল লাগে। ডিমাণ্ডিং স্বভাৱটো বাদ দি কৌশিক সকলো ফালৰ পৰা অত্যন্ত ভাল। তাইৰ তাৰ সৈতে কটোৱা সময়খিনিহে প্ৰকৃত আনন্দ যেন লাগে। লগৰবোৰৰ লগবোৰ তৰল যেন লাগি যায়।
ঘৰলৈ আহি দৃষ্টিয়ে গম পাই মনামিহতে তাইক বিচাৰি আহিছিল। আজি হেনো ফুচকা খোৱাৰ প্লেন আছিল। তাই গুৰুত্ব নিদিয়ে। প্ৰেমৰ ৰসত হাবু-ডুবু খোৱা তাই ফুচকাৰ ৰস মিচ নকৰে।
ৰাতিলৈ কথাটো কৌশিকক কয়।
কৌশিক জকি উঠে,
"অ' আৰু তুমি কি দেখুৱাইছা? যে মোৰ লগত গৈ কিমান ডাঙৰ ত্যাগ কৰিলা তুমি?"
"নহয় বাবু, তুমি ভুল বুজিছা।" দৃষ্টি উপায়ন্তৰ হয়।
আকৌ এখন নতুন কাজিয়া, আকৌ এক উজাগৰী ৰাতি পাৰ হয় দৃষ্টিৰ। ৰাতিপুৱালৈ তাইৰ গা-মন অৱশ লাগে।
মনামিৰ বায়েকৰ চাকৰি হোৱাৰ পাৰ্টি দিয়ে বায়েকে। 'মেইনলেণ্ড চাইনা'। দেওবাৰ বুলি দৃষ্টিয়ো যায়। বহুতদিনৰ মূৰত দৃষ্টিক পাই ৰিম্পীহঁত ফুৰ্তিত ক'ব নোৱাৰা হয়। তাইক ক'ত থম ক'ত নথম কৰে। মনামিৰ বায়েকে তাইক কয়,
"দৃষ্টি তোক আজিকালি দেখিবলৈকে নাপাওঁচোন।
আহিবি চোন ঘৰলৈ, ৰিম্পীহঁত চোন আহে। এই মনামিয়েও একো নকয়। মই ভাবিলোঁ তহঁতৰ কাজিয়াই লাগিল চাগৈ।"
দৃষ্টিয়ে সেমেকা হাঁহি এটা মাৰে।
কৌশিকৰ মেছেজ আহে।
"মই তলত আছোঁ বেবী। প্লিজ এবাৰ আহা না। দিনটো দেখা নাই তোমাক।"
তাই কাবৌ কাকূটি কৰে, তাক গুচি যাবলৈ কয়। সি নাচোৰবান্দা।
এফালে ৰিম্পীহঁতে দৃষ্টিক টানি থাকে।
"আহ আক, ফটো উঠোঁ।"
তাই উঠে ফটো, মনটো মোবাইলত।
কৌশিকৰ উপৰ্যুপৰি মেছেজ আহি থাকে। শেষত তাই পাৰ্টি বাদ দি নামি যায়।
সি তাইক বাইকত বহুৱাই লৈ যায় এপাক ঘূৰাই আনিবলৈ।
পাৰ্টীৰ পৰা দৃষ্টি উধাও, ৰিম্পীহঁতে বুজি পাই যায় ঘটনাটো।
পিছদিনা চাৰিওজনী তাইৰ ঘৰলৈ আহে।
"দৃষ্টি, কৌশিকটো অলপ বেছি হৈ যোৱা নাই নে?"
দৃষ্টিয়ে জানিছিল এদিন নহয় এদিন এই কথা উঠিব।
তাই প্ৰশ্ন কৰে,
"বেছি মানে? ৰিলেশ্যন এটাত কম বেছি আকৌ কি?"
"চা, আমিয়ো দেখি আছোঁ, সি তোক মুকলিকৈ উশাহকণো ল'বলৈ নিদিয়ে। যতে যাৱ তাতে লম্ভি যায়হি, সি তোক সাংঘাতিক বেছি কংট্ৰল কৰে, এইটো হেলদি নহয়।"
দৃষ্টিয়ে ফেপেৰি পাতি ধৰে,
"ষ্টপ ইট। মোৰ আৰু তাৰ ৰিলেশ্যনক আন-হেলদি বুলি ক'বলৈ তহঁত কোন? সি মোৰ বয়-ফ্রেণ্ড। আলবৎ অধিকাৰ আছে মোক কংট্ৰল কৰাৰ।
প্লিজ তহঁতে মোক জ্ঞান নিদিবি। মোৰ সুখত যদি সুখী হ'ব নোৱাৰ তেন্তে অযথা এডভাইছ দিবও নাহিবি। তহঁতে তাক নুবুজ।"
"তাক নুবুজিব পাৰো, কিন্তু তোকতো জানো, তোকতো বুজোঁ। ফ্ৰী-স্পিৰিটেড ছোৱালী তই দৃষ্টি, কি হৈ গ'লি চাচোন?" মনামিয়ে তাইক বুজাবলৈ চেষ্টা কৰে।
"জান, তোৰ ডিপাৰ্টমেণ্টৰ ভাৰ্গবহতেও কৈছে সিদিনা, কৌশিকদা ইজ টু পজেচিভ। দৃষ্টিয়ে আনৰ লগত কথা পাতিলেও বেয়া পায়।"
দৃষ্টি জকি উঠে,
"মোৰ কথা আলোচনা কৰ মোৰেই ক্লাছমেটৰ লগত। তহঁতো ভাল বন্ধু দে। বাদ দে, তহঁতে বন্ধুত্বই নুবুজ, প্ৰেম কি বুজিবি?"
ৰিম্পীহঁত আহত হয়। ৰিম্পীয়ে স্কুলীয়া বন্ধু মানৱক ভাল পায়। ক্লাছ নাইনৰ পৰাই সিহঁতৰ সম্পৰ্ক, কোনোদিনে তাইক কোনো কথাত সি শাসন কৰি পোৱা নাই। দিল্লীত ইঞ্জিনীয়াৰিং পঢ়ি থকা মানৱে বুজে যে ৰিম্পীৰ নিজৰ বন্ধু আছে, নিজৰ লাইফ এটা আছে।
পলীৰ নিজৰ ককায়েকৰ বন্ধু ৰিদিপৰ লগত বিয়া পৰ্যন্ত ঠিক হৈ আছে। তায়ো তাৰ লগত ফুৰা-চকা কৰে। ক'তা, ৰিদিপেতো তাইক এনেকৈ আঠা লগা দি লাগি নুফুৰে।
দৃষ্টিয়ে হাতযোৰ কৰে,
"তহঁতে নুবুজ নাই মোৰ আৰু কৌশিকৰ সম্পৰ্কৰ গভীৰতা। পাৰ যদি বন্ধুত্বৰ খাতিৰত আমাক জাজ কৰা বন্ধ কৰ।"
ৰিম্পীহঁতে গুচি যায়। কোনো পধ্যেই সিহঁতে দৃষ্টিক বুজাব নোৱাৰিলে সুস্থ সম্পৰ্ক এটাৰ মৰমৰ আব্দাৰ আৰু এটা চাফকেটিং ৰিলেশ্যনৰ পাৰ্থক্য।
(৫)
সেয়াই আৰম্ভণি। লাহে লাহে নিবিচৰাকৈয়ে সিহঁতৰ বন্ধুত্বৰ মাজতো ফাট মেলিবলৈ ধৰিলে। ৰিম্পীহঁতে যোগাযোগ কৰিবলৈ চেষ্টা নকৰা নহয়। মাজে মাজে দৃষ্টিক মেছেজ কৰে, ফোন কৰে,
"আজি ৰাতি ইংৰাজী মুভি চাম ঘৰত। আহিবি চোন।"
"নাই। আজি নোৱাৰিম। মোৰ পঢ়া আছে।" দৃষ্টিয়ে চমুকৈ সামৰি থয়।
ৰাতি পঢ়াৰ নামত কৌশিকৰ লগত দুৰ্বাদল কাজিয়া হয়। চকুপানী বৈ বৈ দৃষ্টিৰ ৰাতি পুৱাই যায়। ভালপোৱাৰ বোজা এটাৰ ভাৰ বৈ বৈ তাই ভাগৰি পৰে।
এইবাৰ তাইৰ টাৰ্ম এগজামো আশা কৰা মতে নহ'ল। মন বেয়া কৰিলে কৌশিকে হাঁহিৰে উৰুৱাই দিয়ে,
"বাদ দিয়া, পঢ়ি ফালিবা!"
যোৱা বছৰটোত ডিপাৰ্টমেণ্টৰ এডুকেশ্যনেল টুৰ এটা আছিল, যাবলৈ নাপালে তাই।
সোধোতে কৌশিকে থাপ মাৰি কৈছিল,
"নালাগে যাব দেই এইবোৰ ফকতিয়া টুৰত। যত সব ফচহু ল'ৰামখা লগত যাব। দৰকাৰ নাই, ঘৰতে পঢ়িবা।"
কেৱল এডুকেশ্যনেল টুৰেই নহয়...কলেজৰ পিকনিক, গ্ৰুপ-ষ্টাডি, ফিল্ড-ৱৰ্ক কতোৱেই তাইৰ যোৱা নিষেধ। ঘৰত মানুহ অবাক। ছোৱালীজনীৰ হ'ল কি!
মনৰ ভিতৰত খং এটা গুজৰি গুমৰি থাকিলেও দৃষ্টি শান্ত হৈ থাকে। কি লাভ? যোৱা এটা বছৰ তাই কৌশিকৰ প্ৰেমিকা। যিটো মানুহৰ লগত জীৱন কটাব খুজিছে, তাৰ মতে নিজকে ঢাল খুৱাব নোৱাৰিলে তাইৰ প্ৰেমৰ সাৰ্থকতা ক'ত?
ডিচেম্বৰ মাহত পলীৰ ককায়েকৰ বিয়া হৈ যায়। দৃষ্টিয়ে মাকৰ লগত বিয়াঘৰলৈ গৈ এখন্তেক দেখা দি আহে। পলীৰ মাকে বহুত জোৰ কৰাৰ পিছতো দৰাৰ লগত যাবলৈ সৈমান নহয়।
মাকে দৃষ্টিক বকে,
"কিহে পালে তোক? ৰিম্পী বন্যাহতক চা চোন, জাকত জিলিকি আছে। এইটোৱেই ফুৰ্তি কৰাৰ সময় তহঁতৰ, তইনো কি ৰুমত সোমাই মুজুঙা মাৰি ভাল পাৱ!"
মনামি আগবাঢ়ি আহে,
"তই ভালে আছ দৃষ্টি? ইমান ক্ষিণাইছ কিয়?"
"আছোঁ ভালেই। ডায়েটিং কৰিছোঁ ৰ। কৌশিকেই মোক ইন্সপায়াৰ কৰিছে।" দৃষ্টিয়ে গৰ্ব কৰি কয়।
"ইন্সপায়াৰ নে প্ৰেশ্যাৰাইজ?" মনামিয়ে মনতে ভাবে। চেনেহৰ বান্ধৱীজনীক লগ পাই এৰিব নিবিচাৰে তাই। জোৰকৈ গোটেই কেইজনীয়ে ফটো উঠে।
"প্লিজ ফটোবোৰ ফেচবুকত নিদিবি দেই। মোৰ ভাল নালাগে।" দৃষ্টিয়ে সিহঁতক কয়।
ভাল নলগাতোও যে আচলতে কৌশিকৰেই নিৰ্দেশ সেইটো মনামিহতে বুজি পাই যায়। তাৰ লগত সম্পৰ্ক হোৱাৰ পৰা দৃষ্টিৰ চ'চিয়েল মিডিয়া একাউণ্ট প্ৰায় বন্ধ। যিখিনি আছে, সেয়াও কৌশিকেই কংট্ৰল কৰি ৰাখে।
সিহঁতে এদিন প্ৰশ্ন কৰোঁতে দৃষ্টিয়ে গাপ দি কৈছিল,
"সি মোক লৈ বহুত প্ৰটেকটিভ।"
দৰা পাৰ্টি যোৱাৰ আগে আগে বন্যাই দৃষ্টিক কয়,
"জানুৱাৰীত দাদাহতে পিকনিক এৰেঞ্জ কৰিছে... টপাতলিত। আমাৰ স্কুলৰ লগৰ মখাও যাব। ওলাবি প্লিজ। কৌশিককো ক'বি।"
দৃষ্টিয়ে শলাগি থয়।
(৬)
জানুৱাৰী মাহত বেচ ঠাণ্ডা পৰে। কলেজ এইকেইদিন বন্ধ। তেনেকুৱা এটি দিনতে সৰু কথা এটাত লাগি দৃষ্টি আৰু কৌশিকৰ তুমুল কাজিয়া এখন লাগে। কন্দা কটাৰ এটা পৰ্ব যোৱাৰ পাছত কোনোমতে মিত-মাত হয়গৈ। দুদিন ধৰি দৃষ্টিৰ খাৱন-শোৱন প্ৰায় বন্ধ হৈ পৰে। ৰূমতেই তাই পৰি থাকে। এইবাৰ তাইৰ সামান্য এক ভুলতে কৌশিকে তাইক গুৱাল গালি পাৰিলে। তাই নীৰৱে সহ্য কৰি গ'ল। পিছত অকলে অকলে কান্দিলে। দিনটো তাক মেছেজ কৰিলে, ফোন কৰিলে, ক্ষমা খুজিলে। এক মানসিক অন্তৰদ্বন্দ্বত ভুগি তাই জুৰুলি জুপুৰিজনী হ'ল।
তৃতীয় দিনা কৌশিকে তাইক মেছেজ কৰে,
"দুদিনমান অলপ আঁতৰি থাকোঁ দিয়া। আমাৰ মাজৰ অশান্তিবোৰে বহুত হাৰ্ট কৰিছে মোক। অলপ সময়ৰ প্ৰয়োজন মোক। অকলে থাকি অলপ নিজকে চম্ভালি লওঁ। মানসিকভাৱে কষ্ট পাইছোঁ মই। গতিকে দুদিনমান কথা নাপাতো দিয়া।"
হতভম্ব হৈ যায় তাই। যোৱা তিনি দিনত অসীম ধৈৰ্যৰে তাই কাজিয়া মিত-মাত কৰাইছে। তথাপিও কৌশিক হাৰ্ট? তাই তাক ফোন কৰে, মেছেজ কৰে। ন' ৰিপ্লাই।
"ই চাগৈ সঁচাই বহুত দুখ পালে এইবাৰ। ময়েই বেয়া, সদায় দুখ দিওঁ তাক।" ঘৰত পিন্ধা কাপোৰৰেই অ'টো এখন লৈ দৃষ্টি হুৰমুৰকৈ তাৰ হোষ্টেল ওলালগৈ।
বয়জ্ হোষ্টেললৈ তাই আগতেও বহুতবাৰ আহিছে। কৌশিকৰ লগত। কিন্তু এইবাৰ অকলে। বাহিৰত আড্ডা দি থকা ল'ৰাবোৰক অগ্রাহ্য কৰি পোনেই তাই কৌশিকৰ ৰুমলৈ ধপলিয়াই যায়। দুৱাৰ খুলি দিয়ে কৌশিকৰ ৰুমমেট অতনুৱে। সি দৃষ্টিক এই অৱস্থাত দেখি অবাক হয়।
"কৌশিক ক'ত অতনুদা?" দৃষ্টিয়ে কান্দো কান্দো কৰে।
অতনু অপ্ৰস্তুত হয়।
"কৌশিক, কিয় সি নাই নহয়...তোমাক কৈ যোৱা নাই?"
দৃষ্টিৰ বুকুখন ঢিপিং কৈ যায়।
নাই মানে? কিবা অঘটন?
"সি কালি ৰাতিয়েই তাৰ বেষ্ট-ফ্রেণ্ড সঞ্জয়ৰ লগত গৈছে। সঞ্জয়হঁত চব পুৰণা বন্ধু লগ হৈ বৰগছ ৰিজৰ্টত পাৰ্টি কৰিব, তিনিদিনীয়া প্ৰগ্ৰেম। কিয়, বহুদিনীয়া প্লেন দেখোন...তুমি নাজানাই নেকি?"
দৃষ্টিৰ মূৰত যেন আকাশখনহে ভাঙি পৰিল। কথাটো বুজিবলৈ তাইৰ সময় নালাগিল।
কৌশিক তাৰ বন্ধুৰ লগত ফুৰিব গৈছে, সেই কাৰণেহে তাইৰ লগত তাৰ কানেকশ্যন বন্ধ। আগে পিছেও এনেকুৱা হৈছিল। গা বেয়া, পঢ়া আছে বুলি তাইক কৈ সি বৰং ঘূৰি ফুৰে। কিন্ত তাই ইগনৌৰ কৰি গৈছিল কথাবোৰ। জানিও নজনা, দেখিও নেদেখা, অন্ধ আছিল তাই।
ফোনটো উলিয়াই কৌশিকৰ ফেচবুক টাইমলাইন চাব বিচাৰিলে দৃষ্টিয়ে। তাইৰ একাউণ্ট ইনেকটিভ। পৰীক্ষা বুলি কৌশিকেই বন্ধ কৰাই ৰাখিছিল।
তাই অতনুক তাৰ ফোনটো খুজিলে। তাইৰ মূৰ্তি দেখি অতনুৱে মানা কৰিব নোৱাৰিলে।
অতনুৰ ফেচবুক পেজ খুলি তাই কৌশিকৰ প্ৰফাইল খুলি চালে। যোৱা ৰাতিৰ পৰা কৌশিকৰ মুঠ ছটা নিজা আপডেট। দহটামানত টেগ কৰি থোৱা আছে।
বিভিন্ন ষ্টেটাছ আপডেট, দেধাৰ ফটো। এখনত কৌশিক লিখিছে "এৰাইভদ ইন হেভেন, ফান ৱিথ ফ্রেণ্ডছ।"
লগৰ ল'ৰাবোৰ বেপৰুৱা টাইপ, ছোৱালীবোৰৰ চুটি চুটি কাপোৰ, বুটছ পিন্ধা, ষ্ট্ৰিক কৰা চুলি। নাকে-কানে ফুলি, কেইবাটাও টেটু। দৃষ্টিক বেয়া ছোৱালীয়ে কৰা কামৰ উপমা দি কৌশিকে যিবোৰ উদাহৰণ দিয়ে...সকলো তাৰ এই বন্ধুবোৰৰ গাত বিৰাজমান। অথচ লেতেৰা এইবোৰ স্বভাৱ নহয়, কৌশিকৰ মনৰ ভিতৰখন হে।
অতনুক ফোনটো ঘূৰাই দি দৃষ্টি ঘৰলৈ ঘূৰি আহে। পানী ঢালি-ঢালি এপৰমান গা ধুৱে।
তিনিদিনৰ টোপনি খতিৰ ক্লান্তি, কন্দা-কটাৰ ভাগৰ, কৌশিকে দিয়া হিউমিলিয়েশ্যনখিনিৰ কষ্ট, তাই শ্বাৱাৰৰ পানীৰ লগত উটুৱাই দিব খোজে। গা ধুই তাইৰ সতেজ লাগে।
এইবাৰ তাই ৰিম্পীলৈ ফোন লগাবলৈ লয়। তাইৰ প্ৰবল ইচ্ছা হয় ৰিম্পীহতৰ কোনোবা এজনীৰ বুকুত সোমাই হেঁপাহ পলুৱাই কান্দিবলৈ।
মাক চাহ একাপ লৈ সোমাই আহে।
"বৰুৱানীয়ে ফোন কৰিছিল। ৰিম্পীহত চব বোলে পিকনিক গৈছে, তই দেখোন নগ'লি? কি হ'ল আইজনী?"
তাই মাকক সাৱটি ধৰিলে। অলপ সময় মাকৰ বুকুত সোমাই তাই দুটামান সিদ্ধান্ত লৈ পেলালে।
বহুত চেষ্টা কৰি তাই নিজৰ ফেচবুক একাউণ্টটো এক্টিভেট কৰিলে। ৰিম্পীহতৰ যোৱা কেইমাহৰ আপডেটবোৰ তাই চাই গ'ল। বিয়া, জন্মদিন, নাচ-গান, আউটিং, আন নালাগে একেলগে বহি টেঙা খোৱাৰো আপডেট আছে। কেৱল দৃষ্টি নাই।
তাৰ মাজতে কোনো এখন ফটোত দৃষ্টিয়েও ভুমুকি মাৰিছে। কিন্তু তাইৰ মুখত হাঁহি নাই, চকু মোবাইলত আবদ্ধ। দেখিলেই সিহঁতৰ গ্ৰুপটোৰ লগত মিল নোহোৱা এজনী যেন লাগে।
যোৱা এবছৰে কোনো আনন্দৰ মুহূৰ্তই দৃষ্টিয়ে ধৰি ৰাখিব নোৱাৰিলে। ভাৰ্চুৱেলতো বাদেই সঁচাকৈয়ো তাই জীবনৰ বহু মুহূৰ্ত উপভোগ নকৰাকৈয়ে পাৰ কৰিলে। পঢ়া শুনা ৰসাতলে গ'ল।
অজানিতে দুচকুৰে সৰসৰকৈ বাগৰি অহা চকু পানীখিনি দৃষ্টিয়ে মচি পেলালে।
তাই দুটা মেছেজ কৰিব।
প্ৰথমটো কৌশিকক।
"দুদিন নহয়, একেবাৰেই আঁতৰি থাকিম দিয়া। মানসিক শান্তি হ'ব। বিশেষকৈ মোৰ। এনজয় ইয়ৰ আউটিং। গুড বাই।"
পিছৰটো মেছেজ সিহঁত পাঁচজনীৰ ৱাতসএপ গ্ৰুপটোলৈ কৰিলে,
"তহঁতে পিকনিক এনজয় কৰিছ চাগৈ। মইহে মিচ কৰিলোঁ। কিন্তু আৰু নকৰোঁ। জীৱনটো আৰু মিচ কৰিবলৈ নাই। তহঁত অহালৈ বাট চাম। লাভ ইউ।"
দুয়োটা মেছেজ চেণ্ড কৰি, বহুত দিনৰ মূৰত দৃষ্টিয়ে মুকলিকৈ উশাহ ল'লে।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
০৪.১০.২০২০
xxxxxxxxxxxxxx
