(চুটি গল্প)
"তৰু, অ' তৰু, ক'ত সোমাই আছা হয়নে?"
শাহুৱেকৰ কৰ্কশ মাতত তৰালী উচপ খাই উঠিল।
কেতিয়ানো চকুহাল মুদ খাই আহিছিল তাই ক'বই নোৱাৰিলে। যোৱা তিনি ৰাতি তাইৰ টোপনি খতি, আজি অফিচৰ ডাঙৰ চেমিনাৰ এখনত তাইৰ এটা বিয়াগোম চেশ্যন আছিল, তাৰেই প্ৰেজেণ্টেশ্যন ৰেডি কৰাত তাই দিন-ৰাতি ব্যস্ত। তাতে এসপ্তাহ ধৰি শাহুৱেক আছেহি বুলি ঘৰুৱা কামবন, ৰন্ধা-বঢ়াও বাহুল্য হৈছে।
বিয়াৰ পিছত এই প্ৰথম শাহুৱেক আহিছে যোৰহাটৰ পৰা সুদূৰ দিল্লীৰ সিহঁতৰ ঘৰখনলৈ। মুঠতে এই কেইদিন তৰালীৰ মৰিবলৈও সময়কণ নাই।
আজিৰ দিনটোও তাইৰ বেছ খাটনি গ'ল। চেমিনাৰ শেষ কৰি বিভাগটোৰ জুনিয়ৰবোৰক পেণ্ডিঙ কামবোৰ ভগাই দি তাই ঘৰলৈ ঢপলিয়াই আহিছিল, এই মাত্ৰ মুখ-হাত ধুই অৱশ শৰীৰটো বিচনাত ঢপহকৈ পেলাই দিছিলহি। বিচনাখনৰ একাষে বাগৰ দি থকা স্বামী অতনুক ভালকৈ মাত এষাৰ দিবলৈও তাইৰ শক্তি নহ'ল।
অতনু আজি অফিচৰ পৰা সোনকালেই উভতিছিল, প্ৰায়েই সি কাম-বন কৰি গধূলিৰ আগতেই আজৰি হয়। তৰালীৰহে ভীষণ প্ৰেচাৰৰ জব।
"তৰু, ইমানকৈ মাতিছোঁ, ক'ত গ'লানো?' এইবাৰ শাহুৱেক তাইৰ ৰূমলৈকে সোমাই আহিল।
তৰালী ধৰমৰাই বিচনাৰ পৰা উঠি দোষী দোষী অথচ ভাগৰুৱা মাতেৰে কৈ উঠিল,
"কওকচোন মা..."
"চাহ একাপ বনাই দিয়াচোন, অথনিয়েই অতনুৰ লগত একাপ খাইছিলোঁ, বৰকৈ মন গৈ আছে, তুমি আহিলে আকৌ খাম বুলি ভাবি আছিলোঁ। কিন্তু তুমি ইমান দেৰি কৰিলা, চাহলৈ ৰৈ ৰৈ আমনিয়েই লাগিল।"
এইবাৰ মোবাইল পিটিকি থকা অতনু গিৰিসকৈ উঠি পৰিল,
"মই বনাই দিওঁ ৰবা মা, তৰু তোমালৈও বনাও চাহ, লগত পকৰি কেইটামান খাবা নে দুইজনীয়ে?"
তৰালীয়ে মুখেৰে মাতিবলৈ নেপালেই, শাহুৱেকে টপককৈ উত্তৰ দিলে,
"আইঔ মোৰ সোনপৰুৱাটো, তই দিনটো অফিচ খাটি ঘৰ সোমাইছহি, নেলাগে বাখৰ মোক চাহ বনাই দি কষ্ট কৰিবলৈ। তৰু আছে নহয়, তুমিয়েই বনাই দিয়া তৰু, ই অকণমান ৰেষ্ট লওক।"
অতনু বিৰক্ত হ'ল।
"কি কথা কোৱা মা, তৰুচোন মোতকৈ দেৰিকৈহে ঘৰ সোমাইছেহি। তাইৰ খাটনি মোতকৈ বহুত বেছি, লগতে তাইচোন ঘৰৰ কামো কৰে, তাইকহে ৰেষ্টৰ প্ৰয়োজন, নহয় জানো?"
"কিন্তু তাই বোৱাৰীজনী থাকোতে তই হাত পুৰিব কিয় লাগে?"
"হাত পুৰিব কিয়, বিয়াৰ আগতে জানো মই অকলে ৰন্ধা বঢ়া কৰি খোৱা নাছিলোঁ? এতিয়াও ৰান্ধোঁ, আৰু ঘৰৰ কামো আমি মিলি জুলি কৰোঁ। এই কেইদিন তুমি আছা বুলি হে মই কামত হাত দিয়া নাই, তৰুৱেও বাধা দিছে।
আৰু অথনি মই অফিচৰ পৰা ভাগৰে জুগৰে অহাৰ পাছত তুমি চাহকাপ যে কৰি দিলা, কিমান ভাল লাগিল, এতিয়া ভাগৰুৱা তৰুকো তুমি বা মই চাহ একাপ খুৱালে তাইৰ কষ্টখিনি লাঘৱ নহ'ব জানো?"
তৰালীৰ শাহুৱেকে এইবাৰ একো উত্তৰ নিদিলে। সৰুতে ভুল কৰিলে অতনুক তেওঁ যেনেকৈ শুধৰাই দিছিল, আজি সেই ল'ৰা ডাঙৰ হৈ তেওঁক বুজাব পৰাকৈ বুজন হ'ল। তেওঁৰ ভুলখিনি আঙুলিয়াই দেখুৱাব পৰা হ'ল।
অজানিতে বোৱাৰী বুলিয়েই তৰালীৰ দুখ কষ্টখিনিক উপেক্ষা কৰা নিজৰ ঠেক মানসিকতাখিনি বুজিব পাৰি তেওঁৰ বহুত দুখ লাগিল। ছিঃ, পৰৰ ঘৰৰ ছোৱালী তৰালীয়ে তেওঁক চাগৈ কি বুলি ভাবিব এতিয়া!
তৰালীৰ পৰিবেশটো অকণো ভাল নালাগিল। তাই এইবাৰ অকণ ফুৰ্তিবাজ সুৰত কৈ উঠিল,
"সেইবোৰ বাদ দিয়ক এতিয়া। বলক মা, আমি ডাইনিঙত বহি পিয়াজ ধনীয়াখিনিকে কুটি দিওঁ, এওঁ চাহ পকৰি বনাই আমাক খুৱাওক।"
শাহুৱেকৰ মুখখন এইবাৰ উজলি উঠিল। বোৱাৰী তেন্তে আপোনেই, পৰ নহয়।
তৰালী আৰু অতনুৰ মনবোৰো ফৰকাল হ'ল।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
২২.০৪.২০২০
xxxxxxxxxxxxxx

No comments:
Post a Comment