: হেল'। ক'ত তুমি জীউ?
: ৰাস্তাত।
: ৰিক্সা পালা?
: পালোঁ।
: কি হ'ল? ভালকৈ কথা নোকোৱা?
: কি আৰু ভালকৈ ক'ম, তুমি কৌনচা মোৰ ফিকৰ কৰা?
: আৰে, কি হ'ল, মুখ ফুলাইছা হ'বলা?
: অ' ফুলাইছোঁ। বেছি কৰাযে তুমি।
: কিনো অপৰাধ কৰিলোঁ ক'বানে এতিয়া মেডাম?
: তুমিতো কলেজ আহিছিলা মোক লগ ধৰিবলৈ, এবাৰো নকলা ড্ৰপ কৰি দিওঁ বুলি।
: আৰে, মই অফিচৰ লাঞ্চ-আৱাৰতহে আহিছিলো। তাকো তোমাক ফর্মখন দিবলৈ, জাষ্ট ফৰ ফাইভ মিনিটছ। ড্ৰপ কৰাৰ টাইম ক'ত?
: তাকেই কোৱা। তোমাৰ খালি কাম আৰু কাম।
: কাম নকৰিলে কি খাম?
: মজাক বন্ধ কৰা। লগৰ ফ্রেণ্ডবোৰৰ লগত চিনাকি কৰাই দিলোঁ...ভাবিছিলো ইউ ৱিল স্পেণ্ড চাম টাইম। তুমি যিহে লৰা-লৰি কৰিলা, কিযে ভাবিছে চাগৈ তোমাক ৰাতুল-চুমকিহঁতে।
: কি আৰু ভাবিব, জীমণিৰ ৱাৰ্কহ'লিক ইনচেনচিটিভ বয়ফ্রেণ্ড বুলি।
: তোমাৰ খালি পেংলাই। মই ইমান ফুটনি কৰোঁ তোমাক লৈ, চব পানী হ'ল।
: একো নেভাৱে দিয়া...এনেয়ো সিহঁতচোন লৰা-লৰিত আছিল।
: অফকৌৰছ। আজি শাহৰুখৰ নতুন মুভি ৰিলিজ দিছে আৰু। চব অনুৰাধা যাব, চিনেমা চাবলৈ।
: ....
:হেল' অনি, আছানে?
: হুম, চব একচাইটেদ মানে আৰু।
: ময়ো আছিলোঁ। ভাবিছিলোঁ তুমি আৰু ময়ো যাম লগত, কিন্তু তুমি...
: মই কি?
: তুমিতো ফট-ফটাই গুচিয়েই গ'লা আৰু মোকো কলৈকো যাবলৈ মানা কৰি দিলা।
: আৰু তুমি কি বাধ্য কণমানিজনী। এবাৰ মানা কৰোঁতেই যে নগ'লা।
: মই বহুত আপচেট। জানা...চুমকিয়ে মেছেজ কৰিছে "তোৰ অনিমেষটো কি বৰিং"।
: ৱ তো হেই।
: কিয় মানা কৰিলা? সিহঁতে ভাবিব তুমি নেৰ'-মাইণ্ডেড মেল-চৌভিনিষ্ট।
: হয় জানো মই? চৌভিনিষ্ট?
: একেবাৰেই নহয়। মোক কোনোদিনে কাৰো লগত মিলমিছা বা পাৰ্টি কৰিবলৈ বাধা দিয়া নাই...কুৱেশ্যন কৰা নাই...ইভেন লগৰ ল'ৰাৰ লগতো। তেন্তে আজি কিয়, কি ভাবিব চুমকিহতে?
: কি ভাবিব নেজানো, কিন্তু চুমকিহঁততকে তুমি যে পঢ়াই শুনাই, স্বভাৱে বহুত ভাল সেইটো জানো। তুমি যে টেলেন্টেড সেইটো জানো।
: বৰ জানা!
: আৰু গ্ৰেজুৱেশ্যন কৰি চুমকিহতে যে মাক-দেউতাকে চাই দিয়া ধনীৰ দুলাল ল'ৰা একোটাৰ লগত বিয়া হ'ব সেইটোও জানো। তুমি নিজেই কৈছিলা এদিন।
: বিয়া হোৱাটো বেয়া নিকি?
: কিয় বেয়া, নহয়। আমিয়োতো হ'ম। কিন্তু ফিলহাল... নিজৰ ভৰিৰ ওপৰত থিয় দিয়াতো বেছি ইম্পৰটেণ্ট। ইস্পেচিয়েলি তোমাৰ দৰে মিডিল ক্লাছ ঘৰৰ ছোৱালীৰ বাবে।
: সেইটো মই জানো, মই চোন কৈছোৱেই এমবিএ কৰিম। ইনদিপেণ্ডেণ্ট হম।
: তেন্তে? আৰু এসপ্তাহ পিছত তোমাৰ CATৰ এণ্ট্ৰেন্স টেষ্ট। ভাল পাৰচেণ্টাইল নাপালে আগশাৰীৰ ইনষ্টিটিউটত চিট নেপাবা। দুখ নালাগিব যে পৰীক্ষাৰ এসপ্তাহ আগত চিনেমা চাই ফাং ফুং কৰি ঘূৰি ফুৰিলো।
: জানো মই, ইটছ টাইম টু ফকাচ।
: ৰাইট। তেন্তে ভাল ছোৱালীৰ দৰে ঘৰলৈ গৈ প্ৰিপাৰেশ্যন কৰাগৈ। ৰাতুল, চুমকি, শাহৰুখৰ মুভি, চব ৰৈ থাকিব। CAT নৰয়।
: আৰু তুমি?
: মই নৰও। ফট ফটাই গুচি যাম আক।
: হ'ব, লেকচাৰ নিদিবা আৰু। হোষ্টেল পালোহি...যাওঁ পঢ়োঁগৈ...ভোক লাগিছে...ব্ৰেড দুচকল আছে...তাকেই চোবাই লওঁগৈ।
: মোৰ মূৰটো চোবাই ভোক নুগুছিল মানে?
: ধেইট... বেছি কৰা দেই। উৱা! মোৰ ফুড পাৰ্চেল আহিছে চোন এইটো, কোনে পঠালে?
: শাহৰুখে বোধহয়।
: অহ মাই গড! KFC বাকেত! ৱাও! তুমি পঠাইছা চোন অনি, ইউ আৰ দা বেষ্ট।
: হ'ব হ'ব তেল মাৰিব নেলাগে। এতিয়া মোৰ মাথা চোবোৱা বাদ দি মাংসকে চোবোৱা।
: আই লাভ ইউ অনি। কেনেকৈ যে মোৰ মনৰ কথা বুজি পাই যোৱা।
: হুম। ভালকৈ পঢ়া এতিয়া, ফোন থোৱা।
: ধেই, ব'ৰটো কটা!
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
২৮.০৪.২০২০
xxxxxxxxxxxxxx

No comments:
Post a Comment