যতন
(চুটি গল্প)
"লখিমী আহা... ভাত কেইটা খাই লোৱাহি। বেলি পৰিলেই দেখোন।" বিহু বুলি এইকেইদিন মাকৰ ঘৰত থকা জেশাহুৱেক মৰমীয়ে ভাই-বোৱাৰীয়েক লখিমীক ভাত বাঢ়ি দি মাত লগালে।
"আহিছোঁ বাইদেউ, এই বাচনকেইটা একেবাৰে ধুই, আজৰি হৈ খামগৈ।" লখিমীয়ে কলপাৰৰ পৰাই উত্তৰ দিলে।
"জানো পাই, চবেই খাই-বৈ আজৰি হৈ এঘুমটি দিলেগৈয়ো, তোমাৰহে কামৰ অন্ত নাই।"
"এহ... হ'লেই আৰু মোৰ।"
"হৈছেনে? আহা। দিনৰ দিনটো ৰান্ধিলা বাঢ়িলা, চবকে খুৱালা-বুৱালা, অথচ নিজে ভাত কেইটা খাই ল'বলৈ সময় নোলাল।"
"ঔ আই! বিহুৰ বতৰ বুলি কথা, কামতো থাকিবই।"
"হেৰৌ... জাকৰুৱা ঘৰ। দিনৰ দিনটো খাটি মৰিছা... অহা দিন ধৰি দেখিছোঁ, তুমি সঁচাই নামে কামে লখিমী...পিছে কামকে হে কৰিছা। বিনন্দক ক'বাচোন তোমাৰ অলপ যত্ন লবলৈ। সি মনেই নকৰে হ'বলা।"
বিনন্দ মানে লখিমীৰ স্বামী, এই ঘৰৰ বৰপো। এইখন ঘৰৰে ডাঙৰ আৰু একমাত্ৰ বোৱাৰী লখিমীৰ মনৰ মানুহজন।
লখিমী মনে মনে থাকিল। জেশাহুৱেকক উত্তৰ নিদিয়াকৈয়েই ধোৱা হাতদুখন চাঁদৰেৰে মচি মচি ভাতৰ পাতত বহিবলৈ আহিল।
মৰমী এইবাৰ নিজৰ কোঠালৈ যাবলৈ লৈ হঠাৎ ৰৈ গ'ল,
"লখিমী, বিনন্দই খোৱা থাল-বাচনবোৰ ইয়াতে আছে, চাই ল'বাচোন, কিবা কিবি খোৱা নাই, নষ্ট নকৰিবা।"
"বাৰু।" লখিমীয়ে চমুকৈ শলাগিলে।
ভাতৰ পাতত তাই অলপ সময় তভক মাৰি ৰ'ল।
দিনটো ঘৰখনৰ জঞ্জাল সামৰি, আলহীয়ে-দুলহীয়ে সকলোৰে জাঁজ মাৰি, টাকুৰি ঘূৰা দি ঘূৰি থকা লখিমীৰ খবৰ লবলৈ বিনন্দৰ সময় নাই সঁচা। দুআষাৰ কথা পাতিবলৈও দুয়োটাৰে সময় অকণ নিমিলে। ইমান কাম, ল'ৰাই ছোৱালীয়ে বুঢ়াই মেথাই সকলোৰে ফৰ্মাইছ পূৰণ কৰাৰ পিছত ৰাতি লখিমী শোৱা-কোঠালি পাই মানে, বিনন্দ টোপনিত। প্ৰায়েই তাইৰ মনটো গধুৰ হৈ যায়...অভিমান হয়...কিন্তু পিছ মুহূৰ্তত নিজকে বুজায়।
বিনন্দ মানুহটো ভাল। বিয়া হোৱা দিন ধৰি তাইক হুতা মাত এষাৰ দি নাপালে। কাছাৰীত চাকৰি কৰা তাইৰ মানুহটো...দিনটো খাটে। ঘৰখনৰ বাবেইতো। এনেয়ো বিনন্দ গম্ভীৰ প্ৰকৃতিৰ, ঘৰৰ বৰপুত্ৰ বুলি কথা। ভাই-ভনীৰে ভৰা জাকৰুৱা ঘৰখনত মুকলিকৈ তাইৰ লগত পিৰীতি কৰিবলৈ তাৰ সাহসে নুকুলাই। ছোৱালীজনী হোৱাৰে পৰা তাইকেই আৱৰি সিহঁত দুয়োটাৰ কথাবাৰ্তা হয়। এতিয়া ছোৱালীকণ অলপ ডাঙৰ হৈছে...সৰু পেহীয়েকৰ লগত বেলেগে শুৱে। তথাপিও কামৰ জুমুৰিত লখিমী আৰু বিনন্দৰ বেলেগকৈ কথা পতা হৈ নুঠে। লওঁ বুলিও ইটোৱে সিটোৰ যতন মনৰ জোখাৰে লৈ উঠিব নোৱাৰে।
এইবোৰ ভাবি প্ৰায়েই ৰাতি তাইৰ ভাগৰ লাগে... টোপনি ধৰে...বিনন্দলৈ মৰমো ওপজে। সিমূৰকে শুই থকা গিৰিয়েকৰ গাৰ ওপৰেদি হাত এখন মেৰিয়াই তাই শুই পৰে।
আৰু আজি বিহু বুলি দিনটোৰ ভাগৰ। সোনকালে ভাত খাই আজৰি হওঁ বুলি তাই এইবাৰ ভাতৰ পাতত হাত দিলে।
আজি সকলো আছিল বুলি খোৱাৰ বিশেষ আয়োজন। তাই খুব যত্ন কৰি ৰান্ধিছিল ভাত-দাইল-তৰকাৰীৰ লগতে নেপালীয়ে কটা তেলাল খাহীৰ জোল আৰু বিলত উঠা প্ৰকাণ্ড ৰৌমাছৰ লাও-বিলাহীৰে টেঙা আঞ্জাখন। লগত বেঙেনা আলু কুটি মাছৰ পেটু ভজা আৰু কাঁহীৰ কিনাৰত দিব পৰাকৈ বেচন লেটিয়াই ভজা বকফুলৰ বৰ। ৰন্ধা-বঢ়াত পটু লখিমীৰ পাগত আজি হেঁপাহৰ গোন্ধ এটা ভাঁহি ফুৰিছিল।
পৰিয়ালৰ সকলোৱে মাছে মঙহে উদৰ পুৰাই খাই উঠাৰ পিছত তাইলৈ পিছে দাইল অকণ, মাছৰ জোলৰ লগত ভঙা চিঙা ফিছাৰ ফালৰ মাছ এখুটুৰা আৰু মাংসৰ নামত জোল আৰু আলুহে আছিলগৈ।
হৈ যাব। মানুহবোৰে তাইৰ ৰন্ধা ভাল পায়। চবেই ফুৰ্তিৰে খালে, তাতেই তাই সুখী।
লখিমীয়ে ডাইনিঙৰ একাষে ঢাকি থোৱা বিনন্দই এৰা কাঁহৰ বাতি দুটাও চপাই ল'লে। ভুমুকি মাৰি তাই সেইভাগেই থৰ লাগিল। মাছৰ বাটিত জোলৰ সৈতে ডাঙৰ পেটী পিছটোৰ আধাতকৈও বেছি মাছ, লগত তাইৰ পছন্দৰ কোমল তেল অংশখিনি। ইটো বাটিত মাংসৰ জোলৰ লগত দুটুকুৰা ডাঙৰ ডাঙৰ লিভাৰ, তিনিটুকুৰা মাংস। কাঁহীৰ কিনাৰত ভালেখিনি পেটু ভজা। বিনন্দই খাই ভাল পাই বুলি বায়েকহতে বাঢ়ি দিছিল হ'বলা, সি নিজে নেখাই তাইলৈ থৈ দিছে।
তায়োযে এইবোৰ বস্তু খাই ভাল পাই সি নজনা নহয়। প্ৰায়েই নিজৰ কাঁহীৰ বস্তু তাইলৈ ৰাখি থয়। লোকৰ সমুখত নোৱাৰিলেও, তাইৰ পছন্দ অপছন্দ, খেয়াল খুচিৰ হিচাপ, সি ঠিকেই ৰাখে। আজিও ৰাখিলে।
লখিমীয়ে হাঁহি পেলালে। পৰম সন্তোষৰে ভাতখিনি সানি তাই শান্তিৰে খাবলৈ ল'লে। নিজৰ মানুহটোৰ মৰমখিনিৰ কথা ভাবি তাইৰ পেট ভৰাৰ আগতেই হৃদয়খন ভৰি আহিল।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
২৮.০৪.২০২০
xxxxxxxxxxx

No comments:
Post a Comment