হেঁপাহ
(চুটি গল্প)
পেঞ্চন আনিবলৈ প্ৰত্যেক মাহৰ শেষৰ দিনটোত ওলাই যোৱা মাধৱ শইকীয়াক শইকীয়ানীয়ে মোনা এখন আতৌ-পিতৌকে যতনাই দিয়ে, টেমা এটাত তিনিখিলামান ভালকৈ নুৰিওৱা তামোল-পাণ, ঠাণ্ডা পানীৰ বটল এটা, হঠাৎ প্ৰেচাৰ বা চুগাৰ ল' হৈ গ'লে মুখত দিব পৰাকৈ মিচিৰিৰ টুকুৰা কেইটামান আৰু "মহেন্দ্ৰ দত্ত এণ্ড চন্স"ৰ সেই তাহানিৰে মজবুত ক'লা ছাতি এটা।
"শুনিছে, ৰ'দত এনেয়ে খোজ নেকাঢ়িব, ছাতিটো খুলি ল'ব...পাৰিলে ৰিক্সা এখনতে যাব...পইচা খৰছৰ কথা ভাবি নাথাকিব চোন অনবৰতে।"
"তুমি হিচাপ নিকাছৰ কথা কিবা বুজিলেহে....মইহে জানো আটকীয়া পেঞ্চনৰ টকাকেইটা আমাৰ কাৰণে কিমান জৰুৰী...অ'ত ত'ত কেলৈ ঢালিম বাৰু।"
"এদিন খোজ নেকাঢ়ি ৰিক্সাত গ'লে আমি পথৰ ভিকহু নহওঁ দিয়ক।"
"হেৰা, গোটেই জীৱন কাম কৰিলো। খোজ কাঢ়ি, চাইকেল মাৰিয়েই চলি গ'ল, এতিয়া এই বয়সত ৰিক্সা মটৰত নুঠিলেও হ'ব দিয়া।"
"আপোনাৰ এই কথা নুশুনা স্বভাৱটোৰ কাৰণেই মোৰ সুখ নহ'ল দেও, কৰবাত মূৰ ঘূৰাই পৰি থাকিলে মই অকলশৰীয়া মানুহজনীৰ কি হ'ব ভাবি চাইছেনে?"
"হেহে ভালহে তেও, পৰিত্ৰাণ পাবা তুমি।"
"কিখননো কয় ঔ, যাওক যাওক কথা চোবাই ঘৰতে বেলি দুপৰ হ'ল।"
ধুতিখনৰ পোন্ধটো ভালকৈ মাৰি শইকীয়াই পোষ্ট অফিচলৈ বুলি বাট বুলিলে। আলিৰ সিমূৰ পাই চকটো নুঘূৰালৈকে শইকীয়ানীয়ে তেওঁক পদূলিমুখৰ পৰা চাই থাকিল। নেদেখাজনক চিন্তি কপালৰ সেন্দুৰখিনিত হাতটো এবাৰ এনেয়ে ফুৰাই দিলে।
নাই। এই মানুহটোক তেওঁ কোনোদিনেই ভংগজয় নিয়াব নোৱাৰিলে। কোনোবা এবছৰ বিহু তলিত নাচি থকা ষোল্ল বছৰীয়া তেওঁক দেখি পছন্দ হোৱাত কমলাবুলিয়া টেঙা মৰ্টন খুৱাই তেতিয়াৰ চফল ডেকা শইকীয়াই নিজৰ প্ৰেমত পেলাইছিল। এবছৰমান পিছত মৰ্টন চুপি ভেলেঙী হাঁহি মাৰি তেওঁ শইকীয়ানী হৈছিল, আৰু লাজুকী খোজেৰে আহি শইকীয়াৰ ঘৰ শুৱনি কৰিছিলহি, বুকু জুৰ পেলাইছিল।
কি হেঁপাহৰ সংসাৰ তৰিছিল দুয়োৱে। চৰকাৰী অফিচৰ সৰুবাবু শইকীয়াৰ জেদৰ আগত পৰিয়ালেও হাৰ মানিছিল।
কিন্ত বিয়াৰ ১০ বছৰৰ পিছতো যেতিয়া শইকীয়ানীৰ কোলা উদং হৈ ৰৈছিল, আত্মীয় কুটুমৰ লগতে ওচৰ চুবুৰিয়ায়ো যেতিয়া শইকীয়াক দ্বিতীয় বিবাহৰ পৰামৰ্শ দিছিল, তেওঁ তেতিয়াও কাৰো কথা শুনা নাছিল।
"ফল নধৰা গছ" আখ্যা পোৱা শইকীয়ানীৰ ফল নধৰা নহয়, ধৰিছিল। তিনিবাৰো। কিন্তু প্ৰতিবাৰেই দুই চাৰি মাহতে তেওঁলোকৰ সপোন ভাঙি চুৰমাৰ হৈ গৈছিল। তেওঁৰ হেনো জৰায়ু দুৰ্বল আছিল, সন্তান ধৰি ৰখাৰ শক্তিকণ নাছিল।
প্ৰত্যেকবাৰৰ নিৰ্মম আঘাতৰ কোবটোৰ পিছতেই "এই বংশ পুলি-পোখা নোহোৱাকৈয়ে উচন হব" বুলি কান্দি কাটি বিহ্বল হোৱা শইকীয়াৰ মাক-বাপেকৰ চকুলোৱেও শইকীয়াক টলাব পৰা নাছিল।
"নানো মই এওঁৰ সতিনী, নেলাগে মোক পুলি-পোখা" তেওঁ চাফ চাফকৈ ঘোষণা কৰিছিল। শইকীয়ানীৰ সেই দিনবোৰত কলহ বান্ধি পুখুৰীত জাপ দিবলৈ মন গৈছিল।
শেষৰবাৰ আঠমাহলৈকে শইকীয়ানী আগবাঢ়িছিল, সন্তৰ্পনে, দুৰ্বল, নিস্তেজ খোজেৰে, কিন্তু প্ৰবল হেঁপাহ লৈ। শেষত এৰাতি প্ৰচণ্ড ৰক্তক্ষৰণ হৈ হস্পিতালৰ দুৱাৰ দলি পাইছিলগৈ, মৃত্যুৰ সৈতে যুঁজি থকা শইকীয়ানীৰ ডাক্তৰে শইকীয়াক কৈছিল "কেঁচুৱা বা মাক এজনক হে বচাব পাৰিম।" পৰিয়ালৰ মানুহৰ আকুল আহ্বানক নেওচি শইকীয়াই একে আষাৰে কৈ দিছিল "তেওঁক ঘূৰাই আনক ডাক্তৰ বাবু, মোক আৰু একো নেলাগে।"
নাই। তেতিয়াৰে পৰা ক্ষোভত থকা আত্মীয়-স্বজন, পৰিয়াল, প্ৰতিবেশী কাকোয়েই কেৰেপ কৰা নাছিল শইকীয়াই। মানুহজনীক আৱৰি ৰাখিছিল। লাহে লাহে তেওঁলোকেও দুখবোৰ পাহৰি পেলাইছিল, আৰু কথা শুনোৱা মানুহবোৰেও তেওঁলোকৰ লগতেই দিন ৰাতি আকৌ উঠ-বহ কৰিছিল। কিন্তু মানুহৰ কথা শুনা পুৰুষ শইকীয়া কাহানিও হৈ উঠা নাছিল। সেয়া লাগিলে শইকীয়ানীয়ে নহওক কিয়।
এতিয়াও শইকীয়া একেই আছে। কৰিম বোলাটো কৰিবই। নকৰিম বোলাটোক কৰোৱাৰ সাধ্য নাই।
শইকীয়াই ৰিক্সা ন'ললে। কিন্তু ঘূৰি অহাৰ বাটত, ঘৈণীয়েকলৈ বুলি সেন্দূৰৰ টেমা এটা, মূৰত ঘঁহা গোন্ধতেল এবটল আৰু কমলা ৰঙৰ টেঙা মৰ্টন কেইটামান কিনি মোনাটোতে ভৰাই আনিলে। টেঙা মৰ্টনলৈ এতিয়াও মানুহজনীৰ বৰ হেঁপাহ। মানুহজনীৰ মুখখনৰ নিভাঁজ ভেলেঙী হাঁহিটোৱে যে এতিয়াও তেওঁৰ বুকু জুৰায়। সেই হাঁহি দেখিলে যে এতিয়াও তেওঁৰ নিজৰ সকলো দুখ কষ্ট পাহৰি যায়।
শইকীয়া খৰ খোজেৰে আগবাঢ়ে। হেঁপাহৰ হাঁহিটো চাবলৈ তেওঁৰ বৰ মন যায়।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
২৮.০৪.২০২০
xxxxxxxxxxxxxx

No comments:
Post a Comment