(চুটি গল্প)
"নাই নাই, আৰু দেৰি কৰিলে নহ'ব। ৰাজীৱক বাঁহটো আজিয়েই দিব লাগিব।" শ্বেম্পুধন্য তিতা চুলিকোছা টাৱেলেৰে শুকুৱাই শুকুৱাই শ্যামলীয়ে মনতে সিদ্ধান্ত ল'লে।
বাঁহ হ'লগৈ... আধুনিক অসমীয়া যুৱ-প্রজন্মৰ ভাষাত "ডাম্প কৰা", অৰ্থাৎ প্ৰেমিক বা প্ৰেমিকাক ধুনীয়াকৈ বুজনি এটা দি চলন্ত সম্পৰ্কটোৰ ইতি পেলোৱা। আৰু সেই বাঁহকে আজি শ্যামলীয়ে নিজৰ চুন-টু-বি-এক্স প্ৰেমিক ৰাজীৱক দিয়াৰ কথা পাঙিছে।
শ্যামলী আৰু ৰাজীৱৰ এই প্ৰেম প্ৰেম সম্পৰ্কটো দুবছৰীয়া। কলেজৰ শেষ স্তৰত আহি, উৰো-উৰো স্বভাৱৰ সুন্দৰী শ্যামলীয়ে কলেজৰ বেছ পপুলাৰ আৰু দেখনিয়াৰ গীতাৰিষ্ট গায়ক ৰাজীৱৰ প্ৰেমত ভালকৈয়ে হাবু-ডুবু খাইছিল।
ৰাজীৱ নিম্ন মধ্যবিত্ত পৰিয়ালৰ শিক্ষক পিতৃৰ একমাত্ৰ ল'ৰা, প্ৰেমত পৰি সময় নষ্ট কৰাৰ বৰ এটা ইচ্ছা তাৰ নাছিল।
কিন্তু পৰিলে।
পৰিবলৈ বাধ্য হ'ল উদীয়মান যুৱ-শিল্পী ৰাজীৱ।
শ্যামলীৰ ৰূপতো এলাপেছা নহয়, যেন জুইৰ শিখা। চঞ্চলা শ্যামলীয়ে অকণমান চালাকী খটুৱাই অতি কম সময়তে ৰাজীৱক প্ৰেমত পেলাই ল'লে, যদিও লগৰ ছোৱালীৰ ভাষ্য হলগৈ 'চুটকীতে পতাই পেলালে'।
সি যি কি নহওঁক প্ৰথম দেৰবছৰমান বেছ আনন্দ ফুৰ্তিত কটালে দুয়ো। পার্ক, ৰেস্তোৰাঁ, চিৰিয়াখানা, বন্ধুৰ ঘৰ...একো বাদ নপৰিল। প্ৰেমত মতলীয়া দুইজনেই এইবোৰ ঠাইত দপদপাই, যথাৰীতি পেনপেনিয়া প্ৰেমালাপ কৰিলে...কোৱালিটি টাইম স্পেণ্ড কৰিলে...আজি পিকনিক, কালি পাৰ্টি...বুলি খালে-বলে, আনন্দ কৰিলে।
পইচাৰ জোৰ ৰাজীৱৰ কেতিয়াও নাছিল, কিন্তু তুকতাক টিউচন কৰি, গান-বাজনা কৰি, মাকৰ পৰা চলে-বলে কৌশলে আদায় কৰি সাধ্যনুযায়ী পইচা ঘটি প্ৰেয়সীক সন্তুষ্ট কৰিছিল।
শ্যামলী নিজেও মধ্যবিত্ত ঘৰৰ ছোৱালী, কিন্তু সদায়ে তাই আকাশ চুব বিচাৰিছিল। চৰকাৰী অফিচত কাম কৰা শ্যামলীৰ ঘোচখোৰ দেউতাকে অৱশ্যে নিজৰ লৰা-ছোৱালীহালক উপৰুৱা টকাৰ লোভটো সৰুকালৰে পৰা দেখুৱাই দিছিল।
উৰণীয়া মনৰ ধুনীয়া শ্যামলীৰ বহুত আকাংক্ষা আছিল চহকী পৰিয়ালত বিয়া হৈ ৰাজৰাণী হৈ খাব। পিছে, বিধিৰ বিপাক...প্ৰেমত পৰিল প্ৰায় দৰিদ্ৰ ৰেখা চুওঁ চুওঁ কৰা পৰিয়ালৰ ৰাজীৱৰ লগত। পেটে-পেটে অলপ অসন্তুষ্ট হ'লেও, ৰাজীৱৰ মৰমলগা উজ্জ্বল, নিখুঁত মুখখন আৰু সবল-সুঠাম ফিজিকটোকে চাই চাই নিজকে বুজনি দিয়ে। এদিন নহয় এদিন হয়তো ৰাজীৱে গানচান গাই গায়ক হৈ চেলিব্ৰিটি ষ্টেটাছ পাব, আৰু শ্যামলীৰো কপাল ফুলিব।
পিছে কলেজ শেষ হোৱাৰ পাছত চোন...ৰাজীৱে গান-বাজনা এৰি, টেট পৰীক্ষা দি শিক্ষক হোৱাৰ প্ৰস্তুতিহে চলোৱা আৰম্ভ কৰি দিলে। শ্যামলীৰ স্বপ্নভংগ হোৱাত বেচেৰী দুখে শোকে ম্ৰিয়মান হ'ল!
"এৰিয়েই দিওঁ নিকি এইপাতক।" তাই প্ৰায়েই ভাবে। কিন্তু অন্য কোনো বয়ফ্রেণ্ডও নাই... তাইৰ চোন ন্যূনতম ফৰ্মাইছ কেইটাৰো মুদা মৰিব। সেয়েহে টানি টুনি চলাই থাকিল সম্পৰ্কটো।
পিছে, জ্বলা জুইত ঘিউঁ ঢলাৰ দৰে... হঠাৎ...সকলো সলনি হৈ অন্য সমস্যা এটা আহি সোমালহি।
ছমাহমান আগতে, ৰাজীৱৰ স্কুলীয়া দিনৰ অভিন্ন বন্ধু প্ৰীতম চলিহা আহি ওলাল। উচ্চ মাধ্যমিকৰ দেওনা প্ৰায় একে স্তৰৰ ফলাফলেৰে পাছ কৰাৰ পিছত অভিজাত পৰিয়ালৰ প্ৰীতম দিল্লীলৈ গুচি গৈছিল, আৰু ৰাজীৱে অসমতে থাকি শিক্ষা সম্পূৰ্ণ কৰিছিল।
প্ৰীতমৰ দেউতাক প্ৰভাত চলিহা উজনি অসমৰ তিনিখনকৈ টি-এষ্টেটৰ মালিক, লগতে প্ৰচুৰ সফল ব্যৱসায় বাণিজ্য। অগাধ সম্পত্তিৰ মালিক চহকী পিতৃ-মাতৃৰ সন্তান প্ৰীতমে দিল্লীতেই মেনেজমেণ্ট ডিগ্ৰী লৈ বৰ্তমান অসমতে থাকি উজনিৰ ফালে হোটেল-চেইন খোলাৰ কথা ভবাগুণা কৰিলে। বিজনেছ কেপিটেল লৈ অসুবিধা নাই, একমাত্ৰ পুত্ৰৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ চলিহাৰ দেধাৰ টকা।
অসমলৈ আহি প্ৰীতমে এই ছমাহত ব্যৱসায়ৰ তলা-নলা বুজিলে, মাৰ্কেট ষ্টাডি কৰিলে আৰু লগতে নিজৰ কাম আৰম্ভ কৰিবৰ বাবে জৰুৰী নথি পত্ৰৰো যা-যোগাৰ কৰিলে। লগত এনিটাইম ঘুৰিলে জিগৰী দোষ্ট ৰাজীৱ।
প্ৰীতম অহাৰে পৰা ৰাজীৱ অত্যন্ত ব্যস্ত। প্ৰথম প্ৰথম শ্যামলী বিৰক্ত হৈছিল সঁচা, দেখিবলৈ প্ৰায় আপচু প্ৰীতমক পাট্টা নিদিওঁ বুলিয়েই ভাবিছিল। কিন্তু পিছত তাইও সিহঁত দুটাৰ লগত ঘূৰিবলৈ ল'লে। প্ৰীতমৰ লেটেষ্ট মডেলৰ এচি গাড়ী...নিতৌ দামী ৰেস্তোৰাঁ পা'ব ইত্যাদিলৈ যোৱা... এইবোৰ শ্যামলীৰ বেছ ভাল লাগিবলৈ ধৰিলে।
বৰিং স্বভাৱৰ শান্ত-শিষ্ট প্ৰীতমৰ বেছ বাকপটু, প্ৰগলভ ৰাজীৱৰ লগত বন্ধুত্ব দেখি তাই অবাক হৈছিল। ইমান ভালপাই ইটোৱে সিটোক! সেই সম্পৰ্কৰ ভিত্তিতে তায়ো প্ৰীতমৰ আধুনিক আৰু অভিজাত জীৱনৰ সোৱাদ ল'বলৈ পালে। তাইৰ বেছ ফুৰ্তিয়েই লাগিল।
"দিনে দিনে ৰাজীৱটো যেন আৰু অসহ্য হৈ গৈছে, আজিকালি প্ৰীতমৰ লগত পৰি প্ৰেম-পিৰতি চব পাহৰি গৈছে। প্ৰীতমটোও যিহে কুন্ধচ দেখিবলৈ, এই বাপ জনমত... তাৰতো কোনো গার্লফ্ৰেণ্ড হোৱাৰ আশাই নাই...মানুহটোও কেনে নিৰস ধৰণৰ। বাপেকৰ টকা-পইচা দেখি যদি কোনোবা ছোৱালী আগবাঢ়ি আহে, তেহে।"
"ইমান ধন সম্পত্তি...এটাই মাথোঁ ল'ৰা...ছোৱালী এজনী আছে, তাইকতো বিয়া দি উলিয়াইয়েই দিব... ইহঁতৰ ঘৰত বোৱাৰী হ'ব পাৰিলে লাইফ বনি যাব কিন্তু।" শ্যামলীয়ে মাজে মাজে ভাবে।
সেই যে এবাৰ পোকটো সোমালে... বাচ...শ্যামলীয়ে দিনে ৰাতিয়ে ভাবিবলৈ ল'লে ৰাজীৱক এৰি প্ৰীতমক নিজৰ কৰি ল'লে বেয়াতো একো নহয়। আজি বাদে কাইলৈ তাইৰ ঘৰে বিয়াৰ কথা ভাৱিবই... এনেয়ে তাই পিলিং পালাং কাম কৰি সময় কটাই আছে... ঘৰেতো আৰু ৰাজীৱৰ দৰে টোকোনা শিক্ষক এটালৈ বিয়া নিদিয়ে। কিন্তু প্ৰীতম হ'লে কথাটোৱেই বেলেগ হ'ব।
ধুনীয়া শ্যামলীৰ মনটো আকৌ এবাৰ উৰো-উৰো কৰিলে।
ভবা মতেই কাম।
লাহে লাহে শ্যামলীয়ে প্ৰীতমৰ লগত ঘনিষ্ঠ হোৱাৰ চেষ্টা আৰম্ভ কৰিলে। মাজে মাজে হোৱাতচ আপ'ত মেছেজ...কেতিয়াবা অদৰকাৰী ধৰণৰ ফোন কল... এইবোৰেই আৰু। প্ৰীতম সদায়ে নম্ৰ তাইৰ প্ৰতি, কিন্তু অত্যুৎসাহ কেতিয়াও নেদেখুৱায়।
"তাই পাৰিব, নিশ্চয় পাৰিব। ৰাজীৱৰ নিচিনা পপুলাৰ ধুনীয়া ল'ৰাটোকেই পাৰিলে, প্ৰীতমক নোৱাৰাৰ কথাই নাই।" শ্যামলীয়ে মনটোক সাহস দিয়ে।
পিছে, প্ৰথমতে ৰাজীৱৰ লগত কথাবোৰ ক্লিয়াৰ কৰি লোৱাই ভাল। তাৰ লগত সম্পৰ্কটোৰ নিস্পতি কৰি...তাই দেহে-কেহে প্ৰীতমক নিজৰ কৰিবলৈ আগবাঢ়িব।
প্ৰীতমে নিশ্চয় তাইক বিমুখ নকৰিব... অলপ পেনপেননি দিব আৰু। চেণ্টি খুৱায় কব "তোমাক ভালপাই পেলাইছোঁ প্ৰীতমদা...কি কৰা কৰা এতিয়া... ৰাজীৱে মোক ইমান নেগলেক্ট কৰে। কিন্তু তোমাৰ দৰে সুন্দৰ এটা মনৰ মানুহে মোৰযে হৃদয়খন দখল কৰি ল'লে... কি কৰোঁ কোৱা?"
হৈ যাব, নোহোৱাৰ কথাই নাই। এনেকুৱা দৰদী কথাত প্ৰীতম নেলাগে তাৰ বাপ চলিহা পৰ্যন্ত গলিব। বাকী থাকিল ৰাজীৱ, তাক মেনেজ কৰিব পাৰিলেই হ'ল। টেট পাছ কৰি সিতো শিক্ষক হোৱাৰ পথত... ক'তনো প্ৰীতমৰ দৰে বিজিনেছমেনৰ লগত উঠা বহা কৰি থাকিব... কাটি খুৱাই দিব আৰু তাক।
"পিছে প্ৰীতমটো অকণমান দেখিবলৈ ভাল হোৱা হ'লে!" শ্যামলীয়ে মনতে দুখ কৰে।
"ইয়াৰ লগত বিয়া হ'লে ল'ৰা-ছোৱালীকেইটাও চোন আপচু হ'ব!"
"নাই নাই...ৰূপে কি কৰে...গুণেহে সংসাৰ তৰে।" তাই মনটোক বুজনি দিয়ে।
ৰূপটোনো কি, মনটোহে আচল। এইখিনি ভাবোঁতে... তাই অলমস্ত... মনৰ ঠাইত "ধন"টোৱেই শুনিবলৈ পালে। আফটাৰ অল অন্তৰাত্মাৰ ধ্বনি... লুভীয়া চকু কেইটা তলমলাই উঠিল...নিজৰ সুনিশ্চিত ভৱিষ্যতৰ আকাংক্ষাত।
শ্যামলীয়ে হাঁহি পেলালে।
আজি তাৰেই সূত্ৰপাত। এই প্ৰথম মহলাৰ বেলকনি... এই ফিৰফিৰাই উৰি থকা চুলি... আৰু এই.. উৰো-উৰো মনৰ... ধুনীয়া শ্যামলী।
আজি ৰাজীৱৰ লগত লগ পোৱাৰ কথা খাটাং হৈ আছে... আৰু তাই কোনোপধ্যেই সুযোগটো এৰিব নোখোজে। আজি তাই এই অপ্ৰয়োজনীয় সম্পৰ্কটোৰ হেস্ত-ন্যস্ত কৰিবই।
ৰাজীৱক বাঁহ দিওঁতে ক'বলগীয়া কথাখিনি মনতে জুকিয়াই, শ্যামলী পার্কখনৰ ফালে আগবাঢ়িল। আজি প্ৰীতম নাই, কিবা ফেমিলি ৰিলেটেড কামত ব্যস্ত। ভালেই হৈছে, ৰাস্তা ক্লিয়াৰ।
সৌটো ৰাজীৱ।
ফুশ্যিয়া পিংক টি-চাৰ্ট আৰু গাঢ় নীল জিন্সটোৰে তাক অতিপাত হেন্ডচাম লাগিছে।
"কটা, অলপ চহকী পৰিয়ালৰ ফচল হোৱা হ'লে তোকতো এনেকৈ বাদ নিদিলো হয়। বাৰু দেখা যাওক... আজি কি হয়।" তাই মনটোৱে কৈ উঠিল।
"অলী আহিলা...বহা।" ৰাজীৱে শ্যামলীক দেখি ব্যস্ত হৈ উঠিল।
যোৱা কেইমাহৰ নিৰ্লিপ্ততা আজি নাই।
পার্কখনৰ এমুৰীয়া বেঞ্চ এখনত দুয়ো আৰামকে বহি ললে। এইফালে প্ৰেমিক প্ৰেমিকা, সৰু ল'ৰা-ছোৱালীৰ উপদ্ৰৱ কম...ক'বতো নোৱাৰি... কন্দা কটাখন হ'লে লাজ-মান যাব।
"ৰাজীৱ.. আজি কথা আছে মোৰ..." শ্যামলীয়ে লাহেকৈ আৰম্ভ কৰিলে।
"কথা মোৰো আছে অলী..." ৰাজীৱে থোতা-মোজা লগাই ক'লে।
"সৰ্বনাশ, ই বিয়াৰ কথা নকয়তো, প্ৰপ'জ টপ'জ?" শ্যামলীৰ চিন্তাই লাগিল।
"মই কওঁনে কি? মই ভাবো... আমাৰ ৰিলেশ্যনটো... যোৱা কেইমাহমান ধৰি কেনেকুৱা শিথিল হৈ গৈছে... যেন আগৰ মৰম চেনেহ নাই...গতিকে.." তাই খুব বুজন সুৰত নৰম সুৰেৰে ৰাজীৱক কথা কেইটা ক'লে... চকুদুটা প্ৰায় চলচলীয়া হোৱাৰ পৰ্যায়।
"ও তাকেই..." খৰখেদাকৈ এইবাৰ ৰাজীৱে মাত দিলে।
"অলী, মই ভাবো...ওই আৰ নট মেণ্ট ফৰ ইচ্ছ আডাৰ।"
"এগজেক্টলি ৰাজীৱ।"
"আচলতে...আমি বন্ধু হৈ থকাই ভাল।" অলপ থমকি এইবাৰ ৰাজীৱে অকণমান সাহস গোটাই লোৱাৰ সুৰত ক'লে,
"আৰু মইতো ইয়াৰ পৰা উজনিলৈ যামগৈ, লং-দিচটেন্চ ৰিলেশ্যন সম্ভৱেই নহ'ব।"
"যাবা মানে? তোমাৰ চাকৰিটোৰ কিবা এটা হৈছেগৈ নেকি?" শ্যামলীয়ে সেপ ঢুকিলে।
"অ...আচলতে... মানে..." ৰাজীৱে এইবাৰ বেছ উৎফুল্লিত কণ্ঠৰ কৈ উঠিল,
"প্ৰীতমে উজনিৰ হোটেল-চেইন বিজনেছটোত মোক পাৰ্টনাৰ বনাইছে। আচলতে তাৰতো নিজৰ বিয়া ঠিক হৈ আছে...দিল্লীৰে ছোৱালী...হবু শহুৰেকে নৰ্থ-ইষ্টৰ প্ৰজেক্টত ইনভেষ্ট কৰিব বিচাৰিছে। সিয়ো বিয়াৰ পিছত অকলে ব্যৱসায় নকৰি মোৰ লগত একেলগে কামটো কৰিব খুজিছে। গতিকে, অতি সোনকালেই... আমি চাগৈ... সেইফালেই শ্বিফ্ট কৰিম।"
শ্যামলীৰ মূৰত যেন স্বৰ্গখনহে ভাঙি পৰিল।
প্ৰীতমৰ বিয়া!
সি দেখাতহে নিবোকা...তলে তলে সব ফিক্সড দেখোন।
এতিয়া কি হ'ব! তাইৰ চোন সান্দহ খোৱা বালি তল গ'ল।
নিজকে চম্ভালি, অলপ মিঠা সুৰত শ্যামলীয়ে ক'বলৈ ল'লে,
"ৰাজীৱ, তাতে কি হ'ল, লং-দিচটেন্চ নহয় নহয়... আমি বিয়া পাতো ব'লা... ময়ো তোমাৰ লগতে যাম।"
নাই মোমাইতকে কণা মোমায়ে ভাল বুলি বিশ্বাস কৰি শ্যামলীয়ে শেষ সম্বল বুলি... ৰাজীৱকে টোপালে।
শিক্ষকতা নকৰি চহকী ল'ৰাৰ লগত বিজনেছ কৰিব...সেয়াওতো কম কথা নহয়। হওঁক, ৰাজীৱৰ লগতে হওকচোন।
পিচলৈ তাইৰ কথাৰ সুৰটো কান্দুনামুৱা হৈ উঠিল।
"নৌ নৌ অলী... তুমি বুজা নাই। মোৰ ডাঙৰ ডিগ্ৰীও নাই, বিজনেচৰ অভিজ্ঞতাও নাই দিয়াচোন। তেনেস্থলত প্ৰীতমহতে মোক ইমান ডাঙৰ সুযোগ এটা দিছে...কম কথা নেকি কোৱা? আৰু বিনিময়নো কি...খুড়া-খুড়ী...মানে চলিহা ছাৰহতে বিচাৰিছে... যে মই প্ৰিয়াক্ষীক নিজৰ কৰি লওঁ!"
"প্ৰিয়াক্ষী! মানে প্ৰীতমৰ ভনীয়েক...দেখিবলৈ সেই ফেদেলী, বেঙিজনী?" এইবাৰ শ্যামলীয়ে চিঞৰি উঠিল।
তাই শ্বক খাই গ'ল!
"ধেই, অলী কি যে কোৱা! তাই বেঙি নহয় অ...খালী অলপ বেছি সৰল। খুড়াহতে যাকে তাকেতো বিজনেছৰ দায়িত্ব নিদিয়ে...একমাত্ৰ জোঁৱাই হ'লে মোৰ ঠায়েই বেলেগ হ'ব।" ৰাজীৱে কৈফিয়ৎ তলব কৰিলে।
"কিন্তু ৰাজীৱ!" এইবাৰ শ্যামলীৰ মাতটো ফটা ঢোলৰ দৰে শুনা গ'ল।
"সেই বুলি তুমি নিজে ইমান হেন্ডচাম হৈ তাইক বিয়া পাতিবানে? মিলিবনে তোমাৰ আৰু তাইৰ যোৰা? মানুহে নেহাঁহিবনে?" নিজৰ শেষ সম্বলকণ বচাবলৈ তাই আতুৰত কথাষাৰ কৈ উঠিল।
"আস সা, অলী... মানুহৰ ৰূপটোনো কি...মনটোহে আচল। আৰু অন্য মানুহে কি ভাবে নেজানো, কিন্তু ইমান ডাঙৰ সুযোগ এটা... মই হেৰুৱাব নিবিচাৰোঁ।"
এইখিনি কৈ ৰাজীৱ বহাৰ পৰা উঠিল। অলপ নৰম গলাৰে শ্যামলীক এইবাৰ ক'লে,
"ভালে থাকা তুমি। ভাল ল'ৰা এটা চাই বিয়াত বহা... কিমান আৰু পাৰ্টি, ডিস্ক' কৰি থাকিবা?"
"আহোঁ দিয়া। কাইলৈ মোৰ খাৰু-মণি পিন্ধোৱা... এমাহ পিছত ভাল দিন এটা পৰিছে... বিয়া। নহাকৈ নেথাকিবা কিন্তু, মাই প্ৰীতি গাৰ্ল।" তাইৰ পিঠিত লাহেকৈ থাপৰ দুটা মাৰি... ৰাজীৱে চিৰদিনলৈ বুলি... তাইৰ পৰা দূৰলৈ বাট বুলিলে।
শ্যামলী স্থানুৰ দৰে বহি থাকিল।
শীত কালৰ সন্ধিয়া...কিন্তু তাই মানুহজনী ঘামি গ'ল... মূৰৰ পৰা ভৰিলৈ... এটা অদ্ভুত শিহৰণ অনুভৱ কৰিলে।
এৰা। ৰূপটোনো কি, মনটোহে আচল।
শেষত তাই কম বুলি ভাবি থোৱা কথাটো... ৰাজীৱে তাইকেই শুনাই দিলে।
অথচ ৰাজীৱৰ কথাৰ সুৰতো মনৰ ঠাইত তাই অলমস্ত "ধন"টোৱেই শুনিবলৈ পালে। আফতাৰ অল অন্তৰাত্মাৰ ধ্বনি... ৰাজীৱৰো লুভীয়া চকু কেইটা তলমলাই উঠিছিল নিজৰ সুনিশ্চিত ভৱিষ্যতৰ আকাংক্ষাত।
ধনেই সঁচা...আজি এই ধনৰ বাবেই...শ্যামলীয়ে কমখন বাঁহকেই নাখালেনে?
দূৰৈত বেলিটো ডুব গৈছিল... লগতে যেন...ধুনীয়া শ্যামলীৰ... সেই উৰো-উৰো মনটোও।।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
১১.০১.২০২০
xxxxxxxxxxxxxx

আধুনিক পটভূমিত এখন বাস্তৱিক ছবি। প্ৰেক্টিক্যাল হোৱাটো সকলো কথা সমাধান নে? কথাটো চিন্তনীয় ☺️
ReplyDelete