(চুটি গল্প)
অক্টোবৰ মাহৰ এক কাহিলী কাহিলী পুৱা। সূৰ্যৰ ৰেঙণি ভালকৈ ওলোৱাই নায়...জোনটোৱেও অলপ আগতে বিদায় লৈছেহে। ফেহুজালিৰ কানি-মুনি আন্ধাৰখিনি এতিয়াও চৌদিশে লাগি ৰৈছে।
বাহিৰত শীতল বতাহ এজাক মৃদুকৈ ব'লি আছে। আগদিনা হৈ যোৱা আবতৰিয়া বৰষুণজাকে বতৰটো অলপ ঠাণ্ডা লেখীয়া কৰি পেলাইছে। দুই এখন গাড়ী মটৰৰ শব্দৰ বাদে পুৱাটো নিস্তব্ধ। নিতাল মৰা।
ৰাতি ইকাটি-সিকাটি কৰি বাগৰ সলোৱাৰ কোবত নামি যোৱা কম্বলকেইখন ভালকৈ গাত মেৰিয়াই লৈ ৰাইজে ৰাতিপুৱাৰ শেষ টোপনিকণৰ ভালকৈয়ে আমেজ লৈছে।
হঠাৎ মোবাইলৰ এলাৰ্মটোৰ "হুত-টুত-টু হুত-টুত-টু" বোলা কৰ্কশ আৱাজটোত সুস্মিতা খক-মকাই সাৰ পাই উঠিল।
প্ৰথমতে তাই ধৰিবই নোৱাৰিলে তাই ক'ত আছে। মূৰটো জিমজিমাই গ'ল। ৰাতি তাই বৰ বেয়া লগা... ভয় লগাই দিয়া...হিয়াৰ আমঠু ক'লা পেলাই দিয়া সপোন এটা দেখি আছিল। সৰীসৃপ লেখীয়া জন্তু এগাল...জংঘল এখনত বাট হেৰুৱাই উঠা...কুকুৰ নে শিয়ালে তাইক খেদি অহা নিচিনা...কিছুমান বস্তু দেখা পাইছিল। বিজলুৱা...আঠা-আঠা লেখীয়া ভয় এসোপা সুস্মিতাৰ ডিঙিয়েদি উজাই আহিছিল। গা-টো ঠাণ্ডা পৰি গৈছিল।
সেই যে সপোনৰ ৰেশটো, জোৰকৈ সাৰ পাই যোৱাৰ বহু পিছলৈয়ো মস্তিষ্কত ওলমি থাকি যায়, তাইৰ তেনেকুৱা হৈছিল।
এতিয়া শোৱাৰ পৰা হুৰ-মুৰাই উঠি লৈয়ো তাইৰ তেনে যেনেই ভাব হ'ল। সম্বিত ঘূৰাই পোৱাত ওঁঠৰ ফাঁকেৰে বৈ যোৱা লেলাউটিখিনি মুচি তাই প্ৰকৃতিস্থ হ'ল।
"অহ! কি অদ্ভুত নাইট-মেয়াৰ।" তাই কৈ উঠিল।
সপোনহে আছিল বুলি ভাবি তাই অকণ সকাহ পালে।
ছয় বাজিলেই। শনিবাৰ দেওবাৰৰ ঘৰুৱা ব্যস্ততাৰ পিছত আজি আহুকালীয়া সোমবাৰ।
ছোৱালীৰ স্কুল, তাইৰ আৰু স্বামী প্ৰদ্যুতৰ অফিচ, ৰন্ধা-বঢ়া, টিফিন, অফিচৰ এসোপা ৱৰ্ক-লোড, ডেড-লাইন, ক্লায়েন্ট-মীত সকলো মিলি সোমবাৰটো তাইৰ বাবে এক ভয়ংকৰ দিন হৈ উঠে।
"মান-ডে' মৰনিং ব্লু'জ" প্ৰদ্যুতে কয়।
চুলিখিনি পকাই খোপা এটা বান্ধি তাই খৰখেদাকৈ বিচনাৰ পৰা নামি গল। বাথৰুমত সোমায়েই তাই আতংকত চিঞৰি উঠিল।
তিনিটাকৈ প্ৰকাণ্ড পইতাচোৰাই তাইলৈ চাই দাঁত নিকতাই হাঁহি আছে। সুস্মিতাৰ কঁপনি উঠিল।কোনোমতে ৰাতিপুৱাৰ নিত্য-ক্ৰিয়া সমাপন কৰি তাই ওলাই আহিল। মালতী দিদিক কৈ আজি বাথৰুম দুটাত হিট স্প্রে কৰাব লাগিব।
পইতাচোৰালৈ সুস্মিতাৰ সাংঘাতিক ভয়। বেচিনটোৰ ওচৰতে এটা বংশধৰ মৰি বিজলুৱা বগা পুঁজ এসোপা ওলাই আছে। তাই কাগজ এটুকুৰাৰে সেইসোপা উঠাই নোচোৱাকৈয়ে ডাষ্টবিনত পেলাই দিলেগৈ।
"ওক থুই।" তাইৰ পেটটো পকাই গ'ল।
ঘিণ ঘিণ ভাব এটাই তাইৰ নাক-মুখ আৱৰি ধৰিলে। তাই ওলাই আহিল।
বিচনাৰ একাষে দুই বছৰীয়া ল'ৰা বাবাটো শুই আছে। কাষৰ ৰুমত আইতাকৰ লগত বৰ-জীয়ৰী মিমি নিদ্ৰামগ্ন। গেষ্ট বেডৰুমটোতে লেট-নাইট মুভি চাই তাইৰ স্বামী প্ৰদ্যুত বোধহয় টোপনিত ঢলি পৰিছিল।
শোৱক। এওঁলোক আৰু এঘণ্টামান শুই থকাই মঙ্গল, তাই নিৰালম্বে ঘৰৰ কামবোৰ আগুৱাই থ'ব। এতিয়াই ঘৰৰ মানুহ উঠিলে বেলেগ এখন নাটক আৰম্ভ হৈ যাব।
সকলোকে এবাৰ চাই তাই কামত হাত দিলেগৈ। ৰ'বলৈ সময় নাই।
ড্ৰয়িং, ডাইনিং ৰুমৰ দৰ্জা খিৰিকীবোৰ সুস্মিতাই খুলি দিলে। বতাহ লাগি তাইৰ গাটো সিৰসিৰাই উঠিল। ৰাতিৰ সপোনটো তাইৰ আকৌ এবাৰ মনত পৰিল।
গাখীৰৰ পেকেট, নিউজ-পেপাৰ তুলি আনি তাই এইবাৰ খৰধৰকৈ পাকঘৰত সোমাল।
গেছ বার্নাৰ অন কৰি এফালে চাউল এফালে দাইলৰ কুকাৰ দুটা পাতি দিলে। মালতী দিদি সাত বজাত আহে। তাই আহিলে দুইজনীয়ে একেলগে চাহ খাই ব্ৰেকফাষ্টৰ দিহা লগাব।
এইবাৰ তাই শাক পাচলি কুটিবলৈ ধৰিলে। দিনৰ ভাতৰ আয়োজন...লগতে ছোৱালী, স্বামী আৰু তাইৰ টিফিনৰ যোগাৰ...বাবাটোলৈ থাৰমাচ ফ্লাস্কত থোৱা গৰম পানী...এইবোৰ কামৰ হিচাপ তাই মনে মনে কৰি থাকিল। শাহুৱেকৰ বয়স হৈছে, বৰ বেছি কাম কৰিব নোৱাৰে। তেওঁৰো খানা কম জ্বলা দি অলপ লঘুকৈ বনাই থ'ব লাগে। দেধাৰ কাম।
মালতীজনী আহিলেই সুস্মিতাই ৰক্ষা পায়। তাইৰ হাতত বাবাটো, আৰু ঘৰৰ বাকী থকা কামবোৰ চমজাই সুস্মিতা গা ধুবলৈ যায়।
ৰাতিৰ ভয়ংকৰ সপোন, ৰাতিপুৱাৰ পইতাচোৰাৰ আতংক এইবোৰে সুস্মিতাৰ অন্ঠ কণ্ঠ আজি শুকুৱাই দিছিল। কিন্তু পানী অকণ খাবলৈয়ো হাতত এতিয়া মঠি থকা আটা।
"হ'ব পিছত খাম" বুলি তাই কামখিনি কৰি গ'ল।
দেওবাৰে মালতী দিদিৰ চুটি থাকে। গোটেই সপ্তাহ অফিচত ব্যস্ত থাকে বুলি শনি-দেওবাৰে সুস্মিতাৰ ঘৰুৱা ব্যস্ততা বেছি হয়। ল'ৰা-ছোৱালীৰ আব্দাৰো বেছি হয়। সকলোৰে খাদ্যৰ ফৰ্মাইছ...ঘৰুৱা কাম... দুবছৰীয়া ল'ৰাৰ জাঁজ মৰা...এই সকলোবোৰৰ পিছত সোমবাৰে সুস্মিতাৰ এনেয়েও বহুত ভাগৰুৱা অনুভৱ হয়।
তাতে যোৱা তিনিদিন ধৰি তাইৰ গা টো অলপ বেয়া।
চৰ্দি কাহৰ এটা ভাব লাগি তাইক দুৰ্বল কৰি তুলিছে। শাহুৱেক আৰু প্ৰদ্যুতে বাৰে বাৰে কোৱাৰ পিছতো তাই অফিচ খতি নকৰিলে।
ক'ৰে নো কোন সতে? এই কম্পিটিচনৰ যুগত প্ৰাইভেট কোম্পানীৰ জ'ব। ডিমাণ্ড থকা সময়ত অফিচ সঘনাই খতি কৰিলে মূৰব্বীৰ চকুত পৰে, প্ৰমোচন আৰু ইনক্ৰিমেণ্টৰ সময়ত আহুকাল লগায়।
তাতে তাই এইখিনি সময়ত সাংঘাতিক এটা ব্যস্ততাৰ ইম্পৰটেণ্ট প্ৰজেক্ট লিড কৰি আছে।
টেবলেট গিলি গিলি তাই অফিচ কৰিলে। ৰাতি মূৰত গামোচা মাৰি অফিচৰ পেণ্ডিঙ কাম।
মালতী দিদি আছে বুলিহে বাচি আছে। নহ'লে ল'ৰাটোক চম্ভালোতেই তাইৰ প্ৰাণ বাহিৰ হয়।
আজি তাতে ভূতৰ ওপৰত দানৱ হৈ গধূলিলৈ অন্য এখন চহৰৰ পৰা মাহী শাহুৱেকহঁত ভাত খাবলৈ অহাৰ কথা। প্ৰথমতে তাই আজি অফিচ চুটি ল'ব বুলি ভাবিছিল। কিন্তু কালিয়েই বছে মেছেজ কৰিছে
"নৌ নৌ সুস্মিতা নট টুম'ৰৌ, কাইলৈ মষ্ট ইম্পৰটেণ্ট ডে'। ক্লায়েন্টক দ্ৰাফ্ট পঠিয়াব লগীয়া আছে।"
কৰ্পৰেট ৱৰ্ল্ডত প্ৰত্যেক দিনেই মষ্ট ইম্পৰটেণ্ট। উপায় নাই, চাকৰি ৰাখিবলৈ কষ্ট কৰিবই লাগিব।
হঠাৎ প্ৰেচাৰ কুকাৰৰ চিটি আৰু ল'ৰাৰ চিঞৰ একেলগে সুস্মিতাৰ কাণত পৰিল। তাই থৰ থৰ কৈ কঁপি উঠিল।
সৰ্বনাশ! সাত বাজি পোন্ধৰ মিনিট হ'ল, মালতী দিদিৰ চোন খবৰেই নাই।
ল'ৰাই টেঁটু ফালি চিঞঁৰিছে। তাই উফৰি যোৱাদি গৈ তাক কোলাত তুলি ল'লে।
এতিয়ালৈ ব্ৰেকফাষ্টৰ একো আয়োজন হোৱাই নাই। চিংকটোত এসোপা বাচনৰ পাহাৰ।
ইফালে চবকে চাহ দিব লাগিব, ব্ৰেকফাষ্ট বনাব লাগিব, মিমিক খুৱাই-বুৱাই ৰেডি কৰি বাছ ষ্টপত থবগৈ লাগিব। স্বামী প্ৰদ্যুত চাৰে আঠ বজাত খাই-বৈ অফিচলৈ ওলাই যাবই। সেই সময়তে সুস্মিতাই বাকী থকা কাম কৰি, নাকে-মুখে কিবা এটা গিলি, মালতীক দৰকাৰী দিহা-পোহা দি যাবলৈ ওলায়। মুঠতে মৰিবলৈয়ো সময় নাই।
"ছেহঃ চাৰে সাত বাজিবৰ হ'ল। আজি হ'ল কি দিদিৰ?"
এতিয়া ল'ৰাকে চম্ভালিবনে কামকে কৰিব। কি বিপদ!
"হেৰা, চাহ কাপ দিয়া আক।" প্ৰদ্যুত উঠিলেই।
"চাহ পিছত খাবা আগতে বাবাক লোৱাচোন।" বাবাটোক প্ৰদ্যুতৰ হাতত দি তাই উধাতু খাই পাকঘৰলৈ আহিল।
"কিয় মালতী ক'ত? মোৰ ৰেডি হ'ব লাগিব, আজি মিটিং আছে।"
দেওবাৰে চুটি, সোমবাৰে স্কুল-অফিচ খোলা দিন, "সোনকালে আহিবি কিন্তু" বুলি দঢ়াই দঢ়াই ক'লেও মালতীয়ে অকণমান দেৰি কৰিবই।
সুস্মিতাহঁত নথকা সময়ত মালতী দিদিয়ে বাবাক চোৱাৰ উপৰিও ঘৰখনৰ টুক-টাক কামবোৰৰ জাঁজ মাৰে। সুস্মিতাৰ শাহুৱেককো ভাত-পানী দিয়ে।
গতিকেই ব্যস্ত সুস্মিতাৰ লাইফ-লাইন একপ্ৰকাৰ দিদিৰ হাততেই।
মানুহজনী ভাল। বাবাটোক ভালকৈ চায়। খালি বিনা কাৰণত চুটি লোৱাত দিদি এক নম্বৰ। প্ৰত্যেক সপ্তাহত দিদিৰ কিবা নহয় কিবা এটা প্ৰব্লেম ওলায়েই। ফলত সুস্মিতাৰ অফিচ খতি, বচৰ তীৰ্যক চাৱনি, ঘৰত তাইৰ গাধ খাটনি।
তাইৰ লিভবোৰ দিদিৰ খতিৰ কৃপাতে শেষ হয়।
"ইমান দেৰিতো দিদিয়ে নকৰে, কি বা হ'ল। ফোন এটাও নাই কৰাচোন।" সুস্মিতাৰ গা টো এইবাৰ অলপ বেজ বেজাবলৈ আৰম্ভ কৰিলে।
"প্লিজ প্ৰভু, আজি নহয়। আজি মোৰ অফিচ যোৱাতো বহুত জৰুৰী।"
ভয়ে-ভয়ে তাই মালতীলৈ ফোন লগালে।
"দা নাম্বাৰ য়ু আৰ কলিং ইজ চুইচদ অফ।"
সুস্মিতা এইবাৰ ঘামিবলৈ আৰম্ভ কৰিলে। গধূলি ভাত খোৱা আলহী আহিব। ৰাতিপুৱাৰ সমস্ত কাম বাকী। আৰু বাবা? বাবাক কোনে চাব?
আৰু অফিচ খতি কৰিলে, এইবাৰ তাইৰ চাগে চাকৰিয়েই যাব।
তাইৰ গাটো জ্বৰ-জ্বৰ লাগি আহিল। ডিঙিটো শুকাই কৰ্কৰীয়া মাৰিলে।
কঁপা কঁপা হাতেৰে তাই আকৌ ফোন লগালে। এইবাৰ মালতীৰ গিৰীয়েক মদনক।
মদনে হেল্ল'টো ক'বলৈহে পালে, সুস্মিতাই আতুৰত কৈ উঠিল,
"মদন, দিদি অহা নাই যে? কি হ'ল।"
মনতে পাঙিলে, দিদিয়ে গা বেয়া বুলি চুটি ল'ব খুজিলেও তাই কাবৌ কাকূটি কৰি অন্ততঃ আধা দিনৰ কাৰণে আহিবলৈ ক'ব।
মদনৰ টোপনি ভঙাই নাছিল। তন্দ্ৰালস মাতেৰে সি উত্তৰ দিলে,
"অ বাইদ' কালি মালতী গাঁৱৰ ঘৰলৈ গৈছিল নহয়, আমাৰ ভাগিনীজনীৰ তোলনি বিয়া আছিল। তাই ঘূৰি আহিব নোৱাৰিলে, ঘৰৰ মানুহেও ৰখালে। কাইলৈ মানেহে আহিব পাৰিব চাগৈ।"
ঘামি উঠা সুস্মিতাৰ গাৰ মাজেদি এক অদ্ভুত শিহৰণ বিয়পি গ'ল।
তাই চকুৰে ধুৱলী কুঁৱলী দেখিলে।
প্ৰেজেণ্টেশ্যন...বাবা...ছোৱালীৰ স্কুল...ঘৰৰ সমস্ত কাম...ভাত-খোৱা আলহী...ধ্বংস-স্তূপৰ দৰে ধুবলৈ থোৱা বাচনৰ দমটো। তাইৰ চকুৰ সমুখত সকলোবোৰ ভাহিবলৈ ধৰিলে।
আতংকত তাই পেঁপুৱা লাগিল।
কালি ৰাতি দেখা বিজলুৱা...আঠা-আঠা...ভয়-লগা সপোনটোতকৈয়ো ভয়-লগা...তিতা...অনুভূতি এটাই তাইক সাপৰ দৰে মেৰিয়াই ধৰিলে।
ইতিমধ্যেই দেউতাকৰ কোলাত বাবাই "মাক লাগে মাক লাগে" বুলি গগনাফলা চিঞৰ আৰম্ভ কৰিছিল।
"সোমবাৰৰ দিনটো কেনেকৈ মেনেজ কৰিম" বোলা ভৌতিক শিহৰণটোৱে সুস্মিতাক জোকাৰি গ'ল।
"ইটছ এ ৰিয়েল-লাইফ নাইট-মেয়াৰ।" তাই স্বগতোক্তি কৰি উঠিল।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
২৪.০৭.২০২০
xxxxxxxxxxxxxx

No comments:
Post a Comment