(চুটি গল্প)
"ৰিম, হ'ল নে তোৰ? ওলা ওলা, দেৰিয়েই হ'ব এতিয়া।" নীতিয়ে পদূলিমুখৰ পৰা জীয়েকক চিঞৰি মাতে।
ৰিমলী খৰ-খেদাকৈ ওলাই আহে। পিন্ধনত তাইৰ এটা নী-লেংথ কটন ফ্ৰক, চুলিখিনি পনি-টেইল কৰা, কান্ধত এটা ওলমোৱা স্কুল বেগ।
তাইৰ ওঁঠত সামান্য লিপ গ্লছ। ৰঙচুৱা আভা।
"আকৌ লগাইছ নে সেই সোপা। মোচ মোচ, মুচি পেলা।" মাক নীতিয়ে ধমক দিয়ে।
"এহ মা, প্লিজ...চবেই লগাই। আই এম নট এ কিড এনি ম'ৰ।" ৰিমৰ বিৰক্তি সনা উত্তৰ।
ৰাস্তাত কাষেৰে যোৱা মানুহ দুটাই ঘূৰি চায়। মাক জীয়েকৰ কথাৰ উমান ল'ব খোজে।
নীতিয়ে কথা নবঢ়ায়। ছোৱালী ডাঙৰ হৈছে, টিন-এজত এনেও অলপ ৰিবেলিয়াছ হয়।
লগাওঁক বাৰু।
কিন্তু এই বয়সৰ চঞ্চলতাখিনি মাকে কোনো পধ্যেই চকুৰ আঁতৰ কৰিব নোখোজে।
ৰিমলী স্কুলৰ পৰা অহাৰ পাছত সপ্তাহত তিনি দিন তাইক কিবা এটা খুৱাই, খৰ-ধৰকৈ নীতিয়ে অংকৰ টিউশ্যনলৈ লৈ যায়।
ৰিমলী এইবাৰ টেনত। এইবছৰ জীৱনৰ প্ৰথম ডাঙৰ পৰীক্ষা, মেট্ৰিক। তাইতকৈ মাকৰহে টেনশ্যন বেছি।
এইটো টিউশ্যন ৰিমলীয়ে ক্লাছ নাইনৰ পৰাই কৰি আহিছিল। আগতে একে লগৰ কৃষ্টিৰ লগত গৈছিল। মাকে ৰিক্সা ঠিক কৰি দিছিল। কিন্তু কেইমাহমান আগতে কৃষ্টিহতে ভাড়া ঘৰ এৰি অন্য এক অঞ্চলৰ নিজা ঘৰলৈ উঠি গ'ল। ৰিমলী অকলশৰীয়া হ'ল।
দুদিনমান টিউশ্যনলৈ ৰিক্সাত ৰিমলী অকলেই গ'ল। কিন্তু এদিন গধূলি অফিচৰ পৰা অহাৰ ৰাস্তাত নীতিৰ স্বামী প্ৰশান্তই জীয়েকক টিউশ্যনৰে চকটোত তিনিটামান সমবয়সী ল'ৰাৰ সৈতে জোৰ গলাৰে হাঁহি আড্ডা মাৰি থকা দেখা পালে।
প্ৰশান্তই নীতিক কথাটো কাণ চোৱাবলৈহে পালে, নীতিয়ে তাল ফাল লগালে।
"লেগাম চিগা গৰুৰ নিচিনাকৈ সদ্য যৌৱন প্ৰাপ্ত জীয়ৰীক অকলে এৰিব নোৱাৰো, লগত অনা-নিয়া কৰিম..." বুলি তাই হুলস্থুল এখন লগালে।
প্ৰশান্ত অলপ অবাক হৈছিল। কিন্তু পিছত, সচৰাচৰ দায়িত্বশীল মাকে জীয়েকৰ সাৱধান ল'ব খোজা বুলি কথাটো নীতিৰ ওপৰত এৰি দিছিল।
নীতিৰ চিন্তা বহুত। জীয়েক ৰিমলী এনেও অলপ বেছি ধুনীয়া, মাকৰ গঢ়ত উঠা ছোৱালী। বয়সৰ হিচাপত জোখতকৈ অলপ চঞ্চল।
ইফালে সমুখত মেট্ৰিক। যদি প্ৰেম-ট্রেমৰ পাল্লাত পৰি পঢ়া-শুনা ৰসাতলে যায়, কি হব! আগতেও স্কুলত কোনোবাই প্ৰেম-পত্ৰ নে কি দিয়াৰ গুজৱ ওলাইছিল। এইবোৰ ভাবি-গুণী নীতিয়ে তাইক নিজে অনা-নিয়া কৰিবলৈ ল'লে।
"যোৱা এতিয়া তুমি মা, বহাগৈ, পালোহি আমি।" ৰিমে টিউশ্যন চেণ্টাৰৰ ওচৰ পায়েই মাকক ক'লে।
লগৰবোৰে মাকে থ'ব অহা দেখিলে জোকায়। তাই লাজ পায়। গতিকে মাকে অলপ দূৰৈতে তাইক এৰি দিয়ে। দুখোজমান আঁতৰৰ ঠাই এডোখৰত গৈ অপেক্ষা কৰে।
সচৰাচৰ বহাৰ দৰে নীতি আহি একাশৰীয়াকৈ থকা ৰাস্তাৰ দাঁতিৰ বেঞ্চখনত বহি পৰিল। আগতে এইখিনিতে এখন চাহৰ দোকান আছিল, গ্ৰাহকে বহি চাহ খাব পৰাকৈ বেঞ্চখন লগোৱা হৈছিল। এতিয়া দোকান উঠি গ'ল, বেঞ্চখন থাকি গ'ল।
এমুৰীয়া বেঞ্চখনত বহি নীতিয়ে গল্পৰ কিতাপ পঢ়ে। কেতিয়াবা মোবাইলটোত গেম এটাকে খেলে। মন নগ'লে ৰাস্তাৰে অহা যোৱা কৰা মানুহবোৰ চায়।
মেইন ৰোডৰ পৰা ফালৰি কাটি অহা ৰাস্তাটোত মানুহ, যান-বাহনৰ সমাগমৰ মাজত নীতিৰ বেয়া নালাগে। টাইম পাছ হৈ যায়। এক ঘণ্টাৰ টিউচন ক্লাছ হয় মানে নীতি ব'ৰ নহয়।
সমুখত এখন ষ্টেচনেৰি শ্বপ, এখন খেলনাৰ দোকান আৰু এটা গেৰেজ। গ্ৰীল, গেইট ইত্যাদি বনায়। হৈ-হাল্লা, টুং-টাং শব্দৰ সমাহাৰ। নীতিয়ে সিহঁতৰ কাণ্ড কাৰখানাবোৰ চাই থাকে।
ষ্টেচনেৰী দোকানখনত ল'ৰা এটা বহে। বোধহয় তাৰেই দোকান। বেছ দেখনিয়াৰ, সপ্ৰতিভ। ২৪-২৫ বছৰীয়া ল'ৰাটোক আজি কিছুদিনৰ পৰা নীতিয়ে মন কৰিবলৈ লৈছে। তাৰ মতি-গতি দেখি নীতি অলপ সন্ত্ৰস্ত হৈছে।
সি আজিকালি নীতিহতক দেখিলেই কিবা এটা কৈ উঠিব খোজা যেন কৰে। নীতি আৰু ৰিমলীয়ে ৰাস্তাত খোজকাঢ়ি দোকানখনৰ সমুখ পালেগৈ, সি ব্যস্ত হৈ উঠে। তাৰ ডাঙৰ চকু কেইটা উজ্জ্বল হৈ পৰে।
ৰিমলীও যেন আৰু অলপ চঞ্চল হৈ উঠে।
নীতিয়ে প্ৰথমে মন কৰা নাছিল। কিন্তু এদিন দেখা পালে। ৰিমলীয়েও তাৰ ফালে চাই, হাহোঁ হাহোঁ যেন কৰিছে। সি মিচিকিয়াই সঁহাৰি দিছে।
নীতিয়ে এইবোৰ অংগী ভংগী ভালকৈয়ে বুজে।
"তই চিনি পাৱ নিকি?" তাই ৰিমক সুধিছিল।
"নাই, তেনেকৈ নাপাওঁ। এনেই, কিবা কিবি কিনিছিলোঁ আগতে, তাৰ দোকানৰ পৰা।" ৰিমৰ গা-এৰা দিয়া উত্তৰ।
নীতিৰ সন্দেহ হয়।
এয়াইতো বয়স।
ৰিম ষোড়শী গাভৰু, চালে চকুৰোৱা। স্বভাৱত চঞ্চল। ল'ৰাটোওতো বেছ দেখনিয়াৰ। জিম চিম কৰে বোধহয়।
কিবা কিবি চলি আছে যদি?
চলিবও পাৰে। নচলাৰতো কোনো কথা নাই।
অলপ দিন নিৰীক্ষণ কৰি তাই দেখিলে সিহঁত দুইটাৰ মাজত বেছ মিচিকিয়া হাঁহিৰ আদান প্ৰদান এটা চলি থাকে। মূৰ দুপিয়াই সঁহাৰি দিয়া, ওচৰেদি পাৰ হৈ গ'লে কৰা অংগী-ভংগী দেখি নীতিৰ সন্দেহ বাঢ়ি যায়। তাই অলপ ভয় খায়।
নীতিৰ নিজৰ পুৰণি কথা মনত পৰে।
একালত তাই নিজৰ অঞ্চলতেই নহয় স্কুলৰ ভিতৰতো দেখিবলৈ ধুনীয়াজনী আছিল। নাইনত পঢ়ি থাকোতে এনেকৈয়ে ৰিমৰ দৰে স্কুলৰ ওচৰৰ কনক দোকানীৰ প্ৰেমত পৰিছিল। পিছলৈ পঢ়া-শুনালৈ পিঠি দিছিল। লুকাই চুৰকৈ লিখা চিঠি দেউতাকৰ হাতত পৰাৰ পাছত ঘৰত কি তাণ্ডৱ।
ককায়েকৰ মাৰ খাই কনকে প্ৰেমৰ ইতি পেলাইছিল। কান্দি কান্দি নিতীয়েও তাক পাহৰিবলৈ বাধ্য হৈছিল।
কলেজত ভৰ্তি হোৱাৰ পিছত, নীতিৰ ৰূপ সৌন্দৰ্যত মানুহ বলিয়া হৈ উঠিছিল। নীতি অহংকাৰী হৈ পৰিছিল। পঢ়া-শুনাত তাইৰ মন নবহিছিল। কেৱল কোনে তাইক ভাল পালে, কি বুলি প্ৰপজ কৰিলে এইবোৰৰ ধান্দা মনত খেলাইছিল।
ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰতে তাই নিজৰেই ক্লাছমেট অনলৰ লগত এফেয়াৰ হৈছিল। ঘূৰা-ফিৰা কৰি প্ৰেম কৰোঁতে ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা বেয়া হৈছিল তাইৰ। পিছলৈ ঘৰত গম পোৱাত দেউতাকে দৰা বিচাৰি তাইক বিয়া দি দিছিল। তাইৰ পঢ়া-শুনাত যৱনিকা পৰিছিল।
বিয়াত বহিবলৈ মন নাছিল তাইৰ। আৰু ভুল নকৰোঁ বুলি ঘৰত ক্ষমাও খুজিছিল। কিন্তু দেউতাকে ইতিমধ্যে বিয়া ফাইনেল কৰি পেলাইছিল। কান্দি কান্দি শেষত নীতিয়ে ভাগ্যক মানি লৈছিল।
জুনিয়ৰ ইঞ্জিনীয়াৰ প্ৰশান্ত ঠাণ্ডা মানুহ। বিয়া হৈ আহি নীতি সলনি হৈছিল। প্ৰশান্তৰ মৰমৰ প্ৰশান্তিত তাই শান্ত সমাহিত হৈ উঠিছিল। আগৰ প্ৰেমবোৰ অমূলক যেন লাগিছিল। এবছৰৰ ভিতৰত ৰিমলী হৈছিল। তাইৰ সংসাৰখন সুখৰ হৈ উঠিছিল। কিন্তু ভালকৈ পঢ়া-লিখা নকৰা, চাকৰি এটা কৰিব নোৱাৰাৰ দুখে তাইক ভিতৰৰ পৰা কুৰুকি-কুৰুকি খাইছিল। তাই হিন্য-মান্যতাত ভুগিছিল। লগৰবোৰৰ একো একোটা সফল জীৱন দেখি তাই কষ্ট পাইছিল, আফচোচ কৰিছিল।
তাইৰ অদম্য ৰূপ, বাধা নমনা যৌৱনে তাইৰ জীৱনটো উখল মাখল লগালে, সেই উখল মাখলে জীৱন-জুৰি তাইক খুলি-খুলি খালে।
ভগৱানক সদায় নীতিয়ে প্ৰাৰ্থনা কৰে, তাইৰ হেন জীৱন জীয়েকৰ যাতে নহয়। জীয়েকে যাতে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে।
নাই, তাই ৰিমলীক বুজাব।
এই বয়স প্ৰেম কৰাৰ নহয়। এই বয়স জীৱন গঢ়াৰ। নিজৰ জীৱনটো ঠিক কৰি কেৰিয়াৰ এটা গঢ়িব পাৰিব লাগিব ৰিমলীয়ে। তেহে নীতিৰ মাক হিচাপে দায়িত্ব পূৰণ হব।
ৰূপ-যৌৱন এইবোৰ মিছা।
ভাৱনাত বিভোৰ নীতিৰ হঠাৎ তন্দ্ৰা ভাঙিল। তাইৰ এইবাৰ ৰাস্তালৈ চকু গ'ল।
ল'ৰাটোৱে চোন তাইৰ ফালেই চাই আছে।
"ভাবিছে চাগৈ ৰিমলী কেতিয়া আহিব।"
"আৰে, সি চোন আগবাঢ়ি আহিছে এইফালেই।"
"কিয় আহিছে বা!" নীতিয়ে ভাবিলে।
মূৰটো ঘূৰাই দেখে টিউশ্যন শেষ। চেণ্টাৰৰ পৰা ৰিমলী ইতিমধ্যে ওলাই আহিছে।
"অ' কথা তাৰমানে সেইটো। ইমান সাহস, তাইক চাবলৈ ওচৰ পাইছেহি এইটো।" নীতিৰ খং উঠিল।
"ভালনে?" ৰিমে ওচৰ চাপি তাক দেখা পাই হঠাৎ প্ৰশ্ন কৰে।
ল'ৰাটো থতমত খাই উঠে।
সি চাগে অপ্ৰস্তুত হৈছে। মাকৰ সমুখতে ৰিমলীয়ে তাক খোলাকৈ মাত লগাইছে। সি চাগৈ ভবাই নাছিল।
মূৰ দুপিয়াই সঁহাৰি দি সি কোবা-কুবিকৈ পাৰ হৈ গ'ল। যাওঁতে খৰ-খেদাৰ কোবত ভৰিৰে সি বেঞ্চখনত খুন্দা এটাও খালে।
নীতি এইবাৰ নিশ্চিত হ'ল।
ৰিমলীৰ ফালৰ পৰা নহ'লেও তাৰ ফালৰ পৰা পূৰা ইণ্টাৰেষ্ট আছে। সেইটো ধুৰূপ।
"যাওঁ ব'লা মা। মোৰ ভোক লাগিছে।"
ৰিমৰ মাতত নীতিয়ে সম্বিত ঘূৰাই পালে। তাই যাবলৈ বুলি বেগটো বেঞ্চখনৰ পৰা তুলি ল'লে।
হঠাৎ তাইৰ কাগজ এখনত চকু পৰিল। সৰুকৈ ভাঁজ কৰা কাগজখন বেঞ্চখনত তাইৰ বেগটোৰ ওচৰতে পৰি আছিল।
এনেকুৱা কাগজৰ স্বৰূপ নীতিয়ে ভালকৈয়ে জানে।
"কি স্পৰ্ধা। ই তাৰমানে ৰিমক চিঠি দিবলৈকে আহিছিল। খৰ-খেদাত বেঞ্চখনত পৰি গ'ল। ভাগ্য ভাল ৰিমে দেখা নাপালে।" নীতিয়ে মনতে ভাবিলে।
ৰিমে দেখাৰ আগেতেই সাউতকৈ তাই চিঠিখন তুলি নিজৰ বেগত ভৰাই ল'লে। এনেয়ো একালত এই কামটোত তাই সিদ্ধহস্ত আছিল।
"আজি কিন্তু কিৰিপৰ দোকানৰ ৰোল খাম হা। মা, শুনিছা? প্লিজ কিনি দিবা।" ৰিমে কৈছিল।
"আজি ছাৰে জানা ক্লাছত ত্ৰিদিপক খুব বকিলে। ইমান বদমাছ সি, চিগাৰেট আছিল পকেটত।"
ৰিমৰ লেঠাৰি নিছিঙা কথা।
নীতিৰ মূৰটোত একো সোমোৱা নাই। তাইৰ ধ্যান চিঠিখনত। ঘৰতগৈ পঢ়ি চাব। তাতেই উমান পাব কথা কিমান দূৰ আগবাঢ়িছে।
সকলো ফাচ হ'ব আজি। যদি তেনেকুৱা কিবা হয়, ৰিমৰ পিঠিৰ ছাল চিঙিব তাই। টিউশ্যনেই বন্ধ কৰি দিব দৰকাৰ হ'লে। নালাগে তাই টিউশ্যন পঢ়িব।
ঘৰতে মাষ্টৰ যোগাৰ কৰিব। মুঠতে চকুৰ আগত ৰিমৰ জীৱন তচ-নচ হ'বলৈ নিদিয়ে।
"এই চেঙেলিয়া বয়সত প্ৰেম। কিহৰ তাগজ।" নীতিৰ ওঁঠৰে তাচ্ছিল্যৰ হাঁহি এটা ওলাই আহিল।
"ময়ো তোৰহে মা'ৰ। ৰ' ব্যৱস্থা কৰিম।" তাই মনতে পাঙিলে।
ৰাস্তাত ৰোল কিনি, ৰিমক ফুচকা খুৱাই ঘৰ সোমাইহি মানে নীতি অধৈর্য হৈছিল।
ঘৰত সোমায়েই তাই ৰিমক মুখ-হাত ধুই ফ্রেছ হবলৈ কৈ নিজৰ কোঠাত সোমালগৈ। একেলগে চুইচ বৰ্ডৰ গোটেইকেইটা চুইচ টিপি দিলে। এটা টিউব, দুটা হেল'জেন বাল্ব একেলগে জ্বলি উঠিল। ফেনখন ফুল স্পীদত ঘূৰিবলৈ ধৰিলে।
নীতিয়ে উশাহটো ঘূৰাই চিঠিখন উলিয়াই ল'লে।
আজি বহুত দিনৰ মূৰত তাইৰ হাতত এনেকুৱা এখন চিঠি। এক উগুল-থুগুল অৱস্থা।
কিন্তু আজি তাই মাক। আজি এই চিঠিক প্ৰশ্ৰয় দিয়াৰ সময় নহয়, ইয়াক নিৰ্মূল কৰি সমাধান কৰাৰ হে কথা।
ৰূপ-যৌৱনৰ উত্তালতাক দমন ক'ৰাৰ সময়।
চিঠিখনত চেণ্ট মৰা আছিল। কোমল সুগন্ধ এটা নিগৰি আহি নীতিৰ নাকত লাগিল।
হঠাৎ তাইৰ কনকলৈ মনত পৰি গ'ল। সিয়ো তাৰ চিঠিবোৰত পণ্ডছ পাউদাৰ অকণ ছটিয়াই দিছিল।
কি দিন আছিল সেইবোৰ। শাসন নমনা, উত্তাল।
পুৰণি চিন্তাবোৰ মনৰ পৰা জোৰকৈ আঁতৰাই তাই চিঠিখন পঢ়িবলৈ ল'লে।
"মোৰ হৃদয়ৰ ৰাণী,
সৌন্দৰ্য্যও যে এনেকুৱা ঘাটক হয় জনাই নাছিলোঁ, তোমাৰ ৰূপে মোৰ কলিজা মুচৰি পেলাইছে।"
বাহ। ই দোকানী হ'ব পাৰে, কিন্তু দুৰন্ত কবিওচোন। নীতিৰ অকণমান হাঁহি উঠিল।
মুখত হাঁহিৰ ৰেশটো লগায়েই তাই পঢ়ি গ'ল,
"তোমাক দেখাৰে পৰা মই একপ্ৰকাৰ বলিয়া হৈ পৰিছোঁ জানা। তোমাৰ হাঁহি, তোমাৰ চকুৱে কথা কয়। আৰু ওৰে ৰাতি মই সেই হাঁহি, সেই চাৱনি মনত পেলাই উজাগৰে থাকোঁ। মোৰ মনৰ কথাবোৰ তোমাক কবলৈ বুকুখন উকমুকাই থাকে।"
আচ্ছা প্ৰেমটো এতিয়াও প্ৰকাশ হোৱা নাই মানে। ৰক্ষা। ৰিম ইনভলভদ নাই যেতিয়া বেছি প্ৰব্লেম নহ'ব। ল'ৰাটোক তাই গৈ দম এটা দি আহিলেই হৈ যাব।
তাই আকৌ পঢ়িবলৈ ল'লে,
"জানোঁ তুমি মোতকৈ বহুত ডাঙৰ, জানো তোমাৰ সুখৰ সংসাৰ আছে, কিন্ত মোৰ ভালপোৱাই যে বয়সৰ প্ৰাচীৰ, সমাজৰ বান্ধোন মানিব খোজা নাই। "
নীতি মূক হৈ পৰিল। তাইৰ পেটটো পকাই যোৱা যেন কৰিলে।
পিছৰ কথাখিনি অলপ পোনপতিয়া। থৰক-বৰক হাতেৰে চিঠিখন ধৰি তাই পঢ়ি গ'ল,
"তুমি আজিকালি মোক চোৱা। মই দেখোঁ। ভাল লাগে জানা। তুমি বেঞ্চখনত বহি থকা এঘণ্টা সময় মোৰ জীৱনৰ সবাতোতকৈ অমূল্য সময়। মই তোমাক প্ৰাণভৰি চাওঁ। ৰিমক দেখিলেই অনুমান কৰিব পাৰো, তুমি সেই বয়সত কিমান ধুনীয়া আছিল। এতিয়াও তুমি অতুলনীয়া, মোৰ বাবে অন্যন্যা। তোমাৰ সৌন্দৰ্য্যখিনি সৌম্য, মোহনীয়। মোক জীয়ন দিয়ে। বেছি একো নিবিচাৰোঁ, কেৱল যদি মৰম দিব পাৰা। নিঃস্বাৰ্থ, শান্ত, সমাহিত মৰম। মোক আৰু একো নালাগে।
নীতি, মোৰ হোৱা প্লিজ।
ইতি
তোমাৰ অনুৰাগী অনুৰাগ।"
নীতিৰ মুখৰ ভাষা নাছিল। তাইৰ মূৰটো ঘূৰাই গৈছিল।
বন্ধ দুৱাৰখনত বাহিৰৰ পৰা ৰিমে ধকিয়াই আছিল।
কিন্তু উঠি গৈ খোলাৰ শক্তিকণ নীতিৰ নাছিল।
বেদৰুমৰ লাইফ চাইজ আইনাখনলৈ তাইৰ চকু গ'ল।
এৰা, তাইৰ সৌন্দৰ্য এতিয়াও অক্ষুণ্ণ। কোঠাটোৰ এটা টিউব, দুটা হেল'জেন বাল্বৰ পোহৰখিনি নিস্প্ৰভ কৰিব পৰাকৈ উজ্জ্বল।
তাইৰ এই ৰূপ, তাইৰ এই এৰা নোখোৱা যৌৱনে তাইক এতিয়াও দহি খাইছে। নিজৰ সৌন্দৰ্য্য, নিজৰ ধুনীয়া, ৰূপটো তাইৰ আকৌ এবাৰ বোজা স্বৰূপ লাগিল।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
১০.০৬.২০২০
xxxxxxxxxxxxxx
(এনেকুৱা themeৰ অকণমানি গল্প এটা বহু বছৰ আগেয়ে কোনোবা এখন আলোচনীত পঢ়িছিলোঁ। ৰিণিকি ৰিণিকি মনত আছে। themeটোৰ পৰা inspirationলৈ এই গল্পটোত বাৰ্তা, কথা, শৈলী আৰু চৰিত্ৰ নিজৰ ধৰণে সৃষ্টি কৰি গল্প আকাৰ দিলোঁ।)

No comments:
Post a Comment