Saturday, 18 July 2020

যোগাৰ


যোগাৰ

(চুটি গল্প)

কণতিলৌ বৰ বিপাঙত পৰিছে। কত' হেঁপাহ কৰি ইমান দিনে আলচি থকা কিবা বোলেনে ডানলপখন অনালে। পিছে তাৰ ঘৈণীয়েক মইনাই চোন ৰং পোৱাৰ বদলি খিঙখিঙাই হে উঠিল। লগে লগে নহয় অৱশ্যে, অনাৰ দিন দুই এক পিছতহে। আনোতে দুৱাৰৰ আঁৰৰ পৰা চাই চাই তাই হাঁহিয়েই পেলাইছিল।


কণতিলৌহঁতৰ সীমিত উপাৰ্জনৰ, প্ৰায়েই টানি টুনি চলা সংসাৰ। তাৰ দোকান এখন আছে গাঁৱৰে চকটোত, মোটামুটি চলে। ভাগ্য পিতায়েকে ঘৰে-মাটিয়ে কৰি থৈ গৈছিল বুলিহে, পুখুৰীৰ মাছ, ঘৰৰ শাক-পাচলিৰ যোগানত সংসাৰখন কোনোমতে চলি যায়। পিছে ল'ৰা-ছোৱালী হালৰ পঢ়া-শুনা, উৱঁলি যোৱা ঘৰটোৰ মেৰামতি চব মিলি এতিয়া উপাৰ্জন অলপ কমেই পৰে।

মইনা চালাক ছোৱালী। প্ৰাচুৰ্য নাথাকিলেও সংসাৰখন আকাল নোহোৱাকৈ চলাই যায়। নিজৰ চখবোৰ, ফৰ্মাইছবোৰলৈ ঠাই নেথাকে। তথাপিও সিহঁত সুখী।

কিন্তু এইবাৰ গৰমৰ বন্ধত ল'ৰা-ছোৱালী দুইটাৰে তাইক চহৰত থকা ককায়েক পূৰ্ণধৰে লৈ গ'লহি, "কেইদিনমান আৰাম কৰি আমাৰ তাত থাকিবি হৰ..." বুলি।

আগা-পিছাকে মাক-বাপেক ঢুকুওৱাৰ পিছত এই ককায়েকেই তাইৰ একমাত্ৰ সম্বল। আগতে প্ৰায়েই মৰমতে ককায়েক বৌৱেকে তাইক লৈ গৈছিলহি, কিন্তু ল'ৰা-ছোৱালী হোৱাৰ পাছত, সংসাৰৰ কাম বাঢ়িল, অহা যোৱাও পাতল হ'ল।

এইবাৰ পিছে চহৰত চৰকাৰী অফিচৰ বৰবাবু ককায়েকৰ ঘৰৰ প্ৰাচুৰ্য দেখি মইনা সেইফালেই তধা লাগিল। বাহ, কি বাহাৰ। নতুন নতুন কিটিপ কাইদাৰ বস্তু লগাই কি আৰামৰ জীৱন। বিচনাখনত শুবলৈ লৈতো তাইৰ ফুৰ্তিতে চিঞৰেই ওলাই গ'ল। আসঃ...কি কোমল...বঢ়িয়া...ফিট ফাট হৈ থাকে। বৌয়েকে বোলে সেইখন ডানলপ, ডাঙৰ ফাৰ্নিছাৰৰ দোকানৰ পৰা সৰহকে টকা দি কিনিছে, ঘৰত বনোৱা তুলিতকৈ বহুত ভাল।

বচ, ঘৰলৈ আহি মইনামতিৰ মাত আখৈ ফুটাদি ফুটিবলৈ ল'লে। ককাইদৌৰ ঘৰত অমুকটো এনেকুৱা...তমুকটো তেনেকুৱা...অমুকটো ইমান ভাল পায়....তমুকটো ইমান সুবিধা আই। চবতকৈ বেছি শলাগিলে বিচনাৰ ডানলপখনক। বৰ মনে খালে তাইক সেইখনে। বিয়া হোৱাৰে পৰা জিৰণিৰ নামত ৰাতিকণ শুবলৈ পায়, তাকো ফটা-ছিটা পাতল তুলিখন, গাটোত আৰাম বুলিবলৈ তিলমানো নেলাগে। শহুৰেকৰ দিনৰ শালকাঠৰ মজবুত পালেঙখন বুলিহে টিকি আছে, কিন্তু ফিচিকি যোৱা তুলিখন ঠিক কৰাই লবলৈয়োচোন সুবিধা নিমিলে।

এসপ্তাহমান ডানলপ কীৰ্তন শুনাৰ পিছত নিমাখিত কণতিলৌৰ মনতো উৎসাহ জন্মিলে। কিমান আৰু নিজৰ চখবোৰ চেপি খুন্দি ৰাখিব।

"মইনাজনীয়ে ইমান আশা কৰিছে, এইবেলি তাইক এই সুখকণ দিমেই" সি ভাবিলে।

ভবা মতেই কাম। লগৰ বন্ধু ৰজনীকান্তক কৈ দুমাহমানৰ কাৰণে বিয়লিবেলা কৰিব পৰা কাম এটা যোগাৰ কৰি ল'লে। ৰজনীয়ে কাম কৰা ঠাইতে। সেইকেইটা দিন ল'ৰা পোনাকণক ক'লে,
"মই আবেলি আবেলি নাথাকিলে, তই স্কুলৰ পৰা আহি দোকানখন চম্ভালিব নোৱাৰিবিনে?"

"পাৰিম পিতাই।" পোনাকণে তপককৈ মাত দিলে। সি দোকান চোৱাৰ নামত আৰাম কৰি কিতাপ পঢ়িবলৈ বৰ ভাল পায়। লগতে ইটো সিটো ডালমুট চানাচুৰ গলিয়াই থাকিবলৈও পাব।

বচ, ল'ৰাকনক দোকান গতাই দি কণতিলৌৱে মনপুতি কামত ধৰিলে। দুমাহত কষ্টও কৰিলে, পইচাও গোট খালে কেইটামান। সেই টকা লৈ, ৰজনীৰ লগত পোনেই  টাউনলৈ বুলি ওলাল। ফাৰ্নিচাৰৰ দোকানত সোমাই মোটামুটি দামৰ ডানলপ এখন কিনিলে, তাৰ পাছত চাহ-পানী এটুপি খাই মইনা আৰু ল'ৰা-ছোৱালী হাললৈ বুলি ইটো সিটো বস্তুও কিনি পেলালে।

সেই বস্তু বাহানি লৈ ঘৰ আহি পাওঁতে মইনাজনীৰ কি হাঁহি, ফুল চিটিকিহে যেন পৰিছে। ল'ৰা-ছোৱালীহালেও আনন্দত জঁপিয়াই ফুৰিলে। বিচনাত ধৰি মেলি ডানলপ পৰাৰ পিছত মইনাই ট্ৰাংকৰ তলৰ পৰা সেই তাহানিয়েই বঙালী বেপাৰীৰ পৰা দৰাই দৰাই লৈ থোৱা ফুলাম বেডচিতখন পাতি পেলালে। আলফুলে হাত ফুৰাই সেইখন ফিট কৰি তাই তভক মাৰি ৰ'ল।  বিচনাখনে আহ আহ কৰি আছে, পিছে দিন দুপৰতে তাই বোৱাৰী মানুহজনী শোৱেনো কেনেকৈ!

"ৰাতিলৈ হেঁপাহ পলুৱাই এইখনত শুই শুই আৰাম কৰিম দৌ..." তাই মনতে ভাবিলে। কলতিলৌৰ চাৰপ্ৰাইজটোৱে তাইক তবধ মনাই দিলে।

কণতিলৌৰো মন ভৰি গ'ল।

কিন্তু দুৰাতি সেইখনত শোৱাৰ নামত ইকাটি সিকাটি কৰি শেহ ৰাতিলৈ পৰ্ত্তিক ৰুমৰ কাঠৰ চোফাৰ লেখীয়া বেঞ্চীখনত আহি মইনা শুই পৰিলগৈ, মূৰে গায়ে চাদৰখনকে টানি টুনি কুস্তি কৰিলে আৰু শেষত মহৰ কামোৰণিৰ পৰা পৰিত্ৰাণ নেপাই গিৰিয়েকটোক বকি থাকিল।

"হয় শুনিছে, কি শনি সোপা সুমুৱালেহি হয়নে ঘৰত? ইমান টান, গা বিষাই গৈছেগৈ, দিনটো মানুহজনীয়ে বাহি-বন, চৰুৰ পৰা গৰুলৈকে চম্ভালি মৰো, ৰাতিকনো শুবলৈ সুখ নাই হেৰৌ। আগৰ ঘৰত বনোৱা তুলিখনেই ভাল আছিল চোন, এইখন গোটেই কাঠৰ চলি, উসঃ... গাটো টনটনাই গৈছে অ' গোঁসাই।"

"হেৰৌ মইনা" কণতিলৌয়েও লাহেকৈ উত্তৰ দিলে "তয়েই চোন চহৰৰ ককায়েৰৰ ঘৰৰ পৰা আহি ফোচ-ফোচাই আছিলি, বোলে ককাইদৌউৰ ঘৰত কি আৰাম! কি ধুনীয়া তুলি...ডাঙৰ দোকানৰ পৰা অনোৱা...বিচনা চাদৰখনো ফিতফিতিয়া হৈ থাকে... শুই কি মজা।"

"কৈছিলোঁতো, ককাইটিৰ ঘৰত আৰামৰ বস্তু। আপুনি যিখনহে আনিলে, নজনা নুশুনাকৈ, ককাইটিকে সুধিনো নোলাল কিয়?"

"কথাই কথাই ককাইদৌউৰ কথা গাই নুফুৰ মইনা, ময়ো জনা মানুহ লৈহে গৈছিলোঁ, ৰজনী গৈছিল নহয় মোৰ সৈতে।"

"থউক হেৰি, ৰজনীয়েনো কিডাল জানে, আপোনাক সস্তীয়া বস্তুবোৰ কিনোৱাই দিছে, আৰু আপুনিও অঁকৰাৰ দৰে যিহকে তিহকে লৈ ঘৰ চাপিলহি।"

তাইৰ সঁচাই খং উঠিছিল। লাগ বুলিলেই যি কোনো বস্তু আহি এইখন ঘৰ নোসোমাইহিয়েই। কিন্তু এইযে এইখন...তাইৰেই চখ পূৰাবলৈ আনিলে....অন্তত কোৱালিতিটো চাব লাগিছিল গিৰিয়েকটোৱে। এইখনত শুব পাৰি নিকি, ইমান টাণ! তাতে মস্ত ওখ। অকণো আৰাম নেলাগেচোন। ককায়েকৰ ঘৰৰখন চোন বেছ কোমল আছিল। এতিয়া তাইৰ ফৰ্মাইছ পূৰণ কৰাৰ নামটো হে ৰ'ল, কামত হ'লে নেচেল।

বেচেৰা কণতিলৌ। কি ভাবিলে আৰু কিখন হ'ল। সিনো কোনখন ডানলপত শুই পাইছে যে কোৱালিটি বুজিব? দোকানী আৰু ৰজনীয়ে চোন বৰকৈ শলাগিছিলে, আৰামৰ বস্তু বুলি। টানো সঁচা, পিছে মইনাৰ গালি শুনাৰ ভয়ত সিয়ো তাপ মাৰি থাকিলে।

এতিয়া এই ডানলপখনেই হ'লগৈ হাৰমাল। দুদিন মান তেনেকৈয়ে চলিল। মইনা পৰ্ত্তিকত, সি শোৱা-কোঠালিত। মৰমৰ ঘৈণীৰ বকনি আৰু ৰাতিকণৰ দূৰত্বটো আৰু সহ্য কৰিব নোৱাৰি, সি ডানলপখন পোনাৰ লগ লাগি হেপো-টেপোকৈ নি বহা ঘৰ পোৱালেগৈ। তাতেই বেঞ্চীখনৰ কাষত পাতি দিলেগৈ, আৰু বিচনাখনলৈ পৰিত্যক্ত কিন্তু হেঁপাহৰ পুৰণি তুলিখন লৈ আনিলেগৈ।

মইনাই একো নামাতিলে, পিছে সেই ৰাতি তাই পাকঘৰ সামৰি, হাত-ভৰি ধুই লাহেকৈ গৈ নিজৰ বিচনাত বাগৰ দিলেগৈ। কণতিলৌৰ দোষী দোষী ভাবটো যেনিবা অলপ শাম কাটিলে।

মইনা চালাক ছোৱালী। কাজিয়া পেছাল বঢ়াই নাথাকি সংসাৰখন নিঘুনি কৰি চলাবলৈ তাই নজনা নহয়।


চলি থাকিল। গতানুগতিক সিহঁতৰ জীৱন তেনেকৈয়ে চলি থাকিল কেইমাহমান। কিন্তু হঠাৎ সিহঁতৰ ওপৰত ঈশ্বৰে দয়া কৰিয়েই হওক বা এনেয়েও হওক, চকু মেলি চালে, আৰু আচম্বিতে সিহঁতৰ এই এৰাব নোৱাৰা অসুবিধকণ পলাই পত্ৰঙ দিলে।

এই গোটেই বৃত্তান্তটোৰ ফুল ক্ৰেডিট পিছে কণতিলৌৰ বায়েক কুসুমৰ মাজুপুতেক প্ৰদ্যুম্ন ওৰফে পদুমৰ। পঢ়া শুনা বাদ দি পিলিং পালাং কৈ ঘূৰি ফুৰা অকৰ্মন্য আৰু সোৰোপা পদুমৰ গত লগাব নোৱাৰি মাকে পঠিয়াই দিলে ভায়েকৰ তালৈ, বোলে কেইমাহমান থাকি আহ...মোমায়েৰৰ জহতে কাম কাজ শিক...দোকান পোহাৰ চলোৱাৰ কায়দা কিটিপ অলপ জানি বুজি আহ...পিতায়েৰে নহয় দিব খুলি দোকান এখনকে।

আচলতে তলে তলে মাকে বিচাৰিছিল পুতেকৰ সেই কাজ কৰ্ম নাইকিয়া কেলেহুৱা লগকেইটা আঁতৰ হওক বুলি। নিজৰ পুতেকৰ গাত টোপ এটাও কুসুমে পৰিবলৈ নিদিয়ে, অৱস্থাপন্ন ঘৰৰে ল'ৰা, খালি অলপ দিন দূৰৈত থাকি ভাল হওক বুলিয়েই আলচ কৰি কণতিলৌৰ তালৈ পঠিয়াই দিলে।

পদুম ল'ৰাটো হ'লগৈ এলেহুৱা, যাক বোলে ধোদৰ পচলা। মাকৰ মৰমৰ অতিশয্যাত গায়ে গাৰীয়ে ফুলি এক বিৰাট বপু....ওখই নাই কমেও ছফুট....যোৱাবাৰ মেলাত জোখোতে তাৰ ওজন আছিল প্ৰায় এশ পচপন্ন কিলগ্ৰাম। নোদোকা হাতীটো গোটেইটো। কিন্ত ব্যৱহাৰত অমায়িক আৰু স্বভাৱতে অত্যন্ত ফুৰ্তিবাজ পদুমক মোমায়েক মামীয়েকে বেয়া নাপায়, অৱহেলাও নকৰে। বৰঞ্চ মইনাই সি থাকিবলৈ অহাত ভালেই পালে। দোকানত মাজে মাজে সি নবহা নহয়, বহে। কণতিলৌৰো অকণমান আজৰি হয়। ঘৰুৱা কামত অৱশ্যে প্ৰকাণ্ড পেতেলা পদুমে বিশেষ সহায় কৰিব নোৱাৰে। হ'লেও সি থকাত মইনাই বেয়া নাপালে।

পদুম অহাৰ পৰা খোৱা-বোৱাবোৰ অলপ বাহুল্য হৈছে সঁচা, পিছে মাছ-মঙহ, ফল-মূল, কাজু-কিছমিছ জাতীয় ফৰ্মাইচি বস্তুবোৰ কেতিয়াবা সি নিজেও মাকে দিয়া হাত খৰছৰ পইচাৰে আনি থাকিল। মামীয়েক মইনাই জুতি লগাই লগাই ৰান্ধি খুৱালে, আৰু  ককায়েকক পাই মইনাৰ ল'ৰা-ছোৱালীহালৰো ৰং চৰিল। পোনাৰতো ফুৰ্তিত ততেই নাই। পদুম ককায়েকৰ লগতহে শুব।

কণতিলৌৱে বোলে শো তেনেহলে। মইনাই পৰ্ত্তিকৰ সেই এলাগী ডানলপখনতে সিহঁতৰ বিচনা ঠিক কৰি দিলে। মতা ল'ৰা একা...ইহঁতৰনো কি অসুবিধা হ'ব... শোৱক এইখনতে। মইনাই ৰন্ধা সোৱাদ লগা ভাতসাজ খাই ৰাতি এপৰলৈ পোনাহঁতে পদুমৰ সৈতে গল্প কৰে, আৰু শেহলৈ টোপনিৰ জালত কলমতিয়াই থকা ছোৱালীকণক বাপেকে দাঙি নি শোৱা কোঠালীৰ বিচনাৰ একাষত শুৱাই দিয়েগৈ। তাৰ পিছত মইনাৰ সৈতে কণতিলৌৱে তাঁহাতৰ নিজৰ ভাল লগা গল্পবোৰৰ ভাণ্ডাৰ খোলেগৈ।

মইনাহঁত টোপনি যায় মানে পৰ্ত্তিকৰ ডানলপত দুই ককায়েক ভায়েক দুৰ্ঘোৰ নিদ্ৰাত পৰে। বেৰৰ কাষৰ ফালে হাত ভৰি মেলি পদুম পৰি থাকে, আৰু এইটো ফালে কোচ-মোচ খাই পোনা। সি বোলে,
"পদুমকাই মোক কিন্তু টোপনিৰ জালত হাত ভৰি উঠাই চেপেটা কৰি নেপেলাবি।"

নেপেলাই। পদুমে ঠিক নিজৰ চাইড মেইনন্টেইন কৰি টোপনি মাৰে।

এমাহমান এনেকৈ চলি থাকিল। পদুমৰ ৰসাল কথা, হাঁহিৰ খোৰাক যোগোৱা ফুৰ্তিবাজ স্বভাৱটোৱে ঘৰখনৰ মানুহবোৰক ব্যস্ত কৰি ৰাখিলে।

পিছত এদিন ৰ'দ ওলোৱাৰ দিনা মইনাই ভাবিলে, "ডানলপখন আজি জাৰি জোকাৰি দিওঁ, বিচনা চাদৰ খনো ৰদোৱাও।"

বাঁহৰ বিচনাজৰা ঝাৰু ডাল লৈ গৈছেহে, ডানলপ দেখিতো তাই অবাক। পদুম শোৱা বেৰৰ কাষৰ ভাগটো চেপেটা হৈ গৈছে। হাত ফুৰাই চোৱাত, কোমল কোমল ভাব এটা পালে। আই ঔ! এইখনৰ চোন এইভাগতো তেনেই কোমল হৈ গ'ল...ঠিক ককায়েকৰ ঘৰৰখনৰ লেখিয়া। নিজে বহি লৈ চালে...হয়.... কোমলেই সঁচা। নোদোকা হাতীহেন পদুমে মৰণা মৰা দি নিজৰ ভাগটো চেপেটা আৰু কোমল কৰি থৈছে। পুতেকৰ ভাগটোত হাত ফুৰাই দেখে, নাই...হুটা।

মইনা চালাক ছোৱালী। সুযোগ চাই কঠিয়া ব'ব জানে।

সেইদিনা গধূলি খাহীৰ তেলাল জোল আৰু জহা চাউলৰ ভাত বাঢ়ি দি তাই পদুমক ক'লে,
"পদুম, তোৰ চাগে ৰাতি গৰমেই লাগে, নহয়নে বোপাই? তই আজিৰে পৰা বিচনাৰ এইফালে শুবি, ফেনৰ হাৱা ভালকৈ পাবি।"

পদুমে শলাগিলে।

কণতিলৌৱে একো নুবুজিলে।


ইয়াৰ এমাহ পিছত মোমায়েকহতৰ আদৰ খাই, এইবাৰ এশ ষাঠি কিলগ্ৰাম হৈ পদুম ঘৰলৈ গ'লগৈ। ল'ৰা-ছোৱালী দুটাৰ লগতে মইনাৰো চকুপানী ওলাল। পোনাই তাক বাছত তুলি দিবলৈ ওলাল... আৰু মইনাই কণতিলৌক ভিতৰলৈ মাতি আনিলে।

"হেৰি, শুৱাব খুজিছিল নহয় ডানলপত, বলক সেইখন শোৱা কোঠাত পাতোঁগৈ।" মইনাই লাজ-লাজকৈ কণতিলৌক কথাষাৰ ক'লে।

কণতিলৌ অবাক হ'ল। মইনাৰ ওঁঠৰ ফাঁকেৰে মিচিকিয়া হাঁহি এটা সৰকি আহিল।

পিছৰ দিনবিলাকত, সেই মিচিকিয়া হাঁহিটো ঘৰখনৰ চুকে কোণে লাগি ৰ'ল। লখিমী মইনাৰ সুখৰ হাঁহিয়ে ঘৰখন পোহৰাই ৰাখিলে।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
১৩.০৩.২০২০

(আচল শব্দটো মেট্ৰেছ, কিন্তু সচৰাচৰ মানুহে ভুলকৈ কয়, যেনে সকলো লোহাৰ আলমাৰীকে গডৰেজ, চফ্ট ড্ৰিংক্সক কোকা-কলা, মেট্ৰেছক ডানলপ; গতিকে ময়ো চলিত ভাষাৰ ভুল শব্দটোকে ব্যৱহাৰ কৰি লিখিছোঁ, ধৰি লওক মইনাহঁতে তেনেকৈয়ে কয়।)

xxxxxxxxxxxxxx

No comments:

Post a Comment

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...