Monday, 20 July 2020

শাসন



শাসন

(চুটি গল্প)


"বাইদেউ...আপুনি কিন্তু বিৰিণাক লাই দি দি মূৰৰ ওপৰত তুলিছে দেই। দেখা নাই কথাৰ কি ফটফটনি। ইমান চঞ্চল তাই। কাপোৰ-কানিও বেছিয়েই আধুনিক। এনেকুৱা হ'লে ছোৱালী বিয়া দিবলৈ নাপাব কিন্ত, পলাই যোৱাৰহে লক্ষণ এইবোৰ।" অতবছৰে স্বামীৰ চাকৰি সূত্ৰে বাহিৰে বাহিৰে থাকি বৰ্তমান মফস্বল চহৰখনত আহি নিগাজি হোৱা তৃপ্তি বৰুৱাক, কাষতে থকা জাক নন্দাই প্ৰায়েই কাট মাৰে।

"এহ, হওক দিয়া নন্দা। আমাৰ এই অকণমান খোলা ধৰণৰ। এইকণ ফুৰ্তি নকৰিলে হ'বনে? আজিকালি ল'ৰা কি ছোৱালী কি! সিহঁতৰোতো এটা মন আছে। বান্ধি ৰাখিব নোৱাৰোঁ নহয়।" তৃপ্তি বৰুৱাই জাৱকক বুজায়।

"আপুনি দেও অতবছৰ বাহিৰত থাকিছিল বুলিহে এইবোৰ কৈছে। আমাৰ ছোৱালীক পিছে আমি নিদিছোঁ দেই ইমান স্বাধীনতা। কাঢ়া শাসন কৰোঁ বাবেই দেখিছে, মুখৰ মাত পৰ্যন্ত নাই। যি কওঁ তাকেই শুনে। সময়ত বিয়া দিম, আমাৰো সন্মান ৰ'ব।" নন্দা এৰি দিয়া ভকত নহয়।

তৃপ্তি বৰুৱাই হাঁহি থৈ দিয়ে। জীয়েক বিৰিণাৰ লগত তেওঁ বন্ধুৰ দৰে। মুকলি মনেৰে মাক-জীয়েকে সকলো কথা আলোচনা কৰে। নতুন কলেজত কাক ভাল লাগিছে...কাক বেয়া...কোন প্ৰফেচাৰ তামাম হেন্ডচাম...কোন বিৰাট ব'ৰ....এইবোৰ কথাৰ পৰা ৰেচিপি চাই খানা বনোৱা...লগৰ বন্ধুৰ লগত চিনেমা চাই আহি গল্প শুনোৱালৈকে বিৰিণাৰ মাক নহ'লেই নচলে। 

তাকে দেখি নন্দাই বিদ্ৰুপ কৰি হাঁহে। 

"মাক জীয়েকৰ তেল ফাটিছে। অকণো লেগাম নাই ঔ ছোৱালীজনীৰ। পাব মজা, এইবোৰ পাবত গজা ছোৱালীয়ে সন্মান পুৰি খাব।" প্ৰায়েই প্ৰতিবেশী বা সম্বন্ধীয় মানুহৰ আগত নন্দাই গোচৰ তৰে। 

"একে লগৰ আমাৰ জিলমিল কিমান সংযমী, আজিলৈকে টু এটা শুনি পাইছেনে? গাত হাৱা লাগিব কাৰণে এখেতে তাইক ভাল নম্বৰ পোৱাৰ পিছতো আগশাৰীৰ কলেজত ভৰ্তি নকৰি ওচৰৰ ছোৱালী কলেজত নাম লগাই দিছে। কিমান সাৱধান লওঁ আমি।"

সৰুৰে পৰা কাঢ়া আৱেষ্টনীৰ মাজত ৰখা নিজৰ জীয়েক জিলমিলক লৈ নন্দাই প্ৰচণ্ড গৌৰৱবোধ কৰে। বিৰিণা আৰু জিলমিল দুয়োজনী পঢ়াই-শুনাই, ৰূপে-গুণে আগৰণুৱা। কিন্তু স্বভাৱ বিপৰিতমুখী। বিৰিণা কথা চহকী, হৈ হাল্লা কৰি ভাল পোৱা ছোৱালী। অন্তৰত একো নেৰাখে, হল-হলকৈ চব কৈ পেলায়। উদাৰ মনৰ মাক-বাপেকৰ প্ৰশ্ৰয় পাই তাই অলপ চঞ্চল হৈছে ঠিকেই, কিন্তু যি কৰে খোলা মনেৰে কৰে। মাক বাপেকেও তাইক ভায়েকৰ সমানেই গুৰুত্ত্ব দিয়ে, মৰম কৰে অলপ বেছিকৈয়ে। 

খুৰীয়েক নন্দাই সেইটোকে পছন্দ নকৰে। ছোৱালী মানুহ, ইমান উৰণীয়া হলে কেনেকৈ হ'ব! বিৰিণাৰ স্বভাৱৰ বিপৰীতে জিলমিল একেবাৰে ঠাণ্ডা ছোৱালী। নিজৰ পছন্দ অপচন্দলৈ কেতিয়াও মুখ নোখোলে। নন্দাহতে তাইকো ভায়েক দুটাৰ সমানেই মৰম কৰে যদিও সিহঁত দুটাক দিয়াৰ দৰে অবাধ স্বাধীনতা তাইক কাহানিও নিদিলে। ছোৱালী মানুহ, তাতে ঘৰৰ ডাঙৰ সন্তান বুলি তাইক সকলো কথাতে কটকটীয়া অনুশাসনৰ মাজত ৰাখিলে।

তৃপ্তি বৰুৱাই মাজে মাজে জাৱকক অলপ ঢিলাই দিবলৈ কয় যদিও নন্দা আৰু তাইৰ স্বামী তীৰ্থ নিজৰ মতত অটল থাকিল, ৰক্ষণশীল মনোভাৱ নবদলালে। 

"মানুহক দহটা কথা কবলৈ কিয়নো সুযোগ দিওঁ বাইদেউ। এইবোৰ সৰু সৰু জেগা, আপোনাৰ চহৰ নহয়তো।" নন্দাই টপৰাই উত্তৰ দিয়ে।


এইবাৰ পূজাৰ পিছতে চহৰলৈ থিয়েটাৰ আহিছে। বিৰিণাই জেদ ধৰিলে সপৰিয়ালে থিয়েটাৰ চাবলৈ যাব। তীৰ্থ খুৰাকহতকো জোৰ কৰাত যেনিবা তেওঁলোকো মান্তি হ'ল। বিৰিণাহতৰ হোল ফেমিলি যাব। জিলমিলে মাকক বোলে,

"মা তোমালোকেই যোৱা, মোৰ পঢ়া আছে, নাযাওঁ। এনেয়ো এইবোৰ চাই ভাল নাপাওঁ।"

নন্দাৰ বুকু ফুলি উঠিল। "এয়াহে ছোৱালী তুলিছোঁ।" ল'ৰা দুটাৰে সৈতে গিৰিয়েকক লৈ তেওঁ বিৰিণাহঁতৰ লগত যাবলৈ ওলাল। তৃপ্তি বৰুৱাক কিন্তু শুনাবলৈ নেপাহৰিলে,

"আমাৰ এইৰ কিন্তু এইবোৰ চিনেমা থিয়েটাৰৰ নিচা নাই দেই। বিৰিণাৰ নিচিনা অলৈ যাওঁ তলৈ যাওঁ কৰিবলৈ সুযোগেই দিয়া নাই আমি।"

তৃপ্তি বৰুৱাই একো নক'লে। জাৱকৰ মুখখন লাওপাত কচুপাত। কথা বঢ়াই কি লাভ।

থিয়েটাৰ চাই সকলোৱে বৰ ভাল পালে। বিৰিণাই আনন্দতে সকলোকে জ্বলা চানা কিনি খুৱালে। হাঁহি হাঁহি ভায়েকহতৰ লগত চেল্ফি উঠিলে। মাক-বাপেক খুৰাক-খুৰীয়েকক টানি আনি ফটো তুলিলে। 

"জিলমিলজনী অহা হ'লে পাই, মিচ কৰিলে কিন্তু তাই।" বিৰিণাই মাজতে আক্ষেপ কৰিলে। 

"তাই তোৰ দৰে ইমান উদ্ধত নহয় দেও, তয়ো অকণমান সংযমী হ'চোন, ছোৱালী মানুহ।" নন্দাই মুখতে ধৰিলে।


থিয়েটাৰ চাই ঘৰ আহি পাই মানে ৰাতি দোভাগ। বিৰিণাহতে শুবলৈ যো-জা কৰোঁতেই হঠাৎ হুলস্থুল এটা শুনিবলৈ পালে। খুড়ীয়েকহতৰ ঘৰত কোনোবাই কান্দিছে, কিবা এটা ঘটিছে।

চোৰ ডকাইত সোমাইছে বুলি উধাতু খাই সিহঁত নন্দাহতৰ ঘৰ পালেগৈ।

ঘৰৰ ভিতৰ সোমাই তৃপ্তি বৰুৱাই দেখে নন্দা মাটিতে বহি হুৰাও ওৰে কান্দিছে। ওচৰত দেওৰেক তীৰ্থই মূৰে কপালে হাত দি বহি আছে। ল'ৰা দুটাই লৰা-ধপৰা লগাইছে।

"জিলমিল নাই ঔ বাইদেউ। আহি দেখোঁ ৰুম খালী, ক'তো নাই। কোনোবাই কিডনেপ কৰি নিলে নেকি বাৰু? ফোন কৰিছোঁ, চুইচ অফ পাইছোঁ। ঘৰত থকা টকা-পইচা, গহনা-গাঁঠৰি অলপো উধাও। কোনে নিলে হয়নে মোৰ ছোৱালীজনীক!" নন্দা বাউলি হোৱাদি হ'ল।

"ৰবাচোন, বিহ্বল নহ'বা। পুলিচক খবৰ দিওঁ।" তৃপ্তি বৰুৱাৰ স্বামী তপন বৰুৱা ব্যস্ত হৈ উঠিল। পৰিয়ালৰ বিপদ, এতিয়া তেৱেঁই গুৰি ধৰিব লাগিব। তীৰ্থৰ মুখৰ ফালে চাব নোৱাৰা অৱস্থা। 

তৃপ্তি বৰুৱাই নন্দাৰ পিঠিখন মোহাৰি থাকিল। বিৰিণাই খুৰীয়েকক পানী এগিলাচ আনি দিলে।

"বিৰিণা ফোনটো দেচোন, তোৰ লগৰ গৌৰৱৰ দেউতাক থানাৰ অ'চি নহয় জানো? ফোন লগাচোন, কথা পাতো।" তপন বৰুৱাই জীয়েকক নিৰ্দেশ দিলে।

বিৰিণাই ফোন লগাবলৈ লওঁতেই তাইৰ মোবাইলটো বাজি উঠিল। "জিলমিল কলিং" উচপ খাই উঠাদি তাই ফোনটো ৰিচিভ কৰিলে, লাউড স্পীকাৰত দি তাই আটাহ পাৰিলে,

"জিলমিল তই ক'ত আছ, ঠিকে আছতো?"

"আছোঁ, মাক ফোনটো দে বিৰিণা।"

নন্দা ইতিমধ্যে দৌৰি আহি ফোনটোৰ ওচৰ পাইছিলহি,

"ক'ত গলি তই, গোটেইখন বিচাৰিছোঁ, কোনে নিলে তোক?"

"কোনেও নিয়া নাই মা, মই নিজেই গুচি আহিলোঁ। সেইখন ঘৰত মোৰ উশাহ বন্ধ হৈ গৈছিল।"

"কিখন বলকিছ তই, ক'ত আছ। মোক ফোন নকৰি বিৰিণাক কৰিলি যে?"

"বৰতা বৰমাহঁতৰ প্ৰেজেন্সত মই কথাবোৰ ক'ব খোজো, সেইকাৰণে তাইক ফোন কৰিছোঁ।"

"কি কথা? আছ ক'ত তই জিলমিল? নিজে গুচি গলি মানে?"

"মা মই একটিং কৰিব খোজোঁ, ভৱিষ্যতে ডাঙৰ অভিনেত্ৰী হ'ব বিচাৰো। কিন্ত তোমালোকে মোক নিজৰ পছন্দত খাব পিন্ধিবই নিদিয়া, মই জানো কলেজ শেষ হলেই বিয়া দি দিবা। মই এনেকৈ নোৱাৰিছোঁ। গতিকে গুচি আহিলোঁ। লগৰ এজনীৰ মামাকৰ প্ৰডাকচন কোম্পানী আছে, মই তাতেই জইন কৰিম। তোমাৰ পইচা আৰু গহনা অলপ আনিছোঁ, নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিলেই ঘূৰাই দিম। ধাৰ বুলি ভাবি লবা।"

"কেঁচাইখাইটি, বুকুতে কামোৰটো মাৰিলি মোক। ইমান সাৱধানে ৰাখিয়ো শেষত এয়াহে কৰিলি।" নন্দাই আস্ফালন কৰিলে।

"সাৱধানে ৰাখিলা বাবেইতো মা এনেকৈ আহিলোঁ। অলপ যদি তৃপ্তি বৰমাৰ দৰে হ'লা হয়! পলাব লগীয়া নহ'লহেঁতেন।"


নন্দা সেইফালেই থৰ লাগিল। জীয়েকৰ কিবা অঘটন ঘটিছে বোলা ভয়টোৰ এইবাৰ শাম কাটিল। কিন্ত লাজে অপমানে দুখে তাই ম্ৰিয়মান হ'ল। সেমেনা সেমেনি কৰি নন্দাই এইবাৰ তৃপ্তি বৰুৱালৈ চালে। গোটেই জীৱন তেওঁক কথা শুনাই আহিছে তাই। এতিয়া জাৱকে তাইক ঠাট্টা কৰাৰ কমখন সুযোগেইনো নাপালেনে! নিশ্চয় ভালকৈ শুনাব চাগৈ।

নুশুনালে। তৃপ্তি বৰুৱাই এটা কথাও নুশুনালে। লাহেকৈ নন্দাক সাৱটি ধৰি বিচনাত বহুৱাই তাইৰ মূৰটো পিহিবলৈ ধৰিলে। এইবাৰ নন্দাই জাৱকৰ বুকুত সোমাই হুকহুকাই কান্দি পেলালে।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
১১.০৫.২০২০

xxxxxxxxxxxxxx

No comments:

Post a Comment

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...