(এক মিনিটৰ গল্প)
চাৰে-ছয় বাজিলেই।
লিখি থোৱা "ই-মেইলখ"নত আকৌ এবাৰ চকু ফুৰাই "চেণ্ড" বুটামটো টিপি দিলোঁ। এইবাৰ "লেপটপ" বন্ধ কৰি মেলা চুলিখিনি হাত ফুৰাই ঠিক-থাক কৰি ল'লোঁ। বেগটোত চেদেলি-ভেদেলি হৈ থকা বস্তুবোৰ কোনোমতে সামৰি ভৰাই ঘৰলৈ যাবলৈ সাজু হ'লোঁ।
আজি ৰাতি ভাত খোৱা আলহী আহিব। শ্ৰীমান নাই, কামৰ সংক্ৰান্তত মুম্বাইলৈ গৈছে। গতিকে ময়েই বজাৰ-সমাৰ কৰি লৈ যাব লাগিব। ৰন্ধা-বঢ়া, আলহীক খুৱাই-বুৱাই পঠিওৱাৰ পিছত টুনাক শুৱাই, তাইৰ "প্ৰজেক্ট"ৰ বাকী থকা কিছু কাম চাই দিব লাগিব।
মুঠতে দেধাৰ কামে মোলৈ বাট চাই ৰৈ আছে।
খৰখেদাকৈ ওলালোঁ।
"লেপটপ" বেগটো কান্ধত ওলমাই চকীখনৰ পৰা উঠিছোহে মাত্ৰ, "মাৰ্কেটিং ডিভিজন"ৰে সহকৰ্মী স্বপন ডেকাই সচৰাচৰ জোকোৱাৰ দৰে মাত লগালে, "অ' বোলো যাবৰ হ'লেই হ'বলা প্ৰীতি মেডাম? সদায় চাৰে ছয় বাজিলেই পলাবৰ হয়েই যে? আজিও মানে হাফ-দে?"
নিজৰ কথাত ৰস পাই তেওঁ নিজেই ঢেকঢেকাই হাঁহি উঠিল। অফিচৰ বাকী থকা ষ্টাফখিনিৰ কিছুমানে মূৰ তুলি চালে। কিছুমানে খুলি হাঁহিলে, কিছুমানে লুকুৱাই।
মোৰ মিচিকিয়া হাঁহি এটাও ওঁঠৰে নিগৰি নাহিল।
এই মানুহটোৱে মোক সদায় এই ধৰণৰ কথা শুনায়, আৰু আমাৰ প্ৰতিষ্ঠানৰ বেছিভাগ পুৰুষ সহকৰ্মীয়েই ৰস পাই হাঁহে। বেছিভাগ ছোৱালীয়েই অস্বস্তিত ভোগে, নীৰৱে শুনি থাকে। কোনেও একো নকয়।
মই প্ৰতিষ্ঠানৰ এগৰাকী সুনাম থকা কৰ্মচাৰী। পুৱা ঠিক সময়ত অফিচলৈ আহোঁ, দিনটো মনপুতি কাম কৰোঁ, সময়ত ঘৰলৈ বুলি ওলাওঁ। আজিলৈকে কামৰ সদনামেই পাই আহিছোঁ, নিয়মমাফিক পদোন্নতি হৈছে, কোনোদিনে কামক লৈ মুৰব্বীৰ পৰা কথা শুনিবলগীয়া হোৱা পৰিস্থিতি অহা নাই।
তথাপিও মোক ডেকাহঁতে এইবোৰ কথা শুনায়। অনাহকত, অবান্তৰ কিছুমান সময়ৰ হিচাপ-নিকাচ কৰে।
আচলতে আমাৰ দেশত ব্যক্তিগত খণ্ডত প্ৰতিষ্ঠানসমূহৰ কৰ্ম - সংস্কৃতিয়েই এইটো। যিমানেই বিয়াগোম প্ৰতিষ্ঠান নহওক, যিমানেই বহুজাতিক অনুষ্ঠান নহওক, ভাৰতৰ কৰ্মচাৰীৰ সদায় মূলনীতি হ'ল "পৰিণামতকৈ পৰিমাণৰ মান বেছি।" এচাম সহকৰ্মীৰ মতে বেছি দেৰিলৈকে অফিচত থকা মানে বেছি কৰ্মপটু। লাগিলে দিনটো ফাং-ফুং কৰি সময়বোৰ নষ্টই কৰক। লাগিলে দিনটোত লেখৰ-জোখৰ কাম মাৰি-কাটি এক ঘণ্টাও নকৰক। কিন্তু সময়তকৈ দেৰিলৈকে অফিচত পৰি থকা মানেই নিষ্ঠাবান, লায়কৰ মানুহ।
ডেকাহঁতো তেনেকুৱাই।
মন কৰিলোঁ কাণদুখন ৰঙা পৰিছে মোৰ। চিকা মাৰি হাত গোন্ধ কৰাৰ অভ্যাস নাই বাবেই ইমানদিনে মনে-মনে শুনি আহিছোঁ। পিছে আজি মোৰ জিভাখনে মগজুটোক আমনি কৰিলে। দিনটো ইয়াত খাটি- মেলি উভতি গৈ যে বাকীখিনি সময়ো দৌৰা-দৌৰি কৰি সংসাৰ-ধৰ্ম পালন কৰোঁতেই দেহ-মন ক্লান্ত হ'ব, সেই ক্লান্তিয়েই মোক এতিয়াই হানা-খোচা কৰিবলৈ আৰম্ভ কৰিলে। এটা বিচাৰ লাগে।
"কি কৰিব ডেকাদা, মোৰতো দিনতো আপোনালোকৰ দৰে দছবাৰ চাধা-চিগাৰেট ব্ৰেক, টি-কফি ব্ৰেক, আড্ডা ব্ৰেকবোৰ লৈ গধূলিৰ পিছলৈকে অফিচত শুই-বহি সময় কটাব পৰা ভাগ্য নাই!"
অপ্ৰত্যাশিত উত্তৰটো শুনি ডেকা আৰু তেওঁৰ সংগীবৃন্দ উচপ খাই উঠিল। ডেকাই ইতিমধ্যে কাষৰজনক কিবা এটা নিষিদ্ধ অথচ প্ৰচণ্ড জমনি "ৰীল" দেখুৱাবলৈ ব্যগ্ৰ হৈ উঠিছিল। মোৰ কথাত তেওঁ তভক মাৰি ৰ'ল।
মই গাই গ'লোঁ,
"আৰু এতিয়া নিয়মমতে অফিচ ছুটিয়েই হ'ল, মোৰ আজিৰ দিনটোৰ কৰিবলগীয়া কামো শেষ হ'ল। আপোনাৰহে কাম বাকী আছে যেন পাওঁ, সেয়েহে ইয়াতে পৰি আছে।"
বেছিভাগ সময়েই মূৰ গুজি নিজৰ কামত নিমগ্ন মোৰ কথা শুনি ডেকাই সেপ ঢুকিলে। তেওঁ বোধহয় ভাবিছে, আজি দেখোন শেনৰ এজাত!
কাম কৰি থকা মানুহখিনিয়ে ক'ত কি হৈছে উমান ল'বলৈ মূৰ তুলি তুলি চাইছিল। বেছ সংখ্যক ছোৱালীয়ে ফূৰ্ত্তি পায়েই নে সাহস পায়েই মোৰ ওচৰ পাইছিলহি।
মই থমকি নৰ'লোঁ।
"ডেকাদা, কেতিয়াবা ভাবো, আপোনাৰ ঘৰখন বৌয়ে অকলে-অকলে চম্ভালি থকাৰ নিচিনাকৈ মোৰো যদি এজনী ঘৈণী থাকিল হয়! মোৰ ঘৈনীয়ে ঘৰৰ সমস্ত কাম কৰিলে হয়, ল'ৰা-ছোৱালী তোলা, বজাৰ-সমাৰ চম্ভালা জাতীয় কামবোৰ কৰি থ'লে হয় আৰু মই ইয়াত আপোনাৰ দৰেই বিন্দাচ টাইম-পাছ কৰিব পাৰিলোহেঁতেন। কি যে আৰাম হ'ল হয়।"
বটল খুলি পানী এঢোক গিলি মই উমান ল'লো, দৰৱ পালিয়ে কাম দিছে নে? দিছে। অন্ততঃ এমাহ মানলৈ ডেকাহঁতৰ মনৰ বীজাণু কীটানু দূৰতে বিদুৰ কৰিব।
এইবাৰ হাই-হিলৰ শব্দ তুলি গপগপাই ওলাই আহিলোঁ। পিছফালে ডেকাহঁতৰ মুখকেইখন স্পষ্টকৈ দেখা নাপালোঁ। কিন্ত অফিছটোৰ কাঁহ পৰি জীণ যোৱা অনুভূতিটোৱে মোক চুই গ'ল। আজি সন্ধিয়াৰ পিছলৈ প্ৰত্যাশা কৰি থকা ক্লান্তিখিনি নিমিষতে ধুই নিলে তৃপ্তিখিনিয়ে।
মনতে হাঁহি পেলালোঁ।
(সমাপ্ত)
✍ © ৰূপালীম মহন্ত
১৮.০৫.২০২০
xxxxxxxxxxxxxx

No comments:
Post a Comment