বৰষা যেতিয়া নামে বুকুলে
(চুটি গল্প)
কিনকিনিয়া বৰষুণ জাকে কঢ়িয়াই লৈ অনা মৃদু বতাহকণে বাৰিষাৰ আবেলিটো মনোৰম কৰি তুলিছিল। টিউশ্যন ক্লাছটোৰ পৰা এজাক ল'ৰা-ছোৱালী হুৰমূৰকৈ ওলাই আহিছিল।
বিৰিণা খৰধৰকৈ আগবাঢ়ি গ'ল। লগৰবোৰে "ঐ অলপ ৰৈ দিওঁ আহ, বৰষুণ গ'লে যাম দে" বোলা চিঞৰ কেইটাক আওকাণ কৰি "আৰু ৰৈ থাকিলে এন্ধাৰ হ'ব, বৰষুণ বাঢ়িব হে" বুলি একে আষাৰে উত্তৰ দি তাই বাছ ৰোৱা ঠাইখিনিলৈ খোজ ল'লে।
এইখিনিতেই অস্থায়ী বাছ ষ্টপেজটো। আজি জনসমাগম পাতল। ওচৰত বৰষুণ বা ৰ'দৰ পৰা আশ্ৰয় ল'বলৈ চালি তালি, বেঞ্চ জাতীয় একো নাই। বেছিভাগ ল'ৰা-ছোৱালী টিউশ্যন চেণ্টাৰতে ৰৈ দিছিল। গৈ থকাবোৰে হয় ছাতি নহয় কিতাপৰ বেগটোকে মূৰত লৈয়েই বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা চলাইছিল। কেইটামানে চাইকেল, ৰিক্সা, অটো যি পাইছে তাতেই উঠি পৰিছিল। ওচৰৰে গুমটিখনত সৰুফুটীয়া ল'ৰাটোৱে চাহ বাকি বাকি ইহঁত মখাৰ ৰেহ-ৰূপ চাই আছিল। তাৰ চেকেণ্ড-হেণ্ড টেপ-ৰেকৰ্ডাৰটোত বাজি থকা কেছেটটোৱেও যেন বতৰৰ লগত নিজকে খাপ খুৱাই লৈছিল।
"চাৱন বৰছে তৰছে দিল...
কিউ না নিকলে ঘৰছে দিল...
বৰখা মে ভি দিল প্যাচা হে...
য়ে প্যাৰ নহি তো ক্যা হে?"
বিৰিণা আগবাঢ়িল। বাছখন ধৰিব গৈ লাগিব।
সৌ টো নিয়ৰ। মস্ত ক'লা ছাতি এটা লৈ বাছলৈ ৰৈ আছে। অকলে।
"দেখিব মন নাযায় এইটোক! ইয়াৰ কাৰণেই সদায় ঘৰত গালি শুনি মৰো।" বিৰিণাই মুখৰ ভিতৰতে ভোৰ ভোৰালে।
নিয়ৰ আৰু বিৰিণাৰ ঘৰ একেটা চুবুৰীতে। ধীৰ-স্থিৰ স্বভাৱৰ পঢ়া-শুনাত বাৰুকৈয়ে চোকা নিয়ৰৰ বিপৰীতে গুৰু-গোঁসাই নমনা উৎপতিয়া বিৰিণাজনী। নিয়ৰৰ উদাহৰণ দি দি মাকে তাইৰ কাণ গেলাই দিয়ে। তায়ো সমানে ফেপেৰি পাতি ধৰে "সি হ'লেই যেনিবা গোটেইটো গৌতম বুদ্ধ, মইও হ'ব লাগিব বুলি কথা আছে নেকি? তোমালোকে এনেকুৱা কৰা যেন মই গোটেইজনী গাধ নাম্বাৰ ৱান।"
নহয়। বিৰিণা পঢ়া শুনাত মুঠেই বেয়া নহয়। তাই আচলতে বেছ তীক্ষ্ণ বুদ্ধি সম্পন্ন। কেৱল বুদ্ধিখিনি পঢ়া শুনাতকৈ দুষ্টামি আৰু কথাত বেছিকৈ লগায়। খেলা-ধূলা, নাটক আদিত তাইৰ ৰাপ বেছি।
নিয়ৰে বিৰিণাহতৰ ঘৰৰ চুপতি শুনি কেৱল হাঁহে। "তই জ্বল ন?" সি বিৰিণা লাহেকৈ সোধে। তাই মুখখন ভেকেটাই আঁতৰি যায়।
সকলোৱে জানে, একেখন স্কুলতে পঢ়িলেও, ঘৰুৱা আহ যাহ থাকিলেও দুয়োটাৰে অহি নকুল সম্বন্ধ। দুয়োৰে বন্ধুৰ গোট বেলেগ, পছন্দৰ কাম বেলেগ। সি যদি সুমেৰু, তাই কুমেৰু। তাই গৰমত হৈ হাল্লা কৰি ফিল্ডত বাস্কেট বল খেলি থকা সময়ত সি আপোন মনে লাইব্ৰেৰীত বাহিৰা কিতাপবোৰ গোগ্ৰাসে গিলে। কোমল,গহীন মুখৰ চশমা পিন্ধা নিয়ৰ আৰু অনবৰতে দুষ্ট দুষ্ট ভাব মুখত লাগি থকা টোল পৰা গালৰ বিৰিণা।
ইটোৱে সিটোৰ ছাঁ টোকে গচকিব নিবিচাৰে।
মেট্ৰিক পাছ কৰি দুয়োটাই স্কুলতে ক্লাছ ইলেভেনত নাম লিখালে। যথেষ্ট ভাল ৰিজাল্ট কৰাৰ পিছতো নিয়ৰ কটনলৈ পঢ়িবলৈ নগ'ল। ভালকৈ পঢ়িলে য'তে ত'তে থাকিও ৰিজাল্ট ভাল কৰিব পাৰিম বুলি সি মাকহতক প্ৰায়েই কয়।
"ফুটনি হৈছে তাৰ। স্কুলত যহাবলৈ হে ৰৈ গ'ল" বুলি বিৰিণাই ঠাট্টা কৰে।
নিয়ৰে উত্তৰ দিয়ে "টুৱেলভ পাছ কৰি এনেও বাহিৰলৈ যাম পঢ়িবলৈ। তেতিয়া আৰু এইফালে মুখেই নকৰোঁ। এই দুবছৰ মোক সহি থাক কোনোমতে। আৰু স্কুল এৰিলে দেইলি দেইলি খুৰীয়ে ৰন্ধা টিফিন কেনেকৈ খাম?"
কথাটো সঁচা। স্কুলত আগতে প্ৰায়েই নিয়ৰে টিফিন আনিবলৈ পাহৰে। ইলেভেনত উঠাৰে পৰা ননাই হ'ল। ব্ৰেক টাইমত এক কোবত আহি আড্ডাৰ মজা লৈ লৈ নিজৰ গ্ৰুপত টিফিন খাই থকা বিৰিণাৰ বাকচটো আৰামত কাঢ়ি লয়। একো যেন হোৱাই নাই, এই ভাবত আধাখিনি টিফিন মুখত ভৰাই, খঙত অগ্নিশর্মা বিৰিণাক "কুল ইট" বুলি কৈ গুচি যায়। তাই হাজাৰ গালি শপনি পাৰিলেও সি খাবই খাব।
"ডেকাটো দেখুৱাইছ, টিফিন আনিবলৈ লাজ লাগে, মোৰ পৰা হামলা কৰি নিবলৈ তোৰ লাজ নালাগে নহয়?"
"উৱা, তোৰ বুলি খোৱা নাই নহয়, খুৰীয়ে বনাই দিয়া বস্তু বুলি হে খাইছোঁ। মই পাহৰি যাওঁ যে।"
যাওঁতে পিছফালে ঘূৰি সি চিঞৰি,
"হো ল এইটো কেটচ কৰ" বুলি এটকীয়া জ্বলা আলু চিপছৰ পেকেট এটা তাইলৈ দলিয়াই দিয়ে।
তাই সেই চিপছ খাই সেহাই সেহাই বান্ধৱীক কয়,
"দেখিব মন নাযায় মোৰ এইপাটক। অকল মা হতৰ খাতিৰত সহি থাকোঁ।"
তাইৰ বেছি খং উঠে যেতিয়া শ্বাহৰুখৰ নতুন চিনেমাখন লগৰবোৰৰ লগত উদেষ্ণাত চাবলৈ যাওঁতেও নিয়ৰ গৈ ওলাইগৈ। তাৰ বন্ধু উৎপলৰ লগত।
"নিবোকা চামোন, কেৱলীয়া ভকতটো, তই আজি চিনেমা চাবলৈ আহিলি যে? তোৰ গ্ৰন্থ মহোৎসৱ শেষ হ'ল নেকি?"
"তোক চাবলৈ অহা নাই নহয়, চুপ থাক। কৰীনাক চাবলৈ আহিছোঁ।"
"ই পক্কা মোৰ জাচুচি কৰিবলৈ আহিছে।" লগৰবোৰক তাই কয়। "জৰুৰ মায়ে পঠিয়াইছে।"
স্ক্ৰীনত "কভি খুশি কভি গম" চলি থাকোতে তাই নিজে কভি আগলৈ কভি পিছলৈ দৃষ্টি নিক্ষেপ কৰি থাকে। চাৰি শাৰী মান পাচফালে বহা নিয়ৰ একান্তমনে চিনেমাত ডুব গৈ থাকে। এইফালে পৰ্দাত গান চলি থাকে,
"কেহ দো না কেহ দো না, ইউ আৰ মাই চনিয়া।"
বিৰিণাৰ চিনেমাত আৰু মনোযোগ দিয়া নহয় গৈ।
চবেই কয় সিহঁত দুইটাই হেনো বাচ্চাৰ নিচিনাকৈ দন কৰে।
এইবাৰ সিহঁত ক্লাছ টুৱেলভলৈ উঠিল। শৰ্মা ছাৰৰ অংকৰ টিউশ্যন। সপ্তাহত তিনি দিন। ৰ'দ হওক বৰষুণ হওক আহিব লাগিবই।
"চিহ আধা তিতিলোঁৱেই চোন।" বৰষুণ পৰা কোনোমতে সৰকি বিৰিণা এইবাৰ গৈ নিয়ৰৰ পৰা অকণমান দূৰত থিয় দিলে। তাইলৈ কেৰাহিকৈও নোচোৱা নিয়ৰে হাত দাঙি ২১ নম্বৰ বাছখন ৰখালে। ছাতি বন্ধ কৰি উঠা নিয়ৰৰ পিছে পিছে বিৰিণাও উঠি পৰিল।
ইতিমধ্যে আকাশখন গোমা হৈ আহিছিল। বৰষুণটোও অলপ জোৰকৈ পৰিবলৈ লৈছিল। খালী বাছখনৰ শেষৰ ছিটটোৰ খিৰিকীৰ কাষত বিৰিণা বহি পৰিল। ইটো মূৰত নিয়ৰ। ৰুমালখনৰে মুখখন মচি মচি তাই নিয়ৰলৈ চালে।
সি ঠাট্টা সূচক চাৱনি এটা দি আছিল।
"ছাতি আনিবলৈ আজিও পাহৰিলি হ'বলা?"
"তাতে তোৰ কি আহে যায়? তই টিফিন পাহৰ চোন সদায় সদায়।"
"টিফিন হে পাহৰো। নাখালে নমৰো নহয়। কিন্তু বৰষুণত তিতি গা বেয়া কৰাত নাই দেই।"
"নাখাই নো ক'ত মৰিছ, সদায় মোৰ পৰা চুৰ কৰি কৰি..."
"বাবলু" বাছখনৰ চেঙেলীয়া কনডাক্টৰটোৰ আজি মুড ভাল আছিল হ'বলা। আনদিনাৰ নিচিনাকৈ দলেৰ মেহেন্দিৰ ভাংৰা বা আলটাফ ৰাজাৰ "হম তো ঠেহৰে পৰদেচী" জাতীয় হুলস্থুলবোৰ নলগাই আজি কুমাৰ চানুক সুযোগ এটা দিছে।
বিৰিণাৰ কথাক গুৰুত্ব নিদি নিয়ৰে ছিটটোত গাটো অলসভাৱে এৰি দিলে। আৰামেৰে হেলান দি একান্তমনে সি গানৰ আমেজ ল'বলৈ ল'লে। নেপথ্যত বাজি আছিল পৰদেচ ছবিৰ গানটো
"দো দিল মিল ৰহে হেই
মগৰ চ্ছুপকে চ্ছুপকে
চবকো হো ৰহি হে
খবৰ চ্ছুপকে চ্ছুপকে..."
নিয়ৰেও আপোনমনে গুণ গুণাবলৈ লৈছিল।
বাছখন উলুবাৰীৰ পৰা ফাৰ্ম গেট পায়হি মানে অসময়তে এন্ধাৰ নামি আহিছিল। এইখিনিৰ পৰা সিহঁতৰ ঘৰলৈ নাই কমেও ১৫ মিনিটৰ খোজ কঢ়া ৰাস্তা।
বাছৰ পৰা নামি বিৰিণাই ইফালে সিফালে চাবলৈ ধৰিলে। চেহ, সময়ত ৰিক্সা এখনো পাবলৈ নাই। এনেই হ'লে নলগা সময়ত আহি "বাইডো জাবু নিকি" বুলি জুমুৰি দি ধৰে।
"আহ আকৌ, কিয় নো নাটক কৰ? গোটেই বৰষুণত টিউশ্যনৰ দিনকেইটা তোক ময়েই কঢ়িয়ালোঁ। আজি মিছা মিছা ড্ৰামা নকৰিবি।" নাতি দূৰৈত ছাতিৰ তলৰ পৰা নিয়ৰে ৰিঙিয়াই মাতিলে।
কথাটো হয়। এই কেইদিন প্ৰতি দিনে বৰষুণ দিছে। আৰু প্ৰতিদিনে বিনা ছাতিৰ বিৰিণাই নিয়ৰৰ পৰা গালি খাইছে।
যাওঁ নাযাওকৈ তাই ছাতিৰ তলত সোমালগৈ।
"তইনো মোক কিয় সদায় সদায় মাত? দয়া কৰি দেখুৱাইছ? মোৰ ৰক্ষক তই?"
"ধুই, খুৰীয়ে দুখ পাব যে আদৰুৱা জীয়েকৰ চৰ্দি লাগিলে। আৰু তই ক্লাছত শেঙুন মচি থাকিবি। বেয়া দেখি নহয়। তোৰ টিফিনৰ ধাৰ মাৰিছোঁ দে, ফ্ৰিতে কৰা নাই।"
কালি গধূলিয়েই বাটত বিৰিণাই নিয়ৰৰ মাক, শান্তি বৰমাক লগ পাইছিল। কথাৰ মাজতে ওলাইছিল যে নিয়ৰে হেনো দেইলি টিফিন লৈ স্কুললৈ যায়। এদিনো নাপাহৰে। তাই বৰমাকক একো কোৱা নাছিল।
"হ'ব দে। থৈ দে তোৰ চচিয়েল চাৰ্ভিছ। ঐ মোৰ ফালে ছাতি দে, তিতিছোঁ মই।"
"এমাইল দূৰত থাকিলে ক'ত নিতিতাকৈ থাকিবি বাৰু? এইটো ছাতিহে, তম্বু নহয়। কাষ চাপি আহ।"
বিৰিণাই এইবাৰ কাজিয়া নবঢ়ালে। কেৱল কুচি মুচি নিয়ৰৰ কাষ চাপি গ'ল।
এইখিনি সময় যে তাইৰ জীৱনৰ সকলোতকৈ আপোন আপোন লগা, মায়াময় সময়। তাইৰ উৎপতিয়া মনটোক থিতাতে শান্ত কৰি তুলিব পৰা সময়।
বৰষুণ থাকিলেও, জুলাই মাহৰ গৰম। বিৰিণা ঘামিছিল। হাতৰ ৰুমালখনৰে মুখখন এবাৰ মচি তাই বেগৰ ভিতৰত সুমুৱাই থ'লে। থওঁতে বেগৰ একোণত যোৱা কেইদিন এলাগী হৈ পৰি ৰোৱা ৰঙা ছাতিটোত তাইৰ আঙুলিৰ স্পৰ্শ লাগিল। মনে মনে যেন তাই ছাতিটোক কৈ উঠিল, "তই ইয়াতে চুপ চাপ সোমাই থাক।"
অলিবাটৰ সমুখলৈ চকু ৰাখি গহীন ভাবত খোজ কাঢ়ি থকা নিয়ৰে গুণগুণাই আছিল,
"চ্চাহে তুম কুচ্ছ না কহো,
মেনে চুন লিয়া,
কে চাথী প্যাৰ কা
মুঝে চ্ছুন লিয়া...
চ্ছুন লিয়া...মেনে চুন লিয়া।
পেহলা নশা...."
বৰষাই ধুই নিয়া, গধূলি হওঁ হওঁ বোলা আবেলিটোত বিৰিণাৰ গাল দুখনৰ টোল দুটা মুহূৰ্ততে স্পষ্ট হৈ উঠিল। লগতে তিৰবিৰাই উঠিল তাইৰ দুষ্ট দুষ্ট চকুহালো।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
৩.০৩.২০২১

No comments:
Post a Comment