সংগী
(চুটি গল্প)
মানুহজন গুচি যোৱাৰ আজি ১২ দিনেই হ'ল। সকাম ভাগিও পৰিয়ালবৰ্গ আৰু বন্ধু বান্ধৱৰ উপস্থিতিত নিৰালম্বে সম্পন্ন হ'ল।
আজি জ্ঞাতিভোজৰ দিনা মৃতকৰ পছন্দৰ খাদ্যসম্ভাৰ ৰন্ধা হৈছে। ভোজৰ সুগন্ধ কেওফালে বিয়পি পৰিছে। মৰমৰ পুত্ৰ-বোৱাৰীয়ে কামৰ তদাৰকী কৰিছে, চেনেহৰ জী-জোঁৱায়ে সকলোৰে লগত কথা পাতি ফুৰিছে, আৰু আটাইৰে আদৰৰ নাতি-নাতিনী কেওটাই মিলি মুকলিমূৰীয়াকৈ আগফাল পাছফাল কৰিছে। যোৱা কেইটা দিনৰ গুমগুমীয়া আমন জিমন পৰিবেশটোৰ আজি অলপ শাম কাটিছে। থাকি যোৱা আপোন মানুহখিনিয়েও সকামৰ ভাগৰ মাৰি বহি লৈ খোলা মনেৰে কথা দু আষাৰ পাতিছে। মানুহজনৰ আকস্মিক মৃত্যুৰ শ্বকটো মানুহবোৰে লাহে লাহে সহজভাৱে লৈছে, আহিবলগীয়া সময়খিনি বাবে পৰিয়ালটোক সবল কৰি তুলিছে।
"হওক তেও। কোনো কষ্ট নোপোৱাকৈ সুখত গ'ল মানুহজন। এনেকুৱা মৃত্যু হে কাম্য। যাওঁতে পো-জীৰ ভৰা সংসাৰ দেখি সুখত গ'ল দে।"
"কাকো আমনি নিদিয়াকৈ যাব পাৰিলেই সুখ, তেওঁৰো, পৰিয়ালৰো। নে কি কোৱা?"
মানুহবোৰৰ কথাবোৰ একান্তমনে শুনি আছিল সদ্য স্বামীহাৰা মানুহজনীয়ে। কাকো একো উমান নিদিয়াকৈ, কাকো পৰিস্থিতিৰ বুজ নিদিয়াকৈ, কাকো কিবা এটা কৰাৰ সুবিধা নিদিয়াকৈ, যাওঁ বুলিয়েই তেওঁৰ ৪৫ বছৰীয়া বিবাহিত জীৱনৰ সংগীজন সেইদিনা গুচি গ'ল। প্ৰতিদিন ৰঙা বেলিটোৰ দৰে উজ্জ্বল হৈ থকা তেওঁৰ কঁপালখন উকা কৰি পলকতে গুচি গ'ল। সেয়া কেনেকুৱা সুখ?
বহুদিনীয়া ৰোগত ভুগি থকা স্বামীৰ সেৱা-শুশ্ৰূষা কৰি শেষ বিদায় দিয়ে, সেয়াও দেখিবলৈ ভাল। অন্তত কৰণীয়খিনি কৰিবলৈ সুযোগটো পায়, নিজকে সাজু কৰিবলৈ সময় পায়। কিন্তু এনেকৈ... কোনো আগজাননী নিদিয়াকৈ....মিনিটতে তেওঁক অকলশৰীয়াকৈ এৰি যোৱা মানুহজনৰ শূন্যতাখিনি, অভাবখিনি তেওঁ সুখ বুলি মানি ল'ব কোন সতে?
স্বামীৰ আকস্মিক মৃত্যুত নিস্তব্ধ হৈ পৰা মানুহজনীক যোৱা কেইদিন ধৰি মানুহবোৰে যথেষ্ট সান্ত্বনা জনাইছিল, সমবেদনা জ্ঞাপন কৰিছিল। খবৰ ল'বলৈ অহা মানুহক তেওঁ অস্ফুট কণ্ঠেৰে দুই এটা শব্দ কৈ বিদায় দিছিল। প্ৰথম আঘাতৰ কন্দা-কটাখিনি হৈ যোৱাৰ পিছত নিজৰ মানুহখিনিৰ আগতো তেওঁ বৰকৈ কান্দি থকা নাছিল। নুমলীয়া নাতিনীজনীক সাৱটি ধৰি, তাইৰ লগত কথা পাতি তেওঁ সময়খিনি পাৰ কৰিছিল।
মানুহবোৰে কৈছিল,
"আপুনি চিন্তা নকৰিব। আপোনাৰ সন্তান দুইটা সুযোগ্য। জোঁৱাই আৰু বোৱাৰীও বৰ ভাল। আপোনাক চাব। নিজকে নিঠৰুৱা বুলি নাভাবিবচোন।"
মানুহজনীৰ মুখৰ মাত নাছিল। এৰা, কথাটো সঁচা। জীয়াই থাকিবলৈ যিখিনি মৰম, পৰিচৰ্যা, আদৰ যত্নৰ প্ৰয়োজন তাতকৈ হয়তো অনেক বেছি তেওঁ পাব। কিন্ত মানুহজন যে গুচি গ'ল, সেই দুখখিনি তেওঁ ক'ত সাঁচি থ'ব, ক'ত লুকুৱাই ৰাখিব?
শোকে সন্তাপে জৰ্জৰিত মৃতকৰ পত্নীয়ে বিগত দিনকেইটা প্ৰায় অনাহাৰেই কটালে। আত্মীয় কুটুম্বৰ চিন্তা, মানুহজনীয়ে আজি ভাত সাজ লগে ভাগে খাওক। কথাবোৰ অলপ সহজ হওক।
ককাই ভাই, সম্বন্ধীয় পেহীয়েক মামীয়েকবোৰ তেওঁক লৈ একেলগে খাবলৈ বহি পৰিল। ভাতৰ থালত হাত দি পিছে মানুহজনী ঠাইতে দৰক দিলে। কাষতে উচপিচাই থকা বোৱাৰীয়েকে কথাটো মন কৰি আছিল । তাই দৌৰি আহিল, "মাই সৰু মাছ ভজা ভাল নাপায়। সেয়া দেউতাৰ হে প্রিয় আছিল।"
ভাতৰ থালখনত অন্যান্য সৰঞ্জামৰ লগত মচমচিয়াকৈ ভজা মোৱা মাছ এবাটিও আছিল। শহুৰেকৰ অতিকৈ প্রিয়।
"অ তো, মা দেউতাৰ মাজত প্ৰতি দেওবাৰেতো এই কথাটো লৈয়েই চুপতি হৈছিল। কিয় মা, তুমি যে বকা, কিয় আনে এইবোৰ সদায় সদায়, জুপি-জুপি বাছিবলৈ মোৰ যে কি কষ্ট!" পৰিৱেশটো পাতলাবলৈকে পুতেকে এইবাৰ ৰগৰ কৰিলে।
"হয় তো, মাই সৰু মাছ খাই অত্যন্ত বেয়া পায়, কাঁইটে বিন্ধে হেনো।" নুমলীয়া সন্তান, জীয়েকেও কৈ উঠিল।
মানুহজনীৰ মুখত কিঞ্চিত হাঁহি বিৰিঙিল।
তেওঁ বকি বকি মাছ বাছে, ওচৰতে গিৰীয়েকে মুঢ়া এটা পাৰি বহে। কাটিবলৈ গোটাই পিতাই থোৱা পাচলিখিনি কোচতে লৈ কথাৰ লাচতে কটাৰিখনৰে কাটি পেলায়। আলুৰ বাকলি গুচায়। জাতি লাওটো মিহি মিহিকৈ কূটে। লগতে কৈ যায়,
"হেৰা, তুমি বুইছা, মাছ খাবই নাজানা। খালী এই যে ডাঙৰ মাছ সোপা খোৱা, এইবোৰ কিবা মাছ হ'ল নেকি? দুনীয়াৰ চালানী মাছ। আচল টেষ্ট পাবা... এই যে..এই জাতীয় সৰু সৰু মাছবোৰত। জীয়ন দি থোৱা কাৱৈ মাছেই হওক বা এই সৰু সৰু পুঠী, মোৱা... এইবোৰ হৈছে ফ্রেছ, আচল মাছ। পুঠী মাছৰ বিলাহী আৰু ধনীয়া দিয়া পাতল জোলখন যে, আহ... কি ফুৰফুৰিয়া গোন্ধ। তোমাৰ চালানী নালাগে লোকেল ৰৌৱেও পাট্টা নাপাব।"
"আপোনাৰ প্ৰাণটো সৰু মাছত বাচে, জনা আছে আমাৰ।" মানুহজনীয়ে ভেকাহি মাৰে।
"আপুনিটো খায়েই খালাচ। বছাজনীয়ে হে জানো। কিমান কষ্ট, এইসোপা লেটি পেটি।" তেওঁ আপত্তি কৰে।
"হেঃ হেঃ...তুমি সৰু মাছ বেয়া পোৱা সেইটোকে কোৱা...."
"আইৰ ঘৰত থাকোঁতেও মই সৰু মাছ নাখাইছিলোঁৱেই। আতাদেৱে দেওবাৰে মোৰ বাবেই পুখুৰীত জাল পেলোৱায়, ডাঙৰ মাছ খুৱাম বুলি। আজি অত বছৰে আপুনি হে নুবুজিলে।"
"উৱা, কি কোৱাহে, তোমাক মই তোমাৰ পছন্দৰ ডাঙৰ মাছৰ পেটী নুখুওৱাকৈ ৰাখিছোঁ নে কিবা?কিন্তু সৰু মাছৰ সোৱাদ কণ তুলনাবিহীন।"
মাছ বচা আৰু পাচলি কটা কথাৰ লগে লগে শেষ হৈ যায়। কথা শেষ নহয়।
তেওঁলোকৰ মৰমৰ দনখনৰ লগে লগে পাকঘৰৰ কামবোৰো লগে ভাগে শেষ হয়। আথে বেথে মানুহজনক তেওঁ সৰু মাছ ভজা বা চৰ্চৰি কণ ৰান্ধি দিয়ে। মানুহজনে তৃপ্তিৰে খোৱা দেখি তেওঁৰ পেট ভৰে। মানুহজনে কয়,
"আনিম দিয়া। অহা দেওবাৰে তোমাৰ পছন্দৰ পুলপুলিয়া ৰৌ মাছৰ পেটী আনিম। তুমি হেঁপাহ পলুৱাই খাবা।"
মানুহজনীয়ে হাঁহে।
প্ৰথমে ল'ৰা-ছোৱালী হালে, পিছলৈ বোৱাৰী আৰু জোঁৱায়েও জোকায়, "তোমালোকক মানিছোঁ কিন্তু দেই মা। এই যে তোমালোকৰ লাভ-হেট সম্পৰ্কটো, এমেজিঙ। কাজিয়াও লাগে, আকৌ এজনে আনজনক এৰি থাকিবও নোৱাৰা।"
সঁচাকৈয়ে, মানুহজনতো কেৱল তেওঁৰ স্বামী নাছিল, আছিল প্ৰতি খোজতে লগ দিয়া অবিচ্ছেদ্য সহচৰ, আজীৱন লগৰী। তেওঁৰ জীৱনৰ একমাত্ৰ প্রিয়বন্ধু।
মানুহজনীৰ মুখখন জীপাল হৈ উঠিল। এনে এজন সংগীৰ লগত এটা পৰিপূৰ্ণ জীৱন পালে তেওঁ। সেই সুখখিনিওতো কম নহয়। মানুহজন গ'লগৈ সঁচা, পাৰ হৈ যোৱা সময়খিনি তেওঁৰ স্মৃতিৰ মণিকোঠাত সদায় সজীৱ হৈ থাকি যাব, সেয়াওতো সঁচা।
কুশলে থাকক তেখেত। তেওঁ নিজেও ভালে থাকিব।
আশে পাশে থকা উদ্বিগ্ন মানুহখিনিলৈ চাই তেওঁ কোমলকৈ হাঁহিলে।
বৌয়েকৰ ইংগিতত ইতিমধ্যে মাকৰ থালৰ পৰা সৰু মাছৰ বাটিটো উঠাই নিবলৈ আহিছিল জীয়ৰীজনী। তাইৰ হাতখন হঠাৎ থাপ মাৰি সদ্য স্বামীহাৰা মানুহজনীয়ে খোলা মনেৰে কৈ উঠিল,
"থাকক দে। মই খাম।"
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
২৮.০২.২০২১

No comments:
Post a Comment