Tuesday, 14 July 2020

নিজৰ মানুহ


নিজৰ মানুহ

(চুটি গল্প)


পুনে'ত কৰ্মৰত টিয়া আৰু মিলন এইবাৰ পূজাৰ বন্ধত দুবছৰৰ মূৰত অসমলৈ যাব। বিয়াৰ পিছত এয়াই সিহঁত দুয়োটাৰে প্ৰথম ঘৰলৈ যোৱা। 


টিয়াই বস্তু সামৰি ত'ত পোৱা নাই। চুটকেচ, ট্ৰলি-বেগ, এয়াৰ-বেগ, সকলো মিলি এদম লাগেজ। নহ'ব নে?


নিজৰ পৰিয়ালৰ লগতে মিলনৰ ঘৰৰ কেওটি সদস্যৰ বাবে ভাগে-ভাগে তাই উপহাৰ কিনিছে, সেইবোৰ ধুনীয়াকৈ ৰঙীন কাগজেৰে মেৰিয়াই সযতনে বেগত ভৰাইছে।  ভৰাওঁতে মুখেৰে কৈয়ো গৈছে,

"এইটো গুৱাহাটীৰ দেউতাৰ আকাশী নীলা চুৱেটাৰ, এইটো মা'ৰ অৰিজিনেল পাৰ্ল-ছেট, এইখন আমাৰ মা'ৰ চিফন শাৰী, এইযোৰ দেউতাৰ স্পৰ্টছ শ্বু।"


"ভাল হৈছে নে' বাৰু? পছন্দ হ'ব নে?"


"মিলি বালৈ এইটো ফুল লেংথ ড্ৰেছ, ৰিপু ভিনদেউলৈ চাৰ্ট, আমাৰ ভাইটিৰ এইটো জ্যেকেট।"


লেঠাৰি নিছিঙা কথা তাইৰ।


মুঠতে সৰু-সুৰা বজাৰ এখন। মানুহবোৰৰ বা আকৌ পছন্দ হয় নে নাই, সেয়াও টিয়াৰ চিন্তা। 


"মই শেৱালিলৈয়ো লৈছোঁ চুৰিদাৰ এযোৰ, তাই মই প্ৰথম কইনা হৈ সোমোৱাৰে পৰা কমখন লগে-লগে থাকিলনে? ৰংটোৱে শুৱাব তাইক।"


শেৱালি মিলনহঁতৰ ঘৰৰ বনকৰা ছোৱালী।


মিলনে কেৱল হাঁহে। টিয়াৰ উথপথপ খিনি দেখি তাৰ মনটো ভৰি যায়। ইমান সহজ-সৰল, মৰমলগা তাৰ টিয়াজনী। সকলোকে মৰম দিব জানে, ভাল লগাব জানে। 


যোৱা বছৰ, বিয়াৰ ঠিক ছমাহমান পিছতেই মিলনৰ মাকহঁত পুনে'ত আহি এমাহ থাকি গৈছিলহি। টিয়াই যত্নৰ ত্ৰুটি কৰা নাছিল। তেওঁলোকৰ খোৱা-লোৱা, বজাৰ-সমাৰৰ পৰা আশে-পাশে ঘূৰোৱা-ফিৰোৱালৈকে চব দায়িত্ব কান্ধ পাতি লৈছিল। মিলনৰ অফিচৰ ছুটি নাছিল। তাইয়েই নিজৰ অফিচ খতি কৰি, "ৱর্ক-ফ্ৰম-হম" কৰি শাহু-শহুৰৰ আলপৈচান ধৰিছিল। উইক-এণ্ড এটাত নিজেই সকলো ব্যৱস্থা কৰি ওচৰৰ হিল-ষ্টেচন এটালৈ ফুৰাবলৈয়ো লৈ গৈছিল। 


মিলনৰ মাক-দেউতাক সুখী হৈছিল। বোৱাৰী হিচাপে টিয়াই সিহঁতৰ ঘৰখনৰ মন যোগাব পাৰিছিল। উচ্চ-শিক্ষিত, ৰাংঢালি আৰু মৰমিয়াল বোৱাৰীজনী পাই তেওঁলোক নথৈ খুচি হৈ গুৱাহাটীলৈ উভতি গৈছিলগৈ।


টিয়া আৰু মিলনৰ হওঁতে "এৰেঞ্জ মেৰিজে"ই হৈছিল। কিন্তু খুব কম দিনৰ ভিতৰতে সিহঁতৰ মাজত প্ৰেমেই নহয় বন্ধুত্বও গঢ়ি উঠিল। টিয়া বিচাৰ বুদ্ধি সম্পন্ন ছোৱালী। ঘৰৰ সৰু বুলি অলপ জেদী, আকোৰগোজ হৈ উঠা, সংসাৰৰ বিশেষ আও-ভাও নোপোৱা মিলনৰ লগত এই দুবছৰ তাই সমিলমিলেৰে ঠিকেই সংসাৰ চলাই আছে। সুখী সিহঁত, পুনে'ৰ ফ্লেটৰ সিহঁতৰ সৰু সংসাৰখনত। 


পৰহিলৈ গুৱাহাটীৰ ফ্লাইট। "আৰলি মৰ্নিং"।


অফিচৰ ব্যস্ততাত মিলনে টিকেটটোহে কাটি থৈছিল, ট্ৰিপটোৰ একো প্লেনিং কৰাই হোৱা নাছিল সিহঁতৰ। আজি যেনিবা অফিচৰ পৰা আহোঁতে টিয়াই বজাৰবোৰ কৰি আনিলে। ইমান দিনৰ মূৰত ঘৰলৈ যাব। তাইৰ গা সাতখন আঠখন।


গুণগুণাই গান গাই গাই এইবাৰ নিজৰ কাপোৰ ভৰাই থকা টিয়াক মাজতে মিলনে আহি পিছফালৰ পৰা সাবটি ধৰিলে,


"টিয়া আমাৰ ছুটি তিনি সপ্তাহৰ ন', এটা কাম কৰিম দিয়া, প্ৰথম পোন্ধৰ দিম আমি গুৱাহাটীৰ আমাৰ ঘৰত থাকিম, আৰু পিছৰ সপ্তাহটো তুমি নগাঁৱৰ তোমাৰ ঘৰলৈ গৈ আহিবা।  ঠিক আছে? মই তোমাক থৈ আহিম।"


টিয়া অপ্ৰস্তুত হ'ল। পিছলৈ ঘূৰি মিলনক সুধিলে,


"থৈ আহিম মানে, তুমি নগাঁৱৰ ঘৰত নাথাকা নেকি?"


"থাকিম জানোঁ?"


"কিয় নাথাকিবা? মাহঁতেওতো তোমাক বিচাৰে। একমাত্ৰ জোঁৱায়েক তুমি। আঠমঙলাতে তোমাক লগ পোৱা, তাকো ভালকৈ পোৱাই নাই। তেওঁলোকৰ বহুত মন জানা তোমাক জোঁৱাই বুলি আদৰ সাদৰ কৰিব।"


টিয়াৰ মুখখন খন্তেকৰ বাবে উজ্বলি উঠিল। মাক বাপেকৰ মায়া-সনা মুখ দুখনলৈ মনত পৰিল তাইৰ। 


"মায়ে আমি যাম বুলি কিমান আয়োজন কৰিছে জানা? কিমান হেঁপাহ! তুমি নাথাকিলে কেনেকৈ হ'ব?"


"আচ্ছা, ইমান কৈছা যেতিয়া, থাকিম দিয়া এৰাতি তেন্তে।"


মিলনে আপোচ কৰাৰ সুৰত কথাষাৰ ক'লে। টিয়াৰ লগত কথাৰ অমিল হ'লে সি অশান্তি পায়।


"অকল এৰাতি?"


টিয়া অবাক হল। নিজৰ পৰিয়ালৰ বাদেও নগাঁৱৰ আত্মীয়-স্বজন, বন্ধু-বান্ধৱ কোনেও মিলনক ভালকৈ লগ পোৱাই নাই। এইবাৰ অন্তত খন্তেকৰ কাৰণে হ'লেও লগ পালে হয়। তাইৰ ভায়েক তুহিনো ভীষণ  এক্সাইটেড। 


কিন্তু এৰাতি মাত্ৰ থাকিব মিলন!


"আৰে বাবা, বেছিকৈ থাকিলে তোমাৰ মা-দেউতাই কি ভাবিব বাৰু মোক? আৰু ইমান দিন পিছত ঘৰলৈ যাম, আমাৰ মাহঁতে বেয়া পাব মই লোকৰ ঘৰতগৈ থাকিলে।"


মিলনে বুজনি দিয়াৰ সুৰত টিয়াক ক'লে।


মিলনৰ মাক-দেউতাকে বেয়া পাব, সি টিয়াহঁতৰ ঘৰত বেছিকৈ থাকিলে!


মিলনৰ ঘৰখন এতিয়া তাইৰো ঘৰ, কিন্তু তাইৰ ওপজা ঘৰখন, উমলি জামলি আজিৰ টিয়া হোৱা ঘৰখন মিলনৰ নহয়। সেইখন 'লোকৰ' ঘৰ।


সদায় নিজকে মিলনৰ সমকক্ষ বুলি ভাবি অহা টিয়াৰ নিজকে বহুত সৰু সৰু লাগিল।


তাই হতভম্ব হ'ল। 


"লোকৰ ঘৰ কিয় মিলন, সেইখনতো তোমাৰো ঘৰ। আৰু মাহঁতে বেয়া পাব মানে?"


"হেই, ভাল নেদেখি নহয়। মোৰ মাহঁতে দুখ পাব ন' ইমান কম দিনৰ ছুটিত ঘৰলৈ যাম, আৰু মই যদি বেলেগৰ তাত গৈ দিনকেইটা খৰচ কৰোঁ, কেনেকুৱা লাগিব। হাজাৰ হওক নিজৰ সন্তান নিজৰ ওচৰত বিচাৰেই দিয়াচোন।"


টিয়াই বুজি পালে। এই কথাখিনি মিলনৰ দৰে মুকলি চিন্তা ধাৰাৰ ল'ৰা এটাৰ মুখেৰে কিয় ওলাল তাই ঠিকেই বুজিলে।


কিন্তু তাই নিজে বিচক্ষণ এজনী ছোৱালী। আগে পিছে কৰাৰ দৰে এইবাৰো মিলনৰ নুবুজা মনটোক বুজাব খুজিলে। নিজে নজনাকৈয়ে কৰা মিলনৰ অসমতাৰ ভাবটো সমান কৰিব খুজিলে।


"ঠিকেই কৈছা তুমি মিলন। প্ৰত্যেক মাক-বাপেকে নিজৰ সন্তানক কাষত বিচাৰে। গতিকে ময়ো তোমালোকৰ গুৱাহাটীৰ ঘৰত এৰাতিয়েই থাকিম দিয়া। বাকীকেইটা দিন নিজৰ মা-দেউতাৰ লগতে কটামগৈ। হাজাৰ হওক মই নিজৰ সন্তান, তেওঁলোক মোৰ নিজৰ মা-দেউতা।"


এইবাৰ মিলনৰ অপ্ৰস্তুত হোৱাৰ পাল।


"কি কোৱা, তুমি আমাৰ ঘৰত নাথাকিলে কেনেকৈ হ'ব? আফটাৰ-অল তুমি বোৱাৰী আমাৰ ঘৰৰ। মাহঁতে কি ভাবিব?"


"একো নাভাবে মিলন। মাহঁতেও তোমাৰ লজিক বুজি পাব। চোৱা, তোমাৰ মা-দেউতাকতো মই পাইছোঁৱেই ইয়াত যোৱা বছৰ। আমাৰ মাহঁতক দুবছৰ ধৰি কাষত পোৱা নাই।"


পানী এঢোক খাই তাই মিলনৰ মুখলৈ চালে। সি হতভম্ব। একে সুৰতে তাই কৈ গ'ল,


"তোমাৰ লজিকটোৱেই মানি লৈছোঁ ময়ো। নিজৰ মাক-দেউতাকৰ ওচৰলৈ নিজৰ সন্তান যোৱাটোৱেই যুগুত, নে কি কোৱা?"


মিলনে একো নক'লে। টিয়াৰ কথাকেইটাই তাক ভবাই তুলিলে। সি এই প্ৰত্যুত্তৰ আশা কৰা নাছিল। দৰাচলতে সি এই কথাবোৰ এনেকৈ ভবাই নাছিল।


টিয়াই যেন তাৰ অৱস্থাটো বুজি পালে। গলাৰ সুৰটো অলপ নৰম কৰি বুজোৱাৰ দৰে তাই এইবাৰ ক'লে,


"মিলন, মই জানো, তুমি তোমাৰ মা-দেউতাৰ চকুৰ মণি। কিন্তু, ঠিক তেনেকৈয়ে ময়োতো মোৰ ঘৰৰ হিয়াৰ আমঠু। আমাৰ বিয়াৰ সময়ত আমি ঠিক কৰিছিলোঁ সকলোতে সমভাগী হ'ম। সকলো কথাতে ইকুৱেল পাৰ্টনাৰ হ'ম।এজনে আনজনৰ দুখবোৰ, বিচৰাবোৰ বুজিম। তেন্তে তুমি কিয় কেৱল তোমাৰ কথা, তোমাৰ ঘৰখনৰ কথা, বা তোমালোকৰ বোৱাৰী টিয়াৰ কথা ভাবিলা? মোৰ ঘৰখনৰ, মোৰ মা-দেউতাৰ, তেওঁলোকৰ মৰমৰ টিয়াজনীৰ বিচৰাখিনি কিয় নুবুজিলা?'


মিলন বিচনাখনত বহি পৰিল। লাজ পাইছে সি।


সি আজিৰ যুগৰ আধুনিক ল'ৰা। আজিলৈকে টিয়া আৰু সি সংসাৰখন সমান সমান মনোভাৱেৰেই চলাই আহিছে। কিন্তু তাৰ মডাৰ্ণ ভিতৰখনত অলপ হলেও সংকীৰ্ণতা লুকাই আছে। ল'ৰা-মানুহটো হোৱাৰ অহংকাৰখিনি। বিবাহিত জীৱনৰ পুৰুষ হোৱাৰ প্ৰিভিলেজখিনি।


নিজৰ দৃষ্টিভংগী সদায়ে আধুনিক, প্ৰগ্ৰেচিভ বুলি গৌৰৱ কৰা তাৰ বুকুখন অলপ দমি গ'ল। ভুল হ'ল তাৰ। এই ভুলৰ, এই চিন্তাধাৰাৰ শুধৰণিৰ দৰকাৰ।


টিয়া তাৰ কাষত বিচনাখনত বহি পাৰিছিল, তাৰ মূৰৰ চুলিত আঙুলি বুলি তাই সুধিলে,


"মোৰ কথাবোৰ বুজিব পাৰিবানে তুমি?"


"বুজিম টিয়া, মই এইবাৰ বোৱাৰী আৰু জীয়ৰী দুইজনী টিয়াৰ মনৰ খবৰ ল'ম। লগতে মিলন বোলা জোঁৱাইটোৰ শহুৰৰ ঘৰখনৰো।"


মিলনে তাইৰ চকুত চাই কথাষাৰ ক'লে। 


টিয়াই এইবাৰ বুজিলে, এই ট্ৰিপটো সমিলমিলেৰেই সফল হ'ব, সিহঁতৰ বুজা পৰাৰে সুন্দৰকৈ কটাব পাৰিব দুয়োৱে। দুয়োখন ঘৰতে। দুয়োহাল মাক-বাপেকৰ বুকু জুৰাই, কাষত থাকি।


তাইৰ মনটো মুকলি লাগিল। মিলনৰো।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
০৫.০৬.২০২০

xxxxxxxxxxxxxx

1 comment:

  1. বৈবাহিক জীৱনৰ এনে এটা পৰিস্থিতি হইটো আমি সকলোৱে সন্মুখীন হওঁ। এইখিনি কথাকে ইমান ধুনীয়া কে গল্প এটাত ইমান ধুনয়াকৈ প্ৰকাশ কৰা সহজ নহয়। কিন্তু তুমি বৰ ধুনীয়া কে এখন ছবি দাঙি ধৰিছে। (Rupamudra)

    ReplyDelete

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...