(এক মিনিটৰ গল্প)
চৰকাৰী অফিচৰ কেৰাণী অৰুণ দাসে ৰিছেন্টলি বিয়া পাতিলে, মাকে পছন্দ কৰা মালতীক। মালতী গাঁৱৰ সৰলমনা ছোৱালী, বাহিৰৰ দুনীয়াখন তাই দেখা পোৱা নাই এথোন। বেচেৰী চহৰলৈ আহি এতিয়াও আও-ভাও বুজিয়েই পোৱা নাই।
এদিন গধূলি দাস অফিচৰ পৰা অহাৰ পাছত তাই ক'লে,
"আজি কাষৰ পাৰ্টৰ বৌদী আহিছিল, কাইলৈ দেওবাৰ, আমাক ভাত খাবলৈ মাতিছে।"
ভাড়াঘৰৰ কাষৰ পাৰ্টটোত বিজুলী ভৱনৰ ক্লাৰ্ক অৰ্ক মণ্ডল আৰু তেওঁৰ ৱাইফ কৃষ্ণা বৌদী থাকে। বেংগলী ফেমিলি, দাসৰ লগত বেছ সুহৃদয়তা আছে।
ঘৈণীয়েকৰ লগত কৃষ্ণা বৌদীৰ কথা হোৱা শুনি দাসে বৰ ভাল পালে। হওক তেও, মালতী জনী ইয়াত অকলশৰীয়া নহ'ব, মাতলে বোললে কে মানুহ পালে।
"বৌদীৰ হাতত অন্নপূৰ্ণা আছে বুজিছা। আগতে মোৰ ভাত ৰান্ধিবলৈ মন নাথাকিলে, প্ৰায়েই, এই পলটুৰ হাতত মাছৰ জোল, চজিনাৰ চৰ্চৰী, এইবোৰ পঠিয়াই দিয়ে।"
পলটু মণ্ডল হতৰ একমাত্ৰ সন্তান।
থেৰো গেৰো কৰি মালতীয়ে কৈ উঠিল,
"মই হ'লে নিমন্ত্ৰণ খাবলৈ নাযাওঁ দেও।"
দাস অবাক। কি কথা?
"কিয় নোযোৱা? বৌদীতো বেছ ভাল। ইমান মৰমিয়াল।"
"হ'লেও নাযাওঁ, তেওঁলোকৰ ঘৰত মই কেনেকৈ ভাত খাম, মই ইমান জ্বলা খাব নোৱাৰো নহয়, আৰু তেওঁ সাংঘাতিক জ্বলা ৰান্ধে।" চকু দুটা ডাঙৰ কৰি কৰি মালতীয়ে ক'লে।
"হেই, কোনে ক'লে তোমাক, বেছি জ্বলা বনাই বুলি? তুমি তেওঁৰ হাতৰ ৰন্ধা কেতিয়া খালা নো?" দাস আচৰিত হ'ল।
"কেলে তেহেতৰ কাজিয়া লাগিলেই কোৱা শুনো নহয়, তেওঁৰ গিৰিহঁত কয়- তুমি আমাকে এত' জালাতন দাও, এত' জালাতন দাও, আমি আৰ পাৰছি না। চাওঁকচোন, ঘৰৰ মানুহটোৱেই নোৱাৰে সহ্য কৰিব আমি কেনেকৈ পাৰিম হয়নে?"
দাসৰ চকু ইতিমধ্যে কপালত।
✍ © ৰূপালীম (বেংগালুৰু)
২৯.০৫.২০২০
(বাংলা ভাষাত জ্বালাতন কৰা মানে অশান্তি কৰা, জ্বলাই খোৱা ধৰনৰ কথা, সচৰাচৰ দাম্পত্য কলহত এইবিধ কথা বেছি কৈ শুনা যায়। এই গল্পটো আশীৰ দশকৰ এক সঁচা ঘটনাৰ আলমত লিখা।)
xxxxxxxxxxxxxx

No comments:
Post a Comment