Tuesday, 14 July 2020

গেট-টুগেদাৰ



গেট-টুগেদাৰ

(চুটি গল্প)


১২ বছৰীয়া ৰণিৰ জন্মদিন মাক-দেউতাকে এইবাৰ বেছ ডাঙৰকৈয়ে পাতিছে। ডাঙৰকৈ মানে বাহিৰা মানুহ মতা নায়। ৰণিৰ লগৰবোৰক ইতিমধ্যে আচল জন্মদিনৰ দিনা কে'ক কাটি, বিৰিয়ানি খুৱাই পাৰ্টি দিয়া হৈ গৈছে। ঘৰৰ মানুহকেইটায়ো জন্মদিন বুলি এৰাতি হোটেলত খাই-বৈ ভালকৈয়ে চেলিব্ৰেট কৰিলে।

কিন্ত জন্মদিন সপ্তাহৰ দেওবাৰটোত ৰণিৰ দেউতাকে চহৰখনৰে চুকে-কোণে থাকি নিগাজী হোৱা আত্মীয়-স্বজন, নিজৰ আৰু ঘৈণীয়েকৰ নিকট ইষ্ট-কুটুম্বখিনিক ভাতসাজ খোৱাকৈ ঘৰলৈকে মাতিলে। গাঁৱৰ ঘাই ঘৰলৈও ফোন লগালে।

"ৰণিৰ জন্মদিনটোকে উপলক্ষ কৰি এটা ঘৰুৱা গেট-টুগেদাৰ আৰু" বুলিয়েই ৰণিৰ দেউতাকে সকলোকে ফোনত ক'লে।

"আহিবি হৰ। সৰু ডাঙৰ চবেই মিলি ফুৰ্তি এটা হ'ব।"


এসময়ৰ যৌথ পৰিয়ালৰ বাই-ভনী, ককাই-ভাই, অঙহী-বঙহীবোৰ আজিকালি নিজৰ নিজৰ কৰ্ম-ক্ষেত্ৰ, আপোন সংসাৰত ব্যস্ত থাকে। মাজে-মধ্যে কাৰোবাৰ বিয়া বা শ্ৰাদ্ধ বুলিহে দেখা হয়, কিন্তু ঘনাই লগ পোৱা নহয়। 

এইবেলি ৰণিৰ জন্মদিন বুলিয়েই পাকে প্ৰকাৰে নিজৰ মানুহখিনি একে ঠাইতে গোট খালেহি। গাঁৱৰ পৰাও দুই এজন আহি ওলালহি। 


আজি দেওবাৰ। গেট-টুগেদাৰ।

জমজমাত পৰিবেশ ৰণিহঁতৰ ঘৰত।

বহুত দিনৰ মূৰত গোটেই পৰিয়ালটো একলগ হোৱাত ডাঙৰবোৰৰ  হাঁহি-ফুৰ্তিৰে ঘৰ উৰো উৰো হ'ল। 

সকলোৱেই পুৰণি দিনৰ কথা উলিয়াই নষ্টালজিক হৈছে। পৰিয়ালৰ কোনোবা এক বৃদ্ধৰ খিংখিঙীয়া স্বভাৱটোৰ পৰা কোনো এক মোমায়েকৰ চাধা খোৱা ভংগীটোলৈকে বৰ্ণনা হৈছে। বংশৰ লুকুৱাই থোৱা গুপুত অথচ জমনি কোনো এক কাণ্ডই হাঁহিৰ খোৰাকো যোগাইছে। কোন কিমান খটাসুৰ আছিল, কোন নিবোকা চামোনটো আছিল, এইবোৰকে ধৰি কথাৰ শেষ নোহোৱা হৈছে।

চাহ চিঙৰাৰে প্ৰথম ৰাউণ্ড খোৱা-বোৱাৰ পিছত ডাঙৰবোৰৰ আকৌ মেল বহিল। প্ৰকাণ্ড ড্ৰয়িং ৰূমটোত সকলোৱে আৰামকৈ বহি ল'লে।

এইবাৰ আড্ডাত শৈশৱ-কৈশোৰৰ আম-কঁঠাল চুৰিৰ পৰ্ব আৰম্ভ হ'ল। সেই যে বছেৰেকীয় পৰীক্ষাৰ পিছত নাতি-পুতি সোপাকে গৈ ঘাই-ঘৰ ওলাইগৈ। পুহমহীয়া জাৰত যে জুই ধৰি ৰাতি ককাকৰ ওচৰত গল্প শুনে, আলু-গুটি পোৰা খায়। আইতাকে যে জুহালত পাৰ মাংসৰ জালুকীয়া ৰান্ধে। আস কি গোন্ধ!

আজি ৰণিহঁতৰ ঘৰত গেৰেজটোৰ কাষতে কাৰিকৰে ভোজৰ খানা ৰান্ধি আছে। মলমলীয়া গোন্ধ এটা বিয়পি পৰিছে।

সকলোৰে পুৰণি গোন্ধবোৰলৈ মনত পৰিল।

বাহিৰত ৰন্ধা-বঢ়া, ঘৰৰ ভিতৰত বিভিন্ন আলোচনা, গিৰ্জনি মৰা হাঁহি। মুঠতে উৎসৱমুখৰ পৰিবেশ।


মাকবোৰৰ মাজত এইবাৰ নতুন প্ৰজন্মটোৰ ল'ৰা-ছোৱালীৰ বিভিন্ন কথা ওলাল।

গোটখোৱা মানুহখিনিৰ ল'ৰা-ছোৱালীবোৰ প্ৰায়ভাগেই  স্কুলত পঢ়া বা নতুনকৈ কলেজত সোমাইছে। চাকৰি কৰা ডাঙৰ ল'ৰা-ছোৱালীবোৰৰ বেছিভাগেই আজিৰ গেট-টুগেদাৰত আহিবই নোৱাৰিলে।

স্কুল-কলেজীয়াখিনি আজিৰ যুগৰ স্মাৰ্ট ল'ৰা-ছোৱালী। সিহঁতৰ পঢ়া-শুনা, দুষ্টামি লৈ নানান কথা ওলাল।

ৰণিৰ মাকেও পুতেকৰ পঢ়া-শুনাৰ কৃতিত্ব, কৈশোৰৰ জিদ ইত্যাদি কথাৰ মাজতে এবাৰ ওফাইডাঙ মাৰিলে,

"আমাৰ ই পাই মোবাইলৰ চব জানে নহয়। মোকো সিহে শিকাই দিয়ে, ইমান স্মাৰ্ট।"

লগে লগে জাৱক, নন্দেক, বৌয়েক, বায়েকবোৰেও সমানে কৈ উঠিল,

"ও আমাৰ প্ৰাঞ্জুয়েও দেই, চব এপ চিনি পায়, কিবা কিনিবলগীয়া হ'লেই পতাপত এপ উলিযায় দিয়ে। "

"আমাৰ চিমলীয়েও পাৰে পাই চব চলাব, মই আক' ইমান বুজিয়েই নাপাওঁ।"

"আমাৰ জিনিহতো এক্সপাৰ্ট দেই, এই বয়সতে ইমান জানে।"

ডাঙৰবোৰে সৰুমখাৰ টেকন'ল'জিৰ দক্ষতাৰ বিভিন্ন উদাহৰণ দাঙি ধৰিলে।

ইমান কম বয়সতে ইমান কথা জানে! টেকন'ল'জি এক্সপাৰ্ট একদম।

"মাতচোন এবাৰ ল'চালি মখাক। মুখবোৰ চাও, আমাৰ আগৰ কথাবোৰ সিহঁতেও শুনক।" পৰিয়ালৰ মুৰব্বী-স্বৰূপ তৰু পেহী-আইতাই খুন্দা তামোলৰ সেলেঙী লগাই লগাই ছোৱালী-বোৱাৰীকেইজনীক আব্দাৰ কৰিলে।

মাকহঁতৰ খদমদম লাগিল।

ল'ৰা-ছোৱালীবোৰ গ'ল কলৈ? 

ইমান কথা ওলাইছে, ফুৰ্তি হৈছে, সিহঁতকচোন ওচৰত পাবলৈকে নাই। 

"আজিকালিৰ ল'ৰা-ছোৱালীহে, ক'ত আমাৰ মেলত ৰস পাব সিহঁতি।" এজনীয়ে আক্ষেপ কৰিলে।

"নহয় অ'। আছে চাগৈ সিহঁতে একেলগে নিজৰ আড্ডাত বিজি হৈ। আমিও জানো আগতে ভাই-ভনীবোৰ আইতাৰ ঘৰত লগ হ'লে একেলগে গল্প কৰা, খেল খেলাত ব্যস্ত নাথাকিছিলোঁ?" আন এজনীৰ কৈফিয়ত।

"আছিলোঁতো। তেতিয়াৰ দিনত মাহঁতে গা ধু-হি আহ, ভাত খা-হি আহ বুলি মাতি থাকিলেও আমাৰ চোন কথাই শেষ নহৈছিল।" ৰণিৰ বৰমাকে ৰগৰ কৰিলে।

ভাই-ভনী বুলি কথা, ইমান দিনৰ মূৰত পাইছে ইটোৱে সিটোক। কিমান চাগে কথা। কিমান চাগে খেল। হয়তো।

"হ'লেও আইতাকে চাব বিচাৰিছে মাতি আনোগৈ।" বুলি ৰণিৰ মাক ভিতৰলৈ সোমাই গল।


ডাঙৰ বেডৰুমটোত গোটেইমখা ল'ৰা-ছোৱালী অহাৰে পৰা জুম বান্ধি আছে। সিহঁতৰ কৌল্ড-ড্ৰিংক্স চিঙৰা-চপ ইত্যাদি বনকৰা ছোৱালী মিনিয়ে তাতেই যতনাই দিছিলগৈ।

ৰণিৰ মাকে লাহেকৈ দৰ্জাখন খুলিলে।

কোঠাটো নিস্তব্ধ। বিশেষ হাই-উৰুমি নায়। 

কেৱল মোবাইলত টাইপিঙৰ টুক-টাক, নটিফিকেশ্যন অহাৰ টুং-টাং শব্দ। 

অলপ আগতে ৰণিহতে একেলগে তোলা গ্ৰুপ চেল্ফিবোৰ ইতিমধ্যে প্ৰত্যেকৰে টাইম-লাইনত পোষ্ট কৰা হৈ গৈছিল। সেইবোৰ এতিয়া ট্রেণ্ডিংত আছে।

"গুড টাইমছ ৱিথ কাজিনচ।"

"হেভিং ফান, ফেমিলি গেট-টুগেদাৰ।"

"ব্লাড-টাইজ কলিং।"

বিভিন্ন ষ্টেটাছ। বিভিন্ন ইনষ্টাগ্ৰাম ফিড।

লাইক,কমেণ্ট, টেগৰ সমাহাৰ।

প্ৰতিটো ল'ৰা-ছোৱালী বিচনাত পেট পেলাই বা চকীত ভৰি মেলি আৰামকৈ শুই-বহি আছে। কোনোবাটো আকৌ মজিয়াতে লেপেটা কাঢ়ি বহি ৰৈছে।

প্ৰত্যেকৰে হাতে হাতে এন্দ্ৰইড মোবাইল, লেটেষ্ট আই-ফোন একোটা। কাৰোবাৰটো নিজৰ কাৰোবাৰটো মাক-বাপেকৰ পৰা ধাৰ কৰা।

সিহঁতে ইটোৱে সিটোৰ লগত কথা পতা নাই। অন্তত ৰূমটোৰ ভিতৰত নাই পতা।

সিহঁতৰ চকুবোৰ মোবাইল স্ক্ৰীনত আবদ্ধ। অলপ ডাঙৰ কেইটাই মাজে মাজে এটা দুটা জ'ক কিম্বা মিম শ্বেয়াৰ কৰিছে। হোৱাটচএপ'ত। টিক-টক ভিডিঅ'ও দেখুৱাইছে। অকণমান হাঁহি আকৌ ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ মোবাইলত।

সৰুকেইটাই মোবাইলতে গেম খেলি আছে। একেবাৰে পেন্দুকণা কেইটাই ইউটিউবত ভিডিঅ চাই আছে।

কাৰো আহৰি নাই দুআষাৰ কথা পতাৰ।

"এৰা, ইহঁতে মোবাইলৰ এপ সকলো চিনিলে, আত্মীয়বোৰক হে নিচিনিলে।" ৰণিৰ মাকৰ মুখেদি হুমুনিয়াহ এটা ওলাল।

তেওঁ দুৱাৰখন জপাই ওলাই আহিল।


বাহিৰত ভাই-ভনীবোৰে এইবাৰ সৰুকালত একেলগে কৰা দুষ্টালিৰ কথা উলিয়াইছে। কোনটোৱে কিমান পিটন খাইছিল সেয়া বৰ্ণনা কৰিছে। কোনোবাটোৱে ৰৈ যোৱা কলাফুলৰ কাষৰ দাগটোও দেখুৱাইছে।

ব্যস্ত নতুন প্ৰজন্মই পিছে এইবোৰ কথাৰ একো উমান নাপালে।

গেট-টুগেদাৰটো নিজৰ নিজৰ ধৰণেই সকলোৱে উপভোগ কৰিলে।

সকলো নিজৰ নিজৰ ভাগেই সুখী হ'ল।

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৪.০৬.২০২০

xxxxxxxxxxxxxx

No comments:

Post a Comment

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...