মাৰ্কেট ভেল্যু
(কথাগল্প)
: আমি ছোৱালীবোৰ পণ্য সামগ্ৰীহে যেনিবা। কি যে আউটডেটেড নিয়মবোৰ। ছোৱালী চাবলৈ আহিব আমি সাজি-কাঁচি ওলাম, যেন আমাৰ কোনো ভেলুৱেই নাই।
: হয় দে... ঠিক কৈছ। ইমান বাচ-বিচাৰ কিহৰ অ'? বজাৰ নেকি!
: আৰু কিমান যে কুৱেশ্যনৰ লিষ্ট সিহঁতৰ! কাম-বন জানো নে নাই...কি ধৰণৰ কাপোৰ পিন্ধো...পঢ়া-শুনা কিমান...চাকৰি কৰিম নে হাউচৱাইফ হ'ম… ধুৰ ইজ্জত মাৰি দিয়ে। ইমান ফৰ্মাইছ! আৰু দেখিবলৈ কেনেকুৱা সেইটোতো আছেই। আমি বস্তু নেকি বাৰু , চেহেৰা চাই বিয়া পাতিব।
: ঠিক ক'লি। ইমান ডিমাণ্ড ন'?
: নিজকে বস্তু যেন হে লাগি যায়।
: পিছে এইবাৰ যে তোক চাবলৈ আহিছিল ল'ৰাটোক নাকচ কৰিলি কিয়?
: হেইত, সেইটো হাইস্কুলৰ মাষ্টৰ। মাষ্টৰ চাচতৰলৈ বিয়া নহওঁ দেই, কি যে লাইফ এটা হ'ব।
: তেন্তে?
: ভাল গৰমেণ্ট চাকৰি-তাকৰি থাকিব লাগে, তেহে।
: অ'তো, ষ্টেটাছ, ষ্টেণ্ডাৰ্ড বুলিও কথা আছে ন?
: মাহঁতক মই কৈ দিছোঁ...ডাক্টৰ ইঞ্জিনীয়াৰ বা ভাল চাকৰি থকা চাবা... আৰু যেন এগালমান ভাই-ভনী নেথাকে। জঞ্জাল ভাল নালাগে। মাক বাপেকো দূৰে দূৰে থকা হ'লে আৰু ভাল।
: ঠিকেই কৰিছ, কিছুমান বস্তুৰ ডিমাণ্ড থাকিবই লাগে। আফটাৰ অল, তোৰ গোটেই জীৱনৰ কথা আছে। ইনকাম, ফেমিলি, এইবোৰ চাই বিচাৰ কৰাৰ হক আছে তোৰ।
: আৰু কি! হাজবেণ্ডৰ মাজত ইমানখিনি যোগ্যতাতো লাগেই দেচোন। নে কি কৱ?
✍ © ৰূপালীম (বেংগালুৰু)
২৩.০৫.২০২০
xxxxxxxxxxxxxx

শেষৰটো নতুন নি বা। ভাল লাগিল গোটেইকেইটা।
ReplyDelete