Wednesday, 15 July 2020

পৰকীয়া



পৰকীয়া

(চুটি গল্প)


"বাহিৰত মই যিয়েই নকৰো মোৰ কথা। ঘৰততো ৱাইফক সুখত ৰাখিছোঁ। দস্তুৰমত তাইৰ ফৰ্মাইছ পূৰণ কৰিছোঁ। কাৰো আগত একো কৈফিয়ত দিয়াৰ প্ৰয়োজন নাই মোৰ।"

ঘৰত সুন্দৰী, সুগৃহিনী পত্নী থকাৰ পিছতো পৰকীয়া প্ৰেমত মতলীয়া হৈ থকা ৰিদিপ কটকীয়ে প্ৰায়েই বন্ধুবৰ্গৰ আগত এইবোৰ কথা কৈ ওস্তাদি মাৰে। 

মদ, মাংস, সুন্দৰী যুৱতীৰে ভৰা পাৰ্টিবোৰত চিগাৰেটৰ ধোৱাৰ কুণ্ডলী পকাই বন্ধুমহলৰ আগত কটকীয়ে অহংকাৰ কৰাৰ কোনো সুযোগ এৰি নিদিয়ে।

"এইবোৰৰ মজা বেলেগ বুজিছ। টকা যেনেকৈ ঘটিছো, খৰছো কৰিছোঁ। জীৱনটো এতিয়াই যদি উপভোগ নকৰোঁ, কি বুঢ়া বয়সত লাখুটি লৈ ঘূৰিম নেকিৰে?" কটকীয়ে স্বগতোক্তি কৰে।

"কিন্তু ৰিদিপ, তই বৌৰ ওপৰত অন্যায় কৰা নাই জানো?" দুই এজন সদভাৱ থকা বন্ধুৱে নোসোধা নহয়।

"ধুৰ, কিহৰ অন্যায়? ফৌকতত খাব পাইছে, ফুৰিব পাইছে, দামী কাপোৰ-গহনা পাইছে। আৰু মইতো তাইক এৰি দিয়া নাই...ঘৰত পতিধৰ্ম কিন্তু পুৰাদমে পালন কৰিছোঁ।" বুলি ঢেকঢেকাই অট্টহাস্য কৰি উঠে কটকীয়ে।


কটকীৰ টকা পইচা দেধাৰ। যথেষ্ট পৰিমাণে ফুটনি কৰিব পৰাকৈ উচ্চ পদবী, মোটা দৰমহাৰ চাকৰি, সমাজত ষ্টেটাছ, চব আছে। সেই ষ্টেটাছৰ বলতেই নিজতকৈ ভালেখিনি সৰু, ৰূপে-গুণে লেখত ল'বলগীয়া পৰীস্মিতাক চাৰিবছৰ আগেয়ে বিয়া কৰাই আনিছিল। বিশেষ কাম-কাজ নথকা সৰু ভায়েক ত্ৰিদিপকো ব্যৱসায়ৰ মূলধন দি, গ্ৰাফিক ডিজাইনৰ ষ্টুডিঅ' খুলি দিছিল। চহৰৰ মাজমজিয়াত তেওঁৰ বিশাল ফ্লেট...মাক, ভায়েক আৰু পৰীস্মিতাৰে সুন্দৰ এখন সংসাৰ।

তথাকথিত মদাহী, নীচ পুৰুষৰ দৰে তেওঁ পত্নীক মাৰ-ধৰ নকৰে সঁচা, কিন্তু তেওঁৰ জীৱনৰ কোনো কথাত মাত মতাৰ অধিকাৰ পৰীৰ নাছিল। কেৱল শ্ব-কেচত সজাই থোৱা পুতলাৰ দৰে ৰাখিবৰ কাৰণেহে যেন তাইৰ প্ৰয়োজন কটকীৰ সংসাৰত। পুতেকৰ মৰমত ডুবি থকা শাহুৱেকে সকলো দেখিয়ো একো নামাতে। পুতেকৰ দোষ দেখা মাক তেওঁ নহয়। মিছা ভেমত তেওঁ কটকীতকেও এখোপ চৰা।

"সি পুৰুষ। মতা মানুহে এইবোৰ কৰেই। তোমাকনো কি দিয়া নাই? শূন্যৰ পৰা আহি আজি যে ইমান লাহ-বিলাহত থাকিব পাইছা তাতেই সন্তুষ্ট থাকাচোন।" তেওঁ এই বুলিয়েই পৰীক সান্তনা দিয়ে।

"সোনকালে বেবী এটা আনা, এইবোৰ চব ভাবিবলৈ সময়ে নেপাবা।" বেছিকৈ মন বেয়া কৰি থকাৰ দিনা শাহুৱেকে তাইক বুজায়।

পৰীয়ে নুবুজে। দুখ কষ্টত তাইৰ বুকু ফাটি যায়। প্ৰেমহীন সম্বন্ধ এটাৰ মাজলৈ নিৰ্বোধ সন্তান এটা অনাৰ যুক্তি তাই বিচাৰি নাপায়। কটকীৰ ঘৰৰ আভিজাত্য তাইৰ উশাহ নিশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হয়। কিন্তু তাইৰ মুকলি হোৱাৰ কোনো বাট নাই। মাক-বাপেক নোহোৱা পৰীক খুৰাক খুৰীয়েকহতে বিয়া দি যেন চিৰদিনৰ কাৰণে বিদায়হে দিলে। 

"তোমাক সৰুৰে পৰা পঢ়াই শুনাই বিয়া পৰ্যন্ত দিয়াইছো। তাকো এলাপেছা পৰিয়াললৈ গতিয়াই উলিয়াইতো দিয়া নাই, ভাল বংশ চাইয়েই বিয়া দিছোঁ। গতিকে এতিয়া নিজে সংসাৰ গঢ়ি পিটি লোৱাৰহে কথা। এইবোৰ প্ৰব্লেম নিজে চলভ কৰি লৈ আমাক এৰা আৰু, কিমান তোমাৰ ভাৰ ব'ম?" খুৰীয়েকক এবাৰ কাণ চোৱাইছিল কটকীৰ ঘৰৰ অশান্তিবোৰ, কিন্তু তেখেতৰ উত্তৰ শুনি পৰীৰ মুখ আপোনা আপোনি বন্ধ হৈ গৈছিল। কাক ক'ব, কি ক'ব?

"শুনা পৰী, কি লাগে কিনি ল'বা।" মাজে মাজে টকাৰ বান্দিল এটা বিচনালৈ দলিয়াই দি কটকীয়ে স্বামী হোৱাৰ দায়িত্ব সামৰে। কেতিয়াবা ৰাতিটো ঘৰত থাকিলে, বিচনাত সুন্দৰী পত্নীৰ কাষ চাপেগৈ...কিন্তু সেয়া নিত্যন্তই নিজৰ শাৰীৰিক প্ৰয়োজনৰ দাবীত... কোনো প্ৰেম বা ভালপোৱাৰ পৰশ নাথাকে সেই মিলনত। পৰীৰ প্ৰতিবাদৰ ভাষা হেৰাই যায়। 

বিয়াৰ প্ৰথমে প্ৰথমে এইবোৰ দেখি শুনি গাৰু তিতি যোৱাকৈ তাই কান্দিছিল। পিছলৈ চকুপানী মচি পেলাইছিল। যি হ'ব দেখা যাব বুলি ভাবি তাই মৌন হৈ পৰিছিল।

গতিকে কটকীৰ ৰাস্তা মুকলি। নিতৌ সুন্দৰী ৰমণীৰ দুবাহুত নিজকে উটুৱাই দিব পৰা সমল কটকীৰ যথেষ্ট আছে। আৰু সেইবোৰক লৈ দেমাকী দেখুৱাৰ তাগজো।


কিন্তু সকলোৰে দিন সমানে নেযায়। অফিচিয়েল কামত এইবাৰ এমহীয়া হংকং ভ্ৰমণত গৈছিল ৰিদিপ কটকী। লগত তেওঁৰ এচিষ্টেণ্ট আৰু বৰ্তমানৰ প্ৰেমিকা ময়ূৰাক্ষী। ব্যৱসায়ৰ লগতে আমোদ প্ৰমোদ, এইটোত বেছ বিশ্বাসী কটকী। আগে পিছেও অফিচৰ মুৰব্বীৰ অজ্ঞাতে তেওঁ প্ৰায়েই চলাই গৈছিল মহিলা কৰ্মচাৰীৰ লগত প্ৰেমৰ বিভিন্ন লীলা খেলা। জুনিয়ৰ ষ্টাফক ভয় দেখুৱায়েই হওক বা ফুচুলায়েই হওক তেওঁ কাবু কৰিব জানে।

যি কি নহওঁক, এইবাৰো কোম্পানীৰ খৰছতে কামৰ লগে লগে হংকং গৈ কটকীয়ে ফুৰ্তিয়ো কৰিলে যথেষ্ট। কিন্তু এমাহ পিছত, যেতিয়া ঘূৰি আহি ঘৰ পালেহি, পৰী ইতিমধ্যে ঘৰৰ পৰা আঁতৰি গৈছিল।

দুদিন পিছত তেওঁৰ হাতত পৰিছিলহি পৰীয়ে পঠিওৱা ডিভৰ্ছ পেপাৰ্চ।

হতবাক হৈছিল তেওঁ।

লগে লগে পৰীলৈ ফোন লগাইছিল। হুমকি দিছিল,

"ইমান স্পৰ্ধা তোমাৰ? এতিয়াই ঘূৰি আহা।"

শান্ত, গম্ভীৰ মাতেৰে পৰীয়ে উত্তৰ দিছিল,

"মোৰ ওপৰত খং কৰি লাভ নাই। আপোনাৰ পৰকীয়া প্ৰেমৰ সকলো প্ৰমাণ আছে মোৰ তাত। ফটো, ভিডিঅ', অফিচিয়েল ই-মেইল....মুঠতে ধেৰ এভিডেন্স। অফিচৰ কোন কোন ছোৱালীৰ লগত আপুনি কি খেলা খেলি গৈছিল, সকলো ৰেকৰ্ড মই জমা কৰিছোঁ ইমান দিনে।"

"কি? মোৰ ওপৰত ডিটেকটিভগিৰি কৰিছা?" কটকী গৰজি উঠিল।

"কৰিছোঁ। মানুহ লগোৱাই খবৰ গোটাইছো, বুদ্ধি খটুৱাই চব কৰিছোঁ। কেৱল সেয়াই নহয়, অফিচৰ টকা-পইচাৰ খেলিমেলিবোৰৰো প্ৰমাণ আছে। ঘৰে-বাহিৰে থকা আপোনাৰ ডকুমেণ্টছবোৰ বুজাৰ, হিচাপ নিকাছৰ খতিয়ান লোৱাৰ ক্ষমতা মোৰ আছে। বহুত ছোৱালীক ভয় দেখুৱাই, প্ৰমোশ্যনৰ লোভ দেখুৱাই উপভোগ কৰিলে আপুনি। সকলো জানো। গতিকে মিউশ্বুৱেল কনচেণ্টত মোক মুক্তি দিয়ক। একো কেনা নলগোৱাকৈ ডিভৰ্ছ পেপাৰ্চ চাইন কৰক।"

কটকীৰ মুখৰ মাত ইতিমধ্যে হেৰাইছিল।

"অ' আৰু এটা কথা। আপোনাৰ বিশাল সম্পত্তিৰ আধা অংশ মাত্ৰ...মোৰ নামত কৰি দিয়ক। নহ'লে এই নথি পত্ৰ, ফটো, ভিডিঅ এভিডেন্স চব ফাদিল কৰি কেৱল চাকৰি খেদোৱাই নহয়...আপোনাক জেলৰ ভাতো খুৱাই দিব পাৰো।"

পৰীয়ে ফোনৰ সংযোগ বিছিন্ন কৰি দিলে।


কটকী সেইখিনিতেই জব্দ হৈছিল। তেওঁৰ পজিশ্যন, তেওঁৰ মান-ইজ্জত, চব সংকটত পৰিল। আৰু পৰী! যাক তেওঁ ইমানদিনে নিমাখিত, নিৰ্বোধ, হাতৰ পুতলা ভাবি আছিল! তাইৰ ইমান ক্ষমতা? ইমান দূৰলৈ আগবাঢ়িব পাৰিলে তাই? কেনেকৈ?

মনৰ ভিতৰত কোলাহল তোলা প্ৰশ্নবোৰৰ উত্তৰ কটকীয়ে নেপালে, কিন্তু ভয় খালে যথেষ্ট। নিজৰ জীৱনটো যেন তেওঁৰ হাতৰ মুঠিৰ পৰা ওলাই যাওঁ যাওঁ কৰিছে, ঠিক পৰী ওলাই যোৱাৰ দৰে। চাকৰিৰ ভয়ত আৰু নিজৰ উকিলৰ পৰামৰ্শত বিনা প্ৰতিবাদে পৰীৰ দাবী মানি ল'বলৈ তেওঁ বাধ্য হ'ল। 

ঘৰত মাক, ভায়েক সকলোৱে তেওঁক প্ৰবোধ দিলে। 

"এৰি দে তাইক, দি দে সম্পত্তি। কি খাই ঢুকুৱাব পাৰিব তোৰ?" 

ডিভৰ্ছ ফৰ্মেলিটি সকলো শেষ হোৱাৰ পাছত পৰী একেবাৰেই এই চহৰৰ পৰা গ'লগৈ। কটকীয়েও সকাহ পালে।

"একো নাই... মই পুৰুষ...মই বাঘ। আকৌ জীৱন আৰম্ভ কৰিম। তাইহে পস্তাব।" কটকীয়ে নিজৰ পুৰুষত্বৰ জোৰত থিৰাং কৰিলে।


পিছে তেওঁৰ সকলো ভাৱনা চিন্তা ফুটুকাৰ ফেন হ'ল তেতিয়া, যিদিনা অফিচৰ পৰা আহি মাকক মূৰে কপালে হাত দি বহি থকা দেখিলে।

"তাই তোৰ ভায়েৰৰ লগত পলাই গ'ল অ' ডাঙৰবাবা। বেটিৰ যোৱা দুবছৰ ধৰি ইয়াৰ লগত কিবা চলি আছিল। মই মাকজনীয়ে ভূ-কে নাপালোঁ। এইয়া চা, সি চিঠি লিখি গৈছে।" 

কটকীয়ে কপাঁ কঁপা হাতেৰে ভায়েকৰ চিঠিখন পঢ়িবলৈ ল'লে।

"মোক আৰু বিচাৰ খোচাৰ নকৰিবি মা, মই পৰীৰ লগত একেবাৰে গুছি আহিলোঁ। দাদাৰ টকা-পইচা যিখিনি পৰীৰ নামত আছে, তাৰে আমাৰ সংসাৰ চলি যাব। মোৰ কামো মই ইয়াত নতুনকৈ ষ্টাৰ্ট কৰিম।"

"কেনেকৈনো মোৰ ফুলকুমলীয়া লৰাটোক হাত কৰিলে ঔ শাখিনীয়ে!" মাক এইবাৰ ইনাই বিনাই বিহ্বল হৈছিল।

শীত-তাপ নিয়ন্ত্রিত সুসজ্জিত ড্ৰয়িংৰুমত থিয় হৈ থকা কটকী দৰাদৰে ঘামিছিল। তেওঁ হাতেৰেই কপালৰ ঘাম মচি মচি চিঠিৰ শেষৰডোখৰ পঢ়ি পেলালে।

"দাদাক মিছাই হুলস্থুল কৰিবলৈ মানা কৰিবি। ইমান দিনে পৰীৰ ওপৰত কৰা অত্যাচাৰ, দাদাৰ অসভ্যলি চব সহ্য কৰি আছিলোঁ। পৰীক মই ভাল পাওঁ সঁচাই। গতিকে তহঁতে মিছাই অশান্তি নবঢ়াবি। এনেয়ো ঘৰুৱা কথা ৰৌজাল বৌজাল হ'লে, তহঁতৰে সন্মান যাব। আমি ভালে থকাতেই দাদাৰ ভাল।

ইতি সৰুবাবা।"

মাকে তেতিয়াও কিবা কিবিখন কৈ হিয়ালি-জিয়ালি কৰি আছিল।

কটকীৰ কাণেৰে মাকৰ কথা একো নোসোমাল।  তেওঁৰ মূৰৰ ওপৰত এই যেন কোনোবাই মাধমাৰ সোধালে। আপোন ভায়েকৰ বিশ্বাসঘাটকতা আৰু নিৰীহ নিৰীহ যেন লগা পৰীৰ চতুৰালিত তেওঁৰ পুৰুষত্বৰ দম্ভালি চাৰখাৰ হৈ গৈছিল।


"এশ গৰু মাৰিলে বাঘৰো মৰণ" বাৰে বাৰে এই কথাষাৰ তেওঁৰ কাণত বাজিব ধৰিলে। বেঙে মূতা গৰুৰ দৰে কটকী জলকা লাগিল। চিঠিখন ইতিমধ্যে মজিয়াত সৰি পৰিছিল। লগতে তেওঁৰ মিছা দম্ভ অহংকাৰবোৰো।

(সমাপ্ত)



✍ © ৰূপালীম (বেংগালুৰু)
০২.০৫.২০২০

xxxxxxxxxxxxxx


4 comments:

  1. বঢ়িয়া! বেছ ভাল লাগিল পঢ়ি। ❤️

    ReplyDelete
  2. Superb ৰূপালীম 👌👌

    ReplyDelete
  3. বঢ়িয়া। এনেকুৱাই কৰিব লাগে

    ReplyDelete
  4. পৰীয়ে সুখ বিচাৰি লোৱাত ভাল লাগিল .....

    ReplyDelete

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...