"তইনো বাৰু এইজনী ছোৱালীহে পালিনে অনুব্ৰত?"
"কয় নহয় বাছোতে বাছোতে গেলা বৰালীত হাত পৰে, ইয়াৰ লগত খাটিছে কিন্তু।"
"কি ঐ অনুব্ৰত, মাথাৰ গণ্ডগোল হ'ল নেকি তোৰ? শেষত তই সুৰভিৰ নিচিনা ছোৱালীহে ল'ব লগীয়া হ'ল নে?"
অনুব্ৰতৰ লেটেষ্ট গাৰ্লফ্রেণ্ডজনীক লৈ তাৰ বন্ধু-মহলত কৌতুহলৰ অন্ত নাই।
অনুব্ৰত কলেজৰ বেছ পপুলাৰ ল'ৰা। তজবজীয়া, প্ৰগলভ ব্যক্তিত্বৰ অনুব্রতক সকলোৱে চিনি পায়। সি গান গায়, স্মাৰ্টলি কথা ক'ব পাৰে, বিশাল এটা ফ্রেণ্ড চাৰ্কল। চেহেৰাও দেখনিয়াৰ, গতিকেই কলেজখনত তাৰ এটা ষ্টেটাছ আছে। এটা সুকীয়া স্থান আছে।
আৰু ইমানদিনে সেই ষ্টেটাচ, সেই ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আহিছিল তাৰ প্ৰাক্তন প্ৰেমিকা দ্বয়ে, স্বাতি আৰু কৃষ্ণাক্ষীয়ে। ৰূপে-গুণে তেজাল, কলেজৰ ফেমাছ ছোৱালী স্বাতি আৰু কৃষ্ণাক্ষী, দুয়োজনী।
কিন্তু সুৰভি, তাৰ বৰ্তমান প্ৰেমিকা! সুৰভি তেনেই সাধাৰণ এজনী ছোৱালী।
দেখিবলৈ কুৰূপা নহ'লেও চকুত পৰিবলগীয়া একোৱেই নাই তাইৰ গাত। তেনেই কমন এটা চেহেৰা, সদায় একে ধৰণেই বান্ধি অহা চুলি একোছা, সাধাৰণ, অনুজ্জ্বল সাজ-পোছাক। কিতাপত মুখ গুজি সুৰভি কলেজলৈ আহে, নিয়মিত ক্লাছ কৰে, দুই এজনী বান্ধৱীৰ লগত অলপমান হাঁহি ধেমালি কৰে, আৰু কলেজ শেষ হ'লে চিধা ঘৰ পাইগৈ।
পঢ়া-শুনাতো সুৰভি মধ্যমীয়া, অন্যান্য দিশতো পাৰ্গত বুলি একো খিতাপ নাই। দলিয়াই পেলাব লগীয়া ছোৱালী নহয় যদিও সুৰভিকলৈ গৌৰৱ কৰিবলগীয়াও একো নাই। মুঠতে কলেজত আছে বুলি মানুহে জানে, কিন্তু কোনোদিনে কাৰো চকুত নপৰা, লেখত নল'বলগীয়া ছোৱালীজনীয়েই সুৰভি। ৰূপ-গুনে টলমলাই থকা এজাক প্ৰতিভাবান ছোৱালীৰ আঁৰত সহজেই লুকাই পৰা ছোৱালী সুৰভি।
আৰু এই সুৰভিয়েই যেতিয়া অনুব্ৰতৰ প্ৰেয়সী হৈ উঠিল, সকলো অবাক হ'ল।
কিয়?
কেনেকৈ?
কথাটো আচলতে কি?
কথাটো কি, অনুব্ৰতে কেতিয়াও কাকো ভাঙি পাতি নকয়।
মাজে মাজে তাক কৰা প্ৰশ্নবোৰৰ একো উত্তৰ নিদিয়াকৈ সি ফালৰি কাতি আহে। লাহে লাহে প্ৰশ্নৰ উত্তৰ নাপাই মানুহবোৰৰ মুখ বন্ধ হয়। সিহঁতে ধৰি লয়,
"নিশ্চয় কিবা এটা আছে ছোৱালীজনীৰ, সুপ্ত প্ৰতিভা টাইপ, নহ'লেনো অনুব্ৰতে বাচনি কৰেনে?"
এচামে কয়,
"নহয় অ'। অনুব্ৰতৰ অন্তৰখন বহুত ভাল। সি তাইক একপ্ৰকাৰ ৰেচকিউ কৰিলে। নহ'লেনো তাইৰ নিচিনা চিম্পল ছোৱালী এজনীয়ে ক'ত পাত্তা পায়?"
"তাইক আমি নিচিনিছিলোৱেই, এতিয়া অন্ততঃ অনুব্রতৰ জহতে মানুহে তাইক চিনি পাইছে।"
অনুব্ৰত মনে মনে থাকে। উত্তেজনাৰ শাম কটাৰ পাছত নতুন প্ৰেমৰ অনুৰাগেৰে পুষ্ট সময়খিনি সি উপভোগ কৰে।
অলপ দিন আগৰ কিছুমান কথা তাৰ মনলৈ আহে।
তাৰ প্ৰথম প্ৰেমিকা আছিল স্বাতি। অপৰূপা সুন্দৰী। কুণ্ডত কটা চেহেৰা, লেটেষ্ট ফেশ্যনৰ ঢৌ খেলোৱা একোছা চুলি, ৩৬-২৪-৩৬ৰ স্লিম ফিগাৰ। মুঠতে অতীব সুন্দৰী স্বাতিৰ কঁকালত হাত দি অনুব্ৰত ঘূৰি ফুৰিলে নাচাওতা মানুহ নোলাইছিল।
"পাভ জোৰা।" মানুহে কৈছিল।
"ৱাও, কি সুন্দৰ কাপ'ল, হিৰ'-হিৰ'ইন একদম।"
অনুব্রতৰ গৰ্ববোধ হৈছিল। জিম কৰা সুঠাম বুকুখন আৰু অলপ ফুলি গৈছিল।
আৰু কি লাগিছে তাক। নিজেই সি ইমান পপুলাৰ, এতিয়া লগত সুন্দৰী, জনপ্ৰিয় প্ৰেয়সী। তাৰ চাহিদা বাঢ়িছিল।
ইয়াৰ পাছৰ দিনবোৰত সি শুনিবলৈ পাইছিল,
"অনুব্ৰতৰ কিন্তু ভাগ্য মানিছোঁ দেই, কলেজৰ বিউটি-কুইন তাৰ দুবাহুত।"
"স্বাতিৰ লাভাৰ অনুব্ৰত, বাহ্ তাৰ হে কপাল, আমি চবেই বিচাৰি থকা মালজনী সি পালে।"
তাৰ অলপ খং উঠিবলৈ লৈছিল।
ভাগ্য অকল তাৰ হে ভাল নে? স্বাতিৰ ভাগ্য কি ভাল নহয়, তাৰ নিচিনা ল'ৰা এটা পাই?
তাৰ গার্লফ্রেণ্ড তেন্তে এজনী মাল হে নে?
মানুহবোৰে নুবুজে।
সি অকণমান অতিষ্ঠ হৈ উঠিছিল।
বেছিকৈ অশান্তি পাবলৈ লৈছিল কলেজৰ গেট-টুগেদাৰ, পিকনিক, আউটিং ইত্যাদিবোৰত। কথাবোৰ অসহনীয় হৈ উঠিছিল।
ল'ৰা-ছোৱালীৰ গেদাৰিঙ বোৰত, চবেই তধা লাগি স্বাতিক চাইছিল, তাইৰ আশে-পাশে ঘূৰিবলৈ লৈছিল। তাৰ লগৰ ল'ৰাবোৰে তাইৰ লগত কথা পাতিবলৈ চাঞ্চ বিচাৰি ফুৰিছিল। আগতে সদায় দূৰৈত জিলিকি থকা স্বাতিজনী এতিয়া সিহঁতৰ গ্ৰুপৰে, সিহঁতৰ মাজৰে এজনী। কম কথা নে!
ছোৱালীবোৰেও স্বাতিক অনুকৰণ কৰিছিল। কলেজৰ সবাটোতকৈ ধুনীয়া ছোৱালীজনী তাই। পাৰ্টীৰ মধ্যমণি হৈ উঠিছিল স্বাতি।
স্বাতিয়েও এই এটেনশ্যন পুৰাদমে উপভোগ কৰিছিল। তাইৰ মুখত ঈষত অহংকাৰৰ ৰেশ ফুটি উঠিবলৈ লৈছিল।
লাহে লাহে অনুব্ৰতে অলপ অৱহেলিত বোধ কৰিছিল। অকল স্বাতিৰ দ্বাৰাই নহয়, তাৰ বন্ধু মহলতো সি ম্লান হৈ পৰিছিল। তাৰ যেন গুৰুত্ব কেৱল ধুনীয়া স্বাতিৰ বয়ফ্রেণ্ড বুলিহে, তাৰ নিজৰ যেন একো বৈশিষ্ট্যই নাই, এনেকুৱা অনুভৱ হৈছিল।
অথচ এই মানুহবোৰেই তাক আগতে চোন "অনুব্ৰত অমুক অনুব্ৰত তমুক" বুলি প্ৰশংসা কৰি তত নাপাইছিল।
তাৰ মনটো দমি গৈছিল। সি সহ্য কৰিব নোৱাৰা হৈছিল।
প্ৰচণ্ড ইন-চিকিয়ৰ্ড অনুভৱ কৰিছিল অনুব্ৰতে, বিশেষকৈ স্বাতিৰ আগে পিছে যেতিয়া তাৰেই প্রিয়-বন্ধুৰ দলটো ঘূৰি ফুৰা দেখা পাইছিল।
এফালে নিজৰ গুৰুত্ব কমি যোৱাৰ জ্বালা, আনফালে নিজৰ প্ৰেয়সীক লৈ লগৰ বোৰৰ মাজত হোৱা উত্তেজনাই তাক দহি পেলাইছিল।
কোনো ফ্রেণ্ডছ পাৰ্টিত সি অকলে গ'লেই বন্ধুবোৰে জাউৰীয়ে জাউৰীয়ে প্ৰশ্ন কৰিছিল,
"স্বাতি ক'ত বে?"
"স্বাতি নাহিল কিয়?"
"ধুৰ, মক্কেল। সুন্দৰী গাৰ্লফ্রেণ্ড লুকুৱাই অকলে আহিছ, কাম নাই?"
ধেমালিতে কোৱা এই কথাবোৰে তাক বিন্ধি পেলাইছিল।
ৰাতি ৰাতি তাৰ অকাৰণত খং উঠিছিল। সৰু সৰু কথাত স্বাতিৰ লগত কাজিয়া লগাইছিল সি। স্বাতিৰো খং উঠিবলৈ লৈছিল। তাক "নেৰ' মাইণ্ডেড" বুলি কৈছিল। সি কল ডিচকানেক্ত কৰি দলিয়াই দিছিল মোবাইল ফোন। দামী, লেটেষ্ট টেকনলজিৰ মোবাইলটো ভাঙি চুৰ-মাৰ হৈ গৈছিল।
তাক কিন্তু ইন-চিকিউৰিটিৰ অন্য একুৰা জুয়েহে বেছিকৈ জ্বলাইছিল।
এতিয়া তাৰ কোনো পাত্তা নাই, স্বাতিয়েই মেইন।
স্বাতিওতো কম নহয়, কিয় গা ঘেলাই ফুৰে তাৰ লগৰ বোৰৰ লগত?
চকুৰ টিপ নমৰাকৈ, গুজৰি-গুমৰি উঠা উশাহবোৰৰ সৈতে অনুব্রতে বিনিদ্ৰ ৰজনী অতিবাহিত কৰিছিল।
পিছদিনা কন্দা-কটা, উচুপনি, মান-অভিমানেৰে ভৰা আব্দাৰত কাজিয়া ভাঙিছিল যেনিবা। সিহঁত বন্ধুবোৰ লগহৈ চিনেমা চাবলৈ গৈছিল।
মাল্টিপ্লেক্স থিয়েটাৰটোত বহি থাকোতে ৰূপালী পৰ্দাৰ দীপিকা পাডুকণৰ লগত স্বাতিৰ ৰূপৰ তুলনা হৈছিল।
ৰাতিলৈ আকৌ কাজিয়াৰ সূত্ৰপাত। আকৌ এটা অসহনীয়, ভাৰাক্ৰান্ত, নিদ্ৰাবিহীন ৰাতি পাৰ হৈছিল অনুব্ৰতৰ।
এনেকৈ অলপ দিন টানি টুনি চলালেও অনুব্ৰতৰ লাহে লাহে উশাহ নিশাহ বন্ধ হৈ আহিছিল। সম্ভাৱনাৰে পৰিপূৰ্ণ এই সম্পৰ্কেটোৱে একালৰ উজ্জ্বল অনুব্রতৰ উজ্জ্বলতাক যেন চেপি খুন্দি পেলাইছিল। সি হেৰাই গৈছিল।
শেষলৈ সম্পৰ্কটো টিকি থকা নাছিল। অনুব্ৰতেই ভাঙি পেলাইছিল। স্বাতিয়েও খাতিৰ কৰা নাছিল। তাই সহজ ভাবেই আঁতৰি গৈছিল।
অনুব্ৰতে মুকলিকৈ উশাহ লৈছিল।
তাৰ প্ৰয়োজন হৈছিল নতুন গার্লফ্রেণ্ডৰ। কলেজৰ অতিপাত পপুলাৰ ল'ৰা সি, চিঙ্গল হোৱাটো লাজৰ কথা।
এইবাৰ আহিছিল কৃষ্ণাক্ষী। স্বাতিৰ নিচিনা ধুনীয়া নহলেও তাইৰ চেহেৰা আছিল অতিকৈ আকৰ্ষণীয়। তাতকৈও বেছি আকৰ্ষণীয় আছিল তাইৰ ব্যক্তিত্ব। পঢ়াই শুনাই, নাচে গানে তাই আগৰনুৱা আছিল। কলেজৰ বেষ্ট তাৰ্কিক কৃষ্ণাক্ষী। লগতে বেষ্ট ষ্টুডেন্ট।
এইবাৰো অনুব্ৰতৰ দাম বাঢ়িছিল। কৃষ্ণাক্ষীক এই কলেজতেই নহয়, বাহিৰতো চবেই চিনি পায়। সপ্ৰতিভ, স্মাৰ্ট ছোৱালীজনী সকলোৰে নয়নৰ মণি।
কিন্তু কিছুদিন যোৱাৰ পাছত সি অনুভৱ কৰিলে, সি চোন একোতেই কৃষ্ণাক্ষীৰ জোৰৰ নহয়। কৃষ্ণাক্ষীয়ে তাক ভাল পাই সঁচা, কিন্ত তাইৰ বাকপটুতা, তাইৰ তীক্ষ্ণ বুদ্ধি, তাইৰ মেধা, এইবোৰে তাক লাহে লাহে গ্ৰাস কৰি তুলিলে।
কৃষ্ণাক্ষী একুৰা জুই। আৰু এই জুইত তাৰ মিডিঅ'কৃতি যে চগাৰ নিচিনাকৈ জাহ যাব, এই কথা বুজোঁতে অনুব্ৰতৰ বেছি সময় নালাগিল।
অনুব্ৰতৰ বুকুখন লাহে লাহে আকৌ গধুৰ হৈ আহিছিল।
বন্ধু মহল ইতিমধ্যেই কৃষ্ণাক্ষী-ময় হৈ পৰিছিল। ঈৰ্ষা, ইন-চিকিউৰিটিৰ পুনৰাবৃত্তি হৈছিল অনুব্ৰতৰ জীৱনত।
কৃষ্ণাক্ষীক বাদ দিওঁতে তাৰ অলপ কষ্ট নোহোৱা নহয়। হৈছিল। কিন্তু নিজকে ভাল পোৱা অনুব্ৰতে, নিজকে হেৰাবলৈ দিব নোৱাৰিলে।
বন্ধু বোৰে প্ৰশ্ন কৰিছিল
"কি বে, কিয় ব্ৰেক-আপ কৰিলি ৰে?"
"নহয় অ', তাইৰ প্ৰতি মোৰ ৰিয়েল ফিলিঙ নাহিলেই, তাই মোক সচাই ভাল পাই, মই তেনেকৈ ভাল পাব নোৱাৰিলোঁ।"
তাৰ গা-এৰা দিয়া চমু উত্তৰ।
দিন বাগৰে। অলপ দিন হেৰুৱাই পোৱা গুৰুত্বৰ আভাত সি তৃপ্ত হয়। কিন্তু চিঙ্গল লাইফৰ ব'ৰদমে তাক ভাগৰুৱা কৰে। সি তাৰ জীৱনত প্ৰেয়সীৰ প্ৰেমৰ, যত্নৰ, আব্দাৰৰ অভাৱ অনুভৱ কৰে।
তাৰ পাছত এয়া। তাৰ জীৱনলৈ সুৰভিৰ আগমন। সি তাইক এজাক ছোৱালীৰ জুমটোত হঠাৎ এদিন লক্ষ্যঃ কৰে। তাই তালৈ ৰ' লাগি চাই আছিল। লগৰ ৰশ্মিয়ে এদিন তাক কৈছিল, সুৰভিয়ে হেনো তাক ভাল পায়, তাক চায়।
উজ্জ্বল এহাল চকু। তাৰ বাহিৰে ভাল পাবলগীয়াকৈ একোৱেই নাই সুৰভিৰ।
সাধাৰণ এজনী ছোৱালী। ভিৰৰ মাজত হেৰাই যাব পৰাকৈ সামান্য।
পিছদিনাই সি তাইক প্ৰেমৰ প্ৰস্তাব দিয়ে। তাই আপত্তি কৰাৰ কথাই নাহে।
"মোকনো কিয় ভাল পালা, মইতো তোমাৰ জোৰৰ নহয়।"
সুৰভিয়ে তাক প্ৰশ্ন কৰে।
"তাতে কি হ'ল, ভালপোৱাই চেহেৰা নাচাই সু, মই তোমাৰ মনটোক ভাল পাই পেলাইছোঁ।"
সুৰভিয়ে আবেগেৰে তাক সাৱটি ধৰে। কলেজৰ ভীষণ পপুলাৰ ল'ৰাটোৱে তাইক, সুৰভিক, ভালপায়। কৃতজ্ঞতা, উৎসাহ, ভালপোৱাৰে তাই অভিভূত হৈ উঠে।
বন্ধু মহলৰ উৎকণ্ঠাৰ শাম কটাৰ পাছত অনুব্রতে এইবাৰ সুৰভিক লৈ চ'চিয়েলাইজ কৰিবলৈ লয়, নিষ্কণ্টক, বিনাদ্বিধাই। পাৰ্টি, পিকনিক, বন্ধুৰ গেট-টুগেদাৰ সকলোতে তাইক মুকলি মনেৰে লৈ যায়। হৈ-ছৈ কৰি থকা এজাক লৰা-ছোৱালী মাজত সুৰভি মাথোঁ অন্যতম এজনী হৈ মিলি যায়। সাধাৰণভাবে সকলোৱে তাইৰ লগত কথা পাতে।
অনুজ্জ্বল প্ৰেমিকাৰ উজ্জ্বল, বহল মনৰ প্ৰেমিক অনুব্ৰত গ্রুপটোত আকৌ এবাৰ জিলিকি উঠে। তাৰ গুৰুত্ব আকৌ এবাৰ বাঢ়ে।
সি স্বস্তিৰ নিশ্বাস পেলায়। মুকলি অনুভৱ কৰে।
এসময়ত ভিতৰৰ পৰা নিস্প্ৰভ হৈ মৰহিব খোজা তাৰ সুঠাম বুকুখন আকৌ এবাৰ আত্মশ্লাগাত ফুলি উঠে। এইবাৰ সি পোৱা গুৰুত্ব অক্ষুন্ন হৈ ৰ'ব বোলা অনুভূতিটোৱে তাক এক বেলেগ আত্ম-সন্তুষ্টি দিয়ে।
সেই সন্তুষ্টিৰ ফলস্বৰূপ ওঠেৰে বিৰিঙি অহা কিঞ্চিত হাঁহিৰ ৰেশটো লৈ এহাতে ৱাইন গ্লাছটো তুলি সি কৈ উঠে "চিয়েৰছ ফ্রেণ্ডছ।"
(সমাপ্ত)

Val lagil ba
ReplyDeleteThanks a lot 🤗
Delete