মই এজনী সফল গৃহিনী।
আজি বজাৰলৈ ওলাইছোঁ। গাঁৱৰ ফ্রেছ চবজি লৈ অহা বেপাৰী কেইটাৰ পৰা দৰাই দৰাই মোনা ভৰ্তি কৰি পাচলি লোৱাৰ পাছত এচুকত ডলা এখন লৈ বহি থকা বুঢ়ীজনীৰ কাষ চাপিলোঁ।
....বাই পালেং কেনেকৈ দিছা?
....মৰিছা শাক মুঠিত কিমান?
....এইবোৰ চোন শুকালেই, খাবলৈ ভাল হ'ব জানো?
....নেমু চাৰিটাও দি দিয়া, ভাল চাই দিবা।
....জলকীয়াবোৰ কেঁচা পকা চাই মিলাই দিয়াহে, হ'ব দিয়া, ইমান জুখিব নেলাগে।
....দিয়া দিয়া... ধনিয়া মুঠি দুটা এনেয়ে লগাই দিয়া বাই, দাম নধৰিবা....হেই পাৰিবা দিয়া, শাকে পাতে ইমানখিনি ল'লোঁ, ধনিয়া কেইডালৰ দাম নল'লেও হ'ব দিয়া।
পেৰি পেৰি মুঠ দামৰ পৰা ১০ টকা বুঢ়ীক কমকৈ দিলোঁ। ধনিয়া মুঠি দুটা ফ্ৰিতে ল'লোঁ। হেহো নেহো কৰিলেয়ো বুঢ়ীক মনাইহে এৰিলোঁ।
নিজৰ বাকপটুতা আৰু বুদ্ধিত সন্তোষৰে হাঁহি মই এইবাৰ ওচৰৰ ডিপাৰ্টমেন্ট ষ্টৰখনত সোমালো। বাবাটোলৈ চিপছ লৈ যাওঁ। চিপছৰ অকনি অকনি পেকেটটো ২০ টকাকৈ পাই, খুলিলে নিমিষতে শেষ হয়। পাঁচটামান পেকেটৰ লগত বিস্কুট, কুকিজ আৰু ক্ৰীম ৰোল দুটামানো ল'লো।
"বাইদেউ ২৯৫ হ'ল আপোনাৰ।"
তিনিখন খমখমীয়া এশ টকাৰ নোট আগবঢ়াই দিলোঁ। চেলছবয়টোৱে ৫ টকা ঘূৰাই নিদি, অদ্ভুত ধৰণৰ কাহানিও নাম নুশুনা টফি এটা মোনাটোত সুমুৱাই দিলে। সুধিম বুলিও নুসুধিলো। মিছাই অশান্তি নবঢ়াও।
ঘৰ আহি পাই দেখোঁ গেটত পিজ্জা ডেলিভাৰী আহিছে। পাৰ্চেলটো লৈ কিমান হ'ল সুধিলো।
"৪৯০ মেম।"
৫০০ টকীয়া নোটখন আগবঢ়াই দি এইবাৰ হাঁহি মুখে ক'লো,
"কিপ দা চেঞ্জ।"
ৰাতিলৈ ফ্ৰিতে পোৱা ধনিয়াৰ চাটনিকণ খাবলৈ পিছে বৰ সোৱাদ হৈছিল দেই।
সঁচাই সফল গৃহিনী মই।।
✍ © ৰূপালীম (বেংগালুৰু)
১৩.০৫.২০২০
xxxxxxxxxxxxxx

খুব ভাল লাগিল পঢ়ি
ReplyDeleteৱাহ, কম কথাত বৰ ধুনীয়াকৈ বুজালা। সুন্দৰ শিৰোনামা।
ReplyDeleteভাল লাগিল দেই।
ReplyDelete