বিয়নী -মেল
(চুটি গল্প)
বেজবৰুৱাহঁতৰ ঘৰত আজি পুৱাৰে পৰা খদমদম লাগিছে। এই চহৰতে থকা বিয়া দিয়া জীয়েক দুজনী সপৰিয়ালে আহিছে, গাঁৱত থকা ভায়েকৰ পৰিয়ালটোও আহি ওলাইছেহি। বেজবৰুৱাৰ দুই পো-বোৱাৰী লগতেই থাকে। গোটেই ঘৰখন নাতি-পুতি, ল'ৰা-বোৱাৰী, জী-জোঁৱায়ে গিজগিজাই আছে। উৎসৱমুখৰ পৰিবেশ, খোৱা-বোৱা, ৰং-ৰহইচ হৈছে। হাঁহিৰ ৰোল উঠিছে, উফৰি আহিছে ৰঙীন কথা বতৰাৰ টুকুৰাবোৰ। সুস্বাদু খাদ্যৰ গোন্ধ বিয়পি পৰিছে চৌপাশে।
চুবুৰীটোৰ মানুহখিনিয়েও বেজবৰুৱাহতৰ ঘৰৰ সুখৰ সময়বোৰৰ উমান পাইছে।
আবেলি সময়ত ৰাতিপুৱাই ধুই মেলি দিয়া কাপোৰখিনি নিজৰ চোতালৰ পৰা তুলিবলৈ অহা ৰেখা কলিতাক চুবুৰীৰে যামিনী বৰাই জেওৰাৰ পাৰৰ পৰা কাষলৈ মাতিলে।
"কলিতানী হয়, কাপোৰ তুলিছে? এইফালে শুনকচোন।"
"অ', কি কথা বৰানী, আজি আপোনাৰ ভাত ঘুমটি ভাঙিলেই হ'বলা?"
ওচৰ চাপি অহা কলিতনীৰ প্ৰশ্নৰ উত্তৰ নিদি, বৰানীয়ে গুপুত ৰসাল কথা কোৱাৰ লেখীয়াকৈ ফুচফুচাই ক'লে,
"এওঁলোকৰ আজি বাহাৰ দেখিছে?"
এওঁলোক মানে বেজবৰুৱাৰ ঘৰখন।
"অ, গম পাওঁ নহয়, আজি বেজবৰুৱাহতৰ পৰিয়ালৰ মানুহ গোট খাইছেহি, তাকেই পাৰ্টি কৰিছে আৰু।" কলিতানীৰ চিধা উত্তৰ।
"থওক হেৰি, ভোজ-ভাত পাতি চেলিব্ৰেচন কৰিছেহে বুলিছো। মই বোলো 'বেজবৰুৱানী কি ভাল খবৰ আছে নিকি নতুন বোৱাৰীৰ নতুন খবৰ হ'পাই?' নহয় বোলে ন' বোৱাৰীয়ে থেচিচহে জমা দিছিল ডক্টৰেট পালে হেনো তাই। এতিয়া কৰি থকা লেকচাৰাৰ চাকৰিটোও হেনো পাৰমানেন্ট হ'ল। তাকে ঘৰে-ঘৰোৱাহে মিলি ফুৰ্তি কৰিছে।"
কলিতানীৰ সঁহাৰিলে নৰৈ এইবাৰ ভেকাহি মাৰা সুৰত বৰানীয়ে কৈ গ'ল,
"বিয়াৰ দুবছৰ হ'বৰ হ'লহি, এতিয়া অন্য কথা হে চিন্তা কৰিব লাগিছিল সৰুহালে। পিছে প্ৰফেছাৰ হৈ হে ফলাইছে দেখোন আৰু তাকে লৈ শহুৰেকৰ ঘৰ ফুৰ্তিত উৰি আছে।"
"ভালহে হৈছে বৰানী।" কলিতানীয়ে বুজনিৰ সুৰত কৈ উঠিল,
"আপুনি বা মই এই যে পঢ়া শুনা আধাতে সামৰি কুমলীয়া বয়সতে বিয়া হৈ আহিলো, কি কৰি ফালিলো নো? ল'ৰা-ছোৱালী এপাল জন্ম দি গোটেই জীৱন গেবাৰিকে খাতিলো, নিজৰ বুলিবলৈ কিদাল পালোনো? নিজৰ পছন্দৰ একো এটা আজকোপতি কৰি নাপালো। গোটেই জীৱন গিৰিহঁতৰ মুখলৈ চাই কটালো, এতিয়াও সৰু সৰু কথাত পো-বোৱাৰীৰ ওচৰত হাত পাতিব লগীয়া অৱস্থা।"
বৰানী অবাক। কলিতানীয়ে কিখন নো কয়?
দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি কলিতানীয়ে কৈ গ'ল,
"পঢ়া-শুনা ভালকৈ নকৰাই ছোৱালীকো কম বয়সতে বিয়া দি এতিয়া পস্তাইছো। ছোৱালী শহুৰৰ ঘৰত হীনমান্যতাত ভুগিছে। তাতকৈ যদি পঢ়াই শুনাই উপযুক্ত কৰি তুলিলো হয় তাইক, আজি স্বাভিমানেৰে সংসাৰ কৰিলে হেঁতেন"
শেষৰফাললৈ কলিতানীৰ মুখখনত বিষাদৰ ৰেশ এটা বিয়পি গ'ল।
"পেটৰ-পোৱালি, নিজৰ ছোৱালীৰ কথা বেলেগ পাই, পিছে বোৱাৰীয়েকজনীৰ চাকৰিত বেজবৰুৱাৰ গোটেই ঘৰখনে যে নাচি আছে, শোভা নাপায় দেও।" বৰানীও এৰি দিয়া ভকত নহয়, টেপেককৈ ধৰিলে।
কলিতানী অলপ বিৰক্ত হ'ল। কিঞ্চিত উষ্ম ভৰা কণ্ঠেৰে তেওঁ ক'বলৈ ধৰিলে,
"কিয় শোভা নেপাইহে? ছোৱালী কি বোৱাৰী কি, মোৰ মানত চব সমান। বেজবৰুৱানীহতক চাওকচোন, ল'ৰা-ছোৱালী কেওটাকে যেনেকৈ পঢ়াই শুনাই উপযুক্ত কৰি তুলিলে, তেনেকৈ বোৱাৰী দুজনীকো আগবাঢ়িবলৈ সুবিধা কৰি দিছে। বেছ কৰিছে।"
"আৰু তেনে কৰিছে বুলিয়েই গোটেই ঘৰখনৰ সমাজত সন্মানো বাঢ়িছে, আৰু মিলা-প্ৰীতিৰে একেলগে থাকি আদৰ্শ পৰিয়াল এটি হৈ পৰিছে এই চুবুৰীত।"
কলিতানী এইবাৰ শান্ত হ'ল। বেজবৰুৱাহতৰ ঘৰৰ সুখখিনি যেন তেওঁৰ গালৈয়ো বিয়পি পৰিছিল।
"বাহ। কলিতানী, বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ লৈছে কিন্তু দেই আপুনি আজিকালি। হঠাৎ জ্ঞান উদয় হৈছে যে? কি কথা?" বৰানীয়ে কথাৰে শেল মাৰিলে। মানুহক উপলুঙা কৰাত তেওঁৰ বেছ দুর্নাম আছে।
"নহয়নে? জ্ঞান অলপ লৈছো ৰ'ব ময়ো। আমাৰ সৰুবোৱাৰী, মিলিজনীয়ে মোক আজিকালি কিতাপ-পত্ৰ ধেৰ আনি দিছে, বোলে মা পঢ়া-শুনা কৰি সময় কটাওক। আৰু মোক ফুৰাবলৈও লৈ যায় লগত, বহুত কথা শিকাইছে তাই মোক।"
মিলিৰ কথা কওঁতে তেওঁৰ মুখখন পোহৰ হৈ উঠিল।
"বুজিছে, বহুদিনীয়া হেঁপাহ আছিল, তাইৰ জহতে আজিকালি সৰুকৈ লিখা-মেলাও আৰম্ভ কৰিছো অ'ত ত'ত। মনটো বহুত মুকলি হৈ পৰিছে। সকলো বস্তুতে, সকলো কথাতে সেয়েহে লোকৰ বেয়াতো নেদেখি ভালতো দেখিবলৈ শিকিছোঁ।"
কলিতানীয়ে হাঁহি এমোকোৰা লৈ উত্তৰ দিলে। শেষৰ কথাষাৰ যেন বৰানীৰ কথাবোৰৰ প্ৰত্যুত্তৰহে আছিল।
কাৰো চিন্তা ধাৰা হয়তো তেওঁ সলাব নোৱাৰিব কাহানিও, কিন্তু অন্যায় কথাত হক কথা কোৱাৰ সাহসখিনি মিলিজনীয়েই যে তেওঁক যোগাইছে।
আবেলিৰ বেলিটোৰ মনোৰম পোহৰত কলিতানীৰ মুখখন আৰু উজ্জল হৈ উঠিল। এইবাৰ বৰানীৰ মুখখনহে কেহেৰাজ বৰণ ধৰিলে।
(সমাপ্ত)
✍ © ৰূপালীম (বেংগালুৰু)
০৫.০৫.২০২০

Such a beautiful write up...loved it
ReplyDelete