Thursday, 6 August 2020

প্ৰেমাস্পদ



প্ৰেমাস্পদ

(চুটি গল্প)

শকত ছোৱালীজনী কথাই বতৰাই শুৱলা, কামে-কাজে সুনিপুন। নিয়াৰিকৈ নিজৰ পঢ়া-শুনা সামৰি মোটামুটি সুখী হ'ব পৰাকৈ সময়ত চাকৰি এটাও গোটাই ল'লে।

বিবাহোপযুক্ত ছোৱালীজনীৰ বাবে ঘৰখনে দৰা বিচাৰি চলাথ কৰিলে। তথাপিও তাইৰ বাবে যোগ্য দৰা এটা নোলাল।

একেবাৰে নোলোৱা নহয়, ওলায়। তাইৰ পঢ়া-শুনা, চাকৰি, ঘৰখনৰ সুনাম, এইবোৰ শুনি বিয়া পাতিবলৈ মন মেলা কেইবাখনো ঘৰ ওলায়। 

কিন্তু সময়ত চাহ-ভাত খাই ছোৱালীয়ে-ঘৰে চাই যোৱাৰ পিছত তেওঁলোকে নাই নুই কৰে।

"গেৰেলী কইনা নালাগে দেই আমাক, একেটা মাথোঁ ল'ৰা, অকণমানতো গঢ়িত হ'ব লাগিব ঘৰৰ লখিমীজনী, তেহে। "

"চাকৰি থাকিলে কি হ'ল, ইমান থুলুকী ছোৱালীজনী, ৰঙটোও কম, নোৱাৰো দেই পাটিৰ তিৰোতা কৰিব।"

"ঐশ্বৰ্য ৰায় নহ'লেও নাই, তথাপি টুনটুন এজনী চপাব নোৱাৰো নহয়।"

মানুহবোৰে ঘটক জাতীয় মাজৰ মানুহবিলাকক এইখিনি কথাকে ঘূৰাই পকাই শুনাই দিয়ে।


প্ৰত্যেকবাৰেই ছোৱালীজনীৰ লগতে ঘৰখনৰ কেউটি প্ৰাণীৰ মনবোৰো সেমেকি যায়। 

মাকজনীয়ে নিজৰ কপালখনক দোষে। বাপেকটোৱে শুকান মুখ এখন লৈ কন্যাদায়গ্ৰস্থ পিতৃৰ হতাশাত ভোগে। সম্বন্ধীয় মাহীয়েক-পেহীয়েক কেইজনীয়ে ছোৱালীজনীৰ খোৱা-পাতত চকু দিয়ে, খোৱা-বোৱা কম কৰি তাইক খিনাবলৈ উপদেশ দিয়ে।

গায়ে-গাৰিয়ে নোদোকা ছোৱালীজনীৰো যে এটা মন আছে, সেইটো কোনেও দেখা নাপায়। 


তাই বহুদিনৰে পৰা মনতে ভাল পাই থকা ল'ৰাটোৱেও কয়,

"তোমাক মোৰ বৰ ভাল লাগে জানা, ইমান মন মিলে আমাৰ, কিন্তু মই তোমাক প্ৰেমিকাৰ দৃষ্টিৰে চাব নোৱাৰো, বন্ধু বুলিহে ভাবো।"

তাই দুখ পায়।

দুয়োৰে লগত বন্ধুত্ব থকা এক বান্ধৱীয়ে আহি তাইক তাৰ মনৰ গোপন খবৰ দিয়ে,

"সি কৈছে তই হেনো পুৰা ৱাইফ-মেটেৰিয়েল, কিন্ত তাৰ হেনো লাহী ছোৱালীৰ প্ৰতি ব্যক্তিগত দুৰ্বলতা আছে।"

তাই অবাক হয়। তাইৰ তাৰ ঘৈণী হ'ব পৰা গুণ আছে, কিন্ত প্ৰেমাস্পদ হ'ব পৰা ৰূপহে নাই তেন্তে।

"সি কৈছে তোক বিয়া পাতিলে, মানুহে হাঁহিব তাক, আন নালাগে ঘৰৰ মানুহেও ক'ব যে জোৰা মিলা নাই, সি লাজ পাব হেনো।" বান্ধৱীয়ে নকওঁ বুলি ভাবি অহা কথাষাৰ কৈ পেলায়।

"সি লাজ পাব, মোক লৈ?" ছোৱালীজনীৰ মুখৰ মাত হেৰাই যায়।

তাই বেয়া নাপাওঁক ভাবত বান্ধৱীয়ে বুজনি দিয়ে,

"তই অলপ খীণ হোৱা হ'লে বোলে একে আষাৰে সি তোক ঘৰ সুমুৱালেগৈ হয়।"

শকত ছোৱালীজনীয়ে এইবাৰ কেৱল দুখ নাপায়, তাই ভীষণভাৱে আহত হয়।

কেৱল লাহী নহয় বাবেই এই উপেক্ষা? তাকো যাক তাই অন্তৰ জুৰি ভাল পাই সেই প্ৰিয়জনৰ পৰা?

কথাবোৰ শকত ছোৱালীজনীৰ গাত লাগে। 

তাই ইমানো শকত নহয় যিমান মানুহে উপলুঙা কৰে। মিঠা বৰণীয়া মুখখন দেখোন তাইৰ নিজৰ মৰমেই লাগে। তথাপি সৰুৰে পৰা পোৱা বিভিন্ন জোকোৱা নামবোৰৰ মাজত তাই যেন নিজৰ আত্মবিশ্বাস, নিজৰ প্ৰতি ভালপোৱা সকলো হেৰুৱাই পেলাইছিল। তাইক চাবলৈ অহা ল'ৰাবোৰৰ মুখত তাইক দেখা পোৱাৰ পিছৰ মুহূৰ্তত ফুটি উঠা আশ্চৰ্য, অবিশ্বাস খিনিয়ে তাইক মানসিক ভাৱে জুৰুলা কৰি পেলাইছিল।

মানুহে তাইক অৱজ্ঞা কৰে।

তাই কাৰো চকুত নপৰে।

তাইৰ গুণবোৰতকৈ, থকাখিনিতকৈ নথকাখিনিলৈহে মানুহৰ হেঁপাহ।

তাইৰ কাৰো প্ৰেমাস্পদ হোৱাৰ যোগ্যতা নাই।


তাইৰ দুৰ্বাৰ বাসনা হয়। খিণাবলৈ। খিণাই, লাহী-পাহিজনী হৈ নিজৰ প্ৰিয়জনৰ কাষত থিয় হ'বলৈ। কোনেও লাজ নিদিয়াকৈ প্ৰিয়জনে তাইৰ হাতখন ধৰিব পৰা সুবিধাকণ কৰি দিবলৈ তাইৰ প্ৰবল ইচ্ছা হয়।

তাই বিচলিত হৈ যায়। নিজৰ গাৰ গঠন, গাৰ বৰণ সলাই পেলাব বিচাৰে।

তাই বিচাৰে যে মানুহে তাইকো চাওক। তাইৰো মূল্য বুজক।

বান্ধৱীক কাতৰ হৈ তাই অনুৰোধ কৰে,

"কিবা এটা উপায় দে। মই কি কেতিয়াও কাৰো ভালপোৱা পাব নোৱাৰিম?"

লগৰ বান্ধৱীয়ে উপায় বিচাৰি দিয়ে। 

আক-তাক সুধি, খবৰ গোটাই-পিটাই শকত ছোৱালীজনীয়ে এদিন জিম জইন কৰে। যোগাসনৰ ক্লাছত ভৰ্তি হয়। কিতাপ আলোচনী পঢ়ি, ইউ-টিউব চাই জি-এম ডায়েট, কিট'-ডায়েট ফলো কৰিবলৈ লয়।

তাইক প্ৰয়োজন হয় অসীম ধৈৰ্য আৰু সাহসৰ। 

প্ৰচুৰভাবে কষ্ট হয় তাইৰ। 


দিনবোৰ বাগৰি যায়। খহি পৰা উদ্যম তাই বাৰে বাৰে বুটলি আনে, হেৰাই যোৱা সাহস তাই বাৰে বাৰে বিচাৰি আনে। নিজেই নিজকে তুলি ধৰে, শকত ছোৱালীজনীয়ে।

বাৰে বাৰে আঁত হেৰুৱাই পেলায়, বাৰে বাৰে মনোবল হেৰুৱাই পেলায়। কিন্তু নিমাখিত চৰায়ে খেৰ কূটা বুটলি বাঁহ পতাৰ দৰে তায়ো বাৰে বাৰে আত্মবলৰ বাঁহ সাজি আগবাঢ়ে।

খীণালে মানুহে তাইক মূল্য দিব। সন্মান কৰিব। প্ৰিয়জনে দহজনৰ আগত তাইৰ লগত থিয় হোৱাৰ সাহস পাব।

লাহে লাহে, পাৰ হৈ যোৱা সময়বোৰৰ লগত তায়ো সলনি হয়। 

তাই খিণাবলৈ ধৰে। সময়ৰ লগে লগে এফালে তাইৰ শৰীৰৰ আকাৰ টুটি আহে, আনফালে আত্ম-বিশ্বাস বাঢ়ি যায়।

"পাৰিম মই। নোৱাৰাৰ কথাই নাই। প্ৰেমৰ বাবে নহ'লেও, নিজৰ বাবেই অন্ততঃ পাৰিম।"

বান্ধৱীক কয় তাই।

অৱশেষত একালৰ শকত ছোৱালীজনী কালৰ গৰ্ভত হেৰাই যায়, সৃষ্টি হয় সুন্দৰ ফিগাৰ এটাৰ অধিকাৰী লাহী ছোৱালীজনীৰ। 


অলপ দিন প্ৰজেক্টৰ কামত তাই আন এখন চহৰত থাকি আহেগৈ। কামৰ প্ৰেচাৰ বাঢ়ে, লগে লগে তাইৰ নিজকে দিয়া গুৰুত্বখিনিও। সময়ৰ লগে লগে তাই নিজকে সজাব-পৰাবলৈ শিকি পেলায়। কেনেকুৱা কাপোৰ, কি ধৰণৰ হেয়াৰ-ষ্টাইলে তাইক তুলি ধৰিব, কোনবোৰে গিলি পেলাব, এইবোৰ কথা তাই বুজিবলৈ ধৰে, শিকিবলৈ ধৰে। নতুন কিছুমান বান্ধৱীৰ সহযোগত তাই নিজকে সলাই পেলায়।

নিজৰ চহৰখনলৈ ঘূৰি অহাৰ সময়ত তাই আটকধুনীয়া ছোৱালী এজনী হৈ আহে।

দহজনৰ চকুত পৰাকৈ আকৰ্ষণীয়, চালে চকুৰোৱা এক সৌন্দৰ্য।

"বাহ, মানি গ'লো তোক। ধুনীয়াজনী হৈ পৰিছ।" মানুহে ক'বলৈ লয়।

"ধুনীয়া হয়তো মই আগতেও আছিলোঁ, কেৱল মোৰ মেদখিনিৰ আঁৰত থকা সেই ধুনীয়াখিনি কাৰো চকুতেই নপৰিল চাগৈ।" তাইৰ স্পষ্ট উত্তৰ।

মানুহবোৰ অবাক হয়। কি উত্তৰ, কি দৃঢ়তা।


এইবাৰ এজাক ল'ৰাৰ লাইন লাগে তাইক বিয়া পাতিবলৈ। সম্বন্ধ আনিবলৈ এসময়ত এৰি দিয়া  মাহীয়েক পেহীয়েকৰ আকৌ এবাৰ ভিৰ হয় ঘৰখনত।

তাই এটা এটাকৈ চব প্ৰস্তাৱ নাকচ কৰি যায়। 

ভালৰো ভাল সমন্ধ আনা পেহীয়েকেহতে কয় "তোৰ অহংকাৰ হৈছে, আগতেতো মুখৰ মাতেই নাছিল।"

"অহংকাৰখিনি নিজৰ জহতেই আৰ্জিছোঁ পেহী।" ছোৱালীজনীয়ে একেই দৃঢ়তাৰে উত্তৰ দিয়ে।


অৱশেষত ইমানদিনে মনতে পুহি ৰখা সপোনটো ফলিয়াই তাইৰ। 

তাইৰ ওচৰলৈ তাই ভালপোৱা ল'ৰাটো আহে। 

"তুমি মোৰ বাবে কি এতিয়াহে বুজিছোঁ। মোৰ বাবেইতো ইমানখিনি কষ্ট কৰিলা, নহয় জানো?"

তাইৰ প্রিয় বান্ধৱীজনীয়ে আবেগ সামৰিব নোৱাৰি তাৰ আগত সকলো কথা এদিন কৈ পেলাইছিল। কেনেকৈ শকত ছোৱালীজনীয়ে তাৰ ভালপোৱা পাবৰ বাবে অপৰিসীম কষ্ট কৰিছিল, তাৰ খতিয়ান দিছিল। ল'ৰাটো মুগ্ধ হৈছিল। তাৰ ইমান দাম?

"মই বহুত সুখী। মোৰ মনৰ মানুহজনীয়ে মোক পাবলৈকে ইমানখিনি কৰিলে, মই আপ্লুত হৈছোঁ।"

তাৰ কণ্ঠত আবেগ, উত্তেজনা, বিস্ময়।

তাই মিচিকিয়াই হাঁহে।

"উম, তোমাৰ বাবেই সকলো। তুমি যাতে মোকলৈ আৰু লাজ নোপোৱা তাৰেই ব্যৱস্থা এয়া।"

"তোমাৰ সাধনা সফল হ'ল। আজি মই তোমাক কথা দিছোঁ, তোমাকেই নিজৰ কৰিম, গৌৰৱেৰে আমাৰ ঘৰৰ দুৱাৰ-ডলি গচকাম। কোৱা, হ'বানে মোৰ তুমি?"

ল'ৰাটোৱে আকুলতাৰে প্ৰস্তাৱ দিয়ে। 

ছোৱালীজনীৰ উত্তৰ নুশুনাকৈয়েই সি মনতে বিয়াৰ ৰঙীন সপোন বান্ধি পেলায়।

এসময়ৰ শকত ছোৱালীজনীয়ে দৃঢ়তাৰে উত্তৰ দিয়ে,

"কিন্ত তোমাৰ হাত ধৰিবলৈ, তোমাৰ ঘৈণী হৈ থিয় হ'বলৈ এতিয়া মোৰ লাজ লাগিব।"

ল'ৰাটো থৰ লাগে। এয়া কেনে কথা, কেনে অহংকাৰ?

"মোক ভুল নুবুজিবা, মই এইটো কোৱা নাই যে তুমি মোৰ জোৰৰ নহয়। ভালপোৱা মানুহৰ লগত ৰূপ-গুণৰ তুলাচনী মই অন্ততঃ ব্যৱহাৰ নকৰোঁ।" তাই কোমল ভাবে কৈফিয়ত দিয়ে। 

"তেন্তে? তেন্তে কিয় তুমি তেনেকৈ কৈছা? মোক বিয়া কৰাবলৈ তুমি কিয় লাজ পাবা?"

ছোৱালীজনীয়ে ধীৰ-স্থিৰ ভাবে মনৰ কথাবোৰ কৈ গ'ল,

"বহুত কষ্ট কৰি এই পৰ্যায় পাইছোহি। নিজকে বিচাৰি পাইছোঁ এই কষ্টখিনিৰ মাজত। মোৰ বাবে অৰ্জন কৰা এই ফিগাৰটোতকৈও মূল্যবান মই বিচাৰি পোৱা চেল্ফ ৰেচপেক্টখিনিহে, মই আবিষ্কাৰ কৰা মোৰ মাজৰ দৃঢ়তাখিনি হে।"

অলপ ৰৈ, তাই কৈ গ'ল,

"এসময়ত মোৰ গুনবোৰ ভাল-লগা সত্বেও মোৰ বাহ্যিক ৰূপটোৰ বাবে তুমি লাজ পাইছিলা। আজি মোৰ সুন্দৰ ফিগাৰ, ধুনীয়া চেহেৰা দেখি তুমি আগবাঢ়ি আহিছা। কিন্তু কাইলৈ যদি মই কিবা কাৰণত আকৌ শকত হৈ যাওঁ, বা আগৰ চিম্পল মইজনীলৈ উভতি যাওঁ, তুমিতো আকৌ লাজত পৰি যাবা। আকৌ পিছুৱাই যাবলৈ মন যাব।

তেন্তে কোৱা, তেনে এজন মানুহৰ ভালপোৱাক সম্বল কৰি মই তেওঁৰ হাত ধৰোঁ কি ভৰসাত? তেনে এজন মানুহৰ ভালপোৱা লৈ মই গৌৰৱ কৰিম নে লাজ?"

ল'ৰাটোৰ হাতত কোনো উত্তৰ নাই। তাৰ প্ৰস্তাৱ নাকচ কৰিছে এসময়ত সিয়েই নাকচ কৰি দিয়া ছোৱালীজনীয়ে! কি অপমান!

কিন্তু আশা এৰি নিদিয়ে সি। তাইৰ তাৰ প্ৰতি থকা আবেগখিনিকে সম্বল কৰি সি প্ৰশ্ন কৰে,

"মানিছোঁ মই তোমাৰ যুক্তি। হয় মই বিচাৰোঁ যে মোৰ মানুহজনী ধুনীয়া হওঁক। আৰু তুমি হয়। কিন্তু তুমি মাত্ৰ মোৰ এই কথাটোত ধৰি মোৰ প্ৰতি থকা প্ৰেম ভালপোৱা সকলো উটুৱাই দিব পাৰিবানে? প্ৰেমৰ কি কোনো মূল্য নাই?"

"আছে মূল্য, কিন্তু নিজতকৈ বেছি নহয়। তোমাক মই ভালপাওঁ সঁচা, কিন্তু এতিয়া নিজকো ভালপাবলৈ শিকিছোঁ, হয়তো তোমাতকৈয়ো বেছিকৈ।"

লাজ অপমানে মৰ্মাহত হোৱা ল'ৰাটোক তাই বুজাই যায়, 

"কি জানা? মই গঢ়ি তোলা মোৰ এই ফিগাৰ হয়তো সদায় নাথাকিব, কিন্তু এই যে বিচাৰি পোৱা আত্মসন্মানকণ, সেইকণ আজন্ম মোৰ হৈ ৰ'ব। সেইকণৰ মৰ্যদা মোৰ মানত সকলো ভালপোৱা, সকলো প্ৰেমতকৈ উৰ্দ্ধত।"

ছোৱালীজনীৰ মুখত এক অদ্ভুত সন্তুষ্টি ফুটি উঠিল। সেই সন্তুষ্টি বহু আকাংক্ষিত প্ৰেম প্ৰাপ্তিৰ নহয়, সেই সন্তুষ্টি এসময়ত তাইক বিমুখ কৰা ল'ৰাটোক তাই দিয়া প্ৰত্যুত্তৰৰ নহয়, সেই সন্তুষ্টি কেৱল আত্মপ্ৰেমৰ। 

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
০৬.০৮.২০২০

2 comments:

  1. এইটো মজা আছিল। নিজক নিজে ভালপোৱাটো সকলোতকৈ বেছি প্রয়োজন।

    ReplyDelete

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...