(এমুঠি অনুগল্প)
টু টাইমিং
"নিজৰ খেয়াল ৰাখিবা দেই। মই তোমাক ভীষণ মিচ কৰিম কিন্তু। আই লাভ ইউ।"
প্লেনত উঠাৰ আগতে তাই মেছেজটো দুটা চুমাৰ ইমজি সহিত পঠিয়াই দিলে। এজনলৈ নহয়, দুজনলৈ।
তাইৰ চকুত সাময়িক বিচ্ছেদৰ সামান্য দুখৰ আভাস।
একে সময়তে দুজনক নিশ্চয় ভাল পাব পাৰি। তাই দুয়োজনকে প্ৰাণভৰি ভাল পাই চোন। অফিচ ট্যুৰৰ পৰা উভতি আহি দুয়োকে সময় দিব তাই। দুয়োৰে মৰম বুটলিব।
তাইৰ মেছেজটো একে সময়তে দুয়োজনে ৰিচিভ কৰিলে। এজন তাইৰ স্বামী, আনজন কিশোৰ পুত্ৰ।
(২৫.০২.২১)
নিভৃত সুখ
দুপৰ নিশা। মাক জীয়েক বিচনাত।
"হ'ব আৰু কিমান টিপটিপাই থাক সেইটো? অনবৰতে মোবাইলত জুপি থাকিলে চকু শেষ হ'ব। ফেচবুক বন্ধ কৰ, শো।"
ধমক খাই সিকাটি হৈ শোৱে তাই। অলপ পিছত সিফালে নাকৰ শব্দ শুনি সন্তৰ্পণে আকৌ মোবাইলটো অন কৰে।
জীয়েক এতিয়া টোপনিত। ফেচবুক গোটত আধাপঢ়া গল্পটো উলিয়াই পৰম সুখত মাকে আকৌ পঢ়িবলৈ লয়।
(২৯.০৩.২১)
গৃহ-কন্দল
দুয়োজনীৰ মাজত তেওঁৰ সময়কণক লৈ কাজিয়া হয়, তৰ্কও লাগে। মাজত মানুহটো বিবুধিত পৰে।
এজনীয়ে কয়, "মোৰ কথা শুনা।"
ইজনীয়ে কয়, "আগতে মোৰ কথা শুনিব লাগিব।"
"তোৰনো অহা কিমান দিন হৈছে? মই আগৰে পৰা আছোঁ।" এজনীয়ে যুক্তি দৰ্শায়।
"কম দিন কাৰণেই মোৰ সময় বেছি হ'ব লাগে।" ইজনীও পিছ পৰি নাথাকে।
মানুহটোৱে শেষত পুৰণাক সাময়িকভাবে আওকাণ কৰি নতুনক আঁকোৱালি লয়।
প্ৰিয়তমা পত্নীতকৈ ছবছৰীয়া জীয়ৰীৰ অভিমান যে বহুত বেছি।
(২৯.০৩.২১)
✍ © ৰূপালীম (বেংগালুৰু)
No comments:
Post a Comment