Wednesday, 28 April 2021

ভোক


ভোক

(চুটিগল্প)

লৰা-লৰিকৈ ভাতকেইটামান গিলি ফটা বেগটো টানি টানি আইজনী ইস্কুললৈ বুলি ওলাই গ'ল। খঙে অভিমানে তাইৰ মুখখন ৰঙা পৰি গৈছিল।

এই স্কুলবেগটো ককায়েক ধনে ব্যৱহাৰ কৰি আমনি পোৱাত, তালৈ নতুন এটা কিনি এইটো আইজনীক দি দিয়া হৈছিল। ইতিমধ্যে ফাটি জৰাজীৰ্ণ হৈ পৰা বেগটো তাই এইবাৰ দ্বিতীয় শ্ৰেণীলৈ উঠাৰ সময়ত সলাই দিবলৈ কওঁতে বাপেকে একে আষাৰে কৈছিল, "এবছৰ হৈছে হে। আৰু অলপ দিন যাব যা। পইচা নাই এতিয়া।"

পইচা নথকা বাপেকে যে দুদিন পিছতে ধনক নতুন চাইকেল এখন কেনেকৈ আনি দিব পাৰিছিল, তাৰ ৰহস্য আইজনীয়ে ভেদ কৰিব পৰা বয়স হোৱা নাছিল। তাই বেছি ভবাও নাছিল, সৰুৰে পৰা এইবোৰ দেখি শুনি তাই অভ্যস্ত। বায়েক বা তাই কিবা খুজিলেই ঘৰখনত পইচাৰ অভাৱ, বাঢ়ি অহা খৰছ ইত্যাদিৰ কথা মনত পেলাই দিয়া হয়, অথচ ককায়েক আৰু ভায়েকে "তই ৰাম" বুলিব হে পাই, বস্তু আহি হাজিৰ হয়।

ভায়েকটো বাৰু সৰু, তাৰ লগত আইজনীৰ জেদ ভাব নাই। পেটমোছা বুলি সি গোটেই পৰিয়ালৰ মৰম চেনেহ এনেয়ো অলপ বেছিকৈয়ে পায়। আইজনীৰো। কিন্ত বায়েককে তাইকে প্ৰায়েই বিমুখ কৰি প্ৰত্যেকবাৰ ধন দাদাকক মাক দেউতাকে মূৰত তোলা স্বভাৱটো আইজনীৰ মুঠেই সহ্য নহয়।

তাইৰ ওন্দোলাই পেলোৱা মুখখন দেখি মাকে বুজায়,
"হওক দে, ল'ৰা মানুহ সি, ওপৰ ক্লাছ পাইছে, এতিয়া চাইকেল এখন লগা হৈছে তাক। তই অসন্তোষ নকৰিবি। নাপাই, ছোৱালী মানুহৰ ইমান দাহ ভাল নহয়।"
মাকৰ এই বুজনিবোৰে আইজনীক আৰু অঁকৰা, আৰু বিদ্রোহী কৰি তোলে।

ককায়েক ধনৰ লগত একে যুৰিয়া বায়েক মাজনীৰ স্কুল যোৱাৰ সুবিধা অসুবিধালৈ চোন মাক দেউতাকে কোনো দিনেই কাণ নিদিয়ে। একে বয়সৰ ধনৰ ভাত খাই থৈ যোৱা কাঁহীখনো নিজৰখনৰ লগত উঠাই লৈ ধুই থৈ যাব লাগে বায়েকে। নিজৰ সৰু সৰু কাপোৰবোৰৰ লগত ধনৰ গেঞ্জী জাঙিয়া কেইটাও থুকুছি মেলি দিব লাগে বায়েকে। ধনে গধূলি খেলি আহি ভাগৰ লাগিছে বুলি টিভি চাই আৰাম কৰা সময়খিনিত পাকঘৰত মাকক সহায় কৰি দিব লাগে বায়েকে। বায়েকৰ অসুবিধাৰ দিনকেইটাত মাকৰ লগত পঢ়া এৰি হ'লেও লাগি দিব লাগে তাই নিজে, আইজনীয়ে। ধনৰ সদায় ৰেহাই। কিয়?

মনত উঠা প্ৰশ্নবোৰৰ উত্তৰ আইজনীয়ে একো সময়ত নিজে নিজেই পায়।

ককায়েক ধন মতা ল'ৰা।

মতা ল'ৰাই খাবলৈ ভালৰো ভাল মাছ মাংসখিনি পায়। বতৰৰ ফল মূলবোৰৰো ভাল ভাগটো তালৈ বুলি থোৱা হয়। ঘৰলৈ অহা আলহী-দুলহী, নতুনকৈ বিয়া হোৱা কইনাজাতীয় মানুহবোৰেও ধন আৰু ভায়েক সোণটোক চোলা পেন্ট দিয়াৰ বিপৰীতে পৰিয়ালৰ ছোৱালীবোৰক একোখনকৈ ৰুমাল দিয়েই পাল মাৰে। কোনেও একো নকয়। আপত্তি নকৰে।

আপত্তি কৰে কেৱল আইজনীয়ে।

তাই থেন থেনালেও মাকে বকে,
"কিনো অনবৰতে ককায়েৰৰ ভায়েৰৰ লগত ৰিজাই থাক অ? বায়েৰক দেখিছ? মুখৰ মাত নাই। ছোৱালী মানুহৰ ইমান ওজৰ আপত্তি ভাল নহয়।"

কথাটো সঁচা। বায়েকে কেতিয়াও আপত্তি নকৰে। যোৱা বছৰ বায়েকৰ তোলনি হোৱাৰ দিন ধৰি তাই দেখিছে প্ৰত্যেক মাহতে, চুকৰ পাটী এটাত শুবলৈ দিয়া দিনকেইটাত বায়েকৰ যন্ত্ৰনাত কোঙা হৈ পৰা মুখখন। সেই মুখখনত কোনো আপত্তি, কোনো গোচৰ নাথাকে, থাকে মাথোঁ অপৰিসীম কষ্টৰ অনুভৱ।

আতুৰত দৌৰি আইজনীয়ে কথাৰ মহলা মাৰি থকা মাকহতক বায়েকৰ কথা ক'বলৈ আহিলে জেঠাইয়েক মাকহতে ভ্ৰূক্ষেপেই নকৰে।
"অ' আই, ছোৱালী জীৱন। এইখিনিতো কষ্ট ভুগিব লাগিবই। একো নহয় যা। সময়ত তোৰো হ'ব।"

বায়েকে পোৱা কষ্টখিনি তায়ো ভুগিব লাগিব বুলি শুনি আইজনীৰ মনটো যন্ত্ৰণা নোপোৱাকৈয়ে কোঙা হৈ যায়।

একেখিনি কষ্ট ককায়েকক ভোগা কেতিয়াও নেদেখে তাই।

তাই যে ছোৱালী। সি ল'ৰা।


কথাবোৰ মনতে পাগুলি পাগুলি আইজনী শ্ৰেণীকোঠা পায়হি। আজি অসমীয়া বাইদেৱে নতুন কিবা এটা শিকাব। দ্বিতীয় শ্ৰেণীৰ ল'ৰা-ছোৱালীবোৰৰ মনত উৎকন্ঠা।

"তোমালোকৰ জীৱনৰ লক্ষ্য কি?' শিক্ষয়িত্ৰী বাইদেৱে প্ৰথমেই ছাত্ৰ ছাত্ৰীক প্ৰশ্ন কৰে।

অকণমানি ল'ৰা ছোৱালীবোৰে থতমত খায়।
"মানে বাইদেউ?" সিহঁতৰ কৌতুহল।

বাইদেৱে খৰচি মাৰি বুজাই দিয়ে। নিজকে কি হিচাপে দেখাৰ আশা, কি কৰিলে সুখ , সন্মান সকলো আহিব? চেষ্টা কৰিলে সকলো সম্ভৱ, যি মন যায়, সেয়াই হোৱা সম্ভৱ।

ল'ৰা ছোৱালীবোৰৰ চকুবোৰ তিৰবিৰাই উঠে। যি মন যায় তাকেই?

বুজাই উঠি বাইদেৱে আকৌ প্ৰশ্ন কৰে,
"কোৱা এতিয়া, ডাঙৰ হৈ কি হ'ব বিচাৰা?"

ল'ৰা ছোৱালীবোৰে এইবাৰ এফালৰ পৰা উত্তৰ দি যায়।

"পুলিচ হ'ম।" সৌটো পুতুকণ। বৰ দেউতাকৰ পুতেকক পুলিচৰ ইউনিফৰ্মত দেখি সি বৰ ৰং পায়। দুদিনমান ককায়েকৰ চোলা পেন নিজেও পিন্ধি চাইছে।

বাইদেউ সুখী হয়।

"ডাক্তৰনী হ'ব বিচাৰো বাইদেউ।" শ্ৰেণীৰ চোকা বুলি নাম থকা তগৰৰ উত্তৰ সেয়া। বাইদেৱে মৰমৰে তাইৰ মূৰত হাত বুলাই দিয়ে, "নিশ্চয় হ'বা।"

এইবাৰ আইজনীৰ পাল।


আইজনীৰ পেটটো ভোকত কলমলাই উঠিছিল। ৰাতিপুৱাৰ খোৱা টেবুলখনলৈ তাইৰ মনত পৰিছিল। তাইৰ কাঁহীত আছিল নিমখ-তেল মাৰ-ভাত, লগত এটা সিজোৱা আলু। মাৰ-ভাত ঘৰখনৰ কেওটা ল'ৰা-ছোৱালীৰে প্রিয়। ককায়েকৰ পাতত সেইখিনিৰ লগতে গোটাকৈ সিজোৱা হাঁহৰ কণী এটা। যোৱা ৰাতিও মাকে দুপৰীয়াৰ ৰৈ যোৱা মাংস গোটেইখিনি ধনৰ পাতত ঢালি দিছিল। তাই পোন্দোৱাকৈ চাওঁতে যেনিবা ধনে তাইক এটুকুৰা দি দিছিল। মাকে ধনক শলাগিছিল।

আৰু আজি পুৱা এয়া।

"কণী এটাই আছিল আজি। সি খাওক দে, ল'ৰা মানুহ।" মাকে আইজনীৰ হতাশ মুখখন দেখি কৈ পেলাইছিল।

গাখীৰ গিলাচ, ফল-মূল, ভাল মাছ...সকলো ল'ৰা মানুহৰ।

দুখ কষ্টবোৰহে ছোৱালীৰ।

তাইৰ আজি ভালকৈ ভাত সাজ খোৱাই নহ'ল। খঙতে আধা-পেটিকৈ ওলাই আহিছিল।

এতিয়া ভোকটো বাঢ়ি আহিছে।


"কোৱা, কি হ'ব বিচাৰা, ডাঙৰ হৈ?" বাইদেৱে আইজনীক প্ৰশ্ন কৰে।

সকলোৰে চকু তাইৰ ওপৰত।

পেটটোত হাতখন মোহাৰি, চকুত অযুত মিনতি লৈ স্পষ্টকৈ আইজনীয়ে উত্তৰ দিয়ে,
"ল'ৰা মানুহ; ডাঙৰ হ'লে মই ল'ৰা মানুহ হ'ব বিচাৰো বাইদেউ।"

(সমাপ্ত)


✍ © ৰূপালীম (বেংগালুৰু)
২৬.০৪.২০২১

No comments:

Post a Comment

সহজাত

সহজাত (গল্প) "তেন্তে আনিম নে?" সুসজ্জিত লিভিং ৰূমটোৰ বীন-বেগটোত আৰামেৰে হেলান দি টিভিত নেটফ্লিক্সৰ চিৰিজ এটা চাই থকা ৰাগে পাহীক প...